১/

ভাগৰুৱা সময়ে বাট বোলে সপোনৰ আঙুলিত ধৰি
বাটে বাটে জোনাকৰ চকুপানী!
ভৱিষ্যতহীন বর্তমান জানো থাকে?
লুকাই থকা যতি চিহ্নবোৰ ভাল নালাগে!
(অনুভৱবোৰ কবিতা বুলি ভাবি আপুনি ভুল কৰে!)



২/

কোৱাবোৰ বুজা ভুল হ'লে ছন্দ হেৰায়।
তাতোকৈ এনেকৈয়ে ভাল
নীৰৱ নিশ্চুপ শব্দবোৰ...
(অপেক্ষাৰ শেষত মাতষাৰ শুনিলে জীৱন ভালে থাকে!)



Post a Comment

0 Comments