‘A summer night dream’ or ‘an autumn leaf’

 



আলিয়া ভাট্ ! ষ্টাৰ কিড্ । নেপ’টিজম্ ! সাধাৰণ জ্ঞানৰ জ্ঞান নথকা বুলি তাইক লৈ প্রায়েই কৌতুক কৰা দেখা যায় । হুৱাটএভাৰ ইট ইজ ! তাইৰ এক্টিং কিন্তু বঢ়িয়া লাগে, বিশেষকৈ ‘হাইৱে’খন চোৱাৰ পিছৰেপৰা; যেতিয়া তাই কান্দে… এদিন বন্দী হৈ থকা ঠাইৰপৰা ৰাতি পলাই যাবলৈ লৈ আকাশখনৰ তলত বহি কান্দে… সকলোফালে এন্ধাৰ, যাবলৈ কোনো বাটেই নাথাকে… আৰু উভতি আহে পুনৰ বন্দী হৈ থকা ঠাইলৈকে… “Tu kuja mann kuja… sun meri bhi koi na mera… kya tujhe aabhass bhi mera…/  Where are you? Where am I? Listen to me too, there is no one mine… Do you have completely forgotten my existence?” আলিয়াই কান্দি থাকে…। কেতিয়াবা ৰাতিৰ এন্ধাৰ ওপঙি থকা আকাশখনলৈ চাই থাকো… ভাবো… আলিয়াৰ কথা মনলৈ আহে… গুণগুণাই চাওঁ- Tu kuja mann kuja…

দ্য দালাই লামাৰ “The Universe in a single atom” পঢ়ি আছিলো । ঠিক পঢ়ি থকা নাছিলো, দুশাৰীমান পঢ়ি ভাবি আছিলো ! ভাবি থকা কথাবোৰত শাৰীৰ সংখ্যাৰ হিচাপ অৱশ্যেই নাছিল ! ওপঙি থকা, ভাঁহি থকা যদি একেই হয় তেন্তে ভাবি ভাবি হয়তো তাকে কৰি আছিলো । ওপঙি ক’ত আছিলো ? আলিয়া ভাটে কান্দি কান্দি বহি থকা শুকান পথাৰখনৰ ওপৰত ! ভাঁহি ক’ত আছিলো ? আলিয়াই কান্দি কান্দি চাই থকা আকাশখনৰ তলত, এন্ধাৰৰ সৈতে ! প্রশ্নবোৰৰ উত্তৰ, সঠিক উত্তৰ কি হ’ব পাৰে… “Are the self and the universe eternal ? Are the self and the universe transient ? Is the mind the same as the body ?” উত্তৰবোৰ বিচাৰি দালাই লামাই ব্যাখ্যা কৰা বাকীবোৰ শাৰী পঢ়া হোৱা নাই এতিয়াও । The fundamental truth of “the way things really are” is described in the Buddhist writings as “emptiness,” or shunyata in Sanskrit. শূন্যতা ! শূন্যতাতে ভাঁহি থকা যাওক কিছু সময়– মন হওক বা শৰীৰ… উত্তৰবোৰ লৈ কি নো কৰিম !

“The evolution of a particular universe system is understood in terms of four principal stages: emptiness, formation, abiding and destruction.” সকলোবোৰ আৰম্ভ হয় শূন্যৰপৰা ! সৃষ্টিৰপৰা ধ্বংসলৈকে তেন্তে সকলোবোৰ আজিও নিয়ম কিছুমান মানিয়েই হৈ আছে । কিছুমান সূত্র । যোগাযোগ । আকর্ষণ । বিকর্ষণ… । শূন্যতাৰ সৃষ্টিৰ মূল বা কি আছিল ! শূন্যতাৰ হাতত ধৰিয়েই লাহে লাহে কিবা এটাই গঢ় লয়, সৰু সৰু শিলগুটিৰ সৌধ যেন… এটাৰ ওপৰত আন এটা বহুৱাই… । একেবাৰে ওপৰত থকা শিলগুটিটোৰ আকাৰ-ওজনৰ কিঞ্চিৎ হেৰ-ফেৰ হ’লেই খহি পৰে সেয়া । না বেছি, না কম । জোখৰ জোখাৰে মিলিব লাগিব ।

