এদিন

 

                                              

লিটোৰ একেবাৰে শেষত থকা পাঁচমহলীয়া ঘৰটো বাহিৰৰপৰা জৰাজীর্ণ ভূত-বাংলাৰ দৰেহে দেখো ! বাহিৰৰফালৰ ৱালবোৰ ৰং নকৰা । গধূলি সময়ত ওপৰ মহলাবোৰৰ সৰু সৰু খিৰিকীবোৰ পোহৰ হৈ থাকিলে যাদু থকা চিনেমাবোৰত দেখুওৱা ঘৰবোৰৰ দৰে লাগে । ভুৰুং কৈ জাৰুডালত বহি দীঘল কলা টুপী পিন্ধা ডাইনী জনীহে যেন ওলাই আহিব কোনোবা এখন খিৰিকীৰেতেনেকুৱা ভাৱ হয় ! গ্রাউণ্ড ফ্লত মালিক থাকেএতিয়া যেনিবা ঘৰৰ সমূখভাগ দেখিবলৈ অলপ ভাললগা কৰিলেচোতালখনতো ব্লক্ লগোৱালে কাৰণে বৰষুণ দিলে আগৰ দৰে পানী জমা হৈ নাথাকে বাবে ঘৰচিৰিকাৰ দৰে জপিয়াই জপিয়াই বোকা-পানী পাৰ হব লগা নহয় 

সৰু গেটখন খুলিয়েই জাৱৰ পেলোৱা দাষ্টবিনটো । কেতিয়াবা “গাড়ীৱালা আয়া ঘৰ সে কছৰা নিকালৌ” বুলি গান গাই অহা গাড়ীখন নাহিলে সেইটো গোন্ধে মলমলাই থাকে । গেটখনেৰে সোমাই আহি যত ওপৰলৈ উঠি অহা খটখটিটো আৰম্ভ হৈছেতাতে সোঁফালে এজোপা কর্দৈ টেঙাৰ গছ । ধেৰমানে লাগিছে । তাৰ তলতে থকা দমকলটোৰ চাৰিওফালে পকা পকা কর্দৈবোৰ তলসৰি থাকে । মালিকে খাই নে নাই নাজানোকোনো ভাড়াতীয়াই নাখায় কিন্তু । গছজোপাত ঘৰপতা মৌ-মাখিৰ বাহটোলৈ পিছে মই সদায়েই এবাৰ মূৰ তুলি চাওঁ । মৌ-মাখিবোৰ সাধাৰণতে মই চিনি পোৱা হালধীয়া-লা ৰঙৰ বিধ নহয় । ইহঁত হালধীয়াৰ পৰিৱর্তে অলপ বগা চানেকীয়া । বাওঁফালে এজোপা মোমাই তামোলৰ গছ । ঠোকে ঠোকে লাগিছে । সেইবোৰো কোনেও নাখায় । ইহঁতক কিয় জানো এই নামটো দিয়া হ !

ৰূমলৈ বুলি দীঘলীয়া খটখটিটো বগাই উঠি আহোঁতে পোৱা মালিকৰ ঘৰৰ সীমাৰ ৱালখনৰ গুৰিতেসোঁফালে থকা তিনিজোপা অমিতা গছৰ এজোপাত ধেৰমানে ফুল ফুলিছে । ৱালখন নাথাকিলে দুয়োঘৰৰ মাজত কিজানি কাজিয়াই হলহেঁতেন গছজোপাৰ মালিকীস্বত্ত্বক লৈ । যেতিয়া অমিতা লাগিবহাত মেলি দিলে মোৰ দৰে বাওনা মানুহেও ধুকি পাব । আগতে খটখটিটোৰ আৰম্ভণিতে দুজোপামান কলগছ আছিলসিঘৰৰ । দুখনমান পাত সীমা নেওচি আমাৰ মালিকৰ সীমাৰ ভিতৰ পায়হি । কাতিবিহুৰ দিনা ঘৰলৈ নগলে তাৰে দুখন কলপাতৰ দুটা আগ মই গধূলি সময়ত চুৰ কৰোঁমাটিচাকি জ্বলাবলৈ আৰু বুট-মগুমাহৰ প্রসাদকণ আগবঢ়াবলৈ । অলপতে মালিক পক্ষই সেই কেইজোপা কাটি উঘালি জনি মাৰি পেলালে । কলপাতৰ আগকেইটাৰ দৰেই অমিতা চুৰ কৰাৰ কথা বাৰু মই এতিয়ালৈকে এবাৰো ভবা নাই । অমিতাজোপাৰ পিছতে থকা আমজোপাত এটা কাউৰীৰ বাহসেয়া পিছে সিঘৰৰ সীমাত । নতুন প্রজন্মৰ আগমনিক উমনি দি কাউৰী এজনী বহি থাকে 

