এনেকৈয়ে... জীৱন, সপোন ইত্যাদি...



.... আৰু এনেকৈয়ে কথাত কথা লাগি কথাবোৰ হেৰায়!/ হেৰায়ো যেন নেহেৰায় সময়/ অচল ঘড়ীত সঠিক সময়!/ ঘড়ী সেই একেটাই... জীৱনৰপৰা মৃত্যুলৈ!

: কি হে অকলে অকলে বহি কোন মহাপুৰুষক স্মৰণ কৰিছা?

বর্ণালীক মূৰতে তর্জনী আঙুলিটোৰে টুকুৰিয়াই দি বর্ণিলে প্রায় চিঞৰি কোৱাৰ দৰেই ক’লে।

বর্ণালীয়েও তর্জনী আঙুলিটো ওঁঠত ৰাখি তাক লাহে লাহে ক’বলৈ ইংগিত দি ক’লে-

: তোমাৰ দৰে মহাপুৰুষক যে স্মৰণ কৰা নাই তাত নিশ্চিন্ত থাকা।

: হাঃ হাঃ হাঃ । ৰ’বাহে, কি কোৱা? মহাপুৰুষ হ’বলৈ এতিয়াও যোগ্য হৈ উঠা নাই। আগতে কোনোবাই পুৰুষ বুলিয়েই গ্রহণ কৰকচোন!

অভিলাষাই কোৱা কথাবোৰ ভাবি ভাবি বর্ণালী লাইব্রেৰীতে বহি আছিল।

: জানা বর্ণি, আমি বহু সময় একেলগে কটাইছিলো। কিমান যে কথা পাতিছিলো! চাগৈ ময়েই ভুল আছিলো! বর্ণিলে মোক ভালপোৱা নাছিল কেতিয়াও। আৰু চোৱা, মোৰ তো একোৱেই নাই! তুমি সদ্য প্রস্ফুতিত ফুল আৰু তোমাৰ কাষত মই মৰহা ফুলৰ দৰে! নথকাখিনিক লৈ মোৰ আক্ষেপ নাই বর্ণি। কাৰোৰে ওচৰত অভিযোগো নাই। তোমাকো মই কেতিয়াও বেয়া পোৱা নাই জানিবা। তুমি মোৰ ভাল বন্ধু। কিন্তু মই জানো, মই ভালপোৱাৰ দৰে বর্ণিলক কোনেও ভাল পাব নোৱাৰে। সেইখিনিয়েই মোৰ অহংকাৰ। মই যামগৈ বর্ণি। তাৰ কাষৰপৰা বহু দূৰলৈ। বহুত আমনি দিলো, আৰু নিদিওঁ। মোৰ ট্রেন্সফাৰ গ্রান্ট হৈ গ’ল! তুমি ভার্জিনিয়া উলফৰ ‘অ্যা ৰুম অব ওৱানছ অ’ন’ পঢ়িছা বর্ণি? তেওঁ লিখাৰ দৰেই মই সম্পূর্ণ একান্ত নিজা এখন ঘৰত থাকিম, য’ত মোৰ স্মৃতিখিনিৰ বাদে আন কোনেও আমনি কৰিব নোৱাৰে। ইচ্ছা-অনিচ্ছা, অধিকাৰ সকলো মোৰ। তাত কোনেও হস্তক্ষেপ কৰিব নোৱাৰে। সম্পূর্ণ স্বাধীন হ’ম মই!

কথাখিনি কৈ অভিলাষাই যি টো হাঁহি মাৰিলে, ইমান বিষাদ সনা হাঁহি দেখা নাছিল তাই! অভিলাষাক কি ক’ব বর্ণালীয়ে একো ভাবি পোৱা নাছিল। বর্ণালীয়ে ভুলতেও বর্ণিলক কোনোদিন ভাল পোৱা নাই। তাই এইখন কলেজত সহকাৰী অধ্যাপিকা হিচাপে যোগদান কৰা এবছৰ হে হৈছে। অভিলাষাহঁত আগৰেপৰাই আছে। সমবয়সীয়া হোৱাৰ বাবে বর্ণিল, অভিলাষাহঁতৰ লগত তাই বন্ধুত্বসুলভ আচৰণেই কৰে। কিন্তু তাই বুজিছিল বর্ণিলে তাইক সেই দৃষ্টিৰে নাচায়। সি বহুবাৰ তাইক ভালপোৱাৰ প্রস্তাৱো দিছে। আৰু প্রতিবাৰেই তাই তাৰ প্রস্তাৱক নাকচ কৰিছে।

: ভুল নুবুজিবা অভিলাষা। মই বর্ণিলক কেতিয়াও ভাল পোৱা নাই। জানো, তুমি তাক ভালপোৱা। সিও তোমাক ভাল পায়।

: মিছা সান্ত্বনা কিয় দিছা বর্ণি। সি মোক আজিকালি দেখিবই নোৱাৰে। মাতষাৰো ভালকৈ নিদিয়ে। এনেকৈ নোৱাৰো মই! কষ্ট হয় মোৰ! মই আৰু তাক অশান্তি দিব নিবিচাৰো।

তাই হুকহুকাই কান্দি দিছিল। বর্ণালীয়ে বৰ অসহায় অনুভৱ কৰিছিল সেই মুহূর্তত। সকলোবোৰৰ বাবে যেন দায়ী তাই নিজে!

