অশ্রাব্য





আৰোহণ :
আটিল ৰাতিবোৰৰ গাত ভেজা দি
আন্ধাৰৰ স’তে ঘনিষ্ঠ হয় উশাহবোৰ ।
পলকতে থাউনি হেৰায়
বাউলি হেপাহৰ আব্দাৰ বাঢ়ি যায়
অৰঙে দৰঙে দুওঁঠ পিছলাই
জোনাকবোৰ হৈ উঠে উন্মাদ !
আন্ধাৰবোৰে ফিচফিচাই তৃপ্তিৰ অৱসাদত
শিথিল হয় ঘামেধোৱা ৰাতিৰ সুঠাম দুবাহু ।
আৰু
প্রেমহীনতাত উচুপি ৰয় বিশাল আকাশ !

অৱৰোহণ:
জীৱনৰ বর্ণমালা জোঁটাই জোঁটাই পঢ়িলেও ভুল
বিচাৰি সামৰি ভুলৰ অৱধি
ভুলতে ফুলে ভুল !
দূৰৈত ৰৈ ৰৈ বাজে ভদীয়া বীণৰ বিষাদ সুৰ
প্রহৰে প্রহৰে পুষ্পিতা হয় দুখ ।
ভুলৰ শেষত ক্লান্তিৰ বোজা লৈ
হিচাপ-নিকাচ জীৱনৰ ।
বাহি জানো হয় ভুল ?
প্রেম জীৱনৰ নির্ভুল উত্তৰ !
                          

(    ই-আলোচনী "আমি অসমীয়া"  প্রকাশিত)
                                 

Post a Comment

0 Comments