গছকেইজোপাক এৰি কৰিডৰৰ প্রথম কেঁকুৰিটোতে থকা টাবকেইটামানত পানী নাপায় শুকাই কর্কৰীয়া হোৱা মাটিত শুকাই-খীনাই জীয়াই থকা ফুলকেইজোপালৈ এবাৰ চকু যায় । সেইকেইটাৰপৰা মূৰ তুলি চি চি কেমেৰাটোলৈ এবাৰ অভ্যাসবশতঃ মূৰ তুলি চাওঁ । সেইটো কার্যক্ষম নহয় যেনেই লাগে । আৰম্ভণিতে জ্বলি থকা সৰু সৰু ঘূৰণীয়া ৰঙা ৰঙা পোহৰবোৰ এতিয়া নেদেখো । কেমেৰাটো ওলমি থকাৰ তলতে দ্বিতীয়টো কেঁকুৰীত আকৌ এটা খটখটি আৰম্ভ হৈছে । সেইটোত ভৰি দিয়াৰ আগতে বাওঁফালে কঁকালত ধৰি খন্তেক ৰৈ লওঁ । বাওঁভৰিৰ বিষ । চুটি খটখটিটো শেষ হৈ আৰু এটা খটখটি । এই দুই খটখটখটিৰ সংযোগস্থলীৰপৰা আৰম্ভ কৰি আনটো খটখটি শেষ হোৱালৈকে যিখিনি ঠাই তাতে মোৰ ৰূমৰ দুয়োফালৰ কোনো কোনো ভাড়াতীয়াই ৰূমৰপৰা সাৰি ধূলি-জাৱৰবোৰ পেলায়আমাৰ ৰূমৰো ওপৰ মহলাত থকা কোনো গুটখাপ্রিয় যুৱকে সেইফালে অহা-যোৱা কৰোঁতে তাতে পিকাই ৱালবোৰত দুর্বোধ্য ছৱি কিছুমানো আঁকি থৈছে । কিয় পেলাই তাৰ কাৰণ এটা মনতে তৈয়াৰ কৰি লৈছোযেতিয়া গুটখাৰ পেকেটৰ সেই মূল্যৱান বস্তুকণ মুখত ভৰাই বেচ্ আমেজেৰে পকটিয়াই পকটিয়াই আহি খটখটি পায়হি তেতিয়াই সম্ভৱ প্রেয়সীৰ ফোন আহে । যেতিয়া ফোনটো আহে মুখৰ ভিতৰত গুটখাৰ ৰঙীন প্রেমে ওখল-মাখল লগাই থাকেমুখ খুলিলেই ছিটিকি পৰি প্রেম ওলাই পৰাৰ ভয়মুখ নুখুলিলেও ফোনৰ সিটো পাৰৰ মুখ ফুলি লুচি হোৱাৰ ভয় । গতিকে ৰূমত গৈ পদার্পণ কৰি ফোনটো ৰিচিভ নকৰাৰ কাৰণ দর্শাই ফোলা লুচিৰ অভিমান ভাঙি থকাতকৈ দে চাল্লা পিকাই… মালিকৰ হে যাব… গতিকেই… পিৰিক্ ! স্মার্টফোনত স্মার্ট উত্তৰটো দিয়ে চাগৈ- “হ্যেল্লো জানকোৱা !” আয়ো দেহি ! মৰমেই লাগি যায় !

