অনুভৱৰ দুখৰীয়া স্বৰ


১/   অনুৰোধ
ধেমালিতে আহি মোক জোকাই নাথাকিবি
বলিয়া ফাগুন
তোৰ অজানিতেই যে মোৰ হিয়াত নামে
আবতৰীয়া শাওন!

২/   মধুযামিনী
বৰষুণ পৰিছিল নে সৰিছিল নাজানো
মই তিতি বুৰি বুটলিছিলো মুকুতা!
তোৰ শেতেলিত সুবাসিত ৰজনীগন্ধা
নীৰৱে সেমেকিছিল মোৰ দুচকুৰ প
তা!

৩/   বন্যা
তোৰ পথাৰত প্রেমৰ বৰষুণ
খিলখিলাই উজাই ডঁৰিকনা পুঠি!
মোৰ পঁজাত ভৰুণ বাৰিষা
উটুৱাই নিলে উৱলি যোৱা বেৰৰ মাটি!

৪/   আইনা
পুৱাৰ ঘুমটি চিকুন চিকুন
দুখবোৰ দেখোন আপোনৰো আপোন!
অলস অলস সেমেকা সপোন
দুচকুত চিকমিকাই
ভগ্ন দাপোণ!

৫/  সংগী
সোঁৱৰণিক খেদিব খুজিলোঁ
গীতেৰে, সুৰেৰে, শব্দেৰে, কবিতাৰে;
তো
ৰ স’তে নিঃসংগতাবোৰক
প্রতিধ্বনিবোৰে ওভতাই আনিলে!

৬/  হাট
জকমকীয়া পোহৰক আৱৰি
আন্ধাৰবোৰ কাঁইটীয়া,
জীৱনৰ বজাৰত সুখবোৰ আজি
সোণতকৈয়ো মহঙা!

৭/  উজান
দুচকুৰে লোৰ কাটি কাটি নামে বাৰিষাৰ ঢল
ইটোৰপৰা আনটোলৈ তাঁতবাটি কৰি ৰয়
ওৰেটো ৰাতি ইবাগৰ সিবাগৰ কৰি
পুৱা জানো কেতিয়া হ’ল গমেই পোৱা নগ’ল!

৮/  সূর্য্যাস্ত
আবেলি বেলিৰ হেঙুলীয়াত আজি নিখোজ
সৰাপাতৰ ইতিহাস
এলাগী সপোনবোৰৰ এতিয়া ওভতনি খোজ

জীৱনৰ সুৰ বেসুৰা আৰু উদাস!

৯/  সখী
যুক্তি আৰু আৱেগৰ থৈয়া-নথৈয়া ৰণ
জেওৰা ভেঁটিব নে সাঁকো বান্ধিব!
তোক হাতত ধৰি পাৰ কৰাই দিলোঁ
সিপাৰে ৰৈ আছে তোৰ আঁচলৰ ধন!

১০/   ভুল
বতাহ এচাটি বলিছিল, ডাৱৰ এচমকা দেখি
বৰষুণ আহিব বুলিয়েই খিৰিকীখন খুলিছিলোঁ
বতাহে ডাৱৰবোৰ লৈ তাইৰ ঘৰলৈ গ’ল
পথাৰত বোলে ভূঁই ৰুবলৈ হ’ল!

১১/  বান
দুচকুত শাওণ বুকুত ঢল
ন-পানী বাঢ়িছে
ৰামধেনু উটি যায়
বুকুৰ মথাউৰি ভাঙি-ছিঙি গ’ল!

১২/  অপৰাধ
কিতাপখন খুলি পঢ়িছিলোঁ__এক পৃষ্ঠা, দুই পৃষ্ঠা...
কিছু দূৰ গৈয়েই ভাবিলোঁ__শেষটো এনেকুৱাই হ’ব!
ভুল ভাবিছিলোঁ__এতিয়া অপৰাধবোধত ভুগোঁ
আত্মকথনত মগ্ন__কথাবোৰ যে কাকো কোৱা নহ’ব!

১৩/   ঘৰমুৱা
টোপনিয়ে দুচকুক লগ এৰা বহুদিনেই হ’ল
সপোনবোৰো যে শেষ নহ’ল!
আন্ধাৰ হ’লেই হেতা ওপৰা লাগে সপোনবোৰৰ
টোপনি আহিলে সপোনবোৰৰ টোপনি নহা হ’ল!

