২১.৫



০১-০৫-২০২১

ৰূমত তেনেকৈ ৰ’দ পৰা সুবিধাজনক ঠাই নাই, য’ত মন যোৱাৰ দৰে গছৰ পুলি দুটামান টাবত হ’লেও থ’ব পাৰি । বেলকণি এটাৰ অভাৱ বৰকৈ অনুভৱ কৰো কেতিয়াবা । ৰূম সলাই বাগৰি ফুৰিবলৈও মন নাযায় অ’ত ত’ত । তথাপিও দুটামান পুলি যেনে তেনে থৈছো । নাজানো কিমান দিন থাকিব সিহঁত !

আমাৰ জীৱন সেই বোকা-পানী, ধূলি-বালিৰ মাজত আৰম্ভ হৈছিল; হাবি-বননি, গছ-মাটি-বতাহ... আমি মাটিৰ সৈতে বান্ধ খাই থকা মানুহ আছিলো ! সময়ৰ পাকত আহি বন্ধ ঘৰৰ বতাহৰ সৈতে সহজ হৈ পৰিলেও মাটিত ভৰি থ’বলৈ যেন কেতিয়াবা মনবোৰে হাহাকাৰ কৰে ! চোতালৰ নামত যি দুই গজ মাটি, তাকেই বহুত যেন লাগে !

এতিয়া দেখো বহু মানুহে ঘৰৰ ভিতৰৰ মজিয়াতো কার্পেট গ্রাছ লগায়, আর্টিফিচিয়েল; ইনদ’ৰ প্ল্যাণ্ট লগাই বিধে বিধে; বেলকণি গার্ডেণ পাতে ! মাটি যে নাই, ঘৰৰ ওপৰত হে ঘৰবোৰ হোৱা হ’ল এতিয়া !

...আৰু চোতাল থকা বহু মানুহে এতিয়া পদূলিলৈকে ৰংচঙীয়া কংক্রিটৰ টুকুৰা লগায়, মাটি ঢাকিবলৈ ! মাটি মানেই যেন ধূলি... লেতেৰা... ! মাটি মানেই যেন কিবা অদ্ভুত কোনো প্রাণীৰ বাসস্থান য’ত খালী ভৰি থ’লেই সিহঁত ভৰিৰ তলুৱা ফুটা কৰি সোমাই আহিব আমাৰ শৰীৰলৈ...! মাটি মানেই যেন ভয়...!

এতিয়াও যেন ক’ৰবাত মাটি দুখীয়া ! মাটিয়ে যেন সেই আভিজাত্যক বহন কৰিব নোৱাৰে যিটো ৰংচঙীয়া সেই কংক্রিটৰ টুকুৰাবোৰে পাৰে !

ভাৱ হয়, মাটিত ভৰি থ’বলৈ এৰি দিয়াৰ দিনৰেপৰা, মাটিত খোজ কাঢ়িবলৈ ভয় কৰাৰ দিনৰেপৰা আমি ক’ৰবাত দুর্বল হৈ পৰিলোঁ !

 

০২-০৫-২০২১

বহুদিন ৰেল’ৰ মাত শুনা নাছিলো (চাগৈ মনেই কৰা নাছিলো !), আজি হঠাতে শুনা পালো । কোনখন ৰে’ল কোন সময়ত আহে বা যায় সেয়া মই নাজানো, জানিবলৈ কেতিয়াও চেষ্টাই কৰা নাই অৱশ্যে । ৰে’লৰ উকিবোৰ শুনি ক’ব পাৰিনে- ৰে’লখন ষ্টেচনৰপৰা যাবলৈ লৈছে নে ষ্টেচন আহি পাইছে ?

কথাটো ভাবি থাকোতেই অন্য এটা কথা মনলৈ আহিল । “লাঞ্চবক্স” চিনেমাখনত “ইৰফান খান”ৰ সংলাপ আছিল চাগৈ, সঠিককৈ মনত নাই- “কিছুমান বস্তুৰ কথা মনত পেলাই দিবলৈ যেতিয়া কোনো নাথাকে, তেতিয়া সেই বস্তুবোৰৰ কথা আমি লাহে লাহে পাহৰি যাওঁ !”

ৰে’ল আৰু লাঞ্চবক্সৰপৰা মনটো আতঁৰাই আনি পঢ়িব লাগিব বুলি ভাবি কিতাপ এখন লিৰিকি-বিদাৰি চালো । শেষৰ বেটুপাতখনত লিখা আছে- “জন্মৰ পৰা মৃত্যুলৈ আমি জীৱনৰ দলংখনেৰে পাৰ হৈ যাওঁ । দলং, পাৰ হৈ যাবৰ বাবে; তাত ঘৰ সাজিব নোৱাৰি । জীৱন অনিত্য, নশ্বৰ বুলি জানিও মানুহে হাবিয়াস কৰে জীৱনৰ দলঙত ঘৰ সাজিবলৈ । এই হাবিয়াসবোৰেৰে, সপোনবোৰেৰে জীৱনৰ দলংখনেৰে পাৰ হৈ যোৱাসকলে কত কাহিনী ৰচিছে, অনাগত দিনত কত কাহিনী ৰচিব । দলংখন সাক্ষী হৈ ৰ’ব সেই কাহিনীবোৰৰ ।” ...পঢ়িবলৈ আৰম্ভ কৰো বুলি ভাবিও পঢ়িবলৈ মন নগ’ল ! ওপৰে ওপৰে চাওঁতে “শাওণা”ই কোৱা কথা দুটামান ভাল লাগিল- “জ্ঞানে যদি বেমেজালি বঢ়ায়, তেন্তে নজনাটো একো বেয়া নহয় ।/ পাহৰিবলগীয়াখিনি মনত ৰখাত আমাৰ মনটো বৰ পাকৈত ।”

...অকন সুবিধা দিলেই কথাবোৰে এনেকৈ আহি গোটেইখন পাক লগাই পেলায় ! অসংলগ্ন কথাবোৰ... চিন্তাবোৰ... কিতাপখন জপাই আগৰ ঠাইতে থৈ দিলো ।

 

০৩-০৫-২০২১

“একুৰিয়ামৰ মাছবোৰৰ হেনো কথাবোৰ ২ ছেকেণ্ডৰ বাবেহে মনত থাকে । মাছটো একুৰিয়ামৰ এমূৰৰ পৰা আনটো মূৰলৈ গৈ যেতিয়া ঘূৰি আহে তেতিয়ালৈ একুৰিয়ামটোৰ আগৰ সকলো স্মৃতি তাৰ মগজুৰ পৰা মচ খাই যায় আৰু একুৰিয়ামটো তাৰ বাবে একেবাৰে নতুন হৈ পৰে । সেয়েহে তাৰ কেতিয়াও আমনি নালাগে ।”_ দলঙৰ ঘৰ, ব্রজেন ডেকা

...ভাৱ হয়, লাহে লাহে যেন সেই একুৰিয়ামৰ মাছ এটাৰ দৰে হৈ পৰিছো ! কথাটো ঠিক বেয়াও লগা নাই !

 

০৪-০৫-২০২১

“ইমান সহজতে কোনেও কাৰো প্রিয় হ’ব নোৱাৰে বা কাকোৱে কোনেও প্রিয় বুলি স্বীকৃতি দিব নোৱাৰে । অলপ বাক-বিতণ্ডা হ’লেই বা বিষয় অনুসৰি দৃষ্টি বা দর্শণৰ অলপ অমিল দেখিলেই আতঁৰি অহা বা আতঁৰাই পঠিওৱা থুনুকা বুকুবোৰে বুজিবও নোৱাৰে প্রকৃত “প্রিয়” মানেনো কি ! প্রিয় কোনো ব্যক্তিত্বই প্রতি মুহূর্ততেই যে আমাক সুখানুভূতিয়েই দিব সেই বাঞ্ছা বুর্বকামি । প্রিয় মানুহৰ লগতো বাক-বিতণ্ডা হ’ব পাৰে । থাকিব পাৰে বিষয়ভেদে দৃষ্টি আৰু দর্শণৰ তফাৎ । সেইবুলি এইবোৰে ইমানো সহজতে ভাঙি পেলাব নোৱাৰে প্রকৃত “প্রিয়” সত্ত্বাক । সেয়ে সিমানো সহজতে কাৰো প্রিয় হ’ব নোৱাৰি অথবা কাকোৱে প্রিয় বুলি কৈ দিব নোৱাৰি ।”

..আসঃ ! কি যে ভাল লগা কথা অলপ ! পঢ়িয়েই থাকিম যেন ! ...কথাখিনি ভণ্টি, মামাৰ ছোৱালীজনীয়ে হোৱাটছ্ এপৰ ষ্টেটাছত দি থৈছিল । এৰা, ইমানো সহজ নহয় ! অন্যৰ কথা নাজানো, মোৰ বাবে অন্ততঃ নহয় !

কিতাপখন পোৱাহেঁতেন পঢ়িবলৈ ! তাই আক’ লগৰ এজনীৰপৰা হে হেনো কপি কৰিলে ! তাইক সুধিবলৈ কোৱাত ক’লে তায়ো আক’ হেনো আন কাৰোবাৰ পৰাহে কপি কৰিলে ! অৰিজিনেলটো ক’ৰপৰা বা আহিল ! কি যে হ’ব...

 

০৫-০৫-২০২১

যিয়েই নহওক, মানুহ সদায় আশাবাদী । আশা কৰে বাবেই মানুহ জীয়াই থাকে । সেই আশা কেৱল নিজৰ বাবে নহ’বও পাৰে ।

মানুহ আশাবাদী কাৰণেই পৰহিলৈ বা কাইলৈ দিনটো উদযাপনৰ বাবে আজিৰেপৰাই সাজু হয়, আজিৰেপৰাই কৰে আৰম্ভণি উদযাপনৰ... ! পৰহিলৈ দিনটো বা কাইলৈ, কাৰোবাৰ বাবে বিশেষ দিন সেয়ে আশা কৰে; কাৰোবাৰ বাবে পৰহিৰ বা কাইলৈ দিনটোলৈকে জীয়াই থকাটোৱেই বিশেষ, সেয়ে আশা কৰে । ...এই আশাবোৰ কেতিয়াবা কেৱল বিশেষ এজনক লৈ, কেতিয়াবা সি সামৰি লয় বিশেষ এজনৰ সৈতে আন বহুতকে ।

আশাই কেতিয়াবা নিৰাশ কৰিলেও মানুহ আশাবাদী, কিবা নহয় কিবা এটা আশা কৰে, তাৰবাবেই জীয়াই থাকে । ...আৰু জীয়াই থাকিবলৈ নোখোজা মানুহেও মৃত্যুৰ আশাতেই জীয়াই থাকে !

 

০৬-০৫-২০২১

“There is always an element of truth in every fairytale.”

কোনোবা চিনেমা এখনত আছিল সংলাপটো । চিনেমাখনৰ নামটো পাহৰিলো । কোনোবা কল্পকাহিনী বা পৰীৰ সাধুকথা বুলিয়েই নহয়প্রায় সকলো কাহিনীতেই থাকে- “an element of truth” বুলি কোৱাটো । সেয়া কাহিনীকাৰে নিজে জানে বা কাহিনীটো জনাকাহিনীকাৰক জনা কোনোবাই জানে । বাকী সকলোৰে বাবে সেয়া সঁচা-মিছাৰ দোমোজাত থকা অনুমান হৈ ৰয় । কোনোবাই সেয়া কাহিনীকাৰে কোৱাৰ দৰেই বিশ্বাস কৰেকোনোবাই অবিশ্বাসৰ লগত নিজে কিছু ৰহণ লগাই কাহিনীটো নিজৰ বাবে বিশ্বাসযোগ্য কৰি লয় আৰু কোনোবাই পোনছাটেই সেয়া অগ্রাহ্য কৰে । আৰু কোনোৱে নিজে কাহিনীটোৰ হৈ যায়, নিজৰ ভাৱতে বিভোৰ হৈ কাহিনীটোতে থাকে যেতিয়ালৈকে মন যায় (নিজকো হয়তো বিচাৰি পায়) !

 

০৭-০৫-২০২১

দহা-কাজ হৈ গ’ল । তিনিখন !! মানুহ এজনীয়েই আছিল, সৰু খুড়ী ! নিজৰ ঘৰত এখন, আমাৰ ঘৰত এখন আৰু ডাঙৰ দাইৰ ঘৰত এখন ! এয়াই সমাজৰ ৰীতি-নীতি ! মই চ্যেলুট মাৰো সেয়ে !

ডাঙৰ খুড়ীও এনেকৈয়ে অসময়ত গুচি গৈছিল এদিন ! মোৰ সদায় আক্ষেপ আছিল, তেওঁলোক ১৫-২০ বছৰে কোনোদিন আমাৰ ঘৰলৈ (ঘৰ আৰু কি ! কোম্পানীয়ে দিয়া অস্থায়ী ঘৰ !) এপাকো নাহিল ! আকৌ মনত পেলাই চাওঁ, বাৰে বাৰে চাওঁ- আহিছিল নে ? সুখত অথবা দুখত ? ওহোঁ ! কোনে বান্ধি থৈছিল ভৰিত শিকলি লগায় ?

আমি বছেৰেকৰ বিহুটোত হ’লেও যাওঁ এপাক, আটাইকেইটা । খুড়ীয়ে মুর্গী ৰান্ধি ভাত খোৱায় । আমি একো নাখাওঁ বুলিয়েই যাওঁ; (হয়তো অভিমান, নাজানো !) হেঁপাহেৰে ৰান্ধে, নাখাওঁ বুলি যোৱা আমি, জুইত ৰন্ধা ভাতকেইটা তৃপ্তিৰে খাই আহোঁ ! নগ’লেও হয়, খেদা খোৱা মানুহ তো আমি আছিলো; তথাপিও যাওঁ (এইবাৰ অৱশ্যে মই নগ’লো !) ‘মা’ কেতিয়াবা অট’-বাছ বগাই এছোৱা বাট খোজকাঢ়ি অকলেই ওলাই গৈ ! শহুৰেকৰ খবৰ লোৱাৰ অজুহাত লৈয়েই ওলাই গৈ ! পাবলগীয়া তো একোৱেই নাছিল তাত, আপোনৰ চেনেহো জানো সঁচাকৈ আছিল ! তথাপিও কিহৰ মায়াই টানি নিয়ে এই মানুহজনীক ? আজিও !

নাই, গুচি যোৱা মানুহকেইজনী বেয়া নাছিল ! এৰি থৈ যোৱা মানুহ কিছুমান গুচি গ’লে ভাল আছিল তেওঁলোকৰ সলনি ! ...তথাপিও ভাবোঁ, ইমান নিৰুপায় আছিন নে তেওঁলোক ? কিয় তেওঁলোকে ১৫-২০ কিল’মিটাৰ বাট অতিক্রমি ঘৰৰপৰা ওলাই আহিব নোৱাৰিল এদিনৰ বাবে হ’লেও ?

...কঠুৱা হৈ থাকিলেও ক’ৰবাৰপৰা দুখবোৰ ওফৰি আহে ! থাকক, য’তেই আছে কুশলে থাকক !

 

০৮-০৫-২০২১

গধূলি হুৰমূৰাই বৰষুণ এজাক আহিল । আজিকালি বৰষুণ চকুৰে হে দেখা পাওঁ, তাহানিৰ দৰে অনুভৱ কৰিবপৰা সুবিধাকন ওখ ওখ ঘৰবোৰে নোহোৱা কৰিলে ।

শৈশৱৰ দিনবোৰত ঘৰৰ মুধচত বৰষি থকা বৰষুণৰ সংগীত শুনাৰ মাদকতাই বেলেগ আছিল ! তেতিয়া আমাৰ ঘৰবোৰত হয় টকৌপাত নতুবা টিনপাত লগোৱা আছিল । মোৰ ৰিণি ৰিণি মনত পৰে; এনাইৰ ঘৰত থকা দিনবোৰত, যেতিয়া বৰষুণ দিছিল মই আগফালৰ বাৰাণ্ডাত থকা দীঘল বেঞ্চখনত বহি প্রায়েই বৰষুণ চাই থাকিছিলোঁ । কোনোবাদিনা অৱশ্যে ঘৰৰ মুধচেৰে বৰষুণ সৰকি ভিতৰত পৰিছিল... অ’ত ত’ত...! তথাপিও সেই দিনবোৰ ভাল লগা আছিল ! ‘দীঘলঠেঙীয়া’ আহিছে বুলি দৌৰি-ধাপলি ফুৰা দিনবোৰ... বৰষুণত তিতি তিতি পথাৰত কঠীয়া ৰুৱা দিনবোৰ... হালোৱাক চাহপানী দিবলৈ যোৱা দিনবোৰ... দিনবোৰ সেউজীয়া আছিল !

