২১.২



০১-০২-২০২১

ফ’ছিল বুলিলে আমি যি বুজোঁ, তাৰোপৰি তাৰ অন্য এটা অভিধানিক অর্থ হ’ল- “A person or thing that is outdated or resistant to change. আওপুৰণি চিন্তাধাৰাৰ বৃদ্ধ লোক !”

শিলৰ তলত চেপা খাই খাই মানুহো কেতিয়াবা জীয়া ফ’ছিল হৈ পৰে কিজানি ! হয় নে ? কোনো হয়তো তেল কয়লাৰ দৰে মূল্যৱান ফ’ছিল হয় ! কোনোবা হয়তো প্রাচীন কোনো জীৱৰ মৃত সাঁচ- অতীত বিচৰণ কৰি চালে যি কয়- হয় এনেকুৱা জীৱও আছিল ! আৰু কোনো সেই আউটদেটেড্…

আস ! মানুহো হ’ব পাৰে “জীয়া ফ’ছিল” ! কিয় হয় ? ফ’ছিলে জানিব সেই কথা ! বর্তমানে তো জানে চাগৈ অতীত কিয় সলনি নহয় !

 

০২-০২-২০২১

কথাটো আচলতে সেইটোৱেই । বন্ধু বুলি বন্ধুক বন্ধুৰ সমূখত বহুত কথা কৈ দিব পাৰি । হয়তো চৰ এটা মাৰিলেও বন্ধুৱে অলপ বেয়া পোৱাৰ বাদে খুব বেছি প্রতিক্রিয়া নকৰিব, যদিহে সঁচাকৈ তেওঁ কিবা ভুল কৰিছে ! কিন্তু সেই একেবোৰ কথাই আন বহুজনৰ সমূখত গ্রহণযোগ্য নহয় ।

সৰু-বৰ প্রতিজন মানুহৰেই আত্মসন্মান থাকে ! অসংখ্য লোকে মৰম-আদৰ কৰা ব্যক্তি এজনক সেয়া নিশ্চয় কোনোবাই শিকাবলগীয়া কথা নহয় !

কাৰোবাক ভালপোৱা মানেই এইটো নহয় যে তেওঁৰ প্রতিটো কথাকে ভাল পাব লাগিব, সমর্থন কৰিব লাগিব । যদি কিবা ভুল কৰিছে, তাক বাৰে ভচহু অজুহাতেৰে নাকচ কৰিবলৈ চোৱাতকৈ সেয়া দেখুৱাই দিয়াটোহে আচল কথা । তাকে কওঁতে যদি তেওঁ বেয়া পায় বা তেওঁৰ আত্মসন্মানত লগা বুলি ভাবে তেন্তে সেয়া নিশ্চয় অহংকাৰেই হ’ব ! নহয়জানো ?

কেৱল বন্ধু বুলিয়েই নহয়, যিকোনো ব্যক্তিকেই আনৰ সমূখত অপমানিত অনুভৱ কৰোৱাব নালাগে; যদিহে তেওঁৰ কোনো ভুল নাথাকে । ভুল হ’লে তেওঁকেই ক’ব লাগে ।

আচলতে সৰু সৰু কথাত হে মানুহে মানুহ হেৰুৱায় !

 

লগতে এইটোও ঠিক, নিজক যেতিয়া আনৰ আগত উপস্থাপন কৰিবলগা হয়, নিজৰ ধৰণেৰেই কৰিব লাগে । তাতনো কি অনিষ্ট ! নিজৰখিনি এৰি আনৰখিনিহে কিয় ভাল দেখো আমি ? আনৰ যিখিনি ল’ব লাগে সেইখিনি আমি ল’বলৈ নাজানো কিয় ? সেইখিনি নিশিকো কিয় ? আমি মডার্ণ হৈছো নে সঁচাকৈ ? আমি আমাৰখিনিক তুলি ধৰিবলৈ কিয় নিবিচাৰো ? নিজৰখিনি কিয় বেয়া ? যাৰ যি সুকীয়া পৰিচয়, তাক বাদ দি, তেওঁ যদি আধা-নাঙঠ হৈ জ্যেষ্ঠ জনৰ আগত ওলাবলৈ কুণ্ঠাবোধ নকৰিলে তেন্তে সামান্য (!) কথা এটাত জ্যেষ্ঠজনৰ আগত কিয় ইমানকৈ লাজ পাবলগীয়া কথাটো হ’ল ?! সেই কথাটোও হজম কৰিব পৰাকৈ সিমানখিনি মডার্ণ হ’ব পাৰিব লাগিছিল !

দুয়োপক্ষৰ কথাকেই সমর্থন কৰিব পৰা নাযায় ।

 

০৩-০২-২০২১

বেৰৰ জলঙাৰে সোমাই অহা পোহৰৰ সৰু বাট একোটাত যে ধূলিকণাবোৰ জিলিকি থাকে, উৰি ফুৰে ! শৈশৱৰ দিনবোৰত কেতিয়াবা বাঁহৰ বেৰৰ মাজেৰে তেনে পোহৰ অহা চাই থাকিছিলো আৰু হাতৰ আঙুলিৰে পোহৰ সৰকি অহা বাটটো এবাৰ বন্ধ কৰো, এবাৰ খুলি দিওঁ... ধূলিকণাবোৰ নাচি থাকে !

এতিয়া, কোনোবাদিনা টোপনি নাহিলে এন্ধাৰ ৰূমটোত মোবাইলৰ ফ্লাচ্ লাইটটো টো জ্বলাই গাত লৈ থকা কাপোৰখন জোকাৰি দিওঁ ! অসংখ্য ধূলিকণা নাচি উঠে পোহৰৰ বাটত ! কিয় ?

এতিয়াহে জানিলো, সেয়া পদার্থ বিজ্ঞানৰ যাদু !

