সোণপৰুৱা







খহি খহি সৰে এই জীৱন

সাধু শুনা সময়ে বুটলি ধৰে!

গধূলিৰ ধূলি উৰুৱাই সন্মুখত সেয়া

সেউজীয়া আলিবাট… নজহা নপমা!




সোলা হাঁহিত তামোলৰ সেলেঙি সনা

একোলা দুকোলা মোৰ শৈশৱ বাখৰুৱা!

সোণাৰুবুলীয়া আবেলিত

সৰি সৰি পৰে সোঁৱৰণিৰ সোণগুটি… এটি দুটি

বৰষুণৰ স'তে আজি ঘৰ চিৰিকাৰ চুপতি!

সপোন এটি দৌৰি ফুৰে…

ল'ৰালি ল'ৰালি খেলি!




এতিয়া শিয়ালী নহা ৰাতি

উজাগৰ নিশাৰ ঠেহুৱা অভিমানত হেৰাই চিকুন ঘুমটি!




@২০১৯

Post a Comment

0 Comments