One
day Alice came to a fork in the road and saw a Cheshire cat in a tree. “Which
road do I take?” she asked.
“Where
do you want to go?” was his response.
“I
don’t know,” Alice answered.
The
cat said, “then it doesn’t matter.”
এতিয়ালৈকে
কথাবোৰ এনেদৰেই হৈ আহিছিল । এলিচৰ দৰে ! পিছে এটা সময়ত গৈ সেই সপোনৰ পৃথিৱীৰ
ভ্রমৰপৰা যে ওলাবই লাগিব । ক’ৰবাত গৈ ৰ’বগৈ লাগিব । এইয়াতো আৰু সেই সপোনৰ দেশ নহয়
! যিকোনো এটা বাটেৰে গুচি গ’লেই তো নহ’ব । অলপমান হিচাপ কৰিবলগীয়া আছে । কিন্তু
কিহৰ হিচাপ কৰিম তাৰেই যে ঠিকনা নাই ।
কিবাকিবি পঢ়ি আছিলোঁ ।
মাজতে ‘লাইকেন’ৰ কথাবোৰ ওলাল । লগতে আহিল জীৱনৰ কথাবোৰ… । মানুহৰ জীৱনৰ মহিমাক
লাইকেনৰ দৰে তেনেই সাধাৰণ যেন লগা জীৱন একোটাই হেনো সর্বোকৃষ্টভাবে তুলি ধৰে ।
লাইকেনৰ জীৱনে হেনো দেখুৱাই জীৱনৰ সর্বোচ্চ জীৱনী শক্তি প্রতিযোগিতা নহয়,
আন্তঃনির্ভৰশীলতাহে । আমি যুদ্ধৰ জৰিয়তে নহয়, সহযোগিতাৰ জৰিয়তে হে জীয়াই আছো আৰু
তাৰপৰাহে লাভৱান হওঁ ।
স্পীকাৰত বাজি আছে গানৰ
কোনোবা এখন প্লে লিষ্ট্- “সুৰময়ী আঁখিয়ৌ মে, তেৰে বিনা জিন্দেগী সে কৌই শিকৱা নহী,
তুঝছে নাৰাজ নহী জিন্দেগী, এ জিন্দেগী গলে লাগা লে, কিতনী বাতে য়াদ আতী হ্যে
তছৱীৰে বন যাতী হ্যে”…। কেতিয়াবা ভাবো- এই গানবোৰ, সুৰবোৰ নাথাকিলে মানুহে কি
কৰিলে হয় ! সুখতো, দুখতো… সহচৰ যি ! এৰি অহা সময়ক একো একোটা গানে কেনেকৈ জীয়াই
তুলে হঠাতে । সেই সময়ক যেন আমি পুনৰাই জী লওঁ কোনো এটা গানৰ কান্ধত ভেঁজা দি ।
হঠাতে কোনোবাই কৈ উঠিল
কাণৰ নিচেই ওচৰতে-
: বেছি
চিনেমা চোৱা আৰু বেছি কিতাপ পঢ়া মানুহবোৰ এনেকুৱাই; তোমাৰ দৰে- আধা পাগল । সুবিধা
পালেই হ’ল চকুপানী মচিবলৈ । গান শুনিও কোনোবাই কান্দে নে ! অদ্ভুত কিবাকিবি
বেবেৰিবাং কথাবোৰ ভাবি ভাবি কোন দুনীয়াত উটি-ভাঁহি ফুৰা তেৰাই হে জানে !
:
তুমি আহিলাই নে নমতা আলহী হৈ ? তুমিও কিন্তু কম নিলাজ নোহোৱা ! হকে-বিহকে আহি তর্ক
কৰিবলৈ বহি লোৱা । কোনোবা জ্ঞানী জনেও কৈছে যে- “Music has that power to
revive memories, sometimes so intensely that they hurt.” তাকে যদি সঁচা
অর্থত অনুভৱ কৰিছো, তাত পাগলৰ কথা ক’ৰপৰা আহিল !
