একাঁজলি উশাহত ডুবি
জীয়াই থাকিব খুজে
মৰিব নোখোজা আত্মাটো!
প্রাত:ভ্রমণলৈ ওলায় অহা বেলিটো
নদীখনতে জোবোৰা মাৰি উভটি যায়!
নদীৰ বৰফবোৰ গলি থাকে ওৰেটো ৰাতি
নদীৰ প্রেম...
বেলিৰ প্রয়োজন...
জীয়াই থাকিব খুজে
মৰিব নোখোজা আত্মাটো!
প্রাত:ভ্রমণলৈ ওলায় অহা বেলিটো
নদীখনতে জোবোৰা মাৰি উভটি যায়!
নদীৰ বৰফবোৰ গলি থাকে ওৰেটো ৰাতি
নদীৰ প্রেম...
বেলিৰ প্রয়োজন...
শোকৰ ভৰত শুষ্ক দুচকু,
ওঁঠৰ ফাঁকত ওলমি ৰয়
শূন্য উপলব্ধিৰ অবুজ হাঁহি!
বিগলিত ঘড়ী...
বিগলিত সময়...
ওলমি ৰয় কেলেণ্ডাৰত।
অতীত... বর্তমান... ভৱিষ্যত...
তিনিদাল কাঁটাৰ বিৰামহীন গতি
অসীমত টানিবলৈ সীমাৰেখা!
ওঁঠৰ ফাঁকত ওলমি ৰয়
শূন্য উপলব্ধিৰ অবুজ হাঁহি!
বিগলিত ঘড়ী...
বিগলিত সময়...
ওলমি ৰয় কেলেণ্ডাৰত।
অতীত... বর্তমান... ভৱিষ্যত...
তিনিদাল কাঁটাৰ বিৰামহীন গতি
অসীমত টানিবলৈ সীমাৰেখা!
0 Comments