“চর্দাৰ উধম সিং”

 

চিনেমা প্রায়েই চাওঁ, এনিমেচ্যন চিনেমাবিলাক । সেয়া বাদ দি আন চিনেমাও চাওঁ- বিশেষকৈ একো কৰিবলৈ মন নোযোৱা সময়ত মনোৰঞ্জনৰ বাবেই চোৱা হয় । অন্য ভাষাৰ চিনেমাখিনি বাদ দি খুব কম সংখ্যক বলিউদী চিনেমাই হে মনত সাঁচ বহুৱাব পাৰিছে এতিয়ালৈকে । তেনে দুই-এখন চিনেমা খুব আচৰিত ধৰণে মনৰপৰা বাহিৰ হ’বই নোখোজে দেখোন ! তেনে এখন চিনেমা, অলপতে চোৱা- “উধম সিং” । ২ ঘণ্টা ৪২ মিনিট দৈর্ঘ্যৰ এখন চিনেমা, মূল চৰিত্রত অভিনয় কৰিছে ৱিক্কি কৌশলে । চিনেমাৰ কাহিনী ১৯১৯ চনত অমৃতসৰৰ জালিৱানৱালাৱাগৰ হত্যাকাণ্ডৰ প্রতিশোধ হিচাপে সেই সময়ৰ পাঞ্জাৱ, ব্রিটিছ ইণ্ডিয়াৰ গৱর্ণৰ মাইকেল অ’দ্বেয়াৰক লণ্ডনত গুলিয়াই হত্যা কৰা স্বাধীনতা সংগ্রামী উধম সিঙৰ জীৱনৰ ওপৰত আধাৰিত ।

চিনেমাখনৰ কথা বাৰে বাৰে মনলৈ আহি থকাৰ কাৰণ কেইবাটাও । ২০১৪ চনৰ কোনোবা এটা মাহত ১৫ দিনীয়া ট্রেইনিং এটাৰ বাবে Post Graduate Institute of Medical Education & Research, Chandigarh (PGIMER) লৈ যাবলৈ সুবিধা পাইছিলোঁ । মাজৰ শনিবাৰ, দেওবাৰ কেইটাত গ’ল্ডেন টেম্পল্, জালিৱানৱালাৱাগ, ৰক্ গার্ডেন আৰু ৱাঘা ব’র্ডাৰ চাবলৈ লৈ গৈছিল ।

ৱাঘা ব’র্ডাৰত গৈ মানুহৰ ভিৰত লগ হেৰুৱাৰ (সেয়া বাৰু অন্য প্রসংগ) দৰেও কথা হৈছিল । লগ হেৰুৱাইয়ো বিশেষ ভয়-দৰ নকৰি সীমান্তলৈ বুলি অগণন মানুহৰ সৈতে শাৰী পাতি, খোজ কাঢ়ি গৈ আছিলোঁ (তেনেকৈয়ে যাবলৈ দিয়ে, গোটেই বাটছোৱাত সামৰিক জোৱান ৰৈ থাকে বাটৰ দুয়োকাষে ।), কিছুমান মানুহ কিয় দৌৰি দৌৰি গৈছিল প্রথমে বুজি পোৱা নাছিলোঁ । যেতিয়া সীমান্তত গৈ পালোগৈ তেতিয়াহে বুজিলোঁ যে ষ্টেডিয়ামৰ আগত বহিবলৈ পোৱাৰ আশাত আৰু হৈ থকা সামৰিক অনুষ্ঠানৰ কোনোটোৱেই যাতে চাবলৈ বাদ নপৰে তাৰবাবে তেওঁলোকৰ দৌৰাদৌৰি । ভাৰত-পাকিস্তান বুলিলে, ভাৰত-পাকিস্তানৰ ক্রিকেট বুলিলে যি উত্তেজনা, যি ইম’শ্বন… বিশেষকৈ দেশপ্রেম, সীমান্ত এইবোৰৰ সৈতে জড়িত কিছুমান অনুভৱ যেন নতুনকৈ অনুধাৱন কৰিব পাৰিছিলোঁ ! নিজে নগ’লে, নেদেখিলে সেয়া আনে বুজাই দিব নোৱাৰে ।