পোহৰৰ গতিপথ পোন । পোনে পোনে সি গতি কৰোঁতে গতিপথত যেতিয়া ধূলিকণাবোৰ আহে তেতিয়া তাহাঁতৰ গাত খুন্দা খাই পোহৰৰ গতিপথ অন্যফালে সলনি হৈ যায় । পোহৰৰ তৰংগ দৈর্ঘ্যতকৈ (wave length) ধূলিকণাবোৰৰ তৰংগ দৈর্ঘ্য কম হয় । যিমানেই তৰংগ দৈর্ঘ্য কম হয় সিমানেই বেছি ফ’টন কণাবোৰ ধূলিকণাই সিচঁৰিত কৰে আৰু সেয়ে সিহঁত জিলিকি উঠে । ই হেনো “Rayleigh scatter”ৰ ফলাফল । যাৰ বাবেই আমি আকাশখনো নীলা দেখো ! 

...সকলো কথাৰেই আমি জনা-নজনা কাৰণ এটা থাকেই দেখোন ! এন্ধাৰত থকা মানুহ পোহৰ হ’বলৈও চাগে’ জোখৰ-জোখাৰে অন্য তৰংগদৈর্ঘ্যৰ দৰকাৰ, ক’ৰবাত খুন্দা খাই গতি সলনি হোৱাৰ দৰকাৰ ! ...আৰু দুটা তৰংগৰ মাজত দূৰত্বৰ দৈর্ঘ্য যিমানেই কম হয় সিমানেই জিলিকি উঠে “আমি” হৈ !

 

০৪-০২-২০২১

যেতিয়া নিজৰ সৈতে বেয়া কিবা হয়, আচলতে সেই অভিজ্ঞতাৰ বাবেই তেনে লোকে আন কাৰোবাৰ, যাক ক’ব পাৰি বুলি ভাবে তাক হে, বেয়া নহওক বুলি কথা কিছুমান কয় । বহু সময়ত সেয়া উপদেশ বুলি উপলুঙা কৰা বা ওলোটাকৈ বুজা দেখা যায় !

এৰা, নিজৰ সৈতে নোহোৱালৈকে কিছুমান কথা আমি কেতিয়াও উপলব্ধি কৰিব নোৱাৰো ! বুজি পোৱাটো হয়তো বহু দূৰৰ কথা !

 

০৫-০২-২০২১

গছ এজোপাৰপৰা ডাল এটা কাটি আনি তাক নতুন কৈ ৰুলে তাৰপৰা এজোপা নতুন গছ হ’ব । সেই নতুন গছজোপাৰ বয়স কেতিয়াৰপৰা হিচাপ কৰা হ’ব ? ডালটো ৰুই দিয়াৰ দিনৰপৰা নে যি জোপা গছৰপৰা ডাল কাটি অনা হৈছিল সেই গছজোপাৰ বয়সক ধৰি নতুন গছজোপাৰ বয়স উলিওৱা হ’ব ?

ন মাহ মাকৰ গর্ভত থাকি পোহৰ দেখা দিনৰ পৰাহে যে আমাৰ বয়সৰ হিচাপ হয় ! যিদিনা মোৰ জন্ম হৈছিল, সেইদিনা মই ন মহীয়া আছিলোঁ ! হয়তো দুদিনমান বেছি, হয়তো দুদিনমান কম !

তথাপি... হিচাপবোৰ হিচাপৰ মতেই হয় !

 

০৬-০২-২০২১

মানুহৰ মনবোৰ পঢ়ি চাবলৈ মন যায় কেতিয়াবা ! অইন নহ’লেও হাঁহি হাঁহি লুকুৱাই থোৱা দুখ এচিকুটকে সঁচাকৈ বুজিবলৈ পাৰিলোহেঁতেন !

দিৱালীৰ সময়তে মাক স্মার্ট ফোন এটা দিছিলো । ভাইটি-ভণ্টীয়ে শিকাই দিছিল চলাবলৈ । এতিয়া মন কৰো, কোনো সময়ত সেইটো লৈয়ে ব্যস্ত থাকে তেওঁ ! গাঁৱৰ দৰে ইঘৰ-সিঘৰ যাবলৈও ইয়াত কোনো নাই ! নাতিনীয়েকে ভিদিঅ’ ক’ল্ কৰে কেতিয়াবা । ...ঠিক কেনেকুৱা অনুভৱ কৰো, নিজেও বুজি নাপাওঁ !

ভাবো কেতিয়াবা... সন্তানে সঁচাকৈ বুজে নে মাক-দেউতাকক ? কৰে নে আদৰ, তেওঁলোকে সন্তানক কৰাৰ দৰে ? বুজ লয় নে মনৰ ভিতৰখনৰ ? কি বিচাৰে তেওঁলোকে সন্তানৰ পৰা ? অকণমান আদৰ, অকণমান সময়... ! আমি বুজো নে সেয়া ? সঁচাকৈ ?

 

০৭-০২-২০২১

মাজে মাজে মই কৈ থাকো- একেবাৰে নহয়, দুদিনমানৰ কাৰণে মৰি চাবলৈ মন যায় ! পৰাহেঁতেন !

সিদিনা অফিচত, মোৰ কাষতে বহা ভাইটি এটাৰ সৈতে টোপনি নধৰাৰ কথা পাতি আছিলোঁ । সি ক’লে- “এই টোপনি নধৰাৰপৰা টোপনি ধৰালৈ যিটো মূহুর্ত, মানে এই টোপনি নাই নাই… পটকৈ টোপনি যাওঁ যে… কেতিয়া গ’লো সেইটো আমি গম নাপাওঁ যে… সেই নধৰাৰপৰা পটকৈ ধৰি যোৱা ক্ষণটো… সেইটো গম পোৱাহেঁতেন !” … সঁচাকৈ ! এটা চকুৰ পলক হয়তো… আচৰিত !

হয়তো মৃত্যুৰ সময়ত সেই ক্ষণটো গম পোৱা যায় ! এই আছো… আৰু মই নাই… টিক্… এটা চেকেণ্ড !

আস ! কিছুমান মৃত্যুৰ কথা যে কল্পনাই কৰিব নোৱাৰি !

