০১-০৩-২০২১
এটা
মাহত দুটা দিন কম থাকোঁতেই আমি ইমান স্ফূর্তি পাওঁ- ৱাহ ! মাহটো সোনকালে শেষ হ’ল, দুটা দিন কমকৈ আহিব লাগিল !
কোনোৱে
হয়তো বিচাৰে, মাহটোত যদি আৰু দুটামান দিন যোগ হ’লহেঁতেন !
বাছত
কিছুমান মানুহে এতিয়াও কাষত বহি অহা জনৰ সৈতে কথা পাতে !
ঘৰৰপৰা
বাছত আহিলে এতিয়া আৰু আগৰ দিনৰ দৰে ওচৰত বহাজনৰ পৰা আমনি পাবলগীয়া নহয় (কিছুমানৰ
সৈতে অৱশ্যে দুই এটা কথা পাতি ভালেই লাগে)। মানে- ক’লৈ যোৱা, কি কৰা... ইত্যাদি ইত্যাদিবোৰৰ উত্তৰ দি
থাকিবলগীয়া নহয় । বেছিভাগেই কাণৰ ফুটা দুটা বন্ধ কৰি নিজৰ দুনীয়াত ব্যস্ত থাকে ।
কিবা শুনে নতুবা কথা পাতে আপোন কোনোৰ সৈতে !
...আৰু
আমিও এজনীয়া ছিটটোক আজিকালি বেছি প্রাধান্য দিওঁ !
০২-০৩-২০২১
সদায়
কথা পাতি থকা, লগত থকা মানুহৰ সামান্য পৰিৱর্তন একোটাও
আমি দেখা পাওঁ, অনুভৱ কৰো সলনি হোৱা সৰু কথা এটাও ! সেইটো এই
কাৰণে নহয় যে আমি তেওঁলোকক, তেওঁলোকৰ কথাবোৰক টুকুৰিয়াই
টুকুৰিয়াই পৰীক্ষা কৰি চাওঁ, প্রতি মূহুর্ততে !
আমি
সেয়া অনুভৱ কৰো- কাৰণ তেওঁলোকক আমি অলপ হ’লেও বুজি পাওঁ,
চিনি পাওঁ, অনুভৱ কৰিব পাৰো ওচৰৰপৰা !
...আৰু
দূৰত্ববোৰ অলপ অলপকৈয়ে বাঢ়ে ! কিবা কমি যোৱা আৰম্ভণিৰ উমানে আন কিবা বাঢ়ি যোৱাৰ
বতৰাও লগতে জানো নানে ? আনে...
০৩-০৩-২০২১
একঘেয়ামীবোৰে
সকলোকে আমনি দিয়ে । নির্দিষ্ট ৰুটিন এখনৰপৰা অলপ ফালৰি কাটি কিবা এটা কৰিবলৈ পালে, কর্মস্পৃহাই হওক বা অইন কিবা, আগ্রহ পুনৰ ঘূৰি আহে ।
খেল এনে
এটা বস্তু যি সকলোকে এক কৰি বান্ধি ৰাখে । বেয়া পোৱা মানুহজনেও কয়- আমাৰ
ডিপার্টমেন্ট্, আমাৰ মানুহ । ...আৰু, বহু ক্ষেত্রত “আমি” হৈ থাকি
কাম কৰিব পৰাটো, তাকে বহুজনৰ আগত ক’ব
পৰাটোও খুব প্রয়োজনীয় কথা এটা ! আমি বুজি নাপাওঁ, তেনে কথাই
কিমানজনক উৎসাহিত কৰে । অৱশ্যে “আমি”ত
নাথাকিও তাৰ ভাগ লৈ মূৰ পোলোকা দিয়া লোকো নথকা নহয় !
০৪-০৩-২০২১
কালিৰেপৰা
‘গ্রন্থ মহোৎসৱ’ হৈছে
। লাহে-ধীৰে যাম বুলি ভাবি আছিলো । বাছখনে ৰাস্তা সলাই সেইফালেদিয়েই যোৱাত
অফিচৰপৰা বাহিৰে বাহিৰে তাতেই সোমাই দিলো । ভাইটি এজনো অহাৰ কথা পৰিবাৰক লৈ । আহিম
বুলি ভবা নাছিলো বাবেই আগৰ দৰে ল’বলগীয়া কিতাপৰ লিষ্ট্ নাই,
নাজানো কি ল’ম !
লেখক-লেখিকা
বুলি মই চিনি পোৱা দুজনমানক দেখিলো । কিন্তু আগৰ দৰেই মোৰ আজিও সাহস নহ’ল মাত এষাৰ দিবলৈ ! কিতাপৰ ষ্টলবোৰত যিমান মানুহ, কাপোৰৰ
ষ্টলতো মানুহ !
আগতে
দুবছৰৰ অন্তৰে অন্তৰে ‘বুক-ফেয়াৰ’ হৈছিল ।
যথেষ্ট ডাঙৰ হৈছিল । ভাল লাগিছিল । বাহিৰৰ পাব্লিকেচনবিলাকো আহিছিল । আজিকালি
দেখোন তেনেকুৱা ভাললগা নাই !
তাহাঁত
দুটাক এৰি মই অন্য দুখনমান ষ্টলত সোমাই কিতাপবোৰৰ ওপৰত চকু ফুৰালো । দুখনমানত
পুৰণি কিতাপৰ খবৰ ল’লো- আছে নেকি ? নাই
! ‘বর্ণ’ত সোমাই বহুত কিতাপ দেখিলো !
মনতে ভাবি থ’লো এদিন আহিব লাগিব আকৌ । তাতেও
কিতাপ দুখনমান দেখি সুধিলো- আছে নেকি ? ক’ৰবাত পোৱা যাব নেকি ? “নাই নহয়, সেইবোৰ এতিয়া ক’ত পাব বাইদেউ, ক’তো নাপায় ! এইখন ওলাইছে, তাকো এইবাৰ প্রথম ।”
...সেইবুলি মোক কিতাপ এখন দিলে ষ্টলখনত থকা অন্য এজন মানুহে-
যতীন্দ্রনাথ দুৱৰাৰ “ওমৰ তীর্থ” ! ...কিছুমান
অনুভৱ প্রকাশ কৰিব পৰা নাযায় !
ভার্ছিটিৰ
জুনিয়ৰ এজনে আহি মাতিলে হঠাতে । বহু বছৰৰ পিছত লগ পালো । পি এইচ ডি আধাতে এৰি
এতিয়া বেংকাৰো ! মোৰ সৈতে অহা ভাইটিৰ আক’ সি কলেজ ছিনিয়ৰ ।
তাৰ (মোৰ জুনিয়ৰ) সৈতে অহা অন্যজন বেংকাৰোক আক’ মোৰ সৈতে অহা
ভাইটিটোৱে অসম ইউনিভার্চিটিত থাকোতে লগ পাইছিল, হুচৰি গাইছিল
একলগে । সঁচাই... পৃথিৱীখন তেনেই সৰু আৰু ঘূৰণীয়া ! হঠাতে লগ পাই স্ফূর্তিতে
আটাইকেইটাই অলপ কথা পাতি, ক’ফি একাপ
একাপ খাই বিদায় ল’লো ।
মোৰ মনত
তেতিয়া অন্য এক অনুভৱে তোলপাৰ লগাই আছে ! সেয়া সুখৰ নে শোকৰ নাজানো !
০৫-০৩-২০২১
কিছুমান
কাম কৰি কিবা এক অজান সুখ পোৱা যায় ! সেয়া কৰিবলৈ যাওঁতে কোনো বিৰক্তি বা তেনে
কিবা অনুভৱ নহয়, কেতিয়াও নহয় ! নাথাকে সময়ৰ নাটনি,
লাভালাভৰ অংকও নাথাকে, নাথাকে কোনো
হিচাপ-নিকাচ । মাত্র কামটো কৰি আনন্দিত অনুভৱ কৰা যায় । এনে অনুভৱক কি বুলি কয় ?
নাজানো !
কিছুমান
কথা নাজানিলেই ভাল । জানিলে, বুজিলে, ভাবি ল’লে ক’ৰবাত নহয় ক’ৰবাত জানি-নাজানি হিচাপ হৈ যায়... অধিকাৰৰ... প্রাধান্যৰ...; আৰু সি সদায় দুখীয়েই কৰে !
০৬-০৩-২০২১
কালি
গধূলি অফিচৰ বাছত বহি থাকোতে ভন্টী এগৰাকীয়ে ক’লে- “নিজৰ টেলেণ্ট্ টো লুকুৱাই থোৱাটোও এটা ক্রাইম জানে নে বা ! আপুনি কৰকচোন
কিবা এটা ! আমি আছো নহয় ! ‘নাহৰৰ নিৰিবিলি ছাঁ’ৰ দৰে কিবা এটা কৰক ! আপুনি ইমান এলেহুৱা কিয় ? কিমান
দিনৰপৰা আপোনাক কৈ আছোঁ !” ৰীতা চৌধুৰীৰপৰা অনুৰাধা শর্মা
পূজাৰীলৈকে অনেক কথাই ক’লে তাই ! বাকীকেইটায়ো সহযোগ কৰিলে !
চেলিব্রিটি হ’লে কেনেকুৱা ফিল্ হ’ব
তাৰো এটা আভাস দিলে ! আমি বাছত বহি থকা আটাইকেইটাই খুব হাঁহিলো !
এৰা...