আৰম্ভণিতে বন্ধবাৰত খটখটিৰ জাৱৰ পৰিষ্কাৰ কৰি মনে মনে স্বচ্ছ খটখটি অভিযান’ চলাইছিলো । মালিকে খটখটিত টাইলছ্ লগোৱায়ো সেয়া বন্ধ কৰোৱাব পৰা নাই যিহেতু ময়ো সেই অভিযান বাদ দিলো । এই দুই খটখটিৰ সংযোগস্থানতে এডাল লোৰ চিৰি আছেযিডাল বগাই ঘৰৰ এটা মূৰৰপৰা আনটো মূৰলৈ থকা বেলকনিটোত গৈ কাপোৰ-কানি ৰদাব-শুকোৱাব পাৰি । সেইডাল যিহেতু নৈৰ থিয় গৰাৰ দৰেগতিকে সেইডালেৰে উঠা-নমা কৰোতে খুব সাৱধান নহলে বাগৰি পৰি দাঁত-মূৰ ভঙাৰ সম্ভাৱনা যথেষ্ট বেছি 

ৰূমত সোমাই খিৰিকীখনেদি চাই পঠিয়ালে চকুত পৰা আমজোপাতো কাউৰী এজনীয়ে নিজৰ বাহত বহি নতুনৰ আগমনিক উমনি দি থকা দেখো । ৰূম মানে পাৰ চৰাইৰ বাহৰ দৰে সৰু সৰু দুটা ৰূম । এটাত বেলিৰ পোহৰ নপৰেঠাণ্ডা আৰু এন্ধাৰআনটোত দিল খুলি বেলিয়ে পোহৰ পেলায়গতিকে গৰম আৰু পোহৰ । দুয়োটা ৰূমতে মই পৰিভ্রমী চৰাইৰ দৰেই বাস কৰোঁ !

আজি শনিবাৰ । বহুদিন টাউনৰ ফালে পাক মৰা নাই বুলি গৈছিলো ! বাহঃ… কি মানুহ ! আনকালে পূজাৰ বতৰত হোৱাৰ দৰে ভিৰ-ভাৰ দেখোন ! হৰি হৰি ! খৰধৰকৈ প্রয়োজনীয় বস্তু দুটামান থপিয়াই লৈ গুচি আহিলো । বাহিৰৰপৰা আহিলে গা ধোৱাটো মোৰ নিয়ম । এতিয়া কৰ’নাৰ কৃপাত সেইফেৰা নিয়ম নকৰাকে কিবা বস্তু চুবলৈকে ভয় 

আসঃ ! বাওঁফালে ভৰিৰ বিষটো বাঢ়ি যায় হঠাৎ । বহি দিওঁ বিচনাতে । বুকুৰ বিষটোও নো বাওঁফালেই কিয় হয় নাজানো আৰু পেটত ভাত-পানী নেপেলোৱাকৈ কফি একাপ পেলাই লৈ উগাৰি থাকো । এইবোৰ কৰি থাকিলে বিষ-বেদনা নহৈ আৰু কি হব নিজৰেই দোষ 

বাৰু যি হওকভাত-পানী খাই ইটো সিটো কৰি দিনটো শেষ হবলৈ লোৱাৰ আগৰ সময়কণ খিৰিকীৰ সমূখত গৈ বহিলো প্রায়ে বহাৰ দৰে । যেতিয়া খিৰিকীৰে প্রথম চাউল দিয়া কৰিছিলোদুটা পাৰ আহিছিলআজিকালি ১০ টামান আহে । এমুঠি চাউল এক মিনিটত খাই গুচি যায় কেনিবা 

বহি বহি ভাবি থাকোখিৰিকীখন যদি নাথাকিলেহেঁতেন কি কৰিলো হয় ? অলপমান দূৰলৈ চাই পঠিয়ালে ওখ ওখ ঘৰবোৰৰ ৰঙা-নীলা মুধচবোৰ দেখো । বতাহত নাৰিকল আৰু তামোল গছৰ পাতবোৰ লাহে লাহে দুলি থাকে । কোনোবা পাকত কাউৰী এজনী আহি নাৰিকল গছৰ পাতত বহি ঠোঁটটো দুবাৰমান ঘঁহাই কা কা কৰি কেনিবা উৰি যায় । খিৰিকীৰ কাষতে নতুনকৈ মূৰ তুলি উঠা ওখ ঘৰটোৰ ছাদত ভালেকেইটা চৰাই আহি বহে সন্ধিয়া সময়ত । পাৰকেইটা সেই চাউল খাবলৈহে আহে । ঘৰচিৰিকাকেইটামান চাউল খোৱাৰ বাদেও এইটো সময়তো আহি ইফাল সিফাল কৰি থাকে । শালিকা দুটামানেও চিঁ চিঁয়াই থাকে । নেজ দীঘলঅকণমানি কলা-মুগা ৰঙৰ চৰাই দুটামানো আহে । কপৌক প্রায় অকলশৰীয়াকৈয়ে দেখোকোনোবা এদিন হে দুটা আহি বহি থাকে মনে মনে 

