কেতিয়াবা আশা নকৰাকৈ সময় বিশেষ হৈ উঠে । ২০২৩ বছৰটো আৰম্ভণিতে বিশেষ হৈ পৰিছিল মোৰ বাবে । …আৰু কেইবাটাও দিশৰপৰা বিশেষ বিশেষ হৈয়ে বছৰটো শেষ হ’ল । কেতিয়াও ডিব্রুগড় এৰিব নিবচৰা প্রাণীটো অৱশেষত ওলাই আহিলোঁ ।
“I lose the track that loses me, so here I go…” _Same
mistake
যি কি নহওক - নতুন মানুহ, নতুন ঠাই, নতুন কাম… সময়ৰ লগে লগে ঠিক হৈ যায়, পৰিৱেশ-পৰিস্থিতিৰ সৈতে খাপ খোৱাই ল’বলগীয়া হয় নিজকে । ক’ৰবাত অকণমান সলনিও কৰিবলগীয়া হয় ।
নতুন ঠাইখনৰ এটা ভাললগা কথা হ’ল কোনোবাফালে ওলাই গ’লেই দূৰৰ পাহাৰখন দেখা যায় । অফিচৰপৰাও দেখা যায়… ওখ পাহাৰটো মূৰ তুলি থিয় হৈ থাকে একে ঠাইতে । মাজে মাজে পাহাৰলৈ গুচি যাবলৈ মন যোৱা
মোৰ দৰে মানুহৰ বাবে সুবিধাই হ’ল । এদিন পাকতে অকলেই গৈয়ো আহিলো ভালুকপুং
পাৰ হৈ অৰুণাচলৰ চেচা নামৰ ঠাইখিনিলৈকে ।
টাৱাং যোৱাৰ মন, যিহেতু এইফালৰপৰা দূৰত্বটো ভালেখিনি কম । সময়-সুবিধা মিলা নাই । মনতে মিলাই আছো । লগত যাবলৈও কোনো নাই ।
যদিওবা নতুন ঠাইখন ভাল লাগিছে বুলি
নিজকে পতিয়ন নিয়াবলৈ চেষ্টা কৰি আছো, তথাপিও সেয়া সম্পূর্ণকৈ হৈ উঠা নাই ! কামবোৰ ভাল লগা নাই যদিও ভাললগা কৰিবলৈ চেষ্টা কৰিছো ! নতুন নতুন কথাবোৰ শিকিবলৈ চেষ্টা কৰিছো । এইবোৰৰ মাজতে ডিব্রুগড়ে আহি মাজে মাজে অকন দুখী নকৰাও নহয় ।
১৪ নৱেম্বৰ, পৰীক সুধিলো, দিৰাং যাব নেকি ? নৱেম্বৰত নোৱাৰি; দিছেম্বৰ, বৰদিনৰ সময়ত পাৰি বুলি ক’লে । নীলুক সুধিলো- পাৰি বুলিলে । ঠিক কৰা হ’ল- বৰদিনৰ বন্ধ, শনিবাৰ, দেওবাৰ মিলাই কিবা এটা কৰা হ’ব ।
…পৰীৰ সৈতে কথা বতৰা হৈ থাকিল । কেৱল তিনিজনী গ’লে অংকবোৰ নিমিলে, আৰু দুজনীমান হ’লে ভাল আছিল । মোৰফালৰপৰা তো যাবলগীয়া কোনো নাই । পৰীয়ে তাইৰ লগৰ সীমাৰ সৈতে কথা পাতিলে । হীৰুকো সুধি চালে । তাইৰ আক’ নতুন চাকৰিত জইন কৰিবলগীয়া আছে । আটাইকেইজনীৰে অংক মিলাই শেষত যোৱাটো ফাইনেল হ’ল । আটাইকেইজনী মোৰ ৰূমতে আহি লগ হ’ব, তাৰেপৰাই গাড়ী ঠিক কৰি যাম সূৰুয উঠা দেশলৈ ।
ঠিক হ’ল ২৩ দিছেম্বৰ তাৰিখে মোৰ ৰূমৰপৰা পুৱা সাত বজাত ওলাই যাম । গাড়ী ঠিক কৰা হ’ল সেইমতে । থকাৰ বাবে হোমষ্টে বুকিঙৰ দায়িত্ব সীমাই ল’লে ।
২২ তাৰিখে হীৰু আহিব শিৱসাগৰৰপৰা ডিব্রুগড়লৈ, তাকো কামত কিবাকিবি মেনেজ্ কৰি । পৰী আছেগৈ পুৰণি ঘৰত, মানে ‘আই চি এম আৰ’ত NGS-ৰ ট্রেইনিঙত । ডিব্রুগড়ৰপৰা
দুয়োজনী একেলগে আহিব ৰাতিৰ বাছত । নীলু আহিব গুৱাহাটীৰপৰা
। সীমা আহিব যোৰহাটৰপৰা । সিফালে মোৰ চিন্তা, ডেঙগু বেমাৰত মানুহ
এজন মৰিল, এতিয়া একো ইমার্জেন্সী নহ’লেই
হ’ল !
