০১-০৪-২০২১
গধূলি
বাছৰপৰা নামি খোজ কাঢ়ি আহিলে আজিকালি কিবা আপোন পাহৰা ধৰণৰ হৈ থাকো নে কি নাজানো !
আজি আহি
থাকোতে ‘বেক্-পেক্’টোৰ
চাইদৰ পকেটত থকা মোবাইলটো উলিয়াই সময় চালো ! চিপ্ চিপ্ বৰষুণ ! তেনেতে পাৰ হৈ যোৱা
অট’খনৰপৰা কোনোবাই কিবা চিঞৰি যোৱা যেন পালো ! বিশেষ চিন্তা
নকৰি খোজকাঢ়ি থাকিলো ! আগলৈ চাই দেখিলো অলপ দূৰৰ অট’ এখনৰপৰা
থিয় হৈ ল’ৰা এজনে মোৰফালে চাই পুনৰ চিঞৰি গ’ল- ‘পইচা’ বুলি কোৱা
যেন শুনিলো ! মনত পৰিল মোবাইলটোৰ লগতে দহ টকা এটাও আছিল পকেটটোত ! খুব এটা মন যোৱা
নাছিল উভতি যাবলৈ, ইয়াকে ভাবি যে দহ টকা হে ! কিন্তু
দেখিলো অট’খনৰপৰা মূৰ এটা তেতিয়াও বাহিৰ ওলাই মোৰ ফালে চাই
চাই গৈ আছে ! মই উভতি খোজ লোৱাত সেই অচিনাকী মূৰটো যেনিবা অট’খনৰ ভিতৰলৈ সোমাল ! হয়তো ১০-১২ ছেকেণ্ডত গোটেই কথাকেইটা হ’ল ! উভতি গৈ ৰাস্তাত পৰি থকা দহ টকাটো বুটলি ল’লো ।
মই উভতি
নহা হ’লে হয়তো ল’ৰাজনৰ
মনটো বেয়া লাগি থাকিলহেঁতেন ! দহ টকাৰ মূল্যটো বহুত বেছি যেন লাগিল মোৰ সেই সময়ত !
ল’ৰাজনৰ কথা ভাবি ভাবিয়েই মোৰো মনটো ভাল লাগি থাকিল ! মনতে
ধন্যবাদ দিলো অচিনাকী ল’ৰাজনক ! ‘ভাল’ৰ সৰু-বৰ নাথাকে ! মূল্য থাকেনে ?
০২-০৪-২০২১
কালি
ৰাতি ইহঁত কেইজনীয়ে গ্রুপত দুটকীয়া আৰু পাঁচটকীয়া মুদ্রাৰ ফটো এখন দি কথা পাতি
আছিল ! সঁচাকৈ, ফটোখনত লিখাৰ দৰেই নব্বৈ দশকত আমাৰ
দৰে নিম্ন-মধ্যবিত্তীয় পৰিয়ালৰ ল’ৰা-ছোৱালীৰ বাবে সেই
দুই-পাঁচ টকাৰ “পকেট মানি” যথেষ্ট
আছিল ! আমাৰ দৰে গাঁৱৰ স্কুলত পঢ়াবিলাকৰ টিফিন বুলি ‘কনচেপ্টে’ই নাছিল, আছিল “পানী
খোৱা ছুটি” ! আমি খাইছিলো পঞ্চাছ পইচাৰ দালবুট বা মটৰ
চানা ! দশম শ্রেণীলৈকে সেয়াই আছিল আমাৰ টিফিন ! চহৰত পঢ়িবলৈ আহি যেতিয়া মাজে মাজে
বাছেৰে ঘৰলৈ যাওঁ, ভাড়া আছিল বিশ টকা !
পাঁচ
পইচা, দহ পইচা, চাৰি অনা, আঠ অনা... এটকা ! কথাবোৰ এতিয়া কিবা
সাধু কথাৰ দৰেই লাগে !
কালিৰ
দহ টকাটোৰ মূল্য যেন বাঢ়ি বাঢ়ি গৈ থাকিল মোৰ বাবে ! আজিৰ কথাবোৰো এদিন সাধুকথা হ’ব !
০৩-০৪-২০২১
বহুতে
ভাৱে এনিমেশ্ব্যন চিনেমাবোৰ কেৱল সৰু ল’ৰা-ছোৱালীৰ বাবে ! মই কিন্তু তেনেকৈ নাভাবো । মই চাওঁ, এতিয়াও
চাওঁ; নিজকে সৰু ল’ৰা-ছোৱালীৰ দৰে অনুভৱ এটা নোহোৱা নহয়, হয় ! হয়তো তেনে অনুভৱ হয় বাবেই তেনে চিনেমা এখনে মোক কিবা এটা শিকাই থৈ যায়, নতুনকৈ ! বুঢ়া হ’লো, সব জানোৱেই বুলি ধৰি ল’লে দেখোন… … ! তেনেকৈ ভাবিবলৈ অকনো মন নাযায় ।
“SOUL” চালোঁ ! আমি হ’বলৈ
বিচাৰো কিবা এটা, হৈ উঠো কিবা এটা ! কিন্তু সময়ত সেই কৰিব নিবিচৰা কামটোত আমি ইমানেই পৰিপক্ক হৈ উঠো যে মানুহে
ভাবে আমি যেন সেই কামৰ বাবেই জন্ম লৈছো ! চুলি কটা নাপিতজনৰ দৰে- তেওঁ হ’ব বিচাৰিছিল কিবা কিন্তু প্রয়োজনত তেওঁ হ’লগৈ নাপিত
। তেওঁ অনুভৱ কৰে যে তথাপিও তেওঁ মানুহক সহায় কৰিব পাৰিছে আৰু তেনেকৈ তেওঁ নিজকো
সহায় কৰিছে, সিয়ে তেওঁক সুখী কৰিছে ! কৰিব নোৱাৰাখিনিৰ
বাবে তেওঁ দুখী নহয়, পোৱাখিনিক লৈ তেওঁ সন্তুষ্ট !
আমি যি
বিচাৰি হাবাথুৰি খাই ফুৰো, সেয়া আচলতে আমাৰ লগতেই থাকে ! আমি
যি কৰি আছো, আমাৰ যি আছে সেয়াই আচলতে আমাৰ জীৱনৰ PURPOSE
! আমি বহুত ডাঙৰ কিবা এটা কৰাৰ সপোনৰ পিছত দৌৰো, তাকে নাপালে দুখী হওঁ, কিন্তু জীৱনটো আচলতে
আমাৰ দৈনন্দিন সৰু সৰু কথাবোৰেহে ধুনীয়া কৰি ৰাখে !
চিনেমাখনত
কোৱা সাধু এটা-
“A
younger fish swims up to an older fish and says: I’m trying to find this
thing call the ocean.
The
older fish says: The Ocean? That’s what you’re in right now.
The
younger fish says: This? This is water. What I want is the ocean.”
