ভালপোৱাৰ সা ৰে গা মা



## কেনে আছে সময়? আৰু জীৱন?

সা: আউল লগা বাটত এৰি যোৱা সময়ৰ নিচান একেই থকাৰ কথা নাই নিশ্চয়! খোজকাঢ়ি গৈ আছিলো পুৰণি বাট এটাৰে (হয়তো এৰা বাট); চিনাকী বতাহ এজাক আহি কৈ গ’ল কাণে কাণে সুহুৰি এটাৰ কথা! হঠাতে ঘুৰি চালো; পিছে পিছে তুমি! থমকি ৰৈ তুলি ল’লো তোমাৰ হাত মোৰ হাতত (তুমি একেই আছা!) সময় সৰৱ হৈ উঠিল আমাৰ স’তে! এবাৰ চুই চালো তোমাক! লাজতে ৰঙা পৰি দুচকু জপাই দিলা! কপালত আমনি কৰি থকা চুটি চুটি চুলিকেইদাল আঁতৰাই মই এপলক চাই ৰলোঁ তোমালৈ! তোমাৰ টনা টনা চকুহাল (য’ত মই আছিলো), হেনা কৰা মেলা পোন চুলিকোচা (মোৰ দুহাতৰ আঙুলি পিছল খাইছিল য’ত), গুলপীয়া কোমল ওঁঠযুৰি (মোৰ অবাধ্য দুওঁঠে এদিন চুমি চাইছিল যাক)... সঁচাই একেই আছা তুমি! আউল লগা বাটত এৰাএৰি হোৱাৰ আগলৈকে যে মোৰ আছিলা! তুমি দুচকু মেলোতেই দেখিলো মোৰ হৈ থকা নাই তুমি সেইদিনাৰ দৰেই, যিদিনা এৰি গৈছিলা সময়ৰ নিচান এই চিনাকী বাটত! ওঁ একেই আছা তুমি আজিও! বাটৰ সিপাৰেও, ইপাৰেও! ময়ো একেই আছো, এৰি যোৱা বাটতে ৰৈ! দুচকুত এতিয়াওঁ তুমি সাৰে আছা!

 

ৰে: ভালে আছা? জানানে তোমালৈ ছোৱালী এজনী চাইছো! ওঁ সঁচাকৈ! তোমাৰ পছন্দৰ! তাঁহানিতে এদিন কৈছিলা যে ওখ ছোৱালী ভালপোৱা বুলি! ওঁ, মনত আছে মোৰ। সেয়ে ওখ, লাহী, মৰমলগা ছোৱালী এজনী বিচাৰি উলিয়াইছো তোমাৰ বাবে। টনা টনা চকু, পোন চুলি, পদুম পাহি যেন ওঁঠ, জোঙা নাক... হাঁহিলে গালত টোল পৰে জানা! সৌন্দর্য্যৰো থাকে বিবিধা--- উগ্র সৌন্দর্য্য (যি সকলোকে প্রলোভিত কৰে) তোমাৰ লগত একদম ভাল নালাগিব (মানে নিবিচাৰো তেনে সৌন্দর্য্য তোমাৰ কাষত!); তাই হ’ব লাগিব জোনৰ দৰে স্নিগ্ধ! যি সকলোকে মুগ্ধ কৰে। হুঁ, কি কৈছা? মই তোমাৰ কাৰণে ইমান চিন্তা কিয় কৰিছো? ‘কিয়’ৰ সঠিক উত্তৰ এটা মোৰ হাতত নাই! হয়তো ময়ো তাকেই বিচাৰি আছো! কি জানা, ময়ো মোৰ নিজৰ নহয়! মোৰ নিজৰ বুলিবলে’ কেৱল তুমি! হয়তো উত্তৰটোও ইয়াতেই লুকাই আছে!