ঠিক এন্ধাৰ হওঁ হওঁ কৰা সময়খিনিত যেতিয়া ছাঁ-পোহৰে খেলা কৰি থাকেসেই ওখ ঘৰটোৰ ছাদৰ খুটাবোৰৰ মূৰত দীঘে পথালিয়ে থিয় হৈ থকা লোৰ ৰডবোৰৰ সৈতে খুটাবোৰ কোনো শ্মশানত পুতি থোৱা ক্রচ্ চিনবোৰৰ দৰে দেখো কোনোবা জোনাকী ৰাতি একোটাতোথিয় হৈ থকা সেই খুটাবোৰক মই তেনেকৈয়ে দেখোঅন্য একোৰে কথা মনলৈ নাহে 

হঠাতেবহি থকাতে মোবাইল ফোনটোলৈ চকু গলে অলপ দিনৰপৰা নোহোৱা হোৱা অভ্যাস কিছুমানে আমনি কৰি দিয়ে ! খৰধৰকৈ ভালেমান কথা ৰেলখনৰ ঝকঝকনিৰ দৰে মনৰ ভিতৰতে পাৰ হৈ যায়… ৰেলৰ উঁকিটোৰ দৰেই কিমান কথা হঠাৎ দূৰ হৈ গুচি গ ! “বিবর্ণ গধূলিৰ কথা কেইটাই বুকু খুন্দিয়াই চকু সেমেকাই তুলে– আস্ স্মৃতিবোৰ হঠাৎ কিদৰে কলিজাত পোত খাই বিষাক্ত কাঁড়ৰ দৰে হৈ গ ! স্মৃতিবোৰ মই মচি দিব নোৱাৰোসেইবোৰ মোৰ সম্পদস্মৃতিবোৰ মই সযতনে সাঁচি থবও নোৱাৰোসেইবোৰ মোৰ নিঃস্বতাৰ স্মাৰক  গল্পৰ নায়কলৈ বেজাৰেই লাগি যায় ! নাইনায়কৰ দৰে মোৰ স্মৃতিবোৰ বিষাক্ত কাঁড় নহয় কেতিয়াও ! কোনো স্মৃতিয়েই নহয় । কোনোবাখিনিত সেয়া মোৰ নিঃস্বতাৰ স্মাৰক হলেও সযতনে সাঁচি থম সদায় আপুৰুগীয়া সম্পদৰ দৰে 

ধেইত… স্মৃতিৰ এইটো কথাই বেয়া হঠাৎ সেমেকাই দিলে গধূলিটো ঘৰচিৰিকাকেইটাই গা ধুই পানীবোৰ জোকাৰি দিয়াৰ দৰে স্মৃতিবোৰ জোকাৰি কফি একাপ লৈ ইটো-সিটো কৰিবলৈ লোৱাই ভাল বুলি ভাবি উঠি আহোঁ 

