টক্ টক্!
এই যেন দুৱাৰত কোনোবাই দুটা টোকৰ মাৰিলে! শুই থকাৰপৰা সি মূৰটো সামান্য দাঙি দুৱাৰৰ ফালে বেঁকা কৰি পুনৰবাৰ টোকৰ কেইটা শুনিবলৈ কাণ উণাই ৰ’ল। ভাল নাপায় সি কাৰোৰে উপস্থিতি! অথচ সদায়েই বাট চায়! দুপৰীয়াৰ ঘুমটি ভাঙি যেন সশব্দে বাজি উঠিব ৰূমৰ কলিং বেলটো।
শুনে, সি প্রতি দিনেই শুনে! উৎফুল্লিত মনেৰে দুৱাৰখন খুলি দিয়ে।
আৰু তাক নিৰাশ কৰি মেলি দিয়া দুৱাৰৰ সন্মুখত পৰি থাকে দীঘল, শূন্য কৰিড’ৰটো!
মাজ নিশা সাৰ পায়। মোবাইলটো চায়। চকু দুটা ভালকৈ দুবাৰমান মোহাৰি আকৌ চায়।ঠিকেইতো শুনিছিল! সেই চিনাকী ৰিংটনটোৱেই বাজিছিল! নাই দেখোন! মেছেজ খোচৰে!
কিজানিবা...
নাই!
মোবাইল ডাটা অন কৰে।
নাই...
হোৱাটচ এপ, ফেইচবুক... ...
নাই, কতোৱেই নাই। শূন্য! কেনেকৈ হ’ব পাৰে? ঠিকেইতো শুনিছিল! সেই চিনাকী ৰিংটনটোৱেই বাজিছিল।টোপনি আৰু ঘূৰি নাহে। প্রায়েই এনেকুৱা হয় তাৰ!
ঘৰলৈ আহিলে মনটো বেছিকৈ অশান্ত হৈ পৰে। পৰাপক্ষত জৰুৰী নহ’লে নহাকৈয়ে থাকে। নহাৰ
কাৰণটো এনেকুৱা নহয় যে ঘৰখনলৈ তাৰ হেঁপাহ নাই, ঘৰৰ মানুহকেইটাৰ প্রতি দায়িত্ববোধ নাই। আছে।কিন্তু মাহৰ মূৰত যেতিয়া হাতত ৰাহি হোৱা এটাও টকা নাথাকে সি কোঁচমোঁচ খাই কেঁচু এটাৰ দৰে গাঁতত সোমাই থাকে। নিজৰ অক্ষমতাত, নিজৰ অপাৰগতাত নিজৰ ওচৰতেই
হীনমন্যতাত ভোগে।
ঘৰৰ পদূলিতে মাকে তাৰ দুচকুলৈ যি আশাৰে চায়! সি সহ্য কৰিব নোৱাৰে সেই কাতৰ দৃষ্টি।আওকাণো কৰিব নোৱাৰে। আনফালে প্রায়েই বিছনাত পৰি থকা দেউতাক।বয়সতকৈয়ো দুগুণ বয়সিয়াল যেন দেখা মানুহজন! ঘোলা চকুকেইটা মৰা মাছৰ দৰে। সি একো নেদেখে তাত।আশা কিম্বা অভিযোগ… অথবা ঘৃণা!
দেউতাকৰ বেমাৰ। নিউৰ'লজিকেল্। চাকৰিটো আছে বুলিহে টকা-পইচাৰ কথা চিন্তা নকৰাকৈ প্রতিবাৰেই
লগে লগে হস্পিটেলত ভর্তি কৰোৱাব পাৰে! বছেৰেকত এবাৰ অহাটো নিয়মৰ দৰেই হৈ পৰিছে।প্রথমবাৰত মাকে কোৱা মনত পৰে তাৰ__ “তই চিন্তা কৰিব নালাগে। পইচা-পাতি অফিচে দিব নহয়।”
তেনেকুৱা সময়খিনিতে তাৰ মৰি থাকিবলৈ মন যায় অপদার্থ এটা হৈ কিয় জীয়াই থাকিব লাগে? কাৰ কাৰণে কি কৰিব পাৰিছে সি?
হাড়ে-চালে লগা মানুহটো! চেতনাহীন।এম্বুলেঞ্চৰপৰা বিছনা চাদৰখনেৰে গাটো মেৰিয়াই টোপোলাটোৰ দৰে ষ্টেচাৰত শুৱাই দিওঁতে চিঞৰি চিঞৰি কান্দিবৰ মন যায় তাৰ। ওঁহো, নোৱাৰে। মাকৰ দুচকুলৈ লুকাই-চোৰকৈ চায়। আচৰিত হয় সি।কেনেকৈ পাৰিছে এই মানুহজনীয়ে!
এই মানুহজনীক
কেতিয়াও কন্দা দেখা নাই সি! ভাগি পৰা দেখা নাই! কাৰোৰে ওচৰত কোনো অভিযোগ কৰা দেখা
নাই! খঙেৰে কাকো একো এষাৰ কোৱা দেখা নাই! ঘৰৰ মানুহকেইটাৰ আল-পৈচান ধৰে নীৰৱে। এই মানুহজনীৰ খবৰ কোনোবাই লৈছেনে? সি কেতিয়াও সুধি চোৱা নাই বাতৰি কাকতখন
পঢ়োঁতে তেওঁ চকুৰ আমনি পাইছে নেকি! জ্বৰ-কাঁহ হৈছে বুলিয়েই বিছনাত বেমাৰী হৈ পৰি
থকা সি, মাকে জালুক দি ৰান্ধি দিয়া মুর্গী মাংসৰ চুৰুহাকণ খালেহে উঠিব পাৰে।
কিন্তু মাকৰ বেলিকা “জ্বৰ-কাঁহ” সামান্য বস্তু! গতিকে তাৰ অজুহাতত তেওঁ দৈনন্দিন
কামখিনিৰপৰা ৰেহাই পোৱা সি কেতিয়াও দেখা নাই! মাকক কোনোবাই জালুকীয়া ৰান্ধি খাবলৈ
দিয়াও সি কোনো দিনে দেখা নাই! কোনোদিনে দেখা নাই গা বেয়া লাগিছে বুলি বিছনাত বাগৰি
থকা ‘মা’জনীক! মোনা এটা লৈ দেওবৰীয়া বজাৰলৈ মাক প্রায়েই যায়। বাচি বাচি আনে ঘৰখনৰ
মানুহকেইটাই খাই ভালপোৱা ই-বিধ সি-বিধ; যতনাই ৰান্ধে। সি নাজানে মা’কে কি খাই ভাল পায়!
___০___
আজি ১৫ দিনেই দেউতাক ‘আই চি ইউ’ত। একো খাব পৰা নাই। খালেই বমি হয়।
‘মা’কে পৰ দি থাকে দিনৰ দিনটো, নিশাটো। অলপ শুই ল’চোন বুলি ক’লেও নোশোৱে।
মানুহটোৱে চাহ অকণ, বিস্কুট এখন খালেও যেন সকাহ পায়!
গাঁৱৰ ঘৰৰ কোনোবা কোনোবা আহি চাই গ’লহি ‘বেমাৰী’! মুখ খুলি
একো নক'লেও আটাইৰে মনৰ অন্তর্নিহিত কথাটো হ’ল__
“মৰিব ওলোৱা মানুহটোৰ মুখখন শেষবাৰলৈ চাই যাওঁ বুলি আহিলোঁ!”
