তুমি নাহিলা




তুমি আহিলা
সেউজীয়া হৈ জী উঠিলো,
তুমি গুচি গলা
হালধীয়া হৈ সৰি পৰিলো।

থৈ গলা এচোতাল সোঁৱৰণি
নীলা হৈ বৈ গলো,
বৈ বৈ নীলা সাগৰত পৰিলো,
সাতুঁৰিলো,ডুব গলো…
সাগৰ হৈ ডাৱৰ হলো,
নীলিমত উপঙি ৰলো।
উপঙি উপঙি সৰি পৰিলো,
বৰষুণ হলো।

সেউজীয়া হলো,
হালধীয়া হলো,
নীলা হলো।
নোৱাৰিলোচোন সাতুৰঙী
ৰামধেনু হব!

এবাৰ সেউজীয়া হৈ চালো।
তুমি নাহিলা,
মৰহি গলো…
-তুলিকা নিৰ্মলীয়া

Post a Comment

0 Comments