সাগৰ
বিচাৰি ফুৰা মাছটোৰ দৰে- আমি বহুত কিবা এটা বিচাৰি ফুৰোঁতে গমেই নাপাওঁ যে সেয়া
আমাৰ লগতেই আছে ! জীৱনটোত বৰ কিবা এটা কৰিম বুলি হাবাথুৰি খাই দৌৰি থাকোতে আমি
জীৱনটোক জীয়াবলৈকে পাহৰি যাওঁ ! Appreciate the little things
in life !
বহুত
কথা আছে চিনেমাখনত । চালে বুজি পোৱা যাব । “দ্য এলকেমিষ্ট্”ৰ লগতো হয়তো অলপ মিলে ।
০৪-০৪-২০২১
“ছাংলট ফেনলা” ! বিপ্লৱৰ সেনানী !
পঢ়ি আছো
! কোনো কোনো ঠাইত দুচকু ভৰি আহে অচিনাকী মানুহ কিছুমানৰ কথা পঢ়ি !
দিগন্তই
ঠিকেই তো কৈছিল- “চৰকাৰৰ ৰক্ষণাবেক্ষণত
সুবিধাবাদীৰ হে জন্ম হ’ব পাৰে, বিপ্লৱী
বাহিনীৰ নহয় ।” ...আৰু “নিজৰ
জীৱনকালত যিয়ে সকলো সম্পূর্ণ হোৱাটো বিচাৰে, লক্ষ্য আৰু
আদর্শৰ সৈতে একোটা ঐতিহাসিক সন্ধিক্ষণত প্রথম আপোচো কৰে তেৱেঁই ।”
সেয়াই
জানো সঁচা হৈ নুঠিল ? যি লক্ষ্য আৰু আদর্শক বুকুত
বান্ধি ঘৰৰ একমাত্র ল’ৰাটো স্বাধীনতাৰ সপোনৰ পিছত ওলাই গৈছিল; কলেজ পঢ়ি থকা, ঘৰৰ ভৰসা ল’ৰাটোৱে মাক আৰু বায়েকক ঘৰত এৰি থৈ গৈছিল; ভায়েক/পুতেকৰ
বাবে কোনো ককায়েক/বাপেকে শাস্তি বুকু পাতি লৈছিল, কত
মাকৰ একমাত্র ল’ৰাটো মৰি গৈছিল, সতীর্থৰ
জীৱন ৰক্ষাৰ বাবেই কিমানে নিজেই মৃত্যুক আকোৱালি লৈছিল... সেই সকলোবোৰ কিছুমান
সুবিধাবাদীৰ আপোচৰ বাবেই জানো ফুটুকাৰ ফেন হৈ নপৰিল !
নব্বৈ
দশকৰ আৰম্ভণিলৈ যদি উভতি চাওঁ, আমি শুনিছিলো
তেতিয়া অনেক কথা... ‘কাচিন’ কি
ঠাই জনা নাছিলো, সেই বয়সত ভালকৈ নুবুজিলেও দেখিছিলো
কথাবোৰ নিজৰ চকুৰ আগতে ! দেখিছিলো- বহুতে নিজে নাখাই খোৱাইছিল, বিপদ বুলি জানিও ঘৰত ৰাখিছিল, গৌৰৱ কৰিছিল, আশা কৰিছিল... স্বাধীনতা নুবুজিলেও যেন বুজিছিল তাৰ বাবে ওলাই অহা সেই
সেনানীক !
...লক্ষ্য
আৰু আদর্শৰ সৈতে আপোচ নকৰাকৈ যিসকল স্বাধীনতাৰ বাবে মৰি গ’ল, কোনে হিচাপ ৰাখিছে সেই সকলৰ ? কোনে চিনে এতিয়া তেওঁলোকক ? অখ্যাত
বিপ্লৱী !
সুবিধাবাদী
দালালৰ বাবে মৰি থাকিল হাজাৰ সূর্য ! আত্মত্যাগৰ অপচয় হ’ল ! বিশ্বাসৰ অপমৃত্যু হ’ল ! বেহিচাপ...
পূৱৰ
দুৱাৰ আজিও খোল নাখালে ! পৰাধীন, শোষিত, গোলাম... ৰাইজেই ৰজা হ’ব নোৱাৰিল !
০৫-০৪-২০২১
নিগনি
এটা ভালেমান দিনৰপৰা ৰূমত আলহী ফুৰিবলৈ আহি আছিল ! কাষৰ ৰূমবিলাকলৈও যায় ! ময়ো
হকাবধা কৰা নাছিলো ! কিন্তু তাৰে সুবিধা লৈ সি কিঞ্চিৎ ক্ষতি কৰিলে মোৰ ! ভাইটি
এটাই নিগনি ধৰা ফান্দ এখন যোগাৰ কৰি দিলে, আঠা থকা । তাকে
এঠাইত থৈ দিলো যদিও সেয়া পাত্তাই নিদি আলহী আহিয়েই থাকিল । আজি ফান্দখনৰ ঠাইখিনি
সলাই দিয়াত হঠাতে একো ধৰিব নোৱাৰি আলহী ফান্দৰ আঠাত লাগি ধৰি ল’ৰিব নোৱাৰা হ’ল ! খন্তেক ৰৈ ৰৈ চিঞৰি থাকিল ! বেয়াও
লাগিল ! একেবাৰে তলত গৈ কোনো ৰকম আঠাৰ ফান্দৰপৰা এৰুৱাই আলহীক এৰি আহিলো ! নাজানো
বাচিব নে নাই ! বাচিলে ভাল !
বেছি
ভাল হ’লেও বোলে বেয়া ! মোৰ কিতাপবোৰো কুটিব বুলি
ভয়তে কামটো কৰিলো ! জানি-বুজি নিজৰ অনিষ্টও কৰিব নালাগে হেনো ।
০৬-০৪-২০২১
আমাৰ
অফিচত কিবা “স্বচ্ছতা সপ্তাহ”ৰ বেনাৰ এখন দেখিলো । হেড্ কোৱার্টাৰত এইবোৰৰো ৰিপ’র্ট
দিব লাগে আজিকালি ! ইয়াৰ লগতে সংগতি ৰাখি ওচৰৰ স্কুল কিছুমানত ছৱি অঁকা
প্রতিযোগিতা পাতিছিল হেনো, তাৰে ছৱিবোৰ আনি আমাৰ
ডিপার্টমেণ্টৰে মহিলা বৈজ্ঞানিক এগৰাকীক পুৰস্কাৰৰ বাবে ‘চিলেক্ট’ কৰিবলৈ দি থৈ গ’ল
এজনে । তেখেতে আমাকো মাতি দেখুৱালে ছৱিবোৰ ।
এটা
গ্রুপৰ এখন ছৱিত দাষ্টবিনত জাৱৰ পেলোৱাৰপৰা লৈ নদীত পেলোৱা জাৱৰ-জোথৰবোৰ তুলি আনি
নদী পৰিষ্কাৰ কৰাৰ কথাটো বুজাবলৈ চেষ্টা কৰিছে ! ছৱিখনত ৰং নাই, কেৱল কাঠ পেঞ্চিলে আঁকিছে । তেওঁ সেইখনকে এক নম্বৰত ৰাখিলে । কোনোবা এখন
কেৱল পেঞ্চিলেৰে ভাল স্কেচ্ছ কৰিছে ! তেনেকৈয়ে বাকী কেইখনো বাচি উলিওৱা হ’ল ।
গধূলি
জানিব পাৰিলো, যিজনে ছৱিখিনি তেওঁক দি গৈছিল
তেখেতে আহি ৰঙীন ছৱিবোৰক হে আগত ৰাখিবলৈ ক’লে ! আমি
দেখিছিলো- ৰঙীন ছৱিবোৰত এজোপা গছ আছিল, ল’ৰা-ছোৱালী দুটামান আছিল যি তলসৰা পাতবোৰ ঝাৰুৰে সাৰি আছিল আৰু কিছুমানত
এটা দাষ্টবিন্ আছিল !