হীৰুৱে মেছেজ দিলে দুপৰীয়া, বাছৰ কেবিনট বহি শিৱসাগৰৰপৰা
ডিব্রুগড়লৈ আহি আছে বুলি । হাঃ হাঃ … । পৰীয়ে ক’লে সেয়াওতো এটা বেলেগ
মজা ! হীৰুৱে ক’লে যে মজা লাগিলহেঁতেন যদিহে
ভৰিকেইটা তলত থ’ব পাৰিলেহেঁতেন ! তায়ো চুটি
মানুহ, মোৰ নিচিনা ! বাছৰ চিটত বহিলে ভৰিকেইটা
ওলমি থাকে । তাহাঁতৰ মেছেজ পঢ়ি মোৰ আৰু ক’ত কামত মন বহে ।
সিফালে নীলুৰ মেছেজ- বাছ কেঞ্চেল হ’ল । বেলেগ বাছত টিকট পোৱা নাই । খা এতিয়া ! টিকট পোৱা গ’ল শেষত । ৰক্ষা ।
সীমা গধূলি তেজপুৰ পালেহি । মোৰ ৰূমতে আহি থকাৰ কথা আছিল যদিও তাইৰ
প্লেন সলনি হ’ল । ৰাতিপুৱা লগ হোৱাৰ কথা ক’লে ।
গধূলি ৮ মান বজাত হীৰুৱে মেছেজ দিলে- “commencing our journey with a
little drama” বুলি । মই বোলো ঠিকে-ঠাকে আহ মুঠতে । তাৰ আধাঘণ্টামানৰ
পিছত নীলুৰ মেছেজ- ‘Bus started’. বাকী আৰু কি, সঁচা কথা যে
যিকোনো যাত্রাৰ আৰম্ভণিৰ এই excitement খিনিয়েই তো বেছি মজেদাৰ
হয় !
পুৱা ৩ বজাত পোৱা নীলু পালেহি ডেৰটা
মানতে । তাইৰ ফোনত খকমকাই উঠি ভাবিলো শুইছিলোহে, ৩ বাজিলেই
! খৰধৰকৈ গ্যেটৰ তলা খুলি ৰাস্তালৈ চাই দেখো তাই গ’লিটোৰে সোমাই আহিছে । গুগল মেপৰ কৃপা
সেইখিনিতে আৰু । ৰূমত আহি ম’বাইল চাইহে দেখিলো সময়
। নতুন দলং খন হোৱাৰ কাৰণে এতিয়া গুৱাহাটীৰপৰা
বিশ্বনাথ পাবলৈ আগতকৈ প্রায় এক ঘণ্টা সময় কমকৈ লাগে । তাতে ৰাতিৰ বাছ, ৰৈ ৰৈ অহা নাই । গতিকে সোনকালে পালেহি তাই । ভোক লাগিছে বোলাত মেগী এপেকেট বইল কৰি
দিলো, তাকে খালে,
অকন শুব ল’লো দুয়োজনী ।
পুৱা ৬ বজাত পৰী আৰু হীৰু পালেহি । পৰী আহিয়ে বিচনাত বাগৰি ব্লেংকেটৰ তলত
সোমাল । তাৰপিছত আৰু হোষ্টেলৰ দিনবোৰৰ দৰে লাইন
পাতিলো গা-ধুবলৈ । খৰধৰকৈ ভাত আৰু আলু-কণীৰ আঞ্জা ৰন্ধা
হ’ল । গাড়ী আহিল সময়তে
।
২৩ দিছেম্বৰ ২০২৩, শনিবাৰ
পুৱা ৭ বজা বুলিলেও আমাৰ গাড়ী ষ্টার্ট
হওঁতে ৭:৫০ বাজিল । প্রায় ৯:৩০ বজাত ভালুকপুঙৰ পিকনিক স্পট্ পালো, ইহঁত কেইজনীয়ে আগতে অহা
নাই বাবে তাতে পাঁচ মিনিটমান ৰোৱা হ’ল । নদীৰ পাৰত গৈ ফটো উঠা হ’ল । ফটো মেইন ।
ভালুকপুঙৰ গ্যেটত পাছৰ বাবে প্রায় এক
ঘণ্টা ৰ’ব লগা হ’ল । ভিৰ আছিল । আমাৰ ভুল । আগতেই অনলাইন কৰি ল’ব পাৰিলোহেঁতেন । তাতে চিপচ্, কমলা কিবাকিবি অলপ
লোৱা হ’ল । দুপৰীয়া ১২ মান বজাত চেচা পালো । সেইখিনিলৈকে
মই এবাৰ অকলেই আহি গৈছিলো অলপদিনৰ আগতে । টার্নিঙটোত থকা সৰু হোটেলখনতে দুপৰীয়াৰ ভাতসাজ খোৱা হ’ল । মালিক চাগৈ নেপালী সম্প্রদায়ৰ
মানুহ । আমাৰ গাড়ীৰ পাইলটৰ চিনাকী । সিফালে অহা-যোৱা কৰোঁতে । তেখেতে পাকঘৰত বহিয়েই ভাত খালে । কাঁহৰ কাহীত সজাই দিয়া ভাতসাজ সঁচাকৈ
সু-স্বাদু আছিল । তাতে অলপ সময় বহি আমি আগুৱাই গ’লো ।
কিছু দূৰ গৈ এটা ডাঙৰ জলপ্রপাত । তাতে অলপ সময় ৰ’লো । সেয়া পাৰ হৈ ৫০০ মিটাৰ দৈর্ঘ্যৰ “Nechiphu tunnel” । এই সুৰংগটোৱে বালিপাৰা-চাৰিদুৱাৰ-টাৱাং পথক সংযোগ কৰিছে । টাৱাঙলৈ যোৱা পথৰ প্রায় ৬ কিল’মিটাৰ দৈর্ঘ্য কমি গৈছে এই সুৰংগটোৰ বাবে । সুৰংগটোৰ ভিতৰত স্বয়ংক্রিয় পোহৰ আৰু নিৰীক্ষণ ব্যৱস্থা আছে ।
তাৰপৰা আগলৈ অলপ দূৰ গ’লে লাল-কুন্তী ওলমা দলং । তাতে ৰৈ ফটো উঠা হ’ল ।