:
তর্ক তোমাৰ লগত হে মাথোঁ ! গানৰ কথাবোৰত বেছিকৈ মন নিদিবাচোন । সুৰবোৰকে শুনিবা ।
: প্রথমতে সুৰবোৰেই ভাল
লাগে । নহ’লে নো ভাষা বুজি নোপোৱা গানবোৰ ভাল লাগে জানো ? গানৰ কথাবোৰে পিছলৈ হে
লাহে লাহে ক্রিয়া কৰে ! জীৱন, জিন্দেগী, লাইফ্… নাজানো কিয়, এই শব্দটোৰ প্রতি কিবা
এটা মোহ আছে ! ইয়াক এৰিবলৈ মন নাযায়… অথচ ‘লগ যা গলে সে কে ফিৰ কভী…’ শুনিলেই মন
যায় কেনিবা গুচি যাবলৈ, য’ত কোনেও কাকো চিনি নাপায় !
: সেইযে ‘পঞ্চী নদীয়া পৱন
কে…’ দৰে হ’লে ভাল আছিল নহয় নে ? গুচি যাব পাৰিলা হয় যেনিয়েই মন যায় । সীমা চিনি
নোপোৱা চৰাইবোৰৰে ভাল, বতাহৰেই ভাল, নদীবোৰৰেই ভাল… কোনোৱে বাধা দিব নোৱাৰে ইহঁতক
।
সেইবুলি কৈ মাতষাৰ নোহোৱা
হৈ থাকিল ।
হঠাৎ অহা
ধুমুহা-শিল-বৰষুণৰ বাবে বিজুলী নাই । প্রায় মাজনিশা । ১২ বাজি গৈছে । চৌপাশ নীৰৱ
নিস্তব্ধ । একোৰেই শব্দ নাই । বৰষুণো নাই । বহু দূৰৈৰপৰা মাথোঁ কুকুৰৰ ভুকভুকনি
ভাঁহি আহিছে মাজে মাজে । বহুদিনৰ পিছত ৰে’লৰ উকিৰ শব্দ শুনিলো । তেনেতে বাজিল-
‘তুমকৌ দেখা তো য়ে খয়াল আয়া’ । এইযে, কোনোবা গুচি যোৱাৰ পিছত পোৱা-নোপোৱাৰ
হিচাপবোৰ নো কিয় কৰিব লাগে ! আমি গুণগুণাব নোৱাৰা গানবোৰ সময়ে যদি গায়, গাই থাকক,
নীৰৱে শুনি থাকিলেই দেখোন কথা শেষ । …কিবা এটা ভাল লাগি থকা নাই । কাৰণটো নিজেও
নাজানো । সেয়ে পটকৈ খং এটাও উঠি থকা হৈছে, নিজৰ ওপৰতে !
: তুমি বাৰু কি বিচৰা
জীৱনৰ পৰা ?
মাতষাৰ পুনৰাই উভতি আহিল
।
: নাজানো ! তুমি নো কিয়
আহা বাৰে বাৰে নমতা আলহী হৈ বুজি নাপাওঁ !
: আমি দুয়ো সেই ‘লাইকেন’ৰ
দৰে । তুমি নিবিচাৰিলেও কোনোবাখিনি সময়ত মোৰ ওপৰত নির্ভৰশীল নোহোৱা জানো ?
: এৰা ! ধুমুহাতো শান্ত
হৈ বহি থাকিব পৰা বিধৰ তুমি ! আৰু মই ? অস্থিৰ… Mess and Chaos, confused!
: That makes you a
beautiful person! You are a beautiful mess.
: হাঃ হাঃ । তোষামোদ মোৰ
মুঠেই পচন্দৰ নহয়, জানাই । তথাপিও তোমাৰ এটা কথা মানি লওঁ- Mess and Chaos বোৰ
কেতিয়াবা ধুনীয়া হয় । জানানে, গণিতৰ Chaos theory-ৰ মতে “uncertainty and
unpredictably will always be a constant in life. Chaos is an important
conceptual paradox and it has a precise mathematical meaning, which is ‘a
chaotic system is a deterministic system that is difficult to predict.”