হ’ব পাৰিলে তো ভালেই আছিল ! টেলেণ্ট্ নাই যে
আক’ !
০৭-০৩-২০২১
এইটো
ঠিক যে আমি আনৰ বেয়াবোৰৰ কথা পাতি ভাল পাওঁ, কিবা যেন সন্তোষ
পাওঁ ! কথাটো মিছা নহয় কিন্তু ! নহয় নে ? কোনোবা আতঁৰি থাকিব
বিচাৰিলেও জোৰ কৰি হ’লেও সেয়া শুনাব, দেখাব
!
কোনোবাই
অলপ অধুনিক টাইপৰ (!) ফটো এখন দিলে কোনোবা চ’চিয়েল চাইটত, তাকে কোনোবাই দেখিলে ! নিজে চাই চাই দুচকুৰ তৃপ্তি লভিলে, যি দেখা নাই তেওঁকো দেখুৱাই কিবাকিবি কৈ কৈ জিভাৰ তৃপ্তিও ল’লে !
কেৱল ‘কোনোবা’ বুলিয়েই নহয়, আমি
প্রায় সকলোয়ে এনে কামবোৰ কৰি কিবা এক অজান তৃপ্তি যে পাওঁ, সেইটো
একেবাৰেই সঁচা কথা ! অথচ আমাৰ চকুত বেয়া যেন লগা ফটোখনৰ কথা আমি তেওঁক ক’ব নোৱাৰো বা নিবিচাৰো । কাৰণটো এনেকুৱা হ’ব পাৰে-
কিজানি তেওঁ বেয়াই পায়, যদিওবা আমি ভালৰ কথা ভাবিয়েই ক’ম; নতুবা যিয়ে যি কৰে কৰক, আমাৰ
নো কি আহে যায় ! আৰু প্রথম কাৰণটোৰ প্রতিক্রিয়াও দুই ধৰণৰেই হ’ব- যি আমাক দুখী কৰিব নতুবা সুখী কৰিব ! কোনেনো দুখী হ’ব বিচাৰে !
কেৱল
ফটো বুলি নহয়, অন্য বেয়াবোৰো আমি আলোচনা কৰি ভাল পাওঁ,
তাৰবাবে সময়ো থাকে ! বিপৰীতে ভালখিনিৰ কথা ক’ব
নিবিচাৰো, সময়ৰো নাটনি হয়; লগতে হয়তো
এনে এক ভাবো থাকে যে ভালখিনি কৈ থাকিলে তেওঁ দেখোন মোতকৈয়ো বেছি ভাল হৈ যাব আনৰ
দুচকুত ! নহয়নে ?
০৮-০৩-২০২১
কাব্যশ্রীয়ে
গোৱা ‘ভৰসা’ শুনিছিলো ।
অন্য কেইটামান গানো ইউ টিউবত বিচাৰি বিচাৰি শুনিলো । তাৰে ভিতৰত জয়ন্ত হাজৰিকাৰ “সাৰ পাম মই পুৱতি নিশাতে” টো প্রায় সদায়েই এবাৰ
শুনো শোৱাৰ আগতে । ভূপেন হাজৰিকাতকৈ মই জয়ন্ত হাজৰিকা মানুহজনক বেছি ভালপাওঁ ! এই
গানটো মোৰ সদায় প্রিয় ! আৰু মোৰ প্রিয় গানটো এই ছোৱালীজনীয়ে খুব ধুনীয়াকৈ গাইছে !
দেউতাকে তবলা সংগত কৰিছে ।
সৰু সৰু
কথা কিছুমানে সোঁৱৰণিক নিচিগা নদীৰ দৰে বোৱাই লৈ আহে... তবলাৰ খৰ চাপৰ কেইটা, তবলাত নাচি থকা আঙুলিকেইটা, গীটাৰ এখন, শৈশৱৰ টুকুৰা টুকুৰ অনেক ছৱি...
আস !
সেই নদীতে ডুবি ডুবি সেমেকি আহে দুচকু...
“মই চাব খুজো উদং বতাহৰ বুকু কেনেকে মিঠা সুবাসেৰে ভৰে... ...জানিব খুজিছো
কি গীত গালে শূন্য আতৰি যায়...”
০৯-০৩-২০২১
সঁচাকৈ, এটা বয়সৰ পিছত সকলো মানুহ পুনৰ শিশুৰ দৰে হৈ পৰে ভালেমান স্বভাৱত ! এখন
খেল পথাৰত ২০-২২ টা শিশুক মুকলিকৈ খেলিবলৈ এৰি দিলে যেনেকুৱা ছৱি এখন কল্পনা কৰিব
পাৰি সেই একে ছৱিখনেই ২০-২২ জন পঞ্চাচোর্ধৰ ব্যক্তিক খেলিবলৈ দিলে একেই দেখা যায় !
অফিচৰ
৪৭+ বয়সৰ বৈজ্ঞানিক আৰু টেকনিকেল্ ষ্টাফে আজি ফ্রেণ্ডলি ক্রিকেট খেল এখন খেলিলে ।
খেল পথাৰত দৌৰি-ধাপলি ফুৰা তেওঁলোকক দেখি নতুনকৈ খোজ কাঢ়িবলৈ লোৱা শিশুবোৰৰ কথাই
মনলৈ আহি থাকিল !
এৰা, যাত্রা য’ৰপৰা আৰম্ভ হয়, শেষো
এদিন তাতেই হয় !
১০-০৩-২০২১
বহুদিনৰ
আগতে এবাৰ মোৰ চিনাকি লেখক/ভূপেনদাৰ গান গাই ভালপোৱা/কলেজৰ প্রবক্তা এজনক কৈছিলো
যে ভূপেন হাজৰিকা মানুহজনক মোৰ খুব এটা ভাল নালাগে ! তেওঁ হাঁহিছিল মোৰ দৰে নগন্য
প্রাণী এটাৰ তেনেকৈ কোৱাৰ স্পর্ধা দেখি ! মই পুনৰ কৈছিলো যে সেইবুলি তেওঁক মই
অসন্মান নকৰো । তেওঁৰ গানবোৰ শুনো, ভালো পাওঁ । কিন্তু
কিবা এটা যেন কমি আছে, যাৰবাবে মানুহজনক ভালপাব নোৱাৰো !
তেওঁ গহীন হৈ তেতিয়া কৈছিল- এৰা বহুক্ষেত্রত তেনেকুৱা হয়, কথা
কিছুমান থাকে ।
সেইদৰে
হোমেন বৰগোহাঞি মানুহজনকো মোৰ খুব এটা ভাল নালাগে । কিন্তু তেওঁৰ লেখাবোৰ পঢ়ো, ভালো পাওঁ । তেওঁৰ আত্মানুসন্ধান খন আৰু গল্প কিছুমানো মোৰ প্রিয় ।
একেদৰেই জুবিন গার্গৰো অনেক কথা-কাণ্ড দেখি-শুনি কিবা অজান খং এটা উঠে কেতিয়াবা,
কিজানি সেয়ে মানুহজনক ভালপাব নোৱাৰো সম্পূর্ণকৈ ! কিন্তু জুবিনৰ
গানবোৰ (নতুন কিছুমান বাদ দিলে) নুশুনাকৈ থাকিব পাৰি জানো ? বেয়া
পাব পাৰি জানো ? দ্বিতীয় এজন জুবিন ওলাব নে কেতিয়াবা ?
এৰা, কথা কিছুমান থাকে ! ভাল নলগা মানে বেয়া পোৱাটোও নুবুজায় ! বেয়া লগাখিনি
আঁতৰাই থৈ ভাললগাখিনিক যে আদৰ কৰো, সেইটোৱে জানো বেয়া পোৱাটো
বুজায় ? ভালপোৱা মানে বেয়ালগা খিনিকো ভালপোৱাটো জৰুৰী নেকি ?
অৱশ্যে মোৰ দৰে জীৱক ভাল নলগা মানে বেয়া পোৱা, সেইটো স্বাভাৱিক কথা ! কথা থাকে...
“এটি নহয় দুটি নহয় আছে বহু কথা, গোপন হিয়াৰ মনৰ কোণত
বেদনাৰে গঁঠা/ কোনো নাই শুনোতা মোৰ কোনে বা শুনিব, কোনো তো
নাই জানোতা মোৰ কোনে বা জানিব...” _জুবিন গার্গ ।
সিদিনা
ভাইটি এজনে ক’ৰবাত লেখিছিল- “বন্দে
পুৰুষোত্তমৰ মতে সূর্যোদয়ৰ সুখ আৰু সূর্যাস্তৰৰ দুখ দুয়োটা সমান । পৰিঘটনা বেলেগ,
কিন্তু ভুক্তভোগী এজনেই !” ...এৰা,
কথা থাকে । কিছুমান আমি বুজিবলৈ অপাৰগ, কিছুমান
বুজিবলৈ চেষ্টাই নকৰো, কিছুমান ভুলকৈ বুজো... !
১১-০৩-২০২১
শিৱৰাত্রি
!
দেৱৰো
দেৱ মহাদেৱ... আদিযোগী !
