সময়ে অসময়ে




ক’ব খোজা কথাবোৰ জানো কিয়
অসময়ত আহে!
আউল লগা বাটত এৰি যোৱা সময়ৰ নিচান
একেই জানো থাকে?
শব্দই নকয় বহুকথা
তাতো থাকে বতৰা!


চৌপাশে ফাগুনক আদৰাৰ আয়োজন
সৰাপাত সৰৱ হয় ধূলিয়ৰি বাটত
দুষ্ট বতাহজাক
আঁচল উৰুৱাই জুমি চায় গাভৰু বুকু
আৰু বদনামী হয় ধূলিবোৰ!
দুচকুৰ সেমেকাত ঠন ধৰে বসন্তৰ বীজ!


পাতবোৰ সময়তে সৰে
সময়তে ফুলে পলাশ
সময়ত ক’ব নোৱাৰা কথাবোৰ অসময়ত সৰে!
ভঙা-চিঙা শব্দৰ টুকুৰাৰে জানো কোৱা যায়
ভালপোৱাৰ কথা?
নুশুনা সুহুৰি এটা হৈ বুকুত বাজে!


উদং পথাৰৰ বুকুত ফাগুনে চিলা উৰুৱায়
ফাগুনৰ লৰা-ধপৰাত জুনুককৈ বাজে
শুকান নৰাত লুকাই থকা বসন্তৰ জুনুকা!
অনুভৱ আৰু হৃদয়
থুনুকা শিল
অনুভৱৰ দৰেই হৃদয়ে কথা নকয়!


ফাগুন সময়তে আহে
বৰষুণ আহে সময়ে অসময়ে!





Post a Comment

0 Comments