 

০৮-০২-২০২১

কেতিয়াবা অচিনাকী মানুহৰ ধন্যবাদ একোটায়ো মন ভাল কৰি দিয়ে ।

কোনোবাদিনা মন গ’লে বাছৰপৰা নামিবলগীয়া ঠাইত নানামি টাউনখন এপাক ফুৰি আহোঁগৈ । এনেয়ে...

আজিও... ! উভতি আহোঁতে অট’ত আমি দুজন মাত্র যাত্রী । অলপ দূৰ আহি এজন নামিল । খুচুৰা নাই । অট’ৱালাজনৰো খুচুৰা নাই । এজনে কয় নাই, আনজনেও কয় নাই ! বেগটো খুচৰি ময়েই ৫০ টকীয়া দুখন দিলোঁ ।

ভাড়া ১০ টকা । ওভতাই দিবলৈ অট’ৱালাৰ ওচৰত তথাপিও ১০ টকাৰ কমি ! আকৌ বেগ খুচৰি এটকীয়া, দুটকীয়া, পাঁচটকীয়া মিলাই ১০ টকীয়া এটা দিলোঁ !

মই ননমা লৈকে অট’ৱালাজনে ধন্যবাদেই দি থাকিল ! তেল ভৰাওঁতে বোলে তেওঁৰ খুচুৰা পইচাবোৰ শেষ হ’ল । কথাটো তেনেই সাধাৰণ । পিলিঙা, উদণ্ড অট’ দ্রাইভাৰবোৰৰ কোনোবা হোৱাহেঁতেন হয়তো মই একো নাভাবিলোহেঁতেন । এইজন আছিল পঞ্চাচোর্ধৰ এজন ব্যক্তি !

গ’লিটোৰে ৰূমলৈকে খোজকাঢ়ি আহোঁতে এনেয়ে মনটো ভাল লাগি থাকিল কিবা এটা... এটা অচিনাকী ধন্যবাদৰ বাবে !

এৰা... কেতিয়াবা কিছুমান কথা ক’ব লাগে ! একোটা চ’ৰী, একোটা ধন্যবাদ... ! সৰু কথা এটাই ডাঙৰ ডাঙৰ কথা ঠিক কৰি দিয়ে !

…তথাপি কোৱা নাযায় !

 

০৯-০২-২০২১

কিবা এটা দৰকাৰী কাম কৰিব বিচৰাৰ সময়তে যেতিয়া ইন্টাৰনেটৰ গতি শামুকতকৈ কম হয়, তেতিয়া গম পোৱা যায় ধৈর্য্য কিমান কমিল, সহনশীলতা কিমান কমিল, খং কিমান বাঢ়িল !

কিয় ইমান খৰধৰ । ক’লৈ গৈ আছো ? ৰ’বলৈ সময় নাই ! কিয় সময় নাই ? নাই নে সঁচাকৈ ??

প্রযুক্তিৰ অৱদান ! সময় নাই ! সকলো চুইফট্ !

 

১০-০২-২০২১

কেতিয়াবা হয় চাগৈ এনেকুৱা, বুকুত বৈ ফুৰা কোনো কথা কাৰোবাক কৈ দিলেই যেন ঠিক হৈ যাব সকলো ! চাতকৰ দৰে যেন মনে বিচাৰি ফুৰে... ! অথচ... বহুজন থাকিও শুনিবলৈ কোনো নাথাকে! থকাজনৰো সময়ত সময় নাথাকে... !

সেয়াও চাগৈ অন্য এক হাহাকাৰ হৈ ঘুর্মুটিয়াই ফুৰে বুকুৰ মাজত ! সেই পীড়া কোনে কাৰ বাবে বুজে ! সময়েই তো নাই আমাৰ !

 

১১-০২-২০২১

আচলতে নাই বুলি একো নাই, যেতিয়ালৈকে দিয়াৰ হেঁপাহ থাকে; লাগিলে সেয়া সময় হওক বা অইন কিবা ।

কিছুমান কথা নাজানিলেই ভাল !

...আৰু এদিন তেনেকৈয়ে অভ্যাসবোৰ নতুন হৈ যায়, মানিব পৰাকৈ ! কথাবোৰ নোহোৱা হৈ যায়, ভগাই ল’ব নলগীয়াকৈ ! ...বাট চাব লগীয়াকৈ অপেক্ষাৰ কথাবোৰো নোহোৱা হৈ যায় ! ক’ৰবাত মিছা অকণমানো সঁচা হৈ যায়, বিশ্বাস কৰি ল’ব পৰাকৈ !

 

১২-০৩-২০২১

“Thodi kosish se zindagi ke shrap bhi vardan ban jate hai.”

হয় চাগৈ !

কিন্তু কিমানলৈকে কৰিব পাৰি সেয়া… !

কেতিয়াবা কাৰোবাৰ বাবে জীৱনটোৱেই অভিশাপ স্বৰূপ ! তথাপিও পাৰে- হাঁহি হাঁহি হঁহুৱাই থাকিবলৈ, যুঁজি যুঁজি থিয় হ’বলৈ… দৌৰি থাকিবলৈ !

সেইটোৱেই চাগে’ কথাটো ! Thodi kosish…

 

১৩-০২-২০২১

আছলান !

কেতিয়াবা ভাৱ হয়, পোৱালিটো ক’ৰবাত যেন ঠিক আছলানৰ দৰে ! তাৰ দেশ বেলেগ ! য’ত মই মোক নেদেখো ! কিয় ? কাৰণ- I’m not a noble heart !

যেতিয়াই ‘নার্ণিয়া’ চাওঁ, মন যায় আছলানৰ দেশলৈ গুচি যাবলৈ, য’ৰপৰা উভতি আহিব নোৱাৰি ।

নিজৰ লগতে কথা পাতো, বিভিন্ন চৰিত্রবোৰে কৈ যায়- “To defeat the darkness out there, you must defeat the darkness inside yourself.”/ “You doubt your value. Don’t run from who you are.”/ “Extra ordinary things only happen to extra ordinary people. May be it is a sign that you got an extra ordinary destiny.”

