২১.১

                      

০১-০১-২০২১

…নাজানো কিয় নতুন হ’ব খুজিও প্রতিবাৰেই সেই পুৰণিৰ আঙুলিটোতেই খামুচি ধৰি থকা হয় !  তথাপিও… হওক… “আজি”ৰ কথাবোৰ নতুন হওক ! যাওক… গুচি যোৱা সময় গুচি যাওক !

বিজুলী গুচি যোৱাৰ সময়ত জ্বলি উঠা সেই যে… কেৰাচিনৰ চাকিৰ পোহৰ, লেম্পৰ পোহৰ… কিবা এটা আছিল তাত, যিটো এতিয়া নাই… ! এন্ধাৰত সেই পোহৰকণ… খুব আপোন আপোন লাগিছিল । কিবা যেন মৰম আছিল তাত ! শান্তি আছিল ! নির্ভেজাল কথাবোৰ… কাষতে থকা মাতবোৰ… ! তেতিয়াৰ এন্ধাৰখিনিও বেছি ধুনীয়া আছিল !

…এতিয়া কথাবোৰ, মাতবোৰ হাতৰ মুঠিতে ! তথাপিও শুনা নোপোৱা দূৰৈত ! বোবা ৰাতিটো হাজাৰ কোলাহ’ল লৈ নীৰৱতাত শুই পৰাৰ সময়তে চৰাইজনীও শুই পৰিল অকলশৰে…! তাইৰ দুচকুত কি আছিল ? টোপনি, অপেক্ষা নে চকুপানী ? …কোনেও নাজানিলে !

 

০২-০১-২০১২

চিনড্রেলাৰ কথাবোৰ পঢ়িলে, চিনেমাবোৰ চালে মনলৈ এতিয়াও আহে– ঠিক যাদুৰ দৰে সঁচাকৈ কিবা এটা হোৱাহেঁতেন !

ভাল মানুহৰ বেয়া কিয় হয় ? ...নিজে পোৱা দুখ-কষ্টবোৰৰ বাবে মানুহ আনৰ প্রতি বেছি দয়ালু হয় নেকি ?

ভাবিবলৈ বহিলেই ভাবো – মোৰ ভাৱ-চিন্তা কিছুমানৰ কেতিয়াও বয়স নহ’ব নেকি ? এই বয়সতো যাদুৰ বাবে কোনোবাই অপেক্ষা কৰে নে !!

...অৱশ্যেই আলৰ-বুঢ়ী হৈও মৰিবলৈ ইচ্ছা নাই । ‘বুঢ়া-বয়সত-মৰা’ কোনো মানুহ চাগৈ বুঢ়া হৈ নমৰে– ভাবোঁ কেতিয়াবা ।

চিনড্রেলাৰ ভৰিকেইটা কিয় ইমান সৰু আৰু আন কাৰোৰে ভৰিৰ জোখৰ সৈতে একে সমান নাছিল নো ? আচৰিত নহয় নে ? হিঃ হিঃ হিঃ ...আঁকৰী ! সেয়াই তো যাদু !

 

০৩-০১-২০২১

আশা কৰিলে, মনেৰে বিচাৰিলে বোলে বিচৰা বস্তুবোৰ যেনেকৈ হ’লেও পোৱা যায় ।

মই দেখোন বিচৰা সময়ত মাত এষাৰকে শুনিবলৈ নাপাওঁ ! যিদিনা কিবা অলপ কথা ক’ম বুলি ৰৈ থকা হয়, প্রায় সদায় অহা ফোনটোও কিবা কাৰণত সেইদিনাহে নাহে ! প্রায়েই হয় এনেকুৱা । ...আনৰো হয় নে ?

আজিকালি বহু কথাত সুবিধা ! টোপনি নাহিলে নিজক নিচুকাই-ফুচুলাই থ’বলৈও সুবিধা– ‘ইউ-টিউব’ত ‘lofi’ ৰ ‘Night lullaby’ বা ‘sad lofi’ শুনি শুনি নিজকে শোৱাই থ’ব পাৰি !