খং উঠে তাৰ। একো ক’ব নোৱাৰে। আঁতৰি থাকে মানুহবোৰৰ পৰা।
কিয় আহে মানুহবোৰ? কিয় আহে? সেই শিপাদাল তাঁহাতি কেতিয়াবাই উভালি পেলাইছে।
যাওঁতে কোনোবা এটাই কৈ গ’ল তাক__
“বাহিৰলৈ নিব নালাগে দে! শেষ সময়ত ইয়াত থাকিলে আপোন মানুহখিনিক ওচৰতে পাব।”
হাঁহি উঠে তাৰ! আপোন মানুহ? সহ্য নহয়! পাৰিলে যেন সিহঁতি জীয়া মানুহটোকে চিতাত তুলি দি আজৰি হ’ব! দেউতাকক ক’বলৈ মন যায়, “উঠচোন, বহ বিছনাত; তই জীয়াব লাগিব।”
###########
অফিচৰ কাম সামৰি বৈশালী ষ্টাফ বাছখনত উঠে।ছিটত মূৰটো আওজাই বহি দিয়াৰ লগে লগে জুমুৰি দি ধৰেহি দিনটো আওকাণ কৰি থকা কথাবোৰে।যিমানেই নিজৰ ৰূমৰ ওচৰ পায়হি সিমানেই যেন কাষ চাপি আহে অদ্ভুত ভয় এটা।ভাব হয় ৰূমৰ ভিতৰত ভৰি থ’লেই যেন গিলি থ’ব তাইলৈ ৰৈ থকা একাকীত্বৰ অজগৰটোৱে! দিনটো তাইৰ খুব ধুনীয়াকৈ পাৰ হৈ যায়। কামতে মূৰটো গুজি দিয়ে। তথাপিও কথাবোৰে আমনি নকৰা নহয়, কৰে।তাই পাৰে সেইখিনি মনতে সামৰি থ’ব। টী ব্রেক, লাঞ্চ ব্রেকত তাইতকৈ বয়সত সৰু সৰু ল’ৰা-ছোৱালীকেইটাৰ লগত হাঁহি-ধেমালি কৰি, অলাগতীয়াল দাবী-ধমকি দি খুহুতীয়া কথাৰ মাজত পাহৰি থাকে সকলোবোৰ।
কেতিয়াবা তাইৰ মন যায় ৰূমটো বিশৃংখল কৰি থ’ব__ ধূলিৰে ভৰি পৰক, মকৰাৰ জালবোৰ ওলমি থাকক, কিতাপবোৰৰ ওপৰত পৰি ৰওক ধূলিৰ ছামনি, হৈ পৰক সকলো বিশৃংখল মনৰ চিন্তাবোৰৰ দৰে! অথচ খেলিমেলি মনটোক ব্যস্ত ৰাখিবলৈকে ৰূমৰ ভিতৰখন পৰিপাটী কৰাত ব্যস্ত হৈ পৰে! কেতিয়াবা তাইৰ খং উঠে। ভীষণ। নিজৰ ওপৰত!
সাগৰ দেখিছা? তাই নিজকে সুধে!
ওহোঁ, নাই দেখা।
অদ্ভুত এটা হেঁপাহ মনতে পুহি ৰাখিছে তাই।সাগৰ এখন সন্মুখত লৈ এদিন হেঁপাহ পলুৱাই কান্দিব আৰু শান্ত হৈ উভতি আহিব নিজলৈ। Silence is the loudest scream!
অত’ বছৰৰ পুঞ্জীভূত চেপি ৰখা কান্দোন সাগৰৰ ঢৌবোৰৰ স’তে মিলিলেহে যেন তাই শান্ত হ’ব।স্থিৰ হ’ব তাইৰ অশান্ত হৃদয়ৰ বিষাদৰ ঢৌ! ভাবে তাই__মানুহ কেতিয়া সাগৰৰ দৰে বিশাল হয়? কেতিয়া হয় আকাশৰ দৰে উদাৰ? যেতিয়া অনুধাৱন কৰিব পাৰে নিজৰ মূল্য, লাগিলে সেয়া শূন্যই হওক!(হয় চাগে’!) বিশাল এটা পাহাৰৰ সন্মুখত ৰৈ তাই গ্রহণ কৰে নিজৰ তুচ্ছতাক।
নোকোৱা কথাবোৰ নো কোনোবাই কেনেকৈ বুজিব? সেই কথাটোকে যেন তাই বুজি পায়ো মানি ল’বলৈ অপাৰগ।পাগলৰ দৰে আশা কৰে তাই, উজাৰি নিদিলেও যেন কোনোবাই তাইক বুজক, আদৰ কৰক, মাত এষাৰ দিয়ক... ভগাই লওক বিশ্বাসেৰে সকলো অনুভৱ! এইযে হাঁহি দিয়ে তাই! কোনেও নেদেখে হাঁহিৰ মাজতে সেমেকি উঠা দুটি উজ্জ্বলচকুৰ শীতলতাক। উজ্জ্বল হাঁহিটোৰে চতুৰতাৰে তাই মচি থয় পৰো পৰো বুলিও বাগৰি নপৰা দুটোপাল পানী!
আস!
সকলোৰে অলক্ষিতে বিষাদ উদযাপনৰো যে কি সুখ!
এবাৰ নিজক নিচুকায়। এবাৰ অভিমান কৰে। অকাৰণতে মন বেয়া কৰে।কেতিয়াবা কোনো কাৰণ নোহোৱাকৈ স্ফূর্তিত থাকে আনে সুধি যোৱাকৈ__ “আজি দেখোন বৰ স্ফূর্তি! কিবা ভাল খবৰ আছে চাগে’!”
তাই খিলখিলাই হাঁহে!
মনতে ভাবে__ “এইযে জীয়াই আছোঁ! সেইটোৱেই জানো স্ফূর্তি কৰিবলগীয়া কথা নহয়? ব্রেণ্ডেদ নহ’লেও পিন্ধিবলৈ কাপোৰ, ৰ’দ-বৰষুণে আমনি নকৰাকৈ থাকিবলৈ আশ্রয়, লঘোণে নথকাকৈ আহাৰ... এইবোৰেই জানো জীৱনটোক হাঁহিৰে উদযাপন কৰিবলৈ যথেষ্ট নহয়?”
তাই জানে, এই দার্শনিকৰ দৰে কথা কোৱা ‘তাই’জনী বেছি সময় নাথাকে। ইমান সঘনাই তাইৰ ‘মুড্ চুইং’ হয় যে তাই নিজেই কেতিয়াবা নিজক লৈ অস্বস্তিত ভোগে। হঠাতে কোনো কাৰণ নোহোৱাকৈ তাইৰ মনটো বেয়া লাগিব আৰু নিজৰ কথাৰ বিপৰীতে নিজকে যুক্তিৰে আগভেটি ধৰিব__ কেৱল খাবলৈ ভাত, থাকিবলৈ ঘৰ এটা, পিন্ধিবলৈ পর্যাপ্ত কাপোৰ থাকিলেই
তো জীৱনটো যাপন কৰিব নোৱাৰি। এইটোও কি জীৱন য’ত মানসিক আহাৰ, মানসিক তৃপ্তি বুলি একো নাথাকে? য’ত মৰমৰ সাহচর্য নাথাকে? দিনৰ শেষত অপেক্ষাৰত কোনো এহালি চকুৰ বিপৰীতে থাকে ধূ ধূ শূন্যতা ...!!
### ###
১৫ টা দিন ‘আই চি ইউ’ত থকাৰ পিছত দেউতাকক ৰূমলৈ দিলে। সি শুই থকা দেউতাকৰ মুখলৈ চাই চাই আনখন বিছনাত বহি আছে। মাক চাগে’ কাষৰ ৰূমৰ, লগত কোনো থাকিবলৈ নহা আইতাজনীৰ খবৰ ল’বলৈ গ’ল। দেউতাক টোপনি যোৱা সময়কণতে মাকে অলপ ইফালে সিফালে খোজ কাঢ়ে, অচিনাকী মানুহবোৰৰ খবৰ লয়। বাহিৰলৈ গৈ তামোল এখন খায়।
সি দেখিলে টেবুলখনত দেউতাকৰ দৰৱবোৰৰ লগতে আপেল, আঙুৰ, হৰলিক্সৰ বটল আদিকে কৰি ভালেমান কিবাকিবি খোৱা বস্তু। সি নিজেও কিবাকিবি আনি থৈছে দেউতাকে খাব বুলি। আৰু মাকলৈ? নাই! মাকৰ নামত একো অনা হোৱা নাই! মাকৰ যে বেমাৰ হোৱা নাই! তেওঁ দেখোন সদায় ভালেই থাকে!!
