কাইলৈবোৰ আজি হৈ অহাৰ পৰত


কাইলৈৰপৰা তোমাক ভাল নাপাম আজিৰ দৰে।
মোৰ অভিধানত ‘কালিলৈ’বোৰ অস্তিত্বহীন!
নাজানো মই সময়ৰ গতি,
সেয়ে তোমাক ভালপাব বিচাৰোঁ
মিনিটবোৰক ঘন্টা কৰি, দিনবোৰক বছৰ কৰি!
(তুমি চেকেণ্ডৰ কাঁটাৰ সৈতে চলা মানুহ।)

লাজৰ দীঘল ওৰণি টানি যোৱা নহ’ব তোমাৰ পদুলিলৈ।
অথচ তোমাৰ পদুলিৰ নিয়ৰ
প্রতিপল জিলিকে মোৰ সেওঁটাত
তোমাৰ নামৰ সেন্দূৰ হৈ।
(তুমি হ’লা ৰ’দালিৰ আজন্ম প্রেমিক।)

ডুখৰীয়া মোৰ কবিতাবোৰ যুকিয়াই চালে দেখোঁ
তোমাকে লৈ চোন মোৰ সমস্ত কবিতা,
অথচ মই নাজানো তোমাৰ ঠিকনা!
(অপ্রিয় মানুহক ঠিকনা নিদিয়াৰ অভ্যাস তোমাৰ পুৰণিকলীয়া।)

বিচাৰিছিলোঁ ধাৰলৈ
তোমাৰ ভালপোৱাৰে সিক্ত এটা মাথোঁ দিন,
দিবলৈ তুমি অপাৰগ।
(তুমি হিচাপী মানুহ; ভাবিলা, ভিক্ষাৰীক ধাৰ দি কি লাভ!)

আজি নতুনকৈ তোমাৰ প্রেমত পৰিম,
আজি অলপ বেছিকৈ ভালপাম তোমাক,
‘কাইলৈ’টো মোৰ বাবে ‘আজি’ হৈ অহাৰ পৰত
পুন: পুন: তোমাৰ প্রেমত পৰিম
আজিৰ দৰে...।
(তুমিযে মোক পাগলী বুলি কৈ খুবেই ভালপোৱা।)

                          

Post a Comment

0 Comments