...আৰু হাঁহি উঠা কথা এটা হ’ল, যিটো মই আজিও পাহৰা নাই- আজিকালি যিটো হাৰত ভূঁইকপ আহে, তেতিয়া তেনেকুৱা কিবা হৈছিল যদিও মনত নপৰে; কিন্তু ব’হাগ বিহুৰ সময়ত ধুমুহা-বতাহ আহেই । ঘৰৰ চাৰিওফালে তেতিয়া গছ-গছনি দেধাৰ; যেতিয়াই ধুমুহা আহে, টিনপাতবোৰ বতাহে উৰুৱাই নিওঁ যেন কৰে, গছ-গছনিবোৰে বতাহত ধৰফৰাই উঠে; মাহীয়ে মোক চোঁচৰাই আনে আৰু নিজৰ লগতে মোকো বিচনাৰ তলত সুমুৱাই ৰাখে ! সেয়া আছিল মাহীৰ নিৰাপদ আশ্রয় ! হাঃ হাঃ হাঃ !

...ঘৰৰ (অস্থায়ী) আগফালে থকা গেৰেজৰ টিনপাতত পৰা গধূলিৰ বৰষুণজাকে কথাবোৰ আকৌ মনত পেলাই দিলে । পিছফালে দি থোৱা অকনমান টিনপাতৰ চালিখনৰ তলতে ভালেপৰ বহি থাকিলো ! বৰষুণত তিতি চোৱাৰ ইচ্ছা এটাই উক্ দিছিল যদিও সেয়া সামৰি থ’লো । ...ভয় ! এতিয়া সেই দিনো নাই, সেই বৰষুণো নাই !

 

০৯-০৫-২০২১

অৱশেষত শর্মাদেউ অসমৰ মুখ্যমন্ত্রী হ’লগৈ ! মানুহে বিচাৰিলে কি নাপায়, সকলো পায় বুলি যে কয়; এয়াই উৎকৃষ্ট উদাহৰণ নহয়জানো ?! জ্ঞানী লোকে এনেই কৈ যোৱা নাই যে টোপনিত দেখা সপোন সপোন নহয়; যি সপোনে শুবলৈ নিদিয়ে, সেয়াহে আচল সপোন ! কিবা এটা পাবলৈ ধৈর্য লাগিব, একাগ্রতা লাগিব; বিচৰাটো পাবলৈ যি কৰিব পাৰি সব কৰিব লাগিব !

...আৰু আমি এতিয়া আশাপালি বহি থাকিম, ভাল দিন অহালৈ ! আহক, ভাল দিন আহক; পৰিৱর্তন আহক ! মাত্র উদক ভেঁটাৰখীয়া দিয়াৰ দৰে নহ’লেই হয় !

 

১০-০৫-২০২১

বাটে বাটে কৃষ্ণচূড়াবোৰ ৰঙা হৈ ফুলিছে । দুই এজোপা ৰাধাচূড়াৰ লগতে সোণাৰু কেইজোপাও । লগতে ফুলিছে এজাৰ কেইজোপাও ! ...প্রেম, সপোন, হাঁহি-আশাবোৰৰ মাজত যেন অকণমান বেজাৰ ! সকলোবোৰেই তো লাগে ! প্রকৃতিয়েও যেন সকলো হিচাপ কৰিহে মিলাই থৈছে আটাইবোৰ ৰং !

 

ফুলবোৰৰ ৰঙবোৰ কিয় বিভিন্ন ধৰণৰ হয় ?

ফুলত থকা বিভিন্ন পিগ’মেণ্টবোৰৰ কাৰণে আচলতে ফুলৰ ৰঙবোৰ ভিন ভিন হয় । যিদৰে মানুহৰ ডি এন এ ৰ বাবে প্রতিজন মানুহৰ চকুৰ মনিৰ ৰং, গাৰ ৰং আদি ভিন ভিন হয় ঠিক কথাটো তেনেকুৱাই । এন্থ’ছায়ানিন নামৰ পিগমেণ্টৰ বাবে ফুলৰ ৰং ৰঙা, নীলা, গুলপীয়া আৰু বেঙুনীয়া হয় । কেৰ’টিনৰ বাবে ৰঙা, কমলা আৰু হালধীয়া হয় । ক্ল’ৰ’ফিল আৰু জেন্থ’ফিলৰ বাবে ক্রমে সেউজীয়া আৰু হালধীয়া হয় ।

ফুলবোৰ আচলতে গছৰ বংশবৃদ্ধিৰ আহিলা । বিভিন্ন ৰঙবোৰে চৰাই-চিৰিকতি, পোক-পৰুৱা ইত্যাদিক আকর্ষিত কৰে, যিয়ে খাদ্য সংগ্রহ কৰোঁতে এপাহ ফুলৰপৰা ৰেণু লৈ গৈ আন এপাহ ফুলত দিয়ে, যাৰ ফলত প’লিনেশ্ব্যন (পৰাগযোগ) হৈ গছত ফল ধৰে আৰু সেই ফলৰ বীজৰপৰা অন্য এজোপা গছ হয়গৈ । কিছুমান ফুলত এনেকুৱা কিছুমান পিগমেণ্ট থাকে যিবোৰ পোহৰ বর্ণালীৰ কেৱল অতি-বেঙুনীয়া ৰশ্মিত হে দেখা পোৱা যায়; সেইবোৰ আমি নেদেখো, মৌ-মাখিয়ে হে দেখে ।

কোনো গছত পৰাগযোগ প্রক্রিয়া বতাহৰদ্বাৰা হৈছে নে কোনো পশু-পখী বা মৌ-পখিলা ইত্যাদিৰদ্বাৰা হৈছে, তাৰ ওপৰতো হেনো ফলৰ স্বাদ নির্ভৰ কৰে । কোনো উদ্ভিদ বিজ্ঞানীয়ে ইয়াকো বিচাৰি উলিয়াইছে যে কোনো ফুলৰ কোনো এক পিগমেণ্ট যদি সঠিক পৰিমাণত আনি অন্য কোনো ফুলৰ পিগমেণ্টৰ সৈতে সংমিশ্রণ কৰি দিব পাৰি তেন্তে আমি নতুন ৰঙৰ ফুল একোপাহ পাব পাৰো, যিবোৰ ৰঙৰ ফুল স্বাভাৱিকতে নুফুলে !

মানুহে যি মন যায় তাকেই কৰি লয়, লোৱা হৈছে ! স্বাভাৱিক কথাবোৰ নোহোৱাই হৈছে ! এইয়া নতুন সৃষ্টিৰ আৰম্ভণি নে ধ্বংসৰ আখৰা নাজানো !

...এইযে ৰঙা, বেঙুনীয়া... কৃষ্ণচূড়া, সোণাৰু, এজাৰ... এই ৰঙবোৰ এদিন নোহোৱা হৈ যাব নেকি ? তাৰ লগতে নোহোৱা হৈ যাব নেকি মানুহৰ বহু অনুভূতি ?? সোণাৰুবোৰ যদি ৰঙা হৈ যায়, কৃষ্ণচূড়াবোৰ যদি হালধীয়া হৈ যায় কেনেকুৱা লাগিব ?

 

১১-০৫-২০২১

ব্রজেন ডেকাৰ “দলঙৰ ঘৰ” পঢ়ি শেষ হ’ল আজি । লেখক পৰিচিতি নাই কিতাপখনত । তেখেতৰ কিবা লেখা আগতে পঢ়া মনত নপৰে । তেখেত হয়তো পদার্থবিজ্ঞানৰ মানুহ ! নহ’লেও তেওঁ যে বিজ্ঞানৰেই মানুহ সেইটো ঠিক । কিতাপখনৰ প্রকাশক আঁক-বাক, যি এটা পৰিচিত “নাম” থকা প্রকাশনৰ নাম বর্তমান সময়ত । কিতাপখনত সৰু সৰু ভালেমান বানান ভুল আছে যিটো মোৰ দৰে তেনেই সাধাৰণ পঢ়ুৱৈৰ চকুতো ধৰা পৰিছে, যিটো এনে কিছুমান “নাম”ৰপৰা আশা কৰা নাযায় । কিতাপখন সর্বমুঠ ৩৬৬ পৃষ্ঠাৰ, হয়তো সেইবাবেও ছপাশালৰ ভূতে পাব পাৰে ।

ইমান পৃষ্ঠাৰ কিতাপ এখন পঢ়াৰ ধৈর্য যে নোহোৱা হ’ল, পঢ়ি উঠি বুজি পালোঁ ! কথাটো ভাল নহয় নিশ্চয় । যি কি নহওক, কিতাপখন জটিল যদিও ভাল পালো পঢ়ি । ক’ৰবাত কোনোবাখিনি কথা হয়তো পঢ়িবলৈ মন নোযোৱা ধৰণৰ, ভাৱ হয়- এহ্ এনেকৈ নেলেখিলেও তো হ’লহেঁতেন ! কিছুমান কথা বহু ঠাইত ‘ৰিপিট্’ হৈছে ।

শাওণা, ফেদেলা আৰু গোবৰ, বানে উটুৱাই নিয়া তিনিটা গাঁৱলীয়া মানুহ । কাহিনীৰ কোনোখিনি মোৰ বাবে সিহঁতৰ দৰেই সৰল আছিল, বুঢ়ী আইৰ সাধুৰ দৰেই সহজ আছিল বুজিবলৈ- “টেমা এটাত সোমাই থকা পৰুৱা এটাই টেমাটোক সম্পূর্ণকৈ জানিব নোৱাৰে, কাৰণ সি টেমাটো বাহিৰৰপৰা কেতিয়াও দেখা নাপায় ।”

গাঁৱবোৰ এদিন নোহোৱা হয়, চহৰে মূৰ দাঙি উঠে । সেই চহৰৰে তিনিটা মানুহ জেচি, বিপ্লৱ আৰু আনোৱাৰ । চহৰবোৰ গাঁৱৰ দৰে সহজ-সৰল নহয় । চহৰ যেন পদার্থবিজ্ঞানৰ দৰেই জটিল, যিখিনি ফেদেলাৰ দৰে মোৰো বুজি পাবলৈ অসুবিধা হৈছিল- “অপৰিমেয় ঘনত্বৰ আৰু অপৰিমেয় ক্ষুদ্র কণা এটাৰ ভিতৰতে সমস্ত ব্রক্ষ্মাণ্ডখন সোমাই আছিল । পৃথিৱীখনক চাৰিওফালৰপৰা চেপি সৰু কৰি আনি এটা মার্বলৰ সমান কৰি পেলালে পৃথিৱীখনৰ সমস্তখিনি অতি ঘনকৈ মার্বলটোৰ সমান ঠাইত সোমাই পৰিব । ...মানুহৰ বুদ্ধি, বোধ আৰু কল্পনাৰে ব্রক্ষ্মাণ্ডখনৰ আয়োজনক বুজি পাব নোৱাৰি ।” ...কথাবোৰ “ব্লেক্ হ’ল”ৰ দৰেই জটিল- ব্রক্ষ্মাণ্ড সৃষ্টিৰপৰা এটি মানৱ-প্রাণ সৃষ্টিলৈকে; বুজিও যেন বুজি পোৱা নাযায় কথাবোৰ !

বুজিও নুবুজাৰ দৰে, নুবুজিও বুজাৰ দৰে কাহিনীটো(বোৰ) পঢ়ি শেষ কৰিলো ! সম্পূর্ণকৈ বুজিবলৈ পুনৰবাৰ পঢ়িব লাগিব । সময় আছে, ধৈর্য নাই; কিন্তু শাওণাৰ কথাবোৰ বুজিবলৈ মোৰ মন আছে _“দেখাত বিচ্ছিন্ন যেন লগা কাহিনীবোৰ আচলতে এটা অবিচ্ছিন্ন সামগ্রিক কাহিনীৰেই অংশ মাত্র” ...যিদৰে জেচি ফেদেলাৰেই ভৱিষ্যৎ বংশধৰ ! কোনোবাখিনিত কিয়বা মোৰ নিজকে গোবৰৰ দৰেই বিফল যেন লাগিল !

...জেচিৰ উপন্যাসখনো সম্পূর্ণ নহ’ল বিজ্ঞাপনটোও বনোৱা নহ’ল, যদিও নিশা থাকিল তাৰ লগত একেবাৰে শেষলৈকে থকাৰ আশ্বাসৰ সৈতে; ...বিপ্লৱ অসময়ত গুচি গ’ল, উর্মিৰ গর্ভত তাৰ সন্তানটো বঢ়াৰ সমান্তৰালকৈ তাৰ দেহত কেন্সাৰ কোষবোৰ বাঢ়িল ! আনোৱাৰে কৈছিল- “মৃত্যু জীৱনবিৰোধী নহয় । মৃত্যু জীৱনৰ পৰিণতিহে ।”

লেখকে ঠিকেই কৈছে- এই কাহিনী অসম্পূর্ণতাৰ আক্ষেপ আৰু পৰিপূর্ণতাৰ আশ্বাসৰ ।

 

১২-০৫-২০২১

ৰাতিপুৱা ডিউটিলৈ ওলাই যাবলৈ লৈ মোবাইলটো চাওঁতে গম পালো- হোমেন বৰগোহাঞি ছাৰৰ বিয়োগ ঘটিল ! ভাল খবৰ নোহোৱাই হ’ল ! খবৰবোৰৰ উৎপাতত কেতিয়াবা থাউনি হেৰায়, ভয়-আশংকাই চৌপাশৰপৰা চেপি আনে; সেয়ে খবৰবোৰৰপৰা আঁতৰিয়েই থকা হৈছো যিমান পাৰো ! তথাপিও খবৰ আহে !

কালি কিতাপখন পঢ়ি সামৰি থৈ ইয়াৰ পিছত কি পঢ়িম বুলি ভাবি কেইবাখনো কিতাপৰ মাজৰ পৰা নিৰুপমা বৰগোহাঞিৰ “সেই নদী নিৰবধি”খন উলিয়াই ওপৰে ওপৰে চাই থৈ দিছিলো । এইখন তেওঁৰ প্রথম উপন্যাস । তেওঁ পাতনিতে হোমেন বৰগোহাঞিয়ে কোৱা কথা এষাৰ উল্লেখ কৰিছে । সেই কথাষাৰৰ আঁত ধৰিয়েই “বৰগোহাঞি” মানুহজনৰ কথা ভাবি ভাবি শুই পৰিছিলো । পুৱাতে খবৰটো পালো- মানুহজন একেবাৰেই গুচি গ’ল !

 

তেখেতে “জীৱনৰ টোকাবহীত” লেখি থৈ গৈছে-

“মৃত্যুওতো এটা শিল্প__ এলবার্ট আইনষ্টাইনৰ ছয়সত্তৰ বছৰ বয়সত মৃত্যু হৈছিল । তেওঁ মহাধমনীৰ ৰোগত (Aortal Aneurysm) আক্রান্ত হৈছিল । চিকিৎসকসকলে তেওঁৰ প্রাণ ৰক্ষাৰ কাৰণে অস্ত্রোপচাৰ কৰিবলৈ সিদ্ধান্ত ল’লে । অস্ত্রোপচাৰ কৰাবলৈ আইনষ্টাইন কোনোমতেই সন্মত নহ’ল । কিন্তু চিকিৎসকসকল নাচোৰবান্দা । মানৱ জাতিৰ ইতিহাসৰ সর্বশ্রেষ্ঠ বিজ্ঞানীজনৰ জীৱন যদি মাত্র কেইবছৰমানৰ কাৰণেও ৰক্ষা কৰিব পাৰি, তেনেহ’লে সেইটো কৰিবলৈ তেওঁলোক দৃঢ়প্রতিজ্ঞ । কিন্তু আইনষ্টাইনে চিকিৎকসকলক বাধা দি ক’লে – “It is tasteless to prolong life artificially. I have done my share, it is time to go.”