এবাৰ দেউতাকৰ হাতলৈ চকু গ’ল তাৰ। তেজ ল’বলৈ বেজীৰে খুচি খুচি নতুনকৈ খুচিবলৈ ঠাই নাইকিয়া হৈছে। কলা কলা পৰি আছে ঠায়ে ঠায়ে। তেজ নিবলৈ অহা লেব’ৰেটৰীৰ ছোৱালীজনীয়ে কয়_
-খুড়া, তেজ অকনমান লওঁ দেই।
দেউতাকে হাঁহি
হাঁহি কয়_
-লৈ যোৱা অ’ যিমান
লাগে!
তাই যোৱাৰ পৰত আকৌ
কয়_ খুড়া, দুখ পালে নেকি?
তেওঁ পুনৰ হাঁহি হাঁহিয়েই কয়_ এহ! কি...নো দুখ পাম? ছালবোৰ বুঢ়া হ’ল নহয়, গঁড়ৰ ছালৰ দৰে হ’ল আৰু! গমেই নাপাওঁ একো! প্ৰথমে তেজ দি লৈ এতিয়া উলিয়াই থাকিবা ন'?
সিও হাঁহে একেলগে!
কেতিয়াবা তেওঁ আমনি পাই ক্যেনুলাডাল হাতৰপৰা টানি উলিয়াই পেলায়! কোন পাকত ৰাতি তেওঁ কামটো কৰি পেলাই ধৰিবই নোৱাৰি! বগা গেঞ্জিটো ৰঙা হৈ থাকে। কেইবাবাৰো ভালেমান তেজ গৈছে তেনেকৈ। সেইডাল লগাবলৈ আকৌ দুজনীমান নার্চ আহি যুঁজিব লগা হয়! শিৰাবোৰত বেজী নোসোমায়! মাকজনীয়ে সেয়ে ৰাতি দুচকু বন্ধই নকৰা হৈছে! এই সময়খিনিত সি একো ঠাৱৰ কৰিব নোৱাৰে- দেউতাকে ক্যেনুলাডাল লগাই থওঁতে বেছি কষ্ট পায় নে এৰুৱাই দিওঁতে পায়! তাৰ কষ্ট কোনখিনিত বেছি হয়- উজাগৰে থকা মাকৰ দুচকুলৈ চালে নে দেউতাকৰ তেজেৰে ৰাঙলী বগা গেঞ্জিটোলৈ চকু গ'লে!! সি বুজি নাপায়, একো যেন অনুভৱ কৰিব নোৱাৰা হৈ যায়! বুকুৰ ভিতৰখন যেন বৰফ চেঁচা হৈ ঠেৰেঙা লাগে!
বেজীৰ খোচ খাই খাই বিছনাত শুই থকা মানুহজনলৈ এবাৰ চাই, তেওঁৰ শিতানৰ ফালে ওলমি থকা চেলাইনৰ বটলটোলৈ চালে সি। আটাইবোৰ বিষ-বেদনা যেন তেওঁ বন্ধ দুচকুৰ পতাত সামৰি থৈছে! চেলাইনৰ বটলটোত যেন সেয়া ওলমি আছে মাকৰ ক্রমে ক্রমে গাঁতত সোমাই যোৱা চকুহাল... টোপ টোপ কৈ যেন মাকৰ চকুৰ পানী হে পৰি আছে বটলটোৰপৰা... দেউতাকৰ তেজলৈ সেয়া যেন বৈ গৈছে ধীৰে ধীৰে...!! ....... আৰু সি নিজে তেজ আৰু চকুপানী মিহলি নৈ এখনত যেন সাঁতুৰিব নোৱাৰি ককবকাই আছে! তাৰ বুকুত যেন বাৰে বাৰে কেন্যুলাডালৰ প্রায় তিনি ইঞ্চিৰ বেজীটোৱেহে খুচা-বিন্ধা কৰি আছে!
মাক ৰূমলৈ অহা যেন
পাই সি খৰধৰকৈ বাথৰূমত সোমায়!
## ## #
তাই কেতিয়াবা পঁচা পঁচা গোন্ধ এটা পায়! অফিচতো পায়! আন কোনেও নাপায়। অথচ গোন্ধটো যেন তাইৰ লগে লগে ঘূৰি ফুৰে!
শুবলৈ লৈ ৰূমৰ বিছনাখনতে বহি সন্মুখৰ বেৰখনলৈ চায়! এই যেন গোন্ধটোৱে আহি তাইক মেৰিয়াই ল’ব! অজান ভয় এটাই তাইক গোন্ধটোৰ সমানে সমানে মেৰিয়াই লয়! খুব মন যায় তাইৰ- কাৰোবাক যেন কিবা এটা ক’বলৈ পালেই এই ভয়, গোন্ধ সকলো নাইকিয়া হৈ যাব! কাৰোবাৰ মাত এষাৰ শুনিলেই যেন তাই শান্তিৰে টোপনি যাব পাৰিব! কিন্তু... খেপিয়াই চাই একো নাপায়! শুনিবলৈ মন যোৱাৰ পৰত মাতবোৰ হেৰাই... ক’বলৈ মন যোৱাৰ পৰতে কাণবোৰ হেৰাই...!
সন্মুখৰ শূন্য
বেৰখনকে তাই কয়_ তয়ে কচোন, মই শুনো!
আৰু তাই কাণ বন্ধ কৰি বোবাৰ অভিনয় কৰে... হাঁহি হাঁহি চকুৰ পানী নোলোৱালৈকে!
তাৰপিছত তাই জুবিনৰ “পাঞ্চুনা” শুনি শুনি খন্তেক বিষাদ উদযাপন কৰে__ “অসময় সময়ৰ পলকে, ক’লেহি নিয়তিৰ কাণতে, নিজানো নিজৰ নহয়; সপোনৰ সমাধিৰ এঙাৰে, ক’লেহি পোহৰৰ কাণতে, এন্ধাৰো নিজৰ নহয়...।“ গীতৰ কথাবোৰেও যে কেনেকৈ কন্দুৱাব পাৰে!
এৰা... এন্ধাৰো নিজৰ নহয়! তাই ভাবিছিল এই এন্ধাৰকণেই যি তাইৰ নিজৰ- খিৰিকী খুলিলেই দেখা, বিচাৰিলেই পোৱা! ওহোঁ, একোৱেই তো নিজৰ নহয়! কেতিয়াবা বিষাদৰ ভৰটো বেছি হৈ যায়। দুপৰ ৰাতি তাই মুখখন গাৰুটোতে গুজি দি হেঁচা মাৰি ধৰে। ভয় হয়, জানোচা উফৰি পৰা লুণীয়া টুকুৰাবোৰ কাৰোবাৰ কাণত চিটিকি পৰেগৈ!
কেতিয়াবা উঠি বহে। চৌপাশে গজি উঠা শব্দবোৰকে কাণপাতি শুনে। শুনি শুনি নিজক নিচুঁকাই- নতুনকৈ গজি উঠা শব্দবোৰকে শাৰী পাতি ৰুই দিব খোজে যেন- আঙুলিমূৰত গজা শব্দবোৰে জানে; কামিহাড়ৰ চাৰিসীমাত অহৰহ কিহৰ কন্দল লাগে, তথাপিও শব্দবোৰ শুভকামনা হৈ সৰে!
তাই ভাবে- শুভ্র শেৱালীয়ে “ৰাতিক ভালপাওঁ” বুলি কেতিয়ানো ক’লে? মৰণেও শুভাশীষ জীৱনকেই দিয়ে... শেৱালীৰ দৰে... বেলিৰ দৰে... জীৱনৰ দৰে...। শিল ভঙা হাতুৰীয়েও জানো নকয়- জুই আৰু পানীয়ে গঢ়িবও জানে বুলি।
জীৱনেই তো কয়_
মৰণেও শুভাশীষ জীৱনকেই দিয়ে। আৰু জীৱনে ফেকুঁৰি উঠে... মুঠি খুলি দিয়া হাতৰ
শূন্যতাত উমাল স্পর্শ... দুফুটা জোনাক যেন... তাই আলফুলে আজলি পাতি সামৰি থয়,
লুণীয়া হাঁহিবোৰে তেজৰ চেকুঁৰাবোৰ পখালি থ’বলৈ শিকে। দিনটোলৈ নিজকে গঢ়ি লয় তাই...
এনেকৈয়ে!