সেইদৰে জালিৱানৱালাৱাগলৈও গৈছিলোঁ । জালিৱানৱালাবাগৰ হত্যাকাণ্ড ! কিতাপত পঢ়িছিলোঁ । জানিছিলোঁ হাজাৰৰো মানুহ মৰিছিল, হাজাৰৰো অধিক ঘুণীয়া হৈছিল- সেইসকলৰ মাজত শিশু-কিশোৰ, মহিলা-যুৱক, বৃদ্ধলোক... সকলো আছিল । আৰু ? আৰু কি জানো ? ফুৰিবলৈ পোৱাৰ স্ফূর্তিত ফটো উঠিছিলোঁ, দ’-এন্ধাৰ কুঁৱাটোৰ তললৈ জুপি জুপি চাইছিলোঁ, ৱালবোৰত চিহ্নিত গুলীৰ দাগবোৰ চুই চাইছিলোঁ, পেইন্টিঙবোৰ চাইছিলোঁ… ! কিবা অনুভৱ কৰিছিলোঁ নে ? কি কৰিছিলোঁ ? কিয়েইবা কৰিব পাৰিছিলোঁ !! ওঁহো... আমি কেৱল চায়েই সেয়া কোনোদিনেই অনুভৱ কৰিব নোৱাৰিম !

অলপতে চিনেমাখন চালোঁ- ‘উধম সিং’ । প্রথম অলপ সময় বিশেষ একো লগা নাছিল । কিন্ত উধম সিঙে হত্যাৰ অপৰাধত জে’লত থকা সময়ত, ফাঁচীৰ পূর্বে ডিটেক্টিভ্ ইন্সপেক্টৰ জন স্বাইনৰ এটা প্রশ্নত যেতিয়া জালিৱানৱালাবাগৰ সেই নির্বিচাৰ গুলীচালনা, ব্রিটিছে কৰা বর্বৰ হত্যাকাণ্ডৰ কথা বর্ণনা কৰে- উফ !

পুনৰ মই ঘূৰি গৈ যেন জালিৱানৱালাৱাগ পাইছিলো গৈ ! জুপি জুপি চোৱা এন্ধাৰ কুঁৱাটোৰ তলৰপৰা যেন ভাঁহি আহিছিল কাতৰ আর্তনাদ ! ৱালত থকা গুলীৰ চিহ্নবোৰ চুই চাওঁতে হাতত যেন লাগি আহিছিল তেজৰ দাগ ! ৱাল বগাই পাৰ হৈ যাবলৈ চেষ্টা কৰা মানুহবোৰ যেন গুলী খাই চুঁচৰি আহি গাতে পৰিছেহি ! গা শিয়ৰি উঠিছিল ! চকুৰ পানী, নাকৰ পানী একাকাৰ হৈ গৈছিল । আৰু একেবাৰে সঁচা কথা যে চিনেমাখনৰ প্রায় আধা ঘণ্টাৰ সেই দৃশ্যাংশ চোৱাৰ পিছত সেইদিনা ৰাতি মই ভাত খাব নোৱাৰিলোঁ !

মাত্র এজন মানুহ, এজন মানুহৰ অহংকাৰ, এটা সিদ্ধান্ত, এটা হুকুম... পলকতে শেষ কৰি দিলে কিমান জীৱন ! ব্রিটিছে হেনো আন্দোলনকাৰীসকলক এটা শিক্ষা দিব খুজিছিল ! চিনেমাৰ সেই দৃশ্যাংশ চোৱা সকলোৰে হয়তো একেই অনুভৱ হৈছে- গা পুৰি যায়, তেজ গৰম হৈ যায়, কিবাকিবি কৰি দিবৰ মন যায় ! নাই, সেইদিনাৰ উধম সিং হওক বা আন কোনোবা, তেওঁলোকৰ মানসিক স্থিতি, কষ্ট আমি কেতিয়াও অনুভৱ কৰিব নোৱাৰিম, সেয়া সম্ভৱ নহয়... নিজে নোপোৱালৈকে আমি যে নাজানোৱেই, চেষ্টাও নকৰো আনক, আনৰ দুখ-কষ্টক অনুভৱ কৰিবলৈ ! উধম সিঙৰ কথাৰে- “সেই ৰাতি মই মৃত্যু দেখিছিলোঁ, কেৱল তায়েই মোৰ আপোন আছিল... আৰু পিছত সকলো আপোন হৈ পৰিছিল ! যেতিয়া মই ওঠৰ বছৰীয়া হৈছিলো তেতিয়া মোৰ শিক্ষাগুৰুৱে মোক কৈছিল- বোপাই, যৌৱন ভগৱানে দিয়া উপহাৰ । এতিয়া তোৰ ওপৰত নির্ভৰ কৰে তই এই উপহাৰটোক কিবা অর্থ দিয় নে তাক অথলে যাবলৈ দিয় ।” অ’দ্বেয়াৰক উধম সিঙে হয়তোবা ক্ষমায়েই কৰি দিলেহেঁতেন ! কিন্তু ২১ বছৰৰ পিছতো সেই বর্বৰ হত্যাকাণ্ডৰ বাবে সেই মানুহজন কেতিয়াও তিলমানো অনুতপ্ত নাছিল । …আৰু উধম সিঙে প্রতিশোধ লৈছিল ।