বাছত
আহি থাকোতে ভাবি আহিলো- ছৱিবোৰ দি যোৱা জনে যদি নিজেই জানিছিল/পাৰিছিল ‘বেষ্ট চিলেক্ট’ কৰিবলৈ, আনগৰাকীক কিয় দিছিল তেন্তে ! দিছিল যদি তেওঁৰ বাছনিক গুৰত্বই নিদিলে কিয় !
...প্রতিযোগিতাবোৰ
পাতিছিল ভিতৰুৱা গাঁৱৰ অসমীয়া মাধ্যমৰ স্কুল কেইখনমানত ! আজিকালি কোনবিলাক ল’ৰা-ছোৱালী এনে স্কুলত পঢ়িবলৈ যায় ?! সিহঁত
আটাইৰে ওচৰত বাৰু ৰঙীন পেঞ্চিলবোৰ আছিল নে ?
ক’লা-বগা চিন্তাবোৰ ভাল নহয় চাগৈ !
০৭-০৪-২০২১
সেই
একেই... “স্বচ্ছতা সপ্তাহ”ৰ লগত সংগতি ৰাখি আয়োজন কৰা কিবা এটাৰ বাবেই আজি স্কুলৰ ল’ৰা-ছোৱালী কিছুমান আহিছিল । কোনে কি দেখুৱালে, বুজালে
চাবলৈ যোৱা নহ’ল মোৰ । পিছত শুনা পালো যে ইয়াৰোপৰি “বৃক্ষৰোপন” কৰা হ’ল ।
কেম্পাছৰ চাফ-চিকুনত নিয়োজিত থকা সকলে চাফ-চিকুন কৰি মাটি খান্দি বৃক্ষক ৰোপন
কৰিলে আৰু বিজ্ঞ কোনো কোনো লোকে আহি ৰুই থোৱা গছ পুলিটোকে ৰুই (!!) ফটো উঠিলে !
হাতত
ঝাৰু, তলসৰা গছপাত, ফটোগ্রাফী... ৰঙীন স্বচ্ছতা !
০৮-০৪-২০২১
কেতিয়াবা
সদায় কৰি থকা কাম এটাত এনেকুৱা ৰিজাল্ট কিছুমান ওলাই যে নিজৰ ওপৰতে সন্দেহ ওপজে, কিবা ভুল কৰিলো নেকি বুলি ! কোনোবাই আশ্বাস দিলেও মানিবলৈ টান লাগে । নিজৰ
সন্দেহ নাইকিয়া কৰিবলৈকে কৰিবপৰাখিনি কৰি পেলাওঁ আৰু আশ্বস্ত হওঁ যে ঠিকেই আছে
সকলো !
সেয়া
নিশ্চয় বেয়া কথা নহয়, নিজক সন্দেহ কৰাটো ! কিবা এটা ভুল
হৈ আছে বুলি ভাবি থকাতকৈ তাক বিচাৰি উলিয়াই (যদি আছে) শুদ্ধ কৰি দিলে পুনৰাই
সন্দেহ ওপজাৰ থল নাথাকে । নিজৰো মূল্যায়ন কৰিব লাগে কেতিয়াবা !
...জীৱনৰ
কথাবোৰ এতিয়া এনেকুৱা হৈছেগৈ- মানুহ, মানুহৰ কথাতকৈ
নিজৰ সন্দেহক বেছি বিশ্বাস কৰা হৈছোঁ !
০৯-০৪-২০২১
দেতা !
দেউতা !
পাপা !
বাবা !
পিতাই !
পিতা !
এজনেই
মানুহ... সেই তর্জনী আঙুলিটো ! সেই এজোপাই গছ ! এটা শব্দই যথেষ্ট ! যিদৰে “মা” !
১০-০৪-২০২১
বিহুৰ
বজাৰত বেচ্ ভিৰ ! নিতৌ একঘেয়ামী ৰুটিনখনত সোমাই থাকি ইয়াত বিহু বুলি বেলেগ একো
উচ্ছাহ নজন্মে দেখোন ! কেলেণ্ডাৰৰ তাৰিখ গণি চালেহে বিহু অমুক তাৰিখে বুলি মনলৈ
আহে !
আগৰ
সময়ত বিহু বুলিলে গাঁৱৰ পেহী-খুড়ী-মাহী-মামী কেইবাজনীও একেলগ হৈ পিঠা খুন্দে, তাকো ঢেকীত ! বিধে বিধে জলপান তৈয়াৰ কৰা, ঘৰ
চাফা কৰা, কাপোৰ-কানি ধোৱা... উখল-মাখল লাগি থাকে ! ক’ৰবাৰপৰা বিহু আখৰাৰ ঢোল-পেঁপাৰ মাতো ভাঁহি আহে, তাঁতশালৰ ডোলপটি-মাঁকোৰ মাত... বিহুময় হৈ থাকে গোটেই পৰিৱেশ !
...এতিয়া
আৰু ক’ত এইবোৰ ! জীয়ৰী-বোৱাৰীয়ে বিহু বুলি ইমান
কষ্ট নকৰে এতিয়া ! সকলো বজাৰতে পোৱা যায় আজিকালি- পিঠা-জলপান, গামোচা... সকলো ! উপায়ো নাই যে ! গাঁৱৰ বেপাৰীসকলে/বিভিন্ন গোটৰ মহিলাসকলে
সেয়া চহৰৰ মানুহখিনিক যোগান ধৰাটো বাৰু কোনো কথা নাই ! তেনেকৈ কোনোৱে উপার্জন
কৰিছে, ভাল !
মাত্র
এদিন এনেকুৱা নহ’লেই হ’ল যে- “অসমীয়াই বিহুৰ পিঠা–পনা, জা-জলপান
বাংলাদেশী বেপাৰীৰপৰা কিনি আনি বিহু পাতিছে !”
১১-০৪-২০২১
কিছুমান
অভিনেতাই কি আচৰিত ধৰণৰ অভিনয় কৰে ! একো একোটা চৰিত্রক যেন জীয়ে তেওঁলোকে ! একেবোৰ
চিনেমাকে মই মাজে মাজে চাওঁ, বিশেষ কোনো এটা
দৃশ্য চাই চাই ভাবোঁ কিবাকিবি !