: কি হে ক’ত হেৰালা আকৌ?

বর্ণিয়ে সন্মুখত বহি থকা বর্ণিলৰ কথা পাহৰিয়েই গৈছিল। অভিলাষাৰ কথাবোৰে মূৰত পাকঘুৰণি খাই আছিল।

: চোৱা বর্ণিল, তোমাক আগতেও বহুবাৰ কৈছো যে মোৰ জীৱনটোত কেৱল মই! গতিকে তুমি মোৰপৰা আতৰি থাকিলেই ভাল পাম। বন্ধু হৈ থাকা, তাত আপত্তি কৰিবলৈ একো নাই মোৰ। কিন্তু তাতকৈ বেছি যেন একো নাভাবা।

: ইমান খঙেৰে কৈছা যে?

: ভালকে কওঁতে তুমি বুজা নাই বাবে কৈছো এনেকৈ।

: পাৰিবা অকলে থাকিব? জানানে আমি মানুহবোৰ কেনেকুৱা? পাৰিবানে মানুহৰ হাজাৰটা কথাক আওকাণ কৰিব? আমাৰ মানুহবোৰৰ স্বভাৱজাত উৎসুকতা থাকে যে “অকলশৰীয়া ছোৱালীজনী কেনেকৈ থাকে? কি কৰি থাকে? বন্ধ ৰূমত অকলে থাকে! কি বা কৰে! কি বা খায়! কেনেকৈ বহন কৰিছে এই একাকীত্ব? এই কৌতূহলৰ বাবে যিবোৰ প্রশ্ন উত্থাপিত হ’ব, তুমি নিশ্চিত থাকা, প্রশ্নবোৰৰ বেছিভাগেই হ’ব অসামাজিক!”

: একাকীত্ব মানেই জানো বিষাদ বা বিষণ্ণতা? বন্ধ দুৱাৰৰ সিটো পাৰে জানো কেৱল অসামাজিক কামেই হয়? খোলা দুৱাৰৰ কোঠালি এটাতকৈ বন্ধ দুৱাৰৰ কোঠালি এটাৰ ভিতৰখন আমি কিয় বাৰু বেছি স্পষ্টকৈ দেখো? আমি বিচাৰিলে একাকীত্বকো উপভোগ কৰিব পাৰো বর্ণিল। কোনোবা কায়িক ভাৱে কাষত থাকিবই লাগিব বুলি কথা নাই যদিহে সেইজনৰ স’তে তোমাৰ আত্মিক সংযোগ আছে! কোনোবাই যদি তোমাক একাকীত্বক গ্রহণ কৰিবলৈ বাধ্য কৰিছে সেইয়া তোমাৰ বাবে নিশ্চয় গ্রহণীয় নহ’ব। কিন্তু মই মোৰ জীৱনটোক এনেদৰেই স্বেচ্ছাই গ্রহণ কৰিছো। গতিকে জীৱনে দিয়া একাকীত্বৰ বাবে মোৰ কোনো অভিযোগ বা অনুশোচনা নাই। এইটোও হয় যে মানুহ স্বাভাৱিকতে সংগপ্রিয়। কিন্তু চাবাচোন বহুতৰ মাজত থাকিও তুমি নিজকে কেতিয়াবা অকলশৰীয়া অনুভৱ কৰিছা আৰু সেই সমাগমৰপৰা আঁতৰি আহি দীঘলকৈ উশাহ লৈ অনুভৱ কৰিবা যে নিঃসংগতাহে তুমি বেছি উপভোগ কৰিছা।

: তেনে নিঃসংগতা কিন্তু ক্ষন্তেকলৈহে ভাল লাগে। যেতিয়া তুমি গ্রহণ কৰা একাকীত্বই আমুৱাব, তেতিয়া তুমি কি কৰিবা? এজন সংগীৰ প্রয়োজন অনুভৱ নকৰিবানে? এজন পুৰুষ সংগীৰ?

: কেৱল পুৰুষ সংগীৰ কথাই কিয় ভাবিলা তুমি? মোৰ কাষত কোনো নাই বুলিয়েই জানো মই আত্মহত্যা কৰিবলৈ যাম?! কোনোবা নাৰীও তো মোৰ সংগী হ’ব পাৰে। পুৰুষ বন্ধু এজন থকা মানেই তুমি ক’ব বিচাৰিছা নেকি সেই সম্পর্কত কেৱল উপভোগৰ তাড়না থাকে? শৰীৰী আকর্ষণ থাকে? নাৰী পুৰুষৰ সম্পর্কত প্রেম আৰু আস্থাৰে সিক্ত আন্তৰিক টান থাকিব নোৱাৰে নেকি? মই একাকীত্বক আদৰি লৈছো মানে এইটো নহয় যে সেই স্বাধীনতাৰ সুবিধা লৈ মই উচ্ছৃংখল জীৱন এটা যাপন কৰিম, গোটেই সমাজখনকে বর্জন কৰিম! যদি কোনোবাই একাকী জীৱন এটাক আদৰি লৈছে তেন্তে তেওঁ নিজৰ বাবে লক্ষ্মণৰেখা এডাল টানি লোৱাৰো সাহস কৰিব পাৰিব লাগিব।