...বিচাৰিলেই ‘টোপনি’ক পোৱা মানুহবোৰ ‘সুখী-মানুহ’ ।

 

০৪-০১-২০২১

এবাৰ ভাল লগা বস্তুবোৰ এৰিবলৈ টান ।

বহু বছৰৰপৰা (১১-১২ বছৰ) একেটা ব্রেণ্ডৰ একেটা ডিউদ’ৰেণ্ট ব্যৱহাৰ কৰি আহিছো । ব্যৱহাৰ কৰি থকাটো শেষ হোৱাত নতুন এটা আনিবলৈ গ’লো । বিচাৰি যোৱাটো নথকাত দোকানীজনে নতুন এটা দেখুৱালে । মই ল’বলৈ অমান্তি হোৱাত তেওঁ ক’লে- “সুগন্ধি একেই আছে আগৰ দৰেই, বটলটোৰ ৰং আৰু আকৃতিটোহে বেলেগ হৈছে । পুৰণি বটলটোৰ প্রডাকচন্ বন্ধ হ’ল ।”

গুন্ধি চালো- হয় ! একেই যদিও সামান্য তাৰতম্যটো ধৰিব পাৰিলো- ইমান বছৰে ব্যৱহাৰ কৰি থকা বাবেই চাগে’ ।

পুৰণি সুগন্ধি থকা নতুন বটলটোকে লৈ আহিলো । পুৰণি বটলটো মৰমলগা আছিল ৰঙটোৰ সৈতে !

ভাবিলো- এৰা পুৰণি পোছাকবোৰ সলাবলগীয়া হয় !

নাজানো কিয়, সদায় শুনি থকা মাত এষাৰ শুনিলেও কোনোবা এদিন হঠাতে শোক এটা উজাই আহি কাঁইটৰ দৰে ডিঙিতে লাগি ধৰেহি ! ...পুৰণি কথাবোৰ ধুনীয়া আছিল !

 

০৫-০১-২০২১

বছৰৰ শেষত দুদিনমান ঘৰত থাকোঁতে ৰূমৰ ‘পথছ্’জোপা প্রায় লেৰেলি মৰিয়েই থাকিল ! ৰ’দ পাব পৰাকৈ খিৰিকীৰ পর্দা কোচাই থৈয়ে গৈছিলো ! পানী নোপোৱাৰ বাবে চাগৈ !

মোৰ সমানেই ওখ হোৱা গছজোপাৰ গুৰিবোৰ গেলি গ’ল ! ভাল হৈ থকা ডালকেইটাকে সৰু সৰু টুকুৰা কৰি দুডালমান আগৰ মাটিখিনিতে আৰু দুডালমান পানী দি বহল মুখৰ সৰু গ্লাচৰ বটল এটাত থৈ দিছিলো ।

মাটিত ৰুই দিয়াকেইডাল প্রায় আটাইখিনি মৰি গৈছে । মাত্র এটা টুকুৰাত হে সৰুকৈ পোখা এটা মেলো মেলো কৰিছে । পানীত থকা টুকুৰাকেইটা একেভাগেই আছে ।

সৰু সৰু পোখা দুটামান প্রায় দেৰ-বছৰৰ পিছত মোৰ সমান ওখ হৈছিল ! দুদিনমান মোৰ অনাদৰ-অনুপস্থিতিতে মৰি থাকিল !