মই বৰ
এটা আস্তিক ধৰণৰ মানুহ নহয়, সেইবুলি একেবাৰেই নাস্তিকো নহয় । শিৱৰ
দৰে ভাল ‘বৰ’ পাবৰ বাবে কোনোদিন শিৱৰ
ওচৰলৈ গৈ কৈ পোৱা নাই ! সৰুতে নামঘৰত গৈ নিতৌ গধূলি প্রার্থনা কৰিছিলো আৰু নিজৰ
কোঠালিত থকা কৃষ্ণ ভগৱানৰ ফটো এখনত শীতৰ দিনবোৰত শেৱালি ফুলৰ মালা পিন্ধাইছিলো ।
সেয়া হাইস্কুলৰ দেওনা পাৰ হোৱাৰ আগৰ কথা । কৃষ্ণৰ প্রতি ধাউতিটো ককাহঁতে ভাগৱত পাঠ
কৰোতে শুনা কাহিনীবোৰৰপৰা, দুৱাৰ থকা ক’লা-বগা টি ভিত মহাভাৰত চোৱাৰপৰা হয়তো জন্মিছিল ! তাৰপিছত কোনোদিনে কোনো
দেৱী-দেৱতাৰ প্রতি আগ্রহ জন্মা নাছিল, আজিও নাই । অৱশ্যে
আজিও প্রতি গধূলি ধূপ এডাল জ্বলাই প্রার্থনা কৰো ! কোনো কোনোৱে উপহাৰ দিয়া কোনো
ভগৱান, দেৱীৰ মূর্তিকেইটাক অনাদৰ নকৰি সেই ঠাইতে থৈ দিছো ।
তিনি
বছৰমান আগতে বিপুল দেউৰীয়ে ভাষান্তৰ কৰা ‘আমিষ’ৰ শিৱ ত্রিলিজী পঢ়িছিলোঁ ! আস ! কি নিচা সেয়া পঢ়োঁতাই গম পাব ! মই আনকো
পঢ়িবলৈ কওঁ ! সেয়া অন্য এক শিৱ... অন্য এক নীলকণ্ঠ... “সম্প্রতি,
তেওঁ ঈশ্বৰ । চাৰি হাজাৰ বছৰৰ আগেয়ে তেওঁ আছিল এজন সাধাৰণ তেজ মঙহৰ
মানুহ ।”
বাৰু যি
হওক, আমি শিৱৰপৰা শিকিবলগীয়াবোৰ শিকিছো নে নাই
নাজানো; শিৱৰাত্রিত ভাং খাব লাগেই বুলি শিকিছো কিন্তু ! কিয় ?
[
ব্রাহাস্পতিয়ে শিৱক ক’লে- “গঞ্জিকা
সেৱন আপোনাৰ স্বাস্থ্যৰ বাবে ভাল নহয় । ইয়াৰ অনেক পার্শ্বক্রিয়া আছে । সকলোতকৈ
শংকাজনক কথাটো হ’ল ই আপোনাৰ স্মৃতিশক্তি সম্পূর্ণকৈ লোপ কৰিব
পাৰে আৰু পূর্বৰ সকলো জ্ঞান নাশ কৰিব পাৰে ।”
শিৱই
চিলিমত দীঘলীয়া হোপা মাৰি ম্লান হাঁহি এটা মাৰি ক’লে- “সেইবাবেই ই ভাল, সখা ।
পাহৰিব নোৱাৰাটোৱেই আটাইতকৈ ভয় লগা কথা ।”
“সত্যম ব্রুয়াত প্রিয়ম ব্রুয়াত, না ব্রুয়াত সত্যম
অপ্রিয়ম’ – অর্থাৎ ‘সত্য সদায়
সুমিষ্টতাৰে ক’বা, কিন্তু সত্য হ’লেও সেয়া উচ্চাৰণ নকৰিবা যদিহে ই আনৰ বাবে অপ্রিয় হয় ।” _ কালী
গোপালে
শিৱক কোৱা কথা-
“যাত্রাই সদায় সেই স্থানতেই যাত্রাৰ সামৰণি মাৰে, য’ৰপৰা ই আৰম্ভ হয়... পানীৰ যাত্রাৰ দৰে ।” “অতি
সর্বত্র বর্জায়তে/অজুহাত বর্জনী; যিকোনো অজুহাতেই বেয়া ।
আমাৰ কিছুমানে সদায় শুভৰ প্রতি আকর্ষিত হওঁ । কিন্তু বিশ্বব্রক্ষ্মাণ্ডই সদায়
ভাৰসাম্য বর্তাই ৰাখিব বিচাৰে । যিহেতু বিশ্বব্রক্ষ্মাণ্ডই সদায় ভাৰসাম্য বর্তাই
ৰাখিব বিচাৰে সেয়েহে ভালকো অত্যধিক ব্যৱহাৰ কৰাটো অনুচিত, নহ’লে বিশ্বব্রক্ষ্মাণ্ডই পুনৰ ভাৰসাম্য ৰক্ষাৰ বাবে নিজেই শুভক প্রতিহত
কৰিবলৈ দুৰাচাৰ সৃষ্টি কৰিব । সেয়াই দুৰাচাৰৰ উদ্দেশ্য, ভালক
সুষমভাৱে ৰাখিবলৈ । বিশ্বব্রক্ষ্মাণ্ডৰ ধর্মই হ’ল- সৃষ্টি
আৰু অনিবার্য ধ্বংস আৰু পুনৰ সৃষ্টি । আমি বিশ্বব্রক্ষ্মাণ্ডৰ ক্ষুদ্রতম অংশবিশেষ
।”
“সার্বজনীন সত্যৰ কোনো অস্তিত্ব নাই তথাপি মানুহৰ বাবে ই সদায় প্রহেলিকা হৈ
আহিছে ।”_ পৰশুৰাম ]
শিৱ
মানে কেৱল চিলিম হোপা ভঙুৱাই নহয় ! এক সন্মোহন...
শিৱ
ত্রয়োবৃত্ত পঢ়িবলৈ কওঁ ! বিশ্বাস-অবিশ্বাস নিজৰ নিজৰ কথা ! খুব ধুনীয়া ধুনীয়া কথা
কিছুমান আছে, যিবোৰ আমি শিকিবলগীয়া !
১২-০৩-২০২১
কথাবোৰ
কোনোবা এদিন আৰম্ভ হয় শূন্যৰপৰা, লাহে লাহে আগবাঢ়ে...
আৰু এদিন কথাবোৰ সদায় হোৱা হয় । এদিন কথাবোৰ মাজে মাজে হোৱা হয়; লাহে লাহে সিও আগবাঢ়ে... এদিন কথাবোৰ কেতিয়াবা কেতিয়াবা হোৱা হয় ! ...আৰু
এদিন পুনৰ শূন্যলৈ উভতি আহে !
এদিনৰ ‘সদায়’ উভতি আহি পুনৰ ‘সদায়’
হৈ পৰে ! পার্থক্য এটাই- প্রথমৰ সদায়ত কথাবোৰ থাকে, শেষৰ সদায়ত কথাবোৰ নোহোৱা হৈ যায় !
...আৰু
এদিন নতুন অভ্যাসবোৰৰ অভ্যাসত অভ্যস্ত হৈ যায় সময় !
সেই যে
গোপালে শিৱক কৈছিল- “যাত্রাই সদায় সেই স্থানতেই যাত্রাৰ সামৰণি
মাৰে, য’ৰপৰা ই আৰম্ভ হয়... পানীৰ
যাত্রাৰ দৰে ।”
১৩-০৩-২০১২
কাব্যশ্রী
আৰু স্বৰাজপ্রিয় !
কিছুমান
কথা নিজৰ দৰে লাগে । নিজৰ দৰে লাগিলেই কিবা ভাল লাগি যায় !
স্বৰাজপ্রিয়ৰ
গীতৰ কথাত কাব্যশ্রীৰ অন্য এটি গান পুনৰবাৰ শুনিলো । ‘ভৰসা’ৰ পিছত এই গীত, গীতৰ কথা,
মিউজিক সকলোখিনি খুব ভাল লাগিল !
“উভতি আজি কিনো হেপাহেৰে মচি সজাও বাট, বিচাৰি আহি
কিনো আৱেগেৰে আঁকি সলাও সাজ/ ... ...আহি তুলি নধৰিবা খহি খহি এতিয়া সহজ, আহি হাতো নেমেলিবা ভাঙি ভাঙি গঢ়িছো নিজক/ ...নদীৰ আৱাহনে মাতি নিলে কোনে
জানিছিল মায়া/ এতিয়া পোহৰে আকাশ সলালে এন্ধাৰ চিনাকী ভাষা...”
স্বৰাজপ্রিয়ৰ
গীতৰ কথাত “স্মৃতি”ও ভাল লাগিল
!
ছোৱালীজনীয়ে
ভূপেন হাজৰিকাৰ গানো গাইছে- “অস্ত আকাশৰে সপোন ৰহন
সানি” । পার্বতি প্রসাদ বৰুৱাই লিখা, ভূপেন হাজৰিকাই গোৱা “কিনো পখীয়ে”ও গাইছে তাই । জুবিন গার্গৰ “বুকুতে বুকুখন থৈ”ও গাইছে । ভাল হৈছে ! আনৰ কথা নাজানো, মোৰ ভাল
লাগিছে ! তাইৰ কণ্ঠ আনতকৈ বেলেগ ! ভিৰৰ মাজত একক !
সকলোতে
এতিয়া যি ভিৰ-ভাৰ ! একক হ’ব নোৱাৰিলে উশাহ লোৱাই মস্কিল ! ভাল হওক
তাইৰ ।
১৪-০৩-২০২১
“কলগছ এজোপা কাটিবলৈ অসমর্থ হোৱা তৰোৱাল এখনক ধাৰ কৰি লোৱাৰ পাছত ই লোহা
কাটিব পৰা শক্তি আহৰণ কৰে ! মানৱ জীৱনত আকাঙ্ক্ষাও হৈছে এক মহত্ত্বপূর্ণ বস্তু !