: ইমান সহজ নে? তুমি নাৰী বাবেই আত্মপক্ষ সমর্থন কৰি কৈছা। নাৰীয়ে পুৰুষ সংগীৰ উপস্থিতিহে উপভোগ কৰে। একাকীত্বক কোনেও উপভোগ কৰিব নোৱাৰে। তুমি কল্পনাবিলাসী মানুহ, ই তোমাৰ উদ্ভট চিন্তাৰ বাদে আন একো নহয়!

: তুমি যিমানেই যি নোকোৱা কিয়, সকলো মানুহেই অকলশৰীয়া! চোৱা বর্ণিল, মই যে ফেমিনিষ্ট নহয় তুমি জানাই। এগৰাকী মাত্র নাৰীয়ে জানো গোটেই নাৰী জাতিটোকে প্রতিনিধিত্ব কৰে? তুমি ক’বা নেকি যে তোমাৰ দেউতাই সমস্ত পুৰুষ জাতিটোক প্রতিনিধিত্ব কৰিছে?

হঠাতে মুখৰপৰা ওলাই গ’ল কথাষাৰ। বর্ণিলৰ দেউতাকৰ প্রসংগটো মই উলিয়াব নালাগিছিল। মই তেনেকৈ কোৱাৰ বাবে বর্ণিলে তলমূৰ কৰিলে। খং, শোক, অভিমান নে হীনমন্যতাত জানো তাৰ কাণ-মুখ ৰঙা পৰিল মই সঠিককৈ অনুমান কৰিব নোৱাৰিলো। বর্ণিলে বর্ণালীক কৈছিল এদিন তাৰ ঘৰৰ কথা, শৈশৱৰ কথা_ মদ খাই ঘৰত হুলস্থূল কৰা দেউতাকৰ কথা, মাকক কৰা অত্যাচাৰৰ কথা, দেউতাকৰ চাকৰিটোৰো যোৱা-থোৱা হোৱা অৱস্থাৰ কথা, সি দেউতাকক ভাল নোপোৱাৰ কথা...

: বেয়া নাপাবা বর্ণিল। তোমাক দুখ দিয়াৰ অভিপ্রায় মোৰ অকণো নাই। কথা প্রসংগত কথাষাৰ ওলাল! তুমিয়েই এবাৰ ভাবি চোৱাচোন তোমাৰ ‘মা’ৰ কথা। তেখেতো এগৰাকী নাৰী। তুমিয়েই কৈছিলা দেউতাৰ অত’ অত্যাচাৰৰ পিছতো দেউতাৰ সাধাৰণ পানী লগা-জ্বৰ হ’লেও তেওঁ কিমান চিন্তিত হৈ উঠে। ঘৰলৈ উভতি আহোঁতে ক্ষন্তেক পলম হ’লেই তেওঁ সংকিত হৈ পৰে। তুমি জানো মা’ৰ পক্ষ নল’বা? মা’ৰ সহনশীলতাই জানো তোমাৰ চকুত তেওঁক বেছি শ্রদ্ধাৰ পাত্রী কৰি তোলা নাই? মই যদি মা’ৰ পক্ষ লওঁ তুমি ক’বা নেকি যে মই ফেমিনিষ্ট?

তুমি কেতিয়াবা চেষ্টা কৰিছানে দেউতাক বুজিবলৈ? তেওঁৰ মনোজগতত কি চলি থাকে তাৰ বুজ লৈছানে কেতিয়াবা? একেলগে কেতিয়াবা ক’ৰবাত ফুৰিবলৈ গৈছানে? লগৰবোৰৰ সৈতে দেউতাক চিনাকী কৰি দিছানে কেতিয়াবা?

কি জানানে বর্ণিল, ইনট্রভার্ট মানুহবোৰে বহুত কথা ভাৱে, নিজৰ স’তে কথা পাতে, বহুত সমস্যাই কেতিয়াবা ভিতৰি ভিতৰি খুলি খালেও কাৰোৰে স’তে ভগাই ল’ব নোৱাৰে, ক’বলৈ ভয় কৰে কিজানিবা কোৱাবোৰ আনে ভুল বুজে! হয়তো তেওঁলোকৰ সাহস আৰু আত্মবিশ্বাস অলপ কম। সেয়ে হয়তো হীনমন্যতাতো ভুগে! সিয়েই নিচাজাতীয় বস্তুৰ কাষ চপাই লৈ যায় বহুতক। তুমি যেতিয়া তেওঁলোকৰ ওচৰলৈ যাবা দেখিবা যে অজস্র নোকোৱা কথাৰে ঠাহ খাই আছে মনৰ ভিতৰখন! সেইখিনি কাৰোবাক ক’ব পাৰিলেই তেওঁলোক তোমাৰ স’তে সহজ হৈ উঠিব। তোমাৰ মনত পৰেনে তুমি শেষবাৰ কেতিয়া দেউতাৰ স’তে বন্ধুৰ দৰে কথা পাতিছিলা? কেতিয়া তেওঁৰ স’তে একেলগে বহি ভাত খাইছিলা?