আজিকালিৰ ল’ৰা-ছোৱালীয়ে এইবোৰ চিনেমা নাচায় চাগৈ ! আৰু মই বুঢ়া বয়সতো এইবোৰকে চাই থাকো ! এনিমেশ্ব্যন চিনেমাবোৰো ।

...টুকুৰিয়াই চাওঁ নিজৰ ভুল-দোষবোৰ ! মোৰেই নে ? সদায় ? সকলোবোৰ ?

আজিৰ ল’ৰা-ছোৱালী তেনেই কম বয়সতে পৰিপক্ক হয় সকলো ফালে, আৰু মোৰ দৰে বুঢ়া-বুঢ়ী কিছুমান কেতিয়াও নহয়গৈ ! All have grown up! Am I ?

আছলানৰ দেশলৈ মানুহ নহয়, ৰীপিচীপ্ নামৰ এন্দুৰ এটি যাব পাৰিল... He was a noble heart !

নাহ ! আছলানৰ দৰে হ’বলৈ বাকী আছে পোৱালিটোৰ !

 

১৪-০২-২০২১

সৰাপাতৰ দিনত প্রেমৰ ফাগুন !

এখিলা সৰে, এখিলা গজে ! শিপা হ’ব নোৱাৰা প্রেম ! বন্ধই যদি দুৱাৰ, কোনফালে সোমায় ! বন্ধই যদি দুৱাৰ, কোনফালে ওলাই যায় !

“প্রেম হয়তো এনেকুৱাই…”

 “…সৰা পাতে পাতে ফাগুন আহে” …অতীত হোৱা সৰাপাত ! সিও প্রেম !

 

সময়ৰ হিচাপ নথকা ব্যস্ত সময়ৰ ব্যস্ততাত ব্যস্ত সময়েও প্রেমৰ দিন উদযাপন কৰে… সুৰুঙা উলিয়াই সোঁৱৰে ! সেয়াই চাগৈ প্রেম !

শিমলুৰ ৰঙাৰ দৰেই সঁচা হওক সকলো পলাশী প্রেম…

 

১৫-০২-২০২১

আদিম গুহা মানৱৰ দৰে আমি যেন এতিয়া সাংকেতিক কথাবোৰ হে বেছি ভালকৈ বুজো ! শব্দেৰে লিখি দিয়া, কৈ দিয়া কথাবোৰ দেখোন নুবুজো… অথবা ভুলকৈ বুজো !

প্রযুক্তিয়ে সুবিধা কৰি দিছে- হাঁহি থকা ইম’জি- মিচিকিয়াই হঁহা, দাঁত নিকটাই হঁহা, চকুপানী ওলাই যোৱাকৈ হঁহা; কান্দি থকা, খং উঠা… … আৰু অনেক কিবাকিবি !

একো নক’লেও হৈ যায় ! মানুহে সেয়া বুজি পায় ! সঁচা হওক বা মিছা !

ওচৰতে থাকিও ক’ৰবাত দূৰ হৈ যায়... কথাবোৰ... মানুহবোৰ... ! নিজকে নিজে লাগে কেতিয়াবা- সঁচানে মই ? নিজৰ কাষত নিজে থাকো নে সঁচাকৈ? সঁচা হৈ ?

 

১৬-০২-২০২১

সৰস্বতী ! বিদ্যাৰ দেৱী !

বীণা আছে পাণিত যাৰ- বীণাপাণি ।

আমি চাগৈ তেনেকৈয়ে চিনি পাইছিলোঁ ! স্কুলত । বেলেগ একো মনত নপৰে দেখোন ! হাইস্কুলৰ দেওনা পাৰ হোৱাৰ সময়ত কোনো এদিন ‘খিচিৰী, লুচি ভাজি আৰু মাহ-প্রসাদ’ ! দুই এটা চেহেৰা মনত পৰে ! (তেনে সময়ত ‘পূজা’ আছিল আমাৰ বাবে ‘নাপায়’ !)

কলেজৰ দিনত গম পালোঁ- সাজিব-কাচিবও লাগে ! তেতিয়াৰ দিনত কলেজ আৰু ৰাধা-কৃষ্ণ মন্দিৰ । মন্দিৰ ভর্তি ৰং-বিৰঙৰ সৰস্বতী ! চাই থাকি ভাল লাগিছিল !

আজিও একেই আ্ছে- সৰস্বতী ৰং-বিৰঙৰ... ! অৱশ্যে ৰাধা-কৃষ্ণ মন্দিৰ অলপ পুৰণি হ’ল ! নতুন নতুন ঠাই হ’ল !

বীণাপাণিৰ সাজ যোৰ শুদ্ধ বগা আছিল ! বাহন আছিল বনহংস... ৰাজহাঁহ ! এতিয়া ৰং-বিৰঙী সৰস্বতীৰ বাহন- চকা থকা ! চাই থাকি বেয়া নালাগে... ইমান ৰং... ৰঙীন পৃথিৱী !

 

১৭-০২-২০২১

ইন্টাৰনেট-ভার্চুৱেলৰ পৃথিৱীখনতে কোনো এদিন পাইছিলোঁ-

“মই কেৱল সুখৰ বাবেই জীয়াই থকা নাই- দুখৰ বাবেও জীয়াই আছোঁ । আশা আৰু স্বপ্নভংগৰ দুখত মই দগ্ধ হওঁ আৰু যন্ত্রণাৰ সোঁৱৰণিত মই টোপনি যাওঁ । পাৰ হৈ যোৱা দুখৰ স্মৃতিত মই অনুভৱ কৰোঁ যন্ত্রণাৰ সুৰভি আৰু আহিব ধৰা যন্ত্রণাৰ বাবে অনুভৱ কৰোঁ উদ্বিগ্নতাৰ উত্তেজনা । তাৰ বাবেও মই জীয়াই থাকিব খোজোঁ ।” __ ডO নগেন শইকীয়া, ২৫ নৱেম্বৰ, ২০১৯ ।

…কেৱল সুখেৰেও মানুহ সুখী হ’ব নোৱাৰে ! পাৰে নে ?

