ভয়







মা অ’ কেনেকুৱা আছিল তোৰ বুকুৰ উম?


কংক্রিটৰ চাৰিবেৰ


উশাহতকৈ কিজানি ইয়াত হুমুনিয়াহ সৰে বেছি!


বাটলৈ ওলাই গ’লেই পাগলীজনী


নাঙঠ!


ওলমি পৰা শুকান পিয়াহ চুপি কোলাত নাঙঠ কেঁচুৱা!


বৰ ভয় লাগে আজিকালি!


কিমান চকুৱে চাগে’ নাঙঠ কৰে তোৰ জী জনীক!


গোবৰৰ গোন্ধ থকা বেৰবোৰেই ভাল আছিল অ’


সাধু এটা কচোন টোপনি যাওঁ।

Post a Comment

0 Comments