বিপৰীত


সিহঁত দুয়োটা গৈ আছিল… হাততধৰাধৰিকৈ… সন্মুখলৈ...

-তুমি কেৱল নিজকেই শুদ্ধ বুলি ভাবা! আনৰ দৃষ্টিৰে কথাবোৰ কেতিয়াও নোচোৱা!

-আনৰ দৃষ্টিৰে চাবলৈ আনক মই জানিবও লাগিল নহয়!

-সেইটোৱেই তো তুমি নকৰা! কাৰোবাক জানিবলৈ হ’লে তেওঁলোকৰ প্রতি তোমাৰ আগ্রহো থাকিব লাগিব।

-কোনে কৈছে মোৰ আগ্রহ নাই বুলি?

-তোমাৰ সময় নাই! কাৰোবাক কাণ পেলাই শুনিবলৈ তোমাৰ সময় নাই!

-অদৰকাৰী কথাত মই সময় নষ্ট মুঠেও নকৰো।

-নিজৰ বাদে তুমি সকলোকে অদৰকাৰী বুলিয়েই ভাবা!

-দৰকাৰী বুলি ভাবিবলৈ সঁচা অর্থত দৰকাৰী হ’বও লাগিব তো!

-কেৱল তুমি ভবাৰ দৰেই কথাবোৰ নহ’ল বুলিয়েই ক’বা নেকি আনৰ কথাবোৰ সব অদৰকাৰী!

-মই যিটো দৰকাৰী বুলি নাভাবো, সেইটো মোৰ কাৰণেই অদৰকাৰীয়েই তো হ’ব! বুজা নাই কিয়?

-তুমিও বুজা নাই! তোমাৰ ভাল নালাগিল বুলিয়েই অকনো নভবাকৈ, বুজিবলৈ চেষ্টা নকৰাকৈ কথাবোৰ অদৰকাৰী বুলি ধৰি-বান্ধি দূৰলৈ থেলা মাৰি থৈ দিছা!

-মানে?

-মানে, মই বৰ আদৰেৰে ৰান্ধি তোমাক যতনাই দিয়া পায়সখিনি কেৱল তুমি বেয়া পোৱা বাদাম দুটা আছিল বুলিয়েই এচামুচো খাই নাচালা আৰু নোখোৱাকৈয়ে তুমি কৈ দিলা “পায়সখিনি ভাল হোৱা নাই!”

-হাঃ হাঃ হাঃ ... পাগলী!

-তুমি ভাল বুলিবই লাগিব বোলা কথাটো মোৰ বাবে দৰকাৰী নাছিল! এচামুচ হ’লেও তুমি আগ্রহেৰে খোৱাটোহে মোৰ বাবে দৰকাৰী আছিল!

-দিয়া দিয়া সোণজনী, এচামুচ তুমিয়েই খোৱাই দিয়া!

-হ’ব! এতিয়া তুমি মোক পুতৌ কৰিব নালাগে! কোনে জানে সেই এচামুচ পায়স খাই তোমাৰ পেটেই বেয়া হৈ যায় আৰু তুমি আনৰ আগত মোৰ কথা কৈ ফুৰিবা!!

-সেয়া! তুমিও মিছামিছি কিছুমান অদৰকাৰী কথা ভাবি লোৱা নাই নে? তুমি দেখোন জানাই মই বাদাম বেয়া পাওঁ, তেন্তে তুমি বাদাম নো কিয় দিছিলা পায়সত? আৰু দিছা বাৰু ঠিকেই সেইকেইটাকে বাটিত একেবাৰে চকুত পৰাকৈ নো কিয় সজাই দিছা? বাদামকেইটা পায়সখিনিৰ তলত লুকুৱাই থোৱা হ’লে কিজানি মই গোটেই বাটি পায়স খাই থ’লো হয়!

-তুমি কিয় ভাবিছা যে মই তোমাক মিছা কথা কৈ ঠগিম? আৰু বাদামকেইটা খাই পোৱাৰ পিছত তুমি মোক আপত্তি নকৰাকৈ থাকিবা নে মই নোকোৱাৰ বাবে?