: ধেইত ! ইমান বেছি জটিল
কথাবোৰ মোৰ মূৰত নোসোমায় । Predict কৰিব নোৱাৰা বস্তুবোৰ ধুনীয়া নেকি ? Paradox
বুলিলেই দেখোন সব খেলিমেলি যেন লাগে । সেয়া ধুনীয়া নো কেনেকৈ হ’ব ! আৰু জীৱনে ক’ত
এইবোৰ সূত্র মানি চলে ! জীৱন এনেকৈয়ে ভাল, জীৱনৰ দৰে !
:
না ৰে ! অনবৰতে যে Predict কৰিব নোৱাৰাই হ’ব তেনে নহয় তো । মানুহৰ দৰেই প্রকৃতিৰ
কিছুমান চিষ্টেমৰ আচৰণো স্বভাৱগতভাৱেই chaotic । তাৰমানে এইটো নহয় যে সিহঁত
সম্পূর্ণভাৱে unpredictable । ধৰি লোৱা, বতৰৰ আগলি-বতৰা বা ভূমিকম্পৰ আগজাননী ।
বিজ্ঞানীসকলে প্রকৃতিৰ কিছুমান আচৰণৰ সামগ্রিক গতি-বিধি লক্ষ্য কৰি তাৰ
আর্হি কিছুমান চিনাক্ত কৰে আৰু বহুমাত্রিক মানচিত্র কিছুমান তৈয়াৰ কৰে যাৰ সহায়ত
কিছুমান পৰিঘটনাৰ ভৱিষ্যদ্বাণী কৰিবলৈ সক্ষম হয় । সব Pattern বুজিছা ! Pattern
বিলাক চিনি উলিয়াব পাৰিলেই বহুত কিবাকিবি Predict কৰিব পাৰি !
: তাৰমানে কি বুজাব
বিচাৰিছা ? তুমি unpredictable নহয় ?
: হাঃ হাঃ । হয় যেন
নালাগে নেকি ? অৱশ্যে বিশ্বাস কৰো- মই বিশৃংখলভাৱেই শৃংখল হৈ আছো !
: তোমাক দেখোন বেচ্ সহজ
যেন লাগে ! চিম্পল্ !
: তাকেই, সহজ ।
ridiculously simple! পেণ্ডুলামৰ দৰে । কিন্তু এই পেণ্ডুলামৰ দৰে কথাবোৰ হে হেনো
সম্পূর্ণকৈ বুজিবলৈ কঠিন । কিয়নো সিহঁত হে বোলে বেছি ‘chaotic’ আৰু ‘complex’ ।
: তেন্তে ‘chaos’ বোলা
বস্তুবোৰ বিজ্ঞানতহে দৰকাৰী, জীৱনত নহয়; গতিকে যি য’ত দৰকাৰী তাতে থাকিবলৈ দিব
লাগে । Chaos is important in science, not in life.
: Life is not science?
: Life is philosophy.
: Philosophy is the
science dear!
: পাগল ! তোমাৰ পকনীয়াৰ
পাক থকা কথাবোৰ মোৰ কোনোকালেই ভাল লগা নাছিল ! নালাগিবও কোনো কালে !
: তুমি বুর্বক ! বহু
মানুহে নিজকে অলপ অলপ পাগল বুলিয়েই ভাবে । ময়ো তেনেবোৰৰ মাজৰেই এক বুলি ধৰা । আৰু
কি জানানে, science আৰু philosophy একেটা মুদ্রাৰ দুটা পিঠি । দুয়োটাৰ অবিহনে
মানুহ জীয়াই থকাটো implausible, তাৰ কাৰণে দুয়োটাই হাতত ধৰাধৰিকৈ আগুৱাব লাগিব,
সেইটোক আমি অস্বীকাৰ কৰিব নোৱাৰো ।
: কথাটো সেই ‘লাইকেন’ৰ
কথাটোৰ দৰে একেই নেকি ? মানে interdependence আৰু
collaboration?
