নিচুকাবলে নাহিলা কোনোদিন
ফেঁকুৰি উঠিছিল যেতিয়া শেতেলী
বেজাৰমুৱা বৰষুণজাকত তিতি!
(আহৰি নাই তোমাৰ অদৰকাৰী কামৰ বাবে)
ফেঁকুৰি উঠিছিল যেতিয়া শেতেলী
বেজাৰমুৱা বৰষুণজাকত তিতি!
(আহৰি নাই তোমাৰ অদৰকাৰী কামৰ বাবে)
নিচুকাবলে নাহিলা কোনোদিন
ফেঁকুৰি উঠিছিল যেতিয়া জোনাকবোৰ
খিৰিকিৰ ফাঁকত ওলমি!
(আহৰি নাই তোমাৰ অদৰকাৰী কামৰ বাবে)
ফেঁকুৰি উঠিছিল যেতিয়া জোনাকবোৰ
খিৰিকিৰ ফাঁকত ওলমি!
(আহৰি নাই তোমাৰ অদৰকাৰী কামৰ বাবে)
নিচুকাবলে নাহিলা কোনোদিন
ফেঁকুৰি উঠিছিল যেতিয়া বেলিটো
নৈৰ বুকুত ডুবি ডুবি!
(আহৰি নাই তোমাৰ অদৰকাৰী কামৰ বাবে)
ফেঁকুৰি উঠিছিল যেতিয়া বেলিটো
নৈৰ বুকুত ডুবি ডুবি!
(আহৰি নাই তোমাৰ অদৰকাৰী কামৰ বাবে)
নিচুকাবলে নাহিলা কোনোদিন
ফেঁকুৰি উঠিছিল যেতিয়া সপোনবোৰ
হেৰাই যোৱাৰ বাট দেখি!
(আহৰি নাই তোমাৰ অদৰকাৰী কামৰ বাবে)
ফেঁকুৰি উঠিছিল যেতিয়া সপোনবোৰ
হেৰাই যোৱাৰ বাট দেখি!
(আহৰি নাই তোমাৰ অদৰকাৰী কামৰ বাবে)
কথা আছিল
মই দুটা শব্দ দিম
‘প্রেম’ আৰু ‘বিশ্বাস’,
তাৰেই তুমি এটা কবিতা লিখিবা
‘জীৱন’ নামৰ শিৰোনামা দি!
(অদৰকাৰী কথাবোৰ তোমাৰ মনত নাথাকে)
মই দুটা শব্দ দিম
‘প্রেম’ আৰু ‘বিশ্বাস’,
তাৰেই তুমি এটা কবিতা লিখিবা
‘জীৱন’ নামৰ শিৰোনামা দি!
(অদৰকাৰী কথাবোৰ তোমাৰ মনত নাথাকে)
আহিছিলা,
লৈ গলা,
সপোনবোৰ...
আশাবোৰ...
জোনাকবোৰ...
মোক এৰি মোৰ সকলোখিনি!
(দৰকাৰী আছিল তোমাৰ বাবে মোৰ বাদে মোৰ সকলোখিনি)
লৈ গলা,
সপোনবোৰ...
আশাবোৰ...
জোনাকবোৰ...
মোক এৰি মোৰ সকলোখিনি!
(দৰকাৰী আছিল তোমাৰ বাবে মোৰ বাদে মোৰ সকলোখিনি)
মৃত আত্মা কঢ়িয়াই ফুৰা
মই এটা শৰীৰ মাথোঁ এতিয়া,
নিতৌ অভিনয়ৰ কুচকাৱাজ
জীয়াই থকাৰ!
এতিয়া সুখীনে তুমি?
(অদৰকাৰী মানুহক মাত দিবলৈ তোমাৰ আহৰি নাই)
মই এটা শৰীৰ মাথোঁ এতিয়া,
নিতৌ অভিনয়ৰ কুচকাৱাজ
জীয়াই থকাৰ!
এতিয়া সুখীনে তুমি?
(অদৰকাৰী মানুহক মাত দিবলৈ তোমাৰ আহৰি নাই)
অপ্রাপ্তিৰ ধুলিত পোত গৈ
থাকিও
মই সুখী!
প্রাপ্তিৰ আবিৰত ডুব মাৰি থাকিও
তুমি দুখী!
ক্রমশ: মই দুখী হৈ পৰোঁ
(তুমি সুখী হ’বলৈ মই দুখী হৈ থকাতো খুবেই দৰকাৰী!)
মই সুখী!
প্রাপ্তিৰ আবিৰত ডুব মাৰি থাকিও
তুমি দুখী!
ক্রমশ: মই দুখী হৈ পৰোঁ
(তুমি সুখী হ’বলৈ মই দুখী হৈ থকাতো খুবেই দৰকাৰী!)
0 Comments