ক্লান্তি




সংকুচিত আকাশত নিৰুদিষ্ট হেঁপাহ
ক্রমশ: অস্পষ্ট মৌন চকুলো!
অনুভৱক অনুসৰণৰ
ব্যর্থ প্রয়াস।

অচিনাকী পৰিভ্রমী পখীৰ কিচিৰ মিচিৰ
পখালে ভাগৰুৱা দেহা,
মোলান পৰে
সেউজীয়া অৰণ্যৰ অভ্যন্তৰ।

উদাসীন অনুভৱত বিৱর্ণ সেন্দুৰৰ অলংকাৰ!
গর্ভৱতী সপোনৰ ভাঁজে ভাঁজে
সুশৃংখল সময়ৰ
প্রতাৰিত আঁক বাক
!

কাঁইটীয়া আবেষ্টনীৰ দুর্বোধ্য আঁচোৰত
অতীষ্ঠ দৈনন্দিনৰ নিৰব ছটফটনি,
উপলব্ধিৰ গভীৰতাত আজি
সমাধিস্ত জীৱন্ত অতীত!
          

Post a Comment

0 Comments