আইনষ্টাইনৰ ইচ্ছামতেই তেওঁৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ’ল কোনোধৰণৰ ধর্মীয় বা সামাজিক অনুষ্ঠান নকৰাকৈ । তেওঁৰ শৱটো দাহ কৰা হৈছিল । ছাইবোৰ সিঁচৰিত কৰি দিয়া হ’ল এখন অজ্ঞাত ঠাইত, যাতে তেওঁৰ সমাধিস্থল কোনেও এখন তীর্থস্থানত পৰিণত কৰিব নোৱাৰে ।

মৃত্যু এনেকুৱাই হোৱা উচিত । মানুহৰ যেতিয়াই মৃত্যু হয়, তেতিয়াই তেওঁক ৰুচিসন্মতভাৱে মৰিবলৈ দিব লাগে ।

মোৰ নিজৰো যথেষ্ট বয়স হৈছে । মৃত্যু খুব বেছি দূৰত নাই । মই বহুদিনৰ আগতেই সংকল্প লৈ থৈছোঁ যে কৃত্রিমভাৱে মোক জীয়াই ৰাখিবলৈ মই কোনো চিকিৎসকক অনুমতি নিদিম । মই এজন সামান্য মানুহ । কিন্তু মোৰ অন্তিম সংস্কাৰ হ’ব লাগিব অসামান্য মানুহ এলবার্ট আইনষ্টাইনৰ নিচিনাকৈ । জীৱনৰ অনিবার্য পৰিণতি হ’ল মৃত্যু । মৃত্যুক কোনেও জয় কৰিব নোৱাৰে । মৃত্যুক সুন্দৰভাৱে গ্রহণ কৰিব পৰাটোৱেই হ’ল মানুহে জীৱনত শেষবাৰৰ কাৰণে কৰিব পৰা আটাইতকৈ সুন্দৰ কাম ।”

...এৰা !

একোজন মানুহে জীৱনকালত দিব পৰা সকলোখিনিয়েই মানুহক দি যায় । একোটা জাতিক সমৃদ্ধ কৰি থৈ যায় । কোনোৱে সেইখিনিক আদৰ কৰিব জানে, কোনোৱে তাৰ মূল্য নাজানি অৱহেলা কৰে । অৱশ্যে কাৰোবাৰ অৱহেলাই তেওঁলোকৰ সৃষ্টিৰ মানত, তেওঁলোকৰ অৱদানত তিলমানো দাগ লগাব নোৱাৰে । এনে প্রতিজন ব্যক্তিয়ে যোৱাৰ সময়ত “I have done my share” বুলি কৈ আচলতে মৃত্যুক সুন্দৰভাৱেই গ্রহণ কৰি লয়, সন্তুষ্টিৰে । সেই মৃত্যু সুন্দৰ নহৈ জানো পাৰে ! ...............আৰু আমাৰ দৰে নগণ্য প্রাণী কিছুমান, যাৰ সামান্য ধূলিকণাটোৰ সমানো ওজন নাই, এনে কিহৰ ভৰত গংগাটোপৰ দৰে হৈ থাকো; যি নিজৰ প্রতি থকা দায়িত্ব, নিজৰ কর্তব্যখিনি পালন কৰিবলৈকে অপাৰগ !

 ...খুব হেঁপাহ আছিল, মোৰ মৃত্যু যাতে সুন্দৰ হয় !

 

১৩-০৫-২০২১

একো চিন্তা নকৰাকৈ থাকিব পাৰিনে ? অথবা মই এতিয়া কেৱল এইটো চিন্তাই কৰিম বুলি ঠিক কৰি ল’ব পাৰিনে ? আমাৰ চিন্তাবোৰৰ ওপৰত আমাৰ নিয়ন্ত্রণ থাকেনে ? আমাৰ মনেৰে অহা-যোৱা কৰি থকা অলেখ চিন্তাক আমি আমাৰ ইচ্ছাধীন কৰি ৰাখিব পাৰোনে ? ইচ্ছা বুলিলেও তো মনটোৰ কথাই আহে চাগৈ, নহয়জানো ? তেন্তে একোটা ইচ্ছাও দেখোন একোটা চিন্তা, একোটা চিন্তাৰ ফচল ! চিন্তাবোৰো আকৌ মন বা মগজুটোৱেই কৰিব । মন আৰু মগজুটো একেই নে ? (হৃদয়ৰ কথা বাৰু গুলি মাৰি থ’লো !) মগজুটোৰ চিন্তাবোৰ আকৌ হিচাপ-নিকাচৰ নিয়ন্ত্রণত চলে দেখোন ! মগজুটোক তেন্তে কোনে নিয়ন্ত্রণ কৰে ? মনটোৱে ? মনটোৰ দেখোন নিজৰেই ঠিকনা নাথাকে; ক’ত কেতিয়া কি বন বনাই ফুৰে তাৰেই একো লাগ-বান্ধ নাথাকে !..............এনেয়ে ভাবো কেতিয়াবা প্রলাপৰ দৰে এনে কথাবোৰ !

“Slips of the tongue and accidental actions offer glimpses of our unfiltered subconscious mental life. Whether we maintain true control over any mental functions is the central debate about free will. Perhaps this lack of autonomy is to be expected as the foundations for almost all the mind’s labors were laid long before our ancestors evolved consciousness. Even deliberate decisions are not completely under our power. Our awareness only sets the starts and the end of a goal but leaves the implementation to unconscious mental processes.”__Barry Gordon, Neurology Professor

কিছুমান কথা পঢ়ি কিবা এটা ভাবি থাকিবলৈ পালে ভাল লাগে । পিছে ইমান গধুৰ গধুৰ কথাবোৰ বুজি পোৱাহেঁতেন তো কথাই নাছিল ! হাঃ হাঃ হাঃ

বাকী যি হওক নহওকআমি যে কওঁ__ খঙতে যা-তা আবোল-তাবোল বকে মানুহেচিন্তা নকৰাকৈ বুলি ! সেয়া যে একদম মিছা কথা সেইটো বুজি উঠিছো অলপতে ! ওঁহোসুস্থ মানুহ এজনে খঙতে যি-তি কৈ নিদিয়ে । যি কয় সেয়া একদম সঁচা কথাকেই কয়যিখিনি মনৰ মাজত হেঁচা খাই পৰি থাকে কিন্তু খুলি কৈ দিব নোৱাৰে ! খংটোৱে সাহস দিয়ে সেয়া কৈ পেলাবলৈ । আৰু সেয়া কোনোবাই অসাৱধানতাৰে নভবাকৈ কোৱা কথা বুলি বিশ্বাস কৰি লোৱাটো মূর্খামি নতুবা অপাৰ চেনেহৰ উদাহৰণ !

 

১৪-০৫-২০২১

এই মানুহ দুজনৰ কথা ভাবি ভাবিয়েই কিতাপখন দুদিনতে পঢ়ি পেলালো – “সেই নদী নিৰবধি” তেওঁলোকৰ নিজৰ নিজৰ পৰিচয়টোৱেই ইমান সুকীয়া আৰু ওখতকৈয়ো ওখ যে এজনকো আনজনৰ ওচৰত ভেঁজা দি থিয় হোৱাৰ প্রয়োজনেই নাই । একো একোটা স্বতন্ত্র বিশাল সত্বা । আচলতে এনে ব্যক্তিসত্বা একোটা গুচি যোৱাৰ পিছত সেই খালী ঠাই আন কোনেও পূৰ কৰিব নোৱাৰে । বৰগোহাঞি” মানুহজন গুচি যোৱাৰ পৰত এই মানুহগৰাকীৰ নামটোও নিশ্চয়কৈ সকলোৰে মনলৈ এবাৰ হলেও আহিছে 

যি নহওককোন কেতিয়াবাই প্রকাশ হোৱা কিতাপখন মই পলমকৈ হলেও পঢ়িলো । এচাম লুভীয়া ঠিকাদাৰৰাজনীতিবিদৰ প্রতাৰণাৰ বাবেই সাধাৰণ মানুহে যাতনা ভোগাৰ কথা নতুন নহয় । বানৰ কবলত কিমান গাঁও উচন্ন হকিমান জীৱ উটি গল সেই কথাও নতুন নহয় । কাহিনীৰ দীপু আৰু লক্ষ্মীতাহাঁতৰ শৈশৱলক্ষ্মীৰ গাঁওগাঁৱৰ মানুহৰ স্বভাৱ-অভাৱপাগলাদিয়া নদী… সকলোখিনি কি যে ধুনীয়াকৈ বর্ণিছে লেখিকাই, সেয়াও স্নাতক মহলাত পঢ়ি থকা সময়তেই সঁচা কাহিনী হৈ চকুৰ আগত যেন দৌৰি-ধাপলি ফুৰে চৰিত্রবোৰে !

 জিতেন দাসে কিতাপখনৰ কথা লেখিছে এইবুলি-

আঞ্চলিকতাই আৱৰি আছে/ ‘সেই নদী নিৰৱধি’/ নদীৰ পাৰে পাৰেকোনে যায় উচুপি উচুপিমোৰেই দেশৰ নাৰী--/ মোৰেই দেশৰ নাৰী--/ নাম বোলে তাইৰ লক্ষ্মী …………

কোন নাৰীৰ কিমান দুখতেওঁ জুখিব পাৰেকোন গাঁৱৰ কি গীততেওঁ গাব পাৰেচহৰ-নগৰ গাঁৱততেওঁ বিৰাজ কৰে…/ পাগলাদিয়া মানে মোৰনিৰুপমা নিৰুপমা লাগে… ” ……………কিবা যেন এক বুজাব নোৱাৰা কাৰুণ্যতা !

(আসঃ ! মোৰ মাৰ নামো যে নিৰুপমা ! এনেয়ে মনলৈ আহিল কথাটো ! :) )

দীপুৰ মনৰ এটা বাক্য মোৰ মনতো বহি ৰআদর্শবাদৰ প্রেৰণাতকৈ প্রয়োজনবোধতাৰ প্রেৰণাই বোধহয় বেছি শক্তিশালী  লক্ষ্মীৰ গাঁৱৰ মানুহবোৰ অভাৱী আছিল । তিৰোতাবোৰে ঘৰতে সূতা কাটি খদ্দৰৰ কাপোৰ তৈয়াৰ কৰি লৈছিল । সেয়া দেখিয়েই দীপুৰ কথাটো খেয়াল হৈছিলগাঁৱৰ সেই মানুবোৰে মহাত্মা গান্ধীয়ে সূতা কাটি কাপোৰ ববলৈ কোৱা কথাটো হয়তো জানেহয়তোবা নেজানে । নেজানিলেও ক্ষতি নাই । কাৰণ সেই কথাটো তাহাঁতৰ প্রয়োজনে বুজাই দিছে সহজকৈগতিকে কোনে কি কৈছে সেইবোৰ সিহঁতৰ দৰকাৰেই বা কি !

এৰাসকলোতেই প্রয়োজনটো বেছি প্রয়োজনীয়তাৰ ওজন বেছি... ঠিক ‘প্রয়োজনবোধতাৰ প্রেৰণা’ !

 

১৫-০৫-২০২১

মানুহ তেনেকৈ নায়েই । ট্রেভেলাৰখন ৰৈ থাকোতে চালকগৰাকীয়ে অন্য এজন চালকৰ সৈতে কথা পাতি আছিল- “বুজিছ’, এনেকৈ নহ’ব আৰু; এইবাৰ গাঁৱত গৈ কাৰোবাৰ ঘৰত হালোৱা সোমামগৈ ! দিনটোত যদি হাতলৈ ১০০ টকা মাত্র আহে কি কৰিম কচোন ! ঘৰত ঘৈণী আছে, ল’ৰা পোৱালি আছে; কেনেকৈ খোৱাম ?”

এৰা, সকলোৰে সমস্যা হৈছে । সময় এনেকুৱা হ’ব বুলি কোনেনো ভাবিছিল !

...কথাবোৰ বৰকৈ ভাবি নাথাকো । নাপাতোও । হয়তো বহুতে মোৰ আও-ভাওবোৰ দেখি কঠুৱা-উদাসীন টাইপৰ বুলি ভাবে । কোনো কোনোৱে সুধেও চিন্তা লগা নাই নেকি বুলি !

চিন্তা হয়, কিয় নহ’ব; মাত্র মোৰখিনি মই ভগাই লোৱা নাই কাৰোবাৰ সৈতে ! সকলোৰে চিন্তা লগাৰ দৰে, সৰু-বৰ সমস্যা হোৱাৰ দৰে নিশ্চয় মোৰো হৈছে । ভাবি থাকিলে লাগে হয়তো অদূৰ ভৱিষ্যতে ইয়াতকৈও ভয়াবহ হ’ব সময় ! .........সেইবোৰ ভাবি শংকিত হোৱাতকৈ সেয়ে মই আঁতৰি থাকি উদাসীন হৈ থাকিবলৈকে ভাল পাওঁ ! ভাল হ’ব সকলো এদিন, ভাল সময় অচিৰেই আহিব বুলি ভাবি লওঁ । তাৰ বাদে আৰু সাহস ক’ত পাওঁ সময়ৰ সমূখত থিয় হ’বলৈ !

 

১৬-০৫-২০২১

“পৃথিৱীখন অহৰহ নিজৰ কক্ষত ঘূৰি থাকিলেও আমি কিয় সেয়া অনুভৱ নকৰো ? বিজ্ঞানীসকলে কোৱা অনুসৰি পৃথিৱীয়ে যি গতিত নিজৰ কক্ষক কেন্দ্র কৰি ঘূৰি থাকে সেই গতিৰ বেগ সলনি নহয়, সি নির্দিষ্ট এটা গতিবেগতেই ঘূৰি থাকে । সেই একে গতিবেগতে আমিও ঘূৰি থাকো, দুয়োটা গতি সমান হোৱা বাবেই তাক আমি অনুভৱ কৰিব নোৱাৰো । সেই একে কাৰণৰ বাবেই ঘণ্টাত ৪০-৬০ কিল’মিটাৰ বেগত গৈ থকা চলন্ত বাছ এখনত বহি আমি বাছখনৰ গতিবেগক অনুভৱ নকৰো । বাছখনৰ গতিবেগৰ সৈতে আমাৰ মাজত যেতিয়া আপেক্ষিক গতিবেগৰ তাৰতম্য হয় তেতিয়া হে আমি সেয়া অনুভৱ কৰিম, সেয়ে নির্দিষ্ট গতিবেগত গৈ থকা বাছখনে হঠাতে ৰৈ দিলে আমি আগলৈ গুচি যাওঁ বা কেঁকুৰীত ঘূৰি দিলে আমি বিপৰীতফালে হালি যাওঁ । কিন্তু পৃথিৱীয়ে নিজৰ কক্ষপথৰ গতিবেগ সলনি নকৰে ! কৰিলে আমি কোন ক’ত উফৰি পৰিমগৈ তাৰ ঠিকনা নাই !” এই কথাখিনি মই ইউ টিউবৰ পৰাহে গম পালো । ইমানো সহজ নহয় চাগৈ আচল কথাবোৰ !

গধূলি বহি থাকোতে কথাটো মনলৈ হঠাতে আহিল- কোনোবা এদিন ৰূমৰ খিৰিকীৰে মূৰটো উলিয়াই আকাশখনলৈ ওলোটা হৈ চাই আছিলো (মানে মূৰটো তলমুৱা হৈ আছিল )! অলপ সময় তেনেকৈ চাই থাকোতে বস্তুবোৰ (পৃথিৱীখন ?) ঘূৰি থকা যেন লাগিছিল ! সেই কথাটো মনত পৰিয়েই ওপৰৰ কথাখিনি বিচাৰি চালো । দুয়োটা কথাৰে মিল থাকিবও পাৰে নাথাকিবও পাৰে; অবান্তৰ যেন লাগিলেও কিছুমান কথা ভাবি ভাল লাগে… উত্তৰ এটা বিচাৰি পালো যেন লাগি যায় ! আনে গম নাপালেও মই যে নিজেই দেখিলো পৃথিৱীখন ঘূৰি থকা !! কম কথানে সেয়া ! হাঃ হাঃ হাঃ ...