### ###
প্রায় ডেৰ মাহৰ পিছত দেউতাকক হস্পিটেলৰপৰা ৰিলিজ্ দিলে। যথেষ্ট সুস্থ এতিয়া! অফিচিয়েল কাম-কাজ সামৰি, বিল-চিলবোৰ দি ৰূমটো এৰে মানে গধূলিয়েই হ’ল। ঘৰলৈ নগ’ল আৰু সি। ভায়েক-ভনীয়েক আছে, পাৰিব। দুদিনমান ভালকৈ শুবলৈ মন গৈছে তাৰ। ইমান দিনৰ ভাগৰখিনিয়ে যেন আজিহে হেঁচা মাৰি ধৰিছেহি। অফিচলৈও নিয়মীয়াকৈ যোৱা হোৱা নাই। যাব লাগিব।
ৰূমলৈ আহোঁতেই কিবা কিবি অলপ বজাৰ কৰি আহিল একেবাৰতে। আহি ৰূমটো অলপ চিজিল কৰিলে।অ’ত-ত’ত কাপোৰ-কানি পৰি চাব নোৱাৰা হৈ আছে।
গা-পা ধুই চাউলতে আলু দুটামান দি কুকাৰটো গেছত বহুৱাই দিলে। দহটকীয়া সৰু সৰু বাটাৰৰ পেকেট দুটামান আছে। অমলেট এটা বনালে। হ’ব, হৈ যাব। আজি আৰু খোৱাৰ নামত লাগি থাকিবলৈ মন নাই তাৰ। বিছনাখনত বাগৰি ভৰি-হাতকেইটা মেলি দিবলৈ পালেই যেন ৰক্ষা পৰে।
বিছনাত বাগৰ দি কাণ পেলাই শুব লৈছিল সি। সকলোফালে কিবা নিমাওমাও পৰিৱেশ। ৱাল-ঘড়ীটোৰ চেকেণ্ডৰ কাঁটাডালৰ টিক্ টিক্ শব্দটোৱে মূৰত হে যেন মৰিয়াই আছে তেনেকুৱা লাগিল তাৰ। উঠি গৈ ঘড়ীটোৰ বেটাৰীটো খুলি থ’লে। পাঁচ মিনিট মান বিছনাত ইফাল-সিফাল কৰি থাকিল। নাই টোপনি নাহে। হস্পিটেলৰ সৰু বিছনাখনতে মাকৰ কাষত বাগৰ মাৰোঁতে পোৱা সুগন্ধিটোৰ অনুপস্থিতিয়ে যেন তাক শুব দিয়া নাই! ইমানবোৰ দৰব-পাতি, হস্পিটেলৰ কিচিম কিচিম গোন্ধৰ মাজতো সেই বিশেষ সুগন্ধি টো কেনেকৈ তাৰ বুকুলৈকে সোমাই গৈছিল বাৰু?! দুচকু মুদি সি উশাহটো বুকুলৈকে উজাই ল’লে এবাৰ। এই যেন কাষত ‘মা’ক আহি বহি লৈছে আৰু তাৰ মূৰত হাত বোলাই দিছে!
টক্ টক্...
সি ঘপহকৈ সাৰ পালে। কোনোবাই যেন ৰৈ ৰৈ ক’ৰবাত টুকুৰিয়াই আছে! শব্দটো ক’ৰপৰা আহিছে উমান ল’বলৈকে সি মূৰটো অলপ দাঙি কাণ পাতি ৰ’ল।
টক্ টক্...
শব্দটো যেন সন্মুখৰ দুৱাৰখনৰ ফালৰপৰা আহিছে। ভয়ো খালে সি- চোৰ নহয় তো! উঠি গৈ লাইট টো জ্বলাই দুৱাৰৰ মুখতে ৰ’ল। আকৌ শব্দটো ভাঁহি আহিল। কাণ পাতি অলপ সময় শুনিলে, এইবাৰ তাৰ ভাব হ’ল শব্দটো যেন বাথৰূমৰ পৰা হে আহিছে। পানীৰ টেপকেইটা ভালকৈ বন্ধ হোৱা নাই নেকি বুলি এবাৰ চালে। পাকঘৰৰ বেচিনটোও এবাৰ চালে। ওহোঁ, সব ঠিকেই আছে দেখোন। অলপ সময় কাণ পাতি ৰয়, কিন্তু একো শুনা নাপায়। পুনৰ বিছনালৈ উভতি আহে।
ঠিক টোপনিয়ে আহি
চকুৰ পতা গধুৰ কৰি নিয়াৰ পৰতে শব্দটো পুনৰ ভাঁহি আহে!
টক্ টক্... ...
খঙটো উঠি আহে তাৰ।
মূৰৰ বিষটো যেন বাঢ়ি গৈছে তেনে লাগিল। মুখৰপৰা ওলাই আহিব খোজা অবাইচ শব্দ দুটামান
কোনোমতে গিলি থৈ বিছনাতে বহে। পুনৰ কাণ পাতি গম লয় আমনিদায়ক শব্দটো ক’ৰপৰা আহিছে। অলপ সময়ৰ পিছত সি বুজিব পাৰে, আচলতে শব্দটো তাৰ ৰূমৰ কাষতে থকা ল’ৰাটোৰ
ৰূমৰপৰা হে আহিছে। সি চাগৈ পাকঘৰৰ পানীৰ টেপটো ভালকৈ বন্ধ নকৰিলে।
লাহে লাহে তাৰ খং টো বাঢ়ি আহিল যদিও শব্দটো যে এতিয়া সি নোহোৱা কৰিব নোৱাৰে তাকে ভাবি শান্ত হৈ থাকিবলৈ চেষ্টা কৰিলে। টোপনিও নোহোৱা হৈ থাকিল। তথাপিও বিছনাত বাগৰি দিলে পুনৰ। ৰাতি পুৱাবলৈ তেতিয়াও ভালেমান পৰ।
সি শুনি থাকিল...
টক্ টক্... চেলাইনৰ বটলৰপৰা যেন পৰি আছে টোপালকেইটা ধীৰে ধীৰে... কথাটো মনলৈ অহাত
শব্দবোৰৰ লগে লগে তাৰ খঙটোও নোহোৱা হৈ পৰিল...
### ###
গতানুগতিক সকলো। নতুন বুলিবলৈ একোৱেই নাই। তাইৰ আমনি লগা হৈছে। শীতৰ ধূলিবোৰৰ দৰে যেন! শুকান শুকান... ভাল নলগা... নীৰস সকলো! একো যেন নাই... শূন্য... উদং পথাৰৰ দৰে...!
এনেকৈয়ে তো হয় সকলো! তাই জানে। যাবলৈ কৈ ৰৈ থাকে দুচকু। এবাৰ মাথোঁ যাবলৈ ক’লেই হাজাৰ অজুহাতৰ হাতত ধৰি গুচি যায় সকলো... নীৰৱে! এবাৰো উভতি নোচোৱাকৈ গুচি যায় চকুবোৰ! বুজে তাই- ৰৈ যোৱাৰ এটাও অজুহাত নথকা কঙাল তাইৰ দুহাত... শূন্য বুকু! এখন হাতে খামুচি ধৰে নিজৰেই আনখন হাত। নিজৰ কান্ধেও যে নিদিয়ে মূৰ পেলাই কান্দিব।
... এনেকৈয়ে তো হয় সকলো। দুদিন মাথোঁ... সকলো সলনি হয়। ঋতুৰ দৰে... সদায়েই... আৰু ৰৈ যায় বোবা সময়... তাইৰ হৈ!
মাজে মাজে গুচি যোৱাৰ ইচ্ছাটোৱে আকাৰ লয়! বতাহকণ গধুৰ হৈ পৰে... তললৈ যেন খহি পৰে তাই ক্রমশঃ ...! ... অথচ উঠি বহে। বুজে- নমৰালৈকে জী থাকিব লাগিব। সেয়াই তো জীৱনৰ নিয়ম! নিজক ভালে ৰাখিবলৈকে নিজে ভালে থকাটো জৰুৰী, আন কাৰোবাৰ বাবে নহয়।
নিজকে প্রবোধ দিয়ে- ভালে আছোঁ, থাকিম। নিজৰপৰা নিজলৈ প্রতিখন যুঁজ- তাই এনেকৈয়ে যুঁজি থাকে।
কেতিয়াবা নিবিচাৰকৈয়ে গুচি যোৱা সময়ে আহি আমনি কৰি থাকে। বিন্ধি থাকিহে... ! হাজাৰ চেষ্টা অথলে যায়। এতিয়া পিছে তাই পাৰে নিজক সামৰি থ’ব!