: যিজন মানুহক সৰুৰে পৰা ঘৃণা কৰিবলৈ শিকিলো, তেওঁৰ স’তে বন্ধুৰ দৰে থকাটো মোৰ বাবে কেতিয়াও সম্ভৱ নহয়।

: আমি মানুহবোৰ এনেকুৱাই বর্ণিল। ভালপোৱা মানুহক ভালপাবলৈ হাজাৰটা অজুহাত উলিয়াই লওঁ আৰু বেয়া পোৱাজনক বেয়া পাবলৈ এটা অজুহাতেই যথেষ্ট! নহয়নে? সৰুতে মা-দেউতাৰ আঙুলিত ধৰিয়েই আমি বাট নুবোলো জানো? আমি যেতিয়া ডাঙৰ হওঁ তেওঁলোকে আমাৰ আঙুলিত ধৰি খোজ কাঢ়িব বিচাৰে। সেইয়া তেওঁলোকৰ বাবে কেনে ধৰণৰ সুখ সেইয়া তুমি বা মই এতিয়া অনুভৱ কৰিব নোৱাৰো! তুমি যেতিয়া তেওঁলোকৰ ঠাইত নিজে থাকিবা তেতিয়া অনুভৱ কৰিবা। মা-দেউতাই হওঁক বা আন যিকোনো সম্পর্কই হওঁক য’ত ভালপোৱা থাকে, শ্রদ্ধা থাকে তাক আমি লুকুৱাই নথওঁ কেতিয়াও। ভাবি চোৱাচোন মা-দেউতাক লৈ তুমি ওলাই গৈছা কেনিবা; তেওঁলোকে তোমাক লৈ গর্ব কৰিছে আনৰ আগত আৰু তেওঁলোক গাঁৱলীয়া অজলা, স্মার্ট নহয়, তোমাৰ চ’ কল্দ চ’চাইটিৰ লগত নিমিলে বুলি তুমি আগে আগে গৈছা তেওঁলোকৰ মাজত যথেষ্ট ব্যৱধান ৰাখি, লগৰবোৰৰ স’তে চিনাকী কৰাই দিয়াৰ পৰা খুউব সাৱধানে আতঁৰি আছা... তেওঁলোকৰ কেনেকুৱা অনুভৱ হ’ব ভাবাচোন! ধৰি লোৱা তুমি মোৰ খুউব ভাল বন্ধু। অথচ তোমাৰ স’তে থাকিও যদি তোমাক মই লগ পোৱা কোনো বন্ধু বা আত্মীয়ৰ স’তে চিনাকী কৰি নিদিওঁ তেতিয়া তুমি হীনমন্যতাত নুভুগিবা নে? তুমি ফিল্ নকৰিবা নে যে মোৰ বাবে ইউ আৰ লেচ্ দেন আদাৰচ্!? তাৰ মানে টো এনেকুৱা হ’ব পাৰে যে তোমাৰ হয় কিবা এটা আছে (যি টো মোৰ ষ্টেটাচৰ লগত নিমিলে!) বা হয় কিবা এটা নাই (মোৰ স’তে ভাল সম্পর্ক এটা থাকিবলৈ হ’লে যি টো থকাটো জৰুৰীৰ দৰে!) যাৰ বাবে মই তোমাক মোৰ বন্ধু বুলি আনৰ আগত চিনাকী দিবলৈ টান পাইছো! নহয়নে?

: ইমান সহজ নহয় বর্ণি! যাৰ স’তে এটা গেপ্ আহি গ’ল, তেওঁক ইমান সহজে সাৱটি ল’ব নোৱাৰি। মানো, দেউতাই মোক সকলো যোগাৰ দিলে যাৰ বাবে মই আজি ইয়াত। কিন্তু সন্তানে মাক-দেউতাকৰপৰা কেৱল সেয়াই নিবিছাৰে।