 

১৭-০৫-২০২১

আগতে “জীৱন: মোৰ উপলব্ধিত” লেখিছিলো ‘বালা’ৰ মূৰত ধৰি গজা মোৰ ধুনীয়া মানুহৰ কথা ! সেইটো আমি মানি নল’লেও একেবাৰেই সঁচা কথা । প্রাথমিক চর্ত । প্রথম চকু যায় দেখাত কেনেকুৱা, সেইটোলৈ । ল’ৰাই হওক বা ছোৱালী, যিমানেই ‘ভাল’ বুলি নাম নাথাকক; বিয়া-বাৰুৰ ক্ষেত্রতে হওক বা পৰস্পৰৰ প্রতি আকর্ষিত হোৱাই হওক ‘ধুনীয়া’টো লগত থাকিবই লাগিব । ‘ধুনীয়া’টো সদায় আগত, বাকীবোৰ তাৰ পিছত । বহু বেছি ‘ভাল’ হোৱাৰ পিছতো যদি ধুনীয়া/চলি যোৱা বিধৰ নহয় তেন্তে সেই আকর্ষণো দেখা নাযায় বিশেষ সম্পর্ক এটা স্থাপন কৰাৰ ক্ষেত্রত । (অন্য জাত-পাত ইত্যাদিৰ কথা বাৰু থাকিলেই !) তেনে ক্ষেত্রত ‘ধুনীয়া’ৰ লগত ‘ভাল’টোও যদি থাকে, সেয়া ব’নাছ ! বন্ধু ভাৱাপন্ন অন্য সম্পর্কবোৰৰ ক্ষেত্রত বাৰু কথাটো অলপ বেলেগ হয় । কেৱল সম্পর্ক বুলিয়েই নহয়, প্রায় অন্য সকলোতে তাকেই প্রাধান্য দিয়া দেখা যায় ।

একেখিনি কথাই পুনৰ মনলৈ আহিল অন্য এটা কথাৰ বাবেহে । আজিৰ দিনত ডক্টৰেট ডিগ্রী এটা লোৱাটো আগৰ দৰে হৈ থকা নাই, খুউব বেছি সহজ নহ’লেও ভালেমান সুবিধা (সহজ !) হ’ল বুলি ভাবোঁ । কিন্তু নিজেই দেখি অনুভৱ কৰিছো যে গোটেই প্রক্রিয়াটো কিছুমান বিষয়ত যথেষ্ট সহজ আৰু কিছুমান বিষয়ত ভালেমান কষ্টকৰ ! আকৌ বিষয় যিয়েই নহওক কিছুমানৰ বাবে যথেষ্ট সহজ হোৱাৰ বিপৰীতে কিছুমানৰ বাবে বহুখিনি কষ্টদায়ক ! সম্পূর্ণ প্রক্রিয়াটোত বিষয় আৰু ব্যক্তিভেদে যথেষ্ট পার্থক্য থকা দেখা যায় । এইখিনিতে কোৱাটো ঠিক হ’ব যে মোৰ এইটো ডিগ্রী নাই । আৰম্ভ কৰিও কিবাকিবি কাৰণত সেইটো হৈ নুঠিল । তাকে লৈ এতিয়া মোৰ কোনো আক্ষেপ-অভিযোগ নাই, অসন্তুষ্টিও নাই; কিন্তু কথা কিছুমান জনা কিছু শুভাকাংক্ষীক হে তাকে লৈ মোৰ কাৰণে দুখী হোৱা দেখা যায় । হৈ নুঠা কাম এটাৰ বাবে কাকো দোষ নিদিওঁ, মই নিজেই কামটো কৰিবলৈ অপাৰগ হ’লো বুলি নিজকে বুজাই থওঁ ।

কথাবোৰ মনলৈ অহাৰ কাৰণটো হ’ল সেই ‘ধুনীয়া’টো যিদৰে এক অলংকাৰ, এই ডিগ্রীটোও অতি প্রয়োজনীয় এটা অর্হতা (বিশেষকৈ আজিৰ প্রতিযোগিতাৰ সময়ত) হোৱাৰ লগতে এটা অলংকাৰ, । ধৰি ল’লো কোনোবাই কিবা এটা কাম ১৫-২০ বছৰে কৰি আহিছে, আৰু সেই কামটোত তেখেত ভাল- জানে বহুত কথা আৰু কোনোবাই ৩-৪ বছৰ একেটা কামকে কৰি ডক্টৰেট ডিগ্রীটো লৈছে । প্রয়োজনত কেতিয়াবা কিবা এটা কথা যেতিয়া দুয়োজনে ক’ব, আমি কাৰ কথাটোক প্রাধান্য দিম ? উত্তৰটো সকলোৱে জানে ! লাগিলে কথাৰ ওজনটো সেই ১৫-২০ বছৰে কাম কৰা জনৰেই বেছি নহওক কিয়, আমি কিন্তু বিশ্বাস কৰিম সেই ডিগ্রীৰ ওজনটোক হে (নাই নাই, তেনে ব্যক্তিৰ জ্ঞান বা অভিজ্ঞতাক মই আঙুলি টোৱাব বিচৰা নাই, সেই স্পর্ধা নকৰো, অত’ কষ্টৰ মূৰকত লাভ কৰা ডিগ্রীটোৰ ওজনটোকো অমান্য নকৰো । অৱশ্যে কেতিয়াবা দুই-এক উদাহৰণে মনোকষ্ট নিদিয়া নহয় !) সমাজত আদৰো সেই ডিগ্রীটোৱেই পায় । দুয়োজনেই যদি কাৰোবাৰ প্রিয় হয়, তাৰ মাজৰ যদি এজনক হে তেওঁক ৰাখিবলৈ কোৱা হয়, কাৰ প্রতি এচিকুট হ’লেও আদৰ বেছি বুলি যদি সোধা হয়; সেয়া কোন হ’ব সহজে অনুমেয় ! কথাবোৰ স্বাভাৱিক । হয়তো ক’ৰবাত দুই এক ব্যতিক্রম থাকিব পাৰে ।

কথাটো হ’ল, কথাবোৰ যি যেনেকুৱাই নহওক; নিজৰ প্রতি থকা বিশ্বাসবোৰ কেতিয়াও হেৰুৱাব নালাগে, কেতিয়াও হীনমন্যতাত ভুগিব নালাগে । নিজৰখিনিক সদায় বিশ্বাস কৰিব লাগে, সেইখিনি আন কাৰোবাৰ সৈতে তুলনা কৰিবলৈ যোৱাটোৱেই ভুল । শিকিব পৰাখিনি শিকিব লাগে; ভাল হ’বলৈ, নিজক ভাল কৰিবলৈ চেষ্টা কৰি থাকিব লাগে কিন্তু নিজকে কম বুলিও ভাবিব নালাগে । নিজে যি সেয়াই নিজৰ বাবে সন্তুষ্টি হোৱা খুবেই দৰকাৰী সুখী হ’বলৈ !

 

১৮-০৫-২০২১

পুনৰ “জীৱন যদি জীয়াব লাগে”ৰপৰা-

“সৰি মৰহি যায় বাবেই আমি প্রাণভৰি পান কৰোঁ ফুলবোৰৰ সৌন্দর্যৰ সুধা; মৃত্যুৰ বিনাশী উপস্থিতিৰ বাবেই আমি জয়গান গাওঁ জীৱনৰ । প্রকৃততে জীৱনক অর্থ দিয়ে মৃত্যুৱেহে আৰু কেৱল সেইবাবেই আমি মৃত্যুৰ প্রতি কৃতজ্ঞ হোৱা উচিত । মৃত্যুৰ অনন্ত সময়ৰ তুলনাৰে জীৱনৰ ক্ষেত্র ক্ষুদ্রৰো ক্ষুদ্র । জীৱন যিহেতু বিলীন হ’ব মৃত্যুতেই, গতিকে জীৱনৰ সময়ছোৱা আমি উদযাপন কৰা উচিত হৃদয়ৰ সর্বস্বৰে । আমাৰ কল্পিত মৃত্যু হ’ব পাৰে আমাৰ এক প্রিয়তম বন্ধুৰ দৰেই; আৰু জীৱনৰ সময়ছোৱা তাৰ উপস্থিতিক চূড়ান্তভাৱে অৱজ্ঞা কৰি আমি কোৱা উচিত- ‘মৃত্যু, মোৰ প্রিয়তম বন্ধু, জীৱনৰ সুখ-দুখ, প্রেম-অপ্রম, পোৱা-নোপোৱাৰ সমস্ত অভিজ্ঞতা লৈ জীৱনৰ পাছৰ অনন্ত সময় যিহেতু মই তোৰ স’তেই কটাম, গতিকে এই নগণ্য সময়ছোৱাত তোক মই অস্বীকাৰ কৰিছোঁ জীৱনক উদযাপনৰ স্বার্থত । নোপোৱাৰ বেদনাৰে জর্জৰিত, জৰাগ্রস্ত হ’লেও ই জীৱন ।’ জীৱন উদযাপনৰ স্বার্থত মৃত্যুৰ প্রতি এনে অৱজ্ঞা মৃত্যুৰ পৰাজয়ৰে নামান্তৰ ।”

নিজে ক’বলৈ মন যোৱা কথাবোৰ এনেকৈ পঢ়িবলৈ পালে মন ভৰি পৰে । “মৃত্যুক লৈ ভীতিগ্রস্ত হোৱাৰ কোনো সকাম নাই জীৱনৰ আৰু মৃত্যুক প্রত্যাহ্বান জনোৱাটোও এক অর্থহীন কচৰৎ” বোলা কথাষাৰ বুজাবলৈ লেখাটোত তেওঁ দুটা কাহিনীৰ উল্লেখ কৰিছে- ‘Death in Tehran’ৰ লগুৱা এজনে মৃত্যুৰপৰা পলাব বিচৰাৰ কাহিনী আৰু ‘The Seventh Seal’ৰ মৃত্যুৰ স’তে দবা খেলি মৃত্যুক পৰাভূত কৰাৰ চেষ্টা কৰা এজন বীৰ যোদ্ধাৰ কাহিনী ।

...জীৱন জীয়াব লাগে !

 

১৯-০৫-২০২১

বহুদিনৰ পাছত আজি গজল শুনিলো… বহু সময় । এটা সময় আছিল, প্রতিটো ৰাতি গজল শুনিছিলো টোপনি নহালৈকে । জগজিৎ সিং, চিত্রা সিং, গালিব, গুলজাৰ, আখতাৰ... আৰু অনেক নাম তেতিয়া চিনিছিলো । গজল শুনিলেই বহুতো জান-অজান অনুভৱে ক্রিয়া কৰে তেতিয়া মনত ! উদাস... দুখ-বেজাৰ... সুখ... মিশ্রিত অনুভৱ হয় । গজল বুলিলেই যেন কিবা বিষাদ অলপ লাগি থাকেই সুৰবোৰত ! কিন্তু কথাবোৰৰ প্রতি মোৰ আকর্ষণটো অলপ বেছি আছিল । আমি কেতিয়াবা পাতিছিলো সেইবোৰ কথা ! সেই যে- ‘মূৰ দোৱালে শিলো দেৱতা হৈ যায়’...

আজি ইউ টিউবতে পালো পুৰণি গজল এটা । আগতে শুনিছিলো জগজিৎ সিঙৰ কণ্ঠত । এইটো চিটাৰৰ সৈতে শ্বায়েৰীৰ নিচিনাকৈ ওস্তাদ শোজাট খানে গাইছে । ভাল লাগিল ।

‘Zindagi se badi saza hi nahi’ __কৃষ্ণ বিহাৰী নুৰ

“জীৱনতটোতকৈ বেছি ডাঙৰ শাস্তি একো নাই আৰু মই এইটোৱেই নাজানো যে মোৰ দোষ নো কি/ ইমানেই ভাগত ভাগ হ’লো যে নিজৰ ভাগত একো বাকীয়েই নৰ’ল/ সত্যৰ তল-ওপৰ হ’লে সি আৰু সত্য হৈ নাথাকে, মিথ্যাৰ যে কোনো সীমাই নাই/ সোণৰ-ৰূপৰ ফ্রেমতেই মোক বন্ধাই নিদিয়া কিয়, আইনাই তো মিছা কথা নকয় ।” ... “মৃত্যুৱেই তোৰ নিয়তি অ’ জীৱন, তাৰ বাদে আৰু কোনো ৰাস্তা নাই/ ক’লৈ যাওঁ ক’ জীৱন, গৰল দেখোন বজাৰত নাপালোৱেই/ যাৰ কাৰণে সকলো ‘ফছাদ’ তাৰ কোনো ঠিকনাই নাই/ সকলো আইন ধনৰ হাতত বিক্রী গ’ল, এতিয়া কোনো দোষৰ শাস্তি নাই/ কি অৱতাৰ, কি দেৱদূত, এতিয়া দেখোন ভগৱান নাই যেনেই লাগে... ।”

…সুৰ-সংগীত-গায়কী পিছৰ কথা, মই আচৰিত হওঁ ইয়াকে ভাবি যে এই কথাবোৰ কেনেকৈ লিখিব পাৰে কোনোবাই ! আসঃ ! সুৰ-সংগীতবোৰ নাথাকিলে কি যে নিৰস হ’লহেঁতেন জীৱন ! সুখ-দুখ, হাঁহি-কান্দোন, আনন্দ-বেজাৰ… সকলোতে লগ দিয়ে…  

 

২০-০৫-২০২১

Percy Jackson: Sea of monster নামৰ চিনেমাখনৰ এটা সংলাপ- “Knowledge is not always power. Sometimes, it’s a burden.” কিয় কৈছিল সেয়া চিনেমাখন চালে ভালকৈ বুজি পোৱা যাব ।

যিকোনো কথা কেৱল জানিলেই নহয় আচলতে । তেনেই সৰু যেন লগা কথা হ’লেও সেই কথাটো শুদ্ধকৈ আৰু সম্পূর্ণকৈ জনাটোও প্রয়োজনীয় । কিছুমান কথা আক’ বেছিকৈ জানিবলৈ চেষ্টা নকৰাই ভাল । সৰু সৰু কথা কিছুমানতে ইমান বেছি অর্থ-যুক্তি-দর্শণ সোমাই থাকে যে তাক ফঁহিয়াবলৈ লাগিলে আঁত লগাতকৈ জোঁটপোট বেছিকৈ লাগিব, যি ভাল কেতিয়াও নহয় ! সেয়ে কেতিয়াবা ভাৱ হয় কিছুমান কথা নাজানিলেই ভাল ! সেই যে শাওণাই কৈছিল- “জ্ঞানে যদি বেমেজালি বঢ়ায়, তেন্তে নজনাটো একো বেয়া নহয় ।” বেমেজালি হোৱা মানেই চাগৈ ‘burden’ ! আচলতে ‘জ্ঞান’ বুলি ক’লে কথাটো বহুল পৰিসৰৰ হয় । কোনো এটা বস্তুৰ বিষয়ে সামান্য জনাটোকে জ্ঞান বুলি নকয় নিশ্চয় । জ্ঞান, বোধ, শিক্ষা আদিৰ কথা ভাবিবলৈ ল’লে লাগে ‘একোৱেই নাজানো দেখোন !’ আমি সকলো বিষয়তে বিচক্ষণ হ’ব নিশ্চয় নোৱাৰো । আৰু কোনোবা হ’লেও সেই বিচক্ষণতা যদি ভালৰ বাবে ব্যৱহাৰ নকৰে তেন্তে সেয়া জানো আচল ‘power’ হ’ল ?

চুপাৰ হিৰ’ৰ চিনেমাবোৰত দেখুৱাই যে- ‘অলৌকিক পাৱাৰ’ ধৰণৰ বিশেষ শক্তি কিছুমান হিৰ’ৰ ওচৰত থকাৰ দৰে ভিলেইনৰ ওচৰতো থাকে । আচলতে ক্ষমতাবোৰ যি ভালৰ বাবে ব্যৱহাৰ কৰে সি হিৰ’ নাম পায়, যি বেয়াৰ কাৰণে ব্যৱহাৰ কৰে সি ভিলেইন নাম পায় । দুয়োটা বিকল্প কিন্তু দুয়োৰে ওচৰত থাকে !