প্রায় দুই বজাত নাগ মন্দিৰ পালো । অলপ ওপৰলৈ পাহাৰৰ টিলাৰ ওপৰত । খটখটিৰে আমি ওপৰলৈ উঠি মন্দিৰৰ ভিতৰত মূৰ দোৱাই আহিলোঁ । নাগ-মন্দিৰৰ কাহিনী এটাও আছে । শুনামতে ষাঠি দশকৰ পহিলা ভাগত ভালুকপুঙৰপৰা টাৱাঙলৈ হাই-ৱেৰ নির্মাণৰ কাম সামৰিক জোৱানৰ নেতৃত্বত হৈ আছিল । সেই সময়ত, পথ নির্মাণৰ কাম কৰি থাকোতে দেখা পোৱা গৈছিল হেনো যে টিলাৰ ওপৰত জমা হৈ থকা পানী খাবলৈ বহুতো সাপ আহিছিল । এদিনাখন কামত নিয়োজিত থকা বনুৱাসকলৰ মাজৰে এজনে তেনেকৈ পানী খাই থকা অৱস্থাত মতা সাপ এটা মাৰি পেলালে । আৰু তেতিয়াৰেপৰা ৰাস্তা নির্মাণৰ কামত বিঘিনি ঘটিবলৈ ধৰিলে; বতৰ বেয়া হৈ থকা হ’ল, ডাঙৰ ডাঙৰ শিল পাহাৰৰ ওপৰৰপৰা বাগৰি পৰিবলৈ আৰম্ভ কৰিলে, বহু মাইকী সাপে আহি বনুৱাবোৰক খুটিবলৈ আৰম্ভ কৰিলে । ৰাস্তা নির্মাণৰ কাম অসম্ভৱ হৈ উঠিল । তেনে অৱস্থা দেখি সেই কামত নিয়োজিত থকা সেনা বিষয়া এজনে নাগ-মন্দিৰটো নির্মাণ কৰোৱায় । তেতিয়াৰপৰা সময় আগৰ দৰেই স্বাভাৱিক হয় আৰু পথ নির্মাণৰ কাম সম্ভৱ হৈ উঠে । “নাগ-পঞ্চমী”ৰ দিনা ইয়াত ডাঙৰকৈ পূজা আৰু মেলা হয়, আৰু বিভিন্ন ঠাইৰপৰা যথেষ্ট ভক্তৰ আগমন হয় বুলি কোৱা যায় ।
নাগ মন্দিৰৰপৰা অলপ আগলৈ গৈ মূল ৰাস্তাটো দুভাগ হৈ এফালে ব’মডিলা গৈছে আৰু আনফালে ৰূপা ভ্যেলী । আমি “ক’ত কি কেতিয়া কেনেকৈ” ধৰণৰ বিশেষ প্লেন কৰা নাছিলো । গাড়ীৰ পাইলট দাদাই ক’লে ৰূপা ভ্যেলীৰ কথা । আমি গাড়ী বাওঁফালে ঘূৰাবলৈ ক’লো । যোৱাৰ বাটত গাড়ীৰপৰা নামি পাহাৰৰ একা-বেঁকা ৰাস্তাত অলপ দূৰ খোজ কাঢ়িলো । আকাশত সিঁচৰিত নীলাৰ মাজত বগা ডাৱৰৰ আঁক-বাঁকবোৰে অপূর্ব চিত্রপট একোখন যেন মেলি ধৰিছে আমাৰ চকুৰ আগত । মূল ৰা্স্তাৰপৰা আমি বহু ওপৰত তেতিয়া । তললৈ চাই চাই সকলোৱে পাহৰৰ, বৈ যোৱা নদীৰ সৌন্দর্য উপভোগ কৰিলে । কাৰোৰে মন নাই গাড়ীত উঠিবলৈ ! তাতেই যেন তেনেকৈ বহি থাকিব… খোজ কাঢ়ি থাকিব…! কিন্তু সময় তো আৰু আমাৰ দৰে ৰৈ-বহি নাথাকে !
অকোৱা-পকোৱা পাহাৰীয়া ৰাস্তাৰে গৈ গৈ শেষত আমি মঠ এটা পালোগৈ । পৰিৱেশটো দেখিয়েই আটায়ে খুচ্ ! এনেকুৱা শান্ত পৰিৱেশ একোটাই বিৰাজ কৰি থাকে বাবেই বুদ্ধ ধর্মৰ প্রতি মোৰ এটা দুর্বলতা আছে আগৰেপৰা ।
অৰণাচলৰ West Kameng জিলাৰ ৰূপা গাঁৱৰ পৰা প্রায় ১৫ কিল’মিটাৰ দূৰৈত অৱস্থিত মঠটোৰ নাম “Chillipam Gompa” । জোতা খুলি ভিতৰলৈ সোমাই গ’লো । ভিতৰত ফটো তোলা নিষেধ । হয়তো আমি গৈ পোৱাৰ আগতে তাত কিবা অনুস্থান হৈ আছিল । দুজনমান ছাত্রই মজিয়াখন হাৰি আছে, দুজনমানে মচি আছে । কোনো হাই-উৰুমি নাই । ভিতৰখন দুপাকমান ঘূৰি হাতযোৰ কৰি দুচকু মুদি বুদ্ধলৈ বুলি প্রণাম যাছিলোঁ ! বুদ্ধৰ সমুখত মূৰ দোৱালে প্রতিবাৰেই হোৱাৰ দৰে এইবাৰো দুচকু ভৰি আহিল ! নাজানো সেয়া কিয় হয় ! বহু কথাৰে কাৰণ নাথাকে ! বহু প্রশ্নৰ উত্তৰো নাথাকে ! মঠটোৰ ভিতৰৰ বেৰবোৰ, ওপৰৰ ছিলিং, সকলোবোৰ বৌদ্ধধর্মৰ বিভিন্ন শিল্পকলাৰে কাৰুকার্য খচিত কৰা আছে । তিনি মহলাৰ ওপৰলৈ খটখটিৰে উঠি গৈ পাহাৰৰ নান্দনিক সৌন্দর্য্য উপভোগ কৰিব পাৰি । মঠটো এনেকৈ নির্মাণ কৰা হৈছে যে ওপৰ মহললৈ উঠি গৈ চাৰিওফালৰ পূৱ হিমালয় উপত্যকাৰ ২৭০ ডিগ্রীৰ দৃষ্টিনন্দন সৌন্দর্য্য উপভোগ কৰিব পাৰি । নিজৰ দুচকুৰে নেদেখিলে সেই সৌন্দর্য্য বর্ণাব নোৱাৰি ।
ওচৰতে কা’ফে এখন নতুনকৈ আৰম্ভ কৰিছে
। তাতে থকাৰ ব্যৱস্থাও সোনকালে হৈ উঠিব বুলি গৰাকীয়ে আমাক জনালে । আমি চাহ-ক’ফি কিবা
খাওঁ বুলি তাতে সোমালো । সৰু যদিও আটোনটোকাৰিকৈ আৰম্ভ কৰিছে কাফেখন । সিফালে বেলকণিৰ
দৰে ঠাইখিনিত বহিলো আমি । ক’ফি খালো আটায়ে দূৰৈৰ পাহাৰলৈ চাই চাই…!