-……

 

____________

 

দুয়োটা আগলৈ গৈ থাকিল... এৰি দিয়া হাতখনৰ ওচৰলৈ সি নিজৰ হাতখন ওচৰ চপাই নিলে। প্রথমে কেঁঞা আঙুলিটো, তাৰপিছত অনামিকাক ধৰোঁতেই তাই কৈ উঠিল_

-তুমি জানানে?

সি আঙুলিকেইটা এৰি দিয়ে।

-নাজানো! কোৱা।

-তুমি যে কেতিয়াবা মোকো পাহৰি কেৱল নিজৰ কামবোৰত লাগি থাকা!

অলপ ভয় খাই সি তাইলৈ চালে।

-এইয়া দেখোন মই তোমাৰ লগে লগে আছো এতিয়া!

-তথাপিও তোমাৰ মনটো খু-দুৱাই থকা নাই নে? এনেকৈ অদৰকাৰীকৈ মোৰ সৈতে গুচি অহাৰ বাবে তোমাৰ কৰিবলগীয়া কাম অলপ যে বাদ পৰিল?

এইবাৰ সি অলপ দোষী দোষী অনুভৱ কৰিলে!

-মোৰ কাম নাই কাৰণেই তো তোমাৰ সৈতে আহিছোঁ।

-আৰু যদি থাকিলেহেঁতেন?

-... ...

তাই আহি তাৰ হাতখনত খামুচি ধৰে।

-ব’লা যাওঁগৈ! বহুত দেৰি হৈ গ’ল!

সি থতমত খাই কৈ উঠে_

-যাওঁ বুলিলা যে! আমি আহিছিলো ক’লৈ?

-ৰান্ধনি বেলিটো চাবলৈ!

তাই খিলখিলাই হাঁহি উঠে!

-চাই যাওঁ আক’ ব’লা।

-চোৱা!

_... ...

সি বেলিটো নেদেখিলে! ইতিমধ্যে বেলিটো গৈ নদীখনত গ’লি গৈছিল! তাৰেই ৰঙত নদীৰ পানীখিনি অলপ অলপ হেঙুলীয়া যেন দেখা গৈছে! মুখেৰে একো ক’ব নোৱাৰিলে, গধুৰ হুমুনিয়াহ এটা বাহিৰ হৈ আহিল মাথোঁ!

তাই তালৈ ৰৈ নাথাকিল, সৰু ছোৱালী এজনীৰ দৰে তাৰ আগে আগে জপিয়াই জপিয়াই গাড়ীখনৰ ফালে গুচি গ’ল!

____________

 

দুয়োটা যোৱাৰ বাটেৰে উভতি আহি থাকিল… নীৰৱে….

তাই কিবা এটা গুণগুণাই আছে… সি বুজি পোৱা নাই তাই অভিমান কৰিছে নে খং কৰিছেভাৱলেশহীন মুখত মাথোঁ সি নজনা কোনোবা গীতৰ কলি!

-তুমি কেতিয়াবা ভাবিছানে?

- কি নো? কোৱাচোন!

সি মুখলৈ পানী অহাৰ দৰে আগ্রহেৰে তাইৰ দুচকুলৈ চাই সুধে!

-এইযে তুমি ৰাস্তা-পদূলিবোৰ বনুৱাইছা! তুমি প্রথমে কোনটোত গুৰুত্ব দিয়া? ৰাস্তাটো ভাল হোৱাত নে তোমাৰ লাভ হোৱাত?

সি ভাবি নাপালে আলসুৱা ছোৱালীজনীক কি উত্তৰ দিলে তাই সুখী হ’ব! অলপ চিন্তা কৰি সি ক’লে_

-ৰাস্তাটো ভালকৈ হোৱাত মই যিমান গুৰুত্ব দিওঁ, সিমানেই মোৰ লাভ হোৱাটোও বিচাৰোঁ! দুয়োটা যদি ভালকৈ হয় তাত আপত্তি কৰিব লগীয়া কিবা আছে জানো?