তেনে
এখন চিনেমা- জ’কাৰ ! জ’কাৰ আকা
আর্থাৰ ফ্লেক্- যি ভিৰৰ মাজত অকলশৰীয়া ! Joaquin Phoenix ৰ অভিনয় দেখিলে লাগে তেওঁৱেই যেন সঁচাকৈ সেই জ’কাৰজন
! তেওঁৰ ঠাইত অন্য কোনো অভিনেতাক যেন কল্পনাই কৰিব নোৱাৰি ! “Comedy is subjective, Murray. Isn’t that what they say? All of
you, the system that knows so much, you decide what’s right or wrong. The same
way that you decide what’s funny or not._ Joker” …ভাৱ হয়, আমিও এতিয়া এনে এটা ছিষ্টেমৰ ভিতৰতে যেন আছো !
এনে
অনেক ডায়েলগ’ আছে যিবোৰকে মাজে মাজে ভাবোঁ ! ছ’চিয়েল ৱর্কাৰগৰাকীৰ ওচৰত বহি কৈ থকা কথাখিনি…
…সঁচাকৈয়ে আমি কোনোৱে কোৱা কথাবোৰ শুনো নে ? শুনিলেও বুজিবলৈ চেষ্টা কৰো নে ? …কিছুমান কথাই
মানুহক ক’ৰপৰা ক’লৈ লৈ যায়… !
“The
worst part of having a mental illness is people expect you to behave as if you
don’t.” …এৰা, আমি ভুল
কৰো ! আমি দোষী !
১২-০৪-২০২১
পেট ভৰি
থাকিলে যিদৰে লোভনীয় বস্তু আগত থাকিলেও, প্রিয় খাদ্য হ’লেও খাবলৈ মন নাযায়; একেদৰে কোনো কথাৰে মন ভৰি
থকাৰ পিছত অন্য কোনো কথালৈকে মন নাথাকে চাগৈ; যিদৰে
দিনটোত দেখা পাবলৈ মন যোৱাজনক এবাৰ দেখা পালে, মন যোৱা
সময়তে কথা হ’লে, মাহেকে-পষেকে
এবাৰ সোঁশৰীৰে লগ পাই থাকিলে আৰু কোনোলৈকে মন যোৱাটো বাকী নৰয়গৈ... ! নির্দিষ্ট
মানুহ, নির্দিষ্ট সময়; নির্দিষ্ট
কাম... ...তাৰ বাদে আৰু অন্য কি সকাম !
টোপনিও
তেনেকুৱাই কিজানি ! দিনটোত কৰিবলগীয়া সকলোখিনি কৰি শেষ হ’লে টোপনিও আহে সোনকালে, ভালকৈ... কৰিবলৈ বাকী
একো নাই বুলি নিশ্চিত হোৱা এক ৰকমৰ সন্তুষ্টিৰ টোপনি চাগৈ সেয়া... সুখৰ টোপনি ! যি
কাম কৰাৰ পিছত আৰু একো কৰিবলৈ বাকী নাথাকে... !
...আৰু
দিনটো অতি সাৱধানেৰে কাম এটা কৰাৰ পিছত ফলাফল যেতিয়া হ’বলগা ধৰণৰ নহয়, তেতিয়া মূৰত ‘কিয়’ নামৰ পোক এটাই কামুৰি থাকে ! য’ত ভুল একো নাই বুলি প্রমাণ থাকে অথচ ফলাফল খেলিমেলি আৰু ভুল নহয় বুলি ক’বলৈও একো উপায় নাথাকে !... ইয়াৰ পিছত না শান্তি আহে না টোপনি !
১৩-০৪-২০২১
কিছুমান
কাম নিজৰ মতে নিয়াৰিকৈ কৰি দিলে কিছুমান মানুহে ইমান বেছি সুবিধা ল’ব বিচাৰে যে কেতিয়াবা নিজৰ ওপৰতে খং উঠে নিজৰ নোহোৱা কাম এটা নো ক’লে বুলিয়েই কিয় ভালকৈ কৰি দিব লাগে বুলি ! অথচ, জানি-শুনি পাল মাৰি কৰি দিবও নোৱাৰি ! কি যে বিড়ম্বনা ! দায়িত্বত থকা
কিছুমানে আক’ পাল মাৰোতেও হিচাপ-নিকাচ কৰি পাল মাৰে !
ঠিকেই...
স্মার্ট হ’ব লাগে ! সঁচা হৈ থাকি কি লাভ !!
১৪-০৪-২০২১
সকলো
বুজি পায়ো মানুহ কেতিয়াবা অবুজন হয় । সেয়া সদায়ে মানুহজনৰো দোষ নহয় ! কিছুমান
তেনেই সাধাৰণ যেন লগা কথা আচলতে খুব জটিল । সেয়া বুজিবলৈ আমি অপাৰগ !
মানসিক
অশান্তি কৰিছে বুলি কাৰোবাক যেনেকৈ আছে তেনেকৈয়ে মৰক বুলি এৰি দিয়াটো জানো উচিত ? সেয়া জানো আপোন কোনোবাই কৰিব পাৰে ? নোৱাৰে
।
কাৰোবাক
সকলোৰেপৰা বিচিন্ন কৰি ক’ৰবাত দূৰলৈ পঠিয়াই বাকীবোৰে মনৰ কষ্ট খাই
জীয়াই থকাটোও জানো খুব সহজ ? কথাবোৰ দেখাৰ দৰেই, কোনোবাই কোৱাৰ দৰেই যদি সহজ হ’লহেঁতেন !
আমি
নুবুজো কথাবোৰ, আৰু বুজি নোপোৱা কথাবোৰ নোকোৱাই ভাল; নহ’লে সেইবোৰো ভুলকৈ চিনাক্ত হোৱা কোনো ৰোগৰ দৰেই
বিয়পি পৰে !
১৫-০৪-২০২১
এনেকুৱা
কিবা এটা আৱিষ্কাৰ হোৱাহেঁতেন যি মানুহৰ মনটোক পঢ়ি চাব পাৰিলে হয়, বিশেষ প্রয়োজনত ! মনৰ ভিতৰত কি চলি আছে, কি
চিন্তাৰ বাবে ক’ত খেলিমেলি হৈছে, কিহে
অস্থিৰ কৰিছে... সেয়া বুজি লৈ সমস্যাবোৰ নির্মূল কৰিব নোৱাৰিলেও কম কৰি থ’ব পৰা গ’লহেঁতেন কিজানি ! ...খুব মন আছিল... বহুত
কথা ঠিক কৰি পেলাবলৈ মন যায় !
১৬-০৪-২০২১
কিছুমান
মানুহ কিয় সলনি নহয় ? কিয় বুজি উঠিব নোখোজে কথাবোৰ ? কিয় বুজি নাপায় আপোনজনৰ অপাৰ মৰম-সাদৰ ? কি
ত্রুটি ৰৈ যায় পৰিচর্যাত ? নে বুজি পায়ো মানি ল’বলৈ অপাৰগ ?