আকাঙ্ক্ষা-অভিলাষ থকা মানুহ বুঢ়া হ’লেও সিহঁত তৰুণৰ দৰেই
উৎসাহী হয় । আনহাতে আকাঙ্ক্ষাহীন মানুহ তৰুণ হ’লেও সিহঁত
মৃতকৰ দৰেই প্রাণহীন ।”_ সুজান ভকত, প্রেমচন্দৰ চুটি গল্প
...সংসাৰ, বৃদ্ধাৱস্থা, অধিকাৰবোধ !
এৰা; আমি কিছুমান অধিকাৰ সময়ৰ লগে লগে হেৰুৱাও, কিছুমান
বয়সৰ লগে লগে (দুয়োটা একেই নহয় কোনোবাখিনিত !) সেয়া আন কাৰোবাৰ হৈ যায় ! অথচ আমি
বিচাৰো, আমাৰ যি অধিকাৰ আছিল সেয়া সদায় আমাৰেই হৈ থাকক !
আকাঙ্ক্ষা !
অৱশ্যে
আকাঙ্ক্ষাৰ স্বভাৱ-চৰিত্র মানুহ অনুসৰি ভিন ভিন হয় !
১৫-০৩-২০২১
গুগলত
কিবাকিবি চাই থাকোঁতে চকুত পৰিল কথা অলপ, পঢ়িলো- পিতামহ ভীষ্ম
আৰু দানবীৰ কর্ণৰ কথা ।
“ভীষ্মই যেতিয়া অসহায় নাৰী এগৰাকীয়ে অনুৰোধ কৰাৰ পিছতো তাইৰ হৈ মাত নামাতি
নিশ্চুপ হৈ থাকিল, সেই মুহূর্ততে তেওঁৰ জীৱনজোৰা যি খ্যাতি
আছিল সেয়া নস্যাৎ হৈ পৰিল । একেদৰে যুদ্ধৰ সময়ত ব্যেহুৰ মাজত অভিমন্যুয়ে যেতিয়া
পানী বিচাৰিছিল, মৃত্যুৰ ক্ষণ গণি থকা তেওঁক কর্ণই পানী
দিয়াৰ পৰিৱর্তে শেষ আঘাট কৰি মৃত্যৰ মুখলৈ থেলি দিছিল । কর্ণৰ
যি দয়ালু-দাতব্য বুলি পৰিচয় আছিল সেই সময়তে সেয়া নোহোৱা হৈছিল ।
ভীষ্ম
যদি অন্তৰেৰে ন্যায়শীল, সৎ আৰু স্বার্থহীন
আছিল তেন্তে নিজৰ সমূখতে দ্রৌপদীৰ সৈতে হোৱা অন্যায়-আবিচাৰৰ সময়ত নীৰৱে নাথাকি তাৰ
বিপক্ষে যুদ্ধ কৰিলেহেঁতেন । সেইদৰে কর্ণ যদি অন্তৰৰপৰা দানী-দয়ালু হ’লহেঁতেন তেন্তে মৃত্যমুখী মানুহ এজনে পানী বিচৰাৰ সময়ত নিজৰ প্রাণ দি হ’লেও তেওঁক সহায় কৰিলেহেঁতেন ।”
ওপৰৰ
কথাখিনিৰে অচিনাকী মানুহ গৰাকীয়ে ক’ব বিচৰা কথাখিনি হ’ল- আচলতে আমি যে কেৱল বিশেষ সময়ত, বিশেষ পৰিস্থিতিত
হে সৎ, দয়ালু, স্বার্থহীন বা ন্যায়পৰায়ণ
হৈ থাকিব লাগে এনে নহয় । প্রতিদিন আমি কৰা প্রতিটো কামতে এই স্বভাৱবোৰ প্রতিফলিত হ’ব লাগে । হয়, এইয়া সহজ কথা নহয়, কিন্তু আমি চেষ্টা কৰিব লাগে । মানুহ মাত্রেই ভুল হয়, কিন্তু আমি যদি সঁচাকৈ ভাল হওঁ তেন্তে জানি-বুজি সেয়া কেতিয়াও নকৰো;
আৰু যদি ভুল হৈয়ো যায় তেন্তে স্বীকাৰ কৰি শুধৰণিও কৰিম । আমি নিজকে
ভাল বুলি দাবী কৰাৰ পৰিৱর্তে এইটো নিশ্চিত কৰাৰ চেষ্টা কৰিব লাগে যাতে আমাৰ
ভালখিনি আমি কৰা প্রতিটো সৰু-বৰ কামৰ মাজেৰে প্রতিফলিত হয়, আমি
সকলো সময়তে সকলোফালৰপৰা যাতে ভাল হ’ব পাৰো । তেনে কৰিলেই
লাহে লাহে এদিন আমি ‘ভাল’ বুলি দাবী
কৰা মানুহজন (ক’বলৈ প্রয়োজন নোহোৱাকৈ) সঁচাকৈ হৈ উঠিম ।
‘ভাল’ হ’ব চাগৈ নোৱাৰিলো !
১৬-০৩-২০২১
তপন
দাসৰ অভিনয়ৰ কথা নকওঁ, সেয়া জনাসকলে জানে; তেখেতৰ আবৃত্তিত কিন্তু অন্য এটা মজা পাওঁ, যিটো
অন্যত পাবলৈ নাই !
এতিয়াৰ
অসমীয়া চিনেমাৰ কথা নো আৰু কি ক’ম ! কোনোবাই কয়-
যাওঁকচোন, কেৱল অসমীয়া চিনেমা বুলিয়েই চাওঁক গৈ ! ২০০ টকা
এটা দেখোন কেতিয়াবা অযথা খৰচ কৰে ! অসমীয়া চিনেমাৰ নামত দিবলৈ পালে হে গা বিষায় যে
! কেৱল সেই এটা কাৰণৰ বাবেই চিনেমা এখন চাবলৈ যাব পাৰি নে সঁচাকৈ ? ওহোঁ, মই নোৱাৰিম ।
“অব তেৰা ক্যা হোগা কালিয়া ? টার্গেট কৌন ?
পচিছে, কিবা এটা পচিছে, something is rotten in the state of that
mark.
গণতন্ত্রৰ
চতুর্থস্তম্ভও আজি দাগী, ইনটেনচিভ্
কেয়াৰত ৰাজনীতিৰ নীল প্রজাপতি
চিকাৰ
কোন ? চিকাৰী কোন ? কোনেও নকয় !
বিকল্প
নাই, বিকল্প নাই সকলোৱে কয়
ভূমি
দোষ, ভূমি দোষ, দোষ এই ভূমি খণ্ডৰ, ভূমি যেন জীৱন্ত কিন্নৰ !
ৰক্ত
গোলাপো হ’ব পাৰে দুষ্ট গোলাপ, কোৱা মানা
গণতন্ত্রৰ
সময়তো গণতন্ত্রৰ কথা কোৱা মানা
খোৰাই
খোৰাই আগবাঢ়ে দিন-কাল, হয় বছৰ
গণনা !
এক
মচ্ছৰ, মহ এটা, মচকোইতো, পাখি কোবাই চেকেণ্ডত ছশ বাৰ
বিজ্ঞানীৰ
মতে আটাইতকৈ চাফা জীৱ, পৃথিৱীৰ
সর্বশ্রেষ্ঠ পৰিষ্কাৰ
কিন্তু
তেজ শুহে, ব্লাড ছাকাৰ !
একেদৰে
চাফা মুখ, চাফা হাঁহি, চাফা নাচ, চাফা গান, চাফা সাহিত্য, চাফা বাণিজ্য, চাফা বিজ্ঞাপন;
চাফা
ইমেজ, এজেণ্ডা, টিজাৰ, ট্রেইলাৰো চাফা
কিন্তু
লেতেৰা নির্বাচন !
অৱশ্যে
সর্বশেষ চাফা বিজয় ডংকা, বিজয় নিচান
অব তেৰা
ক্যা হোগা কালিয়া ? টার্গেট কৌন ?
সংকুচিত
দেশৰ সীমান্ত, দিনে দিনে যায় কমি
বাঢ়ে
মাথোঁ বাঢ়ে বিষণ্ণ বিপন্ন দেশ আৰু তাৰ মাটিকালি
বিপন্ন
বিষণ্ণ দেশ আৰু তাৰ মাটিকালি !
অব তেৰা
ক্যা হোগা কালিয়া ?”
নতুন
অসমীয়া চিনেমা- মনজিত শর্মাৰ “ৰাজনীতি”ত তপন দাসৰ কবিতা, তেওঁৰ নিজৰ আবৃত্তি । আস ! এনেকুৱা কথাবোৰ দেখিলে শুনিলে চাবলৈ আপুনি মন যায় । “ইনকিলাব” গানটো শুনিও ভাল লাগিল, গীতৰ কথাও ভাল ! জুবিন যেতিয়া সংগীত ভাল হ’বই বুলি ধৰি-বান্ধি ল’ব পাৰি ! ক’বলৈ গ’লে টিজাৰ, ট্রেইলাৰ, সংগীত সকলো “চাফা” ! বাকীখিনি চিনেমাখন চালে গম পামেই বাৰু !
