“Each and
every place I go
There is
beauty and wonder to behold.
I expect to
travel many more places.
I’ve
learned that where, is truly unknown.
But when I
found my heart,
Which is
always inside of me,
Had stepped
out to travel
On an
unexpected journey,
It was with
surprise and awe
That it
could have been possible,
For my
solitary heart
To have
traveled so far.
It went to
the highest highs and the lowest lows.
And all
along the way was beauty and wonder to behold
For my
heart, in one short time
Has
traveled farther
Than I
could have ever hoped to be.” _Heather Z. Hanna
অলপ পাতনিঃ
২০১৭ চনৰ অক্টোবৰ মাহৰ শেষৰ ফালৰ কেইটামান দিন । মন গৈ আছিল কেনিবা গুচি যাবলৈ ! মন গ’লেও মানুহজনী যাব নোৱাৰো ! পৰাহেঁতেন ! কেনিবা যাওঁ বুলিলে যাম বুলি কোৱা নাম কেইটামান মনত পেলালো । নিতু আৰু মুনমীক সুধি চালো, যাব পাৰি নেকি কেনিবা । ক’লে- পাৰি । মনোজ আছে গুৱাহাটীত । সুধিলো তাকো । ক’লে- ব’লক । দেবজিৎ আৰু মহন্তক সুধিলো । ক’লে- যাব পাৰি । মনোজে সণ্টোষদাৰ লগত কথা পাতিলে । গাড়ী-ড্রাইভাৰ ঠিক হ’ল । যাম অৰুণাচলৰ কিবিথোলৈ, দূৰত্ব প্রায় ৪০০ কিল’মিটাৰ । ক’ত থাকিম, কি কৰিম একো ঠিক নাই । মাত্র ওলাই যাম, অৰুণাচললৈ বুলি ! নিতু, মই আৰু মহন্ত মোহনবাৰীলৈ গৈ পার্মিট উলিয়াই আনিলো, এদিন আগত । ২১ অক্টোবৰ, শনিবাৰ, ২০১৭ । আমি পাঁচোটাই আৰম্ভ কৰিলো যাত্রা, ডিব্রুগড়ৰপৰা । গুৱাহাটীৰপৰা মনোজ ট্রেইনত আহিল, তিনিচুকীয়াত আমি একেলগ হ’লোঁ । গৈ থাকিলো অৰুণাচললৈ বুলি । দিৰাক গেট পাৰ হ’লেই অৰুণাচল । কিনকিনীয়া বৰষুণ । নামচাইৰ গ’ল্ডেন পাকোডাত সোমালো ।
তাৰপৰা অন্য এটা বাটেৰে ৱাক্রু, কামলাং ৰিজার্ভ পাৰ হৈ পৰশুৰামকুণ্ড । তাতে অলপ ৰৈ দিনটোলৈ বুলি ভাত-ৰুটি যিয়ে যি খাই, খোৱা হ’ল । পৰশুৰামৰ দলং পাৰ হৈ ওপৰলৈ দুটামান পাহাৰৰ পাক মাৰি হায়ুলিয়াং, লোহিত জিলাৰ হেড কোৱার্টাৰ । তাতে এটা ধুনীয়া ভিউ পইণ্ট, য’ৰপৰা লোহিত নদীৰ শাখা-প্রশাখাবোৰ কোনো বহুত ডাঙৰ গছৰ শিপাবোৰৰ দৰে দেখি !
তাৰ পিছত খোপা পাৰ হৈ ৱালং । ৱালং পাওঁতে প্রায় গধূলি হওঁ হওঁ । গৈ থাকিম নে ৰৈ দিম নাজানো । ৰৈ দিলে ক’ত ৰ’ম তাৰো ঠিকনা নাই । গৈ থাকিলে গৈ গৈ শেষত কি পাম, ক’ত শেষ হ’ব, ক’লৈ উভতি আহিম একোৰে ঠিকনা নাই । বাটতে কাৰোবাক কাৰোবাক কিবিথো কিমান দূৰ সুধি, আগলৈ গৈ থকাটোকে ঠিক কৰা হ’ল । তেতিয়ালৈ আন্ধাৰ হ’ল । পাহাৰত আন্ধাৰ মানে কেনেকুৱা আন্ধাৰ হ’ব সেয়া জনাই জানে । ৰাস্তা মনিবলৈ টান । তেতিয়ালৈ অলপ চিন্তা হ’ল- থাকিম ক’ত ৰাতিটো ? ল’ৰাকেইটা তো য’তে-ত’তে থাকিব পাৰিব । আমি ছোৱালীকেইজনীক লৈ হে চিন্তা ! চৰকাৰী অতিথিশালাত থাকিবলৈ ফোন কৰিছিলো যদিও ৰূম খালী নাছিল । ৱালঙৰে সেনা জোৱান দুজনমানক সোধাত ‘হাৱাই’ত থাকিব পাৰিব বুলি ক’লে । দূৰৈত পাহাৰৰ ওপৰত জ্বলি থকা লাইট এটালৈ আঙুলিয়াই তালৈকে আমাক যাবলৈ ক’লে । আমিও তালৈকে বুলি পোনালো । পিছে তৰাৰ দৰে জিলিকি থকা লাইটটো নাপাওঁ হে নাপাওঁ ! আগলৈ গৈ থাকো, বাটতে পোৱা কাৰোবাক সুধো, কয়- পিছলৈ দহ কিল’মিটাৰ গ’লেই হাৱাইলৈ যোৱা ৰাস্তাটো পাব । পিছলৈ আহো । ৰাস্তা নাপাওঁ ! বাটত পোৱা কাৰোবাক পুনৰাই সুধো, কয়- আগলৈ দহ কিল’মিটাৰ গ’লেই ৰাস্তাটো পাব । আগলৈ আহো । ৰাস্তা নাপাওঁ ! বাট ঠেক । আন্ধাৰ ঘন । মাজে মাজে আন্ধাৰত জিলিকি থকা মেথোনৰ ৰঙা ৰঙা চকু ! ভয় লগা ! কিনকিনীয়া বৰষুণ । মৰিশালীৰ নিস্তব্ধতা । “বুকু কিয় বাৰু কঁপে দুৰু দুৰু...” হাঃ হাঃ ... ! সবৰে মনত চাগৈ ভূতীয়া চিনেমাৰ বিশেষ দৃশ্য কিছুমান ফটাফট অহা-যোৱা কৰিছে ! নতুবা ‘wrong turn’য়ে কাৰ মূৰত কিমান টার্ণ লৈছে তাৰ ঠিক নাই ! বাহিৰত কিন্তু সব ডেম-কেয়াৰ ! কোনোবা এটাই যদি ভয় খোৱাটোক জাহিৰ কৰি দিয়ে, লঘোণে থকা আটাইকেইটা ভয় খাই মৰাৰ ভয় ! কোনেও একো নকলেও যেন বুজি গৈছে কথাবোৰ ! গতিকেই জুখি-মাপি, বেচ হিচাপত কথা কৈছে সবেই । দহ দহ বুলি অহা-যোৱা কৰি আমনি লাগিলত কোনোবা এটা কেঁকুৰীত গাড়ী দিলে ওপৰলৈ উঠায় ! গাড়ী থিয় পাহাৰত উঠিবলৈ লৈ ৰাস্তাৰ আধাতে ৰৈ গ’ল । ন যযৌ ন তস্থৌ ! গাড়ী ওপৰলৈ নুঠে । পিছলৈ খহি আহিলেই সর্বনাশ ! গাড়ীৰপৰা আমি নামিব লাগে । জংঘলৰ মাজত নামিবলৈও ভয়, ৰাতিৰ আন্ধাৰত ৰাস্তা হেৰুওৱা অচিনাকী মানুহ আমি ! অকলশৰীয়া ৰাস্তাত অকলে আছো বুলি ভবাটো ভুল । কোনেও নাজানে, লগে লগে কোন গৈ থাকে । ক’ৰপৰা কি ওলাই কাক থপিয়াই নিয়ে কি ঠিক ! তথাপিও নানামিলে নহয়, এপাকত আমি নামিলো, গাড়ীও নামিল তললৈ । একেখিনি ঠাইতে বহুবাৰ আগলৈ দহ, পিছলৈ দহ কৰি কৰি অৱশেষত সেই আগ পিছ কৰি থকা ঠাইৰ মাজতে থকা গছ এজোপাৰ তলত ক’লা আখৰে লিখা ‘হাৱাই’ শব্দটো দলং এখনলৈ টোৱাই থোৱা সৰু কাঁড় এপাতত আৱিষ্কৃত হ’ল ! উফ ! ৰক্ষা প্রভু ! কোনে কাৰ প্রভুক কিমানবাৰ পৰি পৰি সেৱা কৰিলে তাৰ হিচাপ নাই চাগৈ ! অৱশেষত পৰুৱাই পোৱা ছটা মানুহ দলং এখন পাৰ হৈ দূৰৈত জ্বলি থকা তৰাটোৰ পিছ ল’লোঁ, লক্ষ্য ‘হাৱাই’ । হাৱাইত উপস্থিত হৈ দেখিলো যে তাত পৰিৱেশেই সুকীয়া ! পূজাৰ সময় আছিল । গতিকে জোৰদাৰ গতিত মুকলিকৈ বিধে বিধে জোৱা খেলৰ বাহাৰ ! তাৰ মাজতে ল’ৰাকেইটাই নেপালী মানুহ এজন লগ পালে । তেওঁ প্রথমে আমাক চৰকাৰী অতিথিশালা এটালৈ লৈ গ’ল । কিন্তু তাত থাকিবলৈ ৰূম খালী নাছিল । তাৰ পিছত আমাৰ অনুৰোধক্রমে অন্য এঠাইলৈ লৈ গ’ল । এটা হোমষ্টেৰ দৰে ব্যৱস্থা- “যাত্রী নিবাস” । মালিক নাই, মালিকনী হে আছে । দুৱাৰ খুলি নিদিয়ে ৰাতিখন ! আমাৰ লগত যোৱা মানুহজনে বাহিৰৰ পৰাই কথা পাতিল তেওঁলোকৰ ভাষাত । মালিকৰ অনুপস্থিতিত মালিকনীয়ে থাকিবলৈ নিদিয়ে ! অলপমান অনুনয়-বিনয় কৰাৰ পিছত মালিকলৈ ফোন কৰা হ’ল । কি ক’লে নাজানো । অৱশেষত আমাক ৰাতিটোৰ বাবে থাকিবলৈ দিলে । ৰূম ভালেকেইটা আছিল । আশা কৰাতকৈ অনেক ভাল । পাকঘৰত নিজে ৰান্ধি খাব পাৰি । মাত্র পানীৰ নাটনি, যিটো পাহাৰীয়া ঠাইত সাধাৰণ কথা ! ৰূমত বেগ থৈ আমাক লৈ অহা মানুহজনৰ লগতে ওলাই গ’লো খোৱা বস্তু বিচাৰি । ফ্রাইড-ৰাইচ্ আৰু পানীৰ বটল লৈ উভতি আহিলোঁ । সেয়া পোৱাটোৱেই তেতিয়া মৰুভূমিত পোৱা মৰিচীকাৰ দৰে আছিল । আমাক লৈ অহা দেৱদূতৰ দৰে মানুজনকো কোনে কিমান ধন্যবাদ দিলে মনতে হিচাপ নাই ! ৰাতিপুৱা শুই উঠি হাৱাইক দেখিলো ভালকৈ । ওপঙি থকা বগা বগা ডাৱৰবোৰে আগদিনাৰ ভয় মিহলি ৰাতিটোৰ কথা পাহৰাই ৰাখিলে । ৰাতিটো থকাৰ বাবদ দিবলগীয়া মাননি দি, ফটো উঠি পুনৰাই ওলালো কিবিথোলৈ বুলি ।
বাটতে পোৱা ‘দিছু’ত থকা ওলমা দলঙত উঠিলো । পাইন গছৰ মাজে মাজে ফুৰিলো, ফটো উঠিলো । তাতে থকা সৰু দোকানখনত মেগী-অমলেট আৰু চাহ খালো আটায়ে । তাৰপৰা কাহোলৈ বুলি ওলালো যদিও আধা বাট হে যোৱা হ’ল । কিবিথোলৈ যোৱা বাটতো দলং ভাগিছিল আৰু নতুন দলঙৰ কাম হৈ আছিল, গতিকে সেয়াও আধাৰুৱা হৈ ৰ’ল । গৈ থাকোঁতে বহুকেইটা ৱাটাৰফ’ল দেখিলো, ওখ পাহাৰৰপৰা বৈ অহা ! কোনোবা এটাই দূৰৈত বৰফ পৰি জিলিকি থকা পাহাৰৰ চূড়ালৈ আঙুলিয়াই ক’লে সেয়াই চীনদেশৰ পাহাৰ ! গোটেই বাটচোৱাতে পালো সেনা জোৱানৰ সৰু সৰু ট্রুপ, কমলা-সেউজীয়া বৰণৰ ঘাঁহনিৰ মাজত সোমাই থকা, মনিবকে নোৱাৰি ! কিবা ট্রেইনিং চলি আছিল । ৰাতিটো আমাৰ যেনেদৰেই পাৰ নহওক কিয়, দিনৰ সেইখিনি সময় সকলোৰে ভাল লগা হৈ পৰিছিল চৌপাশৰ নয়নাভিৰাম দৃশ্য দেখি । “মই আকৌ আহিম”- নিজকে নিজে কৈ থ’লো !
