_ তোমাৰ কি ভাল লাগে? সূর্যোদয় নে
সূর্যাস্ত?
_ সূর্যোদয়! যি নতুনক লৈ আহে সদায়।
তোমাৰ?
_ সূর্যাস্ত। শেষ যদি নহয় আৰম্ভ হ’ব
কেনেকৈ? সূর্যাস্তই দি যায় নতুনৰ প্রতিশ্রুতি।
_ আৰম্ভ যদি নহয়েই শেষ হ’ব কেনেকৈ?
_ সেইটোও হয়! আচলতে কথাবোৰ শেষ নোহোৱা
বৃত্ত একোটাৰ দৰে। ঘূৰণীয়া। আমি মাত্র একোটা বিন্দুত নিজৰ ভাললগা খিনি বিচাৰি লওঁ।
এনেকৈয়ে চলি আছে সকলো।
_ আচ্ছা! চলি আছে মানে? চকা লগোৱা আছে
নেকি? কাঁচি জোনটো অহা চকাতেই পূর্ণিমাৰ জোনটোও চলি আহে নে? নে তাৰ চকা কেইটা ডাঙৰ
ডাঙৰ?
_ বৰ ফটুৱা তুমি!
_ মোৰ বাবে বিদায় জনোৱাটো কষ্টকৰ, আদৰাটো
সহজ।
_ হমম...
###
_ তুমি বাৰু কেনেবাকৈ মোক ভালপোৱা নেকি?
_ তিলমানো নাপাওঁ! তুমি?
_ নিউটনৰ গতিসূত্র কেইটা জানা?
_ নাজানো।
_এটা সূত্রৰ মতে “প্রতিটো ক্রিয়াৰে একোটা
সমান আৰু বিপৰীতমুখী প্রতিক্রিয়া থাকে।”
_ তাতে কি হ’ল?
_ তুমি যদি মোক তিলমানো ভাল নোপোৱা, মইনো
বাৰু কেনেকৈ তোমাক এপোৱা মান ভাল পাম হে?
_ নিউটনৰ আন এটা সূত্রৰ মতে “বাহিৰৰপৰা
বল প্রয়োগ নকৰা পর্যন্ত গৈ থকা বস্তু এটাই একে গতিত একে দিশত গৈ থাকিব বিচাৰে আৰু
ৰৈ থকা বস্তু এটাই একে ঠাইতে ৰৈ থাকিব বিচাৰে।” পিচে আচৰিত কথাটো হ’ল তোমাৰ
ক্ষেত্রত এই সূত্র কেতিয়াও নাখাটে! কোনোৱে যিমানেই তোমাৰ ওপৰত বল প্রয়োগ কৰক বা
নকৰক কিয়!
_ আৰে ৱাহ! নাজানো বুলি কৈ গতিসূত্রক
তামাম বেগ দিছা দেখোন!
_ কি নো কৰিবা! নিউটনৰ সেই আপেলটোৰ দৰে
সৰি পৰিছো আৰু তোমাৰ কৃপাত! ধুপুচ!
_ হাঃ হাঃ হাঃ ... ! নিউটনৰ আৰু এটা
সূত্র আছে নহয়_ “কোনো বস্তুৰ ওপৰত প্রয়োগ কৰা বল বস্তুটোৰ ভৰ আৰু ত্বৰণৰ গুণফলৰ
সামানুপাতিক, যদিহে 'ভৰ' একে থাকে।” মোৰ ওপৰত প্রয়োগ কৰা তোমাৰ বল আচলতে সমানুপাত
হোৱা নাই।
_ নিউটনৰ চব গতিসূত্র ফেইল বুজিছা!
অভিমানত তাই মুখ খন ফোলাই এপাচিমান কৰি
বহি থাকে। খঙত ৰঙা পৰা তাইৰ মুখখনলৈ সি ৰ' লাগি চায়। মুখ টিপি হাঁহে। আলফুলে তাইৰ
হাত এখন নিজৰ দুহাতৰ মাজত লৈ বহি থাকে। তাই তাৰ বাওঁ কান্ধত মূৰটো আওজাই দিয়ে।
নীৰৱে দুচকুৰ দুটোপাল পানী সৰি পৰে সি নেদেখাকৈয়ে। টুপুক!