এতিয়া
চিনেমাখন চাবলৈ গৈ জুবিন গার্গৰ চাবলৈ মন নোযোৱা অভিনয় যদি হজম কৰিবলগীয়া হয় ! নাই নাই ভাল অভিনয়ৰ চার্টিফিকেট দিয়াৰ মোৰ ক’ত ঔকাদ্ ! ভালপাওঁ জুবিনদাৰো অভিনয়, যদি সেয়া “দীনবন্ধু” বা “মন
যায়”ৰ অভিনয় হয়, নতুবা “প্রিয়াৰ প্রিয়ৰ” খাটি অসমীয়া কোৱা “বিষ্ণুজ্যোতি বেজবৰুৱা” নাম লৈ ভাও ধৰা চিম্পল
ল’ৰাজনৰ অভিনয় হয় ! “তুমি মোৰ
মাথোঁ মোৰ”ৰ অভিনয় পাহৰিলো ! “কাঞ্চনজংঘা”,
“মিচন চাইনা” চোৱা নাই; “ৰামধেনু”ও চোৱা নহ’ল ! কিছুমান চৰিত্রত জুবিন গার্গে অভিনয় নকৰিলে নহয় নে ? নে সেয়া কেৱল (কিছুমানত) ‘মার্কেটিং ষ্ট্রেটেজী’ ? হয় বাৰু, কোনো বস্তু/কামতেই সম্পূর্ণ সন্তুষ্টি নাথাকে । কিবা
এটা ভাল লাগিলে কিবা এটা অকণ বেয়া লাগে বা আৰু ভাল হোৱাৰ থল থকা যেন লাগে । কিন্তু
আমি সদায় সেইবুলিয়েই কৈ থাকিব লাগিব নেকি ?
যি হওক, কেৱল অসমীয়া চিনেমা বুলি নহয়, কেৱল জুবিন আছে
বুলিও নহয়; এই “চাফা” দেখা ট্রেইলাৰ, টিজাৰ, সংগীতৰ বাবেই “ৰাজনীতি” চাম বুলি ঠিক কৰি থ’লোঁ !
১৭-০৩-২০২১
“Road
Safety World Series” Legend ক্রিকেট হৈ আছে ! আজি ভাৰত আৰু ৱেষ্ট্ ইণ্ডিজৰ মাজত প্রথমখন চেমি-ফাইনেল । ইউ-টিউবৰ কৃপাত লাইভ-অদিঅ’ শুনিলো । কিবা
সেই “আমাৰ দিনৰ ক্রিকেট” চোৱাৰ দৰে লাগিল ! হাঃ হাঃ হাঃ … আমাৰ দিন ! শচীন, ৰাহুল, গাংগুলী, ছেহৱাগ, কাইফ, আজাহাৰ, জাদেজা…
…এৰা, আমাৰ দিন… ! সঁচাকৈ… বহু সময় পাৰ হৈ আহিলো ! উভতি চালে লাগে বহু সময়, নাচালে লাগে একে সময়তে
যেন ৰৈ আছো !
ভাৰত
জিকিল । ফাইনেল খেলিব । আগৰ
দুখনমান খেলৰ ফুটেজ চাই দেখিলো- যুৱৰাজ ভালেমান
শকত হ’ল, ছেহৱাগৰ চকুত চশমা…
“ব্রাইন লাৰা” মানুহজনক খুব ‘হামবল্’ মানুহ যেন লাগে ! শ্রী-লংকাৰ তেতিয়াৰ টিমটোকো ভাল লাগিছিল ! এতিয়া ইমান কিবাকিবি চিৰিজ, টুর্ণামেণ্ট হৈ
থাকে; চোৱা নহয়, নতুনখিনিক চিনিও
নাপাওঁ !
পুৰণিখিনি
এতিয়াৰ ‘লিজেণ্ড’ ! লিজেণ্ডৰ দৰেই খেলিলেও ! সদায়েই ‘লিজেণ্ড’ হৈ থাকিব !
কাইলৈ
যদি মৰি থাকো, কোনে চিনিব ? নিমিষতে ছাই হৈ শেষ হৈ যাব সকলো ! আস ! ছাই আৰু ধূলি মাথোঁ !
১৮-০৩-২০২১
অর্ণৱ
শইকীয়াৰ “জীৱন যদি জীয়াব লাগে”ৰ পৰা-
“জীৱন মৰুৰ মাজত যদি কেতিয়াবা ঠিকনা হেৰায় আপোনাৰ, ধূলিৰ ধুমুহাত যেতিয়া হাহাকাৰ কৰে অকণমান উশাহৰ বাবে, তেতিয়াও হাজাৰ ধুমুহা নেওচি নির্মল এছাটি বতাহ হৈ আপোনাৰ পৰিচিতসকলৰ
কোনোজন আগবাঢ়ি আহিবই বুলি আপুনি নিশ্চিত হ’ব পাৰেনে ? মানসপটত ভাঁহি উঠিছেনে গভীৰ আস্থাৰ এখনি মুখ ?”
লেখকে
দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যুদ্ধক্ষেত্রত সেনাৰ দুজন বন্ধুৰ কথা বর্ণনা কৰিছে “জীৱনৰ বন্ধুজন” নামৰ লেখাটিত । শত্রু সৈন্যৰ
গুলীবর্ষণৰ পৰা বাচিবলৈ এজন সৈনিকে কমাণ্ডাৰাৰ সৈতে শিলৰ মাজত আশ্রয় লৈ আছিল । সেই
সৈনিকজনে বাৰে বাৰে তাৰপৰা ওলাই গৈ সেই সময়ত তেওঁৰ কাষত নথকা প্রিয় বন্ধুজনক
বিচাৰি যাবলৈ কমাণ্ডাৰাৰ অনুমতি বিচাৰিলে । তেওঁ সৈনিকজনক অনুমতি নিদি বুজালে যে
ইতিমধ্যে হয়তো বোমাবর্ষণত তেওঁৰ বন্ধুৰ মৃত্যু হৈছে, আৰু
আশ্রয়স্থলীৰপৰা ওলাই যোৱা মানেই নিজৰো সেই গতিয়েই হোৱা । কিন্তু সৈনিকজনৰ
নেৰানেপেৰা অনুৰোধত অৱশেষত কমাণ্ডাৰে উপায়হীন হৈ তেওঁক বন্ধুজনক বিচাৰি যাবলৈ
অনুমতি দিয়ে । তেওঁ শত্রুসৈন্যৰ গুলী বর্ষণকো নেওচি প্রিয় বন্ধুক বিচাৰি, পিঠিত তুলি সেই নিৰাপদ স্থানলৈ লৈ আহিবলৈ সক্ষম হয় । অন্য সৈনিকসকলে চাই
দেখে যে ইতিমধ্যে আনজন সৈনিকৰ মৃত্যু ঘটিছে ! তেতিয়া কমাণ্ডাৰে কয় যে মৃতজনৰ
সন্ধানত ওলাই যোৱাটোৰ একো অর্থ নাই বুলি তেওঁ ঠিকেই কৈছিল । কিন্তু সেনাজনে কয় যে
তেওঁ বন্ধুক বিচাৰি ওলাই যোৱাটো অথলে নগ’ল । তেওঁ যেতিয়া
বন্ধুক বিচাৰি পাইছিল তেতিয়া তেওঁৰ বন্ধুৰ শৰীৰত প্রাণ আছিল আৰু কৈছিল যে তেওঁ
জানিছিল, তেওঁক বিচাৰি তেওঁৰ প্রিয় বন্ধুজন আহিবই ! বন্ধুক
বিচাৰি গৈ গুলীবৃদ্ধ হোৱা সেই সৈনিকজনৰো মৃত্যু ঘটিছিল । অথচ তেওঁ অনুভৱ কৰিছিল যে
তেওঁৰ সন্ধান বিফলে নগ’ল, মৃত্যুৰ আগতে
বন্ধুৰ মুখত শুনা সেই শব্দকেইটাই তেওঁলোকৰ সম্পর্কৰ গভীৰতাকে বুজায় ! বুজায়
তেওঁলোকৰ মাজত থকা আস্থা আৰু বিশ্বাসৰ কথা ।
...এৰা, সকলোৰে থাকে নে এনে এজন বন্ধু ? থাকে নে এনে আস্থা
আৰু বিশ্বাসৰ গভীৰতা ? আমি নিজেও নিজৰ উত্তৰণ ঘটাব পাৰিছোনে
বন্ধুৰ বন্ধু হ’বলৈ ?
...আৰু
পাৰিছো বুলি ভবাতেই যদি, পাইছো বুলি ভবাতেই যদি সেই আস্থা আৰু
বিশ্বাস ভাঙি চুচূর্মৈ হৈ পৰে ? নিজৰ ওপৰতেই যদি সন্দেহ ওপজে
? ...এনে আঘাট কোনেও নাপাওঁক !
জীৱনৰ
বন্ধুজন সকলোৱে পাওঁক... জীৱনলৈ !
১৯-০৩-২০২১
বহু
সময়ত ভাব হয়, এতিয়া বেছিকৈ ভাৱ হয়- এইযে “জীৱনৰ বন্ধুজন” ! সেয়া নিজৰ বাবে নিজে হ’ব পৰাটোৱেই সকলোতকৈ ভাল ! নিজৰ বাদে কোনো কাৰোৰে ওচৰত নাথাকে । নিজৰ
বাটেৰে এদিন সকলো গুচি যায়, উভতি চাবলৈকো সময়ৰ নাটনি হয়গৈ; উপায় নাথাকে… সময়ৰ চাকনৈয়া… প্রয়োজন !