: বুজি পাওঁ ময়ো। কিন্তু দেউতা নো কি সমস্যাত ভুগি তেনেকুৱা হৈছিল তুমি জানো বুজিবলৈ চেষ্টা কৰিলা কোনোবা দিন? বাৰু, এইখিনি বাদ দিছো। আচলতে মই বুজাব খুজিছিলো যে তোমালোকে নাৰীক হে দুর্বল বুলি ভাবা, নাৰীয়েহে যেন মাথোঁ আশ্রয় বিচাৰি ফুৰে। তোমালোকৰ ভাৱধাৰাটো এনেকুৱা যে পুৰুষে সকলো সমস্যা, উপেক্ষা, কঠোৰতা হেলাৰঙে অতিক্রম কৰি যাব পাৰে। নাৰীৰ হে যেন একোখন অন্তর্জগত থাকে যাক পুৰুষে বুজি নাপায় বুলি হততে অভিযোগ তোলা হয়। নিৰাপত্তা কিন্তু সকলোৱে বিচাৰে বর্ণিল, আশ্রয় সকলোকে লাগে। তোমাৰ মা-দেউতাৰ কথাকে ভাবা। দেউতাক লৈ অত’বোৰ সমস্যাৰ পিছতো মা’ই কিন্তু স্বাভাৱিক ভাৱেই দেউতাৰ লগতে তোমাৰ জীৱনটোকো চম্ভালি আছিল। এনেকুৱা তো নাছিল যে সমস্যাবোৰে মা’ক ভাঙি পেলোৱা নাছিল, আঘাট পোৱা নাছিল, ভিতৰি হয়তো সমস্যাবোৰে মা’ক বিধস্ত কৰিছিল। কিন্তু বাহিৰৰপৰা সেইয়া জানো অনুমেয় আছিল? অথচ দেউতা হয়তো কোনো সমস্যাত পৰিয়েই তেনেকুৱা হৈছিল, নিচাপ্রীতি বাঢ়ি গৈছিল। সেই সময়ত যদি তোমাৰ দৰেই মা’ও দেউতাৰপৰা আতৰি আহিলহেঁতেন? মা’ৰ স্নেহ আৰু আস্থাৰ হাতখনেহে দেউতাক আজিৰ স্বাভাৱিক মানুহজন কৰি ৰাখিছে। দেউতাই সেই আশ্রয় মা’ৰ ওচৰতে পাইছে। পৰস্পৰৰ প্রতি থকা বিশ্বাসেই তেওঁলোকক অনুভৱ কৰোৱাই যে তেওঁলোক ইজনে সিজনৰ ওচৰত কিমান নিৰাপদ!

: তুমি আচলতে মোৰ মা’ক সমর্থন কৰিছানে দেউতাক? নিজে নাৰী হৈ পুৰুষ এজনৰ বাবে ওকালতি কিয় কৰিছা?

: ওকালতি কৰা নাই। মই যি ভাবো সেইয়া কৈছো। নাৰী নাৰীয়েই, পুৰুষো পুৰুষেই। এজন আনজনৰ পৰিপূৰক। তাকে লৈ তর্ক কৰাৰ মানে নেদেখো মই। মোৰ এগৰাকী খুড়ী আছে। সুবিধা পালেই নিজে ‘হাউচ ওৱাইফ’ বুলি বিষোদগাৰ জাহিৰ কৰে। খুড়া নির্জু, কথা কম কয়। খুড়ীৰ সদায় আপত্তি_ ঘৰ, ল’ৰা-ছোৱালী, মানুহজন, পাকঘৰ, শাহু-শহুৰক লৈয়েই হেনো খুড়ীৰ জীৱনটো শেষ হ’ল! সেইজনী খুড়ীয়েই মাহেকত এবাৰ বিউটি পার্লাৰ নোযোৱাকৈ নাথাকে। লেটেষ্ট ডিজাইনৰ দামী শাৰীখন কিনিবলৈ বাদ পৰি নাযায়। কিন্তু সেইখিনি কৰিবলৈ তেওঁ কিয় আৰু কাৰ বাবে পাৰিছে সেইটো ভাবি নাচায়! সাজি-কাচি ওলাই যাওঁতে খুড়াই তো কোনোদিন মানা কৰা নাই তেওঁক। হাজাৰ ব্যস্ততাৰ মাজতো খুড়ীক লৈ ওলাই গৈছে খুড়ীৰ পচন্দৰ ঠাইলৈ। তেওঁ বিচৰাখিনি নিদিয়াকৈ থকা নাই। কিন্তু এনে লাগে পুৰুষৰ নিন্দা তেওঁতকৈ বেছি ভালকৈ কোনেও কৰিব নোৱাৰিব যেন! মেলে মিটিঙে নাৰীৰ সম অধিকাৰৰ ওপৰত ভাষণ দিয়ে। কিন্তু সেইজন মানুহেই জানো তেওঁক শাৰীৰিক-মানসিক সাহচর্য যোগাই থকা নাই? চাগে’ এনে বহু নাৰীয়ে হীনমন্যতাত ভুগি পুৰুষৰ নিন্দা কৰে। নিজে কৰিব নোৱাৰাখিনিৰ বাবে, নোপোৱাখিনিৰ বাবে পুৰুষ জনকেই জগৰীয়া কৰে। তেনে নাৰীৰ পিতৃ বা ভাতৃ জনো জানো পুৰুষ নহয়? নিজে কিমান কষ্ট মূৰ পাতি লৈ পিতৃয়ে নিজৰ কন্যাক ডাঙৰ-দীঘল কৰে। হাউচ ৱাইফ বুলি অসন্তুষ্টি লৈ থকাটোও অর্থহীন নহয়নে? এখন ঘৰক জানো এজনী নাৰীয়েই তুলি ধৰি নাথাকে? সেইয়াওতো সকলোৱে নোৱাৰে। তেনেস্থলত নিজক লৈ অসন্তুষ্টিৰ কি কাৰণ থাকিব পাৰে? সেইয়া তো খুড়ীৰ বাবে গৌৰৱৰ কথা হ’ব লাগিছিল। সেইখিনি যোগ্যতাক আকৌ বেলেগে প্রতিপন্ন কৰি দিলেহে হয় নেকি?