মাথোঁ আঙুলিকেইটাত গজিবলৈ দিয়ে শব্দবোৰ- “লুণীয়া লুইতত ডুবি ডুবি ভাবনাৰ ঢৌত উটি যায় অনুভৱী জোলোঙাৰপৰা খহি পৰা মুঠি মুঠি বালিচন্দা! তাৰেই দুই এটি ৰ’দত জিলমিলাই পাৰত পৰি ৰয়। কেতিয়াবা পানীপিয়া চৰাইজনীয়ে খুটিয়াই খুটিয়াই চায়। শূন্য অৱয়বৰ সন্মুখত ৰৈ সুধে, কুশলে আছে চাগে’- সময়! আপোনাৰ... তেওঁৰ...! খবৰবোৰৰ যে এতিয়া খবৰ নোহোৱা হ’ল!”
এই খবৰবোৰ এতিয়া বিচাৰি
নুফুৰে তাই। আৰু যে অনেক খবৰ... চৌপাশে!
এটা খবৰঃ
তেওঁ বেৰে বেৰে খেপিয়াই ফুৰিছিল “দুৱাৰখন ক’ত?”
তাই ক’লে- এইফালে!
তেওঁ হাঁহি মাৰি সুধে- মাজনী! ভালে আছা?
ৰৈ যাব খোজা উশাহক
থাপ মাৰি ধৰি কৈ উঠে তাই- ভালে আছোঁ, ভালে আছোঁ!
আৰু এটা খবৰঃ
পগলাটোৱে খুচৰি আছিল জাৱৰৰ দ’ম এটা! কি বা পালে! টুপুক কৈ মুখত ভৰাই গুণগুণাই গুণগুণাই গুচি গ’ল আপোনমনে!
তায়ো পিছে পিছে গৈ থাকিল!
তেওঁ হঠাতে উভতি চাই সুধে- ক’লৈ যোৱা মাজনী?
তাই ধৰা পৰি যায়! থতমত খাই কৈ পেলায়- আপোনাৰ ঘৰলৈ!
... আৰু দুয়ো
একেলগে গৈ থাকিল। বাটে বাটে তেওঁ কৈ গ’ল- নিজক বিচৰাৰ বাটত হেৰাই যোৱা মানুহবোৰ
বাৰে বাৰে হেৰায়! ব্যস্ত চহৰে সেই খবৰ কোনো দিনে নাপায়!
ইমান ধুনীয়া খবৰ এটা দি দিলে তাইক! সঁচাকৈয়ে পাগল নে মানুহজন? তাই নিজকে অনেক বাৰ সুধি চালে।
অলপ দূৰ গৈ তেওঁ তাইক ক’লে- যোৱাগৈ মাজনী! মই ঠিকনাবিহীন, মোৰ সৈতে গৈ থাকিলে তুমি একো নাপাবাগৈ! তাতোকৈ তুমি সেই নদীখনৰ পাৰলৈ যোৱা, হেৰাই যাব খোজা বেলিটো চাবা; কিজানিবা তুমি বিচাৰি থকা কিবা পোৱা!
তেওঁ লেতেৰা হাতখনেৰে তাইৰ মূৰত হাত বোলাই দি পুনৰ ক’লে- যোৱা, যোৱাগৈ! হেৰাই যোৱা বস্তুবোৰ বিচাৰি নুফুৰিবা, তাক হেৰাই যাবলৈ দিয়া। যিবোৰ তোমাৰ কাষৰতে আছে, তোমাৰ নিজতেই আছে কিন্তু তুমি মন কৰা নাই, সেইবোৰ বিচাৰি ল’বলৈ শিকা। সেয়া কেতিয়াও নেহেৰায়!
তাই তেওঁৰ জিলমিল দুচকুলৈ থৰ লাগি চাই ৰ’ল! এই মানুহজন কেনেকৈ পাগল হ’ব পাৰে? তেৱোঁ হেৰাই গৈছে নেকি? কি বিচাৰি বিচাৰি তেওঁ এনেকৈ হেৰুৱাইছে নিজক?
তেওঁ তিৰবিৰাই থকা
দুচকুৰে হাঁহি হাঁহি গুচি গ’ল! তাই একো ক’বলৈ নাপালে, দুচকু মকৰা জালৰ দৰে কিবা
এটাই আৱৰি ধৰিলে। গুচি যোৱা মানুহজনৰ অৱয়বটো ধোঁৱা ধোঁৱা হৈ বতাহত মিলি গৈছে
যেন...!
## ## ##
কথাবোৰ স্বাভাৱিক হৈ উঠিছে লাহে লাহে। দেউতাকৰ নিয়মীয়াকৈ খাবলগীয়া ঔষধটো খাই আছে। সি নিজেও তাৰ বাঢ়ি যোৱা অভ্যাসটো এৰিবলৈ চেষ্টা কৰিছে, পাৰিছে। ঘৰলৈ গ’লে ভনীয়েকে তাৰ গাত গোন্ধটো পালেই বকিবলৈ আৰম্ভ কৰে- চিগাৰেট হুপি হুপি ওঁঠ ক’লা পৰিছে বুলি!
মাকজনী সেই একেই! নিজক পাহৰি বাকীবোৰৰ আল-পৈচান ধৰাত ব্যস্ত! এই এটা বছৰত যেন মাকৰ বয়সটো ভালেমান বাঢ়ি গ’ল! চকুৰ কলা মনিকেইটা ঘোলা পানীৰ দৰে হৈছে অলপ, আগতকৈ অলপ বেছি বিষণ্ণ! দুচকুত অর্বুদ কথাৰ ভিৰ যেন... অথচ নীৰৱ আৰু শান্ত মাকজনী; একো নকয়, হাঁহি হাঁহি কথা পাতে সকলোৰে সৈতে! ক’তো একো আপত্তি নাই!
ভনীয়েক আছে ঘৰুৱা
কামত মাকজনীক ই-হাত সি-হাত কৰি দিবলৈ। তাইক এঘৰলৈ উলিয়াই দিয়াৰ পিছত মাকজনী তেনেই
অকলশৰীয়া হ’ব!
মৰি থকাৰ কথা ভাবিও সি এই মাকজনীৰ বাবেই মৰিব নোৱাৰে! মাকেও বাৰু কেতিয়াবা ভাবে নেকি এনে কথা? কথাটো মনলৈ আহিলত গাটো জিকাৰ খাই উঠিল তাৰ! নাহ! অসম্ভৱ কথা এটা! তেনেকুৱা কথা ভবাৰ বাবে নিজকে চৰিয়াই দিবৰ মন গ’ল তাৰ।
যিজনী মানুহে কেতিয়াও চিনি-জানি নোপোৱা মানুহবোৰৰ খবৰ ল’বলৈ নাপাহৰে, তেওঁ কেনেকৈ ভাবিব এনেকুৱা কথা! ...কোনোবা হস্পিটেলৰ অচিনাকী মানুহ কিছুমানৰ মুখবোৰ অহা-যোৱা কৰি থাকে তাৰ সন্মুখেৰে! মাকে কিমান আন্তৰিকতাৰে তেওঁলোকৰ খবৰ লয় সি নিজে দেখিছে! অচিনাকী ল’ৰা এটাৰ মাকজনী “আই চি ইউ”ৰ ভিতৰত থাকোঁতে তেওঁ নিজৰ আপোন মানুহৰ দৰেই যত্ন ল’লে! কান্দি থকা ল’ৰাটোক নিজৰ ল’ৰাৰ দৰেই সান্ত্বনা দিছিল, সাহস দিছিল! ল’ৰাটোৱে এতিয়াও ফোন কৰি মাকৰ সৈতে কথা পাতে, মাকৰ খবৰ-পাতি দিয়ে। ...হস্পিটেলৰ লাউঞ্জৰ ভুণভুণনিবোৰ তাৰ কাণত বাজি থাকে...
“ক’ৰপৰা আহিছে আপোনালোক?”