…যদিওবা উদ্বিগ্ন নহওঁ, ভৱিষ্যতে সন্মূখীন হোৱাৰ সম্ভাৱনা থকা দুখখিনিক জানো ! কিন্তু সুখ দেখোন দুচকুৰে মনিব নোৱাৰা মৰিচীকা !

সেইবুলি কেৱল দুখৰ বাবেও জীয়াই থকা নাই, সেয়াও সঁচা ।

মানুহ কিয় জীয়াই থাকে ?

 

১৮-০২-২০২১

আনে কৰা কাম এটাৰ খুঁত উলিওৱা সদায় সহজ ! আনে কৰা কামবোৰ সদায় উজু যেনেই লাগে ! নিজে যেতিয়া সেই একেটা কামেই কৰে, তেতিয়া হে বুজা যায়; আৰু তাকে কৰি উঠি (যদিহে পাৰে, কৰে !) কিমান কঠিন কাম এটা কৰিলে তাকে দুগুণমান বঢ়াই বখানিবলৈ নেৰা মানুহো আছে !

আমি আন কাৰোবালৈ যিমান আঙুলি টোৱাও, নিজৰ ভিতৰখনলৈও যদি সিমানখিনি মন দিওঁ, হয়তো নিজৰ ত্রুটি খিনিও দেখা পাম !

কোনোৱে কেৱল কথা কয় আৰু কোনোৱে হাতে-কামে লাগি ‘মেনেজ’ কৰে । ‘মেনেজ’ কৰা কামটো কিন্তু সকলোৱে কৰিব নোৱাৰে !

 

১৯-০২-২০২১

সময় গুচি যায় নিজৰ বাটেৰে ।

একে ঠাইতে ৰৈ থাকিব খুজিও কোনোবা ৰৈ যাব নোৱাৰে কেতিয়াবা । দায়িত্বৰ দায়ত, ওখ হ’ব খোজা সপোনৰ পিছত দৌৰিব লগা হয় নিজৰ ঠাই এৰি দূৰণিৰ দেশলৈ । “আর্থিক নিৰাপত্তা” সকলোৱে বিচাৰে… নিজৰ বাবে, নিজৰ পৰিয়ালৰ বাবে । ৰৈ গ’লে যে ৰৈ যাব লাগিব অনিশ্চয়তাৰ ধোঁৱাময় বাটত ! …আৰু আমি বিদায় জনাওঁ নিজৰ মাজৰে এজনক ।

বেয়া লগা, ভাল লগা সকলো দুদিনীয়া ! সময়ৰ লগে লগে ঠিক হৈ যায় সকলো । সহাৱস্থান… সময়ৰ স’তে !

 

২০-০২-২০২১

বহুদিনৰ আগতে, হয়তো প্রায় ১০-১১ বছৰৰ আগতে, ঠিক এনেকুৱা সময়তে-গৰমৰ দিনবোৰ আৰম্ভ হোৱাৰ আৰম্ভণিতে, বন্ধৰ এনে দিন এটাত আবেলি শুই উঠি বিচনাৰপৰা নামোঁতে ভৰি এটা মাটিত পেলাব নোৱাৰা হৈছিলোঁ ! সাধাৰণ কিবা বুলি পুনৰ বিচনাত বাগৰি ভৰিটো পোন কৰি মেলি দিছিলোঁ !

তাৰপিছতো ভৰিটো মাটিত পেলাই থিয় হ’ব নোৱাৰিলো- বিষত ! মাক ফোন কৰি কথাটো ক’লোঁ । ‘মা’ই কি কৰি আছিল নাজানো, হয়তো কিবা কৰি আছিল । মোৰ কথাটোত মই আশা কৰা ধৰণৰ গুৰুত্ব নাপালো মাৰপৰা, তেওঁ অকন অন্যমনস্কভাৱে কোৱা যেন লাগিল মোৰ- “কি হ’ল নো ! অমুকৰ ল’ৰাটোৰো ভৰি এটাৰ বিষ হৈছে নহয়...” ...আৰু কিবা কৈছিল চাগৈ... মনত নপৰে এতিয়া ! আৰু বিশেষ একো নকৈ ফোনটো থৈছিলো চাগৈ । ফোনটো থোৱাৰ পিছত খঙে-দুখে চকুপানী ওলাইছিল । (এতিয়া হাঁহি উঠে ।)

তাৰপিছত এন্ধাৰ হোৱাৰ আগতে লগৰ কেইজনীয়ে অট’ এখন যোগাৰ কৰি হস্পিটেল লৈ আহিছিল, য’ত মাহীৰ ল’ৰাটোও কর্মৰত আছিল । ডাক্তৰে ক’লে “শ্লিপ্ ডিস্ক্” ! থাকিব লাগিব এক সপ্তাহ, বেড্ ৰেষ্ট, হস্পিটেলত ! না না না... তেনেকৈ নোৱাৰিম থাকিব... কৈ দিলো ! শেষত যেনিবা ইনজেকচন দিয়া মানুহ আছে বুলি কোৱাত ৰূমলৈ আহিবলৈ পালোঁ ।

পিছদিনা মা-দেউতা আহিছিল, ঘৰলৈ লৈ যাবলৈ ! মই কোনোপধ্যেই যাবলৈ মান্তি নহ’লো ! ইমানেই বেছি জেদি আছিলোঁ ! লগৰকেইজনীয়েও ক’লে, মা-দেউতায়েও জোৰ কৰিলে । ওহোঁ, নাযাওঁ মানে নাযাওঁ ! কোনেও হয়তো গমেই নাপালে মই কিয় নগ’লো !