###
_ তুমি বাৰু লাহে লাহে মোক ভাল পাব লৈছা
নেকি?
_ ওহোঁ! কিয় সুধিলা?
_ এনেয়ে! মন গ’ল!
_ এই ধৰা ধৰা... গ’ল গ’ল!
_ কি গ’ল? ক’ত?
_ এই যে, তোমাৰ মন টো!
_ কিয় এনেকুৱা তুমি?
_ কেনেকুৱা?
_ ফটুৱা!
_ তোমাৰ কৃপা দেৱী মাতা!
ঢেকঢেকাই হাঁহি সি তাইৰ সন্মুখত হাতযোৰ কৰি প্রণাম ভংগীত আঠুকাঢ়ি ৰয়। গহীন হৈ বহি থকা তাই হাঁহিটো কোনোমতেই সামৰি ৰাখিব নোৱাৰে। উচ্ছল হাঁহিত নিশ্চল বেলকনিটোৱে প্রাণ পাই উঠে।
_ তোমাৰ বাৰু কেতিয়াও মনটো বেয়া নালাগে
নেকি?
_ কেতিয়াবা বেয়া নলগা নহয়, লাগে তো। দুখো
লাগে মাজে মাজে।
_ কেতিয়া?
_ এইযে কফি কাপ জোখতকৈ বেছি কাঢ়া হ’লে!
কথাষাৰ কৈয়েই সি সৰু ল’ৰা এটাৰ দৰে দুষ্ট হাঁহি এটা মাৰি “খুড়ী অ’ খুড়ী, ক'ফিত চেনি কম হ’ল ” বুলি পাকঘৰলৈ পোনায়। সি যোৱাৰ ফালে তাই চাই ৰয়। ৰৈ ৰৈ তাইৰ ওঁঠতো হাঁহি এটাই লুকা-ভাকু খেলি থাকে বহু পৰলৈ। তাইৰ ওচৰত এতিয়া এই এটাই মাথোঁ কাৰণ যাৰ বাবে জীৱনটোলৈ মায়া ওপজে! ৰৈ যাব বিচাৰে তাই! কিন্তু...
_ যাওঁ দেই। কাইলৈ নাহোঁ, কাম আছে।
তাই হাঁহি মাৰি হাত জোকাৰে__ বাই বাই!
জানে, সি যিমানবাৰ নাহোঁ বুলিলেও কিবা নহয় কিবা এটা অজুহাত লৈ এপাক আহি ওলাবহিয়েই।
গেটৰ পৰাই খুড়ী খুড়ী বুলি হুলস্থূল কৰি আহিব।
###
_ এই যে অহা যোৱা কৰি থকা মানুহবোৰ,
কিমান সুখী বাৰু? অথবা কিমান দুখী? মুখলৈ চাই অনুমান কৰিব পাৰি নে?
_ অলবৎ নোৱাৰি! মই অংকৰ মানুহ বুজিছা।
একে একে দুই বুলিয়েই জানো। মই কিবা "মুখমণ্ডলৰেখাবিদ” নেকি যে মানুহৰ কপালৰ
ৰেখা গন্তি কৰি সুখ দুখৰ হিচাপ উলিয়াই ক’ম যে কপালত যদি এডাল ৰেখা সুখৰ সংখ্যা এক,
দুডাল যদি আছে সুখৰ সংখ্যা দুই!
_ কি?
তাই জোৰেৰে চিঞৰি তাৰ বাহুটোতে হেঁপাহ
পলুৱাই ভুকু দুটামান মাৰে। সি মুঠি মাৰি হাতখন কঠিন কৰি দি তাইৰ ৰং চায়।
_ নোৱাৰি অ’। তুমি বেলকনিত বহি বহি
মানুহবোৰৰ মুখবোৰকে পঢ়ি থাকা নেকি?