ওভতি বাট ল’লো । ৱালঙত আহি পাওঁ মানে গাড়ীত তেল শেষ ! আহোঁতে আমাৰ ওস্তাদ ড্রাইভাৰে ‘খোপা’ত তেল নভৰালে, আমি কোৱাৰ পিছতো । এইবাৰ পাহাৰৰ অকোৱা-পকোৱা ৰাস্তা বগাই ‘মিচন তেল বিচৰা’ আৰম্ভ হ’ল, ৱালঙৰে মানুহ এজনৰ সৈতে । সেইখিনি ৰাস্তা বগাই পিছে আমি পস্তাব লগা নহ’ল কাৰণ প্রাকৃতিক দৃশ্য কিছুমান ইমানেই মনোমোহা আছিল যে সকলোৱে স্ফূর্তিত চিঞৰি দিছিল ! মাজে মাজে পৰা কিনকিনীয়া বৰষুণৰ টোপলাবোৰে বগা বগা ডাৱৰবোৰ যেন আকাশৰপৰা নমাই আনিছিল ! এই যেন হাতেৰে থপিয়াই আনিব পাৰিম ডাৱৰৰ টুকুৰা... তেনেকুৱা অনুভৱ হৈছিল ! ভালেমান সময় তাতে ইফাল-সিফাল কৰি ফটো উঠা হ’ল । তেলৰো যোগাৰ হ’ল । ৱালঙৰে হোটেল এখনত (তেতিয়াৰ একমাত্র) আটায়ে ভাত খালো ।
খাই উঠি পুনৰ ওভতনি যাত্রা আৰম্ভ হ’ল । এইবাৰো
ওস্তাদ ড্রাইভাৰে ‘খোপা’ত তেল নভৰালে তেজুত পামেই বুলি । তেজু পাওঁতে আন্ধাৰ হ’ল ।
৮ বজাতে সকলো বন্ধ । তেল শেষ, কোনোমতেই ডিব্রুগড় আহি পোৱা নাযাব । দেৱজিতে লগৰ
কাৰোবাক কাৰোবাক ফোন কৰিলে । কাকপথাৰৰে লগৰ কাৰোবাৰ ঘৰত থকাৰ কথাও ভাবি চালে, পৰা
যাব বুলিও ক’লে । কিন্তু অচিনাকী মানুহৰ ঘৰত সেই ৰাতিখন গৈ আমনি কৰাৰ মন কাৰোৰে
নাছিল । পুনৰ সি লগৰ কাৰোবাৰ সৈতে কথা পাতি কোনোবা তেল ডিপু এটাৰ খবৰ ল’লে ।
ফোনাফোনী কৰি অৱশেষত বন্ধ কৰা তেল ডিপুৰপৰা গ্যেট নোখোলাকৈয়ে এজনে তেলৰ গেলন এটা
আমালৈ বুলি পাৰ কৰোৱাই দিলে । আটায়ে স্বস্তিৰ নিশ্বাস এৰিলো । খং উঠিলেও ড্রাইভাৰক
গালি পাৰিব নোৱাৰি ! ঘৰ আহি পাবলৈ যে তেতিয়াও বাকী ! তেল পালো, ৰাস্তা পুনৰাই
হেৰাল ! আহিব লাগে ধলা-শদিয়া দলঙেৰে, ৰাস্তা নাপাওঁ হে নাপাওঁ ! কোনোবাখিনিত কেঁচা
ৰাস্তা, কোনোবাখিনিত ৰাস্তা শেষ হৈ যায়, কোনোবাখিনিত চাৰিআলিত জোঁট লাগে । এইবাৰ
নিতুৱে কাৰোবাক কাৰোবাক ফোন কৰিলে । আন্ধাৰত চিনাকী বাট-পথবোৰেই অচিনাকী হৈ পৰে ।
সেয়াতো আমাৰ আটাইৰে বাবে অচিনাকী । কোনোবাখিনিত আটায়ে গাড়ীৰপৰা নামি গৈ ৰাস্তা
বিচাৰিছো । মুঠতে এই যদি আমি বেচ তৃপ্তিৰে সোৱাদলগা কিবা খাইছো, ঠাইতে আকৌ মুখ
বিকটাই যোৱাকৈ তিতা খাবলৈ পাইছো । তেনেকৈয়ে অৱশেষত ধলা-শদিয়া দলঙত গাড়ী উঠিল ।
এতিয়া আৰু চিন্তা নাই । দলঙৰ চেকিং পোষ্টত থকা আৰক্ষী কেইজনে সুধিলে ইমান ৰাতি
ক’ৰপৰা অহা বুলি । তিতা-মিঠা খাই খাই অৱশেষত ডিব্রুগড় পালোহি । একেবাৰে শেষত মই
নামিলো গাড়ীৰপৰা । ৰূম পাওঁতে চাগৈ তেতিয়া সম্ভৱ ৰাতি ১১ মান বাজিছিল ।
সেয়া আছিল এতিয়াৰেপৰা পৰা প্রায় পাঁচ বছৰৰ আগৰ কথা । যাক পাহৰা নাযাব কেতিয়াও । তিতা খোৱা হ’ল যদিও মিঠাৰ মাত্রা বেছি আছিল । তিতাৰপৰা শিকা দুটামান কথা হ’ল- কেনিবা গ’লে ড্রাইভাৰজন ভাল হোৱাটো (মানুহ হিচাপেও আৰু ড্রাইভিঙৰ ক্ষেত্রটো) দৰকাৰী; অভিজ্ঞ আৰু নির্ভৰশীল হ’ব পৰা হ’লে ভাল । কাৰণ যাত্রাৰ সৰহখিনি তেওঁৰ ওপৰতে নির্ভৰশীল । যদিওবা গ্রুপত গ’লে কিছুমান কথা ‘মেনেজ’ কৰি ল’ব পাৰি, তথাপিও অকণমান হ’লেও আগতীয়া ‘প্লেনিং’ কৰাটো জৰুৰী ।
সেই দুদিনীয়া আকস্মিক যাত্রাৰ দুমাহ মানৰ পিছত
হোৱা বুক ফেয়াৰৰপৰা ক্রয় কৰি কিতাপ এখন পঢ়িলো- মৃনাল তালুকদাৰৰ
“১৯৬২” ।
আৰম্ভণিৰ
দুটামান পৃষ্ঠা পঢ়ি আৰু ৰৈ থাকিব নোৱাৰিলো ! একে বহাতে পঢ়ি
শেষ কৰিলো ! পঢ়ি যাওঁতে উচপিচাই থাকিলো উত্তেজনাত- কিয় যে কিতাপখন আগতে নপঢ়িলো বুলি ! পঢ়া সামৰি নিজকে সোঁৱৰাই
থাকিলো- পুনৰ সেই বাটেৰে এবাৰ যাবই লাগিব !
https://kothaakitapor.blogspot.com/2022/03/blog-post.html
প্রায় পাঁচ বছৰৰ পিছত পুনৰ সেই বাটেৰে যোৱাৰ কথা-বার্তা উৰিল বতাহত ! যোৱাটো নহ’বগৈ যেন দেখিয়েই অকনমান কম্প্র’মাইজ কৰিলো নিজৰ সৈতে,
নিজৰ স্বাস্থ্যৰ সৈতে ! যাবই লাগিব যে
! পিছত বা আকৌ যোৱাৰ কথা ওলাই নে নোলায় ! আমি তিনিটা ওলালো যাবলৈ । ভন্টীকো ল’লো লগত, চাৰিটা হ’লো । গাড়ী আৰু পাইলট এইবাৰ
মই ঠিক কৰিলো । আমাৰ
পাইলট
‘বিকি’ ।
মহন্তই দুদিনমান আগতে চিনাকী কৰি দিছিল । অভিজ্ঞ
। সেই বাটেৰে অহা-যোৱা চলিয়েই থাকে বিকিৰ । গতিকে বিকি আমাৰ গাইডো । থকাৰ বাবেও আগতীয়াকৈ বুকিং
কৰি দিলে দং ভ্যেলী ৰিজ’র্টৰ দুটা ৰূম । মোহনবাৰীলৈ গৈ কংকনে ILP-ৰ কাম
কৰি আহিল ।
২৮ জানুৱাৰী, শুক্রবাৰ, ২০২৩ ।
বিকিৰ সৈতে কথা পাতি ঠিক কৰা আছে- যিহেতু দিৰাক গ্যেট ৮ মান বজাত খোলে হে গতিকে ইয়াৰপৰা ৰাতিপুৱা ৭ মান বজাত ওলাই গ’লেও হ’ব । পুৱা ৬:৫০ বজাত বিকি আহি পালে । আমিও সকলো সাজু হৈয়ে আছিলো । সময়ৰ কথাটো মনত ৰখা মানুহ, কোৱা মতে সময় মানি চলা মানুহ মোৰ ভাললগা । যাত্রা আৰম্ভ হ’ল ডিব্রুগড়ৰপৰা । প্রায় ৮:৩০ মানত আমি কাকপথাৰ পালো, তাতে চাহ-মিঠাই খালো । ৮:৪৫ বজাত দিৰাক গ্যেট পাৰ হৈ অৰুণাচলত সোমালো ।
অকাই-পকাই বৈ যোৱা নদীবোৰৰ বাবে পাহাৰীয়া ৰাস্তাত বহুতো দলং পাৰ হ’ব লগা হয় । পৰশুৰামকুণ্ড অভিমুখে গৈ থাকোতে তেনেকুৱা দলং বহুকেইখন পাৰ হ’ব লাগে । ১০:১৫ মান বজাত আমি কামলাং দলং পাৰ হ’লো । তাৰপৰা ক্রমে ৱাক্রু, কানজাং, লাকাই দলং পাৰ হৈ পৰশুৰামকুণ্ড পালো । ৰাস্তাত পোৱা ‘BRO’ৰ সৰু সৰু কেপচনবোৰ খুব ভাল লগা- “Feel the curves, don’t test them/ Life is a limited company with unlimited dreams/ Eager to last then why fast” … ইত্যাদি । সাৱধানে গাড়ী চলাবলৈকে আচলতে এই হর্ডিঙবোৰ লগোৱা থাকে । কোনে কিমান মানি চলে সেয়া নিজৰ নিজৰ কথা আৰু ! ৱাক্রু পাৰ হৈ কামলাং সংৰক্ষিত বনাঞ্চল-বন্যপ্রাণী অভয়াৰণ্য; য’ত হলখ গিব’ন, বাঘ, তাকিন আদি আছে বুলি কয় । পৰশুৰামকুণ্ড কামলাং সংৰক্ষিত বনাঞ্চলৰ অন্তর্গত । হিন্দুসকলে পৱিত্র বুলি মনা ৰুদ্রাক্ষ গছৰ ঘন জংঘল আছে ইয়াৰ চাৰিওফালে । হাতত দুদিনমান বেছি সময় লৈ গ’লে এই ঠাইবোৰো ভালদৰে চাই আহিব পৰা যাব নিশ্চয় । পৰশুৰামকুণ্ডলৈ আজিকালি প্রায়ে মানুহ যায় । তাৰ আগলৈহে বিশেষ নাযায় ।
পৰশুৰামতে আমি আটায়ে ভাত খালো । আগতে ইয়াত ইমান কেইখন হোটেল নাছিল, এখন মানেই আছিল । এতিয়া কেইবাখনো হ’ল । মানুহৰ অহা-যোৱা বাঢ়িছে বাবেই চাগৈ । খাই উঠি দলঙত পাঁচ মিনিট মান ৰৈ প্রায় ১১:১০ মান বজাত পুনৰ যাত্রা আৰম্ভ কৰিলো । ঘৰলৈ ফোন কৰিলে আটায়ে । যিহেতু ইয়াৰ পিছৰপৰা আৰু নেটৱর্ক পোৱা নাযাব । বিকিয়ে কোৱামতে কোনোবাখিনিত মাজে মাজে এয়াৰটেলৰ নেটৱর্ক পোৱা যায় আৰু অৰুণাচলৰ ভিতৰুৱা ঠাইত কেৱল ‘বি এচ এন এল’ নেটৱর্ক হে পোৱা যায় ।
ইয়াৰপৰা ৱালঙলৈ যোৱা ৰাস্তাটো এতিয়া অলপ আগলৈ গৈ বেলেগ হ’ল । আগৰবাৰ আহোঁতে যিটো ভিউ পইণ্ট পাইছিলো, এতিয়া সেইটো পোৱা নাযায় । আমি নতুন ৰাস্তাৰে আগবাঢ়িলো । চোনগা দলং পাৰ হৈ প্রায় ১২:০৫ বজাত ‘আঞ্জাৱ’ জিলাত সোমালো । ইয়াতে ইনাৰ লাইন পার্মিট দেখুৱাব লগা হয় । বিকিয়ে কোৱা মতে পার্মিট নাথাকিলে ৪-৫ হাজাৰ টকাৰ জৰিমনা দিব লগাও হয় ।
