বিষয় : প্রেম




(১)

বৰষুণমুখৰ ৰাতি 
মানুহজনীৰ নৰিয়া
দুৱাৰদলিত মানুহটোৰ উচ্ পিচ্
বৈদ্যই ক’লে__ নোৱাৰিলোঁ
ৰাতিৰ ৰাতিটো মানুহটো বৰষুণৰ প্রেমত মজি থাকিল !

(২)

লচ্ পচ কৈ সাজি-কাচি তাই ওলায় যায়
ভায়েকক দুইশ্রেণী পঢ়ুৱাব লাগে
বয় বস্তুৰো যি হে জুই চাই দাম
ৰংচঙীয়া পোহৰৰ ৰাতিবোৰত
তাই আন্ধাৰৰ প্রেমত ডুবি থাকে !

(৩)

বাপেকৰ হাপানী বেমাৰটোৱে উক দিছে
কলেজৰ ডিগ্রিটোৰ কথা সি পাহৰিছে
বন্ধকীত থকা দ-পথাৰৰ মাটিখিনি মোকলাব লাগে
আত্মহননৰ উকমুকনিটোৰ নেলু চেপি
সি নতুনকৈ জীৱনৰ প্রেমত পৰিছে !

(৪)

গাত ৰ’দ বৰষুণ নলগা মানুহজনী
বাটৰ কাষত পৰি থাকিয়েই মাক হ’ল
আজিকালি তাই ছাটি এটা মেলি লয়
কোনোবাই সুধিলে কয়
পেটৰ পোৱালিটো সাইলাখ বাপেকৰ দৰে !

(৫)

প্রতিশ্রুতিবোৰ সোঁৱৰণি মাথোঁ
তিনি সইত খাই কৈছিল সি পাহৰি যাব
জোনাকী ৰাতিৰ প্রেমত মজি উচুপি উঠে
অভিমানৰ পুখুৰীত ডুবি তাই আগুৱাই দিছে নেকি দুওঁঠ
অচিনাকী কাৰোবাক !

(৬)

শিলৰ চোলা এটা নিপিন্ধাকৈ
কোনোবা কিদৰে শিল হ’ব পাৰে ?
বৰষুণত তিতা হাঁহিটোৰ তলত তাই লুকুৱাই থ’লে
পানীৰ বেজি এটা নোপোৱাৰ কথাটো
নিঃসংগতাৰ স’তে এতিয়া তাইৰ সহজ সহাৱস্থান !


Post a Comment

0 Comments