__ হ’ব, এটা টুকুৰাতো যদি জীৱনে আহি উশাহ লয়, গছজোপা ঘূৰাই পাম... যদিওবা সি নতুন হ’ব !

 

০৬-০১-২০২১

“সামৰি থ’লো আবেলিৰ হিচাপ, জোখ-মাখ মানুহৰ/ আৱৰি পেলায় আঁচলেৰে এন্ধাৰ, খেলি-মেলি সময়ৰ/ ভৰসা বিচাৰি ওলাই ঘৰ সাজো এই চহৰত/ ভৰসাই জীয়াই ৰাখে উদং চকুত উশাহ মানুহৰ ।

দেশে দেশে যুঁজ কত, মনৰ দেৱালত দুখ কত/ মুখে মুখে মুখা কত, হাবাথুৰি জোৱাৰ কত/ অবিহনে ভৰসাৰ নাই সাগৰ মৰুভূমি/ অবিহনে ভৰসাৰ নাই মানুহ উকা ছৱি ।

উজাৰি আৱেগ কত চকুৱে সাজিছে মচিছে পৃথিৱী/ সুধিছে মনে হাঁহি উমলাবলে লাগে কিমান সহাঁৰি/ ক’লা বগা ডাৱৰ বগায় সাজি সাজি আকাশ/ জীয়াবলে লাগে কিনো মানুহৰ এষাৰি মাত ।”

গীতৰ কথা ‘স্বৰাজ প্রিয়’ৰ, গাইছে ‘কাব্যশ্রী’য়ে । নতুনকৈ গান কিছুমান, উঠি অহা নতুনচামৰ কম বয়সৰ ল’ৰা ছোৱালীহঁতে কৰিছে । ভাল পাইছো শুনি । মিউজিক কিবা নতুন জেনেৰিৰ... নাজানো ইমান... কম্পিউটাৰতে সব হয় বোলে... কিবা EDM নে কি !

...আজিৰ সময়খিনিত এই গানটো শুনি বিশেষকৈ ভাল লাগিল । ক’ৰবাত যেন কিবা মিলি গৈছে !

“...মনৰ দেৱালত দুখ কত, মুখে মুখে মুখা কত, হাবাথুৰি জোৱাৰ কত

উজাৰি আৱেগ কত চকুৱে সাজিছে মচিছে পৃথিৱী...”

__ সঁচাকৈ ! ভৰসা অকণেই সকলোৱে বিচাৰে চাগৈ- যি জীয়াই ৰাখে শূন্য হৈ যোৱা মানুহক ! কাৰোবাৰ মাত এষাৰ- সিয়েই যেন উশাহ !

কেতিয়াবা মাতবোৰ হেৰাই যায়- লাহে লাহে... লাহে লাহে... গম নোপোৱাকৈ ! বোবা পদূলিত নীৰৱ অপেক্ষা !

-তথাপিও জীৱন জীয়াই থাকে ! সময় বাগৰে- মাতেও পাত সলায় !

“...সামৰি থ’লো আবেলিৰ হিচাপ...”

 

০৭-০১-২০২১

হাজাৰে সামৰি থোৱাৰ পিছতো নিগৰি আহে– দুচকুৰে আৱতৰীয়া শাওন !

ঘড়ীৰ কাঁটাৰ নির্দিষ্ট কোনো কোনো কোণত দুচকু থমকি ৰয়– অভ্যাসবোৰ ! হঠাতে ক’ত জানো নোহোৱা হয় কথাবোৰ ! কেতিয়াবা নোহোৱা কৰিবলগীয়াও হয় ! গুণগুণ গুণগুণ... নীৰৱতাৰ গুণগুণনি...!

সময় সলনি হয় নে মানুহ ? হয় চাগৈ, মেটেকা হ’ব পৰাতেই সুখ ! গভীৰলৈ শিপোৱা গছ হ’লে বুজা যায়– পাত সৰাৰ দুখ বেছি নে শিপা উঘাল খোৱাৰ !

 

০৮-০১-২০২১

“Mere aas paas tha... masoom sa...”

নিজক সামৰি থ’বলৈ আগতেও কষ্ট নোহোৱা নহয়, হৈছিল । সেই কথা তো নতুন নহয় !