আগৰবাৰ আহোঁতে ইয়াত যিখন দলং আছিল এতিয়া সেইখনৰে মানুহৰ অহা-যোৱা নহয় । নতুন এখন দলং হ’ল । আঞ্জাৱ জিলাৰ মূখ্য কার্য্যালয় হ’ল ‘হাৱাই’ । সৰু টাউন, কিন্তু ধুনীয়া । এইবাৰ অৱশ্যে আমি হাৱাইত সোমাবলগীয়া নাই ।
দুপৰীয়া প্রায় ১২:৪৫ বজাত তিলোৱা দলং পাৰ হৈ ১:০০ বজাত খোপাৰ পেট্র’ল পাম্পত তেল ল’বলৈ সোমালো । ইয়াতে ৰাস্তাটো দুভাগ হৈছে । পেট্র’ল পাম্পলৈ যোৱা ৰাস্তাৰে আগলৈ হায়ুলিয়াঙলৈ যায় । তাৰ বিপৰীত ৰাস্তাটো দিছু আৰু হাৱাইলৈ যোৱা পথ । এই খোপাই হ’ল শেষৰটো পেট্র’ল পাম্প । ইয়াতে গাড়ীত তেল ভৰাই নল’লে আৰু পোৱা নাযায় । ওচৰতে পুলিচ থানাখনো আছে ।
গাড়ীত তেল ভৰাই আমি হাৱাই-দিছু পথেৰে আগবাঢ়িলো । দালাই দলং পাৰ হৈ সেনাৰ ছাউনী আৰম্ভ হোৱা দেখা পালো । তাৰপিছত ক্রমে হায়ুলিয়াং ট্রানজিট কেম্প আৰু চামেলিয়াং পাৰ হৈ সেনাৰ ছাউনী, য’ৰপৰা ‘No drone zone’ আৰম্ভ হৈছে । তাৰ অলপ পিছতে ফায়াৰিং য’ন, য’ত সেনা জোৱানসকলে অনুশীলন কৰে । সেয়া পাৰ হৈ ছুপলিয়াং, য’ত এখন হস্পিটেলো আছে । ‘১৯৬২’ কিতাপখন প্রথম প্রকাশ হৈছিল ২০১৩ চনৰ ছেপ্টেম্বৰত । তাত উল্লেখ থকা অনুসৰি তেতিয়াৰ চৰকাৰী তথ্যমতে হায়ুলিয়াঙলৈকেহে সকলোৰে অহা-যোৱাৰ অনুমতি আছিল । তাৰ পিছলৈ স্থানীয় মানুহ আৰু সেনাৰ বাদে আন লোকৰ প্রৱেশ নিষিদ্ধ আছিল । নিশা কটাবলৈ তেজুতেই শেষৰ হোটেলখন আছিল । হায়ুলিয়াঙত দুটা চৰকাৰী ডাক-বাংলো আৰু ৱালঙত এটা আছিল । তাৰ বাদে আগলৈ মাথোঁ সেনাৰ ছাউনী । ঠিকেই, আমি ২০১৭ চনত আহোঁতেও থাকিবলৈ বেলেগ একো ব্যৱস্থা নাছিল । এতিয়া, প্রায় ১০ বছৰৰ পিছত বহু কিবাকিবি সলনি হ’ল । দেশ-বিদেশৰ পর্য্যটকৰ আগমন হয় এতিয়া সূৰুজৰ প্রথম কিৰণ পৰা ভাৰতৰ এই ঠাই চাবলৈ । ঠায়ে ঠায়ে ৰাস্তা সামান্য বেয়া যদিও নতুনকৈ ৰাস্তাৰ নির্মাণ চলি আছে । যথেষ্ট বহল হৈছে নতুন ৰাস্তাবোৰ ।
অৱশেষত আবেলি ৪:১০ মান বজাত আমি ৱালং পালো । তাতে চাহ খালো । আগৰবাৰ আহোঁতেই দেখিছিলো ইয়াৰ পাহাৰবোৰ অৰুণাচলৰ আনবোৰ ঠাইৰ পাহাবোৰতকৈ বহুত ওখ । গাড়ীৰপৰা পিছলৈ উভতি চালে লাগে যেন পিছে পিছে খেদি আহিছে ! ৱালঙক ঘেৰি থকা এই পাহাৰবোৰৰ উচ্চতা হেনো ১০,০০০-১৬,০০০ ফুট ! এই ৱালঙেই আছিল চীন-ভাৰত যুদ্ধৰ দ্বিতীয়খন যুদ্ধক্ষেত্র । ডিব্রুগড়/তিনিচুকীয়াপৰা চৌখাম হৈ আহি লোহিত নদীৰ পাৰত পোৱা এখন সৰু চহৰ । ইয়াতেই হৈছিল দুয়ো দেশৰ সেনাৰ মাজত প্রচণ্ড যুদ্ধ । এইয়া ৱালং চকী । এটা বিমানকোঠ এতিয়াও আছে । ৰানৱেৰ দৈর্ঘ্য আগতকৈ বঢ়োৱা হৈছে ।
১৯৬২ ৰ পাতৰপৰা- “ভাৰতৰ মেপত উত্তৰ-পূবৰ ফালে গৈ যিডোখৰ ঠাইত ভাৰত, ব্রক্ষ্মদেশ আৰু চীন মিলিত হৈছে, তাৰ ঠিক পশ্চিমতেই আছে ৱালং । চীনৰ সিপাৰে আছে ৰিমা । এই মজলীয়া বিধৰ চহৰখন ভাৰত-চীন সীমান্তৰপৰা প্রায় ৪০-৪৫ কিল’মিটাৰ মান দূৰত অৱস্থিত । গুগলত আজিকালি ৰিমাক বিচাৰি পোৱা নাযায় যদিও বুৰঞ্জীৰ পাতে পাতে কিন্তু ৰিমাৰ কথা লিখা আছে । …দিল্লীয়ে বাহিৰত প্রকাশ নকৰিলেও ভালকৈয়ে জানে যে ভৱিষ্যতে চীনৰ লগত মূল সম্পর্ক ৱালঙেৰেই হ’ব । চিকিমৰ নাথুলা-বুমলাৰ গিৰিপথৰ তুলনাত তিনিচুকীয়া-ৱালং-ৰিমা হৈ চীনলৈ বহু সহজ পথ, যি পূবৰ দুৱাৰ আচৰিতভাৱে মুকলি কৰি দিব । আচৰিতভাৱে সেয়া কিন্তু সাধাৰণ মানুহক জানিবলৈ দিয়া হোৱা নাই ।” …হয়তো ! আমি দেখোন একেদিনাই গৈ চীন সীমান্ত পাবগৈ পাৰো এই পথেৰে । অথচ কিমানে জানে এই পথৰ কথা !
আগৰবাৰ আহোঁতে “Walong
war memorial museum” টো চোৱা নহ’ল । এইবাৰ চালো
। ধুনীয়াকৈ
ৰাখিছে । বাহিৰত
এজন সেনা জোৱান আছিল ।
সুধিলো
তেওঁ কেতিয়াৰপৰা তাত আছে ।
ক’লে যে প্রায় তিনিবছৰ হ’ল । ঘৰ ক’ত বুলি সোধাত বিহাৰৰ কোনোবা এখন জিলাৰ নাম কৈ মোৰ ফালে চাই হাঁহি মাৰি সুধিলে-
নামটো কেতিয়াবা শুনিছেনে বুলি ! সঁচাকৈয়ে শুনা
নাছিলো ! তেওঁ পুনৰ হাঁহি মাৰি ক’লে-
ক’ত শুনিব, সেইবোৰ ঠাইৰ নাম
মানুহে নাজানেই ! কিবা এটা দুখো লাগিল হঠাতে মোৰ ! ঘৰৰপৰা দূৰত, মন গ’লেও মাত এষাৰ শুনিব নোৱাৰাকৈ আপোনজনৰপৰা
আঁতৰত… এওঁলোক এনেকৈ… যাৰবাবে আমি এনেকৈ
নির্ভয়ে ঘূৰি ফুৰিব পাৰিছো ! মনৰ ভিতৰতে তেওঁলোকক চেল্যুট এটা
মাৰিলো । যি
নহওক,
মিউজিয়ামৰ ভিতৰত চীন-ভাৰত যুদ্ধৰ বিভিন্ন স্মাৰক,
মেপ ইত্যাদি ৰাখিছে । ফটো লোৱাৰ অনুমতি নাই । বাহিৰত ফটো উঠিব পাৰি
। সেনাৰ বিভিন্ন ট্রুপক
মনত ৰাখি তিনিটা ওখ ওখ মূর্তি বনোৱা আছে বাহিৰত । যেন অতন্দ্র
প্রহৰী হৈ থিয় দি আছে সদা জাগ্রত হৈ !
“কেপ্টেইন ভাটিয়া…
ছেকেণ্ড লেফটেনেণ্ট ক্ষত্রী…
চুবেদাৰ হৰনাম সিং… য়োগ
পাণ্টা… মাশা সিং… কেশৱ বাহাদুৰ…
অদ্ভুত সাহসেৰে সকলোৱে যুঁজিছিল এখন যুঁজ, যি জিকাৰ কোনো আশাই নাছিল । প্রতিজনেই শ্বহীদ হৈছিল । প্রতিজনেই মৃত্যুৰ আগে আগে মাথোঁ চীনা সৈন্যৰ অভিযান এঘণ্টাৰ কাৰণে হ’লেও পিচুৱাব পাৰিছিল । যাৰ ফলতে মূল ভাৰতীয় সৈন্যখিনি প্রাণ বচাই ওলাই যাব পাৰিছিল । সেয়াই সান্ত্বনা । ডোগ্রা, কুমাওঁ, শিখ সৈন্যবোৰে শেষ মুহূর্তলৈকে যুঁজিছিল । বহুতে নামি অহাৰ নির্দেশ নাপালেগৈ । তেনেকৈয়ে শেষৰটো বুলেটলৈকে যুঁজি যুঁজি নিজেই শেষ হৈ গৈছিল ।”_১৯৬২
আমি কল্পনাও কৰিব নোৱাৰো যুদ্ধৰ সেই বিভীষিকাময় সময়ক ! লঘোণে-ভোকে, অতিপাত ঠাণ্ডাত যুদ্ধ কৰি শত্রুক বাধা দি প্রাণ আহুতি দিয়া সৈনিক সকলৰ সেই সময়ৰ কথা চাগৈ আজিও আমি বহুতে নাজানো, নকওঁ । ‘ৱাৰ মেম’ৰিয়েল’ৰ সমুখত থিয় হৈ থকা সেই মূর্তি তিনিটা ‘ডোগ্রা, কুমাওঁ, শিখ’ এই সকলক মনত ৰাখিয়েই স্থাপন কৰা হৈছে । ঠিকেই- “The immortal soldier lies here.” তাত থকা ফলক কেইখনত চীন-ভাৰতৰ ১৯৬২ৰ যুদ্ধত শ্বহীদ হোৱা 4,SIKH; 4,DOGRA; 6,MAHAR; 6,KUMAON; 3/3,GR; 2/8,GR; 44,HY MOR; 52(PARA) FD/17(PARA) FD REGT; 2, ASSAM RIF ৰ বীৰ শ্বহীদ, সৈনিক সকলৰ নামবিলাক খোদিত কৰা আছে । এটা মূর্তিৰ তলত খোদিত কৰা ৰোমান যুঁজাৰু হৰাচিয়াছৰ উক্তি এষাৰে যেন সেই বীৰ যোদ্ধাসকলৰ মৃত্যুক চ্যেলুট মাৰিছে- “And how can a man die better than facing fearful odds, for the ashes of his fathers and the temples of his Gods.” _Horatius
সূর্যটো পাহাৰৰ বুকুতে লুকাবলৈ লৈছিল । হেঙুলীয়া হৈ পৰিছিল আকাশৰ এফালে । ৱাৰ মিউজিয়ামৰপৰা মই চাই পঠিয়ালো সেইফালে, থিয় হৈ থকা তিনিজন প্রহৰীৰ ওখ ওখ প্রতিমূর্তিকেইটাৰ সৈতে অস্ত যাবলৈ লোৱা সূর্যটো দেখি কিবা আচহুৱা অনুভৱ এটা যেন বুকুৰপৰা ডিঙিলৈ উজাই আহিল । ৱালঙৰ মিউজিয়াম চাই, কিছু সময় তাতে কটাই আমি দং ভ্যেলী ৰিজর্টলৈ বুলি আগবাঢ়িলো । যাওঁতে লগত লৈ ফুৰা কিতাপখন এবাৰ চুই চালোঁ !