সময় গৈ
থাকে নিজৰ গতিত । গুচি যোৱাখিনি সলনি হৈ হৈ গৈ থাকে
লাহে লাহে- চেহেৰা, প্রয়োজন, ভাৱ-কথা, জীৱনধাৰা… সকলো ! সলনি হোৱাটোৱেই জীৱনৰো যে নিয়ম, চলি থাকে অবিৰাম । আক্ষেপ নাথাকে সেয়ে । জীৱন
বাটত ক্ষন্তেকৰ লগৰীয়া হৈ লগ পাওঁ কেতিয়াবা কাৰোবাক । অহৰহ
খবৰ-বাতৰি লৈ থকাজনো এদিন অচিনাকী হৈ পৰে ! শেষত কোন নিজৰ বাদে ?
“ৰ’দ আজি কেনি পাওঁ
ৰ’দ আজি কেনি চাওঁ
খিৰিকী মেলি সমূখত এন্ধাৰ হে পাওঁ
কোঠালি এৰি বাহিৰত পথ হেৰাওঁ,
অস্ত
বেলিৰ শেষ পোহৰে কৈছিলে মোক কথাটি
কোনো সীমা নাই কোনো শেষ নাই উৰুঙা হ’ব যে
পঁজাটি…” __জুবিন গার্গ
বন্ধুৰ
বয়স নাথাকে, চর্ত নাথাকে... সেয়া যিকোনো কোনোবা হ’ব পাৰে । বন্ধুক লগ পাই থাকিবই লাগিব বুলিও কথা নাথাকে । তেন্তে কি থাকে ?
যি থাকিলে বন্ধু থাকে ?
(“জীৱনসংগী”ক বাদ দি) সতীর্থ-সহযাত্রী হৈ খামুচি থকা
বন্ধুত্বৰ হাত এখন যদি নাই, নিজৰ বাবে জীৱনৰ বন্ধুজন নিজে
হোৱাটোৱেই ভাল ! সেই বিশেষজনৰ বাদে এদিন সকলো বন্ধু গুচি যায় ! সকলো গুচি যায় ! …আৰু কাৰোবাৰ যদি সেই বন্ধুজন আছে, তেওঁ
সৌভাগ্যৱান; সেই বন্ধুত্ত্বত মৰম-আস্থা-বিশ্বাস-গভীৰতা সদায়েই অটুত থাকক ।
২০-০৩-২০২১
কেতিয়াবা
পুৱতিতে টোপনি ভাঙি শুনা আজানৰ মাতত শান্তি লাগে । দূৰৈৰ মন্দিৰৰপৰা ভাঁহি অহা
ঘণ্টাৰ মাত নতুবা কোনো বৌদ্ধ ভিক্ষুৰ কণ্ঠেৰে নিগৰি অহা বুদ্ধং শৰণং গস্বামিয়েও
মনটো ভাল লগায় । কোনো মন্দিৰৰ ধূপ-ধুনা, তেল-শলিতাৰ সুবাসো
ভালেই লাগে । সকামৰ মাহ-প্রসাদ মোৰ প্রিয় বুলিবই পাৰি ! ভাগৱত পাঠৰ ভাঙনি যদি
সোৱাদ লগাকৈ কোনোবাই কৰে, শুনি থাকিব পাৰো ।
কিন্তু
সেইবুলি দিন-ৰাতি চিন নথকাকৈ ১২ ঘণ্টাই যদি মাইকত ভাঁহি অহা ভগৱানৰ আৰধনা শুনি
থাকিবলগীয়া হয়, তাক সহ্য কৰিব কোনোপধ্যেই নোৱাৰি !
সেইবোৰ অদৰকাৰী কাৰবাৰ বুলিলে যদি মই নাস্তিক হয়, হয় তেন্তে
। দিনৰ দিন, ৰাতিৰ পিছত ৰাতি কোনোবাই যদি নিজৰ উপাস্য ভগৱানক
পূজিছে-বন্দিছে, তাত আপত্তি কৰিবলগীয়া একো নাই । কিন্তু
মাইকত একেবাৰে তালফাল লগাই ওচৰে-পাজৰে সকলোকে শুনোৱাই থকাত হে মোৰ আপত্তি ! সেয়া
আৰাধনা নে চিঞৰ-বাখৰ ?! ভগৱানে কি মাইকত চিঞৰি চিঞৰি গালে হে
শুনি পাব নেকি তেওঁৰ নামৰ ভজন-কীর্তন ? যদি সেয়ে হয় তেন্তে
আটাইবোৰ ভগৱান, দেৱ-দেৱীয়েই কাণেৰে নুশুনা কলা দেখোন !
বৌদ্ধ-বিহাৰ
আৰু চার্চৰ নীৰৱতা মোৰ ভাল লাগে !
২১-০৩-২০২১
আজিকালি
খিৰিকীৰ কাষত বহা নহয়েই ! অজস্র কথাই ভিৰ কৰেহি, তাৰে ভয়ত আপোন খিৰিকীখন, ৰাতিৰ আকাশখনৰপৰাও আঁতৰি
থাকো !
ধূলিৰ
বতাহ এজাক আহিছিল গধূলিবেলা । ভাবিছিলো বৰষুণ এজাক আহিব । দুদিনমানৰপৰা যেন বৰ
আশাৰে বাট চাই আছো বৰষুণ এজাকলৈ ! মুষলধাৰে বৰষুণ এজাক আহিলেই যেন ভিতৰৰ বৰষুণজাকো
সমানেই বৰষিব, বৰষুণে ধুই যেন শান্ত কৰিব সকলো !
ভাৱ
হৈছে অলপদিনৰপৰা যেন কথাবোৰ সেই কেইবছৰমান পিছলৈ গৈ আৰম্ভ কৰিছো পুনৰাই !
...ভালপোৱা
বেয়াপোৱা বুলি একো নাই ! নিজতে মগন হৈ থকাত ব্রতী ! নির্বাক হৈ থকাৰ চেষ্টা !
কেতিয়াবা জোনাকী হৈ জ্বলো, কেতিয়াবা নিয়ৰ হৈ সৰো ! দুখৰ বাবে জী
থাকো, দুখৰ বাবে হাঁহো !
...দুদিনমানৰপৰা
যেন খিৰিকীখন খুবেই আপোন হৈ পৰিছে পুনৰ ! খিৰিকী খুলিলেই পোৱা এন্ধাৰখিনি বেছিকৈয়ে
নিজৰ নিজৰ লগা হৈছে ! চুপতি বতাহৰ স’তে, আকাশৰ স’তে, জোন-তৰাৰ স’তে, এন্ধাৰৰ স’তে...
...সেই
যে উথপথপ লগোৱা কথাবোৰ ! কোনোবাটো দুষ্ট কের্কেটুৱাৰ দৰে দৌৰি আহে, কোনোবাটো ঘৰচিৰিকাৰ দৰে জপিয়াই জপিয়াই, কোনোবাটো
পখিলাৰ দৰে পাখি কোবাই কোবাই, কোনোবাটো পাৰ আৰু শালিকীকেইটাৰ
দৰে হুলস্থূল কৰি ! সকলো পাহৰি দৌৰি-জপিয়াই-পাখি কোবাই সিহঁতৰ পিছে পিছে ঘূৰি
ফুৰোঁ ! মুখ টিপি হাঁহো... কেতিয়াবা উচুপি উঠো !
...আৰু
তেতিয়াই বিচাৰি চাওঁ মৰমলগা পহু পোৱালি এটা যি নিয়ৰৰ টোপালৰ দৰে গোন্ধাইছিল আৰু
স্ফূর্তিবাজ বদমাছ গাহৰি এটা যি ফৰকাল হাঁহিৰ দৰে গোন্ধাইছিল ! ক’ত সিহঁত ! ময়ে বা ক’ত ! বেঙা মেলি চালে সিহঁতক দৌৰি
দৌৰি দূৰলৈ গৈ থকা দেখো... আৰু এটা সময়ত মানুহৰ ৰূপ লৈ সিহঁত অদৃশ্য হৈ পৰে !
হাঁহি
হাঁহি কান্দি পেলাওঁ... উম, মই আজিও সেই মোৰ দৰেই কান্দো দেখোন !
ওলাই আহিব খোজা উচুপনিটোক বন্ধ কৰিবলৈকে বহুদিন পাহৰি থকা সুহুৰি এটা মুখেৰে ওলাই
যায় ! হেৰুৱাবোৰ কিয় জানো একে সময়তে হেৰুৱাওঁ ! নোপোৱা-নোহোৱাখিনিও জানো হেৰুৱায় ?
...হেৰায়, নাজানো কেনেকৈ হেৰুৱাওঁ !!
২২-০৩-২০২১
কিছুমান
মানুহে নিজৰ কামটো খুব নিপুণতাৰে কৰে । যেনে- সেই মাছৰ বেপাৰীজনে যেতিয়া কোনো ৰূমত
থকা ছোৱালীকেইজনীয়ে লোৱা এপোৱা মাছৰ পিচ্ কৰে, (ছোৱালীকেইজনীয়ে
লোৱা মাছৰ পৰিমাণটোতে আচলতে বেপাৰীজনে অনুমান কৰি লয় কোনো ভাড়াঘৰত থকা ছোৱালী বুলি
!) সেয়ে জোখৰ জোখাৰে অংকটো কৰি ভালেকেইটা পিচ্ কৰি দিয়ে ! এনেয়ে হয়তো তাত তিনিৰপৰা
চাৰি টুকুৰা মাছ ওলায় !