-হমম... কেতিয়াবা তুমি এই ৰাস্তা বন্ধাৰ কাম কৰা বনুৱাবোৰৰ কষ্টৰ কথা ভাবানে? তুমি কেৱল নিজৰ লাভৰ বাবে ইহঁতক কেতিয়াবা ঠগাইছা নেকি?

তাইৰ তীক্ষ্ণ দৃষ্টিত সি দুচকু অন্য ফালে ঘুৰাই তাইক কয়_

-সিহঁতি তো কষ্ট কৰিবলৈকে ওলাই আহে! কষ্ট কৰিছে কাৰণেই তাহাঁতৰ পেটৰ ভাত যোগাৰ হৈছে। তাহাঁতৰ কষ্ট হৈছে বুলি যদি কাম বন্ধ কৰি দিওঁ, ৰাস্তা বনিবগৈ জানো?

-তুমি সামন্তবাদী মানুহ!

তাই কথাষাৰ কওঁতে ইমানেই বেজাৰমুৱা হৈ ক’লে সি নাহাঁহি থাকিব নোৱাৰিলে। হো হোৱাই হাঁহি হাঁহি সি সুধিলে_

-তুমি কি মার্ক্সবাদী মানুহ নেকি?

-মই ৰহস্যবাদী মানুহ!

তায়ো তাৰ হাঁহিত যোগ দিলে।

সি হাঁহিৰ মাজতে তাইক ক’লে_

-মই কর্মবাদী মানুহ বুজিছা নে? কাম কৰা আৰু তাৰ ফল ভোগ কৰা। কেৱল বনুৱাবোৰেই নহয়, ময়ো কষ্ট কৰোঁ!

-ওমম... তুমি মালিক, তাহাঁতি বনুৱা!

সি গাড়ীখন ৰখাই তাইৰ হাতখন ধৰি সুধি পেলায়_

-কি হৈছে তোমাৰ?

-জানানে? মই চাগৈ মার্ক্সবাদীয়েই! সেয়ে মই বিচাৰিছিলো আমাৰ দুয়োৰে যি সুখ-দুখ, সেই সকলোবোৰ আমি সমানে সমানে ভগাই ল’ম, কোনেও কাকো নঠগাকৈ!

-কি ক’ব বিচাৰিছা, মই বুজা নাই!

হাহাকাৰ লাগে তাৰ বুকুত, ক’ত কি হৈছে!

-তোমাৰ “পাব্লিক ইমেজ"টোক লৈ তুমি খুব সচেতন! আনকি তোমাৰ ভার্চুৱেল পোষ্টবোৰতমন্তব্য এটা দিবলৈ ইচ্ছা থাকিলেও অনেকবাৰ ভাবিব লগা হয়, কিজানিবা তোমাৰ দৃষ্টিত সেয়া খুব লঘূ আৰু টুলুঙা হৈ যায়! কিজানিবা সি তোমাৰ ইমেজক আঘাত কৰে! তুমি অনবৰতে গহীন হৈ, ওজন এটা লৈ বহি থাকা!

-তুমি কি বিচৰা? মই হোৱাই নোহোৱাই আটাইৰে লগত টুলুঙা কথা পাতি হাঁহি-খিকিন্দালি কৰি থাকিব লাগে? সমাজত তিল তিলকৈ গঢ়ি তোলা মোৰ “ভাল ইমেজ”টোক বেয়া কৰি পেলাব লাগে?

সি উষ্মাৰে কৈ উঠে!

-নালাগে। কিন্তু তোমাৰ সমাজখনত মই মুকলিকৈ হাঁহিবলৈও কিয় চিন্তা কৰিব লগা হয়?

_... ...

-আমি একেলগে একেখন ঘৰতে থাকিও যদি এজনে আনজনৰ ওচৰত মুকলিকৈ কথাবোৰ পাতিবই নোৱাৰো, কিয় আছো? কিয় তুমি বাহিৰৰ মানুহৰ লগত কথাবোৰ ভগাব লগা হৈছে?

- ... ...