ৱালং- (১৯৬২ ৰ পাতৰপৰা)“পাটকাই পর্বতমালা ইয়াতেই আৰম্ভ হৈছে আৰু কাৰাকোৰমৰ পৰা আৰম্ভ হোৱা হিমালয়ো ইয়াতেই শেষ হৈছে । মাজেৰে বৈ গৈছে লোহিত নদী আৰু তাৰেই যুঁৱলিত ৱালং । অলপ সোঁফালে আছে বার্মা । ৱালং, এখন অকনমানি গাঁও । ভাৰতীয় সৈন্যৰ কাৰণে এক অতি গুৰুত্বপূর্ণ সেনা ছাউনী । নদীখন ঠেক যদিও খৰস্রোতা । নাৱেৰে পাৰ হ’ব নোৱাৰি । নদীখন বৈ গৈছে প্রায় ৩,০০০ ফুটত আৰু দুয়োপাৰে হঠাতে উঠি যোৱা পাহাৰবোৰৰ উচ্চতা হ’ব ১৭,০৬০ ফুটৰ পৰা ১৮,০৪৪ ফুটলৈ । পাহাৰবোৰ ইমানেই থিয় যে পুৱা ৯ বজাৰ পৰা দুপৰীয়া ১মান বজালৈকেহে মাথোঁ ৰ’দ পৰে । মিছিমি আৰু মেয়াৰ সম্প্রদায়ৰ লোকৰ বাহিৰে আছে সৈন্যবাহিনীৰ লোক । ভাৰত-চীন সীমাৰ কোনো বিবাদ নাই ইয়াত । ভাৰত আৰু তিব্বতৰ বুৰঞ্জীমূলক সীমাকে লোহিতৰ আলম লৈ দুয়োপক্ষই অতি সুন্দৰভাৱে মানি লৈছে । ৱালঙৰ পৰা দক্ষিণ-পূবে ৮ কিলোমিটাৰ দূৰত আছে চীন, ভাৰত আৰু বার্মাক সংযোগ কৰা বিন্দু ।”
আমাৰ কল্পনাৰ সাঁকোটিৰে ঢুকি পাবগৈ নে কেনে আছিল সেই দিনবোৰ ! যুদ্ধৰ দিনবোৰ ! কিমান সৈনিকে নিজৰ জীৱন আহুতি দিলে ! কিমান বন্দী হ’ল শত্রুৰ হাতত ! নিৰুদিষ্ট কিমানৰ কোনো খবৰ আজিও নোলাল ! “চীনা সৈন্যই আক্রমণ বঢ়াই লৈ গৈছিল । সেইদিনা পুৱা ২০০ ভাৰতীয় সৈনিক Yellow Pimple লৈ উঠি গৈছিল । মাথোঁ ৯০ জন জীৱিত অৱস্থাত ঘূৰি আহিছিল । তাতেই গম পোৱা যায় কিমান ভয়ানক আছিল সেই যুদ্ধ । …চীনা সৈন্যই লাহে লাহে ৱালং ঘেৰি আহিছিল । এজন জে চি অ’ আৰু ১৭ জন সৈন্যইহে চীনা সৈন্যৰ বেহু ভেদ কৰি বাছি আহিব পাৰিছিল । …সঁচা অর্থত ক’বলৈ গ’লে ৱালং সীমান্তত থকা প্রতি তিনিজন সৈন্যৰ এজন হয় শ্বহীদ হৈছিল বা যুদ্ধবন্দী হৈছিল বা আহত হৈছিল ।”_১৯৬২ যুদ্ধৰ কোনো পৰিকল্পনা নাছিল, নাছিল যাৱতীয় অস্ত্র আৰু শৃংখলা । দিল্লীৰ প্রৰোচনাত, নেহৰুক জন্মদিনৰ উপহাৰ দিবলৈ চীনক আক্রমণ কৰিছিল ভাৰতীয় সৈন্যই । ফোঁপোলা যুদ্ধ পৰিকল্পনাৰ ফলশ্রুতিত ধ্বংস হৈছিল ৱালঙত ১১, বিগ্রেড । ৱালঙৰ পতন ঘটিছিল । বাছি থকা ভাৰতীয় সৈন্যসকল হায়ুলিয়াঙলৈ উভতিছিল । চীনা সৈন্যই কিন্তু ভাৰতীয় সেনাক তালৈকে খেদি অহা নাছিল, ৱালঙতে ৰৈ দিছিল ।
গধূলি প্রায় ৫:১০ মান বজাত আমি ৰিজ'র্টত সোমালো । তেতিয়া প্রায় আন্ধাৰ হৈছিল । গোটেই ৰিজ'র্টটোৱেই আন্ধাৰত বুৰ গৈ আছে । মানুহ-দুনুহ কোনো নাই । বিকিয়ে আগতে কথা পাতি ৰূম ঠিক কৰি থোৱা কেয়াৰ-টেকাৰ কেইজনক ইফালে-সিফালে বিচাৰিলে । নাই । তিৰোতা মানুহ এগৰাকী একেবাৰে শেষৰ ক’টেজটোৰ ফালৰপৰা আহিল । ক’লে যে তেওঁলোক দুজন (ক’টেজত থকা মানুহ দুজন, যি কেয়াৰ-টেকাৰ, ৰান্ধনি সকলো) ৱালঙলৈ গৈছে, ঘূৰি আহিব সোনকালে । লগতে ইয়াকো ক’লে যে যোৱা দুদিনৰপৰা তাত কাৰেণ্ট নাই ! ইনভার্টাৰেও কাম কৰা বন্ধ কৰিছে তেতিয়ালৈকে । ৱাকি-ট’কিয়েও ভালকৈ কাম কৰা নাই । মানুহ দুজনলৈ বাট চোৱাৰ বাদে আমাৰ কৰিবলগীয়া একো নাছিল । ঠাণ্ডা যথেষ্ট আছিল বাবে ক’টেজ এটাৰ তলতে, ইফালে সিফালে দুই-চাৰিডাল খৰি বিচাৰি আনি জুই জ্বলোৱা হ’ল । তিৰোতা মানুহ গৰাকীয়ে কেৰাচিন অলপ আনি ঢালি দিলেহি । অনুৰোধ কৰাত ফিকা চাহো একোকাপকৈ খোৱালে । তেওঁ দং ভ্যেলীলৈ গাইড হৈ যায় । কিন্তু সেইদিনা তেওঁৰ পাল নাই, পিছদিনা হে আছে বুলিলে ।
জুইকুৰা জ্বলি উঠিবলৈ অলপ সময় লাগিল । চকী আনি আটায়ে বহি পৰিলো । যিহেতু ম’বাইলৰ নেটৱ’র্ক নাপায়েই গতিকে সেইটো চিন্তাৰ বিষয় নহয় । কিন্তু ফটো উঠিবলৈ তো ম’বাইলকেইটা লাগিব । আৰু সেই আন্ধাৰত বাহিৰত জুইৰ উম লৈ বহি থকাটোৱেই ভাল, যিহেতু পুৱা ৩:০০ বজাতে যাবই লাগিব সূর্যোদয়ৰ প্রথম কিৰণ পৰা ঠাইখন চাবলৈ হ’লে । বহি থাকিবলৈ হ’লে গান বোলা বস্তুটোওতো লাগিব অলপ হ’লেও । কল্যাণৰ ওচৰত আছে ‘পাৱাৰ বেংক’ । চলিব । স্পীকাৰ এটাও আছে । হ’ব । কিবাকিবি মিলাই চলিব লাগিব আৰু ৰাতিটো । সেইবোৰকে হিচাপ-নিকাচ কৰি আমি বহি থাকিলো । জুই জ্বলোৱা/খৰিৰ বাবদ ৩০০ টকা লয় । বিকিৰ জহত সেয়া যেনিবা আমি ৰেহাই পালো পিছত । কিছু সময়ৰ পিছত মানুহকেইজন আহিল । ডেকা ল’ৰা । শদিয়াৰ । ৰিজর্টটো চৰকাৰী । লিজত দিয়া আছে । মালিক থাকে তেজুত । এই ল’ৰা দুজনেই ইয়াত বাকীখিনি মেনেজ কৰি থাকে । এজনে আমাৰ এড্রেছ-পাতি ৰেজিষ্টাৰত লিখোৱালে আৰু ৰাতিৰ বাবে খোৱাৰ অর্ডাৰ ল’লে । আমি ৰূমৰ ভিতৰলৈ গৈ ম’মৰ পোহৰত হাত-মুখ ধুই আকৌ জুইৰ কাষত বহিলোহি । পানী চুব নোৱাৰাকৈ ঠাণ্ডা ! গিজাৰ আছে, কিন্তু কাৰেণ্ট যে নাই ! মাজতে উঠি আকাশত জিলিকি থকা তৰাবোৰ চালো । জোনটোও ওলাইছে । আমি বহি থাকোঁতেই আৰু এটা গ্রুপ আহিল তাত থাকিবলৈ । ৰিজ’র্টটোত মুঠতে ছয়টা ক’টেজ । এটা পাকঘৰ-দাইনিং হল হিচাপে আৰু কেয়াৰ টেকাৰ কেইজন থাকিবলৈ ব্যৱহাৰ কৰে । প্রতিটোতে দুটাকৈ ৰূম, ডাব’ল বেড, লগত বাথৰূম । সোমায়েই প্রথমে এটা মুকলি ডাঙৰ ৰূম, চোফা-টেবুল আছে । সমুখত সথেষ্ট আ্হল-বহল বেলকনি । ক’টেজকেইটা সৰু-সুৰা ঘৰ একোটাৰ দৰেই । আৰামত থাকিব পাৰি চাৰিজন মানুহ । বেছিও থাকিব পাৰি আচলতে । কিন্তু এটা ৰূমত তিনিজনতকৈ বেছি থাকিব নিদিয়ে, নিয়মৰ খাতিৰত । গাইপতি প্রতি দিনে ১০০০ টকা দিব লাগে থকাৰ বাবদ । খোৱা সুকীয়া । যি কি নহওক, ৰাতি প্রায় ৮:৩০ মান বজাত আমি দাইনিং হলত ‘কেণ্ডেল লাইট ডিনাৰ’ কৰিলো । নিৰামিখ খানা । কল্যাণে মুর্গীৰ মাংস খালে । আমিও তাৰেপৰাই অলপ টেষ্ট কৰিলো । খানা ভাল ।
এইবোৰৰ মাজতে ভ্যেলীলৈ আমাক লৈ যাবলগীয়া গাইডজন আহিল । তিনি
বজাত যাব লাগিব বুলি ক’লে । ট্রেকিং কৰিবলৈ ২-৩ ঘণ্টা লাগিব বুলিও ক’লে । গাইড বিচাৰি
ফুৰিব নালাগে । তেওঁলোকৰ নির্দিষ্ট ৰুটিন এখন বনোৱা আছে । যাৰ যিদিনা পাল পৰে ক’টেজলৈ
নিজেই আহে কোন কোন যাব সেয়া খবৰ কৰিবলৈ । বিকিয়ে কোৱামতে আগতে তেওঁলোকে গ্রুপ হিচাপে
কিবা এটা লৈছিল । এতিয়া মানুহ জনেপতি ৫০০ টকা লয় । ‘দিজ ইজ বিজনেছ্’ ! হাঃ হাঃ … ।
ৰাতিৰ খানা খোৱা হ’ল, গাইডো ঠিক হ’ল । দিনটোৰ শেষত অলপ অলপ ভাগৰ লাগিছিল । উঠিবৰে হ’ব
যিহেতু, আটায়ে ককাঁলটোকে অলপ পোন কৰিবলৈ বুলি প্রায় ৯:৩০ বজাত ভিতৰলৈ গ’লো ।
২৯ জানুৱাৰী,
শনিবাৰ, ২০২৩ ।
ম’বাইলত এলার্ম ঘড়ী লগোৱা আছিল যদিও নাবাজিলে । ভণ্টীয়ে ২:১৫ বজাত মোক টোপনিৰপৰা জগালে । মই উঠি ল’ৰা দুটাৰ ৰূমৰ দুৱাৰত ধকিয়াই আহিলোঁ । তিনি বজালৈকে আমি সাজু হ’লো ট্রেকিঙত যাবলৈ । আনটো গ্রুপ তেতিয়াও সাজু হোৱা নাই । বাহিৰত ঠাণ্ডা যথেষ্ট । আমি ৰৈ থাকিলো । আকাশলৈ মূৰ তুলি চালো- তৰাবোৰ তেতিয়াও আছে ! সিফালে পোৱা দেৰি হ’বগৈ বুলি অলপ সময়ৰ পিছত আমি আগবাঢ়িলো আন্ধাৰতে । গাইডে দুডাল বাঁহৰ লাখুটি দিলে । তেওঁ ৰৈ দিলে আনটো গ্রুপৰ লগত আহিবলৈ কাৰণ তাত বেছি মানুহ আছিল । আমি কল্যাণৰ টর্চৰ পোহৰত আগবাঢ়িলো । চৌপাশে আন্ধাৰ, একো নমনি । চেঁচা বতাহ । পাহাৰীয়া লুংলুঙীয়া বাট । গৈ আছো । দলং এখনো পাৰ হ’লো । গাইড আনটো গ্রুপৰ সৈতে তেতিয়াও অহা নাই । অলপ দূৰ গৈ দুজন সেনা জীপছি এখন লৈ ৰৈ থকা পালো । আমাক মাত দিলে । তেওঁলোক ৰৈ আছিল আহিবলগীয়া সেনাৰ বিষয়া এজনক ল’বলৈ । তেওঁ আহিছে ডেৰাডুনৰপৰা, ভাৰতত প্রথম সূর্যৰ কিৰণ পৰা ঠাইখন চাবলৈ ! আমি এক-দুই মিনিট সময় কথা পাতিলো । ৰাস্তাৰ কথা সোধাত আগলৈ গৈ থাকিবলৈ ক’লে । গৈ থাকিলো । দুয়োফালে হাবি, মাজেৰে সৰু ৰাস্তাটো । অলপ দূৰ গৈ পকী ৰাস্তা এটা পালো । সোঁৱে যাম নে বাওঁৱে থিৰাং কৰিব নোৱাৰি গাইডলৈ ৰৈ দিয়াই ভাল হ’ব বুলি তাতে ৰৈ থাকিলো । তাতে ৰৈ থাকোতেই ইফালৰ হাবিৰপৰা ওলাই কিবা সৰু জন্তু এটা সিফালৰ হাবিত দৌৰ মাৰি সোমাল । কি বা আছিল চিনিব নোৱাৰিলো । মনতে ভাবিলো, বেলেগ একো নোলালেই হয় আৰু !