:
হয় হয়, ঠিক ধৰিছা । স্মার্ট দেখোন তুমি !
: ঠাট্টা হজম কৰা সহজ
নেকি ?
: পাৰিলে ভাল । ঠাট্টাই
কেতিয়াবা মগজু ধাৰাল কৰাত সহায় কৰে । বিখ্যাত কোনো গণিতজ্ঞই কি কৈছে জানা- “Chaos
is a fact of life, and some systems are inherently chaotic.” সেয়া আমি
নুই কৰিব নোৱাৰো ।
: You are more like a
paradox!
: Exactly! সেইযে- ‘Chaos
is an important conceptual paradox.’ Unpredictable pendulum!
: তুমি পেণ্ডুলামৰ কথা
বৰকৈ কোৱা ।
: দুলি থাকি ভাল লাগে যে
!
: আৰু ৰৈ থাকি ?
: বেয়া নাপাওঁ । অনবৰতে
নহয় কিন্তু । কিছুমান অপেক্ষা সদায়েই ভাল লগা । শুনি আমনি নলগা কোনোবা পুৰণি গানৰ
সুৰৰ দৰে ! সকলো গান তো আৰু ভাল লগা নহয় ! নে কি কোৱা ?
: আৰু তেনে অপেক্ষাৰ শেষত
কি পোৱা ?
: কিছুমান অপেক্ষাৰ শেষ
নাথাকে । কিছুমানৰ থাকে । এই ধৰা, কোনো এক শান্ত ৰাতিৰ বুকুত নীৰৱতাৰ নিচুকনি গীত
শুনি শুনি তুমি দুলি আছা এখন দোলনাত । তাৰ মাজতে তোমাৰ কাণত পৰিছেহি কাৰোবাৰ জোতাৰ
মৃদু শব্দ… খট্ খট্… যেন তোমাৰ ফালেই আগুৱাই আহিছে ! আৰু সেই জোতাৰ খোজবোৰ
তোমাতেই আহি শেষ হয়, সেই অপেক্ষাৰ শেষ ভাল লগা নহ’ব জানো ?
: কি পাবা তাৰপৰা ?
: You are too much
mathematics! সকলোবোৰ পোৱা-নোপোৱাৰ হিচাপতেই শেষ নহয় । দুলি দুলি ৰৈ থাকিবলৈ
পোৱাটোৱেই অনেক কিবা পোৱাৰ দৰে নহয়জানো ? তেনেকুৱা সময়বোৰ ধুনীয়াতকৈও ধুনীয়া
নহ’বনে ? Sometimes we don’t deserve more than that. পোৱাখিনিও কিজানি জোখতকৈ
বেছিয়েই, তুমি কেনেকৈ জানিবা ?
: Is that love?
: No. Not at all. We
can’t define it. তাৰ ওপৰত একো ভাবিবই নোৱাৰা নহয় ? সকলো কথাই categorized কৰিবলৈ
লাগি যোৱা মাত্র !
: তোমাৰ কথাবোৰ
contradictory, নিজৰ মাজতে ! মই আক’ মাহৰ শেষত দৰমহাটো অহালৈ হে অধীৰ আগ্রহেৰে ৰৈ
থাকো !
: হাঃ হাঃ । আমি অনবৰতে
লগত লৈ ফুৰা paradox টো কি জানানে ? আমাৰ মগজুটো । আৰু ই বহুত বেছি ধুনীয়া !
: কেনেকৈ ?
: ই নিজেও contradict
কৰে, আৰু নিজক বুজিবলৈ নিজকে ব্যৱহাৰ কৰে । Isn’t it a beautiful paradox?
: ধুনীয়া ? আৰু তাৰ
পাগলামিবোৰ ? তুমি neuroscience পঢ়িছা ?