তাতে ঘূৰি পকি ৪:৩০ মানত আমি উভতি আহিলো
বুকিং কৰি থোৱা ব’মডিলাৰ হোমষ্টেৰ অভিমুখে । প্রায় ছয় মান বজাত আমি তাত পালোহি । “Deki’s Homestay”, টাউনৰ মাজতে । গুগল মেপৰ কৃপা ! অসুবিধা নহ’ল বিচাৰি পাবলৈ । ওপৰ মহলত থকা
ৰূমটোলৈ ঘৰৰ মহিলাগৰাকীয়ে বাট দেখুৱাই দিলে । ৰূমৰ ভিতৰত সোমাই আটাইৰে স্ফূর্তি ! ইমান ধুনীয়া
! তাকো ইমান কম টকাত ! সঁচাকৈয়ে আটোনটোকাৰিকৈ থোৱা
আছিল ৰূমটো । দুটা ৰূম । পাকঘৰো আছে, কোনোবাই
ইচ্ছা কৰিলে নিজে ৰান্ধি খাব পৰাকৈ । তাতে টেবুল-চোফাও আছে ।
আমি আটায়ে লাইন পাতি ফ্রেচ হ’লো । পানী চুব নোৱাৰাকৈ ঠাণ্ডা । গীজাৰৰ সুবিধা নাথাকিলে সেই পানী গাত
ধলা মানে কি হ’ব ঠিকনা নাই ! আটায়ে আজৰি হৈ বহিলো আৰামত । পাহাৰৰ নিয়ম, সোনকালে ৰাতি হয়
! আমাৰ ইচ্ছা নাছিল যদিও ৰাতিৰ আহাৰ ৮:৩০ বজাতে খোৱা হ’ল যিহেতু সেয়া মালিকৰ ৰুটিন । তেওঁলোকৰ পাকঘৰলৈ মাতিলে খাই-বৈ যাতে আমি তেওঁলোকক
আজৰি কৰি দিওঁ । ভাত-দাইল, আলু পিটিকা,
পাপৰ ভজাৰে নিৰামিখ ভাতকেইটা ভোকত বেচ্ তৃপ্তিৰে আটায়ে খালোঁ ।
খাই আহি ৰূমত আড্ডা জমোৱা হ’ল অলপ । তাৰ পিছত তিনি-চাৰিখনকৈ কম্বল লৈ আটায়ে
টোপনিৰ কোলাত বাগৰ মাৰিলে । ঠাণ্ডা বহুত
।
পুৱা সকলোৱে সোনকালে সাৰ পালে । অৱশ্যে কম্বলৰ উম এৰি আহিবলৈ কাৰোৰে
মন নাই ! বাহিৰলৈ আহি দূৰৈৰ
পাহাৰটোলে চালো… সূৰুযে আহি ভুমুকি মাৰিছেহি পাহাৰৰ ওখ টিঙৰ ওপৰেৰে
! এনে পুৱাবোৰ দেখিলে পুৱা সোনকালে উঠিব নোৱাৰা স্বভাৱটোলৈ নিজৰ কেতিয়াবা খঙো উঠে ।
পিছে নিশা দুপৰলৈ ফেঁচাটো হৈ বহি থাকিলে পুৱাৰ শালিকী নেদেখাটো স্বাভাৱিক কথা ! তেনেকৈয়ে
ফুচুলাই থওঁ আৰু নিজক । জুবিনদাৰ গানৰ দৰে- নিশাৰ আন্ধাৰৰ সৈতে মোৰ বহু যুগৰে নাচোন
যে, এৰিব নোৱাৰো ! হাঃ হাঃ…
“I love the silent hour of night,
For blissful dreams may then
arise,
Revealing to my charmed sight
What may not bless my waking
eyes.”_ Anne Bronte
২৪ দিছেম্বৰ ২০২৩, দেওবাৰ
যি নহওক, থকা-খোৱাৰ মাননি (এক ৰাতি থকাৰ মাননি ৩৫০০ টকা । খোৱাৰ বেলেগ ।) হোমষ্টেৰ গৰাকীক দি, আটায়ে ফটো উঠি, পুৱা ৭:৩০ বজাত সাজু হলো দিনটোলৈ বুলি । অলপ দূৰ আহি ব’মডিলাৰ সৰু ঘুমটি এখনত
সোমাই আটায়ে ৰুটি খালোঁ । ঠাণ্ডা বহুত
। আমাৰ জুহালৰ জুইকুৰাৰ দৰে নহ’লেও তেনেকুৱা ধৰণৰ ব্যৱস্থা
এক কৰা আছে ঘুমটি খনৰ ভিতৰতে । ধোঁৱাবোৰ বাহিৰলৈ ওলাই যাবলৈ পাইপ এডাল চালৰ
ফুটাৰে বাহিৰলৈ উলিয়াই থৈছে । তাতে দুহাত হেকি আমি ফিকা চাহ খাই খাই
কথা পাতিলো অলপ সময় । খাই আহি অলপ
