এই আপদীয়া বৰষুণজাক আকৌ আহিল
খবৰ এটাও নিদিলে আহিম বুলি!
বৰষুণজাক আহিলেই তইনো কিয় আহ লগতে?
খিৰিকীখন মেলি থলোৱেই যেনিবা
অভিমানৰ আঁচল খহাই মইযে এনেকৈয়ে পৰি থাকো
সেইবুলিয়েই তই সোমাই আহিবিনে এনেকৈ!
আহিলেই সোধ মোক কেনে আছো মই
জানই দেখোন, তথাপিও নো কিয় সোধ?
মইতো সদায় একেদৰেই থাকো
আধালিখা গল্প এটাৰ দৰে
আধা অঁকা ছবিখনৰ দৰে
দুইশাৰীৰ কবিতা এটাৰ দৰে ( যাৰ মাজতে দুটামান শব্দ নাই!)
আচলতে শূন্য এটাকে লৈ ঘুৰি ফুৰোঁ
তাৰ বোকোচাত মন গ’লেই বান্ধি দিওঁ
আধা লিখা গল্পটো
আধা অঁকা ছবিখন
নতুবা নতুনকৈ লিখা দুখৰীয়া কবিতা এটা
শূন্যক তেনেদৰেই পূর্ণ কৰোঁ!
সেইযে তোৰফালে আগুৱাই গ’লো
উভটি অহাৰ বাটেই পাহৰিলো
মোৰপৰা মোলৈ এতিয়া বহুযোজন বাট!
ফটফটীয়া জোনাকত কেতিয়াবা
নাঙঠ হৈ পৰি থাকে হৃদয়খন
খুটিয়াই খুটিয়াই চাওঁ
কিনো আছে তাত!
ভঙা আইনাখনৰ দৰে হ’লেও (হৃদয়খন)
তাতচোন তোৰ মুখ খনহে দেখা পাওঁ!
সেইযে উটনুৱা হেঁপাহবোৰ __
তোৰ জীপাল ওঁঠত জিৰাব খুজিছিলো কিছু ক্ষণ,
সৰাপাতৰ খৰমৰণি তুলি যাব খুজিছিলো কিছু দূৰ
হাতে হাত ধৰি উদ্দেশ্যহীনভাৱে...
আজিও অনাই বনাই ঘুৰি ফুৰে সিহঁত
সপোনবোৰে এঙামুৰি দি উঠে।
এতিয়া সৰাপাতত সৰি পৰে
সোঁৱৰণিৰ হুমুনিয়াহ।
ভাগৰি পৰোঁ ‘অস্তিত্বহীন ভালপোৱা’ নামৰ অস্তিত্ব এটাক
বুকুত কঢ়িয়াই লৈ ফুৰি।
আশা নকৰাৰ দৰেই
বৰষুণজাক সদায় আহে!
নুখুলো বুলিও খুলি থওঁ খিৰিকীখন
আৰু তিতি থাকোঁ বৰষুণজাকত
আজিৰ দৰেই...
0 Comments