মৃত্যু আহে কব নোৱাৰাকৈ





তুমি: ব’লাচোন যাওঁ সপোনবোৰ খেদি।
মই: সপোনক ধৰিবগৈ নোৱাৰি।
তুমি: সপোনৰ হাত ধৰিয়েইটো জীৱন।
মই: সপোনৰ শেষত শূন্যতা আজীৱন।
তুমি: শূন্যৰপৰাই আৰম্ভণি হয় সকলো।
মই: শূন্যতে শেষো হয় সকলো।
তুমি: শেষেই নতুনৰ আৰম্ভণি।
মই: আৰম্ভণিও হয় পাহৰণি।
তুমি: স্মৃতিকোযে লাগে জিৰণি।
মই: জিৰণিয়েই স্মৃতিৰ মৰিশালি।
তুমি: ব’লাচোন হৈ যাওঁ একেটি বিন্দু।
মই: জীৱনৰ শেষত সকলোৱেই চন্দ্রবিন্দু।
তুমি: !!! ???
মই: যাওঁগৈ, নাথাকিবা ৰৈ।
তুমি: যোৱা, চাই থাকিম অসহায় হৈ।
মই: চাই নাথাকিবা ৰৈ।
তুমি: কিয় কোৱা এনেকৈ?
মই: মৃত্যুযে আহে কব নোৱাৰাকৈ!

                                     

Post a Comment

0 Comments