“Whichever element led to the destruction of the previous world system will act as the basis for the creation of a new universe.” মোক যিয়ে ধ্বংস কৰিব সিয়েই ক’ৰবাত নতুন সৃষ্টিৰ পাতনিও হ’ব । তেন্তে নো দুখ ক’ত, শেষ হোৱাৰ ? এনেকৈয়ে তো সৃষ্টি ব্রক্ষ্মাণ্ডৰো । ক’ৰবাত, কোনোৰ সৈতে সৃষ্টি হোৱা কোনো পৃথিৱীৰ ধ্বংস হৈ সৃষ্টি হয় অন্য এখন পৃথিৱীৰ… অন্য এখন ব্রক্ষ্মাণ্ডৰ ! সকলোবোৰ কথা ঠিক সেই ‘বিগ বেং’ৰ লেখীয়া- জুইৰ বল এটাৰ উষ্ণতা ক্রমে বাঢ়ি গৈছিল… এদিন ছিটিকি পৰিছিল সকলো… । ঠিক তাৰ পিছতেই উষ্ণতা এনে এটা বিন্দুলৈ কমি গৈছিল য’ত ‘নিউক্লিয়াছ’ৰ সৃষ্টি হৈছিল… যি আছিল নতুন সৃষ্টিৰ বীজ । ঠিক যেন নতুনকৈ গঢ় লোৱা প্রেমৰ দৰে !... আৰু ক’ৰবাত কিবা এটা যেন শেষ হৈ আহে…!

বিগ বেঙৰ আগত কি আছিল ? আছিল চাগৈ কিবা । মোৰ, আপোনাৰ অথবা তেওঁৰ কোনো এখন পৃথিৱী ধ্বংস হৈ অইন এখনৰ সৃষ্টি হোৱাৰ দৰে ! সেই যে সত্যটো- “emptiness” is “the way things really are”. সকলোবোৰ সেই শূন্য…! তাৰ মানে একো নোহোৱা-নথকা নিশ্চয় নহয় । নহয় নে ?

এইবোৰৰ সৈতে আলিয়া ভাটৰ নো কি সম্পর্ক ? একো নাই । আলিয়া ভাটে কান্দিলে ময়ো কান্দি পাওঁ কেতিয়াবা ! “Heera soi saraahiye, Sahe ghanan ki chot, Kapat kurangee maanva, Parkhat nikra khot…”; ‘হাইৱে’ৰ শেষত যে তাই পাহাৰীয়া ঠাইখনলৈ গুচি যায়; ‘মহাবীৰ’ক মনত পেলাই যে ৰাস্তাতে বহি কান্দে ! উমম… ময়ো কান্দো তেতিয়া ! সেইটোৱেই কথা ! সেইটো আলিয়াৰ ক্রেডিট !

“এই আকাশ বৰ বিশাল, এই পথাৰ বৰ ৰসাল, তেও কিয় লাগে উকা…” জয়ন্ত হাজৰিকাৰ পৃথিৱীখন কিয়বা জানো বিষাদৰ গোন্ধ এটাই মেৰিয়াই ৰাখিছিল ! ক’লা-বগা পৃথিৱী এখন সকলোৰে বুকুত থাকে চাগৈ । “...সোঁৱৰণি কুঁৱলীয়ে চিঞৰি চিঞৰি কয় অতীতৰ সীমাৰেখা নাই, সমুখতো দেখো আজি পুৰণি বাগৰি পৰে নতুনে মাথো ৰিঙিয়াই...।” কি বিচাৰি মানুহে কি হেৰুৱাই কোনে জানে । কি হেৰুৱাই কি বিচাৰে সেয়াও জানো জানে ? নজনা কথাই তো সৰহ ! অথচ আমি হেনো সকলো জানো ! ...এইযে অতীতকাতৰ, স্মৃতিকাতৰ মানুহবোৰ; ভাল লাগে, যি অতীতক ধুনীয়া কৰি ৰাখিব জানে- যি বর্তমানক ধুনীয়া কৰি ৰাখে অতীতৰ হেঙুলীয়া আবিৰ সানি ! বর্তমান- এই আছে এই নাই; ভৱিষ্যতৰ নো কি ঠিকনা, যদি কিবা সঁচাকৈ আছে সেয়া কেৱল অতীত ।