চাপি-কুচি ওচৰত বহিবলৈকে কৰা আটাইতকৈ সহজ প্রশ্নটো যেন! ধুমুহাই অস্থিৰ কৰা মনবোৰ দুটা কথা পাতি শান্ত কৰিবলৈ আশ্রয় ল’বপৰা সহজ উপায় টো যেন। ৰাতিটো যে নহ’লে নাযায় নুপুৱাই লাগে!
কেতিয়াবা লিফ্টেৰে কোনোবাজন আহে, ‘আই চি ইউ’ত দুদিন থাকে; সুস্থ হৈ গুচি যায়। কেতিয়াবা কোনোবাজন গুচি যায় আৰু কেতিয়াও নাহিবলৈ... কান্দোনবোৰ ওপঙি ফুৰে বতাহত! এই অহা-যোৱাবোৰ চলি থাকে।
‘লাউঞ্জ’ত বহি থকা অচিনাকী চিন্তিত মুখবোৰ, পায়চাৰি কৰি ঘূৰি ফুৰা অস্থিৰ খোজবোৰ, ভুণভুণাই পতা কথাবোৰ... সকলোবোৰ যেন চিনাকী! কেতিয়াবা চুটি-চাপৰ ছিকিউৰিটি ল’ৰাটোৱে নাম একোটা চিঞৰে।কোনোবাই কয়, “তেওঁৰ লগত অহা কোনো মানুহ এতিয়া নাই।” সি ভুৰভুৰাই ভুৰভুৰাই নার্চে কিবা ঔষধ আনিবলৈ লিখি দিয়া কাগজখন লৈ ইফালে-সিফালে মানুহ বিচাৰিবলৈ লাগে। অনবৰতে ৰঙা হৈ থকা তাৰ দুচকু যেন আৰু ৰঙা হৈ পৰে!
ৰাতি গভীৰ হৈ আহে- লাউঞ্জটো নীৰৱ হৈ থাকে। তাৰ মাজতে বয়সিয়াল মানুহজনৰ মোবাইলৰ ৰিংটন্ টো সশব্দে বাজি উঠে- “বচনা এ হচিনৌ লৌ মেঁ আগেয়া..।” মানুহজনে অপ্রস্তুত হৈ খৰধৰকৈ ফোনটো ধৰে! ঘৰৰ কোনোবা দুষ্ট পোৱালিয়ে চাগৈ মোবাইলটোত ৰিংটন্ চেট্ কৰি থৈছে! সাৰে থকা আনবোৰ চকুৱে ইজনে সিজনলৈ চাই নীৰৱে হাঁহে! ...খোজবোৰ আগুৱাই আহে- “আপোনালোক ক’ৰপৰা আহিছে? চাহ একাপ খাব নেকি? ভাল লাগিব!” আত্মীয় নোহোৱাকৈ হোৱা, আত্মীয়তাৰ উমেৰে উমাল এষাৰি মাত- বহুত কিবাকিবি যেন- সবেই কৰে কুশলে থকাৰ প্রার্থনা! সি গুণগুণাই- “কৌন মেৰা, মেৰা ক্যা তু লাগে...”
কথাবোৰ ভাবিলে মনটো ভাৰাক্রান্ত হৈ পৰে তাৰ। অথচ নাভাবো বোলা কথাবোৰেই ঘনে পতি মনলৈ আহি থাকে। সিও মাকৰ দৰেই, কথাবোৰ কাৰোৰে সৈতে মন খুলি ভগাই নলয়; নিজৰ মাজতেই গুণা-গঁথা কৰি থাকে। ভগাই ল’বলৈ নিজৰ কাষত আন কাৰোবাৰ অস্তিত্বক অনুভৱ নকৰা ভালেমান দিন হ’ল! সি অকলেই যেন ঠিকে থাকিব, আজিকালি তেনে ভাব হয়। কথাবোৰ সাৱটি নিজৰ মাজতেই মগন হৈ থাকে। কি কৰিব লাগে, নালাগে একোকে উৱাদিহ নাপায়!
অস্থায়ী চাকৰিটো... গৈছে, আহিছে; কৰিবলগীয়া কামবোৰ নিয়াৰিকৈ কৰিছে। কোনোবা এদিন বেপেৰুৱা হৈ ঘূৰি ফুৰিছে অ’ত ত’ত... কেতিয়াবা বন্ধুৰ স’তে বহি মদ খাইছে, আড্ডাত বহিছে- উপলক্ষ্য সুখেই হওক বা দুখ! ৰঙীন হৈ উঠে সময় ক্ষন্তেকলৈ... !
ভাগৰ নলগা নহয়, লাগে। অনীহা জন্মে জীৱনলৈ। গোটেই পৃথিৱীখনেই স্বার্থপৰ যেন লাগে। ভাব হয় এই ৰাতিটোৱেই যেন শেষ ৰাতি হওক! তেনে সময়তে যেতিয়া সন্মুখেৰে সোলা মুখত তামোলৰ সেলেঙী বোলাই, হাঁহি হাঁহি অচিনাকী আইতা এজনী ‘ক্যেনুলা’ লগোৱা হাতখনেৰে ককাৰ হাতত ধৰি কোনোবা হস্পিটেলৰ কৰিড’ৰত থুপুক থাপাক কৈ কণমানি এজনীৰ দৰে খোজ কাঢ়ি ফুৰাৰ সময়কণ দুচকুত ভাঁহি উঠে... ভাব হয় পুৱাটো সোনকালে হওক! এই যে ক’ৰবাত বহুজন ৰৈ আছে – পুৱা হ’লেই আপোনজন আজিতকৈ অলপ বেছি সুস্থ হৈ উঠিব, হাঁহিব, কথা পাতিব, মাতষাৰ শুনিব... ...এনেকুৱা সময়তে জীৱনটোলৈ মায়া ওপজে তাৰ! সেউজীয়া অকনমান এনেকৈয়ে চাগৈ ক’ৰবাত বাকী ৰয়... জীৱনৰ বাবে!
... জীৱনটোলৈ মায়া
ওপজিলেই সি নদীখনৰ পাৰলৈ যায়। আবেলিৰ বেলিটো চাই ৰয় নেদেখা হোৱালৈকে।
## ###
কেতিয়াবা হয় এনেকুৱা- খোলাৰপৰা ওলাই অহা শামুকৰ দৰে, মোঁট সলোৱা সৰীসৃপৰ দৰে; বগাই ফুৰে বেদুইন অনুভৱৰ স্বৰলিপি! কেতিয়াবা হঠাতে আৰম্ভ হয় খেল ন-পুৰণিৰ! ঠিক যেন তাহানিতে টুটি গৈ বাওনা হোৱা মাটি-পেঞ্চিলডালৰ দৰে! আখৰা চলে নিৰন্তৰ… দাপোনখনলৈ চাই তাই খবৰ সোধে- “কেনে আছা?” …তিৰবিৰ দুটি জোনাকী সৰি পৰে! কেতিয়াবা এনেকুৱাও হয়- মাজৰাতি টোপনিৰপৰা সাৰ পাই কান্দি উঠা শিশুৰ দৰে সাৰ পাই উঠে অঘৰী সপোনৰ অভিমানী মজলিচ্ (সপোনৰ আৰু কি অভিমান)! মোট সলোৱা, খোলাত সোমোৱা খেলখন জমি উঠে পুনৰ … লুকা-চুৰি খেলাৰ দৰে, সামৰি থোৱা কথাবোৰৰ দৰে। তাই বিচাৰি ফুৰে এখন অৰণ্য। কিচিৰ-মিচিৰ চৰাইৰ মাত… গছবোৰক সাৱটি যেন তাই সামৰি থোৱা কথাবোৰ পাতিব, অভিমানবোৰ উজাৰিব, খঙবোৰ চিঞৰি চিঞৰি শেষ কৰিব, চকুপানীবোৰ বৈ যাবলৈ দিব… আৰু শেষত তাই এখন নদী হ’ব, অৰণ্যৰ বুকুত!