“Wo jo tha khwaab sa magar jaane de

Ye jo hai kam se kam ye rahe ke jaane de”

আগলৈ যাবলৈ ইমান কষ্ট আগতে তো হোৱা নাছিল ! …মোৰেই ভুল ! সেয়েতো নাই ! মই নাই !

“এটাই কোঠালি আছিল

কিন্তু মোৰ পৃথিৱীখন যেন তাতেই পূৰ হৈছিল

… …

সি মোৰ লগতেই আছিল

অকণমানি… মোৰ আশে পাশেই আছিল

মোৰ অকণমানি পখিলা ”__ (masoom sa ৰ অনুবাদ_ লক্ষ্য প্রহৰ)

 

...অকণমানি পোৱালি - ! হেৰাই থাকিল - ! হেৰাই যায় এদিন... সকলো !

 

০৯-০১-২০২১

“Hazaaron gham hain is duniya main/ Apne bhi paraaye bhi/ Mohabbat hi ka gham tanha nahin”

গানবোৰ নাথাকিলে, সুৰবোৰ নাথাকিলে মানুহৰ চাগৈ কি যে বিলৈ হ’লহেঁতেন – দুখতো… সুখতো…  হাঁহিবলৈ – কান্দিবলৈ – নাচিবলৈ – কথা পাতিবলৈ – নিজৰ সৈতে !

হয় হয় – “Mohabbat hi ka gham tanha nahin” – কেৱল সুখত থকা মানুহবোৰ সুখী নে ? কেৱল দুখত থকা মানুহবোৰ ? সুখী মানুহৰ কি দুখ থাকে ? দুখী মানুহৰ কি সুখ থাকে ?

“দুখী মানুহৰ সুখকণ সঁচা ! দুখ নথকা সুখী মানুহবোৰ মিছলীয়া !” সিদিনা ফুটপাথত থকা মানুহজনক ‘মোগলাই পাৰাঠা’ এখন খাবলৈ দিওঁতে মোক এইবুলি ক’লে !

 

১০-০১-২০২১

বন্ধু এজনে ৰেডিঅ’ৰ বাবে “প্রতিষেধক বা ভেকচিন: এক বৈজ্ঞানিক বিশ্লেষণ” বিষয়ক কথিকা এটি লিখিবলৈ দিছিল । সময় দুদিন । এই দুদিন বহি বহি তাকে কিবা এটা লিখিলোঁ । কি হ’ল নাজানো, বন্ধুক দি দিলোঁ । প্রুফিং কৰি ল’ব সি ।

এতিয়া যিহেতু মই অকামিলা এলেহুৱা মানুহ ! গতিকে ভাবিবলৈ বহি লৈ ভাবিছোঁ- কিছুমান ৰোগৰ প্রতিষেধক থকাৰ দৰেই যদি মানুহৰ কিছুমান দুখ-শোকৰো প্রতিষেধক থাকিলেহেঁতেন– দুখী কৰিব পৰাৰ আগতেই খেদি দিব পৰাকৈ !

কিন্তু… দুখবোৰ যদি অনুভৱেই নকৰো সুখৰ আমেজ পাম জানো ? দুখবোৰ যদি অনুভৱেই কৰিব নোৱাৰিলো… তেন্তে মানুহ জীৱনটোৰ অর্থ কি বুজিলো নো ! মেচিন তো নহয়… !

কথা ক’ব নোৱাৰা জীৱবোৰে দুখত কান্দে নে ? কান্দিব জানে নে ?

“Roz vahi ek koshis zinda rahne ki, marne ki bhi kuch taiyari kiya karo."_ Rahet Indoori

তৈয়াৰী কৰিবও লাগে চাগে’… মৰিবলৈকে তো জীয়াই আছোঁ ! নে জী-বলৈ জীয়াই আছোঁ ? জীয়াই থকাটোৱেই তো তৈয়াৰী… মৰিবলৈ !! মৃত্যুৰ বাবে জীৱনটোৱেই ভেকচিন আচলতে !