“...maine dil se kahan dhoond lana khushi, nasamajh laya gham, to yeh gham hi sahi…” চকুৰ পানীক কেৱল বৈ অহাৰ অজুহাত লাগে ! কেতিয়াবা আলিয়া, কেতিয়াবা ইৰফান, কেতিয়াবা ধনুশ, আৰু কেতিয়াবা… ! কেতিয়াবা খুদকণ ধূলি এটি অথবা ৰাস্তা হেৰুৱাই উৰি আহি চকুতে খুন্দা মৰা কোনো ক্ষুদ্রকায় পোক-পৰুৱা, নতুবা অতিপাত জ্বলা দিয়া আঞ্জাও হ’ব পাৰে । কেতিয়াবা পিয়াজ আৰু কেতিয়াবা অতিমাত্রা সুখ, সেয়াও তো হ’ব পাৰে ! হাঃ হাঃ … ! কিন্তু… যদিওবা ‘না-চমঝ দিল’ক সুখ আনিবলৈ কোৱা হোৱা নাছিল, তথাপিও- “মজা তো বচ্ ঘম মে আয়া হ্যে…!” নিবচৰাকে পোৱাতেই তো আচল সুখ ! কিয় বুলি সুধিলে অৱশ্যেই নাজনো ‘কিয়’ ! সকলো প্রশ্নৰ উত্তৰ নাথাকিবও তো পাৰে । নহয়নে ?

সিদিনা তৰালী শর্মাই পডকাষ্ট্ এটাত কৈ আছিল- “Everything is such a big zero but still you feel like living life most beautifully!” কথাবোৰ আছিল সংগীত সম্পর্কীয়… আত্মা, একাত্মীয়তা, লাইলা-মজনু, ছাফাকট্ আলী, কাৱিশ…। কৈছিল- “আইনাৰ আগত চাই যেতিয়া even you smile and when you say I’m really happy, you become happy from that moment.” হয় নে নহয় নাজানো । কাৰোবাৰ বাবে হ’ব পাৰে, কাৰোবাৰ বাবে নহ’বও পাৰে । কিন্তু মানো, যে অনবৰতে কোনো সুখী অথবা দুখী হৈ থাকিব নোৱাৰে । তেখেতে কোৱাৰ দৰে অৱশ্যে ময়ো- “very much instinctive!” সেয়া কেতিয়াবা ভালো, বেয়াও । “কাৱিশ”ৰ “নিন্দিয়া ৰে… জুগনু পঞ্চী প্যাৰে প্যাৰে…” শুনি শুনি কেতিয়াবা টোপনি যাওঁ… এতিয়াও ! …আৰু সেই deep, feel, আত্মা-একাত্মীয়তা বোলা কথাবোৰে লগত আবতৰীয়া শাওনকো লৈ আহে… আৰু ভাবো… even if everything seems like a big zero...; কথাবোৰ সহজ । সহজ কথাবোৰ কিন্তু কেতিয়াবা সহজ নহয় ! পৰীক্ষা-নিৰীক্ষায়ো হেনো প্রমাণ কৰিছে মানুহৰ বাওঁফালৰ মগজুৰ সৈতে সুখ-আনন্দ-সন্তুষ্টি আদি কথাবোৰ জড়িত আৰু দ্য দালাই লামাই কয়- “happiness is something we can cultivate deliberately through mental training that affects the brain.” দস্তুৰমত পাৰি, সেয়া এক সহজ কাম ! দুখ বুলি কোৱা অনুভৱৰ সৈতে, বুকুত বাজি ৰোৱা ‘ছেৰজা’ৰ সুৰৰ দৰে কথাবোৰৰ সৈতে নো মানুহে তেন্তে কিয় ওমলে ? দুখৰ দোষ সকলোতে কিয় ? দুখৰ সৈতে ওমলা সুখবোৰ হে দেখোন বেছি ধুনীয়া !