-তোমাৰ অভিযোগ, তুমি মোৰপৰা বৌদ্ধিক সাহচর্য বুলি একোকে নোপোৱা! সেয়ে তোমাৰ ভৱিষ্যতৰ সৈতে মোক সাঙুৰি লৈ কেতিয়াবা সন্দিহান হৈ উঠা!

সি কোনোমতে নিজক লুকুৱাই কৈ উঠিল_

-তুমি কিয় এনেকৈ ভাবিছামইতো কেতিয়াও তোমাক তেনেকৈ একো কোৱা নাই!

-মোক কোৱা নাইকাৰোবাক তো কৈছা!

তাই বেজাৰমুৱা হাঁহি এটাৰে কোৱা কথাষাৰে তাক বহুত কিবাকিবি বুজাই দিলে।

-... ...

-হ’ব দিয়া, তুমি ইমান চিন্তা কৰিব নালাগে! ব’লা আজিৰ ভাত সাঁজ আগৰ দৰেই ধুনীয়াকৈ খাম! তাৰ পিছত আমি দুয়োটাৰে নুশুনা সাধু দুটা শুনিম... শেষবাৰলৈ!

তাই হাঁহি হাঁহি সেই তাইৰ স্বভাৱজাত সৰু ছোৱালীৰ দৰে জপিয়াই জপিয়াই দিয়া খোজেৰে ঘৰৰ ভিতৰলৈ সোমাই গ’ল।

সি ভাবি থাকিল_ তাই কেনেকৈ গম পালে কথাবোৰ! ভাত খাবলৈ তাই চিঞৰি থকাত হে সি ভাবনাৰ পৃথিৱীৰ পৰা উভতি আহিল!

_বহা বহা। পায়স খোৱা। আজি বাদাম দিয়া নাই।

তাই কেতিয়ানো কি কি ৰান্ধিলে সি একো গমকেই নাপালে কথাবোৰ ভাবি থাকোতে। পায়সো এবাটি সজাই থৈছে ধুনীয়াকৈ।

_আৰে ৱাহ! ইমানবোৰ কেতিয়া ৰান্ধিলা তুমি?

-খোৱা, আৰম্ভ কৰা। আজিৰপৰা আৰু তুমি বেয়া পোৱা পায়স খাব নালাগে!

-কিয়?

-জানানে, মই সেই পায়সত থকা বাদামকেইটাৰ দৰে! তুমি পায়স খুব ভাল পোৱা অথচ তাত সেই বাদাম দুটা দেখিলেই তুমি খাব নোৱাৰা হৈ যোৱা! আজিৰেপৰা বাদাম কেইটা মই পায়সৰপৰা আঁতৰাই থৈছোঁ! সদায়ৰ বাবে!!

_____০_____

 

তাৰপিছত... ...??

আপোনালোকে কি ভাবে?কাহিনীৰ নায়িকাই নায়কক এৰি গুচি গ’ল? নে নায়কে তাইক নিজৰ স’তে আৱৰি ৰাখিব পাৰিলে? ইয়াৰ পিছৰখিনি আপোনালোকে নিজৰ ধৰণেৰে লিখি চাওকচোন! আৱেগক প্রশয় নিদিয়াকৈ লিখিব দেই!

মোৰ মনেৰে এনেকৈ ভাবিছোঁ_

খাই উঠি তাই হাঁহি হাঁহি তাক হাতত ধৰি বিচনাত বহুৱাই লয়। দুয়োটা সন্মুখা-সন্মুখিকৈ বহে। তাই কয়_

-তুমি এটা সময়ত মোৰ এই বলিয়ালি কিছুমানৰ বাবেই মোক ভাল পাইছিলা! আৰু আজি সেইখিনিকে লৈ তুমি আহুকালত পৰিছা!

-নহয় নহয়, তুমি কথাবোৰ ভুল বুজিছা!যিহেতু মানুহৰ মাজত থাকি মই কাম কিছুমান কৰিব লাগে সেয়ে সকলো মানুহৰে ওচৰলৈ মই যাব নিবিচাৰো আৰু মোৰ ওচৰলৈ অহাটোও নিবিচাৰো!কেতিয়াবা মই নিজৰ বাবেও কিছুমান বাধ্য-বাধকতা স্থিৰ কৰি ল’ব লগা হয়!