_ চেষ্টা কৰোঁ। মুখবোৰত চকু ফুৰাই ভিতৰখন
পঢ়ি চাবৰ খুউব ইচ্ছা হয়।
_ খুড়ীক কৈ মই বাৰু তোমালোকৰ ঘৰৰ গেটৰ
সন্মুখত ফলক এখন লগোৱাৰ ব্যৱস্থা কৰিম। লিখা থাকিব_ “ইয়াত মানুহ পঢ়া হয়, অনুগ্রহ
কৰি বেলকনিৰ ফালে মুখ কৰি ক্ষন্তেক ৰৈ যাওঁক।”
_ তেজপুৰলৈ যোৱাৰ মন নেকি তোমাৰ?
_ নাই ৰে! মই মোৰ ঠাইতে সুখী। হাঃ হাঃ
হাঃ ।
নোৱাৰে! তাই কোনো কথাতে তাক বলে নোৱাৰে।
কি যে অদ্ভুত এই ল’ৰাটো! ক’ত পাই ইমান প্রাণশক্তি সি! না ভাগৰ আছে না বিৰক্তি!
_ তুমি সকলোবোৰ কথা ইমান পাতলকৈ কেনেকৈ
ল’ব পাৰা?
_ কথাবোৰ গধূৰ কৰি লৈ কি নো কৰিবা?
মিছামিছি কষ্ট নহ’ব জানো? অযথা ভাৰ কিয় নো বৈ ফুৰিব লাগে এই নিশকতীয়া দেহাটোৰে?
_ দেহাটোৰ নো কি কষ্ট! কষ্টবোৰ তো মনটোৰ!
কাৰ কিমান অপ্রাপ্তিৰ বেদনাৰে ভাৰাক্রান্ত চাগৈ মনবোৰ! কিমান নোপোৱাৰ হাহাকাৰ
চাগৈ। বুকুত কিমান দুখ হেঁচি ৰাখিও কেনেকৈ মুখবোৰ হাঁহিৰে জলমলাই থাকে? কেনেকৈ
মানুহবোৰ অভিনয়ত সু-নিপুন হৈ উঠে?
_ কথাবোৰ ইমান জটিল কৈ ভাবি জীয়াই থকা
দিনকেইটা কিয় কষ্টকৰ কৰি তুলিব লাগে! মোৰ বাবে কথাবোৰ সেয়ে সহজ। সহজ কৈ ভাবোঁ।
_ তুমি নিজৰ পৰা নিজক নিলগাই থোৱাৰ কৌশল
জানা। পলায়নবাদীতা নহয় নে সেইয়া?
_ নহয়। জীৱনটো মই যেনেদৰে পাইছো তেনেদৰেই
গ্রহণ কৰিছো। তাত নোপোৱাৰ হাহাকাৰো নাই, প্রাপ্তিৰ অহংকাৰো নাই। তুমি জানিলাই
যেনিবা মানুহবোৰৰ দুখ-কষ্টবোৰ, পাৰিবা জানো সেইবোৰ নিৰাময় কৰিব?
_ তেন্তে তোমাৰ বাবে ভাল বেয়া, উচিত
অনুচিতৰ মাজত কোনো তফাৎ নাই নেকি?
_ ভাল বেয়া, উচিত অনুচিতবোৰ একোটা
সংজ্ঞাৰ মাজত বান্ধি ৰাখিব নোৱাৰি। সেয়ে হয়তো কোনোবাই কৈ গৈছে যে সত্য সাৰ্বজনীন
হ'ব নোৱাৰে। তোমাৰ বাবে ভাল কিবা এটা আন কাৰোবাৰ বাবে বেয়াও হ’ব পাৰে অথবা আন
কোনোবাই বেয়া বুলি ভবা কিবা এটা তুমি ভাল বুলিও ভাবিব পাৰা। এইবোৰ একো একোটা ধাৰণা
মাত্র। নতুবা ক’ব পাৰা অতীজৰে পৰা চলি অহা এক ৰকমৰ সংস্কাৰ! আমি আমাৰ সুবিধামতে
ঠিক কৰি লোৱা কিছুমান নিয়ম। নিজৰ সুবিধা হোৱাকৈ সেইবোৰ আমি সময়ে সময়ে সলনি কৰি থাকো!
সুবিধাবাদী সব!
