গতি



শিলৰ চোলা এটা নিপিন্ধাকৈ কোনোবা কি দৰে শিল হ’ব পাৰে?

পানীৰ বেজীবোৰ যে নাই!

সময় সলনি হয়, ভিতৰখন একেই থাকে

শীতৰ বুকুত থকা বসন্তৰ দৰে!

শুকান নদীৰো এদিন গৰা খহে অ’।




ঘড়ীত টিক্ টিক্...

সময় নহয়, তিনিদাল কাঁটাৰ বিৰামহীন গতি!

গতিত যতি পৰে

বিগলিত সময়ৰ বিননিত শিলে উচুপে!

Post a Comment

0 Comments