ৰোগ



বহুত কথাই শুনিব নোৱাৰো, শুনিলেও সহ্য কৰিব নোৱাৰো! সহ্য কৰিলেও মানি ল’ব নোৱাৰো, মানি ল’ব নোৱাৰিলেও একো ক’ব নোৱাৰো, একো কৰিবও নোৱাৰো।
paralyzed version of Me!
ৰূমটো বিশৃংখল হৈ আছে। আলনাৰ কাপোৰবোৰো য’তে ত’তে পৰি আছে। টেবুলৰ কিতাপবোৰৰ ওপৰত ধূলিৰ চামনি। ৰূমৰ চাৰিকোণত মকৰাই ঘৰ বনাইছে। সাৰি পেলোৱা হোৱা নাই ৰূমৰ ধূলিবোৰ। বিচনাৰ চাদৰ জাৰি-জোকাৰি নতুনকৈ পাৰি দিয়া হোৱা নাই। গাৰুৰ গিলিপত শুকাই যোৱা সেইয়া লেলাউটিৰ দাগ নে চকুপানীৰ দাগ চিনি উলিয়াব নোৱাৰি! ধুবলৈ থোৱা লেতেৰা কাপোৰবোৰ দ’ম বান্ধিছে। বেলকনিলৈ যাব পৰা দুৱাৰখন নোখোলা বহু দিন হ’ল। ৰূমৰ খিৰিকীবোৰো খোলা নাই। আচৰিত! অসহ্য লগা নাই মোৰ! আইনাত চাইছো নিজৰ শ্রীহীন চেহেৰা। চকুৰ তলৰ বলিৰেখাবোৰ, ৰুক্ষ শুকান চুলিখিনি, ক’লা পৰি যোৱা ওঁঠ... ওঁহো, একো সলনি হোৱা নাই! সব ঠিকেই আছে! গণ্ডগোলটো ক’ত হৈছে ধৰিব পৰা নাই। এনেকৈ তো নাথাকো মই! নিজকে চিকুটি চাইছো এবাৰ! দুখ পায় চিঞৰি দিছো! ঠিকেইতো আছো! তেন্তে বিশৃংখল হৈ মই কি শৃংখল হোৱাতো বিচাৰিছো?

খৰ খোজেৰে গৈ আছো। দেৰিতকৈয়ো দেৰি হৈছে। ‘কেজুৱেলিটি’ পাৰ হওঁ হওঁ। ডেকা ল’ৰা এটাই চিঞৰি চিঞৰি কান্দিছে! বয়স চাগৈ ৩০-৩২ বছৰ হ’ব। মই উভটি চাইছো__ এবাৰ, দুবাৰ, তিনিবাৰ... খোজবোৰ লেহেম হৈছে কিন্তু মই ৰৈ যাব পৰা নাই! ওচৰে পাজৰে থকা মানুহবোৰেও চাই আছে, কাষলে’ অহা নাই! ল’ৰাজন এবাৰ ইফালে গৈছে, এবাৰ সিফালে। কাক হেৰুৱালে তেওঁ? পত্নী? মা-দেউতাক? সন্তান? নে সহোদৰ? মই ইমানদিনে মানি আহিছো পুৰুষে কেৱল প্রিয় নাৰীৰ সমূখতহে কান্দে! আৰু এই পুৰুষ? দুখ কিমান গভীৰ হ’লে এজন পুৰুষে এনেকৈ কান্দিব পাৰে? শোকৰ ভৰ কিমান বেছি হ’লে এজন পুৰুষে তাৰ ভৰ বব’ নোৱাৰা হয়? কি আশাৰে আহিছিল আৰু কি লৈ যাব?! সোধা নহ’ল একো! জানো, তেওঁৰ অনুভৱ (?) খিনিক মই কেতিয়াও তেওঁৰ দৰে অনুভৱ কৰিব নোৱাৰো। কাষলৈ গৈ মাত এষাৰ দিয়া নহ’ল! গৈ থাকিলো! 