: তুমি কথা এটা মন কৰিছানে বর্ণালী? তুমি যিবোৰ কথা মোক কৈ আছা সেইবোৰে কিন্তু তুমি বিচৰা একাকী জীৱনটোৰ বিপৰীতে হে যুক্তি দি আছে। তুমি যে খুউব ল’নলি ফিল্ কৰা আৰু কাৰোবাৰ সংগ বিচাৰা সেইটোহে স্পষ্ট কৰিছে তোমাৰ কথাবোৰে।

: হ’ব পাৰে! সকলোৱে দেখাৰ দৰে ময়ো দেখিছিলো এখন ঘৰৰ সপোন! নিজা এখন ঘৰৰ! প্রেমময় এখন ঘৰৰ সপোন! মানুহৰ সব সপোন যদি সঁচা হ’বলৈ লয় মানুহে দেখোন সপোন দেখিবলৈকে এৰিব! নহয়নে? কিন্তু সেইখিনি সময় মই পাৰ কৰি আহিলো। আজি মোৰ যি আছে সেইখিনিক লৈ সুখী মই। ময়ো জানো, জীৱন আৱেগেৰে চালিত নহয়।

: এই অকলশৰীয়া জীৱন কটাবলৈ লোৱা সিদ্ধান্ত টো জানো তোমাৰ আৱেগৰেই ফচল নহয়? তুমি এতিয়াও জানো কাৰোবালৈ ৰৈ থকা নাই?

: মই কাৰোলৈকে ৰৈ থকা নাই বর্ণিল। এতিয়া, এই যে মোৰ স’তে থকা এই সময়খিনি, এইখিনিক লৈ সুখী মই। মই তেওঁক অনবৰতে লৈ ফুৰো মোৰ লগতে। তথাপি কেতিয়াবা অনুপস্থিতিক অনুভৱ কৰো। এনে লাগে যেন এইমাত্র বাজি উঠিব ম’বাইলত তেওঁৰ নম্বৰত চেভ কৰি থোৱা সেই বিশেষ ৰিংটন! কেতিয়াবা নাবাজিলেও এনেয়ে শুনি পাওঁ! ম’বাইলত মেছেজ অহাৰ শব্দটো শুনিলেই আগ্রহেৰে খুলি চাওঁ কিজানি তেওঁৰেই কিবা মেছেজ! হাজাৰ ব্যস্ততাৰ মাজতো তেওঁক মোৰপৰা আতঁৰাই থ’ব নোৱাৰো। আচলতে তেওঁৰ অনুপস্থিতিতো মই শুনো তেওঁৰ সজীৱ কণ্ঠ! আৰু সেই মাতষাৰেই মোক সাহসী কৰে জীয়াই থাকিবলৈ।

: তুমি ইমান অনুভৱী ছোৱালীজনী হৈ কিয় আৰু কেনেকৈ মোৰ ক্ষেত্রত ইমান কঠোৰ হ’ব পাৰা? নালাগে বাৰু মোক ভাল পাব! মোৰ কাৰণে অকণমান সহানুভূতিও নাজাগে নে তোমাৰ?

: সহানুভূতি দুর্বল মানুহে বিচাৰি ফুৰে বর্ণিল। আৰু মই জানো তুমি দুর্বল নহয়। তুমি জীৱন যুদ্ধৰ এজন সাহসী যোদ্ধা। মোৰ দৰে সাধাৰণ ছোৱালী এজনীৰ সহানুভূতি বিচাৰি ফুৰাটোৱে তোমাক শোভা নিদিয়ে।

হাঁহি মাৰি কোৱা কথাষাৰে বর্ণিলক জব্দ কৰিলে। সি কিবা ক’বলৈ বিচাৰি থকাতেই থাকিল! বর্ণালীৰ লগত কথাৰে সি কেতিয়াও জিকিব নোৱাৰে। বহুত বন্ধু-বান্ধৱী লগ পালে বর্ণিলে। কিন্তু এই বর্ণালীজনী যেন কাৰোৰে লগত নিমিলে। সকলোৰে লগত বন্ধুত্বসুলভ আচৰণ তাইৰ। কোনেও বেয়া নাপায় তাইক। কিন্তু কেতিয়াবা ঘচ্ কৈ এনেকুৱা এষাৰ কথা কৈ দিব অনুভৱ হয় তাই যেন কাৰোলৈ মায়া-মৰম নথকা এজনী ৰুক্ষ প্রকৃতিৰ নাৰী! যি অলপ ওচৰৰপৰা তাইক পাইছে তেওঁহে জানে আচলতে তাই কি। কোনেও নাজানিলেও বর্ণিলে জানে তাই যে সৰু সৰু কথাতে কান্দে, খুউব বেছি আৱেগিক তাই। কিন্তু সেইয়া কোনেও কেতিয়াও নেদেখে। কিবা এক অদ্ভুত জেদত তাই নিজকে শামুকৰ খোলা এটাতহে যেন সুমুৱাই থয়, অথচ ভিতৰি তাই তেনেই থুনুকা!

