(১)
আহিম বুলি কৈ নাহিল
দবাপিটা বৰষুণজাক,
দুচকুত এতিয়া অপেক্ষাৰ আকুল
ঊৰ্মিমালা!
(২)
পালেই হেৰায়।
হেৰুৱাবোৰ পাবলে’
সপোনৰ এতিয়া অনিৰুদ্ধ
অভিলাষ!
(৩)
গুচি যোৱাৰে কথা আছিল
অহাৰ বাটেৰে,
এতিয়া উভটি বয় হেঁপাহৰ
স্রোতস্বিনী!
(৪)
সাজিবলে’ নহ’ল
এদাল সাঁকো,
নদীৰ দুয়োপাৰে এতিয়া দুটি
মুমূৰ্ষ পানীপিয়া!
(৫)
জোন নাছিল,
নাছিল জোনাকৰ মজলিচ,
শতচ্ছিন্ন মূধচত এতিয়া
পদচ্যুত নীহাৰিকা!
(৬)
মধ্যাহ্ন বেলাত
দস্তাবেজ লিখাৰ ভেঁকোভাওনা,
অভিনয়ৰ শেষত এতিয়া আত্মপ্রতাৰণাৰ
ভণিতা!
(৭)
ভাটি বেলাত সাৱটি লৈ
ধূসৰিত টাপলি মৰা পৃষ্ঠা,
এতিয়া বিপণিত উলমি ৰোৱা বিষণ্ণ
বেটুপাত এখিলা!
@২০১৩
@২০১৩
0 Comments