## তুমি আহিম বুলি ক’লেই সময়ৰ য’ত আয়োজন!

 

গা: “পুৱাৰ ৰ’দালিয়ে যে আকাশক কৈ যায় আহিবা তুমি পুৱা...” এইযে হৃদয়খন! বৰ অসহায়! কেনেকৈ কোৱা যায় তোমাক ভালপাওঁ! অনুভৱবোৰৰ দৰেই হৃদয়ে যে কথা নকয়! ভালপোৱাৰ কথাও জানো এনেকৈ কোৱা যায়__ ভঙা-চিঙা শব্দৰ টুকুৰাৰে? টুকুৰাবোৰ চুবলৈকে ভয়! কিজানিবা দুখ পাই অনুভৱবোৰে! নাই, কাঙাল মোৰ শব্দৰ ভঁৰাল! অনুভৱেৰেহে চহকী মই, তোমাক ভালপোৱাৰ অনুভৱেৰে! হয়তো শব্দই নকয় ভালপোৱাৰ কথা! ভুল নুবুজিবা মোৰ নীৰৱ শব্দবোৰক, ইহঁত যে কথাচহকী নহয়! মাথোঁ তুমি আহিম বুলি ক’লেই... মুখৰিত হয় মোৰ চৌপাশ... তুমি আহিম বুলি ক’লেই মই হেৰুৱাওঁ মোক! মই যি, মোৰ যি... সেইয়া যে কেৱল তুমি!


মা: ওঁঠৰ ফাঁকত জানো কিমানটা চিগাৰেট জ্বলি জ্বলি শেষ হৈছিল! হিচাপ ৰখা নাছিলো মই! সময় গৈ আছে বুলি ঘড়ীৰ কাঁটাকেইদালে কৈ আছিল মোক__ টিক্ টক্, টিক্ টক্... মই গৈ আছো, মই গৈ আছো। বেলিটো গৈ নদীখনত লুকাইছিল নে পাহাৰখনত শুই পৰিছিল জানো! তাৰো খেয়াল নাছিল মোৰ। উভতি আহোঁতে মাথোঁ জোনজনীয়ে মোলৈ ৰ’ লাগি চাই আছিল। ৰুমমেটে দুৱাৰখন খুলি দি কৈছিল “ইমান ৰাতিলৈকে ক’ত মৰি আছিলি?” মই কৈছিলো “জীৱন বিচাৰি গৈছিলো। আহোঁতে নিজকো ক’ৰবাত এৰি আহিলো।” ভঙা কাঁচৰ খিৰিকীৰে জোনজনীয়ে ভুমুকিয়াইছিল। তোমাৰ ওঁঠৰ সোঁফালে থকা তিলটোলৈ বৰকৈ মনত পৰিছিল! জোনজনীলৈ চাই চাই তোমাৰ কপালত উদয় হোৱা বেলিটোলৈ মনত পেলাইছিলো... তোমাৰ সেওঁতাৰ নদীখন ভৰুণ হৈছিল কিজানি তেনে সময়তে! থুনুকা নাছিল মোৰ হৃদয়! অথচ ভাঙিছিল কিবাকিবি নীৰৱে! আৰু মই বাটিয়ে বাটিয়ে জোনাক পী মাতাল হৈ শিল হৈছিলো!

## পুৰণি ঘড়ীটোতে থুপ খাই ৰৈছে মোৰ য’ত অভিমান!

 