ভাবি
ভাবি কথাবোৰ কেতিয়াবা লুটিয়াই চালে ভাবো- ক’ৰবাত আমাৰো ভুল থাকে, আমি নিজেও একেবাৰেই ত্রুটিহীন বুলিব নোৱাৰি । নিজকে আন কোনো এজনৰ ঠাইত
বহুৱাই লৈ বুজিবলৈ চালে ভাৱ হয় তেওঁলোকেও বুজি পায়, বুজিবলৈ
চেষ্টা কৰে আচলতে । কিন্তু কোনো সময়ত নিজৰ ভিতৰতে অন্য কোনো এজনে মূৰ তুলি থিয় হৈ
ওলোটাই যুদ্ধ কৰে ! নিজৰ বিৰুদ্ধে যুঁজিবলগীয়া সেই যুঁজখন হয়তো খুব কৰুণ ! ...
...কেৱল বাহিৰখন দেখা আমি বুজি পাম নে সেয়া ??
ই কেনে
ৰূপ জীৱনৰ !
১৭-০৪-২০২১
ভাল
লাগে, বহুত কিবাকিবি নোহোৱাৰ সময়তো, বিচৰাৰ দৰে-আশা কৰাৰ দৰে কথাবোৰ নহ’লেও- বিহু
বুলিয়েই আপোন মানুহ বিলাকক মনত পেলোৱা হয়, এপলক লগ হোৱা
হয় সকলো, এসাঁজ একেলগে খোৱা হয়, কোনোৱে জ্যেষ্ঠজন বুলি সেৱা কৰিবলৈ আহে... ...নিয়মমাফিক হ’লেও কিছু কথা এতিয়াও যে বর্তি আছে, ভাল লাগে !
মৰহি থকা, চিন্তাত ভাৰাক্রান্ত মানুহৰ মনবোৰ খন্তেকলৈ হ’লেও মুকলি হয়; দুখ পাহৰি হাঁহে, কথা পাতে... ইও এক ৰং জীৱনৰ !
কিছুমানত
হয়তো হাজাৰ অভিযোগ-অভিমান থকাৰ পিছতো ক’ৰবাত এচিকুট হ’লেও মৰম-চেনেহ থাকে যি ফুলি থকা ফুলৰ দৰে, নিষ্পাপ
শিশুৰ দৰে সঁচা আৰু পৱিত্র, যাক নেওচা দিব নোৱাৰি উভতি
নাচাওঁ বুলি কোৱাজনো আগবাঢ়ি আহে দুখোজ সমূখলৈ ! ...কুশলে থাকক সকলো ।
১৮-০৪-২০২১
গছপুলি
এটা, কণমান ফুলৰ পুলি এটা ৰুয়ো মানুহে
সুখ পায় ! পুলিৰপৰা সি যেতিয়া গছ হয়, যেতিয়া ফুল ফুলে
সেই আনন্দও এটি সন্তান কেঁচুৱাৰপৰা ডাঙৰ কৰা সুখৰ দৰেই কিজানি !
কণমানিটো
আহিছিল বিহু বুলি ! দুদিন পিছত সি পাঁচমহীয়া হ’ব ! বিচনাত শোৱাই
দিলে তাৰ ভাষাতেই সি জানো কি কি কথা কয় মাজে মাজে ! ভৰি-হাত জোকাৰি মেলেক্ কৈ
হাঁহে কোনোবা পাকত । তাকেই লৈ ব্যস্ত হৈ পৰে ঘৰৰ আটাইকেইটা প্রাণী ! সিও পলকা-পলক
ইফালে চায়, সিফালে চায় ! এৰাতি থাকি কালি গ’লগৈ তাহাঁত । খন্তেকলৈ আহি কণমানিটিয়ে অবুজ আনন্দ দি যায় সকলোকে ! সঁচাকৈ... শিশুৰ দৰে
আন কোন হ’ব পাৰে ! সেয়ে চাগৈ কয় ‘দেৱশিশু’
!
‘ফৰগেট্ মি নট’ৰ পুলি এটা ৰুইছো আজি । মই নথকা সময়ত ‘মা’য়ে আপডাল কৰিব বুলি জানো । আশা কৰো সি এদিন ডাঙৰ
হ’ব, ফুল ফুলিব !
১৯-০৪-২০২১
ক’ভিচিল্ডৰ দ্বিতীয় পালি প্রতিষেধক আজি প্রথম পালিৰ পিছত, ৫২ দিনৰ দিনা লোৱা হ’ল । প্রথমবাৰৰ হিচাপত আজি ৰাতি
১০ মান বজাৰপৰা মোৰ জ্বৰ উঠিব লাগে ! আগৰবাৰৰ জ্বৰৰ প্রকোপ দেখি এইবাৰ অফিচৰপৰা
আহিয়েই ৰূম চাফ-চিকুণ কৰি (বিহু খাই এক সপ্তাহৰ পিছত যিহেতু ঘৰৰপৰা আহিছো ! :)), ভাত-পানী ৰান্ধি, পেৰাচিটাম’ল সমূখত থৈ, এইখিনি
কথা টাইপ কৰি ৰেদি একদম ! হাঃ হাঃ হাঃ ! ১০ বাজিল, এতিয়ালৈকে
বাৰু একো এটাই দেখা দিয়া নাই ।
আমাৰ
শৰীৰৰ সা-সৰঞ্জামবোৰ, প্রতিটো কোষ, প্রতিটো অনু-পৰমাণু সঁচাকৈ কি আচৰিত ! প্রতিটোৱেই একক ! পুৰণি এটা অভিজ্ঞতাক
কিদৰে মনত থৈ দিছে মোৰ শৰীৰৰে কিছুমান কোষে ! আজি হয়তো জ্বৰ নুঠে ।
আৰু যে
কত কিমান কথা থাকে... মেম’ৰি চেল’ত আৱদ্ধ হৈ !
সময়ৰ পাকত কিছুমান মচ খাই যায়, কিছুমান নাযায়, নোযোৱাখিনি আকৌ সময়ৰ পাকে সময়ে সময়ে সোঁৱৰাই থাকে !
২০-০৪-২০২১
কোনো
সময়ত এনেকুৱা হৈছিল যে কোনোবাই কয়- কাম এটাত সেইফালে যাম, এপাক সোমাই যাম, থাকিবিনে ? আৰু সেইষাৰ শুনাৰ পিছত প্রতিবাৰেই মোৰ কিবা ওখল-মাখল লাগে ! ...মই থাকিলে
তো থাকিলোৱেই বাৰু; নাথাকিলেও বা থকাৰ কথা নাথাকিলেও
কিবা নহয় কিবা এটা কৰি অংকটো মিলাই উত্তৰটো ‘থকা’ কৰি লওঁ ! কোনোমতেই যেন সেই অমূল্য সময়কণ হেৰুৱাব নিবিচাৰিছিলো !