কথাবোৰ সেই শূন্যৰপৰা আৰম্ভ হৈ হৈ শূন্যতে শেষ হয় । আলিয়া, ইৰফান, কাৱিশ, ছাফাকট্… পাহাৰ, ফাগুন, দালাই লামা, বিগ বেং, বুদ্ধ… ক’ৰবাত সকলো একাকাৰ হৈ পৰে দেখোন- “the way things really are” is the “emptiness”.

The Dalai Lama says- “The world, according to the philosophy of emptiness, is constituted by a web of dependently originating and interconnected realities, within which dependently originated causes give rise to dependently originated consequences according to dependently originating laws of causality. What we do and think in our own lives, then, becomes of extreme importance as it affects everything we’re connected to.” মকৰাজাল ! সকলো নির্ভৰশীল । কোনেনো নুবুজে !

বুজিলেও মানি লোৱা-নোলোৱাৰ দোমোজা ! বেছিকৈ বুজিলেও হেনো বেয়া, নুবুজিলেও । বেছিকৈ অনুভৱ কৰিলেও হেনো বেয়া, নকৰিলেও । ‘বি প্রেক্টিকেল’ বুলি কৈ সময়ে নিজেই অপবাদ দিয়ে কিয় ইমান ‘ল’জিকেল’ বুলি; অনুভৱী হ’বলৈ কৈ উপহাস কৰে ‘অভাৰ ছেনচিটিভ’ বুলি ! যিয়েই নহওক সেয়া যে ‘dependently originated consequences’ সেইটোও মিছা নহয়, গতিকে সকলোৰে আৰম্ভণিটো নিজতেই । কথাটো হ’ল নিজে নিজক কিমান চিনা যায়, বুজা যায় আৰু মানি লোৱা যায় ।

নিজলৈ বুলি নিজৰ গল্প এটা লিখাৰ খুবেই মন আছিল ! শিৰোণাম হ’ব সেই- ‘a summer night dream’ অথবা ‘an autumn leaf’. অৱশ্যে শেক্সপিয়্যেৰৰ “মিডছামাৰ নাইট’ছ ড্রীম”ৰ সৈতে ইয়াৰ একো সম্পর্ক নাই; কিন্তু পিছৰ নামটো মোৰ বেচ মনে খাইছে ! ‘an autumn leaf’, সেইবুলি কিন্তু ই হালধীয়া সৰাপাতক মনলৈ লৈ আহিলে নহ’ব; সৰাপাত হ’লেও হ’ব লাগিব ‘সোণবৰণীয়া’ । মন থাকিলেও হৈ নুঠে কথাবোৰ, আজিও যি নহ’ল; শেষত, একো নুবুজিলেও ইউক্রেনিয়ান-ৰুছিয়ান গায়ক ‘ভিটাছ’ৰ an autumn leaf শুনি শুনি সামৰি থ’লো আৰম্ভণি নোহোৱা গল্পটো- “…Like an autumn leaf in the wind, I’m playing a strange game, Like an autumn leaf in the wind, I’ll erase myself from the memory…”

কথাবোৰ নুবুজিলেও কথা নাই, বুজিবই লাগিব বুলিও কথা নাই । আলিয়াই ক’মেডি নকৰে নেকি ? কৰে তো । ইৰফান খানে নাহাঁহিছিল নেকি ? হাঁহিছিল তো ! ‘কাৱিশ’ৰ “..জুগনু পঞ্চী প্যাৰে প্যাৰে…” শুনি টোপনিক মাতিলেও ‘বাদশ্বাহ’ৰ “…জুগনু…”ক শুনি নাচিবলৈ পৰা যায় ! Everything is all about what we choose to feel. কেতিয়াবা কথাবোৰৰ অর্থ নাথাকিলেও সেয়ে কথা নাই… যিদৰে ইমানবোৰ কথা লিখাৰ পিছতো একো অর্থ নোলাল ! কথাবোৰ ক’ৰবাত interconnected, বুজি পোৱাৰ বাবে । কথাবোৰ বাকী থাকি যায়… পাহাৰীয়া একা-বেঁকা পথৰ শেষ নথকাৰ দৰে !

নিলিখা গল্পৰ শিৰোণামটো “an dancing autumn leaf” লৈ সলাব পৰা যাব চাগৈ ! :) 

 

Post a Comment

0 Comments