পা: নাজনো কেতিয়াৰপৰা মই বৰষুণ আৰু জোনাকৰ প্রেমিকা! সপোনবিলাসী মই কেতিয়াৰপৰা জানো সপোনৰ পিছে পিছে দৌৰি ভাল পোৱা হ’লো! বন্ধ পুৰণি ঘড়ীটো, কেতিয়াও ওভোটাই নাপাবলৈ গুচি যোৱা বহু ক্ষণ... এইকেইপদ মোৰ বৰ আপুৰুগীয়া সম্পদ! জানানে ‘মহুৱা’ মোৰ প্রিয় চৰিত্র! ...বন্ধু এজনে এদিন ক’লে যে ‘প্রেম মানেই বিবাহ নহয়’ কথাষাৰ ছপা আখৰতহে দেখিবলৈ শুৱনি! ময়ো ভাবিলো বহুদেৰি। গুণাগথা কৰি একো এটা সিদ্ধান্তলৈ আহিব নোৱাৰিলো। দোধোৰ মোধোৰত মূৰ দুপিয়াই বন্ধুৰ কথাই সমর্থন কৰিলো। হয়তো সেয়ে নিজৰ কৰি নাপালেও প্রিয়জন আন কাৰোবাৰ হৈ যোৱাটো নিবিছাৰো আমি! আঁতৰি গ’লেই শোকত ম্রিয়মান হৈ পৰো! প্রেম ভালপোৱাৰ প্রতি বিতৃষ্ণা উপজে, বিশ্বাস হেৰায়! শোকৰ ভৰ বাঢ়ি জেদ বাঢ়ে আৰু গঢ় লয় বেপেৰুৱা স্বভাৱ! অথচ সকলো অভিমানৰ শেষত তোমাক নহ’লেও নিজক ক’ব পাৰি ‘তোমাৰ দৰেই ভালপাওঁ তোমাক!’ প্রিয়বোৰ ভাগ-বতৰা কৰিব পাৰি জানো? নোৱাৰি! নোৱাৰিলেও যে প্রতি ক্ষণে কৰা হয় প্রিয়জন সুখী হোৱাৰ কামনা! সুখী হ’বলৈ যদি সময়ে বিচাৰে বিদায়! খোজবোৰ যে থমকি ৰ’বই লাগিব!

 

ধা: পাওঁ বুলিয়েই জানো ভাল পাব পাৰি কাৰোবাক? কিয় জানো ভালপোৱাবোৰ কেৱল সেই ‘কাৰোবাৰে’ই হৈ থাকিল। তোমাক দিওঁ বুলিও দিব নোৱাৰো এতিয়া! হয়তো আজিও তেওঁৰেই হৈ ৰ’লো মই! লৈ যাব পাৰো তোমাক বাইকৰ পিঠিত তুলি লং ড্রাইভত, ক’ফিৰ সোৱাদ ল’বলৈ কোনোবা ৰেষ্টুৰালৈ, নতুনকৈ ৰিলিজ দিয়া চিনেমাখন চাবলৈ, তোমাৰ সুখ-দুখৰ ভাগ ল’ব পাৰো...

মিছাকৈতো ক’ব নোৱাৰো ভালপাওঁ তোমাক! মইযে আজিও কাৰোবাৰ জেদী প্রেমিক! তোমাৰ স’তে কেনেকৈ চাওঁ তোমাৰ প্রিয় জোনাক! তোমাৰ স’তে থাকিও মই তোমাৰ স’তে নাথাকো! মোৰ স’তে মই থাকো সোঁৱৰণিৰ উমাল খোৰোঙত সোমায়, হয়তো মোৰ অজানিতে! পাওঁ বুলিও ভালপোৱা নাযায় তোমাক! নিজক ফাঁকি দিব পাৰি জানো কোৱা?

 

নি: অবুজ অভিমানী কণমানি(!) মৰমবোৰ

: মেলা চুলিৰে ভাল দেখি তোমাক। ওঁঠত পাতলকৈ লগাবাচোন লিপষ্টিক আৰু দুচকুত কাজল। জানাই দেখোন তোমাৰ গভীৰ দুচকুত মই মোক হেৰুৱাব খোজো! ডুব যাব খোজো! তুমি মোক লৈয়েই ব্যস্ত থাকাচোন! তোমাৰ দুচকুত কেৱল মোকেই জিৰাব দিয়া! অভিমানবোৰ নিলগাই থোৱা। তুমি জানো নাজানা মোৰ সকলো সপোনৰ আৰম্ভণি আৰু শেষ তোমাতেই হয়!