-তুমি নক’লেও সেই বাধ্য-বাধকতাখিনি জানো মই কেতিয়াবা অমান্য কৰিছোঁ? মই সদায়েই চেষ্টা কৰো মোৰ কিবা কামৰ বাবে তুমি যেন ক’তো কেতিয়াও আনৰ আগত অপ্রস্তুত হ’বলগীয়া নহয়।

-মই তো তোমাক কোৱা নাই অমুক কৰিবা, তমুক নকৰিবা! তোমাক তোমাৰ দৰেই থাকিবলৈ স্বাধীনতা দিয়া নাই জানো?

তাৰ কথাত তাইৰ চকুকেইটা সেমেকি উঠে যদিও কোনোমতে চকুপানী সামৰি কয়_

-সেই স্বাধীনতাৰ হাতত ধৰি তোমাক এৰি যদি মই আন কাৰোবাৰ সাহচর্য বিচাৰি যাওঁ? যিদৰে তুমি মোৰপৰা বৌদ্ধিক সাহচর্য নোপোৱাৰ অভিযোগ তুলি আন কাৰোবাৰ কাষ পাইছা? ময়ো তো পোৱা নাই আগৰ দৰে তোমাৰ অনুভৱী সাহচর্য?

-... ...

সি মূৰ তল কৰে!

-মোৰ খুব বেজাৰ লাগিছে জানা! এই কাৰণে নহয় যে তুমি আন কাৰোবাৰ ওচৰত মোৰপৰা নোপোৱাখিনি বিচাৰি গৈছা। মোৰ থকাখিনিক তুমি কেতিয়াও পাবলৈ চেষ্টাই নকৰা কথাটোৱেহে মোক দুখী কৰিছে!

এইযে মই মানুহজনী শামুকৰ খোলা এটাৰ মাজত সোমাই থাকো কেৱল যাতে তুমি কতো অসুবিধা নোপোৱা; তুমি কেতিয়াবা চেষ্টা কৰিছানে তাইক বাহিৰলৈ উলিয়াই আনিবলৈ? মই নিজৰ দৰে ওলাই গৈ তোমাৰ স’তে ক্ষন্তেক সময় কটাব বিচাৰিলেও তোমাৰ মুখত ঠিকেই অসন্তুষ্টিৰ চাপ এটা বিয়পি থাকে, যি টো তুমি হাজাৰে চেষ্টা কৰিও লুকুৱাব নোৱাৰা!

-… …

সি তলমূৰ কৰি মাথোঁ তাইৰ কথা শুনি থাকিল! ভাবিলে, তাইক ক’ৰবাত বুজিবলৈ চেষ্টা নকৰিলে নেকি? তাই তো সদায় সি বিচৰাৰ দৰেই কৰি আহিছে, চলি আহিছে! নিজাকৈ বুলি তাইৰ কোনো দাবী নাছিল। বস্তুবাদীও নহয় তাই!মাত্র কেতিয়াবামুকলি পথাৰত যেন পখিলাজনী হৈ উৰি ফুৰিব বিচাৰে! যি টো তাৰ খুব এটা পচন্দৰ নাছিল! অনুভৱ হৈছিল ক’ৰবাত যেন তাই ‘মেচিউৰদ’ নহয়! তাইক বাৰু সি লাহে লাহে অৱহেলা কৰিবলৈ লৈছিল নেকি? এৰা, তাইক তাইৰ দৰে থাকিবলৈ দিছো বুলি কৈ আচলতে সি নিজেহে তাৰ সুবিধা লৈছিল!

-শামুকৰ খোলাৰপৰা “তাইক” ওলাই আহিবলৈ ক’লে তাই আহিব নে? __ সি বেঙাটোৰ দৰে তাইক সুধে! 

তাইৰ অবাক দুচকুত সেয়া কিহে ভিৰ কৰিছে সি বুজিবলৈ অপাৰগ!

-তুমি বাদাম দিয়া পায়স খাবা জানো?