একা-বেঁকা ৰাস্তাত খোজ কাঢ়ি
দূৰৈৰ শুভ্র হৈ থকা পাহাৰৰ চূড়ালৈ চাই চাই সকলোৱে নিজৰ নিজৰ মাজতে অলপ সময় মচগুল হৈ
থাকিল । প্রায় ৮:৫০ মান বজাত আমি পুনৰ
যাত্রা আৰম্ভ কৰিলো । গন্তব্যস্থান মাণ্ডালা ।
চিধাকৈ মাণ্ডালাত নোসোমাই আমি পাইলট দাদাৰ কৃপাত ৰাস্তাটোৰে আগলৈ গৈ থাকিলো । বাটত পাই যোৱা পাতলীয়া বৰফবোৰ অলপ বাঢ়ি যোৱা দেখা পালো । সকলোতকৈ বেছি স্ফূর্তি পালে পৰীয়ে । জমনি কৰাত ভাল তাই । স্ফূর্তিলা । তেনেকুৱা দুগৰাকীমান যেতিয়া যাত্রাৰ লগৰীয়া হয়, তেতিয়া ৰঙবোৰ বেছি হয় । নহ’লে মইতো ব’ৰিং মানুহ ! তাতে বৰফ পৰি থকা ৰাস্তাত খোজ কাঢ়িলো আমি । ফটো উঠা হ’ল । তাৰপৰা উভতি আহিলো মাণ্ডালালৈ বুলি ।
পুৱা ১০:৩০ বজাত মণ্ডালা পালো । এই মণ্ডালাৰ বিশেষত্ব হ’ল ইয়াত মুঠতে
১০৮ টা বৌদ্ধ স্তুপা সমকেন্দ্রিক বৃত্তত স্থাপন কৰা আছে । প্রতিটো স্তুপাৰ নিমার্ণত
একো একোটা পৰিয়ালে অৰিহণা যোগাইছে আৰু নামবোৰ স্তুপাবোৰত লিখা আছে । ই শক্তিশালী সাম্প্রদায়িক
বন্ধনৰ এক প্রতীক স্বৰূপ । স্তুপাবোৰ পৰিয়ালৰ কোনো মৃতকৰ স্মৃতিত তেনেকৈ নির্মাণ কৰা
হয় বুলি কোৱা যায় । প্রতিটো স্তুপাতে “Om Mani Padme Hum” বোলা বৌদ্ধ ধর্মৰ মন্ত্রফাঁকি
লিখা আছে । ঘূৰণীয়াকৈ ঘড়ীৰ কাঁটাৰ দিশত আমি আটায়ে খোজকাঢ়িলো মণ্ডালাত । বতাহত ৰঙা-বগা-নীলা-হালধীয়া
পতাকাৰ দৰে কাপোৰবোৰ উৰি আছে চৌপাশে । শান্তিময় পৰিৱেশ ! অনেক মানুহ আহিছে । কোনোৱে
ফটো উঠিছে, ৰীল বনাইছে… আৰু কোনোৱে নীৰৱে খোজকাঢ়িছে । ওখকৈ বুদ্ধৰ মূর্তি এটা মণ্ডালাৰ
একেবাৰে মাজতে নির্মীয়মান অৱস্থাত থিয় হৈ আছে । সম্পূর্ণ হ’বলৈ হয়তো সময় লাগিব ।
তাতে প্রায় এক ঘণ্টামান থাকি চাংটি
ভ্যেলীলৈ বুলি ওলালো । ৰাস্তাটোৰ প্রথমৰখিনি খুউব ধুনীয়া, যি ধৰণৰ ‘ধুনীয়া’খিনি তেতিয়ালৈ আমি দেখা নাছিলো । আচলতে পাহাৰৰ সৌন্দর্য্য ঠায়ে ঠায়ে
সুকীয়াকৈ ধুনীয়া ! সেয়া কেৱল দুচকুৰে যি নিজে দেখে, তেওঁ হে
অনুভৱ কৰিব পাৰে । শেষলৈ মাজে মাজে শিলৰ ৰাস্তা । শেষলৈ মানুহৰ ঘৰৰ মাজেৰে ৰাস্তাটো ।
পিছবেলা ১:১৫ বজাত চাংটি ভ্যেলীত
গৈ পালো । মূল ৰাস্তাৰপৰা ওলোমা দলং খনেৰে পাৰ
হৈ পাহাৰ দুখনৰ মাজত, নদীখনৰ কাষত । সৰু সৰু ক’টেজ কিছুমান আছে । ব্যস্ত পৃথিৱীৰপৰা
আতৰি গৈ নদীৰ কাষত, পাহাৰৰ কোলাত দুই-চাৰিদিন কটাই আহিব পাৰি
ধুনীয়াকৈ । গ্রুপত ভালেমান ল’ৰা-ছোৱালী আহিছে, আছে । কোনোবা গৰাকী নতুন কইনা ! প্রিয়জনৰ সৈতে আহিছে,
দেখাত লাগে হয়তো অসমৰ বাহিৰৰ ! পাহাৰে জানো কিয়
মানুহ মাতে !