এয়া তো কোনো চিনেমাৰ কাহিনী নহয় । এয়া একেবাৰে সঁচা কাহিনী । সঁচা মানুহৰ কাহিনী । কিমান মানুহৰ কষ্ট-ত্যাগ-বলিদানৰ পিছত আজি আমি এনেকৈ জীয়াই থাকিবলৈ পাৰিছোঁ ! তাৰ পিছতো আমি কি কৰিছো ? আমি কিমানে জানো এই সকলৰ ত্যাগৰ কথা ? ভগত সিঙক হয়তো চিনি পায় আজিৰ ডেকা যুৱকে, কিন্তু কিমানে আচলতেই জানে তেওঁলোকৰ আন্দোলনৰ সৈতে জড়িত আদর্শৰ কথা ?

অথবা আমাৰ আজিৰ ল’ৰা-ছোৱালী কিমানে জানে বিষ্ণুৰাভা, পিয়লী ফুকন বা মনিৰাম দেৱানৰ কথা ? জানিবলৈ সুবিধা দিয়াও জানো হৈছে ? সেই ক’লা-বগা চিনেমাৰ দিনতে ‘পিয়লী ফুকন’ চোৱা মনত পৰে । বহুত কথা আমি জানিব লাগে, জনাব লাগে, মনত থ’ব লাগে ।

 

চিনেমাখনত উল্লেখ কৰা অনুসৰি ভাৰতে স্বাধীনতা পোৱাৰ ১০০ বছৰৰ পিছতো, আজিও বৃটিছ চৰকাৰে সেই হত্যাকাণ্ডৰ বাবে আনুষ্ঠানিকভাৱে ভাৰতক ক্ষমা প্রার্থনা নুখুজিলে ! এতিয়াও সেই অহংকাৰ !

জুৰি ব’র্দত থকা মেম্বাৰেও হেনো ২০২২ চনৰ অস্কাৰৰ বাবে চিনেমাখন মনোনীত নকৰিলে, কাৰণ- চিনেমাখনত ব্রিটিছৰ প্রতি থকা ঘৃণাক উপস্থাপন কৰা হৈছে । এতিয়াৰ গ্ল’বেলাইজেচ্যনৰ যুগত হেনো এনে ঘৃণাভাৱ লৈ থকা উচিত নহয় । কেৱল এই এটা কাৰণ ! আচৰিত যুক্তি ! যিটো হয়, সেইটো হয় বুলি নকৈ কি বুলি ক’ব লাগে ? কি বুলি দেখুৱাব লাগে ?

মোৰ বাবে দুখ লগা অন্য এটা কথা হ’ল- উধম সিঙৰ চৰিত্রটোত হেনো প্রথমে প্রয়াত ইৰফান খানক হে ভবা হৈছিল, কিন্তু তেওঁৰ শাৰিৰীক অসুস্থতাৰ হেতু সেয়া হৈ নুঠিল । চিনেমাখনৰ কোনো কোনো ঠাইত যেতিয়া ৱিক্কি কৌশলৰ ঠাইত ইৰফান খানক কল্পনা কৰি চাইছো, কি যে সাংঘাটিক অনুভৱ হৈছে বুজাব নোৱাৰি ! ৱিক্কি কৌশলৰ সুৰুঙা নথকা অভিনয়েও পূৰামাত্রাই চৰিত্রটোক জীয়াই তুলিছে; তথাপিও যেন… আসঃ… সেই মানুহজন যদি থাকিলেহেঁতেন… 

Post a Comment

0 Comments