খহি পৰা সময়ৰ নির্মোহ বিশ্লেষণ- সোঁতে সোঁতে আগুৱাই জীৱন। তাই আপোনমনে কথা পাতে- এৰা, আচলতে অনুপস্থিতিৰ হিচাপ আপোনজনৰহে কৰা হয়। যদিও শেষ বুলি একো নাথাকে; শেষ তাতেই হয় এটা কাহিনীৰ, য’ৰপৰা আৰম্ভ হয় আন এটা কাহিনীৰ। গোট মৰা ৰাতি এটাক খান্দি চালেই বুজা যায় সন্তুষ্টিৰ পৰিভাষা প্রতিটো কাহিনীতে বিৰাজমান। সমাধি দিয়া আৱেগতো প্রাণ দিব পাৰে কোনোবাই, কোনোৱে হাজাৰ অপূর্ণতাৰ মাজতো প্রাপ্তিৰ পাচুর্যৰে ভৰাব পাৰে কাৰোবাৰ মন! কাহিনীবোৰ হয়তো এদিন হেৰাই যায়। আৰু এদিন অতীতত বিলীন হোৱা চৰিত্র একোটাই হঠাতে চকুৰ আগত আহি ধৰা দিয়ে, ভৰিৰ তলুৱাত সোমাই থকা পুৰণি নেমু কাঁইটৰ দৰে গেজেক্ কৈ খুঁচ এটা মাৰে… আৰু স্মৃতিৰ আধলিবোৰ বাগৰি ফুৰে ইফালে-সিফালে!
এতিয়া একো নাই! হাতৰ মুঠি তাই কেতিয়াবাই খুলি দিছে! সেই পাগল (!?) মানুহজনে কোৱা কথাকেইটা দুদিনমানৰপৰা তাইৰ মনলৈ পাকে পাকে আহি থকা হৈছে। তাই ভাবে –সূর্যাস্ত যে তাইৰ প্রিয় সেই কথা মানুহজনে বাৰু কেনেবাকৈ জানিছিল নেকি? ওঁহো, সেয়া সম্ভৱ নহয়!
মানুহজনৰ কথা ভাবি ভাবিয়েই আজি তাই নৈখনৰ পাৰত থিয় হৈ আছেহি। দলঙখন নতুনকৈ হৈছে।ৰেলিঙত ভেজা দি আউজি তাই ডুবিব ধৰা বেলিটোলৈ চাই আছে। দলঙেৰে অহা-যোৱা কৰি থকা দুই একে তাইলৈ এপলক চাইছে, চকুত হয়তো আশ্বর্য- কি কৰিছে অকলে অকলে!! সেইবোৰলৈ তাইৰ ভ্রূক্ষেপ নাই।
-বিদায় দিবলৈ আহিছা নেকি কাৰোবাক?
কাণৰ কাষতে হঠাত এনেদৰে কাৰোবাৰ মাত শুনি তাই উচপ খাই দুখোজ আঁতৰি আহিল! গাটো ঠাণ্ডাত কঁপি উঠাৰ দৰে জিকাৰ খাই উঠিল যদিও মুখেৰে একো মাত নোলাল!
আগন্তুকে দোষী দোষী ভাবেৰে পুনৰাই কৈ উঠিল- চ’ৰী, তোমাক ভয় খোৱাই দিলোঁ!
তাই ক্ষন্তেক তভক মাৰি আগন্তুকৰ মুখলৈ চালে। তাইৰ সমবয়সৰ যেনেই লাগিল ল’ৰাটো। কিয় জানো তাৰ দুচকুত তাই সেই জাবৰ খুচৰি থকা মানুহজনৰ তিৰবিৰ চকুহাল দেখা যেন লাগিল! খঙেৰে কিবা এটা ক’ব খুজিও তাই একো ক’ব নোৱাৰিলে। হাঁহি মাৰি তাই ক’লে-
-চ’ৰী নট্ এচেপ্টেদ্! মোক যে বিদায় দিবলৈ অহা বুলি কোৱা হ’ল, তুমিনো পিছে কাক বিচাৰি আহিলা?
-নিজক! _সিও তাইৰ সহজ
মাতষাৰ শুনি কৈ উঠিল।
তাই পুনৰবাৰ উচপ খাই উঠিল!
-নিজক বিচৰাৰ বাটত হেনো হেৰাই যোৱা মানুহবোৰ বাৰে বাৰে হেৰাই! মোক কৈছিল মানুহ এজনে!
-অস! কথাষাৰ সঁচা কিজানি! নিজক হেৰুৱাই হেৰুৱাই নিজকে বিচাৰি ফুৰা! মজাৰ কথা নহয়নে?
-হাঃ হাঃ হাঃ … এৰা… মজাৰ কথা! মজাৰ কথা কাৰণেই চাগৈ তুমি নিজক বিচাৰি এইখিনি পালাহি!
-তুমিও তো! এই যে বেলিটো, ই কাইলৈ আকৌ আহিব। হেৰাই যাব ধৰা বেলিটো চাবলৈকে মই মাজে মাজে ইয়ালৈ আহোঁ। নাজানো কিয়, এইখিনি সময়ত ইয়াক খুব ধুনীয়া দেখি!
-ঘূৰি অহাৰ প্রতিশ্রুতি থাকে যে, সেয়ে চাগৈ!
-তুমি তেন্তে সঁচাকৈয়ে বিদায় দিব আহিছা?
-সঠিক কৈ ক’ব নোৱাৰিম! এই এন্ধাৰ-পোহৰ মিহলি সময়খিনি ভাল লাগে মোৰ। বেলিটো গলি যোৱা নৈখন চাই চাই সুখী হওঁ!
-তুমি তেন্তে অপেক্ষাৰত ৰাধা!
-হাঃ হাঃ হাঃ … না না না! একদম নহয়!
_ তাই যিমান পাৰে মূৰটো জোকাৰি না না কৈ উঠিল। হাঁহি হাঁহিয়েই তাই পুনৰ ক’লে-
-আনদিনৰ কথা নকওঁ, আজি কিন্তু বিচাৰি থকা কিবা এটা পাওঁ নেকি বুলিয়েই আহিছিলোঁ।
-বিচাৰি পোৱা গ’ল নে?
-কি বিচাৰি আহিছিলো তাকেই নাজানো দেখোন! কিবা বিচাৰি পালো নে নাই নাজানো, কিন্তু মোৰ দৰেই আৰু মানুহ আছে বুলি বুজা গ’ল!
-হাঃ হাঃ হাঃ … নাঃ! মই তোমাৰ দৰে নহয়! মই নিজক বিচাৰি ইয়ালৈ আহোঁ, তুমি অইন কাৰোবাক বিচাৰি আহাঁ!
-তেন্তে মই এতিয়াও নিজক হেৰুওৱা নাই, নহয়জানো? তুমি তো নিজকেই হেৰুৱালা, আন কাৰোবাক কি বিচাৰিবা?
-আনৰ পিছত দৌৰা মানুহ নহয় মই, নিজৰ পিছতেই দৌৰি থাকোঁ। সেই বেলিটো চোৱা, মই বেলিটোৰ দৰে! আজি হেৰাই যাম ঠিকেই, কাইলৈ কিন্তু আকৌ আহিম! _ সি বেলিটোলৈ আঙুলিয়াই বেচ্ আত্মবিশ্বাসেৰে তাইক কথাকেইটা ক’লে।
কানিমুনি এন্ধাৰতো তাই তাৰ মুখ খন উজ্জ্বলি উঠা দেখা পালে। তাই তাৰ মুখলৈ চাই শান্ত স্বৰেৰে ক’লে-
-মই এন্ধাৰ ভালপোৱা মানুহ, বেলি মোৰ অপচন্দ!
-বেলিৰ অবিহনে তোমাৰ এন্ধাৰ অস্তিত্বহীন! তুমি নিজক কেতিয়াবাই হেৰুৱালা অথচ নিজক বিচাৰিবলৈ এৰি আন কিবা বিচাৰি ফুৰিছা! কি বিচাৰি ফুৰিছা সেয়াও নাজানা! তুমি লক্ষ্যহীন মানুহ।
-তুমি দেখিছো কম অহংকাৰী নহয়! বেলিৰ দৰেই! যেন মন গ’লে পুৰি চাৰখাৰ কৰি নিব সকলো! এন্ধাৰৰ অবিহনে বেলিৰ কি অস্তিত্ব? সৃষ্টি আচলতে কাৰবাবে কোন হৈছে?