অলপ সময় ৰোৱাৰ পিছতো গাইড আহি নাপালে
! তেনেতে বিপৰীতফালৰপৰা দুজন সেনা জোৱান আহিল । মাত লগালে । আমি ৰাস্তাৰ কথা কোৱাত
ক’লে- “চলৌ, আগে চলৌ, আজ ফৌজী আপলৌগো কা গাইড বনেগা ।” আমিও তেওঁলোকৰ সৈতে আগবাঢ়িলো
বাওঁফালৰ ৰাস্তাৰে । সেনাৰ জীপছিখন আহি আমাক পিছ পেলাই গুচি গ’ল । অলপ সময়ৰ পিছত জীপছিখন
ঘূৰি আহিল আৰু আমাৰ লগত আহি থকা সেনা দুজনক লগত লৈ পুনৰ অহাৰ ফালেৰে উভতিল । আমাক ক’লে-
আৰাম সে আতে ৰহিয়ে আপলৌগ ! আমি কথা পাতিলো, ভণ্টীয়ে ক’লে- আমাকো তো লৈ যাব পাৰিলেহেঁতেন
। কথাকেইটা মুখৰপৰা শেষ হৈ হাঁহি একোটাই আটাইৰে মুখত আহি বহোঁতেই জীপছিখন ৰৈ দিলে ! সমুখৰ ছিটত বহি যোৱা,
আনজনতকৈ অলপ ছিনিয়ৰ যেন লগা সেনাজন নামি আহি আমাকো গাড়ীত বহিবলৈ ক’লে । আমি নো আৰু
নবহিম কিয় ! হাঃ হাঃ…
বেছি দূৰ নহয়, অলপ আগলৈ গৈয়ে আমি গাড়ীৰপৰা নামিলো । আগতে থৈ অহা অফিছাৰৰ গ্রুপ/পৰিয়াল তাতে ৰৈ আছিল । তাৰে পৰাই পাহাৰ বগাব লাগিব আচলতে । তাত আন দুজনমান সেনাও ৰৈ আছিল । এজন একেবাৰে আগত । তেওঁৱে অফিছাৰৰ গ্রুপটোক বাট দেখুৱাই নিব । আমি তেওঁৰ পিছতে আগলৈ আগবাঢ়িলো । ক’ৰপৰা আহিছো বুলি সুধিলত ক’লো- ডিব্রুগড়ৰৰপৰা । তেওঁ আচৰিতেই হ’ল- “চানৰাইজ দেখনে ইতনি দূৰ সে আয়ে হ্যে আপলৌগ” বুলি ! ইটো-সিটো কৈ তেওঁ বাট দেখুৱাই পাহাৰৰ ওপৰলৈ উঠি গৈ থাকিল- ‘আৰাম সে আনা, আৰাম সে আনা’ বুলি কৈ কৈ… । তুলসীৰ লগত কলপটুৱাৰ মুক্তি হোৱাৰ দৰে কথা আৰু আমাৰ । তেওঁ আগে আগে, আমিকেইটা তেওঁৰ পিছে পিছে, আমাৰ পিছে পিছে অফিছাৰৰ সৈতে আনকেইজন । অলপদূৰ গৈয়ে তলৰপৰা মহিলাগৰাকীয়ে (অফিছাৰজনৰ পত্নী চাগৈ) আৰু নাযাওঁ বুলি কৈ ৰৈ দিলে । আগত গৈ থকা সেনাজনেও ৰৈ দিবলগীয়া হ’ল । আমাক আগলৈ গৈ থাকিবলৈ কৈ তেওঁ ৰৈ দিলে । ৰিজ’র্টত লগ পোৱা মহিলা গাইড গৰাকী কেতিয়া তাত পালেহি গম নাপালো । তেওঁলোক অভিজ্ঞ যিহেতু হনহনাই ওপৰলৈ উঠি গ’ল আমাক চেৰায় । তলত আনটো গ্রুপ লৈ আমাৰ গাইডজনো পাইছিলহি । কিন্তু তেওঁলোক লেহেম গতিত আহিছিল বাবে আমি আগবাঢ়িলো । সেই মহিলা গাইড গৰাকীৰ পিছে পিছে যাবলৈ আমাক আমাৰ গাইডে চিঞৰি ক’লে ।
গৈ থাকিলো… আগলৈ… । পাহাৰৰ বাট যেনেকুৱা- অকোৱা-পকোৱা, আমিও ৰৈ ৰৈ গৈ থাকিলো ভাগৰক অকোৱাই-পকোৱাই । যিহেতু আন্ধাৰ, একো দেখা নাই ক’ত কি আছে, মাত্র টর্চৰ পোহৰত ৰাস্তাটো চাই চাই আগলৈ গৈ আছো । সিফালে সেই মহিলা গাইড গৰাকী গৈ পলকতে ক’ৰবাত পায়গৈ ! আমি তলৰপৰা মাত লগাওঁ, তেওঁ বহুত ওপৰৰপৰা টর্চৰ পোহৰ নচুৱাই আমাক সংকেত দিয়ে এইফালে এইফালে বুলি ! কোনোবা এটা পাকত তেওঁক লগ পোৱাত দূৰৈৰ পাহাৰৰ ওপৰত লাগি থকাৰ দৰে তৰা এটা দেখুৱাই ক’লে যে তাৰ তলতেই আছে আমাৰ গন্তব্যস্থান । আমি ভাবিলো- হে হৰি ! ইমান দূৰ ! তেখেত আমাক এৰি আকৌ পাহাৰৰ ক’ৰবাত নোহোৱা হ’ল । আমি পুনৰ ৰৈ ৰৈ, বহি বহি, গৈ থাকিলো… ।
এটা সময়ত… গৈ থকা আমাৰ ভৰিবোৰ ৰৈ গ’ল । তেতিয়াও পোহৰ হোৱা নাই । সমতল যেন লগা ঠাইখিনিত অলপ দূৰে দূৰে দুকুৰা জুই জ্বলি আছে । আমাৰ আগে আগে যোৱা গাইড গৰাকীৰ আলহী সেয়া । আগদিনাই গৈ তাত টেণ্টত আছে । তেখেতে ইফাল-সিফালৰপৰা খৰিৰ টুকুৰা আনি জুইকুৰা ভালকৈ জ্বলাই দিলে । জুইৰ উত্তাপ নল’লে একে ঠাইতে ৰৈ থাকিবলৈ মস্কিল হোৱাকৈ ঠাণ্ডা ! আমাৰ গাইডৰ দেখা-সাক্ষাতেই নাই তেতিয়াও ! আনৰ ঘৰত গৈ তো আমি এতিয়া অনাধিকাৰ প্রৱেশ কৰিব নোৱাৰো ! মহিলাগৰাকীক ইহঁত ল’ৰা দুটাই কিবা কৈছিল যদিও পাত্তাই নিদিলে । তেওঁৰ ব’ডী লেংগুৱেজ হ’ল- “আৰে তহঁতি মোক টকা দিছ’ নেকি যে জুই ধৰি দিম মই এতিয়া । ফ্রিতে যে বাট দেখুৱাই আনিলো সেয়াই যথেষ্ট বুলি ভাব বাচাহঁত !” আপলৌগো কা গাইড কো বৌলনা বুলি তেওঁ নিজৰ অতিথিৰ সেৱাত নিমজ্জিত হ’ল । কল্যাণে পাইন গছবোৰৰ শুকান বাকলি বখলিয়াবলৈ লাগিল । তেনেকৈয়ে কিবাকৈ আমিও জুই একুৰা জ্বলাই হাত-ভৰি সেকাত লাগিলো । সময়- পুৱা ৪:৩০ । তলৰপৰা আহি থাকোঁতে মাজে মাজে ধূনাৰ গোন্ধ এটা নাকত লাগিছিল । মিঠা... ধুনীয়া সুগন্ধি... । জুইকুৰাৰ কাষত বহি থাকোতেও গোন্ধটো মাজে মাজে পালো । কিন্তু ধূনাৰ গছ নাই দেখোন তাত, ভাবি থাকিলো । ইহঁত তিনিওটাই সেই আন্ধাৰতো ইফালে-সিফালে বেলেগ বেলেগ ভংগিমাত ফটো উঠাত লাগিল । অৱশেষত গাইডজন পালেহি । সময়- পুৱা ৫:৩০ । অলপকৈ পোহৰ হৈছে । ৰৈ আছো- কোনফালে উদয় হ’ব বেলি ! দেখা যাব নে ? মই মনতে ভাবি আছো- যিমানবোৰ আগৰ ভিডিঅ’ চাইছো, প্রায় সকলোৱে কিন্তু সূর্যোদয় দেখিবলৈ নোপোৱাৰ কথাই কৈছে । ডাৱৰীয়া বতৰ... ডাৱৰ থকা বাবে দেখিবলৈ নোপোৱাৰ কথাই কয় । অৱশ্যে মোৰো সেয়া চাবলৈ যে খুউব বেছি আগ্রহ তেনে নহয় । বাকীবোৰৰ কথা নাজানো, মোৰ বাবে আন্ধাৰত ট্রেকিং কৰি যোৱাটোৱেই আচল মজা ! সূর্যোদয় দেখিলে ভাল লাগিব, নেদেখিলেও কথা নাই । মোৰ দুর্বলতা সূর্যাস্তৰৰ প্রতিহে ! মোৰ আচল উদ্দেশ্য হ’ল আগৰবাৰ আধৰুৱা হোৱা যাত্রা সম্পূর্ণ কৰা, এবাৰ ‘সীমা’ চাই অহা... দুই দেশৰ সীমা ! কিঞ্চিৎ হ’লেও এবাৰ অনুভৱ কৰি অহা চীন-ভাৰতৰ সেই যুদ্ধৰ সময়ক...
‘সীমা’ বুলি ভাবোতেই ‘ৰাজনীতি’ চিনেমাৰ তপন দাসৰ কবিতাটোলৈ মনত পৰি যায়-
“সংকুচিত দেশৰ সীমান্ত,
দিনে দিনে যায় কমি
বাঢ়ে মাথোঁ বাঢ়ে বিষণ্ণ
বিপন্ন দেশ আৰু তাৰ মাটিকালি
বিপন্ন বিষণ্ণ দেশ আৰু
তাৰ মাটিকালি !
অব তেৰা ক্যা হোগা কালিয়া
?”
যি নহওক, টেণ্টত থকা দুয়োটা গ্রুপৰ মানুহখিনিও
টোপনিৰপৰা উঠিল । বাহিৰলৈ ওলাই আহিল । আমি ইফালে-সিফালে খোজকাঢ়ি ফুৰিলো । বিপৰীত ফালৰপৰা
গাইডে চিঞৰি মাতিলে বেলি এইফালে ওলাব, আহাঁ আহাঁ বুলি ! আমি আটায়ে সেইফালে আগবাঢ়ি
গ’লো । বাকীবোৰেও । দূৰৈত ওখ পাহাৰ । পাহাৰৰ সিপাৰেও ওখ পাহাৰৰ টিঙত বৰফ পৰি আছে,
যেন ৰূপালী চাদৰ এখন হে ! আমাৰ আটাইবোৰৰ মাতবোৰৰ মাজতে এজাক সৰু সৰু চৰাই একেলগে
এফালৰপৰা আনফাললৈ উৰি-ঘূৰি থাকিল ! যেন বেলিটোক আদৰিবলৈ হে আহিছে গোটেইজাক ! ঠিক
যেন দৰা আদৰিবলৈ উৰুলি দি ওলাই অহা আয়তীসকল ! ইফালে-সিফালে অলপ সময় উৰি, কিচিৰ-মিচিৰ
মাতেৰে কিবা কৈ কৈ গোটেইজাক এটা সময়ত উৰি গুচি গ’ল । আমাৰ সৈতে বাকী গ্রুপৰ কেইজনেও
নিজৰ নিজৰ ম’বাইল ফোনবোৰ দূৰৈৰ পাহাৰৰফালে পোনাই ৰৈ থাকিল । সময়, পুৱা ৬ বাজি ১০ মিনিট
। ওহোঁ, আশা কৰাৰ দৰে কিন্তু পাহাৰৰ শিখৰ ফালি সূৰুজ অহা দেখা নগ’ল ! গাইডে ক’লে, বতৰ
ফৰকাল নহয়, ডাৱৰবোৰ বেছিকৈ আছে, সেয়ে তেনেকুৱা হৈছে !
বাকীবোৰৰ কথা নাজানো, মোৰ কিন্তু মন বেয়া নালাগিল তাকে লৈ ।
তাৰপিছত আমি তাতে ইফালে-সিফালে খোজকাঢ়ি ফুৰিলো । তেতিয়াহে ভ্যেলীৰ আচল চেহেৰাটো আমি
ভালকৈ দেখা পালো, পোহৰত । নিজকে ক’লো- এইয়াই দং ভ্যেলী ! ওখ ওখ ঘাঁহবোৰ সেউজীয়া নহয়,
কমলাবুলীয়া । হেঙুলীয়া । মোৰ ভাললগা এটা ৰং । কেম্প কৰি থাকিব পৰাকৈ পাহাৰৰ ওপৰত সেইখিনি
অলপ দূৰলৈকে সমতল ঠাই । আগলৈ পুনৰ ওখ ওখ পাহাৰ আৰম্ভ হৈছে, যিদৰে পিছতো আছিল আমি বগাই
অহা পাহাৰকেইটা । ঘূৰি ফুৰোঁতেই দূৰৰ আকাশলৈ চাই পঠিয়ালো । দুটা পাহাৰৰ শিখৰৰ মাজত
চপৰা-চপৰ ডাৱৰবোৰ; বগা-কজলা, মাজে মাজে সোণালী বৰণৰ ৰঙবোৰ যেন কোনোবাই ছটিয়াই থৈছে
। তলৰ ঘাঁহবোৰৰ হেঙুলীয়া ৰঙটোৰ সৈতে যেন ডাৱৰবোৰৰ সোণালী ৰঙটো মিলি পৰিছে । মই আগতেও
কোৱা কথা এটা- নোৱাৰি, নিজৰ অনুভৱত ৰাখি থোৱাৰ বাদে এনে মূহুর্তবোৰক কোনো শব্দেৰেই
প্রকাশ কৰিব নোৱাৰি ! নিজৰ দুচকুৰে দেখা ছবিবোৰ যিমান মেগাপিক্সেলৰ কেমেৰা হ’লেও তুলি
আনিব নোৱাৰি !
যিফালেই খোজকাঢ়ি গৈছো, বাৰে বাৰে মূৰৰ ওপৰৰ
আকাশখনলৈ চাইছো । আচৰিত হৈছো নিজৰ খুদকণ অস্তিত্বৰ কথা ভাবি । অনুভৱেৰেও ভালকৈ
ঢুকি পাব নোৱাৰা সেই আকাশৰ বিশালতা, ভয় লগাকৈ সুন্দৰ ! গা শিয়ৰি উঠে ! “We came
whirling out of nothingness, scattering stars like dust. The stars made a
circle and in the middle we dance.” _Rumi । মোৰ কণমান ৰূমটোৰ খিৰিকীখনেৰেও মন গ’লেই
আকাশখনলৈ চাই থাকো । কেতিয়াবা এনেয়ে কোনো ফুটপাথেৰে খোজকাঢ়ি ফুৰিলেও আকাশখনলৈ মূৰ
তুলি চাওঁ । কোনোবা ওখ পাহাৰত থিয় হৈও আকাশলৈ চাইছো বহুবাৰ । দিনৰ আকাশ, ৰাতিৰ আকাশ...
বাৰে বাৰে চাওঁ মূৰ তুলি । অনেক ৰূপ আকাশৰ ! তথাপিও কিন্তু সেই এখনেই আকাশ, য’ৰেপৰাই
নাচাওঁ কিয় সদায় একেখনেই, একেই ! ধূলিকণাসম আমাৰ উপস্থিতি ! ...আৰু এই আকাশ...
মহাকাশ... “The scratches on the window can not alter the sky.”
_K’uotes । মানুহ কিছুমানো সেই আকাশৰ দৰেই !
বহু বছৰৰ আগতে ৰাতিৰ আকাশলৈ চাই থাকোতেই মনলৈ আহিছিল- পৃথিৱী
পোহৰালেও জোন সদায় আকাশৰেই । কিবা এক খালী খালী অনুভৱ এটাই বুকুত থিতাপি লৈছিল; ‘কি
আছে, একোৱেই তো নাই’ ধৰণৰ কিবা এটাই ! একো নথকাৰ মাজতো কিবা এটা থাকে, সলনি কৰো বুলিও
কৰিব নোৱাৰা কিবা এটা । চাগৈ প্রতিজন মানুহেই ক’ৰবাত শূন্য ! Nothing…
Nothingness… কুণ্ডলী পকাই বহি থাকে সকলোৰে ভিতৰত ! কোন ধুনীয়া ?
আকাশ নে এই মাটি ? নৈ নে এই সেউজীয়া ? সূর্যোদয় নে সূর্যাস্ত ? ওহোঁ, সেয়া ঠিক
কৰিব পৰা নাযায় ! “Nothingness lies coiled in the heart of being- like a worm.”