_ খং কৰিছা? খং কৰিলে ছোৱালীবোৰক হে
ধুনীয়া দেখায়। ল’ৰাবোৰক গুণ্ডা গুণ্ডা যেন লাগে।
সি কপাল কোঁচ খোৱাই ঘোপা চকুৰে তাইলৈ চায়! জোৰ কৰি চেপি ৰখা হাঁহিবোৰ পানী ফোৱৰাৰ দৰে ফিচ্ ফিচ্ কৈ ওলাই আহে দুয়োটাৰে!
তাই জানে তাৰ খং কোনখিনিত। কিয় সি সমাজ,
সমাজৰ নীতি নিয়ম বুলিলে সহ্য কৰিব নোৱাৰে। তাৰ একমাত্র ভনীয়েকজনী। কলেজৰপৰা উভতি
অহাৰ বাটত দুটামান মানুহ নামৰ পিশাচে কামুৰি বখলিয়াই ৰাস্তাত পেলাই থৈ গৈছিল!
ৰাংঢালী ভনীয়েকজনী মৰহা ফুল এপাহৰ দৰে পৰি ৰৈছিল। সময়ে লাহে লাহে তাইক সজীৱ কৰি
তুলিছিল যদিও মানুহৰ বু বু বা বা, অৱজ্ঞা, অৱহেলা, ফিচিঙা-ফিচিং বোৰে তাইক আকৌ
এবাৰ নেফানেফ কৰিছিল। মানুহবোৰৰ কথাই বাৰে বাৰে মাৰিছিল তাইক। এদিন ঘৰৰ পিছফালৰ
পুখুৰীৰ পানীত ওপঙি আছিল তাৰ মৰমৰ ভনীয়েক!
তেতিয়াৰপৰা মাকজনীও আধা পাগলীৰ দৰে। দেউতাকো জুপকা মাৰি থকা হ'ল। মানুহবোৰো তাহাঁতৰ ঘৰখনৰপৰা আঁতৰি আঁতৰি থকা হ'ল। সামাজিক অনুষ্ঠান, বিয়া-সকামলৈ নমতা হ'ল। যি সময়ত সমাজ, চুবুৰীয়াৰ পৰা সহানুভূতিৰ মাত এষাৰেই যথেষ্ট আছিল তেনে সময়ত পাইছিল সকলোৰে পৰা চৰম অৱজ্ঞা আৰু অৱহেলা। অপৰাধীবোৰো সাৰি গৈছিল।
_ তুমি ভাবা নেকি, এইযে মই প্রায় সদায়েই তোমালোকৰ ঘৰলৈ আহোঁ সেইটোক তোমাৰ এই তথাকথিত সমাজখনে ভাল দৃষ্টিৰে চাই বুলি? কিমান বিয়নি মেলত চাগৈ সৰৱ আলোচনা হয় এই বিষয়ে। আন নালাগে তোমাৰ ঘৰখনেও মোক সহজভাৱে নল'লে হয় যদিহে...
ৰৈ গ'ল সি। খঙৰ ভমকতে কৈ পেলাব খোজা
কথাষাৰ কোনোমতে সামৰি থ'লে।
_ হয় চাগৈ! ঠিকেই কৈছা তুমি। __সেমেকা
হাঁহি এটা বাগৰি গ'ল তাইৰ ওঁঠেৰে।
_ তোমাক দুখ দিয়াৰ মনেৰে কোৱা নাছিলো
কথাটো।
তাইৰ সেমেকা চকুকেইটালৈ মূৰ তুলি চাব নোৱাৰা হ'ল সি। নিজৰ ওপৰতে খং উঠিল তাৰ, কিয় যে খঙটোক সামৰি থ'ব নোৱাৰে!
_ জানো অ'। মোক দুখেই দিবলৈ থাকিলে তুমি
জানো সদায় এনেদৰে মোৰ স'তে বহি থাকি নিজৰ সময়বোৰ নষ্ট কৰাহি?
_ এইবাৰ কিন্তু তুমি ফাল্টু কথা কৈছা
দেই। মোৰ দৰে ফটুৱা এটাৰ আৰু কি সময় নষ্ট! সময়েই সময়... কিমান লাগিব তোমাক?
_ হমমম... মোৰ যে নাই যদি এই সময়েই নাই! সঁচাকৈ যদি তোমাৰপৰা অলপ ধাৰলৈ ল'ব পাৰিলো হয়!!
