ঠিকনা




মইঃ কিমান নো আৰু লিখে কবিতা

আহক না ভগাই লওঁ জীৱনৰ এবেলা

এটা কিং চাইজ গ’ল্ড ফ্লেক্ অথবা দুই পেগ হুইস্কি

বাদ দিয়ক না আপোনাৰ “গম কা খাজানা”!




আপুনিঃ বুজিছে, বজাৰত অফাৰ চলিছে

ফ্লেট্... ৪০%, ৫০%, ৭০%

বলক মানুহৰ বজাৰত জীৱন বিচাৰি যাওঁ !

কি ক’লে? পালে কি কৰিম?

বিনামূলীয়াকৈ ধাৰলৈ দিম!




মইঃ আপোনাৰ চাগৈ নিচা হ’ল! আপোনাৰ ঠিকনা

আপুনিঃ জীৱনেই জীৱনৰ শেষ ঠিকনা!

Post a Comment

0 Comments