নিজে
কৰা কামটোৰ প্রতি মানুহ সৎ হ’ব লাগে বুলি ভাবো,
মানিও চলো ! লাগিলে কামটো যিমানেই সৰু নহওক কিয়, তাক আদৰ কৰিব লাগে । মই নিজে চেষ্টা কৰো সেয়া কৰিবলৈ ! সি মোক কেতিয়াবা
অকণ ভাগৰুৱা কৰিলেও দুখী কেতিয়াও নকৰে ।
২৩-০৩-২০২১
ঘূৰি
ঘূৰি নিজলৈ ঘূৰি অহা প্রক্রিয়াটো সঁচাকৈ কেনেকুৱা আজৱ ! কোন আছে নিজৰ বাদে ! ভাবিলে লাগে- কোনো তো নাই ! ৰূমৰ খিৰিকীখন খুলি দিলে
মুকলি লাগে ! মনলৈ ভাৱ আহে- এই যদি হঠাতে নোহোৱা হৈ যাওঁ, কোনে জানিব ?
দুদিনমান
আগতে অসমীয়া প’ডকাষ্ট্ এটা চাইছিলো ইউ-টিউবত, অযান্ত্রিকত- অৰূপ জ্যোতি বৰুৱা নামৰ গায়ক এজনৰ । সেয়া
নোচোৱালৈকে তেওঁৰ বিষয়ে শুনায়েই নাছিলো মই ! সঁচাকৈ, ভাল বস্তু কিছুমানৰ প্রচাৰেই নহয় আৰু কিছুমান গেলা-পচাও
কেৱল নামটোতেই হিট্ মাৰি থাকে ! মানুহজনৰ কথাবোৰ
ভাল লাগিল ! কেইটামান কথা বেছি ভাল লাগিল- “আমি অভিলাষত মৰোঁ আচলতে, বহু সময়ত; প্রকৃতি সকলোৰে ঊর্দ্ধত… মানুহ মানুহ হৈ থাকিব
লাগে !” …আৰু হেৰাই যোৱা আপোন কোনো কোনোজনৰ কথা কৈ
কৈছিল- “ক’ত নো মৰে মানু্হ ? আছে ! থাকে আমাৰ মাজত ! মৰিলে জানো আমি তেওঁলোকৰ কথা পাতি থাকো এনেকৈ ?”
…সৰু-সুৰা অসুখ হ’লেও, অকলে থকা সময়ত, মনটোও লগতে বেয়া লাগে… এনেয়ে ! মন যায় মাত এষাৰ শুনিবলৈ !
…আৰু মাতবোৰ নাথাকে বাবেই লাগে খিৰিকী এখন, আকাশ চাবলৈ ! ভাবো- মৰিলে মৰিয়েই যাম নেকি ? নে মৰিও জীয়াই
থাকিম তেওঁ কোৱাৰ দৰে ? কাৰ মাজত, কাৰ কথাত জীয়াই থাকিম ?
…নাই, নাই অভিলাষ তেনেকৈ একো নাছিল; নাই ! খিৰিকীৰে মূৰটো উলিয়াই বতাহজাকক চুই
চাওঁ ! মনৰ খিৰিকীখনো খুলি দিওঁ… শূন্য কৰি থৈ গৈ কিছু সময়ে আমাক সাহসীও কৰি থৈ যায় !
২৪-০৩-২০২১
সঁচাকৈ, স্থায়ী স্থান এডোখৰ থকা মানে সেয়া অন্য এক গপছ- মোৰ সেয়া, কোনেও ল’ব
নোৱাৰে ! লাগিলে সেয়া সম্পর্কই হওক, চাকৰি বা অইন কিবা ! সেয়া অন্য এক অহংকাৰ,
আত্মবিশ্বাস বা অইন যিয়েই বুলি নকওঁ কিয় !
দুদিনীয়া
বুলি জানিলে দেখোন ক’তোৱেই কদৰ নাই ! কদৰ হয়তো বহুক্ষেত্রত থাকে, কিন্তু ওজন নাথাকে… আদৰ নাথাকে ! “শেষ হ’লে হ’ব, গুচি গ’লে যাব” ধৰণৰ ! স্থায়ীবোৰ তো সদায় স্থায়ী, যুগমীয়া ! চাকৰিয়েই হওক বা সম্পর্ক !
“The
silent child” নামৰ চুটি ছৱিখন চালোঁ ! তাইৰ চৌপাশৰ ব্যস্ত মানুহবোৰৰ এপলক সময় নাথাকে তাইক শুনিবলৈ, বুজিবলৈ ! তাই কাণেৰে নুশুনে, গতিকে কথাও ক’ব নোৱাৰে ! অভিনয় কৰা কণমানিজনীয়েও সঁচাকৈ কাণেৰে নুশুনে ! তাইৰ নাম “Maisie Sly” ! খুব মৰমলগা !
মই
কেতিয়াবা ভাবো- কাণত যদি নিজৰ মতে নিয়ন্ত্রণ কৰিব
পৰাকৈ ‘ফিল্টাৰ’ থাকিলেহেঁতেন ! এইযে বৰষুণ পৰিছে, বতাহ বলিছে… কেৱল এইবোৰ শুনিব পৰাকৈ ফিল্টাৰ ফিট্ কৰি ল’লোহেঁতেন ! যেনেকৈ ফিল্টাৰ কৰি ‘নইচ্’ আঁতৰাই ল’ব পাৰি !
কৰো
বুলিয়েই তো স্থায়ী কৰি ল’ব নোৱাৰি- চাকৰিয়েই
হওক বা সম্পর্ক ! চর্ত থাকে, অর্হতা লাগে… আৰু বহুত কিবাকিবি লাগে !
জীৱনটোৱেই
অস্থায়ী ! নিজক নিজে শুনাতেই মজা !
২৫-০৩-২০২১
মই
আজিলৈকে কোনো ৰিক্সাৱালা, ঠেলাৱালা বা অট’ৱালা
কাকোৱেই ‘তই’ বুলি কৈ পোৱা নাই ।
অৱশ্যে অট’ৱালাজন যদি একেবাৰে পিলিঙা ডেকা টাইপৰ হয়, তেতিয়া ‘তুমি’ বুলি কওঁ ।
এইখিনিয়ে যদি মোৰ ‘লেভেল’টো সিমানৰ
বুলি বুজায়, তেন্তে তাত মোৰ আপত্তি কৰিবলগীয়া কিবা আছে বুলি
নাভাবো । কিন্তু এটা কথা ভাবো- মোৰ লেভেলৰ কথা ভবা কোনোবাৰ সেই চিন্তা কি লেভেলৰ ?
এইটোও
হয়, কেতিয়াবা ঘৰত কাম কৰা বা হাবি-বন চাফা
কৰিবলৈ কোৱা কোনোবাজনক অলপ টানকৈ কথা দুটামান নক’লে বা তই
বুলি নক’লে কামটো পাল মাৰি থৈ দিয়ে ‘মালিক’
ধিলা হেন পায় !
লেভেলৰ
লেবেল থকা মানুহলৈ মোৰ অহেতুক ভয়-সংকোচ এটা আছে ! নাজানো কিয় ! মোৰ যে এটাও নাই !
(যিদৰে
খাচ্ বন্ধুক ‘তই’ বুলিব পাৰি,
নিজৰ যেন লগা মানুহকো মই তই বুলিয়েই কওঁ, নিজৰ
নিজৰ লাগে । জ্যেষ্ঠ
হ’লে পিছে ‘আপুনি’ৰ বাদে অন্য কোৱা নাযায় ।)
২৬-০৩-২০২১
ঘৰলৈ
যোৱা বাটত বহুতো ব’গানভিলিয়া ফুল ফুলি থকা দেখিলো । আমি
ইয়াক কাগজফুল বুলিছিলো, শৈশৱত ! আইতাৰ ঘৰৰ পদূলিমুখতে ডালভৰি দো-খাই ফুলিছিল বগা
কাগজফুল এজোপা ! এতিয়া নাই !
গোটেই
বাটছোৱাতে দেখি গ’লো ৰমক-জমক হৈ ফুলি
থকা গছবোৰ ! কোনোজোপা কাৰোবাৰ ঘৰৰ সন্মূখ শুৱনি
কৰি বাগিচাত ফুলি আছে । কোনোজোপা গৰাকী নোহোৱাকৈ ৰাস্তাত ওখ
হৈ আপোনমনে ফুলি আছে, তল ভৰি সৰিও আছে !
ফুলাৰ
সময়ত যেন সিহঁত মন ভৰি ফুলে… আপোনমনে… বতাহ-বৰষুণলৈ কেৰেপ নকৰাকৈ ! ফুলাৰ দিনবোৰত সিহঁত মাথোঁ ফুলে… সৰি পৰিম বুলি
জানিও… কোনোবা বাগিচাতেই হওক বা বনত, কোনোবাই আদৰ কৰকেই বা নকৰক… সিহঁত ফুলি থাকে
সৰি নপৰালৈকে…
২৭-০৩-২০২১
আজি ‘ভোট’ৰ দিন ! আমি
প্রজা ! আমি আমাৰ অধিকাৰ সাব্যস্ত কৰিম ! প্রজাতন্ত্রই প্রজাৰ হিতৰ বাবে কাম কৰিব বুলি এমোনামান আশা বুকুত লৈ বৰ
হেঁপাহেৰে আমি ভোটৰ দিনটো পালন কৰিম (কৰিলোঁ)! আহিম বুলি কোৱা আলহী কেতিয়া পাবহি বুলি আশাৰে পদূলিলৈ বাট চাই থকাৰ দৰে
আমি বাট চাম পৰিৱর্তনৰ বাবে !