সি বুজিলে, আকৌ এবাৰ নক'বলগীয়া কিবা এটা
ওলাই গ'ল মুখেৰে। এইবাৰ সি আৰু নিজৰ চকুপানীবোৰকো সামৰি থ'ব নোৱাৰিলে। খঙত নিজৰ
মূৰটো ৱালত থেকেচি দিবলৈ মন গ'ল। কোনো মতে তাইক ক'লে__
_ মোৰ লগত কথা পাতি পাতি তুমিও ফাল্টু কথা কোৱা হৈছা। যাওঁ মই। কাইলৈৰপৰা নাহোঁ।
তাইৰ মুখলৈ নোচোৱাকৈয়ে সি গুচি গ'ল। তাই
নীৰৱে হাঁহিলে।
###
ৰাতিপুৱা সি দেৰিকৈ সাৰ পালে। আগদিনা
দুখ-শোক, খং-ক্ষোভ সকলোৱে মিলি তাক দুটামান পেগ বেছিকৈ গিলিবলৈ বাধ্য কৰালে। ৰাতি
ঘৰ আহি পাওঁতে দেৰি হ'ল। নিচা হৈছিল বাৰুকৈয়ে। পুৱা টোপনিৰপৰা সাৰ পাই ম'বাইলটোত
সময় চাবলৈ বুলি লৈ দেখিলে হুৱাটচ্ এপত ভালেকেইটা মেচেজ!
এটা মেচেজ পঢ়ি সি থৰ লাগিল! পুৱতি নিশা
পঠোৱা। সময় ০৪:১০ ।
"মোৰ যোৱাৰ সময় হ'ল। তোমাৰপৰা ধাৰ
নোলোৱা সময়খিনি 'মোৰ' আছিল বুলি ধৰি লৈ তুমি মোৰ নামত জীয়াবা। তুমি যে ইমান
ফাল্টু, মোক ভালেই নাপালা! ময়ো যে একেই, ময়ো তোমাক ভাল নাপালো! নিউটনৰ তৃতীয় সূত্র
বুজিছানে! হিঃ হিঃ হিঃ...!
তোমাৰ ফটুৱামি সহ্য কৰিব পৰাকৈ সোনকালে এগৰাকী বিচাৰি ল'বা। তুমি কাৰ বাবে ছাঁ হৈ থাকিবা সেইটো নাজানো, কিন্তু মানুহৰ বাবে সদায় মানুহ হৈ থাকিবা, মই তোমাৰ উশাহ হৈ থাকিম! পাৰিলে মই দেখা সপোনটোৰ কথা ভাবিবাচোন। সিটো পাৰে থাকিও সুখী হ'ম তেতিয়া। আজিৰপৰা তুমি আৰু মোৰ ওচৰলৈ আহি সময় নষ্ট কৰি থাকিবলগীয়া নহয়, যাওঁগৈ..."
সি তাইৰ নম্বৰত ফোন লগালে। এবাৰ, দুবাৰ...বহুবাৰ! সিফালৰপৰা মাকে কান্দি কান্দি ক'লে তাক__ "তাই গুচি গ'ল অ', আমাক এৰি থৈ তাই গুচি গ'ল! এই বেমাৰটোৱে লৈ গ'ল তাইক!"
জানিছিল সি, তাইৰ ওচৰত আৰু বেছি সময় নাই!
দুর্বল হৃদয়খনেৰেই তাই যে ইমান ভাল পাইছিল মানুহক! চিৰদিনলৈ বন্ধ হৈ গ'ল সেই
ভালপোৱাৰে ভৰি থকা হৃদয়ৰ ধপধপনি! শেষ কথাষাৰো যে ভালকৈ কোৱা নহ'ল তাইক!
হুকহুকাই কান্দি দিলে সি। প্ৰথমবাৰলৈ
নিজকে অকলশৰীয়া অনুভৱ কৰিলে। সি যে কাকোৱেই ধৰি ৰাখিব নোৱাৰিলে নিজৰ কাষত_ না
ভনীয়েক, না তাই! কাকোৱেই!
####
০৪ এপ্রিল, বৃহস্পতিবাৰ, ২০০৮!