_Jean Paul Sartre
“Silence falls, erasing all separateness. Then the silence gives to its only answer.” _Richard Powers
মন নাথাকিলেও ঘূৰি পাহাৰৰ তলিলৈ বুলি বাট ল’লো, প্রায় ৭ মান বজাত । আন্ধাৰত একো নেদেখাকৈ পাৰ হৈ যোৱা ঠাইখিনি উভতনি বাটতহে ভালকৈ দেখা পালো । ঘাঁহবোৰ হেঙুল বুলীয়া । মাজে মাজে পাইন গছবোৰ আকাশ ধিয়াই থিয় হৈ আছে । মাজে মাজে মাটি খান্দি বনাই লোৱা সেনাৰ বাংকাৰবোৰো আছে ।
ভ্যেলীত ঘূৰা-ফিৰা কৰি থাকোঁতে দেখিছিলো, হেঙুল বুলীয়া ঘাঁহবোৰ
জ্বলাই দিয়া হৈছে । মাজে মাজে পাইন গছ একোজোপা আধা জ্বলা ভাগেই বাগৰি আছে । গাইডৰ মুখেৰে
শুনা কথা কেইটামানে অৱশ্যে মনত দুখ দিলে । পাহাৰত জন্তুৰ চিকাৰ কৰিবলৈ হেনো কেতিয়াবা
তেনেকৈ জুই লগাই দিয়ে ! ভাবি থাকিলো গাড়ীত আহি থাকোঁতে দেখা, ৰাস্তা বনাবলৈ খান্দি
পেলোৱা ডাঙৰ ডাঙৰ পাহাৰ একোটাৰ উদং হৈ যোৱা শুকান বুকুবোৰৰ কথা ! এনেকৈয়ে মানুহৰ হাতত
পাহাৰবোৰ হেৰাই যাব নেকি এদিন ? শিলৰ বুকুত গজি উঠা সেউজীয়া পাইনবোৰ ? আকাশ ধিয়াই থিয়
হৈ ৰোৱা অকলশৰীয়া পাইনবোৰ ? উচুপি উঠিব যেন অৰণ্যৰ দুঃখী সংগীতজ্ঞ !
“Ye sad musicians of
the wood,
Whose dirges fill
the solitude,
Whose minor strains
and melodies are wafted on the whispering breeze,
Whose plaintive
chants and listless sighs,
Ascend as incense to
the skies;
Do solemn tones
afford relief,
With you, as men, a vent for grief?” _'To the Pines' by Alfred Castner King
সেইযে ধূপৰ দৰে মিঠা সুগন্ধি এটা বতাহত উৰি আহিছিল… মাজে মাজে,
সেয়া পাইন গছৰ সুগন্ধি ! গছৰ এৰাই যাব ধৰা শুকান বাকলিবোৰ জ্বলাওঁতে সেই সুগন্ধি ওপঙিছিল
বতাহত ! পাইন গছবোৰৰ মাজেৰে খোজকাঢ়ি আহি থাকিলো… পাহাৰৰ তলিত থকা পকী ৰাস্তা পাবলৈ
অলপ বাকী । সেইখিনিতে অলপ পুনৰ সমতল ভূমি, য’ত সেই হেঙুলীয়া ঘাঁহবোৰ । সেইখিনি ঠাইতে
ওপৰলৈ উঠি নোযোৱা মানুহ কিছুমান ঘূৰা-ফিৰা কৰি আছে । আমিও খন্তেক ৰ’লো তাতে । তাতে
দুজনমান যুৱকক দেখিলো- কেমেৰাৰ সৈতে আন কিবাকিবি সা-সঁজুলি লৈ সমতল ঠাইখিনিৰ সিটো মূৰলৈ
আগবাঢ়ি গৈ আছে । এনেকুৱা সময়তে মোৰ অলপ অলপ হিংসা লাগে এনে মানুহ কিছুমানলৈ ! এইযে
দুজনমান লগ হ’লেই পিঠিত বেক্-পেক্ একোটা লৈ ওলাই আহিব পাৰে বিশেষ হিচাপ-নিকাচ নকৰাকৈয়ে;
মন গ’লেই ৰৈ যাব পাৰে পাহাৰৰ বুকুতে ৰাতিৰ সৈতে ! তাতে মোৰো ৰৈ যাবলৈ মন আছিল অলপ সময়
। মন থাকিলেও যে ৰৈ যাব নোৱাৰি ।
“…Over the crest its
calmness
There glitters some
solitude
Beyond that valley
it’s rhythmic
Here the wind hymn
for loners.” _Salini Nair
মন যায়… মন যায়… মোৰো মন যায় ! মন গ’লেও যিহেতু বহুত কিবাকিবিয়েই
সম্ভৱ নহয়, গতিকে মন নগ’লেও নামি আহিলো পাহাৰৰপৰা, ৰিজ’র্টলৈ বুলি । সমতলখিনি পাৰ হৈ
পকী ৰাস্তাটো পালো । প্রায় ৮ মান বাজিছে তেতিয়া । তাতেই আমি আন্ধাৰত আহি নামিছিলোহি
গাড়ীৰপৰা । ৮:২০ মান বজাত ওলোমা দলঙখন পাৰ হ’লো । তাৰপৰা ৰিজ’র্টলৈ বেছি দূৰ নহয় ।
ৰিজ’র্টটোৰ সমুখতে নদীখনৰ পাৰতো ভালেমান মানুহ টেন্টত আছেহি । তাতে গৰম পানীৰ উঁহ এটা আছে । আমি বাহিৰে বাহিৰে তালৈ গ’লো । এণ্ট্রি ফিজ ১০ টকা গাইপতি । নদীত পানী কম এই সময়ত । পাৰৰ বালিতে টেন্টত আছে কোনো কোনো । ভলীবল খেলাৰ ব্যৱস্থা কৰা আছে । এখন সৰু ষ্টল, চাহ-পানীৰ লগতে অন্য ৰঙীন পানীয়ও পোৱা যায় । এটা পৰিয়াল যেন লগা গ্রুপ এটাও দেখিলো । খানা নিজে ৰান্ধি-বাঢ়ি খাব পাৰি চাগৈ । বাচন-বর্তন কিছুমান দেখি তেনে লাগিল । পাইন গছৰ সৰু সৰু টুকুৰা কৰি মূঢ়াৰ দৰে ৰাখিছে তাতে বহিবলৈ । বাকী গ্রুপৰ সকলো ডেকা ল’ৰা, সেই মূঢ়াবোৰতে ঘূৰণীয়াকৈ বহিছে । গান-বাজনা লগাই আছে, কথা পাতিছে নিজৰ মাজতে, ঠাণ্ডা পানী (😃) খাইছে । আমি বেছি সময় নাথাকি ক’টেজলৈ ঘূৰিলো, প্রায় ৯:৩০ মান বজাত ।
বেগ থৈ ল’ৰাকেইটা পুনৰ ঘূৰি অহা ঠাইলৈকে গ’ল, উদ্দশ্যে- গৰম পানীৰ উঁহত গা ধোৱা । আমিও ফ্রেচ হোৱা যাওক বুলি চুব নোৱাৰা ঠাণ্ডা পানী চুবলৈ বাথৰূমত প্রৱেশ কৰিলো । ভুলটোও মই তাতেই কৰিলো ! ইতিমধ্যেই পাহাৰৰ চেঁচা বতাহ খাই আহিছো আটায়ে ! ভণ্টীয়ে মানা কৰিছিল যদিও চেঁচা পানী ঢালি গা ধুলো ! ল’ৰাকেইটা উভতি আহিল । অর্ডাৰ দি থোৱা মতেই আমি চাহ-ৰুটি খাই সীমান্ত চাবলৈ বুলি ওলালো । সময়, ১০ বাজি ৪০ মিনিট । তেতিয়ালৈকে মোৰ নাকে ফেচফেচাবলৈ আৰম্ভ কৰিছিল, জ্বৰ জ্বৰ ভাব এটাই আমনি কৰিছিলহি ।
বিকিৰ কথামতে আমি প্রথমে কাহোলৈ বুলি বাট ল’লো । অলপ দূৰ বাট গৈ “You are under surveillance” বুলি লিখা থকা প্রথমটো ভিউ পইণ্ট পালো, য’ৰপৰা চীন দেখা যায় ! চিৰ-বৈৰী চীন ! তাতে ৰৈ ফটো উঠোৱা হ’ল । এইখিনি ৰাস্তা ধুনীয়া, আহল-বহল ।
আগলৈ অলপ দূৰ গৈ ৰাস্তাটো পাহাৰৰ কাষে কাষে, পকী কিন্তু ঠেক । বিকি অভিজ্ঞ চালক । আন আন পর্য্যটকৰ সৈতে সেইফালে গৈ থাকে । নক’লেও সি কোনখিনিত কিমান বেগত গাড়ীখন চলালে আমি চৌপাশৰ দৃশ্য উপভোগ কৰি যাব পাৰিম, ক’ত ক’ত ৰৈ দিব লাগিব সেইকথা মন কৰি গাড়ী চলোৱা যেন অনুভৱ হ’ল মোৰ । পাহাৰৰ এনেকুৱা অকোৱা-পকোৱা বাটেৰে গ’লেই নাজানো কিয়, “হাইৱে” চিনেমাৰ আলিয়ালৈ আৰু তাৰ “কাঁহা হোঁ ম্যে…” গানটোলৈ মনত পৰে ! কিছুমান সৰু সৰু কথা, স্মৃতিয়ে চাগৈ মোৰ লগ নেৰিব কাহানিও…।
গৈ থাকোতে মাজবাটত প্রায় ১৫-২০ জন মান সেনাৰ গ্রুপ এটা । সেইখিনিৰপৰা
কিবিথোলৈ যোৱা ৰাস্তাটোলৈ এখন ওলোমা দলং, এটা পাহাৰৰপৰা আনটোলৈ । সেই ওলোমা দলঙেৰে
পাহাৰৰ ইটো পাৰে যাবলৈ ট্রেইনিং দিয়া হ’ব চাগৈ আটাইকে । দলঙৰ বহু তলত লোহিত বৈ আছে
গমগমায় ! শাৰী পাতি ৰাস্তাৰ কাষত ৰৈ থকা কেইজন নতুনকৈ সেনাত ভর্তি হোৱা চাগৈ । মুখ
কেইখন দেখিলেই ধৰিব পাৰি যে তেনেই কম বয়সীয়া ! অলপ আগলৈ দুজনমানে
পাহাৰৰ কাষতে চাহ বনাবলৈ লৈছে । সেইখিনি ৰাস্তা পাৰ হৈ যাওঁতে পুনৰ সেই আচহুৱা
অনুভৱ এটা বুকুৰপৰা ডিঙিলৈ উজাই আহিল মোৰ ! তাৰ পিছৰ ৰাস্তা পাইন হাবিৰ মাজেৰে । পাহাৰৰ
ওপৰলৈ চাই পঠিয়ালে সেনাৰ বাংকাৰবোৰ দেখা যায় । সেনাৰ চ’কী যেন লগা টঙীঘৰ সদৃশ এটালৈ
আঙুলিয়াই বিকিয়ে ক’লে যে তাৰেপৰাই বাইনোকুলাৰে সেনাই চীন-ভাৰতৰ সীমাৰ নিৰীক্ষণ কৰি
থাকে । গৈ গৈ অৱশেষত আমি ভাৰতৰ প্রথমখন গাঁওত উপস্থিত হ’লোগৈ, নাম যাৰ ‘কাহো’ । পাতল
জনবসতি ! স্কুল এখন দেখা পালো । গাঁওখন পাৰ হৈয়ে সেয়া সীমা ! সিফালে চীন । দুজন সেনা
জোৱান, গ্যেইটত । চৌপাশ নীৰৱ-নিস্তব্ধ ! মাজে মাজে শুনা চৰাই-চিৰিকতিৰ কিচিৰ-মিচিৰ
মাথোঁ । গ্যেইটৰ সিপাৰে যাবলৈ অনুমতি নিদিয়ে । ফটোও উঠাব নিদিলে ! দুখ লাগিল যদিও সেয়া
সুৰক্ষা নীতিৰ স্বার্থতেই বুলি নিজক বুজাই থ’লো ।
“The border is a
line that birds cannot see,
The border is a
beautiful piece of paper folded carelessly in half.
The border is where
flint first met steel, starting a century of fires.
The border is a belt
that is too tight, holding things up but making it hard to breathe.
The border is a
rusted hinge that does not bend.
The border is the
blood clot in the river’s vein.
The border says stop to the wind, but the wind speaks
another language, and keeps going.
The border is a
brand, the “Double-X” barbed wire scarred into the skin of so many.
The border has
always been a welcome stopping place but now a stop sign, always red.
The border is a jump
rope still there even after the game is finished.
The border is a real
crack in an imaginary dam.
The border used to
be an actual place, but now, it is the act of a thousand imaginations.
The border, the word
border, sounds like order, but in
this place they do not rhyme.
The border is a
handshake that becomes a squeezing contest.
The border smells
like cars at noon and wood smoke in the evening.
The border is the
place between the two pages in a book where the spine is bent too far.
The border is two
men in love with the same woman.
The border is an
equation in search of an equals sign.
The border is the
location of the factory where lightning and thunder are made.
The border is “NoNo”
The clown, who can’t make anyone laugh.
The border is a
locked door that has been promoted.
The border is a moat
but without a castle on either side.
The border has
become Checkpoint Chale.
The border is a
place of plans constantly broken and repaired and broken.
The border is
mighty, but even the pairing of the seas created the path, not a barrier.
The border is a big,
neat, clean, clear black line on a map that does not exist.
The border is a line
in new bifocals: below, small things get bigger; above, nothing changes.