ঠেহ পাতিছিলোঁ, মাৰ ওচৰত; যিটো হয়তো মায়েও গম নাপালে । মই মোৰ ভৰিটোৰ বিষৰ কথা কৈছিলো, সেইটোক পাত্তা নিদি মায়ে আন কাৰোবাৰ ভৰিৰ কথা কৈছিল । ভৰিত ভৰ দি থিয় হ’বলৈ লৈ বিষত চকুপানী ওলাই গৈছে সেইটো মায়ে বুজা নাই, দুখ নালাগিবনে ! হাঃ হাঃ ... ! কথা ইমান গুৰুতৰ বুলি মায়ে জানিবলৈকে নাপালে, আন কাৰোবাৰ ভৰিখন আৰম্ভণিতে আহিলত ময়ে যে কথাটো সম্পূর্ণ নকৰাকৈয়ে কথাৰ মুখনি মাৰি দিছিলোঁ !

...এক সপ্তাহ বিচনাত, দিনে তিনিটাকৈ বেজীৰ খোচ, দুটাকৈ শ্লিপিং টেবলেট ! লগৰ কেইজনীয়ে ডিউটিলৈ ওলাই যোৱাৰ আগতে বিচনাৰ কাষতে থৈ যায় কিবাকিবি খোৱা বস্তু, পানী ইত্যাদি... দুপৰীয়া খাবলৈ আহি মোকো খোৱাই থৈ যায় ।

ৰাতি খোৱাই-বোৱাই, ঔষধৰ লগতে শ্লিপিং টেবলেট খোৱাৰ পিছত টোপনি নোযোৱালৈকে লগৰ কেইজনীয়ে খবৰ লৈ থাকে । বিশেষকৈ ৰশ্মিয়ে পাকে পাকে চাই যায়, শুলো নে নাই । টেবলেটে কোনো কামেই নিদিয়ে ! লেব’ত নিগনি মাৰোঁতে মাৰোঁতে নাকৰ ভিতৰেদি ইমানেই ক্ল’ৰ’ফ’ম সোমাল, তাৰ তুলনাত যেন টেবলেটৰ মিলিগ্রামৰ জোখ তেনেই নগন্য, গতিকেই টোপনি নাহে ! তাইলৈ বেয়া লাগে, সেয়ে টোপনি যোৱাৰ ভাও ধৰি পৰি থাকোঁ ! তথাপিও তাই কাপোৰ-কানি গাত ভালকৈ দি এবাৰ চাই যায়, টোপনি গৈছো নে নাই ।

...জীৱনত মই কেতিয়াও বৰ ডাঙৰ ডাঙৰ কথা কিছুমানত গুৰুত্ব দি থকা নাই, বৰকৈ লাগিও থকা নাই (তেনেকুৱা কথা/ঘটনা হৈছে, নোহোৱা নহয়)। সৰু সৰু কথাবোৰতে সুখ বিচাৰি পাওঁ, সুখী হওঁ । অলপতে সন্তুষ্ট হোৱা মানুহ মই । সেইদৰে সৰু সৰু কথাতেই দুখীও হওঁ, কান্দো ! যিবোৰ হয়তো আন কাৰোবাৰ বাবে তেনেই সাধাৰণ কথা !

দুখ লাগে যেতিয়া কথাবোৰ বুজি পায় বুলি ভবা কোনোবাই বুজি নাপায় । তাতোকৈ বেছি দুখ তেতিয়া লাগে, যেতিয়া ভুলকৈ বুজে ! সেয়া যদি নিজৰ বুলি ভবা কোনোবা হয়, তেতিয়া দুখবোৰ বহু বেছি হয় ! হয়তো ভবাজনে ভাবি থাকে অন্য কিবা, মই দুখী হৈ থাকোঁ অন্য কিবাত; যিটো বুজিবলৈ-বুজাবলৈ দুয়োপক্ষ অপাৰগ !

ভবাৰ দৰেই যদি সকলো কথা হ’লহেঁতেন ! বুজোৱাৰ দৰেই যদি সকলোৱে বুজিলেহেঁতেন !

 

২১-০২-২০২১

“Zindagi aakhir hum sab ki mehman hi to hoti hai/ Magar wo jo itni nafraton ke baad bhi/ Itni khamiyon ke sath bhi/ Itni galatiyon ke baad bhi hume qubul karti hai/ Dekho wo maut bhi rahman hi to hoti hai.”_ Unknown

ৰাতিপুৱা শুনিলো- ভার্চিটিৰ জুনিয়ৰ, ক’লিগ ভণ্টী এজনীৰ দেউতাক ঢুকাল, বনলতাৰ স্বত্ত্বাধিকাৰী ! সন্ধিয়া শুনিলো ডাঙৰ মামাৰ ডাঙৰ ছোৱালীৰ ছোৱালী এজনী জন্ম হ’ল !

এনেকুৱা সময়ৰ অনুভৱখিনি কেনেকুৱা হয় নিজেও বুজি নাপাওঁ ! কিবা অনুভৱ কৰো নে নাই তাকো নাজানো !

পলকতে জীৱন... পলকতে মৃত্যু !

 

২২-০২-২০২১

কেনেকৈ যে জীৱন একোটাৰ সৃষ্টি হয় জীৱন এটাৰ ভিতৰতে, দুটা জীৱনৰ হাতত ধৰি ! এনে সুন্দৰতম অনুভৱ হয়তো খুব কমেই আছে ! নাজানো !

লেব’ৰ এনিমেল হাউছলৈ গ’লে নতুনকৈ জগা ৰঙা ৰঙা নিগনি পোৱালিবোৰ ভালেমান পৰ চাই থাকিছিলো আগতে ! কি কি ভাৱনা মনৰ ভিতৰত ঘূৰি ফুৰিছিল নাজানো ।

নিগনি পোৱালিৰ দৰেই ৰঙা হৈ থকা কণমানিজনী চাই আহিলোঁ !  