: না না ! কিন্তু মগজুটোও
‘Chaos theory’ৰ সৈতে সম্পর্ক থকা এটা জিনিছ । আৰু ইয়াৰ সৈতে মোৰ এক পুৰণি সম্পর্ক
আছে, জানাই তুমি !
: এই মগজুৰ কথাবোৰেৰে
তুমি নিজকে ধুনীয়া বুলি বুজাব খোজা নাই তো ?
: হাঃ হাঃ । আমি সকলোৱেই
ধুনীয়া বুলি ধৰি লোৱাচোন । তাত কাৰ কিনো অনিষ্ট হ’ব ।
: বাদ দিয়া তোমাৰ theory
! কোৱাচোন what is good about ocean?
: সাগৰৰ পাৰত বহি হেনো
অনুভৱ কৰিব পাৰি যে আমি আচলতে কিমান নগণ্য একো একোটা প্রাণী, আৰু আমাৰ
দুখ-সমস্যাবোৰ কিমান ক্ষুদ্র !
: What is good about
hills?
: You can escape and
hide there! তুমি নিজকে হেৰুৱালেও য’ত হেৰুৱাই নেপেলোৱা !
: What about the sky?
: The sky is love! No
explanation needed!
: Any regret in life?
: ওহোঁ । উভতি চালে ভাবো-
কিছুমান কথা, কাম দেখোন regret কৰিবলগীয়া । পিছে নহয় । সেইটো সময়ত সেয়াই কৰণীয়
আছিল । সেইখিনি সময়ক এতিয়াৰ তুলাচনীত জুখি থকাটো অর্থহীন ।
: …আৰু মানুহ ? মানুহৰ
কিবা কথা ?
: মানুহক সন্তুষ্ট কৰিব
পাৰি জানো ? মই মোৰ সন্তুষ্টিক জানো । মোক বহুত কিবা নালাগে । দৌৰাদৌৰিও মোৰ মুঠেই
নাই । কেতিয়াবা আমনি লাগে, কিন্তু কৰি থকা কামবোৰ সদায়েই ভালপায় কৰো । অথবা ক’ব
পাৰা, ভালপোৱা কামবোৰ হে কৰো । মানুহে হয়তো ভাবে- “নোৱাৰিলে যিহেতু, এতিয়া ইয়াতে
সন্তুষ্টি বুলি নকৈ কি ক’ব !”
: আৰু সিয়ে তোমাক দুখী
কৰে ?
: নকৰা নহয় । মোৰ ‘মানুহ’
তেনেই কম যে !
: Try not to convince
people.
: কেতিয়াবা দেখোন তোমাক
convince কৰাটোৱেই মস্কিল হৈ পৰে ! মানুহৰ সমুখত যে কেনে বিবুধিত পেলাই মাৰা মোক !
:
জানাই দেখোন, sometimes I wear your madness ! হাঃ হাঃ ।
: That is also a part of
chaos. You can’t escape from it.
: আটছা ! তেন্তে chaos,
which is unpredictable, brings surprises to our lives?
: Exactly! Surprise
মানেই তো unexpected, uncertain! So, it’s beautiful!
: সদায়েই তেনে হ’বই বুলি
কথা নাই । এইবোৰ অনুমানৰ ওপৰত ভিত্তি কৰা কাল্পনিক কাৰবাৰ মাথোঁ ।
: আইনষ্টাইনে কি কৈ গৈছে
জানা- “as far as the laws of mathematics refer to reality, they are not
certain, and as far as they are certain, they do not refer to reality.”
: তুমি সাংঘাটিক আমনিদায়ক
জানানে ! বাদ দিয়া তোমাৰ ‘laws’ ।
: তথাপিও তোমাক মই
বিবুধিত পেলোৱা নাই আজিলৈ আনৰ সমুখত । আনন্দৰ আতিশয্যত যে তোমাৰ মুখত আখৈ ফুটাদি
কথা ফুটে, কোনো আগ গুৰি নথকা !