 

১১-০১-২০২১

হয় হয়, “মানুহ নিজৰ দোষতেই দুখী” হয় !

…অৱশ্যে নিজৰ দোষ দেখা মানুহো খুব বেছি নহয় । আৰু দোষ স্বীকাৰ কৰা মানুহ ? কেতিয়াবা কথাবোৰ বুজি নাপাওঁ ! উবুৰি খাই পৰেহি মোৰ দোষ ! দোষেই মোৰ সুখ ! হয় চাগে’ !

হওক, ভাল মানুহৰ ভাল হওক… সুখী মানুহৰ সুখ-শান্তি হওক । …দুখী মানুহৰ পাকত পৰি সুখী মানুহৰ সুখ হেৰাব নালাগে কেতিয়াও…

Dil se ye duwa hai meri, ye duwa kubul ho… mere nasib ke do din ki umr, uske naam pe manzoor ho…

 

১২-০১-২০২১

জোখৰ জোখাৰে কিছুমান বস্তু চকুত পৰে ! প্রায়েই ! AI (Artificial Intelligence) ৰ কথা ঘপহ কৈ মনলৈ আহি যায়, ভয়েই লাগে হে ! হাঃ হাঃ হাঃ ।

“Hum kisi se khushiya mange ye hume manzoor nahi

Mangi hui khushiyon se kis ka bhala hota hai

Jitna apni taqdir main likha hai wo zaroor aada hota hai”_ সুস্মিতা সেন

একদম সঁচা_ নিজৰ মাজতেই মই – সুখতো – দুখতো - খুবেই স্বার্থপৰ ! আনৰ কথা ভাবিবলৈ মোৰ সময় ক’ত ? উদাসীন মানুহৰ বেপাৰেই এনেকুৱা ! বাকী… নিজৰ নিজৰ ৰিস্ক ! ময়ো তো মোৰ দৰেই… ! হয়তো চেৰা পাগল ! হাঃ হাঃ হাঃ …

 

১৩-০১-২০২১

গৰমৰ দিনবোৰ বাদ দি বাকী দিনবোৰত, সময় থাকিলে টিফিন ব্রেকত এপাক খোজ কাঢ়োঁ, আমি কেইটামানে, কেম্পাছটোতে । তেনেকৈয়ে আজি মৌ-মাখিৰ বাঁহ এটা দেখা পালোঁ । গছ এজোপাৰ একেবাৰে গুৰিতে ঘৰ পাতিছে । মাটিৰ তলত তো ঘৰ পতা নাই চাগে’, গছৰ ভিতৰখনৰ অলপ ঠাই ফোপোলা কিজানি ! এৰা... ঘৰ সাজিবলৈ খালী ঠাই লাগে । সেয়া লাগিলে মানুহৰ অন্তৰতেই হওক !

আজিকালি ঘৰবোৰ তলাতল ঘৰ হ’ল... অট্টালিকা !

 

১৪-০১-২০২১

দেখাত তো লাগে, সকলো সুখী মানুহ ! মুখবোৰত লাগি নাথাকে দুখৰ ছাঁ ! পাৰি গৈছে, শিকি গৈছে...!

ফুলি থকা ফুলবোৰে সুখী কৰে ! কিয় বাৰু ? এদিন তাহাঁত মৰহি যায় ! দুখ কৰে নে তেতিয়া, ফুল ৰোৱা গৰাকীয়ে ? নকৰে কিজানি ! আকৌ ফুলিব বুলি জানে যে !

...সুখী কৰি ৰাখিব লগা হয় ! কিছুমান অনুপস্থিতিক নিজে নিজে ভৰাই ৰাখিব লগা হয় ! ভৰসা- কেতিয়াবা দুটামান টকা, দুজনমান অচিনাকী মানুহ ! সেই ভৰসাতে জীৱন ৰৈ থাকে... গৈ থাকে...