ভাতকেইটা খাওঁ বুলি বহি লওঁতেই প্রায় সদায় হোৱাৰ দৰে কাষৰ কোনোবা এটা ঘৰৰ মানুহজনে একদম পেটৰপৰা টানি টানি খেকাৰ সোপা মুখেৰে উলিয়াই পেলালে যেনওৱাক্ থুঃমুখলৈ নিয়া ভাতৰ গৰাহটো কোনোমতেই মুখৰ ভিতৰলৈ নাযায় । যেন ডিঙিতে সোপা লাগি থাকে এসোপা খেকাৰ ৰাতি ভাত খোৱাৰ সময় ইফাল-সিফাল কৰিও এই ঘটনাটোৰপৰা হাত সাৰিব নোৱাৰিছো । অলপ সময় ৰৈ ভাবোমানুহজন বয়সিয়ালমাতটোত ধৰিব পাৰি । ভাতকেইটা খাই উঠি চাগৈ মুখ-হাত ধোৱে বাহিৰতে ভাবি ভাবি ভাতৰ গৰাহকেইটা লাহে লাহে মুখত দিওঁ । ইউ-টিউবত কিবা এনিমেশ্ব্যন এখন বিচাৰি প্লে কৰি লওঁ 

ঘিণভাৱ মোৰ পটকৈ নাহে বাৰুকেতিয়াবাহে হয় তেনে । খোৱা-বোৱাত মোৰ জুতি-বিধি নালাগেনিমখ ভাতো খাব পাৰো । বাচ-বিচাৰ তেনেকৈ নাই । সকলো শাক-পাচলিয়েই খাওঁ । অৱশ্যে কিছুমান শাক-পাত আনি নিজে ৰান্ধি নাখাওঁকিন্তু কোনোবাই দিলে আপত্তি নকৰাকে খাওঁ । আমিষ বস্তুকেইটাত হে মোৰ অলপ ‘না’ চলে 

শুবলৈ লৈ ভাবো কাউৰীৰ বাহকেইটাৰ কথা । আৰু বা কিমান দিন উমনিত বহিব লাগিব ! ৰাতি বৰষুণ দিলে মনলৈ আহেতিতি তিতিয়েই বহি থাকে নহয় ৰাতিৰ ৰাতিটো ! সিদিনা ৰাতি বতাহ জোৰকৈ বলোঁতে পুৱা খিৰিকী খুলিয়েই চাইছো আমগছ জোপা ! বাহটো দেখি মনটো ভাল লাগি যায় ! নিজৰ শৈশৱৰ দুই এখন ছৱি চকুৰ আগেদি পাৰ হৈ যায় চকা-মকাকৈ বতাহ-বৰষুণ নপৰাকৈ আৱৰি ৰখা ডেউকা কেইখনৰ ছাঁ অনুভৱ কৰোঁ 

বাহকেইটা দেখি অন্য কথা এটাও মনলৈ আহেএই কুলিয়ে নো কিয় বাহ সাজিবলৈ নাজানিলে ? নিশিকেও নো কিয় ? কাউৰীয়ে কষ্ট কৰি বাহটো সাজি কিমান আশাৰে নতুনক উমনি দিয়েআৰু কুলিয়ে আহি কাউৰীৰ কিমানটা নতুন সম্ভাৱনাক বা নষ্ট কৰি পেলায় । অথচ কুলিৰ গুণ-গান চৌদিশেকুলিক এবাৰ চাবলৈ মানুহে ঘুর্মুটিয়াই ফুৰেকুলিক লৈ কত কবিতা-গান । কাউৰীক নো কোনে ভাল পায়দেখিলেই খেদায়কাউৰীৰ মাত শুৱলা নহয়কাউৰীয়ে বেয়া বস্তু খায়কাউৰীৰ মাতত বহাগো যে নাহে ! হাগ জানো কুলিৰ মাতত আহে ? আয়ো দেহি… কাউৰীৰ কথা ভাবি বেজাৰেই লাগি যায় মোৰ !

কুলিৰ দৰে মানুহো থাকে চাগৈ ! কাউৰীৰ দৰেও ! মই কোনটো ভাগত পৰিম জানো অমিতাজোপাত অমিতাবোৰ যেতিয়া পূৰঠ হএটা হলেও খাবলৈ মন যাবনে ? ছিঙি আনিম নে ? খাওঁকিন্তু অমিতা খুব এটা ভাল নাপাওঁ । অৱশ্যে বাদ দিয়াৰ পিছতো স্বচ্ছ খটখটি অভিযানটোহে কৰিবলৈ মন যায় কেতিয়াবা ।  