 

২১-০৫-২০২১

মহাভাৰতৰ যুদ্ধৰ সময়ত নিজৰ ভাতৃ-জ্যেষ্ঠসকলৰ বিপক্ষে যুদ্ধ কৰিবলৈ সংকোচ কৰা অর্জুনক কৃষ্ণই কৈছিল- “কর্ম আৰু কার্যৰ মাজত পার্থক্য আছে । সকলো কর্মই কার্য, কিন্তু সকলো কার্যই কর্ম নহয় । কর্ম সেই কার্যক কোৱা হয়, যাৰ সৈতে ফলৰ আশা সংযুক্ত হৈ থাকে । মানুহে যেতিয়া সুখ-সম্পত্তি-প্রশংসাৰ আশাত কোনো কার্য কৰে, তেন্তে সেয়া কার্যৰ ফলৰ সৈতে বান্ধ খাই পৰে । যেতিয়া কোনো কর্ম ফলৰ আশাত কৰা হয় তাক সকাম কর্মযোগ বোলে আৰু যেতিয়া যি কর্ম কোনো ফল আশা নকৰাকৈ কৰা হয় তাক নিষ্কাম কর্মযোগ বোলা হয় । সকাম কর্মৰ কাৰণেই মানুহে বাৰে বাৰে জনম লৈ থাকে । আচলতে মানুহক কর্মই বান্ধি নাৰাখে, কর্মৰ সৈতে থকা আশাই হে বান্ধি ৰাখে ।”

সেয়া কেনেকৈ বুলি অর্জুনে সোধাত কৃষ্ণই ক’লে- “তুমি যদি এই যুদ্ধত জয়ী হ’ম বুলি আশা কৰিছা তেন্তে পৰাজিত হ’লে তুমি ভীষণ দুখ পাবা আৰু সেই দুখে তোমাক অন্য কার্য কৰোৱাব, যাৰবাবে তুমি পুনৰ জনম ল’ব লাগিব । যদি তুমি জয়ী হোৱা তেন্তে তোমাৰ অহংকাৰ বাঢ়িব আৰু সি তোমাক বিশ্ব জয় কৰিবলৈ প্রৰোচিত কৰিব, তোমাক হত্যা কৰোৱাব আৰু তাৰ পাপে তোমাক বান্ধিব । ভাবি চোৱা, যদি এই যুদ্ধত তোমাৰ জয়ী হোৱাৰ মোহ বা পৰাজিত হোৱাৰ ভয় নাথাকে তেন্তে এই যুদ্ধৰ শেষত তোমাৰ সুখ প্রাপ্তি হ’বনে দুখ ?”

তেতিয়া অর্জুনে ক’লে যে না সুখ না দুখ । তেতিয়া কৃষ্ণই ক’লে- “অর্থাৎ তোমাৰ সুখ-দুখ-হতাশা-নিৰাশা-অহংকাৰ যুদ্ধৰ কাৰণে নহয়, যুদ্ধৰ সৈতে তুমি যি আশা পুহি ৰাখিছা তাৰ কাৰণেহে হয় । হে কুন্তীপুত্র, সুখ-দুখক সমান ভাবি লাভ-হানি-জয়-পৰাজয়ৰ কথা নভবাকৈ যদি তুমি যুদ্ধ কৰা তেন্তে তুমি পাপৰ ভাগী নোহোৱা, ইয়াকে কর্মযোগ বোলে ।”

যেতিয়া অর্জুনে প্রশ্ন কৰিলে যে যদিহে কার্যৰপৰা বন্ধন হোৱাটো নিশ্চিত তেন্তে সংসাৰৰ মায়াৰপৰা আঁতৰি সন্যাস লোৱাটোৱেই জানো উচিত নহয় ? তেতিয়া কৃষ্ণই ক’লে- “পার্থ, এই চিন্তাৰ পৰিণাম স্বৰূপেই তো এই যুদ্ধ হৈছে ! যদি সাতগুণৰ অধিকাৰী, ধর্মক জনা মানুহে কর্মক ত্যাগ কৰে তেতিয়া অধর্মী মানুহেই সংসাৰ চলায় । যদি মহামহিমে সংসাৰধর্ম ত্যাগ নকৰিলেহেঁতেন তেতিয়া আজি অধর্ম ইমান নাবাঢ়িল হয়, যদি তোমাৰ পিতাই সন্যাস নল’লেহেঁতেন তেন্তে তোমাৰ ভ্রাতৃ যুধিষ্ঠিৰে সুখেৰে ৰাজ্য শাসন কৰিলেহেঁতেন আৰু নিজৰ প্রজাক ন্যায় আৰু ধর্মৰ জ্ঞান দি থাকিলেহেঁতেন । দুখৰ কথাটো হ’ল সাতগুণৰ অধিকাৰী যি মানুহে এই সংসাৰক লাভ দিব পাৰে তেওঁলোকেই সন্যাস লয় । যেনেকৈ পানী ভাপ হৈ উৰি যায় আৰু জাৱৰ তাতেই পৰি থাকে, তেনেকৈ সপ্তগুণী মানুহে সন্যাস লৈ গুচি যায় আৰু তমসেৰে ভৰি থকা মানুহে এই সংসাৰ পৰিচালিত কৰে । এই কাৰণেই সংসাৰত পাপ আৰু অধর্ম বাঢ়ি যায় । কিন্তু কর্মযোগে এই বিচিত্র স্থিতিৰপৰা সংসাৰক উদ্ধাৰ কৰে । কর্মযোগীয়ে কর্মফলৰ আশা ত্যাগ কৰে কিন্তু কর্মক ত্যাগ নকৰে । তেওঁলোক সন্যাসীৰ দৰেই এই সংসাৰত থাকে । সকলো কার্য কৰে কিন্তু তাত লিপ্ত নহয় । কর্মযোগীয়ে নিজৰ সন্তানৰপৰা, প্রজাৰপৰা, সজ্জনৰপৰা কোনো ধৰণৰ কোনো আশা নকৰে; তেওঁ নিজে সন্যাসীৰ দৰে জীৱন কটাই কিন্তু সমাজক সংসাৰীৰ দৰেই লাভ দিয়ে ।”

তেতিয়া অর্জুনে সুধিলে যে মানুহে সন্তানৰ সুখৰ বাবে শ্রম কৰে, তেন্তে সন্তানৰপৰা আশা নকৰাকৈ কেনেকৈ থাকিব ? কৃষ্ণই ওলোটাই অর্জুনক সুধিলে যে মানুহে নিজৰ সন্তানৰ বাবে যিয়েই নকৰক, সেয়া বেপাৰ নে প্রেম ? অর্জুনে সেয়া প্রেম বুলি কোৱাত কৃষ্ণই ক’লে- “তেন্তে নিজৰ কার্যৰ পৰিৱর্তে ফলৰ আশা কিয় ? ভৱিষ্যতে লাভৰ আশা তো বেপাৰত হে কৰা হয়, প্রেমত নহয় । যি মানুহে নিজৰ সন্তানৰ চৰিত্রৰ নির্মাণ উচিত ৰূপত কৰে, সন্তানক প্রেম আৰু ধর্মৰ সংস্কাৰ দিয়ে, তেওঁৰ সন্তানেও মানুহক প্রেম আৰু সুৰক্ষা নিশ্চয় দিব । সন্তানৰ কর্ম, সজ্জনৰ ব্যৱহাৰ তেওঁলোকৰ কর্ম; যেতিয়া তেওঁলোকৰ কর্মৰ ওপৰত আমাৰ কোনো অধিকাৰ নাই, তেন্তে তেওঁলোকৰপৰা আশা কৰাৰ কি প্রয়োজন ? গ্রহণ-বিচাৰ কৰি চালে দেখিবা যে জীৱনত এনে কোনো কার্য নাই যাৰ সৈতে অপেক্ষা আৰু আশা জড়িত কৰাটো অনিবার্য হয় । যদি কৃষ্ণই পৰমাত্মা হয় আৰু মানুহ পৰমাত্মাৰ অংশ হয় তেন্তে সকলো কার্য পৰমাত্মাই কৰে, মানুহে নিজেই একো নকৰে । ইয়েই কর্মযোগৰ মূল সিদ্ধান্ত । ... কিবা প্রাপ্তিৰ আশা, আৰু প্রাপ্তিক ৰক্ষা কৰাৰ বিচাৰ ত্যাগ কৰি নিজৰ আত্মাক স্বতন্ত্র কৰা । মনত ৰাখিবা, তোমাৰ অধিকাৰ কেৱল কর্ম কৰাৰ, কর্মফল ঈশ্বৰৰ হাতত; গতিকে কর্মৰপৰা পলায়ন কৰা যিদৰে উচিত নহয়, কর্মফল আশা কৰাও উচিত নহয় ।”

যেতিয়া অর্জুনে সুধিলে যে এনে কর্মযোগীক নো কেনেকৈ চিনি পোৱা যাব ? কৃষ্ণই ক’লে- “যি স্বাদৰপৰা আঁতৰিবলৈ আহাৰকে ত্যাগ কৰে, আচলতে তেওঁৰ মনৰপৰা সেই স্বাদ লোৱাৰ লোভ কেতিয়াও নাইকিয়া নহয় । তাৰপৰা তেওঁৰ দুটা অনিষ্ট হয়, তেওঁ নির্বল হৈ পৰে যাৰ কাৰণে পৰমাত্মাক পোৱাৰ বাবে যি কৰিব লাগে সেয়া কৰিব নোৱাৰে আৰু সদায়েই তেওঁৰ মন স্বাদলোভী হৈ থাকে । গতিকে আহাৰ ত্যাগ কৰাতকৈ আহাৰৰ স্বাদৰ লোভক ত্যাগ কৰাটোৱেই উচিত । কর্মযোগীয়ে মনৰ সকলো লোভ এৰি দিয়ে, জীৱনক কর্তব্য মানি সকলো কার্য অৱশ্যেই কৰে কিন্তু সেই কার্যৰ সৈতে লিপ্ত নহয় । যি ব্যক্তিয়ে নিজৰ কার্যৰপৰা আশা আৰু ইচ্ছা নাৰাখে, তেওঁৰেই কার্য পূর্ণ হয় । এটা অসফলতাৰ বাবে যাৰ মন নকঁপে, এটা সফলতাৰ বাবে আনন্দিত হৈ যি নিজক সর্বশ্রেষ্ঠ বুলি নাভাবে, তেনে ব্যক্তিকেই কর্মযোগী বোলে আৰু এনে ব্যক্তিয়েই জীৱনত বাৰে বাৰে সফল হয় । ...ফলৰ আশাতেই কামনা প্রকট হয় আৰু কামনাৰ স্বভাৱেই হ’ল অসন্তুষ্ট থকা । অসন্তুষ্টিৰপৰা ক্রোধৰ জন্ম হয় আৰু ক্রোধৰপৰা মোহৰ জন্ম হয় । মোহৰ কাৰণে মানুহে আচাৰ-ব্যৱহাৰৰ জ্ঞানেই পাহৰি যায় । জ্ঞান নোহোৱা হ’লে বুদ্ধিভ্রম হয়, অনুচিত কার্য হয় আৰু সমাজ এনে ব্যক্তিৰ শত্রু হৈ পৰে আৰু শেষত সেই ব্যক্তিৰ সম্পূর্ণ পতন ঘটে । যিদৰে ভ্রাতৃ দুর্যোধন, তেওঁৰ সেনাপতি মহামহিম তেওঁৰেই শত্রু আৰু তোমাক বিজয়ী হোৱাৰ আশীর্বাদ দিছে ।...”  

ইউ টিউবত শুনি শুনি ইমানখিনি কথা টাইপ কৰি পেলালো (ভুল থাকিব পাৰে)! কিয় ? নাজানো !

নিজকে ক’তো থ’বলৈ ঠাই নাপায় ভাবি ভাবি ইয়াকে পালো যে- মই বাৰু দুর্যোধন হোৱাগৈ নাই এতিয়াও । সেইবুলি সপ্তগুণৰ অধিকাৰীও নহয় যে মই সন্যাস ল’লে সংসাৰত অধর্ম বাঢ়িব বা মই মোৰ কর্মৰপৰা আঁতৰি থকা বুজাব । আৰু অলপ ভাবি চালে দেখো যে কর্তব্যকণো যিমান পাৰি নকৰাকৈ থকা নাই, আৰু তাৰপৰা কিবা আশা কৰিও বহি থকা নাই; অসন্তুষ্টি বা মোহ নাই কিন্তু ক্রোধ যে আছে ! আকৌ, কেতিয়াবা আহাৰ ত্যাগ কৰিলেও আহাৰৰ স্বাদৰ লোভক কিন্তু ত্যাগ কৰিব পৰা নাই ! কর্মৰপৰা পলায়ন কৰা নাই, কর্মফলো আশা কৰা নাই কিন্তু কর্মযোগীও তো হ’ব পৰা নাই ! এটা কথা কিন্তু ঠিক যে এতিয়ালৈকে প্রেম হে কৰিছো, বেপাৰ কৰা নাই । পিছে এইযে সময়ে প্রৰোচিত কৰি আছে বেপাৰী হ’বলৈ ! কর্মযোগী যে হ’ব পাৰিম কি গেৰান্টি আছে ? কি কৰা যায় ? হাঃ হাঃ হাঃ ... কৃষ্ণ কৃষ্ণ ! এই সকলো পৰমাত্মাৰ কার্য !

(এই ঘোৰ ক’লিযুগত কথাবোৰ বাৰু অলপ বেলেগ হ’বই... কিন্তু মূলভাৱ, দর্শণ বা যুক্তি যিয়েই নহওক সেয়া একেই নহ’ব জানো ?)

 

২২-০৫-২০২১

বিশ্বাস-অবিশ্বাসবোৰ সকলোৰে নিজৰ নিজৰ । জীৱনশৈলী সকলোৰে নিজা নিজা । কোনেও কাকো বাধ্য কৰিব নোৱাৰে; জোৰকৈ মোৰ ধাৰণা এটা, বিশ্বাস এটাক মই আন কাৰোবাৰ ওপৰত আৰোপিত কৰি দিব নোৱাৰো; তেনে কৰিব বিচৰাটো মোৰ নিশ্চয়কৈ ভুল । ‘সত্য সার্বজনীন নহয়’ বুলি সেয়ে চাগৈ কয় । কোনো ব্যক্তি বা কোনো ধাৰণা বা কোনো বিশ্বাস যিয়েই নহওক, যিয়ে তাৰ যিটোফাল দেখে সেইবুলিয়েই বিশ্বাস কৰে । মই যদি ভাল দেখি আছো, ভাল বুলিম আৰু যি বেয়াটোৱেই কেৱল দেখি আছে তেওঁ বেয়া বুলিয়েই ক’ব । ভুল নিশ্চয় এজনো নহয় । তাকে লৈ মই যদি যুদ্ধংদেহি হৈ পৰো, সেয়া মোৰেই ভুল হ’ব । অৱশ্যে আমি ইমান ভৱা-চিন্তা কৰিব পৰা বিধৰ মানুহ হোৱাহেঁতেন বহু কিবাকিবি অঘটন নঘটাকৈ থাকিল হয় ! বহুজনে মানি নোলোৱা বহুত কথাৰ বিপক্ষে থকা উদাৰজনো কিছুমান হ’ব নলগীয়া কথাত আক’ যথেষ্ট ৰক্ষণশীল হোৱা দেখা যায় । সেইবোৰ আমি নিজৰ স্বার্থৰ ওপৰত নির্ভৰ কৰি ঠিক কৰি লওঁ আচলতে ! আনৰ বাবে ‘নোৱাৰি’ কথাবোৰ নিজক লগাৰ সময়ত ‘পাৰি’ হৈ যায় !