তাই গুচি যোৱা নটা বছৰ পাৰ হ'ল। তাই দেখা
সপোনটো সন্মুখত লৈ সি বহি আছে আজি। সেই একেটা তাৰিখতে পাঁচ বছৰৰ আগেয়ে বহু
বাধা-বিঘিনি অতিক্রমি সপোনৰ পুলিটো ৰুবলৈ সক্ষম হৈছিল সি। চাৰিটা বছৰৰ কষ্টৰ ফচল
আজি সন্মুখত। আনৰ চকুত উচ্ছৃংশল বুলি নাম থকা কলেজৰ লগৰ দুটামানে সপোনটো সফল কৰাত
হাত উজান দিছিল। নগৰীয়া হাই উৰুমিৰপৰা নিলগত, পাহাৰীয়া টিলা এটাত প্রায় ২০ টা অনাথ
শিশুৱে 'নীড়'ক জীপাল কৰি ৰাখিছে। সি নিজে তাহাঁতৰ লগত খেলে, হাঁহি-ধেমালি কৰে। তাৰ
সেই লগৰকেইটা এতিয়াও 'নীড়'ৰ স'তে। আৰু কাষত তাৰ সুখ-দুখৰ লগৰী, সপোনটো সফল কৰাত
যাৰ হেঁপাহ, শ্রম আছিল সকলোতকৈ বেছি__ প্লাৱিতা; তাৰ জীৱন লগৰী। সপোনটোৰ আঁৰৰ
কথাবোৰ সকলো জানে তাই। ৰাতি প্রায়েই কণ কণ ল'ৰা-ছোৱালী কেইটাক তাই সাধু কৈ শুনায়।
টোপনি যোৱা সৰল, নিষ্পাপ মুখবোৰলৈ চাই ৰয়। প্রতিটোকে কপালত চুমা একোটা খাই মৰম কৰি
শুৱাই থৈ নিজৰ ৰূমলৈ যায়। সি জানে তালৈ তাইৰ যিমান মৰম সমানেই আন কাৰোবালৈও, যি
আজি তাহাঁতৰ মাজত নাই। সুখী হয় সি। মনতে কয় "তুমি য'তেই আছা, সুখী হোৱা। তুমি
ধাৰলৈ ল'ব খোজা মোৰ সময়খিনি আমি 'তোমাৰ' নামতেই জীয়াইছো। তোমাক আমি ভালপাওঁ!"
######
কিন্তু… মোৰ কথা হ'ল, কাহিনীবোৰ জানো
সঁচাকৈ এনেদৰে শেষ হয়? কোনোবাই কাৰোবাক এনেদৰেও ভাল পাব পাৰেনে?
প্লাবিতাৰ জানো নাছিল নিজাকৈ কিবা সপোন?
আন কাৰোবাৰ সপোন এটাক তুলি ধৰিবলৈ কি কি ত্যাগ কৰিছিল তাই? কাহিনীৰ নায়কেই বা তাৰ
বুজ লৈছিল নে নাই!
… পিছে কাহিনীবোৰ এনেকৈ শেষ হ'লেহে আমাৰ দৰে পাঠকৰ মনবোৰ ভৰি ৰয়। সেই স্বাৰ্থতেই হয়তো কাহিনীৰ মাজত থকা বহু কাহিনী আজিও অলিখিত! সেইবোৰ কাহিনী নিজানত নীৰৱে বৈ থাকে কোনোবা অনুভৱী হৃদয়ৰ নৈ হৈ!
"যে ভাবে তুমি সকাল দেখ', সূৰ্য কিন্তু একটাই; যত' ভাগে ভাগ কৰ'না প্ৰেম, হৃদয় কিন্তু একটাই"
একো নিবিচৰাকৈ ভালপোৱা বিলাই দিয়াতেই
ইয়াৰ সাৰ্থকতা! আনৰ বাবে জী থকাতো যে কি আমেজ!
নিউটনৰ তৃতীয় সূত্ৰ? ওঁহো। অন্ততঃ
ভালপোৱাই এই সূত্ৰ মানি নচলে! কোনো সূত্ৰই মানি নচলে। ভালপোৱা নিজেই এটা স্বাধীন
সূত্ৰ!
@২০১৭

0 Comments