ইতিমধ্যেই
অংকবোৰ হৈয়েই গৈছে ! ৰজাৰ নীতিৰ পাশাখেল কেতিয়াবাই
আৰম্ভ হ’ল ! ক’ৰবাত যদি বিবেক বিক্রী হ’ল, ক’ৰবাত আৱেগ উটি গ’ল ! ক’ৰবাত যদি বিশ্বাসঘাটক জন্মিল, ক’ৰবাত প্রভুভক্ত ! তথাপিও
আমি আশা কৰো- কিজানি এয়াই সেই সময়, এয়াই আৰম্ভণি… শুভশক্তি উত্থানৰ; কিজানি এয়াই আৰম্ভণি ন-ৰূপত উদিত হোৱাৰ সুৰুজৰ দেশৰ
প্রথম পুৱাৰ !
ভোটবোৰ
বাৰু সময়ত ভূতৰ দৰে হৈ যায় নেকি ?!
…
দুবছৰমান
আগতেই ঘৰত দুটা লতাজাতীয় গছপুলি ৰুইছিলো । সিহঁত
ডাঙৰ হ’বলৈ বহু সময় লৈছে ! নার্চাৰীৰপৰা আনোতে বাৰু কৈছিলেই কথাটো । যেতিয়া
নতুন কুঁহিপাত ওলাই তেতিয়া এজোপাত সেউজীয়া পাতবোৰে ৰং সলাই গুলপীয়া আৰু বগা হয়, আনজোপা হালধীয়া হয় ! নিজৰ ইচ্ছামতে কোনো
আকৃতিৰ ঠাচত সিহঁতক বগাই যাবলৈ সুবিধা কৰি দিলে সিহঁতে সেই আকৃতিকে লয়, খুব ধুনীয়া দেখি ! একেজোপাই গছ, সময়ত কিছুমান পাতে ৰং সলায় ! সি কিন্তু
গছজোপাৰ অনিষ্ট নকৰে বৰং তাৰ সৌন্দর্য্য হে বৃদ্ধি কৰে ! ঠিকেই- বিকাশ হ’বলৈ, পৰিৱর্তন হ’বলৈ সময়ৰ প্রয়োজন ! সেয়া যদি ভালৰ বাবে হয়, ভালৰ বাবে বুলি যদি
জানো তেন্তে অপেক্ষাৰ সময় দীঘলীয়া হ’লেও বিৰক্তিদায়ক হৈ নুঠে !
(পৰিৱর্তন কাৰোবাৰ ভালৰ বাবে হ’লে, সুখৰ বাবে হ’লে ত্যাগো কৰা যায় !)
আমি কৰা
ভাল কামৰ ফল আমি নাপালেও আমাৰ পিছত যদি কোনোবাই পায়, সেয়া জানো ভালেই নহ’ল ! কিন্তু বিশ্বাস ? কোনে দিব ?
২৮-০৩-২০২১
আজি
গধূলি এটা পালো হঠাতে ! বহু সময় নিৰলে বহি থাকিলো... গধূলি আৰু এন্ধাৰৰ স’তে ! ভালেমান জোনাকী উৰি ফুৰিছে । (আজিকালি
নেদেখাই হ’লো ইহঁতক !) অচিনাকী কিবা কীট-পতংগই
চিঁ-চিঁয়াই অবুজ ভাষাত কোৰাছ গাইছে ! গৰমৰ দিনবোৰ আৰম্ভ হ’বৰ
হৈছে আৰু ।
এৰা...
শৈশৱৰ এনে গধূলিবোৰ কিমান যে ধুনীয়া আছিল ! মিহি মিহি বতাহ এজাক... ল’ৰি থকা গছৰ পাতবোৰ... ঝিলিৰ মাত... টিপটিপাই থকা জোনাকীবোৰ... কথাবোৰ...
মিহি বতাহ এজাক... আৰু এখন মুকলি আকাশ, মুকলি চোতাল... সকলো
ধুনীয়া আছিল !
ক’ত হেৰাই যায় সকলোবোৰ !!
অইন
সময়ত এতিয়ালৈকে কুলিৰ মাত ভাঁহি আহিল হয় দূৰৈৰপৰা ! এতিয়া নাই ! এদিন হয়তো
ইহঁতবোৰো নোহোৱা হ’ব ! সর্বতে এতিয়া বাঢ়ি যোৱা কাউৰীৰ কা কা
মাথোঁ !
২৯-০৩-২০২১
এৰা, আপোন কোনোবাই আঁতৰাই পঠিওৱাৰ সেই বেদনা বুজাই ক’ব
নোৱাৰি কাকোৱেই, বিৱৰিব নোৱাৰি সেই অনুভৱ ! কথা নাছিল তেনে
হোৱাৰ ! বিশ্বাসো নহয় তেনে হ’ল বুলি ! আপোনৰ উপস্থিতিয়ে
আপোনক জানো দূৰ কৰে ? ...সময় যেন মুক হৈ পৰে !
দূৰ হৈ
আহিও দূৰ কৰিব নোৱাৰা মানুহে চাগৈ এনেকৈয়ে কান্দে ! বেজাৰ লাগে তেনে চকুলো দেখিলে
!
বুজি
পাওঁ যে... ...
সময়ে
হয়তো সেয়া এদিন সহজ কৰি দিব ! ভাল হওক...
৩০-০৩-২০২১
চাহ
বাগানৰ সেউজীয়াবোৰ সদায়েই ভাল লগা । ভাল লগা শিৰিষৰ সেউজীয়াবোৰো । ৰাস্তাৰ
দুয়োফালৰ সেউজীয়াবোৰ চাই চাই আহিবলৈ ভাল লাগে ! ভাল লাগে মাদলৰ মাত... ঝুমুৰৰ
আনন্দ... য’ত সকলো ৰঙীন, দুখ
বুলি যেন একো নাই তাত !
কোনোবা
এখন উপন্যাসত পঢ়িছিলো, সঁচা হয় নে নহয় নাজানো- অসমৰ কোনো এক
ঠাইত যেতিয়া কোনো চাহাবে চাহগছৰ খেতি কৰিছিল, সেই ঠাইৰ কোনো
মানুহে (উগ্রপন্থী !)ৰাতিৰ আন্ধাৰত গোটেই চাহগছবোৰ আধাতে কাটি থৈ গৈছিল । গছবোৰৰ
সেই অৱস্থা দেখি চাহাবে মনতে খুবেই দুখ পালে যদিও মন পেলাই নিদিলে । কিছু দিনৰ
পিছত চাহাবে পুনৰ গছবোৰ চাবলৈ গৈ দেখিলে যে কাটি থৈ যোৱাৰ পিছত গছবোৰত আগতকৈ বেছি
ধুনীয়াকৈ কুঁহিপাত ওলাইছে ! সেই কথাই নতুন কিবা এটা আৱিষ্কাৰৰ আনন্দই চাহাবক বেচ্
আনন্দিত কৰি তুলিলে ! তেতিয়াৰ পৰাই হেনো চাহাবে গম পালে যে চাহ গছবোৰক ‘কলম’ দি থাকিলে উৎপাদন ভাল হয় !
মোৰ আক’ মাজে মাজে নিজৰ মনটোক হে ‘কলম’ দিবলৈ মন যায় ! না না না... উৎপাদন বৃদ্ধিৰ বাবে নহয় ! পুৰণি ‘মন’টোক একেবাৰেই সলাই নতুন কৰিবলৈ হে মাথোঁ !
পুৰণিটোৰ যেন “নামো-নিচান” নাইকিয়া কৰি
দিম এনে লাগে কেতিয়াবা ! হাঃ হাঃ হাঃ ...
৩১-০৩-২০২১
কিছুমান
সময়ত কিছুমান বস্তু যিদৰে অপ্রয়োজনীয় হৈ পৰে, একেদৰেই হয়তো
মানুহৰো প্রয়োজন কিছুমান সময়তে হয় আৰু এটা সময়ত সেয়া নোহোৱা হৈ পৰে ! হয়তো প্রয়োজন
নহয়, অভ্যাস সলনি হয় ! স্বাভাৱিক কথা ! ...ঠিক অপ্রয়োজনীও
নহয় হয়তো; আচলতে ভাগ-বতৰা কৰিবলৈ নথকাকৈ কথাবোৰেও সুঁতি সলায়,
সময়েও ক’ৰবাত হালধীয়া হৈ সৰি সাজ সলায় সেউজীয়া
বুটলিবলৈ ! ...ঋতু আহে ঋতু যায়, সেয়াই তো প্রকৃতিৰ নিয়ম !
মানুহো...
বিচাৰো
সদায়েই থাকিবলৈ...! বিচৰাৰ দৰেই নহয় বহু কথা ! মই নাথাকো ...অথচ সকলোবোৰ থাকে মোৰ
স’তে একেদৰেই... শীত কিম্বা গ্রীষ্ম,
শৰৎ কিম্বা বসন্ত... সদা সতেজ সেউজীয়া হৈ... মোৰ জীৱন হৈ...
জীৱনলৈ... ! ...আৰু মই জী থাকো সেউজীয়া হৈ !
0 Comments