কথাবোৰ খেলিমেলিকৈ এইকেইদিন মনলৈ আহি আছে অন্য এক বিশেষ কাৰণতহে ! এই একেটা ভাড়াৰূমতে থকা মোৰ আঠবছৰ পাৰ হ’ল । অকলেই থাকো কিন্তু কোনো এদিনেই মই ৰাতি ভয় খাই টোপনি যাব নোৱাৰা অৱস্থা হোৱা নাছিল । নাই, কাৰোবাৰ বিশ্বাস-অবিশ্বাসক উপহাস কৰা মোৰ মনত নপৰে । কেতিয়াও কৰা নাই । অৱশ্যে নিজৰ ধাৰণাৰ কথা নোকোৱাকৈও নীৰৱে থকা নাই । সিদিনা নিশা অনুভৱ হ’ল আঁঠুৱাৰ সিপাৰৰপৰা মোক কোনোবাই চাই আছে ! মই পার্যমানে চেষ্টা কৰিছো অর্ধনিমিলিত চকুকেইটা সম্পূর্ণকৈ মেলো, মুখেৰে কিবা কওঁ, কিন্তু দাঁতবোৰ যেন ইপাৰিৰ সৈতে সিপাৰি আঠা লগাদি লাগি ধৰিছে, হাজাৰ চেষ্টা কৰিও চকুকেইটা সম্পূর্ণকৈ মেলিব পৰা নাই, কোঁৱাৰি বিষাই গৈছে অথচ মুখখন খোল নাখায় ! কিমান সময় তেনেকৈ পাৰ হ’ল নাজানো । সময় চালো, ২ বাজি ২০ মিনিট ! প্রকৃতিষ্ঠ হোৱাৰ পিছত ভাৱ হৈছিল যিয়েই নহওক মোৰ কিবা অনিষ্ট কৰিবলৈ অহা নাছিল, মাত্র খুবেই কৰুণ চাৱনি এটাৰেহে যেন চাই আছিল মোলৈ ! ভয় যে খালো সঁচা, দুদিনমানৰপৰা বিজুলী নথকাৰ সুবিধাত ৰাতি মহে আহি অশান্তি কৰাৰ বাবেই আঠুৱা লগোৱা আমনিদায়ক কামটো কেতিয়াও নকৰা মই এলেহুৱাই কৰাৰ বাবে নিজকে ধন্যবাদ দিছিলো ! সেই ৰাতিৰ অনুভৱখিনি মোৰ অৱচেতন মনৰ “কাৰ’বাৰ” বুলি ভাবি থ’ম নে ?

এনে বহু কথা ঘৰত কোৱা নহয়, মিছামিছি চিন্তা কৰিব বুলি । কিন্তু সিদিনা ভাতৰ টেবুলত কথাই কথাই মুখৰপৰা ওলাই গ’ল । ভন্টিয়ে কিবাকিবি কৈ জোকালেও । ভাইটিয়ে ক’লে খেটৰে পালে চাগৈ তোক ! মায়ে অলপ বকিলে মোক দিয়া কিছুমান আঙুঠি-তাবিজ ইত্যাদি নিপিন্ধাৰ বাবে । ৰূমলৈ আহিবৰ দিনা সৰু মিঠাতেলৰ বটল এটাত তেওঁ সৰিয়হৰ গুটি, নৰসিংহৰ পাত মিহলি হৈ থকা তেল আধাবটল দি (আৰু কিবা আছিল যদিও নাজানো) ৰূমৰ ভিতৰত ছটিয়াই দিবলৈ বাৰে বাৰে কৈ পঠালে । যদিও তেনে কথাবোৰ কেতিয়াও সম্পূর্ণ মানি ল’বলৈ মন নাযায়, তেওঁৰ মনটোৱে শান্তি পাব বুলিয়েই সেয়া লৈ আহিলো । বহু কথাই বিশ্বাস নকৰিলেও তেওঁলোকক দেখুৱাবলৈকে কৰো, যিখিনি পাৰি । (সেইবুলি কোনোবাই যদি ‘পাৰ’ এহাল বলি দিলে মোৰ সাংঘাটিক ভাল হ’ব বুলি কয়, সেই কাম কেতিয়াও কৰিব পৰা নাযায় । ঘৰত যি নিয়মেই নামানক কিয় এই বলি-বিধানৰ নিয়মটো নাই আৰু মই ‘ৰক্ষণশীল’ বুলি ভাবিব পৰাকৈও একো নাই বাবেই বহু কথাত অবাধ্য নহৈ পৰাখিনি মানি চলিবলৈ চাওঁ ।) কাৰো একো ক্ষতি নোহোৱা নিয়ম-নীতিবোৰ পোনছাটেই অগ্রাহ্য নকৰো, যদিওবা মই মানি নচলো । অৱশ্যে বহু কিছুমান এনে নিয়মো সমাজৰ নামত চলি আছে যিবোৰ কোনোপধ্যেই মানিবলৈ মন নাযায় । কিন্তু এই যে ভগৱানৰ নামত ধূপ এডাল জ্বলাও, সিও তো এক বিশ্বাস যদিও ভগৱানক দেখা নাই । আৰু সিদিনাৰ সেই উপস্থিতি, যি দেখিলো তাকো নো অবিশ্বাস কেনেকৈ কৰা যায় ? ‘ভাল’ থাকিলে ‘বেয়া’ও থাকিব; বিশ্বব্রক্ষাণ্ডৰ নিয়ম !

এনে কথাবোৰ হয়তো কৈ থাকিলেও শেষ নহয় । ভয়-বিশ্বাস, মূর্ত-বিমূর্ত, আত্মা-পৰমাত্মা... ! এটা কথা হয়তো ঠিক, অন্ধভাৱে একোকেই বিশ্বাস কৰিব নালাগে । মানুহৰ ভয় আৰু বিশ্বাসৰ গইনা লৈয়েই কিছুমান সুবিধাবাদীৰ জন্ম হয়, যিয়ে মানুহক লোটিপুটি খায় !

 

২৩-০৫-২০২১

বাকী যি নহওক, সেইৰাতিৰ পিছৰপৰাই পুৰণি অভ্যাসটো আকৌ সাৰ পাই উঠিছে বাৰুকৈয়ে । ক’ৰোনাৰ মায়াত এতিয়া ফুল-টাইম ডিউটি হোৱা নাই । ৫০% কর্মচাৰীৰ উপস্থিতি বাহাল আছে । বিশেষ প্রয়োজন নহ’লে কোনোবাদিনা নাযাওঁ সেয়ে । গতিকে ৰাতি ৰাতি ফেঁচা হৈ বহি থকা হৈছো । বিশেষকৈ সিদিনাৰ সেই বিশেষ সময়খিনিলৈকে টোপনিয়েই নহা হৈছে, লাইটৰ পোহৰতো টোপনি নাহে । কিন্তু নুশোলেও তো নচলে । গতিকে দিনত সময় পালে নতুবা গধূলিতে শুই লওঁ অলপ সময় । কোনোবা এদিন হে জোৰ-জবৰদস্তি কিবা কৰি সময়ত শুব পাৰিছো !

ৰাতি অৱশ্যে জাগি থাকি বেয়া নাপাওঁ । কাম থাকিলেও ৰাতি কৰিয়েই ভাল লাগে, দৰকাৰত গোটেই ৰাতি বহি থাকিব পাৰো । দিনৰ হুলস্থূলখিনিতকৈ ৰাতিৰ নীৰৱ সময়খিনি মোৰ সদায়েই ভাল লগা... যদিও নীৰৱতাক অনুভৱ কৰিব পৰাকৈ অনুভৱী মানুহ নহয় বাৰু !

পিছে বেয়া কথাটো হ’ল, ৰাতি ৰাতি নীৰৱতাৰ কথকতাত মজি থকাই হওক বা কাম কৰিবলগীয়া হোৱাৰ বাবেই হওক... অভ্যাসটো এৰিবলৈ চেষ্টা কৰিছিলো, পাৰিছিলোও ! কিন্তু এতিয়া সি আকৌ লম্ভিছে ! লম্ভিছে বাৰু ঠিকেই আছে, কিন্তু সদায় তো এই ৰুটিন নচলিব !

ভালেই হওক বা বেয়া, কোনো অভ্যাসেই ভাল নহয় নেকি ? নহয় চাগে’ ! ভালখিনি নো কেনেকৈ বেয়া হ’ব ? ভালে যেতিয়া অনিষ্ট কৰিবলৈ লয়, তেতিয়া কিজানি সি বেয়া হ’ব । সীমাৰ বাহিৰত খোজ দিলো বুলি যে কেতিয়াবা অনুভৱেই কৰিব পৰা নাযায় !

মানুহৰ অভ্যাস... মানুহ বা বস্তু...

অভ্যাসবোৰ কেনেকৈ যে গঢ় লৈ উঠে ! গঢ় কেতিয়া ল’লে টলকিবই নোৱাৰি । যেতিয়া একোটা অভ্যাস এৰিবলগীয়া হয় তেতিয়াহে বুজা যায় সি আচলতে কিমানলৈকে শিপালে ! ...আৰু কেতিয়াবা আশা নকৰাকৈ এৰিবলগীয়া হোৱা অভ্যাস একোটাই খুবেই কষ্ট দিয়ে !

 

২৪-০৫-২০২১

এসময়ত কুৰিয়ান চিনেমাবিলাক খুব চাইছিলো । প্রায় বেছিভাগ চিনেমাতেই দুখলগাকৈ কিবাকিবি এটা থাকিবই, নাকান্দি নোৱাৰি ! ভালেমান চিনেমা চাইছো । দুখনমান চিনেমা আছিল, নামকেইটা পাহৰিছো, দুয়োখন ককায়েক-ভনীয়েকৰ চিনেমা । এখন চাগৈ “Hearty Paws”- সৰু সৰু ল’ৰা-ছোৱালীকেইটাৰ অভিনয় কি সাংঘাটিক… আৰু কুকুৰটো… …! কান্দি কান্দি মাত ভাঙি যায় মোৰ তেতিয়া, চকুকেইটা ফুলি থাকে ! হাঃ হাঃ হাঃ …

আজি ইউ টিউব চাই থাকোতে পালো এখন- “Please Don’t Save Me” বুলি । বহুদিনৰ পিছত চালো কুৰিয়ান চিনেমা ।

ধাৰত পোত গৈ থকা মানুহ এজনে আত্মহত্যা কৰে । মাক আৰু জীয়েক থাকি যায় । কিন্তু শেষত মাকেও হাৰ মানে আৰু পিকনিকলৈ যাওঁ বুলি জীয়েকক লগত লৈ আত্মহত্যা কৰিবলৈ যায় সেই একেই ঠাইত য’ত দেউতাকেও তাকেই কৰিছিল ! সেই কথাটো মাকে নক’লেও ছোৱালীজনীয়ে বুজি পায় ।

চিনেমাখনত মোৰ ভাল লগা কথাখিনি হ’ল- সেই ১২ বছৰীয়া ছোৱালীজনীয়ে নতুন স্কুলত লগ পোৱা বন্ধুজনৰ সৈতে হোৱা কথা-বতৰা অলপ । ছোৱালীজনী পঢ়া-শুনা, পেইন্টিং কৰা ইত্যাদি সকলোতে ভাল । কিন্তু ল’ৰাজনৰ পঢ়া-শুনাত সিমান মন নাথাকে, মোবাইলত গেইম খেলি ভাল পায়, সকলোৰে ‘এইম ইন লাইফ’ থকাৰ দৰে তেতিয়ালৈকে তাৰ তেনেকুৱা একো ঠিক কৰা নাথাকে । এদিন দুয়োটাই খোজ কাঢ়ি গৈ থাকোতে ছোৱালীজনীয়ে সুধে- “Why don’t you study? Aren’t you afraid of becoming a useless person?” তেতিয়া ল’ৰাজনে কয়- “I won’t be, I’m useful to myself. I know the game I like most. My favourite cookies? I know that too. Who else could understand me like I do? Nobody. I need myself a lot.”

খুব ভাল লাগিল মোৰ এই কথাকেইটা ! এৰা, নিজতকৈ বেছি নিজক আৰু কোনে বুজে ! নিজে নিজক নুবুজিলে, নিজে নিজৰ বাবে প্রয়োজনীয় হ’ব নোৱাৰিলে আনৰ বাবে কেনেকৈ হ’ব । নিজে নিজৰ বাবে প্রয়োজনীয় হ’ব পৰাটোৱেই আচল কথা !

…আমি বহুত কথা, মানুহক ভুলকৈ বুজো । কাৰোবাৰ প্রতি ভুল ধাৰণা কিছুমান নোহোৱা কৰিবলৈ আচলতে এখন মৰমিয়াল হৃদয় আৰু অলপমান সঁচা আগ্রহৰ প্রয়োজন । …আৰু চিনেমাখনত ল’ৰাজনৰ ছোৱালীজনীৰ প্রতি সেই মৰম আৰু আগ্রহৰ বাবেই শেষত তাইৰ মাকে জীয়াই থকাৰ সিদ্ধান্ত ল’ব পাৰে । He saved the girl and her mother with his love !

 

২৫-০৫-২০২১

কি হৈছে নাজানো, অহেতুক ভয় এটা লাগে আজিকালি, হঠাতে ! কিন্তু ‘কিয়’টোৰ উত্তৰটো বিচাৰি চালে একোৱেই নাপাওঁ দেখোন !

ক’ৰোনাৰ ভয়ত মৰিবলৈ ? ওহোঁ নহয় ।

সেই নিশাৰ অশৰীৰী উপস্থিতি ? ওহোঁ নহয় ।

আশাহত হোৱাৰ নে কিবা হেৰুৱাৰ ভয় ? ওহোঁ সেয়াও নহয় ।

একো বিচাৰি নাপাওঁ, একো শুনা নাপাওঁ । দুখৰ ভৰত নে কি নাজানো… ধুৱলী-কুঁৱলী দৃষ্টি, কঁপি উঠা মাত …আৰু শব্দ-শূন্যতাত ক্রমশঃ এন্ধাৰ গহ্বৰ এটাৰে তললৈ নামি গৈ থাকো, গৈ থাকো !

 

২৬-০৫-২০২১

“যশোধাৰা !”

সিদ্ধার্থৰ পত্নী । গৌতমে ৰাজপ্রসাদ এৰি যোৱাৰ পিছত, একমাত্র পুত্রক লৈ কেনেকৈ জীৱন কটাইছিল সেই নাৰীয়ে ? তেওঁ যদিওবা উভতি আহিছিল, সেয়া তেওঁৰ স্বামী হৈ নহয়, বুদ্ধদেৱ হৈ ! কিয়বা কোৱা নহয় সেই নাৰীৰ জীৱন-গাঁথা ! যিদৰে কোৱা নহয় লক্ষ্মণৰ উর্মিলাৰ কথা !

আজি হেনো বুদ্ধ পূর্ণিমা !

..............

“Life is like jazz. Much of it is improvised; we cannot control all the variables. We must live it with panache and flair, regardless of what it throws at us.” _Haemin Sunim

…জীৱন জীৱন…

জীৱন জীয়াৰ কত ৰকমৰ যে কথা কৈ গৈছে কতজনে ! আন কোনোবা এজনৰ জীৱনধাৰাৰে অন্য কোনোবা এজনে নিজৰ জীৱনটো জীয়াব পাৰে জানো ? নোৱাৰে চাগৈ ! প্রতিটো জীৱনেই তো ক’ৰবাত নহয় ক’ৰবাত বেলেগ হয়েই ! বাটৰ কাষৰ ভিক্ষাৰী এজন আৰু ঠাণ্ডা-গৰমৰ অনুভৱ কৰিব নোৱাৰা এ চি ৰূমত জীৱন কটোৱা এজনৰ জীৱন একে নোহোৱাৰ দৰে… । জীৱনৰ প্রতি দৃষ্টিভংগী নিজৰ জীৱনটোৰ ওপৰতে নির্ভৰ কৰে নেকি বাৰু ? সৰুৰেপৰা চাৰিচকীয়া গাড়ীত উঠি স্কুললৈ যোৱা কোনো শিশুৰ জীৱন আৰু শুই উঠি খেতিয়ক দেউতাকক পথাৰত সহায় কৰি উঠি দৌৰি-ভাগৰি স্কুললৈ যোৱা শিশুৰ জীৱন জানো একেই হ’ব ! উপলব্ধিখিনিও সেয়ে হয়তো বেলেগ বেলেগ হ’ব !................... তথাপিও কিন্তু জীৱনটো ক’ৰবাত একেই । সেয়ে আমি মিল বিচাৰি পাওঁ । সেই মিলখিনিয়ে (বা অমিলখিনিয়ে) আমাৰ জীৱনৰ প্রতি ওপজা উপলব্ধিখিনিক চহকী কৰে, বাট একোটা মুকলি কৰি দিয়ে মূৰ তুলি ওপৰলৈ চাব পৰাকৈ ।  

জীৱনৰ প্রতি কৈ যোৱা বহুজনৰ বহু কথা ময়ো মানো । কিন্তু কোনো ব্যক্তি বিশেষকে সম্পূর্ণ ১০০% মানি ল’ব নোৱাৰো । ক’ৰবাত কোনোবা একোটা কথাত হয়তো সহমত প্রকাশ কৰিব নোৱাৰো । সেয়া লাগিলে নেদেখা ঈশ্বৰেই হওক, কোনো ধর্মগুৰু বা কোনো মহীয়সী ব্যক্তিয়েই হওক অথবা মোৰ আপোন কোনো প্রিয় ব্যক্তিয়েই হওক । কিন্তু এইটোও ঠিক যিখিনি মোৰ ভাললগা তাক মোৰ লগতেই ৰাখো, মানি চলো, আদৰ-সন্মান কৰো ।

…নাজানো, সেয়ে কিজানি কোনোবা কাৰোবাৰ “ফ’ল’ৱাৰ” হ’লে ভাল লাগে কিন্তু “ক’পি-কেট্” হ’লে আদৰ-মৰমৰ অনুভৱ নাজাগে ! নিজস্বতা নোহোৱা যেন লগা কথাবোৰলৈ মোৰ ভালপোৱা অলপ কম !