তায়ো তাৰ ধৰণেৰেই তাক সুধে!

-নাখালে নহ’বনে?

-বাদামকেইটা আঁতৰাই থলেই জানো সমস্যাটো শেষ নহ’ব?

-বাদামকেইটা থাকিলে আচলতে পায়সখিনি দেখাত সুন্দৰ হয়!

-তুমি জানানে বাদামকেইটাই আচলতে পায়সৰ সোৱাদটোৰ একো সাল-সলনি নকৰে!

-খাই চাম!!

-হাঃ হাঃ হাঃ ! মজাৰ কথাটো কি জানানে? কিছুমান কথা খুব স্বাভাৱিকভাৱেই আমাৰ জীৱনত ঘটে! সেইবোৰ আমাৰ নিয়ন্ত্রণৰ বাহিৰত। পিছত হে অনুভৱ কৰি আচৰিত হওঁ এইয়া নো কেনেকৈ হ’বলৈ পালে বুলি!

-তুমি কি কৈ আছা মই একোকে বুজি পোৱা নাই! মই তোমাৰ দৰে সকলো কথা পাক লগাকৈ ভাবিব নাজানো, অনুভৱো নকৰো!

-মাত্র সেই কাৰণৰ বাবেই তুমি মোৰ চিন্তাবোৰক এবনর্মেল বুলি ক’ব পাৰিলা!

-চোৱা, তুমি আনৰপৰা কিবা শুনি মোক এনেকৈ কথা শুনাই থকাৰ কি যুক্তি আছে?

-তুমি মোৰ আসোঁৱাহ খিনি মোক ক’ব লাগিছিল! তুমিও তো আন কাৰোবাক ক’বলৈ গ’লা! কিয়?

-তুমি নুবুজিলাহেঁতেন!

-তুমি কোৱা কথাবোৰো যে মই কেতিয়াবা বুজি নাপাওঁ, তোমাৰ চিন্তাবোৰকো তেন্তে মই এবনর্মেল বুলিব পাৰিম?

-তোমাৰ ইচ্ছা!

তাই বুজিলে লাহে লাহে সি তাইৰ কথাবোৰ সহ্য কৰিব নোৱাৰা হৈছে!

-ৰাস্তাৰ মাজত যেতিয়া গাঁতবোৰ হয়, কেনেকৈ ৰিপেয়াৰ কৰা? নিশ্চয় তোমাৰ নিজৰ ধৰণ আছে, যি টো তোমাৰ ইঞ্জিনিয়াৰ বান্ধৱী গৰাকীয়ে বেচ্ ভালকৈ জানিব! সেই কামটোকে যদি মোক কৰিবলৈ কোৱা হয়তো তোমালোকৰ হিচাপতকৈ মই দুগুণ খৰচ কৰি পেলাম! কাৰণ মই গাঁতটো ভালকৈ ভাল কৰিব বিচাৰিম, তুমি হয়তো তাত অন্য লাভো বিচাৰিবা! আমাৰ অংক নিমিলাটোৱেই স্বাভাৱিক!

এইক্ষেত্রত তোমাৰ লাভ হ’বলৈ হ’লে তুমি তোমাৰ বান্ধৱীৰ হে পৰামর্শ ল’ব লাগিব। তেনে কৰিলে তোমাৰ প্রফিটৰ গ্রাফ উর্ধগামী হ’ব, তুমি যিহেতু হিচাবী মানুহ! নহয়জানো?

-আমি আধুনিক হৈছো যে! সেইবোৰ কথা তুমি বুজি নোপোৱা! কেৱল ফুল-চৰাই-পখিলা-গান কৰি থাকি ভাবিছা নেকি জীৱনটোত উধাব পাৰিম বুলি! তুমি সেই ৬-৭ বছৰৰ আগৰ সময়তে ৰৈ গৈছা। আজিৰ পৃথিৱী টিলিকতে সলনি হৈ আছে!তাৰ সৈতে তাল মিলাব নোৱাৰিলে তুমিবন্ধ পুখুৰীৰ পানীখিনিৰ দৰেই হৈ থাকিবা!