আমি অলপ সময় তাতে বহিলো । খোজ কাঢ়িলো । ক’ফি খালো । নদীৰ পাৰে পাৰে অলপ ফুৰিলো । এঢলীয়া পাহাৰৰ বুকুত ভেড়াবোৰ চৰি থকা
দেখি কাশ্মীৰৰ দৰে ‘ফিলিং’ এটাও হ’ল
! আকাশ নীলা, বগা বগা ডাৱৰবোৰ চপৰা চপৰাকৈ যেন
পাহাৰৰ ওপৰত লাগি আছে ফুলৰ থোপা হৈ ! তলত শান্ত নদী । সূৰুযৰ ৰশ্মিত মুকুতা হেন হৈ জিলিকি
আছে পানীবোৰ ! এৰা, লাগে মানুহক এনে খন্তেক সময় ! পাহৰিবলৈ বহু কিবাকিবি, খন্তেকলৈ হ’লেও ! বিচাৰিবলৈ নিজক মন গ’লেও
হেৰুৱাই নেপেলাবলৈ ! অলপ সময় থাকি ঘূৰি অহাতকৈ তাত দুটামান দিন
প্রকৃতিৰ কোলাত কটাই আহিলেহে বেছি ভাল লাগিব । তাতে যদি হয় কোনোবা জোনাকী ৰাতি ! আসঃ ! ভাবিয়েই কিবা এটা ভাৱনাত অলপ সময় ওপঙি থাকিলো ! এতিয়া
তো ৰৈ যাব নোৱাৰি, মন গ’লেও, মনে ক’লেও ! আকৌ কেতিয়াবা আহিম
বুলি মনতে ভাবি আমি উভতি আহিলো ।
তাৰপৰা উভতি দিৰাং মঠটোলৈ বুলি ওলালো । প্রায় আঢ়ৈ মান বজাত তাত পালো । যথেষ্ট মানুহ তাতো । ইয়াক দালাই লামাই নামাকৰণ কৰিছিল “Thupsung Dhargye Ling” যাৰ অর্থ হ’ল “Place of Flourishing of the
Buddha’s Speech”. মঠটো এক প্রকাৰৰ শৈক্ষিক অনুষ্ঠান, সাধুসকল আৰু অন্যান্য লোকৰ বাবে । আমি ভিতৰলৈ সোমাই বুদ্ধৰ মূর্তিৰ আগত
মূৰ দোৱালো । যি প্রশান্তি অনুভৱ হ’ল সেয়া বর্ণাব নোৱাৰি
! কোনো হুলস্থূল নাই, যেন সকলো শূন্য…!
তাতে বহিবলৈ শাৰীপাতি থোৱা কঠৰ দৰে কাপোৰৰ ওপৰত বহি থাকিলো নীৰৱে, লেপেটাকাঢ়ি । আন
কোনো কোনো লোক আহিও বহিল । “Every word is like an unnecessary stain on silence
and nothingness.”_Samuel Beckett. কথা ক’লেই যেন
হেৰুৱাম নিজক ! সেই শান্ত নীৰৱ সময়ৰ সুৰংগেৰে যেন গৈ থাকিম…
মঠটোলে সোমাই গৈয়ে পোৱা তলত থকা ঘূৰণীয়া হুইলবোৰত হেনো বৌদ্ধ ধর্মৰ মন্ত্র কিছুমান, কিতাপৰ কথা লিখা আছে । সাধাৰণ মানুহ এজনে যিহেতু ইমানবোৰ মন্ত্র আওৰোৱাটো সম্ভৱ নহয়, সেই হুইলবোৰ হাতেৰে ঘূৰালে বহু মন্ত্র একেলগে আওৰোৱাৰ দৰে হয় হেনো । দ্বিতীয় মহলাত গৈ চাৰিওফালে চাই পঠিয়ালে লাগে প্রকৃতি সঁচাকৈ এনেকুৱা নে ! ক’ত আছো আমি ! আমাৰ পৃথিৱীখন এনেকুৱাই নে ! চাৰিওফালে সেয়া হিমালয়… সগৌৱৰে মূৰ তুলি থিয় হৈ আছে…!
তিনি মান বজাত ডিৰাং টাউনলৈ উভতি আহিলো
য’ত আমাৰ থাকিবলগীয়া ঠাই
ঠিক কৰা আছে । টাউনতে ইফালে-সিফালে অলপ ফুৰিলো,
ম’ম’ খালোঁ । হোমষ্টেত টালি-টোপোলাবোৰ থৈ আমি ওচৰতে
থকা গৰম পানীৰ উঁহ চাওঁ বুলি ওলাই গ’লো
। বিশেষ একো নাই ! বিশেষকৈ আমাৰ দৰে গাঁৱলীয়া
মানুহৰ দৰে । সৰু পুখুৰীৰ দৰে নাদ এটা, পকী ! তাতে পাইপেৰে পানী ভৰোৱা আছে চাগৈ (ভালকৈ
মন কৰা নহ’ল) য’ত কোনো কোনোৱে আধা-বস্ত্র হৈ ৰঙীন পানীয়ৰ সোৱাদ লৈছে । কাৰবাৰটো পুখুৰীও
নহয়, চুইমিং পুলৰ দৰেও নহয় ! চাবলৈ কৰিবলৈ একো নাছিল… উভতি আহিলো আমি । পাঁচ মান বজাত হোমষ্টে পালোহি । পুনৰাই আটায়ে ওলাই গ’লো ওচৰতে থকা বজাৰলৈ, কিবা অৰুণাচল বিশেষ পোৱা যায় নেকি বিচাৰি
(কি আনিলি বুলি কোৱা মানুহবোৰলৈ বুলি)। তেনেকুৱা একো পোৱা নগ’ল । তথাপিও দুই এটা সৰু