 

২৭-০৫-২০২১

“আইচ্ এইজ” এনিমেশ্যন চিনেমাৰ চিৰিজটো হয়তো বহুতে চাইছে । ময়ো চাইছো কেইবাটাও ভাগ । আটাইকেইটা জীৱ-জন্তুৰ ভিতৰত সেই মুখত কোনো সংলাপ নথকা প্রাণীটো যে কি সাংঘাটিক ! তালৈ মোৰ বেয়াও লাগে, হাঁহিও উঠে । সি হ’ল “স্ক্রেট্”- আধা কের্কেটুৱা, আধা এন্দুৰৰ দৰে । সি যে কিমান দৌৰি ফুৰিব লগা হয় সেই এটা এক্রন/অ’কবাদামৰ পিছত । কিমান যে জ্বালা ভুঞ্জে বেচেৰাই ! কিমান যত্ন কৰে অথচ সি সেয়া কেতিয়াওৱে নাপায় । তাক লৈ চিনেমাত কৰা কল্পনাখিনিও কি সাংঘাটিক ! কেতিয়াবা স্পেচ-ক্রাফটত গৈ কোনোবাটো গ্রহত খুন্দা মাৰি দি গোটেই সৌৰজগতেই খেলিমেলিখন কৰি দিয়ে, কেতিয়াবা বৰফৰ মাজত গৈ পৰি কৰা কামবোৰে পৃথিৱীৰ নক্সাই সলনি কৰি দিয়ে !

…কিন্তু সি সেই অ’কবাদামটো কোনোদিনেই নাপায় ! তথাপিও সি কিন্তু কোনোদিন হাৰ মনা নাই । দৌৰি ফুৰিছে তাৰ হেঁপাহৰ অ’কবাদামটোৰ পিছত, ৰৈ যোৱা নাই । এদিন নিশ্চয় পাব ।

তাৰ দৰে হ’ব পৰাটো কিন্তু সাংঘাটিক কথা এটা ! আমি অলপ সময় হে তাৰ দৰে দৌৰি থাকিব পাৰো । বিচৰা কিবা এটা নাপালেই সহজতে হতাশ হৈ বিমুখ হওঁ, ভাগৰ লাগে আৰু সহজতে হাৰ মানি লওঁ । এনেয়ে আওঁৰাই চালো এবাৰ- “Be like Scrat!”

 

২৮-০৫-২০২১

আজিকালি দিনৰ সময়খিনি ৰূমত থাকিবলৈ পোৱা হৈছো । এনেয়ে তো পুৱা ৮ বজাৰপৰা গধূলি ৬ বজালৈ ডিউটিৰ নামতে দিনটো শেষ হয় । বন্ধৰ দিনকেইটা কামৱালি বাই-ধোবী হওঁতেই গুচি যায়, বজাৰ-সমাৰ কৰা হয় নতুবা ঘৰলৈ যোৱা হয় । গতিকে দিনটোক তেনেকৈ পোৱা নহয়, ৰাতিটোহে ৰৈ থাকে মোলৈ !

অলপদিনৰপৰা কোনোবা দিন এটা গোটাকৈ পাইছো (ক’ৰোনাৰ বাবে), বিশেষ চাফ-চাফাই কৰা কামো নাথাকে । অলপ পলমকৈ শুই উঠো, যিহেতু শোৱাও পলম হয় (সেই যে কৈছিলো ৰাতি এটাৰ কথা... হাঃ হাঃ ) । অফিচৰ কৰিবলগীয়া (work from home) কাম থাকিলে কৰো, প্রয়োজনত থাকিবলগীয়া সময়খিনি অনলাইন এভেইলেবল্ থাকো । বিশেষ নাথাকে, কাৰণ মোৰ বেছিখিনি কামেই যিহেতু লেব’ত কৰা পৰীক্ষা-নিৰীক্ষা ভিত্তিক কাম, পেপাৰ ৱর্ক খিনিহে ঘৰৰপৰা কৰিব পাৰি ।

বাৰু যি নহওক, আজি লেব’ৰপৰা আহি লেপ’টপটো খুলি, ফ্ল’ৰ’তে লেপেটা কাঢ়ি বহি ল’লো কিবা কৰো বুলি । দিনত থকা সময়খিনি খিৰিকীখনো আগতকৈ বেছি বহলকৈ খুলি থওঁ, পর্দা কোচাই থওঁ... বতাহ সোমাই, ৰ’দ সোমায়... ।

মন কৰিলো, সেই যে পাৰকেইটা, সিহঁত আজিকালি দুপৰীয়াও আহে । কাৰণটো হ’ল ডিউটিলৈ নোযোৱা দিনা দেৰিকৈ শুই উঠো, গতিকে খিৰিকীৰে চাউল মুঠি চটিয়াই থোৱা কামটোও মোৰ দেৰি হয় । সিহঁতি বেচ্ মনত ৰাখিছে সময়কেইটা ! ৰাতিপুৱা চাউল দিয়াৰ দিনা ঘৰচিৰিকা কেইটা নেদেখো, কিন্তু দুপৰীয়া দিয়াৰ দিনা দেখিছো সিহঁতো আহে ।

আজিও সিহঁতি কিবাকিবি নিজৰ মাজতে কিচিৰ মিচিৰ কৰি চাউল খাই আছে, বতাহ ব’লি থকাৰ বাবে খিৰিকীত লগাই থোৱা অকনমানি উইণ্ড চাইমটোত টুং-টাং কৈ মিহি মিহি শব্দ হৈ আছে, কাষত থকা মানুহবোৰৰ টুকুৰা-টুকুৰ অস্পষ্ট কথাও ভাঁহি আহিছে । গাড়ী-মটৰৰ শব্দ নাই, কোনোবা পাকত কাউৰী দুটামানেহে জোৰকৈ চিঞৰি উঠে, অন্য কিবাকিবি চৰাই-চিৰিকটিৰ মাত ভাঁহি অহাৰ লগতে মানুহৰ ভুণভুণনিও এপাকত বাঢ়ি আহে... কোনোবাই দমকল মৰাৰ শব্দও কাণত পৰে... ক’ৰবাত সৰু ল’ৰা-ছোৱালী কিছুমানে খেলি থকাৰ দৰেও মাত উফৰি আহে । কেতিয়াবা ৰূমৰ জেঠিকেইটাই টিকটিকাই উঠে । কোনোবাই খুব জোৰেৰে ৰূমৰ দুৱাৰ বন্ধ কৰাৰ শব্দ আহে ওপৰৰ ফ্ল’ৰ’ৰপৰা । কোনোবা পাকত পাকঘৰৰ পানী টেপৰপৰা টুপুক কৈ পানীৰ টোপাল এটা পৰা শুনো, ওপৰৰ ফ্ল’ৰ’ত থকা কোনোবাই ৰূমৰ ইফালৰপৰা সিফাললৈ কিবা এটা চোঁচৰাই নিয়ে, কোনোবা এখন ৰে’লে উকি মৰা শুনো, কাৰোবাৰ ঘৰত কুকাৰত হুইছেল মাৰে... ...খিৰিকীৰে চালে দেখা কাষৰ ঘৰটোৰ চাদত কপৌ-শালিকী একোটা নীৰৱে বহি থাকে, আম-নাৰিকল-তামোল গছৰ পাতবোৰ বতাহত ল’ৰি থাকে ! ভাবো, ৱাহ ! ইমানবোৰ উপস্থিতি মোৰ চৌপাশে !

...ভাল লগা অনুভৱ এটাই মনত ক্রিয়া কৰি থকাৰ সময়তে কিবা উদাস উদাস ভাৱ এটাও লগতে আহে ! গানৰ লিষ্ট এখনকে প্লে’ কৰি দিলোঁ ! এপাকত কেদাৰনাথ চিনেমাখনৰ “জয় হো জয় হো শংকাৰা” গানটো বাজিল । লেপেটা কাঢ়ি বহি থকাতে মূৰটো বিচনাত পেলাই সেইটোকে ৰি-প্লে কৰি কেইবাবাৰো শুনিলো... “...Mujhe bharam tha jo hai mera, Tha kabhi nahin mera, Arth kya nirath kya, Job hi hai sabhi tera… Pyaas kya aur tujhe, Ganga hai tere jataon mein…”

…গানটো বাজি আছে, উইণ্ড চাইমটোও… বাকী সকলোবোৰ শব্দ নোহোৱা হৈ গ’ল… আৰু আচৰিত ধৰণে কিবা শূন্য হৈ গ’ল… সকলোবোৰ… কেনেকুৱা অনুভৱ হৈছিল নাজানো… হয় নে এনেকুৱা ? সেই যে এদিন খোজকাঢ়ি আহোঁতে ৰূমৰ গ’লিটো পাৰ হৈ গুচি গৈছিলো একো গম নোপোৱাকে… ঠিক তেনেকুৱা যেন… ব্লেংক… একো ক’ব নোৱাৰো…

না না না, মই শিৱভক্ত নহয় !

 

২৯-০৫-২০২১

মেডিকেল কলেজত কাম কৰি থকা দিনবোৰতে কোনোবা এটা জন্মদিনত লেব’ৰ ভাইটি এটাই বুদ্ধৰ মূর্তি এটা দি কৈছিল- “বাইদেউ, আপোনাৰ কেতিয়াবা বহুত বেছি খং উঠে যে, সেয়ে দিছো এইটো !” আমি হাঁহিছিলো । ল’ৰাটো খুব ভাল । তেতিয়াহে সি ল’ৰা আছিল, এতিয়া সি এজনী স্কুল যাবলৈ আৰম্ভ কৰা ছোৱালীৰ দেউতাক । খুব অ’নেষ্ট্ ল’ৰাটো, নিজৰ কামখিনি মনোযোগেৰে, নিয়াৰিকৈ, কোনো ফাঁকি নিদিয়াকৈ দায়িত্ব বুজি কৰিছিল আৰু নিজৰ সকলো কামতেই সি পটু । তাৰ তেনে স্বভাৱৰ বাবেই আনে তাৰপৰা নিজৰ কামটো উলিয়াই লয় । তথাপিও কিন্তু বহুতে পোৱাৰ দৰে, যোগ্যতা থকা স্বত্বেও কেৱল মাত্র মূৰৰ ওপৰত কাৰোবাৰ দীঘল হাতৰ আশীর্বাদ নথকাৰ বাবেই পার্মানেণ্ট্ ঠাইদোখৰ সি নাপালে । আন বহুজনে কিন্তু কেৱল সেই আশীর্বাদৰ সুবাদতে তেনে এদোখৰ ঠাই লৈ বহি আছে এতিয়া । নাজানো কিয়, সি মোক যথেষ্ট বিশ্বাস কৰিছিল, ভালেমান কথা মোৰ সৈতে ভাগ-বতৰা কৰিছিল; কেতিয়াবা মোৰ কাৰণে দুখ প্রকাশো কৰিছিল (মোৰ নিজৰো দুখ নথকা কিছুমান কথাত, হয়তো সেইখিনিৰ ক’ৰবাত সি নিজকো বিচাৰি পাইছিল) ! ...মোৰ সৰু-সুৰা কিছুমান সমস্যাত তাক বিচাৰিলে সদায় পাইছিলো; ৰূম সলনি কৰিবলৈ, ৰূমত ৰং কৰিবলৈ মানুহ বিচাৰি দিয়া, ব্রেক লৈ ক’ফি একাপ খাবলৈ যোৱাৰপৰা চকু দান কৰিবলৈ কৰণীয় সকলোখিনি কৰাত সহায় কৰি দিয়ালৈকে সি লগত আছিল সদায় । এতিয়াও মাজে-সময়ে ফোন কৰি খবৰ-বাতৰি লয়, নতুন চাকৰিৰ কথা কয়, বহুদিনৰ মূৰকত কেতিয়াবা পাক এটা মাৰি যায়হি ৰূমত । কথাবোৰ খুব ধুনীয়াকৈ কয় সি; ধুনীয়াকৈ মানে... এই ধৰক নিজৰ কিবা সমস্যা এটাৰ কথা ক’লেও ইমান যুতি লগাই কয় যে দুখ-বেজাৰ লাগিবলগীয়া কথাটোতো হাঁহি দিবলগীয়া হয় !

মোৰ বাৰু আগৰ সেই অঁকৰা খঙটো নাই এতিয়া । বুদ্ধৰ মূর্তিটোৰ কথা ভাবিলে তাৰ কথাও মনলৈ আহে । কিছুমান ভাল মানুহ লগ পোৱাৰ বাবে ভাল লাগি যায় মনটো । তেনে মানুহ কিছুমানক আমি পাহৰি পেলাব নোৱাৰো । তাৰ খুব ঈপ্সিত চাকৰিটো নাপালেও সি এতিয়া খুব ধুনীয়াকৈয়ে আছে- পত্নী, জীয়ৰী আৰু মাকৰ সৈতে । ভাল হওক তাৰ !

...............

তেনেকৈয়ে অন্য এটা বুদ্ধৰ মূর্তি বন্ধু এজনে ছিকিমৰপৰা আনি দিছিল । কোনোবাই কৃষ্ণৰ মূর্তি এটা, আন কোনোবাই গণেশৰ মূর্তি এটা দিছিল; এতিয়াৰ লেব’ৰ ভাইটি এটাই কোনোবা দেৱীৰ মূর্তি এটা দিছিল, বাইদেউ এগৰাকী ক’ৰবাত ফুৰিবলৈ গৈ ফ্রেম কৰা কোনো দেৱীৰ সৰু সৰু ফটো দুখনমান দিছিল ! তেনেকৈ পোৱা সকলোবোৰ দেৱ-দেৱী-ভগৱান-ঈশ্বৰকে (বুদ্ধৰ মূর্তিকেইটা বাদ দি) থাপনা পাতি থৈ দিছো । পুৱা-গধূলি ধূপ একোদাল জ্বলাওঁ । কিন্তু মই নিজেও নাজানো কাকনো স্মৰণ কৰো বা কাৰ নামত নো প্রার্থনা কৰো ! সেই সৰুতে গোৱা প্রার্থনাৰ ভিতৰৰ কোনোবা এটা মনতে গাই থওঁ মাত্র ! ...কিয়বা মই এনেকুৱা নাজানো !