লেব’ৰেটৰীলৈ উঠি যোৱা চিৰিটোৰ কাষতে এনাট’মি বিভাগৰ মিউজিয়ামটো। সদায়ে দেখি থকা মানুহৰ কংকালকেইটালৈ চাবলৈ মোৰ প্রথম বাৰলৈ ভয় লাগিল! ‘ফৰমেলিন’ দি থৈ দিয়া ‘মানৱ শিশু’ বোৰ!! জন্মতেই যি মৃত্যুক লৈ আহিছিল একোটা বিভৎস্য শৰীৰৰ স’তে! ভাৱ হ’ল কেতিয়াবা সময় পালে মই জুমি জুমি চাই থকা সেই শিশুবোৰে যেন কান্দিবলৈ লাগিছে চিঞৰি চিঞৰি! আৰু কৈছে “আমাক মুকলি কৰি দিয়া ইয়াৰপৰা, মুকলি কৰি দিয়া! উশাহ ল’বলৈ দিয়া আমাকো!” আৰু ক্লাচৰ বাবে শৱচ্ছেদন ৰূমৰ টেবুলত শোৱাই থোৱা মৰা মানুহৰ শৰীৰকেইটা?! কেনেকৈ কাটি-কুটি চিৰাচিৰ কৰে? চাগৈ হৃদয় বোলা বস্তুটো সোলোকাই থয় সেই সময়ত! তেনে কৰাটো জৰুৰী। সেয়ে শিকোৱা নহয় দুঃখবোৰ কোনবোৰ শিৰা উপশিৰাইদি গৈ কেনেকৈ চকু পায়গৈ! শিকোৱা হয় এইয়া হাওঁফাওঁ, এইয়া কলিজা, এইয়া কিদ্ নী, হাড়বোৰ এনেকৈ যোৰা লাগি থাকে, তেজবোৰ এই পথেৰে যায় মগজুলৈ... এপদকৈ এপদকৈ খুলি আনে শৰীৰৰ এটা এটা অংগ! একেদৰেই এইবোৰ যোৰা দি প্রাণ দিব পৰা যাবনে সেই একেটা শৰীৰত? পৰাহেঁতেন!! যিমান পাৰি সিমান খৰকৈ প্রায় দৌৰি দৌৰি চিৰিখনত ভৰি থলো। সোনকালে লেব’ৰ ভিতৰত সোমাব পাৰিলেই যেন মই ৰক্ষা পৰো!

কেতিয়াবা কোনোবাজন বাটতে লুটি খায় পৰে মোৰ চকুৰ আগতে। মৃগী বেমাৰী। ানুহজনীয়ে হাৱৈ-বিয়ৈ কৈ কান্দে হঠাতে মানুহটোৰ কি হ’ল বুলি! কেতিয়াবা ৰৈ দিওঁ, কেতিয়াবা ৰ’ব নোৱাৰো। কিয় ৰ’ব নোৱাৰা হৈ যাওঁ নিজেই নাজানো! আৰু ১৩ নম্বৰ বিচনাত থকা শুকুলা চুলিৰ বৃদ্ধজন! দুদিন আগতে লগ পাইছিলো, কথা পাতিছিলো। তেওঁৰ তেজত বাঢ়ি গৈছে শ্বেত ৰক্ত কণিকাৰ পৰিমাণ! লৈ আহিছিলো ১০ মি.লি. তেজ! তেজকণ আনিবলৈকে মই মিঠা মিঠা কথা পাতিবলৈ কৃপনালি কৰা নাছিলো। অৱশেষত তেওঁ হাঁহিমুখে দি পঠিয়াইছিল নিজৰ তেজ আৰু মনে মনে মই বিজয়ৰ হাঁহি মাৰিছিলো! আন এদিন একেই শুকুলা চুলিৰ বৃদ্ধ এজনক দেখিলো। শান্তিৰে শুই আছিল! কাষত পত্নী। কান্দি আছে। বৃদ্ধজনৰ বুকুলৈ চালো, উঠা-নমা কৰি থকা নাই। কাষেদিয়েই পাৰ হৈ আহিলো। আইতাজনীক মাত এষাৰ নিদিলো। যিহেতু মোৰ স্বার্থ পূৰণ কৰিব পৰাকৈ আইতাৰ ওচৰত একো নাছিল!!

খাবলৈ লোৱা মাংসৰ টুকুৰাত যেতিয়া কামোৰ মাৰো চিনেমাৰ ফাষ্ট প্লে হোৱাৰ দৰে মিউজিয়ামৰপৰা শৱচ্ছেদন টেবুললৈকে ছবিবোৰ চকুৰ আগেদি দৌৰি দৌৰি পাৰ হয়! ভয়তে চকুপানী ওলায়? কিহৰ ভয়ত নাজানো! ‘তন্দুৰী চিকেন’ৰ টুকুৰাটো খাবলৈ নোপোৱাৰ ভয়ত?! নে মাংসৰ টুকুৰা চোবাই থাকোতে হোৱা হাড়ৰ মৰমৰনিটোৰ ভয়ত? নে আন কিবা?! ডেকা ল’ৰাজনলৈ মনত পৰে! মনত পৰে হাঁহিমুখীয়া শুকুলা চুলিৰ বৃদ্ধজনলৈ। কেনে আছে বা তেওঁ এতিয়া! নিজকে ড্রাকুলাৰ দৰে লাগে! উফ! কিমান ক্রুৰ আছিল চাগৈ মোৰ সেই হাঁহি! নিজলৈকে ভয় লাগে!