সুৰা বস্তু লৈ আমি উভতি আহিলো ।
Zen Homestay, breakfast-ৰ সৈতে পাঁচজনীৰ
এক ৰাতিৰ থকাৰ মাননি ৩০০০ টকা । ব’মডিলাৰ হোমষ্টেটোত সোমায়েই সবৰে যি স্ফূর্তি লাগিছিল
দিৰাঙত সেয়া অলপ কমি গ’ল । ব’মডিলাৰ দৰে ধুনীয়া নহয়, এটাই ৰূম ! আমি আটায়ে একেলগে থাকিম
বোলাৰ বাবে আচলতে এটাই ৰূম দিলে । বাকী ৰূমবোৰ ব’মডিলাৰ দৰেই আছিল । যি নহওক, সকলোৱে
ফ্রেচ হৈ আড্ডা জমোৱা হ’ল অলপ । পৰীয়ে সবৰে ভাল লগা গান প্লে কৰি শুনাই সকলোৰে ‘চিফাৰিছ’
পূৰ কৰিলে । পাহাৰৰ নিয়ম মানি সোনকালে ৰাতিৰ আহাৰ খোৱা হ’ল । খাই-বৈ সকলো শুই পৰিল
। ঠাণ্ডাৰ প্রকোপত ৩-৪ খনকৈ ব্লেংকেট সকলোৱে ল’লে । তথাপিও অনুভৱ হ’ল ইয়াত ব’মডিলাতকৈ
ঠাণ্ডা অলপ কম ।
২৫ দিছেম্বৰ ২০২৩, সোমবাৰ
সকলোৱে শুই উঠি সাজু হ’ল উভতিবলৈ ।
টাৱাং যোৱাৰ মন থাকিলেও সময়ৰ নাটনি । সকলো নিয়মত বন্ধা । গতিকে মন নাথাকিলেও উভতিব
লাগিব । ৰুটি-ব্রেড-চাহ, যিয়ে যি খাই খালে । আঠ মান বজাত উভতনি যাত্রা আৰম্ভ কৰিলো
। আচলতে আমি দিৰাঙত নাথাকি টাৱাঙলৈ যাবগৈ পাৰিলো হয় । দিৰাঙত বিশেষ তেনেকৈ চাবলগীয়া
নাই । আমাৰো যিহেতু প্লেন প্রগেম একো নাছিল, তেনেকৈয়ে যাত্রা সামৰিব লগা হ’ল । থকাৰ
কথা ওলাইছিল ‘শ্ব্যেৰগাঁও’ত । সেইটো নাকচ কৰা হৈছিল । পিছে উভতি আহি থাকোতে সময় হ’ব
যেন অনুভৱ হোৱাত গাড়ীৰ পাইলটক কিবাকিবি কৈ তাত এপাক সোমাই যাবলৈ সৈমান কৰোৱা হ’ল ।
গতিকে ব’মডিলাৰপৰা ইউ টার্ণ লৈ আমি শ্ব্যেৰগাঁৱলৈ বুলি গাড়ী ঘূৰালো ।
প্রায় দহ মান বাজিছিল তেতিয়া । যেতিয়া
ৰাস্তাটোৰে আগুৱাই গ’লো, অলপ দুখ লাগিল যে আমি ইয়াত কিয় আগতে সোমাই নগ’লো, কিয় নাথাকিলো
বুলি ! আগুৱাই গৈ থাকোতে অনুভৱ হ’ল দুটা দিনত যিমানখিনি ৰাস্তা দেখিলো এইটো ৰাস্তা
যেন অলপ বেছি ধুনীয়া । পাহাৰবোৰো যেন অলপ বেছিকৈয়ে ধুনীয়া ! গৈ গৈ শেষত শ্ব্যেৰগাঁওত
উপস্থিত হ’লোঁ । ধুনীয়া ধুনীয়া ঘৰবোৰ, পাহাৰৰ ওপৰত । প্রায় সকলোবোৰেই হোমষ্টেৰ সুবিধা
থকা । গোটেই পৰিৱেশটো চকুফুৰাই চালে অনুভৱ হয় বিদেশৰ কোনোবা ঠাইত আছো নেকি ! অলপদিনৰ
আগত আপেলবোৰ লমালমে লাগিছিল ইয়াত । কিৱিবোৰো ডাল ভৰি লাগিছিল । সেইবোৰ চাবলৈ ইয়ালৈ যথেষ্ট পর্য্যটকৰ আগমন
হয় । আগষ্ট-ছেপ্টেম্বৰৰ সময়খিনি চাগৈ আৰু বেছি ধুনীয়া হয় । মনতে ভাবি থ’লো- আহিব লাগিব
আকৌ ! গাড়ীৰপৰা নামি ৰাস্তাতে খোজকাঢ়িলো আটায়ে । অলপ আগলৈ গৈ সৰু ষ্টেচনেৰী দোকান এখন
। তাতে আমি ম্যানমাৰৰপৰা অহা খোৱা বস্তু কিবাকিবি ল’লোঁ । সেই ৰাস্তাৰে আগলৈ গৈ থাকিলে
গুৱাহাটী পায় । গাঁওখনে ছিলভাৰ কেটেগৰীত ২০২৩ চনত “Best tourism Village of India”ৰ এৱার্ড পাইছে ।
তাতে আমি অলপ সময় ঘূৰি-পকি থাকিলো ।
আপেলৰ গছবোৰত আপেল নাই এতিয়া । শুকান শুকান যেন লগা গছবোৰ শাৰী পাতি আছিল ৰাস্তাৰ কাষত
। ৰাস্তাৰ কাষতে সৰু বাছ ষ্টপেজ এটা । বাছ আহি তাত ৰয় নে নৰয় নাজানো । কিন্তু আমি,
বিশেষকৈ নীলু আৰু মই বেচ স্ফূর্তি পালো যেতিয়া তাত সৰু সৰু বাকচবোৰত কিতাপ কিছুমান
