কোনো চর্ত নাছিল
নাছিল কোনো প্রতিশ্রুতি,
তথাপি
মই নিবিচৰাকৈয়ে দি গ’লা
ভাৱবোধকৰ স’তে এদাল প্রশ্নবোধক?!
তুমিয়েই কোৱাচোন
ক’ত সামৰি থওঁ
বিশ্বাসী দুপৰীয়াবোৰৰ সেই স্পর্শ?
ক’ত উটুৱাই দিওঁ
হাজাৰ বৰষুণেও ধুই নিব নোৱাৰা সেই অনুভৱ?
হৃদয়ৰ কোঠালিয়ে কোঠালিয়ে এতিয়া
শূণ্যতাৰ ডাঠ প্রলেপ।
স্মৃতিবোৰে পীড়া নিদিয়েচোন আজিকালি
যন্ত্রণাই নকৰে দহন।
তুমিহীনতাত এতিয়া নকৈ গাভৰু হয় প্রতিটো নিশা
মৌনতাৰ স’তে বাংময় হয় আন্ধাৰ।
কাবৌ কৰিছো
সেই বাটেৰে উভটি নাহিবা পুনৰ
যি বাট মোৰ হৃদয়ৰ,
তুমি চুলেই ভাঙি পৰিব
অপেক্ষাৰ বৰষুণত সেমেকা অভিমানী দেৱাল।
ভুল নকৰিবা
তুমি দেখা সেউজীয়াখিনি শেলুৱৈৰ দলিচা মাথোঁ,
য’ত শুই আছে মোৰ থুনুকা হৃদয়ৰ ভগ্ন টুকুৰা।
0 Comments