১৪/  বান্ধোন
ভাবিলেই ভুল হয়
নাভাবিলেও হয় খেলিমেলি
দুখবোৰো চাগৈ এনেকুৱাই__প্রেমৰ দৰে
নাহিবি বুলি ক’লে সোমাই আহে বন্ধ দুৱাৰ হেঁচি-ঠেলি!

১৫/   বঠা
কাচিয়লী ৰ’দৰ মিচিকি হাঁহি
সংজ্ঞাহীন দুখৰ নাই আঁতি-গুৰি,
পুৰণি চিঠিবোৰ পঢ়িলেই উঠে
আৱেগৰ নদীত সোঁৱৰণিৰ উজান-ভাটি!

১৬/   অভিনয়
নিজৰ স’তে মুখামুখি খুব কমেই হওঁ
মুখা এখন কেতিয়া পিন্ধিলোঁ পাহৰিলোঁ,
নিজৰ মুখ দেখা দাপোনখনো
কেতিয়াবাই হেৰুৱালোঁ!

১৭/   তুলিকা
আকাশৰ বুকুত ৰজনী নে প্রভাত?
ৰ’দে জানো শুকুৱাব পাৰে আকাশৰ বৰষুণ?
ৰ’দে বৰষুণে ভৰুণ আকাশ ব্যস্ত মাথোঁ
জোনাক সিঁচি সিঁচি ৰামধেনু অঁকাত!

১৮/  প্রেম
চগাৰ পাখি গজিছিল জুইতে পৰিবলে’
পাখি দুখন কাটি থলোঁ
পংগু জীৱন এটাৰ নীৰৱ চটফটনি
যন্ত্রণাৰ জুইত জ্বলি জ্বলি!

১৯/   মৃত্যু
নদীৰ সিপাৰে ৰৈ আছে কোন?
বতাহে আহি ফুচফুচাই ক’লে
নাৱ মেলি ৰৈ থকা সেইয়া
জীৱনৰ অন্তিম সপোন!

২০/  উপহাৰ
শেৱালি নে বকুল, হাস্নাহানা নে ৰজনীগন্ধা
প্রিয় ফুল তোৰ নাছিল জানো শেৱালি?
মোৰ সমাধিত ৰুই দিবি তাকে
চিকুনাই থ’ম হৃদয়ৰ মাটি!
(যদিও মোৰ প্রিয় ফুল বকুল হে আছিল!)


@২০১২


________________


(১)




মেলি দিওঁ ব’লা
পানচৈখনি দুখৰ
উজাই যাব টুলুং ভুটুং!
সেউজীয়া ঘাট এটা পালেই
চপাই দিম পানচৈ।
বঠাপাত হেৰুৱাম
জানি শুনি!



(২)


তুমি কোৱা আকাশ চুবলৈ!
বনছাই কৰা সপোনবোৰে
কিদৰে চুব আকাশ!




(৩)


তোমাক নিবিচাৰোঁ,
অথচ
হেৰুৱাওঁ তোমাক
বাৰে বাৰে!



(৪)


বেজেৰুৱা ৰঙৰ কাপোৰ সাঁজ পিন্ধি
গধূলিটো আহিলেই
দুখৰ জোনাক সৰে মোৰ পদুলিত
মুঠি মুঠি।
বাঢ়ি যায়
তাঁৰ চিঙা চেতাৰৰ
বেসুৰা উচুপনি।




(৫)


জটিলতা মোৰ পচন্দৰ নহয়
যিদৰে মই তোমাৰ!
মই সহজ সৰল
মোৰ শব্দবোৰৰ দৰে
মোক মোৰ সৈতে থাকিবলৈ দিয়া।



(৬)


খিৰিকিৰ ফাঁকত ওলমি ৰয় জোনটো,
এবাটি চকুপানীত উপঙি ৰয় নিশাটো।



(৭)


এদিন নিসংগতাবোৰ হেৰুৱাইছিলো তোমাৰ কাষত।
এতিয়া তোমাৰ স্মৃতিবোৰ আহে অনাহুত অতিথি হৈ
বহি লয় শেতেলীত কুঁচি –মুচি।
আৰু মই হৈ পৰো
নিসংগতাত বিকাৰগ্রস্ত প্রেমিক কবি!


(৮)

চোতালত এতিয়া সুখৰ ঊষা
দুখৰ অপৰাহ্ণ,
হিবিজিবি চিন্তাবোৰ
গছৰ গুৰিত পুতি থৈ
চৰাইজনী এতিয়া বাঁহ এটা সাজিবলৈ
খেৰ কূটা কঢ়িওৱাত ব্যস্ত...



@২০১১

Post a Comment

0 Comments