________________________

 

স্কুল যাবলৈ লোৱাৰ দিনবোৰতে আলফাৰ কথা আমি শুনিছিলো । আপোনজনকো হেৰুৱাইছিলো, চিনাকী বহুজন ঘূণীয়াও হৈছিল । ইউ টিউবত চকু ফুৰাই থাকোতে এপাকত শুনিলো অপহৰণ কৰি নিয়া কুইপৰ কর্মচাৰী দুজনৰ সন্দর্ভত কিবা কওঁতে পৰেশ বৰুৱাই কৈ থকা কিবা ‘মহান উদ্দেশ্য’ৰ কথা ! কি আছিল আলফাৰ মহান উদ্দেশ্য ? ইমান বছৰে কি কৰিলে পৰেশ বৰুৱাই ? এই মানুহজন আজিও কেনেকৈ জীয়াই আছে ? কি কৰি জীয়াই আছে ? তেওঁৰ পৰিয়াল কেনেকৈ চলে ?

যাৰ নামত মাথোঁ ভাল ভাল মগজুৰ ডেকা-গাভৰু এচাম মৰি গ’ল, এচাম চিৰদিনলৈ ঘূণীয়া হ’ল আৰু এসোপা সুবিধাবাদী গুণ্ডা হৈ উভতি আহিল ! তাৰ বাদে আলফাই আৰু কি কৰিলে ? মানুহৰ যি আস্থা আছিল, বিশ্বাস আছিল সেয়া তিলমানো বর্তাই ৰাখিব পাৰিলে নে ?

আৰু কি কৰিব আলফাই ? অসমৰ বাবে ? অসমীয়াৰ বাবে ?

 

২৩-০২-২০২১

কালি জীৱনৰ আৰম্ভণি এটা চাই আহিছিলোঁ !

আজি শুই উঠিয়েই খবৰ পালো- জীৱন এটা শেষ হ’ল ! দাদা এজনৰ দেউতাক ! ‘আই চি ইউ’ত আছিল ! যাম বুলিও যোৱা নহ’ল মোৰ !

অজান শংকাত বুকুখন ধৰফৰ কৰে !

 

“পুনৰপি জনমং পুনৰপি মৰণং/ পুনৰপি জননী জঠৰে শয়নম্” _ “অবিনশ্বৰ আত্মাৰ পুনৰ মৰণ, পুনৰ জীৱন- এয়েই জীৱৰ জন্ম চক্র ।”

হয় নে ? বহুত কথাই আমি মানি ল’বলৈ কষ্ট পাওঁ ! মানি নলৈও নো আৰু কি উপায় ! এয়াই জীৱন – এয়াই সান্ত্বনা !

 

২৪-০২-২০২১

“Whatsoever I wanted to paint, I have painted. Now, just to exist is pointless. I have given that which I came to give; now I can go back to the original source. There is no need to live in the body anymore. I have contributed.”_ Vincent van Gogh

…আৰু এই কাৰণটোৰ বাবেই বিখ্যাত চিত্রকৰ গৰাকীয়ে মাত্র ৩৩ বছৰ বয়সত আত্মহত্যা কৰিছিল !

আনটো কথা, তেওঁ জীয়াই থাকিবলৈকে কোনো উপার্জন নাছিল । তেওঁৰ ককায়েকে হে কিছু টকা দিছিল, তাকো কোনোমতে জীয়াই থাকিব পৰাকৈ । ৰং-তুলিকা, কেনভাচ কিনিবলৈ তেওঁৰ হাতত টকাই নাথাকিছিল । প্রতি দেওবাৰে পোৱা এক-সপ্তাহৰ টকাৰে তেওঁ তিনিদিন খাইছিল আৰু আন চাৰিদিন উপবাসে থাকিছিল; ৰাহি হোৱা টকাৰে পেইন্টিঙৰ বাবে লগা বস্তুবোৰ কিনিছিল ! তেওঁৰ পেইন্টিং বোৰৰো কোনো কদৰ নাছিল !

জীৱনকালত যি একোৱেই নাপালে, মৃত্যুৰ পিছত তেওঁ পৃথিৱী বিখ্যাত চিত্রকৰ সকলৰ এজন !

আন বহুজন বিখ্যাত ব্যক্তি, যি আত্মহত্যা কৰি জীৱনটোক বিদায় দিছিল ! তেওঁলোক সকলোৱে বাৰু তেনেকৈয়ে অনুভৱ কৰিছিল নেকি যে “যি কৰিবলগীয়া আছিল কৰিলো আৰু, এতিয়া যাওঁ !” নে অন্য কিবা ?

নাই নাই, আত্মহত্যা কেতিয়াও ভাল কাম নহয় !

...কি থাকে, কিমান থাকে... একোটা জীৱনত ! কোনে জানে ! কোনেও নাজানে !

 

২৫-০২-২০২১

কথাবোৰ ভগাই ল’লে মানুহবোৰ দেখা পোৱা যায়, বুজা যায় । অকণমান মুকলি হ’বলৈ দিলে বহুতে বহু কথাই মন খুলি কয় । ভাল লাগে ।

ঠিকেই, পাৰ হৈ যোৱা সময়খিনিকেই আমি ধুনীয়া দেখো । বর্তমানটোতকৈ অতীতটোক বেছি ভাল পাওঁ । স্কুলত থাকোতে মা-দেউতাৰ বাধা-নিষেধ মানিবলৈ মন নকৰি কওঁ কেতিয়া যে স্বাধীন কৈ থাকিব পাৰিম ! সেইখিনি পোৱাৰ পিছত কওঁ সৰু হৈ থাকোতেই ভাল আছিল ! এতিয়া নিতৌ একঘেয়ামী জীৱনটো ভাল নালাগে বুলিছো, ৬০ বছৰ বয়সত এই আজিটোক আমি ধুনীয়া আছিল বুলি ক’ম !

“Main to hoon baitha o’ husna meri, yaadon puraani mein khoya/ Pal pal ko ginta, pal pal ko chunta beeti kahaani mein khoya…”_ Piyush Mishra

এৰা, সোঁৱৰণি ধুনীয়া হ’লে চাগৈ বুঢ়া কালটো ধুনীয়াকৈ কটাই দিব পাৰি ! অতীতৰ এখুদমান দুখৰ নিয়ৰ নাথাকিলে সোঁৱৰণি সেউজীয়া কেনেকৈ হ’ব ! কেৱল ৰ’দে জানো সেউজীয়া কৰে এই ধৰা !

