শুভকামনা...


এই অহা যোৱাৰ বাটত জীৱনে বহুতকে পাহৰায়। ৰৈ যোৱাবোৰ ৰৈ যায় সদায়। সহজ কোনোটোৱেই নহয়__ ৰৈ যোৱা অথবা পাহৰি যোৱা। (অভ্যাসবোৰ বৰ বেয়া, অপেক্ষাবোৰে নাজানে বহু বাটৰ ওভতনি বাট যে নাথাকে!) বাধ্য হৈ একোৱেই নকৰিব, যদিহে মনে নকয়। কেনে আছো সেইয়াও নুসুধিব, মাথোঁ সুধিব লাগে বুলিয়েই! নক'লেও বুজা যায় বহু কথা। বাধ্য বাধকতাবোৰ বন্দী চৰাই পোৱালিটোৰ দৰে! (তাৰ হেঁপাহ সেউজীয়া অৰণ্য অথবা মুকলি আকাশ!) ৰ'ব লগাবোৰ ৰৈয়েই আছে সদায়। সোঁৱৰণিৰ বাটেৰে উজাই আহে উশাহৰ স'তে …প্ৰতি ক্ষণ! সেমেকা গধুলি, উদাস দুপৰীয়া, দোকমোকালি পুৱা অথবা গানৰ মজলিচত বহা নিশাবোৰত … ব্যস্ত নাথাকে জানো সোঁৱৰণিৰ কোনোবা ভাল লগা কেকুঁৰিৰ কথকতাত! উশাহবোৰ চাগে' গধুৰ হৈ পৰে মাজে মাজে! (সাধুবোৰ পুৰণি হ'লেও যে পাহৰণি নহয়!)

নতুন আহিছে, নতুনলৈ হেঁপাহ চিৰন্তন। আশাবোৰ কেতিয়াবা শিশুৰ দৰে! কোনে জানে কেতিয়া ভাঙে, কেতিয়া ঠেহ পাতে! অৱহেলা নকৰি নতুনবোৰক আদৰিব। উদযাপিত হওক সুখৰ সময় নতুনেৰে নতুনৰ স'তে! (জীৱনবোৰো বৰ ঠুনুকা হৈ পৰিছে, কুশলে থাকক সকলো জীৱন!)  

কেতিয়াবা এনেকুৱাও হয়! নিজৰ পৰা পলাই ফুৰিবলৈও বাট নাথাকে। কথাবোৰে আত্মাক আঁচুৰি যায় অথচ হাঁহিমুখে তাক গ্ৰহণ কৰাৰ বাদে গতন্ত্যৰ নাথাকে! (কিয়?) অকস্মাতে যেতিয়া সুখে-দুখে শুনি থকা মাতষাৰ হেৰাবলৈ আৰম্ভ কৰে, যেতিয়া আশ্বাসেৰে খামুচি ধৰা একমাত্ৰ হাতখনৰ খামোচ শিথিল হ'বলৈ ধৰে ভাৱ হয় এইয়াই শেষ! অথচ আমি পুনৰ থিয় হৈ খোজ দিওঁ! (কিয়?) অৱহেলিত, উপেক্ষিত হৈ যেতিয়া চকুৰ পানীৰে বাট নেদেখা হয় তেতিয়াও মানুহে বাট বোলে, লুণীয়া কুঁৱলীৰ জাল ফালি ৰ'দ বিচাৰি যায়। (কিয়?) উভতি নাহিবলৈ আঁতৰি গুচি যোৱা জনৰ বাবেও দুৱাৰ খুলি ৰাখে! সকলো হেৰুৱাই ভিকহু হ'লেও আশা কৰে এদিন তো ভৰিবহি খালী হোৱা জোলোঙা, আত্মীয়তাৰ উমাল আদৰ স্নেহেৰে (কিয়?) 'বতাহে বাস কৰা ঘৰত' দিনৰ পিছত দিন মানুহ বোবা হৈ সোমাই থাকিও বুকুত কঢ়িয়াই ফুৰে কথাৰ নৈ শুকাই যাবলৈ নিদিয়াকৈ, কাৰোবাৰ উপস্থিতিত বোৱাই দিয়াৰ আশাৰে! (কিয়?) সকলো অনুভূতি আঁকুহি বাঁকুহি নিঃশেষ কৰি পেলোৱা জনকো ক্ষমা কৰি দিয়াৰ সাহস কৰিব পাৰে সেই একেখন হৃদয়েৰে! (কিয়?)

এনে সহস্ৰ 'কিয়'ৰ যোগাত্মক উত্তৰবোৰেই চাগৈ 'জীৱনমুখী' কৰে মানুহক! আৰু জীৱনটো জীয়াবলৈ জীৱনক ভালপোৱাটোৱেই জীৱনৰ প্রাথমিক চর্ত! (ভালপোৱাৰে জীৱন সেউজীয়া হৈ ৰওক... জীৱনলৈ...)। 

@ডিচেম্বৰ, ২০১৬ 

 

Post a Comment

0 Comments