_ তাইক লক্ষ্যহীন বুলি কোৱাৰ বাবেই চাগে’ কথাকেইটা কওঁতে তাইৰ মাতটো অলপ কঠুৱা হৈ ওলাল!
-বেলিৰ তো অলপ হ’লেও অহংকাৰ থাকিবই দিয়াচোন আৰু! হয় পিছে দেই, এন্ধাৰক নাশিবলৈকে পোহৰৰ সৃষ্টি হ’ল!
-নাশিবলৈ বুলি যে ক’লা, তাৰমানে এন্ধাৰ বেয়া বুলিলা নহয়জানো? এন্ধাৰৰ বাবেই পোহৰৰ সৃষ্টি হ’ল বুলিও তো ক’ব পাৰিলাহেঁতেন! বেলি মোৰ অপচন্দ যদিও মই ক’লোহেঁতেন “পোহৰৰ বাবেই এন্ধাৰৰ সৃষ্টি!”
- তোমাৰ দৰে পোহৰক নাশিবলৈ বুলি নিশ্চয়কৈ নক’লোহেঁতেন! তোমাৰ দৰে মানুহেই অতীজৰেপৰা এন্ধাৰক বেয়া, এন্ধাৰলৈ ভয় কৰিব লাগে ধৰণৰ ধাৰণাবোৰৰ জন্ম দিলা!
-হাঃ হাঃ হাঃ ... এন্ধাৰলৈ ইমান মৰম নে? বেয়া বুলি তো কোৱা নাই! তুমি ঠিকেই কৈছা- এন্ধাৰ বুলিলে আমি সৰুৰেপৰা ভয় খাবলৈ শিকিছো, বেয়া বুলি ভাবিছো। আমি এন্ধাৰৰ সুবিধা লৈছো নহয়নে? আৰু এন্ধাৰে আমাৰ মুখা খুলি দিয়ে বুলি আগে ভাগে এন্ধাৰক বেয়া বুলি কৈ তাৰ ৰাস্তা বন্ধ কৰি দিছো নহয়জানো?
-এতিয়া দেখোন ওলোটা কথা কৈছা। যি কৈছা সঁচাই কৈছা বাৰু। এন্ধাৰৰ সুবিধা যি বেছিকৈ লয়, সিয়েই বেয়া বুলি কয় আচলতে। এন্ধাৰত ধুনীয়া দেখা ‘পোহৰ’ৰ কথা কোনেও নকয়- জোনাকীবোৰৰ কথা, তৰাবোৰৰ কথা...! এন্ধাৰৰপৰাহে যে পোহৰক ধুনীয়া দেখি সেই কথাও কোনেও নকয়!
-প্রেক্টিকেল্ কথাটো হ’ল জোনাকী আৰু তৰাবোৰ কল্পনাপ্রৱণ মানুহৰহে কথা, গল্প কবিতাতহে ধুনীয়া সেইবোৰ! যিবোৰ অর্থহীন! এন্ধাৰত বহুত বেয়া কামো হয়।
-ক’লোৱেই দেখোন- যি সুবিধা লয়, সিয়েই বেয়া বুলি কয়। আচলতে কথাটো সেই আধলি একোটাৰ দৰে নহয়নে- দুয়োটা পিঠিৰেই তো মূল্য একেটাই! সেই মূল্যৰে আমি কি কিনো সেইটোৱে আমাৰো মূল্য নির্ধাৰণ নকৰিবনে?
-এৰা! কথাটো ঠিকেই কৈছা।
দুয়োটা মনে মনে থাকিল কিছুপৰ।
তাই ভাবি থাকিল- পোহৰক তায়ো বেয়া নাপাই কিজানি! নহ’লেনো এই এন্ধাৰ-পোহৰ মিহলি গধূলিটো তাইৰ কিয় ভাল লাগে! আচলতে প্রত্যকৰে মাজত পোহৰ একোটা আছে! কেতিয়াবা তাক বিচাৰি পাবলৈকে এন্ধাৰক ভালপোৱাটো দৰকাৰী। ভাব হ’ল, তাইৰ ভিতৰতো যেন কিবা এটা উজ্জ্বলি উঠিছে- পোহৰ পোহৰ! গধূলিৰ এন্ধাৰখিনিলৈ অলপ বেছিকৈয়ে মায়া উপজিল তাইৰ! সেই মানুহজনলৈ মনত পৰিল- ঠিকেই কৈছিল তেওঁ! আমাৰ নোহোৱা বস্তু কিছুমানৰ পিছত অদৰকাৰী সময় নষ্ট কৰি থাকোতে নিজৰ কাষৰতে থকা, নিজৰ মাজত বৈ ফুৰা ধুনীয়া বস্তুবোৰ বেয়া বুলি ধৰি লৈ এলাগী কৰি পেলাও!
সিও ভাবিলে- ইমানবোৰ কথা তাইক ক’লে যদিও সি দেখোন কথাবোৰ এনেদৰে ভাবিয়েই চোৱা নাছিল কেতিয়াও ! এন্ধাৰো দৰকাৰী! এই এন্ধাৰৰ বাবেই তাৰ মাকজনী পোহৰ হৈ আৱৰি আছে দেউতাকক, তাহাঁত আটাইকে!
একেসময়তে মাকজনী
কেতিয়াবা পৃথিৱীখন, কেতিয়াবা বেলিটো… সিহঁতক সেই আকর্ষণেই আচলতে জীয়াই ৰাখিছে। ইমানদিনে অদৰকাৰী বিন্দু এটাক কেন্দ্র কৰি ঘূৰি ফুৰাৰ বাবে নিজকে খুবেই মূর্খ
যেন ভাব হ’ল তাৰ। বহুকেইখন মুখ ভাঁহি উঠিল চকুৰ আগত… শেষত, মুদ খাই থকা চকুৰে
দেউতাকৰ ভাৱলেশহীন মুখাৱয়বত তাৰ দুচকু স্থিৰ হৈ ৰ’ল! এই যেন শিতানত ওলমি থকা বটলটোৰপৰা টোপ টোপকৈ সেউজীয়া
উশাহ সোমাই গৈছে দেউতাকৰ শিৰাই শিৰাই… আৰু সেউজ, পূৰঠ গছজোপাৰ দৰেই দেউতাকে পুনৰ শিপাৰে মাটি খামুচি
থিয় হৈ থকা গছজোপা হৈ উঠিছে! কাষতে ৰৈ মাকজনীয়ে গুণগুণাইছে…
######
দুয়োটাই দুয়োটাৰ মুখলৈ চালে… নীৰৱে হাঁহিলে… ইমানদিনে নিজৰ সৈতে মুকলিকৈ কথা হোৱাই নাছিল যেন! নিজৰ মূল্য নুবুজিলে কেনেকৈ সামৰি ৰাখিব আপোন পৃথিৱীখন! উপলব্ধিৰ শেষত সিহঁত এটা আধলি হৈ ঘৰমুৱা আলিবাটটোৰে বাট বুলিল…
জীৱনে হাৰে-ভাগৰে
যুঁজে এন্ধাৰে-পোহৰে,
পাহৰা সপোন আঁচোৰা দিঠক,
একা-বেঁকা পথে পথে জীৱনে তথাপি ওমলে...!
_______0________
বি: দ্র: আচলতে তায়েই সি, সিয়েই তাই। সিহঁত ইটো সিটোৰপৰা পৃথক নহয়। সিহঁত এটা আধলিৰ দুটা পিঠি। কেতিয়াবা পোহৰ বিচাৰি ফুৰা এন্ধাৰ আৰু কেতিয়াবা এন্ধাৰ ভালপোৱা পোহৰ!
আৰু মই?
মই সেই আধলিটো লৈ
মন গ’লে চিত্-পত্ কৰি থকা কোনোবা অকামিলা মানুহ, যি বেচ্ উৎসাহেৰে বুঢ়া আঙুলিটোৱে
তর্জনীক ওফৰাই আধলিটো বতাহত এৰি দিয়ে; অথচ আধলিটো ঘূৰি আহি হাতত পৰাৰ পিছতো ঠিক
কৰিব নোৱাৰে হেড্ পৰিলে কি কৰিব বা টেইল্ পৰিলে কি কৰিব!
0 Comments