: তুমি ৰাস্তাৰে যোৱা ছোৱালী জোকাবলৈ সময় পোৱা আৰু মোলৈ ফোন এটা কৰিবলৈ সময় নোপোৱা! আৰু মোক ক’বা অভিমান নকৰিবা! মানি ল’লো বাৰু ব্যস্ত আছিলা। ইমানবোৰ এচ এম এচ পঠিয়ালো, কিবা এটা তো ৰিপ্লাই দিব পাৰা! হুঁহ! নামাতো আজিৰপৰা! পেঁ পেঁ পেঁ... ( :) :) )

: ৰঙা ৰঙটোৰে তোমাক ধুনীয়া দেখো। জানা নহয়? কাইলৈ সেইযোৰ কাপোৰেই পিন্ধিবা।

: দেৰি নকৰিবা কিন্তু। মই ৰৈ থাকিব নোৱাৰো বাটত ওলায়। ল’ৰাবোৰে জোকালে তুমিয়েই খং কৰিবা। (এনেকুৱা সময়ত হাঁহিবোৰ কেনেকুৱা হয় চাগৈ! ভাবিলে মৰম লাগি যায়।)

 

সা: তেতিয়াৰপৰা এতিয়া... বহুতৰে অনুভৱ

...কেতিয়াবা, ক’ৰবাত ‘কোনোবা’ এজন থাকে; যাক সদায় চাবলৈ মন যায়, লগ পাবলৈ মন যায়, সদায়ে কথা পাতিবলৈ মন যায়। কিন্তু... সদায় কথা পাতিবও নোৱাৰি, লগ পাবও নোৱাৰি। এইযে মন গ’লেই খুলি ল’ব পৰা কিতাপখন! এবাৰ খুলি চালেই কিবা এটা ভাল লাগি যায়! লগ নাপালেও কথা নাই, কথা নহ’লেও কথা নাই!! কাৰোবাৰ ৱালত ‘লাইক’ এটা, কাৰোবাৰ ৱালত ‘কমেন্ট’ এটা দিয়া দেখিলে লগ পোৱা যেনেই লাগে! ভাৱ হয় ‘কোনোবা’ কুশলে আছে!

মৰমবোৰে সাঁকো বান্ধে মোৰপৰা তোমালৈ। তেওঁৰপৰা তেওঁলৈ। ষ্টেটাচবোৰ আপডেট হয় ‘চিংগেল’ৰপৰা ‘ইন আ ৰিলেচনশ্বিপ’লৈ। অভিমানবোৰে আনফ্রেণ্ড কৰে মৰমবোৰক, ব্লক কৰে কথাবোৰক। নিচুকনি গীত হৈ আকৌ আপডেটেদ হয় ষ্টেটাচবোৰ...

 

## ব্যক্তিগত

কোনোবা কবিয়ে কয় ‘সপোন দেখাৰ বাবেই আমি সুখী হ’ব নোৱাৰো।’ মই বুজি নাপাওঁ সপোন নেদেখাকৈ কোনোবা কিদৰে সুখী হ’ব পাৰে! হাজাৰ ব্যস্ততাৰ মাজতো শুনা প্রিয়জনৰ মাতষাৰেই দেখোন সুখী হ’বলৈ যথেষ্ট। আৰু যি অনবৰতে সেইজনক নিজৰ স’তে সপোনৰ দৰে লৈ ফুৰে তেওঁ সুখী নহ’ব কিদৰে! 