...আঙুলিমূৰত
গণিবও নলগীয়াকৈ এনে দুই এক ব্যক্তি আছিল (!), যাৰ মাতষাৰেই
মোৰ বাবে যথেষ্ট আছিল ! তেনে মাত এষাৰৰ গৰাকীক যেতিয়া একেবাৰেই ওচৰৰপৰা শুনিবলৈ
পাম, দেখা পাম বুলি গম পাওঁ, সেই অপেক্ষাৰ সময় কেনে হয় সেয়া হয়তো সকলোৱে অনুভৱ কৰিছে জীৱনৰ কোনোবা নহয়
কোনোবা সময়ত ! সেই অপেক্ষা যে কেৱল কাৰোবাৰ প্রিয়জনৰ বাবেই হ’ব তেনে নহয় !
...সময়ো
খুব আচৰিত ! যদিওবা একে নহয়, তথাপিও ঘূৰি
ঘূৰি কেতিয়াবা ঘূৰি আহে একে সময়ত ! একেবোৰ কথাই হয়, একেবোৰ
ঘটনাই ঘটে... উভতি চালে ভাৱ হয় সেই কোনো সময়ৰ এটা দিনেই যেন আজিও ঘূৰি আহিছে একেই
হৈ... সময়ে সমূখত মেলি দিয়ে সেউজীয়া এডৰা... ... ... যদিওবা একে নহয় সময়........
২১-০৪-২০২১
কিছুমান
স্মৃতি চিৰসেউজ ! খুব ধুনীয়া ! যদিওবা সময় একে হৈ নাথাকে, যদিওবা সকলো সদায় আশা কৰাৰ দৰে নহয়, যদিওবা
সলনি হৈ যায় সমূখলৈ যোৱা বাট... তথাপিও কিছুমান সোঁৱৰণি সদায় আমাৰ লগে লগেই থাকে, অনবৰতে ! অনবৰতে লগত থকা বস্তুবোৰক হয়তো নতুনকৈ মনত পেলোৱাৰ প্রয়োজনো
নাথাকে ! মাত্র কোনো বিশেষ দিনত সেয়া পেৰাত সোমাই থকা কোনো মূল্যৱান বস্তু এটাক
উলিয়াই আনি ধূলি-মাকতি আঁতৰাই চাফা কৰাৰ দৰে কৰা হয় মাত্র... আৰু আগতকৈ চিকমিকনি
বাঢ়ি যায় তাৰ...!
কিছুমান
স্মৃতি থাকে... যি একে সময়তে ওঁঠত হাঁহি, চকুত পানী দি
যায় ! কিছুমান কথা কেৱল অনুভৱ হে কৰিব পাৰি...
২২-০৪-২০২১
একেবোৰ
সোঁৱৰণিয়ে স্মৃতিৰ সিপাৰৰ কাৰোবাকো আমনি কৰে নে একে সময়তে ? নকৰে চাগে’ ! সকলো কথাৰে ওজন সকলোৰে বাবে একে
নহয় যে ! হ’লেও কিজানি সময়ে আহৰি নিদিয়ে সোঁৱৰিবলৈ... নতুন
সময়ৰ ব্যস্ততাত নতুন কথাৰ ভিৰ হয় কিজানি !
তথাপিও
আমি বাট চাওঁ...
...পঢ়িবলৈ
এৰি দিলে কিতাপৰ বকলাত ধূলি জমা হৈ লেতেৰা হয়... পাহৰি পেলোৱা তেনে এখন কিতাপ আৰু
কেতিয়াও পঢ়া নহয়, হালধীয়া হৈ সি একে ঠাইতে পৰি থাকে
নতুবা মিচল্-চানা বেপাৰীৰ হাতত পৰেগৈ !
...অত’বোৰ কিতাপ গোটাই-পিটাই লৈছো, পঢ়িবলৈ আগ্রহ নাই
! ঘূৰি ফুৰিছো এৰি অহা কোনো সময়ত... ...
শুই
থাকিব পৰাতেই যেন সুখ !
“ অ’ ঘুমটি আহ অ’ আহ... ”
২৩-০৪-২০২১
“ক্লান্ত সময়, উন্মুক্ত বতাহ/ ৰুগ্ন হৃদয়, ৰাঙলী আকাশ/ শূন্য বুকুত একাজলী উশাহ, অস্তগামী
সূৰুজৰ ক্ষুদ্র আভাস...”
প্রায়
এবছৰীয়া পুৰণি গান, নতুনকৈ শুনিলো ! ভাল লাগিল ! গীতৰ
কথা মৃত্যুঞ্জয় কাকতিৰ । গায়ক ভাস্কৰ অপ্সৱেল্ (Bhaskar Opswel), মৰিগাঁৱৰ যুৱক ।
বহুতো
হতাশা-নিৰাশাৰ মাজত লক্ ডাউনে কিছুমান ভাল কামো কৰিলে নিশ্চয় ! নতুন নতুন ভালেমান
ভাল গান/গায়ক-গায়িকা/সংগীত... বা আন যিয়েই বোলোঁ, সেয়া ওলাই আহিল, আমি শুনিবলৈ-দেখিবলৈ পালো !
বহুতে কিবাকিবি বহুত হেৰুৱাৰ মাজত কোনো কোনোৱে জীৱনলৈ বহুত কিবা পালেও !
হা-হুমুনিয়াহৰ মাজত সিও সেউজীয়া আশা কাৰোবাৰ... জীৱনলৈ... !
একেই
গায়কৰ “টোপাল”, “নদীৰ
দৰে”...আদি ৰোমাণ্টিক গান; শান্ত
শান্ত, হুলস্থূল নাই... পেনপেনীয়া ধৰণৰো নহয় । মিউজিক
ভালেই লাগিল । ৰোমাণ্টিক মানুহে শুনি বেছি ভাল পাব চাগৈ, বিশেষকৈ নতুন চামে... অথবা প্রেমত পৰি থকা সকলে :) !
প্রেম
বোলোতে মনত পৰিছে- (In a lighter note হে দেই,
don’t be serious !) সিদিনা পোৱালি কেইটা/কেইজনীৰ সৈতে কথা
পাতি আছিলো । মাজতে ওলাল- ইংলিছ চিনেমাবোৰত দেখুৱাই যে হিৰ’ কিবা কথাত খঙত একদম টিকিচ্-বিকিচ্ কৰি থাকে, সব
ঢাহি-মুহি যেন শেষ কৰি দিব; অথবা দুখত চকুপানী বৈ থাকে
একদম ! তেনেকুৱা সময়তে ঘৈণীয়েক বা প্রেয়সীয়ে যদি টপক্ কৈ চুমা এটা খাই দিয়ে বা অকণ
মৰম কৰি দিয়ে; হিৰ’ৰ খং টিলিকতে
কর্পূৰৰ দৰে উৰি যায়, দুখে পলাই পত্রং দিয়ে ! কিয় বাৰু ?
হাঃ হাঃ
হাঃ... কোনোবাই সেয়া সঁচাকৈ দেখাৰ কথাও ক’লে । সিহঁতি ইটো
সিটোৰ ‘ঠেং টনা’ নে কি সেইটো
কৰি থাকে এনেকৈ কেতিয়াবা ।
“...এই ব্যস্ত জীৱনৰ সকলো সময় তাইৰ নহয়, অকলশৰে মই
নিজৰ স’তে কটোৱা ক্ষণবোৰ তাই কাঢ়ি লয়/ অনিদ্র ৰজনীৰ
চিন্তামালা বাৰে বাৰে ছিঙিলেও তাই গাঁঠি লয়... তাই শেষ নহয়... নদীৰ দৰে...”