: অভিলাষাই ভাল পায় তোমাক। তাইৰ স’তে ভালকৈ কথা কিয় নাপাতা তুমি? মই আছো বাবেই তুমি তাইৰপৰা আতৰি আছা, আতৰি থাকিবলৈ অজুহাত এটা পাইছা। মোৰ সন্মুখতে কেতিয়াবা ইমান বেয়াকৈ তাইক অৱহেলা কৰিছা। তাই তো তোমাক কেতিয়াও বেয়া ব্যৱহাৰ নকৰে। মাতষাৰ অন্ততঃ ভালকৈ দিব পাৰা। কাৰোবাৰ ভাল মাত এষাৰে কাৰোবাক বহুত কিবাকিবি দিব পাৰে বর্ণিল। এটা সময়ত মই বন্ধ ৰূমৰ বেৰকেইখন আৰু ওপৰৰ চিলিং খনৰ লগতেই কথা পাতিছিলো! ভাবা চোন তুমি মোৰ সন্মুখত বহি কথা কৈ আছা, কিবা এটাৰ উত্তৰ বিচাৰিছা, তোমাৰ হাঁহিবলৈ মন গৈছে মোৰ স’তে অথবা অকণমান উচুপি কিবা দুখ পাতলাব খুজিছা; মই খুউব মনোযোগেৰে শুনিলো তোমাৰ কথাবোৰ আৰু এটাও শব্দ উচ্চাৰণ নকৰাকৈ তোমাৰ কাষৰপৰা উঠি গুচি গ’লো!! তুমি তেতিয়া কি কৰিবা? আজি তোমাক মই নামাতিলো। কালিলৈ যদি মোৰ মাতষাৰ একেবাৰেই নাথাকে?!

: ভালপোৱাবোৰক কেতিয়াও উপেক্ষা কৰিব নোৱাৰি বর্ণালী। অভিলাষাই মোক ভাল পায়, সেইটো তাইৰ দোষ! মই স্পষ্টকৈ কৈ দিছো যে তাইক মই ভাল নাপাওঁ। তাৰ পিছতো তাই যদি মোৰ লগে লগে থাকিব খোজে মই তো ক’বই লাগিব আতৰি থাকিবলৈ। তাই চাগে’ তোমাক মোৰ কথা কিবাকিবি লগাইছে!

: ময়ো তোমাক ভাল নাপাওঁ বর্ণিল! সেইটো তুমিও জানা। তথাপিও তুমি জানো মোৰপৰা আতৰি গৈছা? তুমিয়েই কৈছা ‘ভালপোৱাবোৰক উপেক্ষা কৰিব নোৱাৰি।’ অভিলাষাই ভাল পায় তোমাক। সেয়ে তোমাক নিজৰপৰা আঁতৰ কৰিব পৰা নাই। তোমালোক কলেজৰপৰা একেলগেই পঢ়িছা। মোক লগ পোৱাৰ আগতে তুমি তাইকেই ভাল পাইছিলা। মই নথকাহেঁতেন তুমি জানো তাইকেই ভাল পাই নাথাকিলা হয়?

: মই বিচৰা বহুত কিবাকিবি তাইৰ ওচৰত নাই!

: বৰ লঘূ কথা এষাৰ কৈ দিলা বর্ণিল! উচ্চতা কোনে নিবিচাৰে। ফিজিকেল হেইটেই হওঁক, চ’চিয়েল ষ্টেটাচেই হওঁক, টকা-পইচাই হওঁক, জ’ব প’জিচনেই হওঁক... যিয়েই নহওঁক কিয় সকলোৱে উচ্চতাত থাকিব বিচাৰে। চাপৰ ছোৱালী এজনীতকৈ ওখ-পাখ লাহী ছোৱালী এজনীক আমাৰ ভাল লগাৰ দৰে, ৩৬-২৫-৩৬ ফিজিকেল ষ্টেটিক্সৰ ছোৱালী এজনী জীৱনসংগী কৰিবলৈ বিচৰাৰ দৰেই মাহেকৰ মূৰত পাঁচটা সংখ্যাৰ শকত দৰমহা এটা, আনৰ চকুত পৰাকৈ ধুনীয়া ঘৰ এটা, এখন ফ’ৰ হুইলাৰ, সকলোৱে সমীহ আৰু সন্মান কৰি থকাকৈ চ’চিয়েল প’জিচন এটা তুমিও জানো নিবিচাৰা?

: সেইখিনি কোনেনো নিবিচাৰে। সকলোৱে বিচাৰে। হয়তো তুমি নিবিচাৰা! অভিলাষাক ভালপোৱা নাছিলো মই। ভালহে লাগিছিল। এতিয়া চাগে’ তোমাৰ প্রতি তাইৰ ঈর্ষা জাগিছে!

