ঠিক এইদৰেই কেতিয়াবা মই মোৰ স'তে বহোঁ,
কথা পাতোঁ।
আচলতে এতিয়া মই খুবেই ব্যস্ত
কি দিন, কি ৰাতি!
পাহৰি যাওঁ সকলো
উমম…… পাহৰি যাওঁ!
আপোনাক
আৰু নিজকো!
পাহৰি যাওঁ আপোনাৰ দুখত দুখী হ'বলৈ,
সুখত সুখী হ'বলৈ!
হেলাৰঙে সকলো উপেক্ষা কৰিব পৰাকৈ গঢ়ো নিজক!
পাহৰি যাওঁ দুখ-শোক-বিষাদ কিম্বা অৱসাদ।
বন্ধ অনুভৱী দুৱাৰৰ সিপাৰে থৈ আহোঁ_ বেজাৰ, অপ্ৰাপ্তিৰ শোকগাঁথা… আৰু হয়তো কিছু সোঁৱৰণ… ভালপোৱাৰ!!
নিজৰ স'তেই যেন মোৰ অবিৰাম এখন যুঁজ!
নিতৌ যন্ত্ৰ হোৱাৰ কচৰৎ কৰি কৰি
সহজ অভিনয়েৰে জীৱন হৈ পৰে কৰ্কশ
আৰু অনুভৱ বোবা!
জ্বলি যোৱা হাড়ৰ অঙঠাত পুৰি ছাই হয়
শিল হোৱা অনুভৱী কলিজাৰ হেজাৰটা হুমুনিয়াহ,
জীৱনৰ প্ৰতিটো হাতুৰীৰ কোবত হিচাপ হয়_টকাৰ
খতিয়ান দেনা-পাওনা, লাভ-লোকচানৰ!
স্বাৰ্থপৰ, অহংকাৰী বিশেষণেৰে মই চহকী হওঁ!
অথচ…
দিনৰ শেষত যেতিয়া উভতি আহোঁ নিজলৈ
নিজানত যেতিয়া নিৰলে জিৰাওঁ ৰাতিৰ বুকুত
কৰ্তব্য আৰু দায়িত্ববোধৰ উপলব্ধিৰে
এমুঠন হাতৰ ধপধপনি টো হঠাতে বাঢ়ি যায়!
আকাশৰ বিশালতাক ক্ষন্তেকলৈ ধাৰণ কৰি
একাত্ম হওঁ ৰাতিৰ স'তে।
আমি কথা পাতোঁ_
নোকোৱা সাধুবোৰৰ, নুশুনা গানবোৰৰ, জোনাকী হোৱা তৰাবোৰৰ
মানুহৰ, ঈশ্বৰৰ, ক্ষুধা আৰু হাহাকাৰৰ
মৃত্যু কিম্বা জীৱনৰ!
ভালপোৱাৰ আঁচলত ধৰি আগুৱাই যাওঁ প্ৰশান্তিৰ কোনো অচিন বাটেৰে…
আইৰ স'তে বান্ধ খাই থকা নাড়ীৰ বান্ধোনৰ দৰে সেই ভালপোৱা_অদেখা
তাতেই বিচাৰি পাওঁ_ মোৰ জীৱন, মোৰ ঈশ্বৰ!
শীতৰ ৰাতিবোৰত চেঁচা বতাহে যেতিয়া বৈ আনে
চিনাকী অচিনাকী কোনো সুবাস,
আধৰুৱা গল্প এটাৰ সোঁৱৰণে মোক কৈ যায়
"তুমি মানুহ", "তুমি মানুহ"!!
আৰু মই হাঁহি মাৰি ৰাতিক কওঁ
উমম… জানো,
শিলেও কান্দে…
যিদৰে কান্দে বৈ যোৱা নদীৰ দুয়োপাৰে!
আৰু এনেকৈয়ে
মানুহ হৈ মানুহৰ মাজলৈ উভতি অহাৰ বাটত
মই বুজি পাওঁ _
"যন্ত্ৰ হোৱা সহজ নহয়,
মানুহ হোৱাটো তাতোকৈও কঠিন!
ঈশ্বৰ মানে যিদৰে কেৱল আৰাধনা নহয়
ভালপোৱা মানে কেৱল "আপুনি" নহয়!"
ধপধপাই পুনৰ উৰে ফিনিক্স পখী…
জ্বলি জ্বলি সোণৰ দৰে, গ'লি গ'লি ম'মৰ দৰে
এই জীৱনেও জী থাকে জীৱনৰ দৰেই!
@২০১৮
0 Comments