অলপদিনৰপৰা সৰু সৰু কথা কিছুমান লিখি ৰখা হৈছো । কাৰণটো এনেকুৱা যে- আজিকালি অতিপাত গৰমতো কোনো সময়ত গৰমেই অনুভৱ নকৰোখঙ আৰু দুখৰ বাদে অন্য একো অনুভৱেই মনক ক্রিয়া নকৰে, এইকেইটাও খন্তেকীয়া… বাকী সময়ত নিজৰ উদাসীনতাক দেখি নিজেই আচৰিত হওঁ, কথাবোৰো পাহৰি পাহৰি যোৱা হৈছো ! আগদিনাই ঠিক কৰি থোৱা বস্তুবোৰ লবলৈ পাহৰি ৰূমৰপৰা ওলাই গৈয়ো দুই-তিনিবাৰ উভতি আহোঁকেতিয়াবা তলাটোকে পাহৰি যাওঁদোকানলৈ গৈ পাহৰি যাওঁ কি কিনিবলৈ আহিছিলো, কাম এটা কৰিবলৈ লৈ ভাবি থাকো কি কৰিবলৈ লৈছিলো !

কেতিয়াবা ভয় লাগে ! ভয় লগাৰ কাৰণটো হবহু কথা মই ভবাৰ দৰেই হয়লাহে লাহে মোৰ ভাৱ হোৱা হৈছে বহু কথা মই পাহৰা হৈছো ! কিছুমান কথা একেবাৰেই পাহৰি পেলালো ! এদিন বাৰু মোৰো ‘ব্রেইন-চ্যেল্ৰ কোষবোৰত প্রটিন জমা হৈ যাব নেকি ? দুজন মানুহৰ মাজত সদায় ভাগ-বতৰা হৈ থকা কথাবোৰ এদিন হঠাতে নোহোৱা হৈ যোৱাৰ দৰে মোৰ ব্রেইনৰ নিউৰণবোৰৰ মাজত information sharing নোহোৱা হৈ যাব নেকি ? ব্রেইনৰ বগা পদার্থ বিধ শুকাই যাব নেকি ? তেনে হবলৈ দেখোন বয়সো হব লাগে যথেষ্ট ! ইমান দীঘলীয়া সময় আছে জানো মোৰ হাতত ! মই যে কোনো কথাই পাহৰিব নিবিছাৰো । ভাল-বেয়াসৰু-বৰ প্রতিটো কথা সোঁৱৰিব বিচাৰিম শেষৰ দিনবোৰত ! কপৌবোৰ দেখিলে মনত পৰাটো বিচাৰিম মোৰ খিৰিকীৰ বাহিৰত বহি থকা অকলশৰীয়া কপৌটোৰ কথাযাৰ ডিঙিৰ ওপৰৰফালে থকা কলা-বগা ফুটফুটীয়াখিনি দেখিবলৈ খুব ধুনীয়া । অচিনাকী চৰাইবোৰ দেখিলেতাহাঁতৰ মাতবোৰ শুনিলে মোৰ এই খিৰিকীখনলৈ মনত পৰাটো বিচাৰিম । লিৰ শেষৰ ঘৰটোত থকা মোৰ অকণমানি বাহটোত কটোৱা সময়খিনি, তাত ৰৈ যোৱা মানুহ কিছুমানৰ মাত-কথাবোৰউপস্থিতিৰ অনুভৱকণ মোৰ সৈতে শেষলৈকে থকাটো বিচাৰো । অহ্ ! নতুন একো নালাগে, কিন্তু থকাখিনিৰ যে মই একোৱেই পাহৰিব নিবিচাৰো !

সেমেকা চকুৰ পতা লাহে লাহে গধূৰ হৈ আহে । এতিয়া টোপনিত ঢলি পৰিম । পুৱা সাৰ পাই এই ভয়টোৰ কথা সমূলি পাহৰি যাম, একোৱেই মনত নাথাকিব । ৰাতি বিছনাত পৰিলেই পুনৰ ভয়টোও সাৰ পাই উঠিব...

...জানো, কথাবোৰ এদিন মই ভবাৰ দৰেই হ’ব । ...আৰু সেইদিনা এই কথাটোকে যে মই পাহৰি যাম !

 


Post a Comment

2 Comments

  1. পঢ়ি ভাল লাগিল তুলিকা বা।❤️

    ReplyDelete