: তাতে কি ? তোমাৰ দৰে
law and order মানি মই জীৱন জীয়াব নোৱাৰো । I’m genuinely spontaneous! যিটো
যেনেকৈ feel কৰো, তেনেকৈ কৈ দিওঁ; অনুভৱবোৰ suppress কৰি ৰাখি কি লাভ !
: সেয়ে তো সহজতে দুখ পোৱা
আনৰ কথাত !
: হমম… । কথাটো একেবাৰে
নহয় বুলিও ক’ব নোৱাৰি । কিন্তু তাত দোষ মোৰহে, আনৰ
নহয় । তেনেকৈ মানো কাৰণে দুখটো পলকতে উৰি যায় । কাৰণ মই যি কৰিছো তাৰ প্রতিক্রিয়া
স্বৰূপে হে তেওঁলোকে কিবা এটা প্রকাশ কৰিছে । That is their genuine act. গতিকে
তাত দুখৰ কাৰণ যদি কোনোবা হয় সেয়া মই নিজে ।
: ৱাহ !
তুমিও দেখোন সূত্র মানি চলা তেন্তে ! জানানে টলষ্টয়ে কি কৈছিল- “happiness
is an allegory, unhappiness a story”. আৰু তুমিতো জানাই “গভীৰতা দুখৰ হে
থাকে, সুখৰ থাকে উচ্চতা !”
:
তোমাৰ দৰে আমনিদায়ক প্রাণী দ্বিতীয় এটা লগ পোৱা নাই মই । বাদ দিয়া এই সব, যিয়ে যি
কৈছিল, কৈছিল আৰু; তোমাৰ কথা কোৱা । সেইযে সাগৰৰ পাৰত… এটি জোনাকী নিশা… সপোন আছিল
তোমাৰ ? কি হ’ল তাৰ ?
: অ’ সেইটো ! পপীয়া তৰা
খহি পৰা দেখিলেই সেই সপোনটো সঁচা হ’বলৈ দুচকু মুদি ‘wish’ কৰিছিলো । পিছত গম পালো,
বিজ্ঞানে কয় যে- পপীয়া তৰাবোৰ তৰা নহয় । সেইবোৰ জ্বলি যোৱা কোনোবা উল্কাৰ খহি পৰা
টুকুৰা হে মাথোঁ ! মানে সেয়া ধ্বংসাৱশেষ- ধ্বংসৰো অৱশেষ ! গতিকে সপোন জ্বলি গ’ল ।
: হয় নেকি ! বঢ়িয়া !
জ্বলি যোৱা সপোনৰ খহি পৰা ইতিহাস !
: হাঃ হাঃ হাঃ… বঢ়িয়া
‘নাম’ দিছা কিন্তু মোৰ সপোনটোক !
: ইমানবোৰ যে কথা চোবালা,
I see your ‘life’ nowhere in these!
: আৰে ! অলপমান তো
predict কৰা !
: You are too much
science!
: And you are too much
philosophy!
: And we are total mess,
genuine to each other!
: হাঃ হাঃ… ‘too much’
বোৰ সেয়ে বহুতৰপৰা বেলেগ, ইউনিক্ ! হ’ব দিয়া, সেই ‘mess’ বোৰ মাজে মাজে আমি
মিলিজুলি চাফা কৰি থাকিম ।
: কোনফালে যাবা এতিয়া ?
যোৱাৰ বাট টো ঠিক কৰিলা ?
: এলিচৰ দেশলৈ যোৱাই ভাল
হ’ব বুজিছা ! এইবাৰ আনটো বাটেৰে যাম !
আইনাখন মাজত লৈ আমি দুয়ো
কিছুপৰলৈ ধেকধেকাই হাঁহি থাকিলো ! ইয়াৰ মাজতেই তো জীৱন ! Sometimes, it’s better
to be not better! Sometimes it’s better to be in the wrong train. …আৰু কেতিয়াবা
কিছুমান কথা নাজানিলেই ভাল ।
@২৬-০৪-২০২৩
0 Comments