..............ৰোমান্টিক নহয়জানো এইয়া ? নেদেখুৱালেও, লুকুৱাই ৰাখিলেও প্রেমত পৰা মানুহৰ উচাসবোৰ কথাতেই হওক বা চেহেৰাত নতুবা
ব্যৱহাৰত... অনুভৱ কৰিব পাৰি ! প্রেম চাগৈ তেনেকুৱাই !
শুনি
ভাল পাব । প্রেমত নপৰা সকলেও । :)
২৪-০৪-২০২১
“জীৱনে প্রতি খোজে খোজে ভাঙে বুকু/ সপোনে প্রতি পাহে পাহে আনে অশ্রু/
বিচাৰি আনিব খুজিলেও নোপোৱা শান্তিৰ অমিয়া মৌ... ” _জুবিন গার্গ
সকলোৰে
ভাগৰ লাগে এটা সময়ত ! হাৰি যায় কেতিয়াবা... যুঁজি যুঁজি...
ভয় লাগে, যদি হাৰি যায় কোনো জীৱন ! নাহ্....................... সেয়া হ’ব নোৱাৰে কেতিয়াও । ইমান সহজো নহয় !
জীৱনো
জানো ইমান সহজ !
দেখেংগে...
কাহাঁ লেকে যাতি হ্যেঁ য়ে জিন্দেগি... নদী মিলেগি তৌ তেৰোংগি, পহাড় মিলে তৌ চড়োংগি... ফিৰ ৰস্তে মিলে না মিলে... জিন্দেগি লেকিন চলতি
ৰহেগি... :)
২৫-০৪-২০২১
কেতিয়াও
কাকো তেনেকৈ বিদায় দি পোৱা নাছিলো ! সময়ে সেয়া সুবিধাও দিয়া নাছিল । ভার্ছিটিৰ
হোষ্টেল এৰি আহোঁতেহে কিবা বিদায় বিদায় ফিলিং এটা হৈছিল ।
...কিন্তু...
সৌ সিদিনাৰ হে কথা যেন ! কিছুমান মানুহ আমাৰ জীৱনলৈ কিয় আহে নাজানো, দুদিনলৈ আহি গুচি যায়... গুচি গৈয়ো জীৱনলৈ থাকি যায় ! ...কিছুমান বিদায়ো
তেনেকৈয়ে আহে চাগৈ ! বুজা নাযায় যে সেয়াই হয়তো শেষ দেখাদেখি !
এদিন
এনেকুৱা সময়তে খুব মৰমৰ কাৰোবাক আগবঢ়াই থৈ আহিছিলো... সেয়াই প্রথম আছিল... সেয়াই
শেষ বুলি হয়তো মনে কৈছিল ! তথাপিও কিবা এডাল সূতাত ধৰি যেন ওলমি ৰৈছিলো... এৰি
নিদিয়াকৈ...
...কোনো
এক পলতে যেন আমি গোটেই জীৱন জীয়াওঁ... আৰু কোনো এক পলতে যেন আমি হেৰুৱাওঁ সকলো...
সূতা চিঙি যায়...
২৬-০৪-২০২১
মই মানো, কাৰোবাৰ বাবে মনৰপৰা প্রার্থনা কৰিব পৰাটোও এটা ভাল কথা । চাওঁ বুলিলেও চাব নোৱাৰা, চুব বিচাৰিলেও ঢুকি নোপোৱা, শুনিব বিচাৰিলেও
শুনিব নোৱাৰা কাৰোবাকো প্রার্থনাৰে আৱৰি ৰাখিব পাৰি… কৰিব
পাৰি কুশল কামনা… নীৰৱে…
কিছুমান
তাৰিখেও সোঁৱৰাই দিয়ে বহু কিবাকিবি…
শিৱই
ঠিকেই কৈছিল ব্রাহাস্পতিক- “পাহৰিব নোৱাৰাটোৱেই সকলোতকৈ ভয় লগা কথা ।”
২৭-০৪-২০২১
মানুহ
মৰেই ! মৰণশীল যিহেতু ! কিছুমান মৃত্যু দেখি দেখি এতিয়া যেন এক ৰকমৰ বিশ্বাসেই হোৱা হৈছেগৈ যে ভাল
মানুহ সোনকালে মৰে ! দোষ থাকে কাৰোবাৰ, বেয়া কৰে কোনোবাই… কিন্তু তাৰ সলনি শাস্তি পাই
আন কোনোবাই ! মৃত্যু যাৰেই নহওক; অসময়ত, অপমৃত্যুৱে দুখী কৰে !
…কোনোবা মৰি যোৱাৰ পিছৰখিনি তো আছেই ! মানুহ
মৰে এগৰাকী; কিন্তু তিলনি হ’ব, দহা-কাজ হ’ব সমাজখনে প্রতি
একোখন ! কিবা ক’বলৈ গ’লেও ক’ব- বৰ পঢ়া-শুনা কৰিলে ! দুটা শ্রেণী পঢ়িলে কি নপঢ়িলে উপদেশ দিবলৈ আহিল, সমাজ শুধৰাবলৈ আহিল ! মুঠতে একেখন ঘৰৰ মানুহ হৈয়ো একেখন সমাজৰ আগত আঁঠু ল’ব নোৱাৰি, দোষ দেধাৰ... কিবা দোষৰ ৰোষত পৰিলে
লাগিল আকৌ উদ্ধাৰ হ’বলৈ !
কেৱল
এনে কথাতেই নহয়, প্রায় সকলো বিষয়তে; সকলোৱে দেখোন চকু মুদি হয় হয়, ভাল ভাল বুলি মূৰ
জোকাৰি থাকিলেই সন্তুষ্ট হৈ থাকে । ভাল ভাবি কিবা ক’বলৈ গ’লেও নিজৰ ঘৰৰ মানুহ, নিজৰ বুলি ভবা মানুহেই
চিধা ‘ইনটেলেকচুৱেল’ৰ নেগুৰতেই
ধৰে ! ভালৰ বাবে ভাবি কোনোবাই কিবা কোৱা মানেই জানো নিজৰ ‘ইনটেলেক্ট্’ জাহিৰ কৰা হয় ? উপদেশ দিয়া হয় ?
সমাজ
গঢ়ি থাকিব পৰা, নিয়ম-নীতি বান্ধি দিব পৰা, ঘৰ পাতি থাকিব জনা প্রতিজন মানুহেই দেখোন ইনটেলেক্ট্ মানুহ ! জীৱ-জন্তু
আদি কৰি সকলো প্রাণী, সকলো জীৱই ইনটেলেক্টেই নহয় জানো ? নিজে কোনো কথা চিন্তা কৰি চাবলৈ পৰা মানেই তো ‘ইনটেলেক্ট্’
!