কিমান যে সঁচা-

“...দেশে দেশে যুঁজ কত, মনৰ দেৱালত দুখ কত/ মুখে মুখে মুখা কত, হাবাথুৰি জোৱাৰ কত/ অবিহনে ভৰসাৰ নাই সাগৰ মৰুভূমি/ অবিহনে ভৰসাৰ নাই মানুহ উকা ছৱি ।”

সেইকণ ভৰসাক সাৰথি কৰি নচলিলে যে নহয় এতিয়া ! উৎসৱ নাই... বতৰৰ দৰেই মনবোৰৰ ভিতৰখনো গোমা ! তথাপি... দেখাত লাগে সকলো ফৰকাল ! চকুৱে চকু পঢ়ি চালে বুজা যায়... বৰষুণ কিমান !

 

১৫-০১-২০২১

জোনটো নতুনকৈ ওলাইছে আজি ! কাঁচি জোন । জোনটো তো সদায় একেটাই, একেই সদায় ! কাঁচিখন যেন হ’লেই আমি তাক নতুন দেখো !

কেতিয়াবা নেদেখো; কেতিয়াবা আধা, কেতিয়াবা সম্পূর্ণ দেখো, কেতিয়াবা নতুন দেখো ! আমি যেনেকৈয়ে নেদেখো লাগে, সি সদায়েই সম্পূর্ণ ! অমাৱস্যাতো... পূর্ণিমাতো... ! মাত্র আমি অপাৰগ, তাক তেনেকৈ দেখিবলৈ... !

 

১৬-০১-২০২১

জুইৰ কাষত বহি থাকিলে তাৰ উম এৰি উঠি অহাটো এক ৰকমৰ কঠিন কামেই !

কিছুমান মৰমৰ উমো তেনেকুৱাই ! ...তথাপিও এৰি আহিব লগা হয় ! ...কেতিয়াবা খৰিবোৰ জ্বলি শেষ হৈ যায়, কেতিয়াবা নতুনকৈ দিবলৈ খৰিয়েই নাথাকে !

...আৰু কেতিয়াবা বাধ্য হৈ জুইকুৰা নুমুৱাই দিবলগীয়া হয়, যাতে তাৰ ছাই আৰু ধোঁৱাই কাৰোৰে অনিষ্ট নকৰে !

 

১৭-০১-২০২১

এইটো একেবাৰে সঁচা কথা যে নিজৰ বিছনাখন লাগিলে ভঙা-ছিঙাই হওক, তাত কিবা এটা আৰাম লাগে, যিটো আন কাৰোবাৰ মখমলৰ দৰে কোমল বিছনাতো নালাগে ! টোপনি থাকিলে টোপনি আহিবই অৱশ্যে অলপ দেৰিকৈ হ’লেও !

“অপনাপন”... সকলোতে নাথাকে কিজানি... মখমলীয়া আদৰতো কেতিয়াবা নাথাকে !

 

১৮-০১-২০২১

আচলতে প্রায় সকলো মানুহেই ‘পজিটিভ থিংকিং’য়েই লৈ ফুৰে । প্রায় সকলো মানুহেই কাৰোবাক সহায় কৰি সুখী অনুভৱেই কৰে । ...বেয়া লগা মানুহৰ ভালখিনি আমি নেদেখো, দেখিলেও আওকাণ কৰো; আলোচনা নকৰো সেই বিষয়ে, বেয়াখিনিক কৰাৰ দৰে ।

...হয়, কেতিয়াবা স্বার্থসিদ্ধিৰ বাবেও সহায় কৰে ! সকলো কথাতে এটা ‘কিন্তু’ আৰু এটা ‘তথাপিও’ থাকে ! অকণমান বেয়াত আমি ইমানেই ইন্ধন যোগাওঁ যে সি বাঢ়ি গৈ থাকে আৰু অজগৰ এটা হৈ ভালকণক গিলি পেলায় !