The border is a
skunk with a white line down its back.” _ ‘The Border’ by Alberto Rios
এৰা, সীমা ! এইয়াই সীমা । গ্যেইটত থকা সেনা জোৱান দুজনে আমি অহা বাটৰ আগলৈ, অলপ ওপৰলৈ আঙুলিয়াই দেখুৱাই ক’লে যে তাৰেপৰা আমি বাইনোকুলাৰে চীনৰ সীমা চাব পাৰিম । সীমাৰ পৰা আমি উভতি আহিলো । অহা বাটেৰে উভতি আহি আমি বাওঁহাতেৰে থকা খটখটীৰে পুনৰ পাহাৰৰ ওপৰলৈ উঠিলো । পাহাৰ মানেই এই ওপৰ, এই তল, পকোৱা বাট । বেছি দূৰ নহয়; কিন্তু ৰাতিপুৱা পাহাৰ বগোৱা ভৰিৰ বিষ আছিলেই কাৰণে আগলৈ হালি যেনেতেনে খটখটী বগালো, সীমা চোৱাৰ মোহ ! সময় তেতিয়া দুপৰীয়া ১২ বাজি ২০ মিনিট । মোবাইল ফোনত একে সময়তে চীনা সময়েও দেখা দিছে- সময় ২ বাজি ২০ মিনিত । আমাৰ দুজনীক ওপৰৰপৰা তাত থকা সেনা জোৱান দুজনে চাই থাকিল ! চাগৈ মনতে হাঁহিলেও বগোৱাৰ ধৰণ দেখি । গৈ দেখিলো- ঘূৰণীয়াকৈ বেৰি থোৱা আছে অলপ ঠাই । তাৰপৰা দূৰলৈ, চকুৰে মনিব পৰালৈকে চাই পঠিয়ালে, সেয়াই চীন ! তেওঁলোকে বাইনোকুলাৰেৰে সিপাৰৰ সৈনিকৰ গতি-বিধি নিৰীক্ষণ কৰি থাকে । অনুৰোধ কৰিলেও ইয়াতো আমাক ফটো উঠাবলৈ নিদিলে । অলপ ছিনিয়ৰ যেন লগা সৈনিকজনে বাইনোকুলাৰে অৱশ্যে সিপাৰলৈ চাবলৈ অনুমতি দিলে, তাকো ‘মেডামহঁতৰ খটখটী বগোৱাৰ কষ্ট দেখি’… হাঃ হাঃ… এইয়া পিছে ভণ্টীৰ ক্রেডিট ! ক’ৰপৰা আহিছো সুধিলে, লগতে ইয়াকো ক’লে যে আমি তাত দুই মিনিটতকৈ বেছি থাকিব নোৱাৰিম, গতিকে সোনকালে চাই সোনকালে যাব লাগে । সমুখৰ ফালৰ দূৰৈৰ ঠাই এডোখৰলৈ আঙুলিয়াই দেখুৱাই ক’লে যে দুয়োপক্ষৰ মাজত কিবা আলোচনা কৰিবলগীয়া হ’লে (Border Personnel Meeting point) সেই ঠাইতে গোট খোৱা হয় । মোৰ হাতত থকা ‘১৯৬২’ কিতাপখনলৈ চাই তেওঁ সুধিলে সেয়া বাঙালী ভাষাৰ কিতাপ নেকি বুলি ? কি হয় সেয়া ক’লো তেওঁক । প্রায় ৫ মিনিটমান থাকি আমি নামি আহিলো খটখটীৰে ।
নামি আহোঁতে আন এজন জোৱানক লগ পালো, খবৰ সুধিলো । তেওঁ নিজেও আমাৰ খবৰ সুধিলে, ক’ৰপৰা আহিছো, তাৰপৰা ক’লৈ যাম সুধিলে । কিবিথোলৈ বুলি কোৱাত ৰাস্তাটো দেখুৱাই তেওঁ ওপৰলৈ উঠি গ’ল । আমিও বিদায় লৈ নামি আহিলো । এইয়াই আছিল ‘কাহো’ গাঁও- অৰুণাচলৰ আঞ্জাৱ জিলাৰ, লোহিত নদীৰ পাৰত ৪০৭০ ফুট উচ্চতাত থকা, পূৱ ভাৰতৰ প্রথমখন গাঁও । ইয়াতেই হিমালয়ৰ মানস সৰোবৰৰপৰা বৈ অহা জলধাৰাই তিব্বতৰপৰা ভাৰতত প্রৱেশ কৰি চাংপো নাম সলনি কৰি লোহিত নাম লৈছে ।
উভতি আহোঁতে বাটত গুলী ফুটাৰ শব্দ শুনিলো । সৈনিকৰ অনুশীলন সেয়া । যাওঁতে লগ পোৱা সেনাৰ ট্রুপটো তেতিয়াও আছিল । প্রায় ১২ বাজি ৫০ মিনিট মানত আমি কাৰোটি দলং পালো । ইয়াতে ৰাস্তাটো দুফালে গৈছে । বাওঁফালে কিবিথোলৈ আৰু সোঁফালে কাহোলৈ (‘দঙ’ৰপৰা আহিলে) । কিবিথোলৈ যোৱাৰ বাটতে প্রয়াত ‘জেনেৰেল বিপিন ৰাৱত’ৰ নামত এখন নতুন গ্যেইট হ’ল । ঠাইখিনি ধুনীয়া ভিউ পইণ্ট এটা । খন্তেক বহিবলৈ মন গ’লে বহিব পৰাকৈ ব্যৱস্থা কৰা আছে । তেনেই কম বয়সীয়া পাঞ্জাৱী জোৱান এজন আছিল তাত । ফটো উঠাবলৈ পিছে অনুমতি নাই বুলি ক’লে আমাক ।
কিবিথোত উপস্থিত হৈ সীমাৰ ফাললৈ গৈ সেনাৰ চ’কী পালো । একেই,
গ্যেইটৰ সিফালে যাবলৈ অনুমতি নিদিয়ে । এইপাৰে যেনিবা ফটো উঠিব পাৰিব বুলি ক’লে । ১৯৬২ৰ পাতৰপৰা- “২২ অক্টোবৰ, ১৯৬২ । কিবিথো । সূর্যৰ প্রথম ফেহুজালিত নিজৰ
বাংকাৰৰ ভিতৰত নায়ক বাহাদুৰে দেখিছিল যে দুয়োজন সতীর্থই বন্দুক সাবটি লৈ চিৰদিনৰ
কাৰণে শুই পৰিছে । যোৱা ৬টা মাহে একেলগে থকা দুই সতীর্থ নিজৰ চকুৰ সন্মুখতে গুচি
গ’ল ।” খঙত একো নাই হৈ হাতত মেচিন গানটো লৈ নায়ক বাহাদুৰ বাংকাৰৰ পৰা জপিয়াই ওলাই
আহিছিল শতৰুৰ সৈতে যুঁজিবলৈ । আৰু চীনা মেচিন গানৰ গুলীয়ে বাহাদুৰৰ বুকু ভেদি
গৈছিল ! “কিবিথোৰ পতন ঘটিছিল । পুৱা ৭ বজালৈ কিবিথোত বাচি থকা দুই-এজন জোৱান
ৱালঙলৈ নামি আহিছিল । আৰম্ভ হৈ গৈছিল ভাৰতৰ পৰাজয়ৰ যাত্রা ।” কাহোৰপৰা কিবিথোলৈ
আহি থাকোঁতে, কিবিথোৰপৰা ঘূৰি আহোঁতে দেখা পাহাৰৰ ওপৰত জিলিকি থকা বাংকাৰবোৰ, মাজে
মাজে শুনা গুলীৰ শব্দবোৰ, নিজৰ নিজৰ কর্তব্যত বর্তি থকা সেনা জোৱানসকল...
সকলোবোৰেইতো সোঁৱৰাই দিয়ে সেই যুদ্ধৰ সময়ক ! বাহিৰৰ পৃথিৱীৰপৰা প্রায় বিচ্ছিন্ন হৈ
অতন্দ্র প্রহৰীয়ে জাৰে-জহে, প্রতিটো পল আজিও সীমাৰ সুৰক্ষাত পাৰ কৰিছে !
অলপ সময় তাতে আমি ইফালে-সিফালে খোজ কাঢ়িলো । ইয়াতে আছে কিবিথোৰ
চার্ক’ল অফিচ । ৱালং পি এইচ চি ৰ অন্তর্গত মেডিকেল ছাব-চেণ্টাৰ এটাও আছে । “Easternmost
Bakery of India- Kibithu Bakery” বুলি বেকাৰী এখনো হ’ল তাত, ২০২২ চনত । তাতে কিবা
খাবলৈ মন আছিল যদিও সেইখন তেতিয়া বন্ধ আছিল । ওচৰতে থকা আন এখন হোটেলত চাহ-তাহ কিবা
খাম বুলি সোমালো । দুজনমান সৈনিক বহি আছিল । হোটেলৰ মালিকনীয়ে ক’লে যে যিহেতু তেওঁলোকে
ম’ম’ৰ অর্ডাৰ দিছে গতিকে আমি যদি কিবা খাব বিচাৰো তেন্তে যথেষ্ট সময় ৰ’ব লাগিব । আমি
ৰৈ নাথাকি উভতি বাট ল’লো ।
ঘূৰি আহি কিবিথোলৈ যোৱাৰ বাটতে পাৰ হৈ যোৱা মেছাইত সোমালো । ‘প্রজেক্ট উদয়’কৰ কাম চলি আছে । আগৰ ওলোমা দলং খনৰ বাওঁফালে আন এখন ওলোমা দলং হ’ল । ওলোমা দলঙেৰে নদীখন পাৰ হ’লে এখন সৰু গাঁও- দিছু । আগতকৈ দুঘৰমান মানুহৰ সংখ্যা বাঢ়িল । মেৱাৰ সম্প্রদায়ৰ মানুহ । আগৰবাৰ আহোঁতে দলঙখন পাৰ হৈছিলো । এইবাৰ নহ’লো । চাহ খোৱা দোকান একেখনেই আছে এতিয়াও । যোৱাবাৰ মেগী-অমলেট-চাহ খাইছিলো । এইবাৰ কেৱল ফিকা চাহ খালো । ভণ্টীৰ জহত চাহকাপ ফ্রিতে খাবলৈ পালো অৱশ্যে ।
২০১৮ চনৰ ১ আগষ্টত মোছাই/মেছাই গাঁৱক আদর্শ গাঁৱলৈ উন্নিত কৰা হৈছে বুলি তাত থকা আধাৰশিলাত লিখা কথাৰপৰা জনা যায় যদিও কিন্তু সেয়া এতিয়াও সম্পূর্ণ হোৱা যেন নালাগে, কাম চলিয়েই আছে ! আমি ৫ বছৰৰ আগতে যেনে দেখিছিলো, এতিয়াও একেই আছে; মাত্র পাইন গছ কেইজোপামান উঘাল খালে ! ইয়াৰ বিপৰীতে চীনৰ বেইজিঙে কিন্তু ২০১৭ চনত আৰম্ভ কৰা প্র’জেক্ট এটাৰ অন্তর্গত ৬২৪ খন সীমা-মূৰীয়া গাঁৱৰ নির্মাণ সম্পূর্ণ কৰিলে ২০২১ চনৰ শেষলৈকে । কাহোৰ ঠিক বিপৰীতফালে প্রকৃত নিয়ন্ত্রণ ৰেখাৰ ওপৰেৰে ৯ কিলোমিটাৰ দূৰত হেনো এনে দুখন চীনা গাঁৱৰ উপস্থিতি গুগোল মেপতো দেখা যায় । ২০২১ চনৰ ডিচেম্বৰত অৰুণাচলৰ মুখ্যমন্ত্রী পেমা খান্দোৱে “আদর্শ গাঁও” উন্নয়নৰ বাবে এখন আঁচনি আৰম্ভ কৰিছিল যাৰ অধীনত তিনিখন গাঁও বাচনি কৰা হৈছিল- কাহো, মোছাই/মেছাই, আৰু কিবিথো । অলপতে ২০২২-২০২৩ বাজেটৰ “ভাইব্রেণ্ট ভিলেজ প্রগেমৰ” অধীনত ঘোষণা কৰা হৈছে যে অৰুণাচল আৰু ছিকিমৰ ১৩০ খন গাঁৱক আদর্শ গাঁও হিচাপে গঢ়ি তোলাৰ প্রস্তাৱ দিয়া হৈছে । তাৰে অংশ হিচাপে ইতিমধ্যে পূৱ অৰুণাচলৰ কাহোত কাম আৰম্ভ কৰা হৈছে । পাহাৰৰ বুকু ফালি নতুন ৰাস্তা, দলঙৰ কাম যে হৈ আছে সেয়া চাগৈ এই প্রজেক্টৰেই অংশ ।
যি নহওক, পাহাৰ, সীমা, ওলোমা দলং সকলোবোৰ মনৰ কোঠৰীত সামৰি-সুতৰি উভতি বাট ল’লো । বিকিৰ কথামতে আমি বাহিৰে বাহিৰে ৱালঙৰপৰা অহাই ভাল হ’ব বুলি ওলালো । কিবা খায়ো অহা হ’ব, লগতে গধূলি ‘ৱাৰ-মেম’ৰিয়েল’ৰ সমুখত হ’বলগীয়া অনুষ্ঠানৰ (আমি চাবলৈ যোৱাৰ কথা) খবৰো লৈ আহিব পাৰিম । কিবা খাব পৰাকৈ হোটেল তেনেকৈ নাই । আহোঁতে চাহ খোৱা হোটেলখনতে সোমালো । আটায়ে ম’ম’ খালো । ভণ্টীৰ মন- গধূলি ক’টেজত আন্ধাৰত জুইৰ কাষত এনেয়ে বহি থকাতকৈ মুর্গী মাংস পুৰি খাই বহিবলৈ বেছি ভাল লাগিব । প্রায় গধূলি হয়েই আৰু, মুর্গী পালেহে এতিয়া ! বিকিয়ে ইফালে-সিফালে খবৰ কৰি অলপমান হ’লেও মাংসৰ যোগাৰ কৰিলে । তাকে লৈ আমি উভতিলো ক’টেজলৈ । বাটত সেনা দুজনমানক গধূলিৰ অনুষ্ঠানৰ কথা সুধিলত ক’লে যে তেতিয়ালৈকে তেওঁলোকে কোনো নির্দেশনা পোৱা নাই । গতিকে আমি পুনৰ তালৈ নহাটোকে ঠিক কৰিলো । প্রায় ৪:৩০ মান বজাত আমি ক’টেজ পালোহি । মুখ-হাত ধুই সৰু কেইটাই বিচনাত বাগৰিলে ভাগৰত । মোৰ তেতিয়ালৈ অলপ জ্বৰ আৰু চর্দি । ভণ্টীৰো গা ঠিক লগা নাই বুলিলে । দুয়োজনীয়ে লগত লৈ যোৱা টেবলেট খালো ।