কেতিয়াবা
খুব দুখ লাগে হে, কিয় যে ডিগ্রী এটা আর্জিলো ! বহু
কথা দেখোন জীৱনেহে শিকাইছে, এই ডিগ্রীটোৱে নহয় ! অথচ যত’কূটৰ দোষ যেন এই এটা ডিগ্রীৰ; প্রতিটো যুক্তিৰ
বাবে, প্রতিটো চিন্তাৰ বাবে কেৱল এই ডিগ্রীটোহে জগৰীয়া
! হাঃ হাঃ হাঃ ... একদম নিৰূপা ৰায় আৰু !
২৮-০৪-২০২১
পুৱাতেই
পৃথিৱীৰ তীৰকঁপে জ্বৰ উঠিল আজি ! চাৰিওফালে উৰুলি, শংখ, কাঁহী বাজিছে... কাষৰ/ ওপৰৰ ৰূমৰ আটাইবোৰ
দৌৰি-ধাপলি তললৈ নামি গৈছে প্রাণৰ মায়াত ! মই গাটো ধুই টাৱেলখন গাত মেৰিয়াই যেনে
তেনে দুৱাৰ খুলি ওলাই আহিছো মাত্র ! আর্কিমিডিছৰ দৰে তো এতিয়া দৌৰি যাব নোৱাৰো
বাহিৰলৈ 😁! যি হ’ব দেখা যাব বুলি ৰূমৰ ঝোলনা ঝুলি থকা চিলিং
ফেন্ খনলৈ চাই চাই থিয় হৈ থাকিলোঁ !
পৃথিৱীৰ
জ্বৰ থামিলত ধূপ এডাল জ্বলাই, চাহ কাপ খাই
অফিচলৈ বুলি ওলাই গ’লো ।
আমি
মানুহ ! আমি তো সকলো জীৱতকৈ বেছি স্মার্ট বুলি ভাবো নিজকে ! বুজিব লাগিছিল কথাবোৰ-
পৃথিৱীয়ে কৈ থকা কথাবোৰ, প্রকৃতিয়ে কৈ থকা কথাবোৰ ! কিয় বা
বুজা নাই এতিয়াও !
২৯-০৪-২০২১
এইকেইদিন
জোনটো অলপ বেছি হালধীয়া হৈ আছে (পূর্ণিমাৰ দিনা ৰঙা হৈ আছিল !)... আধাৰপৰা কমি কমি
গৈ আছে ! খিৰিকীৰে হঠাতে জোনলৈ চকু যোৱাত ভাৱ হ’ল- খুব কৰুণ লাগিছে দেখিবলৈ, যেন ওলমি আছে
হালধীয়া, আধৰুৱা পাত এখিলা... অ’ত
ত’ত পোকে খোৱা দাগবোৰ, কিবা এটা
যেন কওঁ কওঁ বুলি ভাবি আছে...! কেতিয়াও নোহোৱা অদ্ভুত ধৰণৰ অনুভৱ এটা হ’ল আজি !
“It’s
important in life to conclude things properly. Only then can you let go.
Otherwise you are left with words you should have said but never did, and your
heart is heavy with remorse.”_ Life of Pi
ঠিকেই !
conclusion এটা সঠিকভাৱে বিচাৰি নোপোৱালৈকে কথা কিছুমান মানি ল’বলৈ অলপ কষ্ট হয় । …আৰু সেয়া বিচাৰি পোৱাৰ পিছত বহু কথা সহজ হৈ পৰে । …………নাহ, সকলোবোৰ
কথা কেৱল প্রেম বা প্রিয়জনক লৈয়েই হ’ব নোৱাৰে, নহয়; সেয়াই সকলো নহয় জীৱনত ! ইয়াৰ ওপৰতো আন বহু কথাকে ৰাখো !
“Woh jo
tha khwab saa, kya kahein jaane dein/ Yeh jo hai kam se kam, yeh rahe ke jaane
dein/ Behtar toh yeh hota, hum mile hi na hote, magar jaane de/ Aadatan toh
sochenge hota yun toh kya hota, magar jaane de/ Beeta jo beete na haaye kyun…
…”
“…and
yes, wait for ME!” বুলি কোৱা মানুহজন গুচি যোৱা আজি
এবছৰেই হ’ল ! সকলো তো এদিন
যাবই লাগিব !
কিছুমান
গুচি গৈয়ো নাযায়, কিছুমান নোযোৱাকৈয়ে গুচি যায় !!
৩০-০৪-২০২১
ঘৰলৈ গ’লে সেই টাবত থকা গছপুলি দুটামানকে চাই থাকো । অলপ সময় কটাওঁ সিহঁতৰ লগতে ।
ফুলি থকা ফুলবোৰ চাওঁ, ফটো লওঁ ! আগৰ দৰে
আগচোতাল-পিছচোতাল নাই ইয়াত, অকণমান মাটি, তাতেই দুই এজোপা ওখ সেউজীয়া গছ আছে । কেতিয়াবা বাহিৰতে বহি সেউজীয়াখিনি
চাই থাকোতে ভাৱ হয়- সেউজীয়া অকণ থাকিলে তাকে চাই মনটো ভাল লাগে, দুচকুৱেও আৰাম পায় ! এতিয়া দেখোন সেউজীয়া কমি কমি সকলোফালে বাঢ়ি যোৱা
ক্রংক্রিটৰ ওখ ওখ দালান ! ঘৰলৈ নগ’লে সিহঁতলৈও মনত পৰি থাকে
!
কোনো
সময়ত ফুলি থকা ফুলবোৰ দেখি ফুলৰ দৰে হ’বলৈ মন গৈছিল (সি যে
মৰহি সৰি পৰে) ! পিছৰ কোনো সময়ত সেউজীয়াবোৰ দেখি সেউজীয়া হৈ গজি থাকিবলৈ মন গৈছিল
(সিও যে হালধীয়া হৈ সৰি পৰে)! আৰু এতিয়া মাজে মাজে ভাৱ হয়- শিপা হৈ থাকো, এন্ধাৰতে থাকো, খামুচি থাকো সদায় সেই মাটি য’ত গজি উঠিছিলো ! সকলোৰে অলক্ষিতে নীৰৱে এন্ধাৰেৰে শিপাই থাকিম গভীৰলৈ
(উঘালি নেপেলোৱালৈকে)... ওখ হৈ ঠিয় হৈ থাকক গছবোৰ... সেউজীয়াৰপৰা সেউজীয়া হওক...
“গভীৰতা হেনো দুখৰ হে থাকে, সুখৰ থাকে উচ্চতা !” মেটেকা হ'বও নোৱাৰিলো...
...শিপাই
থাকিম গভীৰৰপৰা গভীৰলৈ... খামুচি থাকিম মাটি... ! দূৰৈৰ সেউজীয়া গছবোৰ হালি নপৰাকৈ
ওখ হওক... দূৰৈৰপৰা নীৰৱে চাই ৰ’ম সেই সেউজীয়া
উচ্চতা...
“...Is
jeene mein kahin hum bhi the, the zyada ya zaraa kam hi the, ruk ke bhi
chal pade magar raste sab bezubaan… jine ki ye kaisi aadat lagi…”
0 Comments