...তথাপিও নিজৰ অপাৰগতাক, নিজক বচোৱাৰ স্বার্থত আনক দোষ দিয়া যায় ! অজুহাত অনেক !

পোহৰত পোহৰৰ প্রয়োজন নাই, একেদৰে এন্ধাৰত এন্ধাৰৰ !

 

১৯-০১-২০২১

ৰাতিপুৱাতেই খিৰিকীৰ কাষলৈ আহি মাতি থকা পাৰকেইটা দুদিন অহা নাছিল । দুদিনমান চাগৈ তাহাঁতি আগতে অহা সময়ত আহি চাউলকেইটা পৰি থকা দেখা নাছিল । সেইকেইদিনত হয়তো আন কোনো খিৰিকীৰ কাষলৈ গৈছিল তাহাঁত । নতুবা অন্য কোনো ঠাইলৈ, কোনো বননিলৈ য’ত খাদ্য পোৱা যায় । ...নতুবা স্থায়ী ঘৰ এখনো থাকিব পাৰে তাহাঁতৰ !

গধূলি আহি দেখিলো, আজি পুৱা ছটিয়াই থৈ যোৱা চাউলকেইটা নাই । তাৰমানে সিহঁত আজি এপাক আহিছিল ! কাইলৈও আহিব চাগৈ ! ...আমিও চাগৈ কেতিয়াবা তেনেকুৱাই ! পাৰচৰাই কেইটাৰ দৰে...

 

২০-০১-২০২১

কাঁইটৰ মাজত ফুলা ফুলবোৰ ধুনীয়া হয়, কিয় জানো !

মৰুভূমিৰ গছবোৰতো কাঁইট থাকে ! তাহাঁতৰ পাতবোৰেই কাঁইটৰ আকৃতি লয় বোলে, যাৰবাবে জীৱ-জন্তুৱে খাব নোৱাৰে... সুৰক্ষাকৱচ ! মৰুভূমিত পানীৰ আকাল, পাত থাকিলে তাৰ সৰু সৰু ফুটাৰে খাদ্য প্রস্তুত কৰাৰ সময়ত পানী ওলাই যায়... গতিকেই কাঁইটৰ আকৃতি হেনো, য’ত ফুটাবিলাক নাথাকে বা কমকৈ থাকে । আন গছৰ দৰে ইহঁতে বোলে দিনত নহয়, বেলি গুচি যোৱাৰ পিছত হে আহাৰ প্রস্তুত কৰে যাতে কম পানী লাগে । সিহঁতৰ গা টোও বোলে ম’মজাতীয় পদার্থৰ আৱৰণে ধকা থাকে যাতে ফুটাবোৰেৰে পানী ওলাই যাব নোৱাৰে । নিজকে সেই শুকান ঠাইত জীয়াই ৰাখিবলৈ সিহঁতি আৰু কিবাকিবি যতন কৰি লয় !

...এৰা, যি যেনেকুৱা ঠাইত যি পৰিৱেশত থাকিবলগীয়া হয় সেই ঠাইতে নিজক খাপ খোৱাই ল’ব লগীয়া হয় । “Survival of the fittest.”

‘এড’পটেশ্ব্যন’…! য’ত যেতিয়া যেনেকৈ… প্রয়োজন অনুযায়ী অভ্যাসবোৰেৰে নিজক ‘তৈয়াৰ’ কৰি লোৱাটো খুবেই জৰুৰী কথা !

 

২১-০১-২০২১

যেতিয়া কোনো জীৱক আমি অকণ আদৰ কৰি দিওঁ, সিহঁত আমাৰ কাষ চাপি আহে ।

টিফিন ব্রেকত বহি ৰ’দ খাই আছিলোঁ ! আমি বহি থকাতে কুকুৰ এটা অহা যোৱা কৰি আছিল । তাক ওচৰলৈ মাতি গাত হাত ফুৰাই দিয়াত সি কোলাতে বহোঁ যেন কৰি নিজৰ ভাষাত কিবা ক’লেও... একেবাৰে সুৰ লগায় !