: এইখিনিতে তুমি বহুতৰপৰা অলপ বেলেগ বুলি ভাবিছিলো মই! কিন্তু নহয় চাগে’! ভাললগাৰপৰা ভালপোৱাখিনিক কেনেকৈ পৃথক কৰিছা? যদি মই নাথাকিলোহেঁতেন তেতিয়াও তুমি এনেদৰেই ক’ব পাৰিলাহেঁতেন নে? মোক ঈর্ষা কৰিব লগীয়াকৈ মোৰ একো নাই বর্ণিল। মই নিজেহে দোষী অনুভৱ কৰো তাইৰ ওচৰত। তুমি এবাৰো ভাবি চোৱা নাই তুমি চুব খোজা উচ্চতালৈ আগবাঢ়োতে তাইৰ সকলো অনুভূতিক নেওচি, ভালপোৱাখিনিক গচকি স্বার্থপৰ হৈ আগবাঢ়িছা। অথচ তাই তোমাৰ সফলতাই কামনা কৰিছে। তোমাৰ সুখে-দুখে তোমাৰ কাষতেই আছে নীৰৱে।

: তুমি ক’ব খুজিছা নেকি যে সকলো ভুল মোৰ। নাৰী জাতিটোৱেই এনেকুৱা। সব ভুলবোৰ আমিয়েই কৰো। তোমালোক কতোৱেই কেতিয়াও ভুল হ’বই নোৱাৰা!

: ভুল বুজিছা। মই তোমাক ভুল বুলি কোৱা নাই। কিন্তু তুমি যদি কোৱা যে অভিলাষাই তোমাক ভালপোৱা টো ভুল, তেতিয়া ময়ো ক’ম যে তুমি ভুল। ভালপোৱা কেতিয়াও ভুল হ’ব নোৱাৰে। আৰু যদি তুমি কোৱা সেইয়া ভুল, তেন্তে সেই ভুল কৰিবলৈ তুমিয়েই তাইক আগবঢ়াই দিছিলা!

তাই যাবলৈ ওলাইছে বর্ণিল। বাধ্য হৈ তাই একাকী জীৱন এটা কটোৱাটো মই নিবিচাৰো। তুমি তাইক যাবলৈ নিদিবা। মই নিজকে মহান দেখুৱাব যোৱা নাই। কিন্তু তুমি যদি অভিলাষাক যাবলৈ দিয়া, তেন্তে মই গোটেই জীৱন অপৰাধী হৈ থাকিব লাগিব তাইৰ ওচৰত। আৰু চাবাচোন, যেতিয়া তুমি তাইৰ কাষলৈ যাবা অনুভৱ কৰিবা যে যি ভাললগাৰ কথা কৈছিলা সেই ভাললগাখিনি মোৰ প্রতিহে আছিল তোমাৰ, তুমি ভালপাইছিলা অভিলাষাকেই আৰু এতিয়াও পোৱা।

: তোমাক বুজিব নোৱাৰি বর্ণি! তুমি অভিলাষাৰ কথাও ভাবিছা আৰু একে সময়তে নাৰী হৈও পুৰুষৰ সমর্থনত ইমানবোৰ কথা ক’লা! কোনো পুৰুষে তোমাক কেতিয়াও অলপো দুখ দিয়া নাই নেকি? তুমি ইমান ভাল মানুহ এজন ক’ত লগ পালা? কোনে তোমাক ইমান ইম’ছনেল ছিকিউৰিটি দিছে?

: তুমি অভিলাষাৰ বাবে সেই পুৰুষ জন হোৱা বর্ণিল। তুমি অভিলাষাক বুজিবলৈ চেষ্টা কৰাচোন। মোকো তেতিয়াই বুজি পাবা!

সি শেতা হাঁহি এটা মাৰি ক’লে- ইউ আৰ দা ম’ষ্ট চিক্রেটিভ পাৰচন আই হেভ এভাৰ মেত্! নাজানো তুমি আজিও কাৰ বাবে ৰৈ আছা! ঠিক আছে তুমি যদি তাতে সুখী হোৱা মই প্রতিশ্রুতি দিলো তোমাক, অভিলাষাক যাবলৈ নিদিওঁ।

এইয়াহে ভাল ল’ৰা বুলি কৈ তাই হাঁহি দিলে। বর্ণিলেও হাঁহিলে।

মনটো ভাল লাগি গ’ল বর্ণালীৰ। তাই জানে, অভিলাষাৰ মৰমে বর্ণিলক তাইৰ কথা পাহৰাই ৰাখিব সহজে। ঠিক কৰিলে প্রিঞ্চিপালৰ সৈতে ট্রেন্সফাৰৰ কথা তাইহে পাতিব লাগিব। মুখত হাঁহি এটা লৈ মনতে আওৰালে_ “কোলাই বোকোচাই তোৰ মুখ/ বুকুত উমলি থাকে সৰু সৰু সুখ/ সুখৰ সোঁৱৰণ/ সুখে-দুখে-সোঁৱৰণে ভালপোৱাৰ অসুখ!” এই অসুখ বিয়পি পৰক তাঁহাতলৈও। মনে-প্রাণে কামনা কৰিলে তাই সুখী হওঁক নীল আৰু অভিলাষা!

(মৰমেৰে বর্ণিল, বর্ণালী আৰু অভিলাষাৰ হাতত)

 

@আগষ্ট ২০১৪

 

Post a Comment

0 Comments