দেখিলো ! কাৰবাৰটো দেখি খুউব ভাল লাগিল । সকলোবোৰ ঠাইতে যদি তেনেকুৱা কিবা এটা হ’লহেঁতেন
! আকৌ ভাবি বেজাৰো লাগিল, এইবোৰ কথা আমাৰ ঠাইবোৰত আশা কৰাটোৱেই অমূলক ! তাতে ঘূৰি-পকি
আমি ফটো উঠিলো । ৰাস্তাৰপৰা দলং এখন পাৰ হৈ অলপ আগলৈ গ’লে ….ৱাটাৰফ’ল এটা আছে, য’ত
নাম থকা ৰিজ’র্ট……. আছে । আমাৰ যিহেতু সময় নাই হাতত, গতিকে তালৈ যোৱাটো সম্ভৱ নহ’ল
। সিফালে গাড়ীৰ পাইলটে হর্ণ বজালে, দেৰি হ’বগৈ । পৰীহঁতৰ বাছৰ টিকটো কৰা আছে, সন্ধিয়া
৬:৩০ বজাত । আটায়ে আহি গাড়ীত বহিলো । মাজতে একা-বেঁকা ৰাস্তাটোত অলপ ৰৈ ফটো উঠিলো ।
আকৌ আহিম বুলি নিজকে ক’লো ! নাজানো
।
“And may be someday we will meet
And may be talk, and not just
speak
Don’t buy the promises, cause
There are no promises I keep
And my reflection troubles me
So here I go...” _ Same mistake
দুপৰীয়াৰ আহাৰ ১:৩০ বজাত পুনৰ সেই চেচাৰ
সৰু হোটেলখনতে খোৱা হ’ল । দুই বজাত পুনৰ উভতনি । বাটত আকৌ ভালুকপুঙৰ ৰাস্তাত অলপ ৰ’ব
লগা হ’ল ৰাস্তা বন্ধ হোৱাৰ বাবে । তাতে ৰাস্তাৰ কাষত সজাই থোৱা বাঁহগাজ, ভোট জলকীয়া
আদি আচাৰৰ চকুত লগা ৰঙা ৰঙা সাফৰৰ বৈয়ামবোৰে ৰ’বলৈ বাধ্য কৰালে । ইহঁত দুজনীমানে ল’লে
তাৰে দুটামানকৈ বৈয়াম । তাৰপিছত আৰু ৰ’বলৈ নাই । একেবাৰে আহি ছ’টিয়াৰ কন্যকাত বহি চাহ
খালো । আবেলি প্রায় ৫:৩০ মান বজাত ৰূম পালোহি । পৰী আৰু হীৰূ ৰূমত সোমাই খন্তেক বহিল
। ৬ মান বজাত তাহাঁতক টুকটুকীত উঠাই দি বিদায় দিলো ।
নীলুৰ বাছ আছে ৰাতি । সীমাৰ ৰাতিপুৱা
। আমি আহি আটায়ে গা-পা ধুই জিৰণি ল’লো । ৰাতি ভাতকেইটা খাই সীমা শুলে । ১২:৩০ নীলুৰ
বাছ আছে, উঠিবই লাগিব যিহেতু, এনেয়ে বাগৰি থাকিলো বিচনাত । ওলাই গ’লো ৰাতি তাইক বাছত
তুলি আহিবলৈ । সীমাৰ টোপনি ভাঙিবলৈ বেয়া লাগিল । ১২:৪৫ ত নীলু বাছত উঠিল । তাইক থৈ
আহি শুবলৈ গ’লো । ভাগৰে যেন তেতিয়াহে হেঁচা মাৰি ধৰিলে । পুৱা সাৰ পালো… সীমা সাজু
হৈছে যাবলৈ । ফিকা চাহ অকনকে কৰি দিলো । পোহৰ হৈছিল ইতিমধ্যে । তাইক গ্যেটলৈকে আগবঢ়াই
আহিলো । বাকী তাই যাব পাৰিম বুলিলে । তায়ো উভতিল পুৱা ৬:৩০ বজাৰ বাছেৰে । উভতি আহি
আকৌ বাগৰ মাৰিলো ।
অফিচ বোলা বস্তুটো আছে । মন নাথাকিলেও
যাব লাগিব । সাজু হ’লো । পৰী আৰু হীৰু পালেগৈ । নীলুও পালেগৈ । আটায়ে ডিউটি কৰিব লাগিব
। দেখা যাব আকৌ কেতিয়াবা সময় মিলিলে…
“A variety of nothing is superior
to a monotony of something.”_Jean Paul
(আমাৰ খৰচ বুলিলে, থকাৰ বাবদ ৬৫০০ টকা
। তেলৰ সৈতে তিনি দিনৰ গাড়ীৰ ভাড়া ২১,০০০ টকা (বিশ্বনাথৰপৰা)। বাকী… খোৱা, ইটো সিটো
। প্রায় ছয় হাজাৰ মানকৈ গাইপতি খৰচ হ’ল ।
ব’মডিলাৰ অন্য ক’ৰবাত থকাতকৈ শ্ব্যেৰগাঁৱত
এদিন থকা ভাল । যদি দিৰাঙৰ ছাংটি ভ্যেলীত থকাৰ প্রগেম নাই তেন্তে তাৰপৰা উভতি অহাতকৈ
বা অন্য ক’ৰবাত থকাতকৈ টাৱাং ফুৰি আহিবগৈ লাগে । চিধাই টাৱাঙলৈ গুচি নগৈ ৰূপাৰ মনেষ্টৰীত
এপাক সোমাই যাব লাগে । নোসোমালে পিছত আফচোচ থাকি যাব ।)
0 Comments