 

২৭-০২-২০২১

আমি কেইজনমানে কালি priority list’ত ক’ভিড-১৯ ৰ প্রতিষেধক “ক’ভিচিল্ড্”ৰ প্রথম পালি ল’লোঁ, দিনৰ ১১:৩০ বজাত । আটাইকেইজন ঠিকেই থাকিল । মোৰ হে গধূলি প্রায় ৬ মান বজাৰপৰা তীৰকঁপে জ্বৰ । পুৱতিলৈ জ্বৰৰ কোবত ঘামি-জামি বিচনা চাদৰ সেমেকি গ’ল !

খালী পেট, জ্বৰ, দুখে-বেজাৰে একাকাৰ ! অকণমান মূৰটো দাঙিব পাৰি, বিশেষ একো নকৈ ঘৰলৈ যোৱা নহ’ব কিজানি বুলি খবৰটো দি থলো । কিজানি কিবা হৈয়েই যায় বুলি কোনো কোনোক মাত এষাৰো লগাই থলো... কিজানিবা নাপাওঁৱেই আকৌ ! হাঃ হাঃ ... ! মূৰটো গধূৰ লাগি থকাত পুনৰ বিচনাত বাগৰি দিলো ।

এপাকত কিবাকিবি ভাবি ভাবি, যেনে তেনে উঠি, গাটো তিয়াই ঘৰমুখী গাড়ীত উঠি দিলো । কিবা হোৱাৰ আগতে ঘৰৰ মানুহকেইটাক তো চাই যাওঁ ! সন্ধিয়া ৫ বজাত ঘৰ পালোহি যেনিবা !

অকণ দুর্বল লাগি থকাৰ বাদে আৰু একো হোৱা নাই বাৰু । বাচিলো ! হাঃ হাঃ ...

 

২৮-০২-২০২১

কণমানি কেইটাৰ সৈতে ভন্টীহঁত ঘৰত আছিলহি । মানুহজনে নিবলৈ আহিল । গ’ল । অকলে থাকিবলৈ হেনো ভাল নালাগে । এৰা, মাক-দেউতাকৰ মৰম । কণমানি কেইটাক এৰি বাপেকটো ক’ত নো অকলে বেছিদিন থাকিব পাৰে ! সিফালে কেঁচুৱাকণকো আইতাকৰ ঘৰৰপৰা এৰি পঠিয়াবলৈ টান ! এইযে মৰমবোৰ ! কেনেকৈ বান্ধ খাই থাকে জীৱনবোৰ ইটো সিটোৰ সৈতে !

______________________________

 

“Asche ne ascha aur buda ne buda kaha hume/ Asche ne ascha aur bude ne buda kaha mujhe/ Kyunki, jisko jitni zarurat thi/ Usne itna hi pehsana hume.” _Big B.

এনেয়ে কথা কিছুমান পাগুলিয়াই থাকো কেতিয়াবা ! বেয়া নালাগে । গা দুর্বল লাগি থকাৰ অজুহাতত বিচনাত বহি বহি আৰাম ফর্মাইছো ঘৰত !

অনেক কথাৰ কথাই ভিৰ কৰেহি কেতিয়াবা । কেতিয়াবা যুদ্ধখন নিজৰ লগতেই হয়; নিজেই হাৰিবও লাগে, জিকিবও লাগে ! তেতিয়াই বাট হেৰুৱাওঁ !

এইযে জীৱনৰ হাতত ধৰি খোজকাঢ়ি ফুৰা জীৱনবোৰ ! গুঠি থোৱা মালা একোডাল... ! সকলোৱে সকলোৰে হাতত নধৰে । একেডাল সূতাতে গুঠো নাখায় সকলো ! সেইবুলি কোনোটো এলাগীও নহয় ।

কিছুমান কথা খুবেই ঠুনুকা ! এবাৰ ধৰি থকা হাতৰ আঙুলিটো টান মাৰি আঁতৰাই লৈ গ’লে পুনৰ ধৰিবলৈ সাহস নহয় ! দূৰৈত ৰৈ চাই থাকিব পাৰি, দৌৰি গৈ ধৰিবগৈ নোৱাৰি !

চিগি যোৱা মালা এডাল পুনৰ গুঠিলেও তাত গাঠি এটা থাকি যায়, দুই এটা মণি হেৰাই যায় নতুবা সূতাডালেই নতুন কৰিবলগীয়া হয় ! ...আৰু সেই চিঙি যোৱা মালাৰ হেৰাই যোৱা মণিটো যদি মই নিজে হওঁ !

...কিছুমান বস্তু খুবেই ঠুনুকা ! ভাগিলে শব্দ নহয়, গম পোৱাও নাযায়... কিন্তু কিবা এটাই কেঁকাই উঠে, উচুপে... ভগা বীণৰ দৰে... কান্দি থকা বাঁহীৰ বিষাদৰ দৰে...

 

হয় চাগৈ ! খুব বেছি সঁচা ! মোৰ দৰে মানুহ দোষৰ দোষী, দোষৰ দুখী... সুখীও নে এনেকৈয়ে !

...নাজানো ! অসুখী কিন্তু নহয় । জীৱনে হঁহুৱাই, হাঁহো । কন্দুৱাই, কান্দো... বৈ আহে, মচি থওঁ... আকৌ বয়, মচোঁ... পুনৰাই বৈ আহে, পুনৰাই মচি থওঁ... ওহোঁ, নাই ভাগৰা !

যদিওবা আপোন, সিও পৰ... ! যদিওবা আপোন, সিও দূৰ... ! যদিওবা পৰ, সিও আপোন... ! জীৱনক তো বেয়া পাব নোৱাৰি !

...এনেকৈয়ে গৈ থাকো... জীৱন জী থাকো... কেতিয়াবা কান্দি, কেতিয়াবা হাঁহি... জীৱন এনেকৈয়ো ধুনীয়া !

:) :)

 


Post a Comment

0 Comments