-সেয়ে মানুহৰ অন্তর্জগতৰ জটিলতাবোৰো পৰিৱর্তন হৈছে, আধুনিক হৈছে!যিবোৰ বুজিবলৈ হয়তো মই অপাৰগ!

তুমি ভাবি চাইছানে নিজৰ গতিত বৈ থাকিব বিচাৰিও নৈ এখনে কিয় বন্ধ পুখুৰী হৈ আছে কোনো আপত্তি নকৰাকৈ? মন কৰিছানে কেতিয়াবা, পুখুৰীৰ পানী খিনি যে মই লেতেৰা হ’বলৈ দিয়া নাই?

তুমি মোৰ হাতখন একেবাৰে এৰি দিবও খোজা নাই যিহেতু তুমি ভাবা তেনে কৰিলে তোমাৰ সামাজিক ভাৱমূর্তি ম্লান পৰিব, একে সময়তে তুমি আন কাৰোবাৰ হাতখনো খামুচি আছা যি তোমাৰ ভৱিষ্যতটোক সমৃদ্ধ কৰিব বুলি বিশ্বাস কৰা!

সেই যে, তুমি বাদাম থাকিলে পায়সখিনি ধুনীয়া দেখা অথচ খাবও নোৱাৰা!

-তুমি খুব বেছি ‘পেচিমিষ্ট্’!

-আৰু তুমি? ‘ৰেচিষ্ট্”?

-মই প্রেক্টিকেল মানুহ; সকলো কথাতে আৱেগ অনুভৱ বিচাৰি ফুৰিব নোৱাৰো!

-সেই বুলি তুমি মোকো লাভ-লোকচানৰ অংকত বাজি লগাবা নেকি? ঠিক আছে! মোৰ হাতখন তেন্তে এৰি দিব বিচাৰিছা বুলি মই ধৰি-বান্ধি লৈছোঁ!

-মই তো সেই বুলি কোৱা নাই!

-তুমি কি ক’ব বিচাৰিছা সেয়া তুমিও নাজানা! এইযে তুমি ক্রমে আঁতৰি গৈ আছা, সেয়া আকষ্মিক নহয়; স্বাভাৱিকতে হৈছে! সেয়ে মই আচৰিত হোৱা নাই!

তোমাৰ প্রেক্টিকেল জীৱনবোধকো মই কেতিয়াও উপলুঙা কৰা নাই।তোমাৰ প্রতি থকা মোৰ সমষ্ট ভালপোৱা, বিশ্বাস, শ্রদ্ধা... সকলো আওকাণ কৰি আন কাৰোবাৰ ওচৰলৈ যে তুমি গৈছা, সেই কথাই হেমোক অপমানিত কৰিছে! এইয়া জানো মোৰ প্রতি অন্যায় হোৱা নাই?

-... ...

সি আত্মপক্ষ সমর্থন কৰি একো নক’লে!

তাই গোটেই ৰাতিটো বহি থাকিল পুৰণি সাধু এটা সোঁৱৰি_

এবাৰ দুয়োটাই তাইৰ প্রিয় সূর্যাস্ত চাবলৈ গৈছিল চিনাকী নদীখনৰ পাৰত। তাই তাক সুধিছিল_

-এইযে বেলিটো এইকণ সময়ত সুমথিৰা বৰণ লয়, কিয় জানানে?

-নাজানো অ’ গোঁসানী মোৰ! তোমাৰ ক্ষণে ক্ষণে সলনি হৈ থকা দুগালৰ সেন্দুৰীয়া বৰণ মন ভৰি চাই থাকোঁতে সেইবোৰ ভাবিবলৈ মই নো ক’ত আহৰি পাওঁ!

সেই বুলি সি তাইৰ মুখলৈ ৰ’ লাগি চাই ৰৈছিল হাঁহি হাঁহি!

