ঈশ্বৰ




মকৰাজাল চাৰিওফালে
নামঘৰৰ
মণিকূটত
দুফাল হৈ পৰি ৰয় গীতা ভাগৱত
অসুৰৰ দপদপনি
গমগমাই নাবাজে খোল-মৃদংগ-তাল
দেৱদূতৰ বিলাপ, অসুৰৰ অট্টহাস্য!

গীর্জাঘৰৰ চুকে কোণে
ক্রুচবিদ্ধ যীশুৰ নীৰৱ কান্দোন
তেজৰ টোপালৰ স’তে সৰি পৰে
এটি এটি উশাহ!

কফিনত ভৰাই থয় ফৰিস্তাক
বন্দিনী পৰীবোৰে উচুপে নিজম ৰাতি!


চয়তানৰ দুচকু ওলমি ৰয় য’তে ত’তে।
কোৰাণ শ্বৰীফ পোত গ’ল ধূলিৰ মাজত
কোন বেহেস্তত আছেগৈ খোদা?
নামাজৰ সময় উকলিয়েই গ’ল
শূন্যত ভাঁহি ফুৰে জিকিৰ আৰু দোৱা!
ৰমজানৰ জোন ডাৱৰে ধকা!

বাদুলিৰ জাক ওলমি ৰয়
বুদ্ধ পোতাশালত বন্দী
শগুণৰ জাকে কিৰিলি পাৰে
পিশাচৰ কাঠগড়াত বিচাৰ হ’ব
কালিলৈ বলিৰ দিন!
ঈশ্বৰক ফাঁচি দিব!

শেষেই ইংগিত আৰম্ভণিৰ
বৈধ্যভূমিত পুনৰ জনম ল’ব ঈশ্বৰে
অতৃপ্ত আত্মাবোৰে মুক্তি পাব
বন্দী পৰীবোৰৰ নতুনকৈ পাখি গজিব
দেৱীয়ে আৰু নিবিচাৰে শোণিতৰ বসন
গীর্জাত পঢ়িব কোৰাণ
মজযিদত বাইবেল
নামঘৰত বাজিব “বুদ্ধং শৰণং গস্বামী ধৰমং শৰণং গস্বামী”
বেহেস্তৰপৰা জখলাৰে নামি আহিব মানুহ!!

@২০১৩



Post a Comment

0 Comments