বজাৰৰ ফুটপাথতে পৰি থাকে পগলাটো। ওলমিপৰা অণ্ডাশয়, প্রকট যৌনাংগ ধাকিবলৈ যাৰ কাপোৰৰ অভাৱ! পাগল বাবেই সি অভাৱী নে অভাৱী কাৰণে সি পাগল? কিহৰ অভাৱ আছিল তাৰ? টকা-পইচাৰ নে অকণমান আদৰৰ? নে জিনতে কঢ়িয়াই লৈ ফুৰিছিল সি পাগলৰ লক্ষণবোৰ? সকলোবোৰ আওকাণ কৰি যে আমাৰ চকুবোৰ পাৰ হৈ যায়! খোজবোৰ জোখতকৈয়ো খৰ হৈ যায়! দাষ্টবিনত পেলাই দিয়া উষিষ্ট খাই থকা ভিক্ষাৰীটো দেখিলেও জানো চকু তল কৰি খৰকৈ পাৰ হৈ নাযাওঁ সেই ঠাই? আমাৰ চকুৱে এনে কি দেখে যে মূৰ তুলি চাব নোৱাৰে সেই দৃশ্য? অথচ চানী লিয়ন বুলি ক’লেই যেন পিৰপিৰাই তেজবোৰ মূৰৰপৰা ভৰিলৈকে সঘনে অহা-যোৱা কৰে!! আৰু চকুবোৰ হৈ পৰে চঞ্চল! এবাৰ চাবলৈ পালেই যেন ধন্য হ’ব জীৱন!! অথচ পাৰিব জানো নিজৰ প্রেয়সীক কোনোবাই চানী লিয়নৰ স’তে ৰিজাব? অথবা নিজৰ পত্নী আন কাৰোবাৰ সমূখত নাঙঠ হোৱাটো সহ্য কৰিব পাৰিবনে? বহু সুন্দৰী নাৰীয়ে হেনো সাধু কথাৰ সাৱিত্রী হোৱাতকৈ ক্লিওপেট্রা হ’বলৈ ভাল পায়! ক্লিওপেট্রা হোৱাৰ অহংকাৰেৰে উজ্জ্বল! আৰু সেই উজ্জ্বলতাখিনিক ভাল পায় চঞ্চল চকুবোৰে! চকুবোৰ হৈ পৰে সৌন্দর্য্যৰ ভিক্ষাৰী। সুন্দৰতাই কৃতজ্ঞ হৈ চকুবোৰক দিয়ে তৃপ্তি! চকুবোৰে মানি লয় বশ্যতা! কিন্তু ময়োতো নহয় সুন্দৰৰ শত্রু!

জোঁট-পোঁট লগা এই কথাবোৰে যেতিয়া মগজুত কুন্দলী পকাই বহে, নিজকে মানসিক ৰোগীৰ দৰে লাগে! আচলতে অশ্লীল কোনবোৰ? পগলাটো? ভিক্ষাৰীটো? চানী লিয়ন? সুন্দৰী ক্লিওপেট্রা? চকুবোৰ? পলায়নবাদী মই নে মোৰ চিন্তাবোৰ? বেশ্যা বুলি ক’লেই ছিঃ ছিঃ কৰি নাকত ধৰা আমিবোৰ নে বেশ্যাৰ গ’লিত ঘূৰি ফুৰা ‘মানুহবোৰ’? আমাৰ বাবে যেন বেশ্যা শব্দটোতেই থূপ খায় ৰৈছে পৃথিৱীৰ সমস্ত নিষিদ্ধতা! আচলতে মই এতিয়া মুক-বধিৰ মানসিক ৰোগী! মিউজিয়ামত থৈ দিয়া সেই শিশুবোৰৰ দৰে সংৰক্ষণ কৰি থ’ব পাৰি! মিউজিয়ামত থ’ব পৰাকৈ মোৰ পিছে পিছে এতিয়া দীঘলীয়া শাৰীত বহু ৰোগী! এই ৰোগক জয় কৰি, পেনপেনীয়া আৱেগক বর্জন কৰি কোনোবাদিনা মই ক’ব পাৰিম নে?___ “মই আছো। ঈশ্বৰপুত্র, তুমি আছা নহয়! আছাতো? তুমি ছাঁ হ’ব নালাগে। মানুহৰ বাবে মানুহ হোৱা। মই তোমাৰ উশাহ হ’ম।”




http://www.xahitya.org/2014/03/15/%E0%A7%B0%E0%A7%8B%E0%A6%97-%E0%A6%A4%E0%A7%81%E0%A6%B2%E0%A6%BF%E0%A6%95%E0%A6%BE-%E0%A6%A8%E0%A6%BF%E0%A7%B0%E0%A7%8D%E0%A6%AE%E0%A6%B2%E0%A7%80%E0%A7%9F%E0%A6%BE/





https://www.facebook.com/groups/axomiyakothabotora/permalink/692632387455927/


Post a Comment

0 Comments