সময়ৰ দাবীত সলনি হয় সকলো অনুভৱখিনিৰ বাদে। তাহানিৰ ‘মৰমৰ’ বুলি আৰম্ভ কৰা কাউৰীঠেঙীয়া আখৰৰ চিঠিখন আৰু এতিয়া নাই। দাকোৱাল কাইটিৰ চাইকেলৰ টিলিঙা এতিয়া অতীত! বুজি নাপাওঁ ভালপোৱাৰ আৰম্ভণি কেনেকৈ হয়, শেষেই বা হয় কেনেকৈ! আৰম্ভণিৰ শেষ নাই, শেষৰো নাই শেষ! ভালপোৱাৰ বাবে এটা দিনৰ নো কি প্রয়োজন! হয়তো আপোনজনক এটা দিন বেছিকৈ লগ পোৱাৰ এটা অজুহাত আজিৰ! :) ভালপোৱাই দুখী কৰিব নিবিচাৰে কাকোৱেই। ভালপোৱাবোৰ ভাগ-বতৰা কৰিব নোৱাৰি বাবেই হয়তো ঈর্ষা নকৰাকৈও থাকিব নোৱাৰি। কিন্তু অধিকাৰৰ দাবীওতো কৰিব নোৱাৰি, দিবহে পাৰি।

...সকলো বুজি পোৱাৰ পিছতো অবুজন হৈয়েই ৰয় ভালপোৱাবোৰ! আৰু অভিমানী হয় সময়! ভালপোৱাবোৰ হয়তো এনেকুৱাই! কাৰোবাৰ ক্ষন্তেকৰ উপস্থিতিয়ে জীপাল কৰে সময়, অভিমানবোৰ গলে বৰফ হৈ! ... আৰু মূহুর্তৰ উপেক্ষাই সৃষ্টি কৰে হেৰুৱাৰ হাহাকাৰ! ভালপোৱা জনৰ বাবে সকলোৱে স্বার্থপৰ! কেৱল নিজৰ কৰি ৰাখিব বিচাৰে। ... কেতিয়াবা হেৰাই গ'লেও চকুৱে চকুৱে বিচাৰি ফুৰে সংগোপনে হেৰাই যোৱা চিনাকী, আপোন চকুযুৰি! কাৰোবাৰ হৈ যোৱাৰ পিছতো, নিজৰ নহয় বুলি জনাৰ পিছতো ভালপোৱাই খেদি ফুৰে পিছে পিছে...

কি থাকে অপেক্ষাৰ শেষত? বিচ্ছেদৰ দুঃখ নে মিলনৰ সুখ? অপেক্ষাৰ শেষও জানো থাকে? অপেক্ষাৰ শেষত কেতিয়াবা একো নাথাকে! তথাপি কপালত কাৰোবাৰ ওঁঠৰ স্পর্শই দুচকু সজল কৰে। হৃদয়ৰ উত্তাপ থকা এটা মাথোঁ আলিংগনে উশাহ দিয়ে... আৰু অপেক্ষাৰ শেষত মাতষাৰ শুনিলে জীৱন ভালে থাকে... বিচাৰিলেইতো পোৱা নাযায়... নহয় বুলি জানিও বিচাৰিলে দুখী হোৱা যায় যদিও ‘ভালপোৱা’ক দোষী বুলি কোৱা নাযায়... আৰু সেয়ে সুখী হয় সময়।

# ভালপোৱাই সুখী কৰক সকলোকে। প্রার্থনাবোৰে শুভকামনা হৈ আৱৰি ৰাখক প্রতিপল। জীৱন সপোনৰ দৰে সেউজীয়া হৈ থাকক...


http://anubhov.com/2014/02/%E0%A6%AD%E0%A6%BE%E0%A6%B2%E0%A6%AA%E0%A7%8B%E0%A7%B1%E0%A6%BE%E0%A7%B0-%E0%A6%B8%E0%A6%BE-%E0%A7%B0%E0%A7%87-%E0%A6%97%E0%A6%BE-%E0%A6%AE%E0%A6%BE-%E0%A6%A4%E0%A7%81%E0%A6%B2%E0%A6%BF%E0%A6%95/



Post a Comment

0 Comments