 

৩০-০৫-২০২১

স্কুল যাবলৈ যেতিয়া আৰম্ভ কৰিছিলো তেতিয়া ঘৰলৈ আহিলে (মামাৰ ঘৰত আছিলো যে) দেউতালৈ বিশেষ এটা কাৰণত কেতিয়াবা দুই-তিনি শাৰী বাক্যৰ চিঠি লেখি চোলাৰ পকেটত থৈ গৈছিলো মনে মনে । সেয়া আছিল মই লিখা প্রথম চিঠি । তাৰপিছত চাগৈ দর্খাস্ত হে লিখিছিলো নেকি “শ্রীল শ্রীযুক্ত……..অধিনীৰ বিনীত নিবেদন এইযে….” বুলি আৰম্ভ কৰা ! তাৰ কিছু সময়ৰ পিছত, কোন শ্রেণীত আছিলো মনত নাই সঠিক; মাজু মামা ইঞ্জিনিয়াৰিঙৰ ছাত্র হৈ থাকোতে AEC ৰপৰা দার্জিলিঙলৈ গৈছিল । সেই যাত্রাৰ খুব সুন্দৰ বর্ণনা কৰি তেওঁ মোলৈ এখন চিঠি পঠিয়াইছিল ডাকত । কেইবাপৃষ্ঠাৰো সেই চিঠিখনত কি কি আছিল পাহৰিলো, কিন্তু হাতেৰে ধুকি পোৱা যেন লগা বগা বগা ডাৱৰ উৰি ফুৰাৰ কথা আৰু পাহাৰবোৰৰ কথা যে লেখিছিল সেয়া মনত আছে । অৱশ্যে সেই চিঠিৰ উত্তৰ মই দিছিলো নে নাই মনত নাই ।

তাৰপিছত অপৰিপক্ক অনুভৱেৰে কেইখনমান চিঠিৰ আদান-প্রদান হৈছিল বাৰু নৱম-দশম শ্রেণীত থাকোতে ! হিঃ হিঃ… সেয়া কালৰ সোঁতত বাৰু সেই তেতিয়াই উটি গ’ল ।

হায়াৰ ছেকেণ্ডেৰীৰ ফাইনেল পৰীক্ষা আমাৰ কলেজতে আন দুখনমান জুনিয়ৰ ক’লেজৰ ছাত্র-ছাত্রীয়েও দিবলৈ আহিছিল । তেনে এখন জুনিয়ৰ ক’লেজৰে ল’ৰা-ছোৱালী দুজনমান আমাৰ সৈতে চিনাকী হৈছিল । তাৰ মাজত নাগালেণ্ডৰ ল’ৰা এজনো আছিল । কিয় কেনেকৈ মোৰ প’ষ্টেল এদ্রেছটো সেই ল’ৰাজনে বিচাৰিছিল পাহৰিলো ! আৰু ডিগ্রী ফার্ষ্ট ইয়েৰত মেজৰৰ ক্লাচ কৰি থকা দিন এটাত সেই ল’ৰাজনৰ চিঠি এখন পাইছিলো । সেয়া একেবাৰেই আকস্মিক আৰু খুব আচৰিত আছিল মোৰ বাবে । ইংৰাজীত লেখা এখন চিঠি । চিঠিখনৰ কথাবোৰ খুব ভাল বন্ধু এজনলৈ লিখাৰ দৰে আছিল, অথচ সেই পৰীক্ষাৰ তিনি-চাৰিটা দিন হে কেৱল আমি লগ পাইছিলো । হায়াৰ ছেকেণ্ডেৰীৰ ফাইনেল পৰীক্ষা দি নিজৰ ঠাইলৈ গুচি যাবলৈ লোৱা অনুভৱ, বন্ধু-বান্ধৱীসকলক এৰি যোৱাৰ দুখ, গাড়ীৰে গৈ থাকোতে নিজে থকা হোষ্টেলটো দেখাৰ সময়ত হোৱা অনুভৱ ইত্যাদিবোৰ খুব ধুনীয়াকৈ বর্ণনা কৰিছিল ল’ৰাজনে । চিঠিখন পঢ়ি উঠি কিবা এক অজান আনন্দ অনুভৱ হৈছিল তেতিয়া । ভাবিছিলো, নিজৰ কলেজৰ কোনো বন্ধুলৈয়ো বাৰু লিখিছে নে চিঠি ? মোলৈ বাৰু কিয় লিখিল !!

ইমান ইংৰাজী নাজানিলেও খুব সাৱধানেৰে চিঠিখনৰ উত্তৰ লেখিছিলো । যথেষ্ট চুটি চিঠি আছিল সেইখন । মোৰ চিঠিখন সেই বন্ধুজনে পালে নে নাপালে জানিব নোৱাৰিলো কাৰণ চিঠিখনৰ উত্তৰ নাহিল ! তথাপিও অলপদিন বাট চাইছিলো । ভাবিছিলো, হয়তো তাহাঁতৰ ঠিকনা সলনি হ’ল কিজানি ! মই বাৰু ডিগ্রীৰ তিনিবছৰ একেটা ভাড়াঘৰতে আছিলো । সেই দুদিনীয়া বন্ধুজনৰ নামটোও পাহৰিলো, চিঠিখনো যতনেৰে থোৱাৰ পিছতো এদিন নোহোৱা হৈ থাকিল ! কিন্তু এতিয়াও মোৰ মাজে মাজে সেই বন্ধুজনৰ কথা মনলৈ আহে । তেতিয়াৰ চেহেৰাটো মনত পেলাব বিচাৰিলেও মনত নপৰে অৱশ্যে !

নাই, তাৰপিছত মোলৈ কোনোবাই কলেমেৰে চিঠি লিখাৰ কথা মনত নপৰে । মই কিন্তু লেখিছিলো- এখন । সেইখন নিজৰ ঠিকনাত গৈ পাইছিল যদিও তাৰ উত্তৰ নাহিল বাৰু । নাই নাই, কোনোবা প্রেমিকলৈ লিখা নাছিলো । হাঃ হাঃ …

তাৰ পিছত বাৰু হাতৰ মুঠিতে থকা কাণ ফুচফুচ আহিলত চিঠিৰ দিন উকলিল ।

…তথাপিও কোনোবা সময়ত আশা কৰিছিলো কাৰোবাৰ চিঠি এখন পঢ়িবলৈ । আলফুল আলসুৱা আপোন আপোন লগা অনুভৱেৰে সেমেকা চিঠি এখন পঢ়িবলৈ যেন বাট চাই আছিলো ।

(পাহৰিছো, প্রায় ৮-৯ বছৰৰ আগতে ফে’চবুকৰ ভন্টী দেৱাশ্রীয়ে চিঠি এখন লেখিছিল মোলৈ, কোনোবা এখন কিতাপৰ বিষয় লৈ আছিল চাগৈ । ফে’চবুকৰে কোনোবা এটা গ্রুপত অৱশ্যে দুখনমান চিঠি লেখিছিলো ।…সেয়া আছিল ভার্ছুৱেল পৃথিৱী !)

যি নহওক, আশা কৰাৰ দৰে চিঠি এখন পঢ়িবলৈ নাপালো । …আৰু এদিন চিঠি এখন পাইছিলো… বতাহৰ পিঠিত উঠি অহা… ময়ো বতাহৰ পিঠিত পঠোৱা কথাবোৰৰ বিপৰীতে হোৱা প্রতিক্রিয়া আছিল সেয়া ! (হয়তো) মই আশা কৰা চিঠিখনৰ সম্পূর্ণ বিপৰীত ! আচম্বিতে কিবা এটা যেন মৰি গৈছিল মোৰ ভিতৰত ! কেতিয়াও নোহোৱা কেনে আচহুৱা অনুভৱ হৈছিল নাজানো ! কিমানবাৰ পঢ়িছো হিচাপ নাই !

………যদিওবা সি মোক চিৰদিন দুখী কৰি ৰাখিব, তাৰ মাজতে কোনোবা এক পলত সুখী হৈ হাঁহিবও পাৰিম ! কাৰণ তাত আছে কোনোবাৰ কাৰোবাৰ প্রতি অলেখ-অযুত-অপৰিসীম ভালপোৱাৰ স্বাক্ষৰ ! (অস্পষ্ট যেন অনুভৱ হ’লেও, মোৰ প্রতিও কিঞ্চিৎ ক’ৰবাত মৰম এচিকুট আছে বুলি নিজকে পতিয়ন নিয়াই লৈছো বহুবাৰ পঢ়ি উঠি; মোৰ বাবে সেয়া আপুৰুগীয়া সম্পদৰ দৰে !)

…আৰু চিঠি পঢ়াৰ হাবিয়াস নাই এতিয়া ! :)

 

৩১-০৫-২০২১

কুৰিয়ান চিনেমা এখন চাইছিলো অলপ দিন আগতে- “Treeless Mountain”. সেই যে কুৰিয়ান চিনেমাত দুখ থাকেই... এইখনতো আছিল ! কণমানি দুজনী বায়েক-ভনীয়েক । দেউতাকে মাকৰ সৈতে এৰি থৈ যায় । এটা সময়ত মাকেও অভাৱত পৰি, থকা ঠাই এৰি দিব লগা হয় আৰু ছোৱালী দুজনীক সম্পর্কীয় এগৰাকীৰ ঘৰলৈ লৈ যায় । তাতে ছোৱালী দুজনীক ‘পিগি-বেংক’ এটা দি মাকে কয় যে, তেওঁ তাহাতৰ দেউতাকৰ ওচৰলৈ যায়; যেতিয়া ‘পিগি বেংক’টো ‘বিগ-আন্টি’য়ে তাহাঁতৰ প্রতিদিনৰ ভাল ব্যৱহাৰৰ বাবে দিয়া মুদ্রাবোৰেৰে ভর্তি কৰিব পাৰিব সেইদিনা তেওঁ উভতি আহিব ।

চিনেমাখনত সংলাপ তেনেকৈ নাই । সৰু ছোৱালী দুজনীৰ অভিনয় সাংঘাটিক ! ছয় বছৰীয়া বায়েক ‘জিন্' আৰু ভনীয়েক ‘ছিন্’ । মোৰ ভাল লগা টুকুৰা টুকুৰ ভালেমান দৃশ্য আছে ।

#মাকলৈ বাট চাই থাকোতে সৰু ছোৱালীজনীয়ে পাত নাইকিয়া গছৰ ডাল এটা দেখুৱাই বায়েকক কয়- চোৱা মই গছ এজোপা আনিছো । বায়েকে কয় যে সেয়া ইতিমধ্যেই মৃত । ভনীয়কে কয়- নাই, ই এতিয়াও জীয়াই আছে । দুয়ো মিলি গছৰ ডালটো ৰুই দিয়ে ।

#তাহাঁতৰ ‘বিগ-আন্টি’গৰাকী এলক’হলিক । কেতিয়াবা আহাৰ তৈয়াৰ নকৰাৰ বাবে দুয়োজনী লঘোণত থাকে । এদিন ভনীয়েকজনীয়ে জুইত পোৰা ‘টেষ্টি’ ফৰিং খাবলৈ পায় খেলাৰ লগৰীৰপৰা । বায়েকে সেয়া জানিব পাৰি ফৰিং ধৰি ধৰি জুইত পুৰি বিক্রী কৰে; পিগি-বেংকটো ভর্তি হ’লেই মাক আহিব যে !

#এদিন পিংগি-বেংকটোৰ বেয়া হৈ যোৱা চকু এটা ঠিক কৰি থাকোতে ভনীয়েকে তাৰপৰা ওলাই পৰা মুদ্রা এটা পায় । তাৰে তাই মিঠাই এটা কিনি খাই আৰু দোকানীগৰাকীয়ে কেইবাটাও মুদ্রা তাইক ওভতাই দিয়ে । তাই বায়েকক আহি কয়হি যে এটা মুদ্রা দিয়াৰ বিনিময়ত তাই বহুকেইটা মুদ্রা পালে ! দুয়োজনী দৌৰি দৌৰি গৈ আটাইখিনি মুদ্রা ভঙুৱাই আনেগৈ ! পিগি-বেংকটো ভর্তি হৈ উঠে ! আসঃ ! মুদ্রাৰ মূল্যটোৰতো প্রয়োজন নাই, মাত্র যিকোনো উপায়েৰে পিগি-বেংকটো ভর্তি হ’ব লাগে !

#পিগি-বেংকটো ভর্তি হয় যদিও তাহাঁতৰ মাক উভতি নাহে । মাকৰ চিঠিমতে এদিন ‘বিগ-আন্টি’য়ে দুয়োজনীকে ককাক-আইতাকৰ ওচৰত থৈ আহেগৈ । ককাকে দুয়োজনীকে গ্রহণ নকৰিলেও আইতাকে আদৰি লয় । এদিন জুইৰ কাষত বহি থাকোতে ডাঙৰ ছোৱালীজনীয়ে শীতত পিন্ধিবলৈ জোতা আনি দিবনে বুলি আইতাকক সুধে । আইতাকে নিশ্চয় আনি দিম বুলি কয় । সৰুজনীয়ে তেতিয়া আইতাকৰ ভৰিলৈ আঙুলিয়াই কয়- “আইতাৰ জোতাত দেখোন ফুটা আছে !” পিছদিনা দুয়োজনীয়ে ‘পিগি-বেংক’টো আনি আইতাকক দিয়ে আৰু নিজৰ বাবে জোতা কিনি ল’বলৈ কয় !

এনেকুৱা আৰু সৰু সৰু দৃশ্য আছে, ভাল লগা ! বিশেষকৈ ভনীয়েকৰ যোগেদি দেখুওৱা কিছুমান কথা- জ্বলি যোৱা ফৰিং বিক্রী নকৰিবলৈ বায়েকক কোৱাটো, বায়েকে ৰাতি বিছনাত প্রস্বাৱ কৰে কিন্তু ‘বিগ-আন্টি’য়ে তাইক হে গালি পাৰে যদিও তাই কৈ নিদিয়ে বায়েকৰ কথা । চিনেমাখনৰ শেষত অনুভৱ হয় আৰু অলপ কাহিনীটো আগবঢ়াহেঁতেন ! প্রথমতে জিনে ভনীয়েক ছিনক মৰম নকৰিছিল কিন্তু শেষত তাই আইতাকক দেখি দেখি নিজৰ ভুল উপলব্ধি কৰে । শেষৰ দৃশ্যাংশত দুয়োজনীয়ে ‘পিংকি প্রমিজ’ কৰে যে তাহাঁতৰ মাক এদিন উভতি আহিব । সূর্যোদয় হয়- দুয়োজনীয়ে পুনৰ ফৰিং ধৰিবলৈ যায় । ঘূৰি আহোঁতে গাই গাই আহে- “I want to walk up the side of a mountain/ I want to walk down the other side of the mountain/ I want to swim in a river, and lie in the Sun/ I want to try to be nice... to everyone.”

...এনেকৈয়ে চিনেমাখন শেষ হৈছে ।

 

ক’ৰবাত গৈ গৈ কথাবোৰ জীৱনটোৱে নিজেই বুজাই দিয়ে । নিজে বুজি পালেই ভাল ।

.......................

#ইমানদিনে কথাবোৰ লিখি থকাৰ কাৰণটো হ’ল, নিজকে পৰীক্ষা কৰি চাব বিচাৰিছিলো- পাৰিমনে ? পাৰি । আচলতে ইচ্ছা কৰিলেই বহুত কাম কৰিব পাৰি । আৰু ইমানদিনে নিজকে পঢ়ি চাই উপলব্ধি হ’ল যে একেবোৰ কথাই ঘূৰি ফুৰে জীৱনটোত । কেতিয়াবা ‘আজি’ৰ সৈতে এচিকুট নতুককৈ যোগ হয় আৰু কেতিয়াবা এচিকুট পুৰণি ! কেতিয়াবা কিছু গুচি যায়, কেতিয়াবা কিছু ৰৈ যায়... । গতিকে ঠিক কৰিলো একেবোৰ কথাকেই আৰু ঘূৰাই-পকাই লিখি নাথাকো । আৰু নিজৰেই হাঁহি উঠা কথা এটা হ’ল কিছুমান ইম’চন্ এই বয়সত আৰু শোভা নাপায়, যদিও মই নিজকে বুঢ়া বুলি নাভাবো ! হাঃ হাঃ হাঃ ...

#আগৰ কিবাকিবি লেখাবোৰ (?) পঢ়ি চালে ভালেমান বানান ভুল/ বাক্য-গাঁঠনিৰ ভুল দেখা পাওঁ । থাকিবলৈ দিছো, নিজৰ ভুলবোৰো চকুত পৰি থাকিব লাগে মাজে সময়ে...  যাতে আগলৈ একেবোৰ ভুল নহয় ।

...অৱশ্যেই নিজৰ সৈতে কথা-বার্তা জাৰি থাকিব... শেষ দিনলৈকে...  সেই যে- কিছুমান কাম নকৰিবলৈকে কিছুমান কাম কৰি থাকিব লাগে । নিজৰ বাদে নিজলৈ আৰু একো ৰৈ নাথাকে ! ইন্টাৰনেটৰ পৃথিৱীখনত পাইছিলো- “I want to be like the fireflies, Brighten up on the darkest days of my life then shine outside the window of a broken soul, And become the smile on that face.”_ Unknown

নিজৰ জোনাকী নিজে হ’ব পৰাতেই জীৱন জীওৱাটো ধুনীয়া হোৱা ! :) :)

 


Post a Comment

0 Comments