ব্যস্ততাই আতৰাই লৈ যায়
ক্রমশঃ মোৰপৰা তোমাক।
তোমাৰ ব্যস্ততাৰ পিছে পিছে দৌৰি
ময়ো হৈ পৰো ব্যস্ত,
তোমাক বিচাৰি।
তোমাক বিচাৰি বিচাৰি
তোমাৰ স’তে হেৰুৱাওঁ নিজক।
অথচ নেহেৰায় ব্যস্ততা
নেহেৰায় বুকুৰ বিষ,
তোমাক পোৱাৰ হেঁপাহবোৰ,
তোমাৰ হোৱাৰ উন্মাদনাবোৰ!
আজুঁৰি আনিবলে ব্যস্ত হৈ পৰো তোমাক
তোমাৰ ব্যস্ততাৰপৰা।
ব্যস্ততাৰ স’তে ব্যস্ত থাকা তুমি,
আৰু মই ব্যস্ত থাকো অপেক্ষাৰ ক্ষণ গণি।
‘অপেক্ষা’ৰ অপেক্ষা শেষ হয়।
দিনৰ শেষত আবেলিটো দুচকুত ওলমি ৰয়।
অথচ তোমাৰ ব্যস্ততা শেষ নহয়!
নিশাৰ কোলাত জিৰণি লয়
তোমাৰ ব্যস্ততাই,
মোৰ ব্যস্ততাবোৰ হৈ পৰে তোমাৰ
নিশাৰ সুগন্ধিত ৰজনীগন্ধা হৈ!
তুমিয়েই কোৱাচোন,
আচলতে মই শেৱালি নে হাচনাহানা?
পুৱাতেই সৰি পৰিম বুলি জানিও
তোমাৰ বুকুত ফুলিবলে
যাৰ এই অন্তহীন ব্যস্ততা!
0 Comments