অলপ অলপ আন্ধাৰ হৈছিল । বাহিৰতে বহিলো । সমুখত ওখ পাহাৰ । ঠাণ্ডা বতাহ ব’লি আছে । তলত বৈ যোৱা নদী । নদীখন কিন্তু শান্ত নহয় । বৈ যোৱা নদীৰ শব্দই নিজৰ উপস্থিতি পূৰামাত্রাই সোঁৱৰাই আছে । নদীখনৰ লগে লগে ঝিলিবোৰেও । হো হোৱাই বতাহো ব’লি আছে… পাইন গছবোৰেও ফিচফিচাই যেন কথা পাতিছে বতাহজাকৰ সৈতে । নদীৰ পাৰত থকা টেন্টবোৰৰপৰা ভাঁহি আহিল- “তুঝসে নাৰাজ নহী জিন্দেগী…” …সেইখিনি সময়ৰ অনুভৱখিনি বর্ণাবলৈ শব্দৰ অভাৱ ! নিজতে সামৰি থ’লোঁ ।
কাৰেণ্ট যিহেতু নাহিলেই, গতিকে সকলোফালে আন্ধাৰ হৈ পৰিল । জুইকুৰা জ্বলোৱা হ’ল । নদীৰ পাৰত অৱশ্যে জেনেৰেটৰ চলি আছিল । পোৱালিকেইটা উঠি আহিল । বিকিয়ে মাংস কাটি, পুৰিবলৈ শলাৰ সৈতে দি গ’লহি । চাৰিওটাই মাংস পূৰা খালো, গান শুনিলো, কিবাকিবি কথা পাতিলো, মাজতে বিকি আহি মাত লগাই যায় এপাক । পুনৰ ‘কেণ্ডেল লাইট ডিনাৰ’ কৰা হ’ল । বিকিয়ে ক’লে যে ৰাতিপুৱা ৭ মান বজাত ওলাই যাব পাৰিলে ভাল । গতিকে খাই-বৈ শুবলৈ বুলি ভাগে ভাগে নিজৰ বিচনাত আটায়ে বাগৰিলে । ভাগৰেও ধৰিছিল সবকে ।
৩০ জানুৱাৰী, দেওবাৰ, ২০২৩ ।
ৰাতিপুৱা ৬ বজাত সাৰ পালো । খৰধৰ নাই যদিও
কৰিবলৈও যিহেতু একো নাই, মুখ-হাত ধুই সাজু হ’লো আটায়ে । ৬:৪৫ মান বজাত ফিকা চাহৰ
সৈতে কেক-বিস্কুট খোৱা হ’ল । চাহকাপৰ কথা কিন্তু ক’ব লাগিব, ফিকা চাহেই হওক বা
গাখীৰ চাহ, সোৱাদটো কিন্তু বিশেষভাবে বঢ়িয়া আছিল ! দুদিনৰ থকা-খোৱাৰ বাবদ
দিবলগীয়াখিনি পৰিশোধ কৰি প্রায় ৭ বাজি ৫ মিনিটত আমি ক’টেজৰপৰা ওলালো । তেতিয়া
পাহাৰৰ ওপৰত বেলিটোৱে ভুমুকি মাৰিছিল ।
উভতনি বাট সদায় চমু যেন লাগে । প্রায় ৯:৪৫ মান বজাত আমি হায়ুলিয়াং হস্পিটেল পালোহি । তাৰপৰা খোপা তেল ডিপোত পুনৰ গাড়ীত তেল ভৰাই লোৱা হ’ল । তেতিয়ালৈ ইহঁতৰ মোবাইল ফোনবিলাকত নেটৱর্ক আহিল । দুদিনৰ পিছত টুং টুং টাং টাং কৰি বাজি উঠিল সেইকেইটা, যেন ট্রেফিক জ্যামত ফচি আছিল শাৰী পাতি বহু গাড়ী, ৰাস্তা মুকলি পাই হুৰহুৰাই আগবাঢ়িছে ! ঘৰলৈ ফোন কৰি খবৰ দিলে সবেই । অলপ দূৰ আহি দেখিলো যে ৰাস্তা বন্ধ, যিহেতু নতুন ৰাস্তাৰ কাম হৈ আছে । সময় ১০ বাজি ১০ মিনিট । বিকিয়ে ক’লে যে ১২ বজাৰ আগতে ৰাস্তা খুলি দিয়াৰ সম্ভাৱনা কম, প্রায়েই এনেকৈ ৰাস্তা বন্ধ কৰা হয়েই । পাহাৰ কাটি কাটি ৰাস্তা বনাইছে ! দুয়োফালে গাড়ীবোৰ শাৰী পাতি ৰৈ আছে । ক’ৰবাৰপৰা অহা ‘বার্ড ফটোগ্রাফী’ কৰা গ্রুপ এটাই ইফালে-সিফালে চৰাই বিচাৰি ফুৰিছে । ১১:৩০ মান বজাত ৰাস্তা খুলি দিলে । তাৰপিছত প্রায় ২০ মিনিট মান সময় আমি ৰাস্তাত কুঁৱলী ফালি অহাৰ দৰে ধূলি ফালি আহিলো ! আঞ্জাৱ জিলাত সোমাওঁতে পোৱা চেক্ পোষ্টটোত পাওঁতে দুপৰীয়া প্রায় ১২:৩০ বাজিল । পৰশুৰামকুণ্ড বেছি দূৰ নহয় । ১ বাজি ১০ মিনিটত আমি পৰশুৰামকুণ্ডৰ দলং পাৰ হৈ ভাত খাবলৈ বুলি হোটেল এখনত সোমালো, যাওঁতে খোৱা হোটেলখনৰ কাষতে । মোৰ মোবাইলৰ নেটৱর্ক ইয়াৰপৰাহে পোৱা গ’ল । জানো, চাবলগীয়া একো নাথাকিব । তথাপিও চালো । অফিচৰ দুটামান ই-মেইল । তাৰ বাদে একো নাই ! ভাবিলো, এই কাণ ফুচফুচটো নাথাকিলেও মই আচলতে চলিব পাৰিম বিশেষ চিন্তা নকৰাকৈ !
দুপৰীয়াৰ ভাতসাঁজ খাই আমি ঘৰলৈ বুলি বাট পোনালো
। আহি থাকোঁতে ভণ্টী আৰু কল্যাণৰ কথাবোৰ শুনি হাঁহি থাকিলো আমি । ভন্টীৰ এইটো
প্রথম ট্রেকিঙৰ অভিজ্ঞতা । তাই শ্বকত আছে এতিয়াও, কেনেকৈ ইমান দূৰ পাহাৰ বগালে
বুলি ! হাঃ হাঃ... । আচলতে আন্ধাৰতে পাহাৰৰ ওপৰলৈ বগোৱা বাবে গম পোৱা নাযায় যে ক’ত,
কি, কিমান দূৰ... আদি কথাবোৰ । দিনৰ পোহৰত হয়তো ভাগৰে বেছিকৈ ধৰিলেহেঁতেন, বাকী থকা
ৰাস্তা বগোৱাৰ কথা ভাবি ভাবি । যি নহওক আবেলি ৪:৩০ বজাৰ ৰান্ধনি বেলিটোৱে দিনটো
শেষ হোৱাৰ কথা সোঁৱৰাই দিলে । কল্যাণক ৫:১৫ মান বজাত থৈ আহি আমি ৰূম পাওঁতে প্রায়
৫:৪০ বাজিছিল ।
সংযোজনঃ জীৱনটোক সাংঘাটিক কিবা এটা বুলি নল’বলৈ কেতিয়া আৰম্ভ কৰিলো সেয়া নিজেও নাজানো । বিচৰা ধৰণেৰে সাধাৰণ কথা এটাও নহয় বাবেই আশা কৰিবলৈও বাদ দিছিলো । একোৱেই বিচৰা নাযায় এতিয়া ! মানি লওঁ- কিছুমান ক্ষেত্রত নিজৰ উদাসীনতা দেখি কেতিয়াবা নিজৰেই ভয় লাগি যায় । জোখতকৈ বেছি ছেনছিটিভ্ প্রাণী এটাৰ এনে পৰস্পৰ বিৰোধী ইম’চন দেখি নিজেই অবাক হওঁ । পলৰীয়া যেন লাগে কেতিয়াবা ! আকৌ কেতিয়াবা হঠাতে এনেকুৱা কিছুমান সময় আহি আজীৱনলৈ চহকী কৰি যায় যে দুচকু সেমেকি উঠে, অনুভৱ হয়- সেয়া তো কেতিয়াও আশা কৰা হোৱা নাছিল । কিজানি এইয়াই মেজিক ! যেন কোনোবাই বতাহত ঘূৰাই দিয়ে ‘যাদু কি ঝৰী’ ! ...আশা কৰা নাছিলো যে ভ্যেলীলৈ গাইড নোহোৱাকৈ গৈ থাকোতে সেনা জোৱান কেইজনক লগ পাম, যি আমাক বাট দেখুৱাই লৈ যাব ! আশা কৰিছিলো পাঁচ বছৰৰ আগতে যোৱা বাটেৰে যেতিয়া পুনৰ যাম, ‘১৯৬২’ কিতাপখন মোৰ লগৰীয়া হ’ব । সেয়া সঁচা হ’ল ! কিন্তু ভবা নাছিলো যে প্রথম সূৰুযৰ কিৰণ পৰা ভাৰতৰ ঠাইখন চাবলৈ যাওঁতে অন্য এখন কিতাপেও মোক লগ দিব, ...অপ্রত্যাশিত ! কিতাপখন- Paulo Coelhoৰ “Manual of The Warrior of Light” । কিতাপখনৰ কথা বাৰু পাছলৈ থাকিল !
কেতিয়াবা ভাবো,
ভবাৰ দৰেই হোৱাহেঁতেন কথাবোৰ । কেতিয়াবা আক’ ভাব হয় নভবাৰ দৰে হোৱা কথাবোৰেই দেখোন
ভাল ! সেয়ে চাগৈ কোৱা হয় আশা নকৰাকৈ, নিবিচৰাকৈ পোৱাখিনিয়ে সুখী
কৰে; লাগিলে সেয়া এটা পলৰ বাবেই নহওক কিয়, সি সমৃদ্ধ কৰে জীৱন ! জীৱনক
অভিযোগ দিবলৈ কেতিয়াবা একো নাথাকে, যেতিয়া আচৰিতভাৱে খন্তেক সময় পোৱা যায়, যি অন্তৰাত্মাক
উমাল কৰি ৰাখে ! সকলো অভিযোগ একাষৰীয়া কৰি থৈ ক’ব পাৰি জীৱনে দিব পৰা (পাবলগীয়া) সকলো
দিছে ! এপল দুপল সময়বোৰ… সৰু সৰু সুখৰ সোঁৱৰণবোৰ… নিজকে চহকী মানুহ যেন লাগে দেখোন
!
“I must tell of a
soul I met,
Peaceful and strong
and free,
Pure in its
constancy,
Of a charm that I
cannot forget.
Heart-sick, I
wearied of life,
All seemed playing a
part,
Nowhere an honest
heart,
All the world a
wrangle and strife.
Where the glorious
mountains laid
Their heads on the
breast of the sky
And slept while the
wind sang by,
There my hurrying
feet where stayed.
While the glory and
peace rest
Brooded above my
thought,
Weary and
over-wrought,
Came the soul, and
my life was blest.” _‘A soul I met’ by Ruby Archer
যাম বুলি ভাবি থকা
বাটেৰে যোৱা হ’ল । ক্রেডিটটো নিজকে দি থ’লোঁ । ১৯৬২ ৰ যুদ্ধত হেনো মৃত ভাৰতীয়
সৈনিকৰ সংখ্যা আছিল ১,৩৮৩ জন । যুদ্ধবন্দী ৩,৯৬৮ জন । নিখোঁজ ১,৬৯৬ জন । আমি
নাজানিলেও, মনত নাৰাখিলেও পাহাৰবোৰে জানো পাহৰিব সেই যুদ্ধৰ কথা । কথাবোৰ পিছে আমি
জানিব লাগে । জনাব লাগে । এতিয়া যিহেতু সেই বাটেৰে যাব পাৰি, গতিকে যাব লাগে । কোন
পাহাৰে ক’ত বা ১,৬৯৬ জন বীৰ যোদ্ধাৰ অৱশেষ সাৱটি ৰাখিছে কোনে জানে !
পাহাৰ এৰি গুচি আহিলো । গুচি আহিলেও জানো পাহৰিব পাৰিম ! পাহৰো বুলিও যে পাহৰা নাযায় । পাহাৰে মনত নাৰাখিলেও মন গ’লেই তো তাতে ঘূৰি-ফুৰি থাকিম- কি ৰাতি কি দিন, কি শীত কি বসন্ত ! মনটোৰেই ভাল ! পলকতে গৈ চুই আহিব পাৰে এৰি অহা সময়ক…। “Mountains shield you, but unlike walls, they don’t restrict you.”_Rohit Panjwani । পাহাৰে মাতিব পুনৰ । যোৱা হ’বনে নাই নাজানো ! নহ’লেই যেনিবা যোৱা, সেইবুলি জানো পাহাৰে বেয়া পাব ! প্রেমো চাগৈ এনেকুৱাই !? একো নাই…! অথচ… হঁহুৱাই, কন্দোৱাই, নিচুকাই, উমলাই… প্রতিপল আৱৰি ৰাখিও মুক্ত কৰি দিয়ে…! “If love be merely love, then love be no love at all.”_K’uotes ।
আমি
চাৰিওটা, লগত আমাৰ পাইলট/গাইড- বিকি,
আৰু
দং ভ্যেলীৰ গাইড- ৱালং, ছুপকুং গাঁওৰ 'Deuug Meyor'
“There was nowhere to go but
everywhere, so just keep on rolling under the stars.” _Jack
[অলপতে মৃণাল তালুকদাৰৰ
“মান্দালয়” পঢ়িলোঁ । বার্মাৰ এখন চহৰ- “বাগান”ৰ কথা বর্ণনা কৰিছে তেওঁ, য’ত
সূর্যোদয় চাবলৈ বহু পর্যটক আহে । সূর্যোদয় হোৱাৰ লগে লগে দিগন্তলৈ দেখালৈকে য’ত
হেনো দেখা যায় শ শ বুদ্ধ স্তুপা... আৰু উত্তৰ আকাশত দেখা যায় মানুহ উঠিব পৰা অনেক বেলুন
। লগতে তেওঁ নেপালৰ অন্নপূর্ণাত দেখা সূর্যোদয়ৰ কথা যেনেকৈ লিখিছে, মনটো গৈ তাতে
বাৰে বাৰে ৰৈছে ! আশা নকৰো, কিন্তু কোনোবা এটা সূর্যোদয় চোৱাৰ লোভ মনতে সামৰি
ৰাখিছো !]
0 Comments