-দিনৰ সময়খিনিত কৈ পুৱা আৰু গধুলিৰ সময়ত বেলিৰ পোহৰে পৃথিৱী পাবলৈ দীঘলীয়া দূৰত্ব অতিক্রম কৰিব লগা হয়। আহি থাকোঁতে বায়ুত থকা ধূলিকণা আৰু পানীৰ কণিকাবোৰে বগা পোহৰক ৰামধেনুৰ সাতোটা ৰঙত বিচ্ছুৰিত কৰে। সেইখিনি পৃথিৱী পায়হি মানে নীলা, বেঙুনীয়া আৰু ঘন-নীলা ৰঙকেইটা হেৰাই যায়; কেৱল ৰঙা, সুমথিৰা আৰু হালধীয়া ৰঙকেইটাহে আমি দেখা পাওঁ! 

-অ...... আৰু ৰঙা ৰঙটো চাগৈ বেছিকৈ থাকে কাৰণে প্রায় সুমথিৰাৰ ৰঙটো আমি দেখা পাওঁ নহয়নে?

তাইৰ গহীন মুখ খন দেখি সিও গহীন হৈ কথাটো কৈছিল!

-ওমম... ঠিকেই কৈছা!

-মই ভবাই নাছিলো তুমি এনেকৈ একেবাৰে চায়েন্টিফিক্ বিশ্লেষণ দাঙি ধৰিবা বুলি!

-কিয়? মোক খুব বুর্বক বুলি ভাবা নহয়?

-নহয়! মই ভাবিছিলো বেলিটোত পাখি-চাখি লগাই কিবা কাব্যিক ভাষাত বর্ণন কৰিবা বুলি!

তাৰ কথাত দুয়োটাই হাঁহিছিল। তাই ক’ম বুলিও তেতিয়া নক’লে অইন এটা কথা!

“বেলিৰ পোহৰত সাতোটা ৰঙেই থাকে। আমাৰ চকুকেইটাৰ সংবেদনশীলতা কিছুমান ৰঙৰ প্রতি বেছি, সেইখিনি আমি আগতে বা বেছিকৈ দেখো, বাকীখিনি নেদেখো।"

...আজি তাই উপলব্ধি কৰিছে তাইৰ মাজত থকা ৰঙবোৰ চাবলৈ সি কেতিয়াও চেষ্টাই নকৰিলে! তাই তাকেই তাইৰ বেলিটো বুলি ধৰি সেই কক্ষতেই ইমানদিন ঘূৰি আছিল! তাই পুৱাৰ বেলিটো বিচাৰি ফুৰিছিল... কিন্তু তাইৰ বাবে গধূলিৰ বেলিটোহে আছিল!

তাই মন বান্ধি ল’লে আঁতৰি যোৱাৰ! জানে, সি হয়তো তাইক ওভতাই আনিবলৈ নাযায়! কাৰণ সি কেতিয়াও নিজক ভুল বুলি মানি ল’বলৈ শিকা নাই! কাৰোবাৰ সন্মুখত মূৰ তল কৰিবলৈ সি আজিকোপতি কেতিয়াও মান্তি হোৱা নাই! ইমানবোৰ কথা কোৱাৰ পিছতো সি পোনপতীয়াকৈ এবাৰো স্বীকাৰ নকৰিলে নীনাৰ সৈতে গঢ়ি উঠা তাৰ সম্পর্কটোৰ কথা!

তাই মনৰ ভিতৰতে এবাৰ আওৰাই ল’লে_পুৱা আৰু গধূলি বেলিটো একেই হেঙুলীয়া হয় যদিও পুৱা পৃথিৱীখন বেলিটোৰ কাষ চাপি আহে আৰু গধূলি ক্রমে আঁতৰি গৈ থাকে!... তাই আঁতৰি যাব! তথাপিও তাই বাট চাব পুৱাৰ বেলিটোলৈ!

সেইদিনা সিহঁতৰ শেষ সাধুকেইটা কোৱা নহ’ল! বেলিটো গ’লি নদীখন হেঙুলীয়া হোৱা পুৰণি সাধুটো ওলমি থাকিল ক’ৰবাত... বিচ্ছিন্নতাবাদৰ সাক্ষী হৈ!

____০____

@ডিচেম্বৰ_২০১৯

 


Post a Comment

0 Comments