আৰু তেতিয়া তাক খেদি দিয়া হ’ল কুকুৰ বুলি গালি পাৰি ! সি হয়তো কিবা খাবলৈ বিচাৰিছিল ! নিদিলে সি আতঁৰিয়েই গ’লহেঁতেন, খুজিও থকা নাছিল ! কিন্তু আদৰকণ পোৱাৰ বাবেই হয়তো সি আশা কৰিছিল ! খেদি দিয়াৰ পিছতো সি অলপ দূৰ পিছে পিছে আহিছিল । আৰু তেতিয়া তাক মাৰিবলৈ দুভৰিৰ এটা ভৰি ওপৰলৈ উঠি গ’ল !

নিজকো কেতিয়াবা দুঠেঙীয়া, কেতিয়াবা চাৰিঠেঙীয়া কুকুৰৰ দৰে লাগে... ! 

 

২২-০১-২০২১

ফটো এখন তুলি সহজে এডিট কৰিব পাৰি আজিকালি... মোবাইলতে... নিজে বিচৰাৰ দৰে । বেয়া হ’লে টিলিকতে দিলিট নতুবা ‘চিফ্ট্ দিলিট’ । সকলো সহজ ! নিগেটিভ ডেভেলপ্ কৰাৰ দিন নাই এতিয়া !

“Ek dhage mein hain uljhe yun, Ke bunte bunte khul gaye

Hum the likhe deewar pe, Baarish huyi aur dhul gaye”

 

অন্য কিছুমান বস্তুও এডিট-দিলিট কৰিব পৰাৰ সুবিধা থকাহেঁতেন ! সোঁৱৰণি… স্মৃতি… কথা… ! নেমু কাঁইটৰ দৰে গেজেক কৈ খুচি দিয়ে কেতিয়াবা হঠাতে… !

পাৰিলে, বিয়াগোম চাকৰি এটা ঠিক কৰি ল’লো হয় চাগৈ পোনে পোনে… আৰু পাহাৰৰ টিলাত এটা ঘৰ ! হাঃ হাঃ হাঃ…

“Zindagi wo hisab hai, jisko piche ja kar thik nahi kar sakte._ Pankaj Tripathi

 

২৩-০১-২০২১

দুই-এযোৰা কাপোৰ থাকে, অলপ বেছি মৰমৰ । পিন্ধিও কিবা ভাল লাগে । আচলতে খুব মৰম লগাৰ বাবেই কিজানি কিনি অনা হয় । সেয়া যেতিয়া নতুন হৈ থাকে, তাকেই বেছিকৈ পিন্ধা হয় ! বাকীবোৰ কাপোৰ বাকচৰ তলিতে পৰি থাকে তেতিয়া । ...আৰু এদিন নতুনবোৰ পুৰণি হয়, নতুন কাপোৰ কিনা হয়... প্রয়োজনত !

অলপদিনৰ আগতে ভাইটিক টি-চার্ট দুটামান দিছিলো, জন্মদিন বুলি । তেতিয়াৰেপৰা দেখি আছো সি সেইকেইটাকে বেছি পিন্ধে য’তে গ’লেও... ফুৰিবলৈও... ডিউটিলৈও... । ভণ্টীয়ে কয় “তোৰ কাপোৰ-কানি নোহোৱা হ’ল নেকি অই ?” হাঃ হাঃ হাঃ...

নতুন হ’লে বস্তুবোৰলৈ মৰম বেছি হয়েই চাগৈ ! মোৰ কাপোৰ-কানি কম ! লোৱা নহয়েই । লোৱাবোৰো বহুত দিন যায় । কিয় জানো, পুৰণি হ’লেও মৰমৰ কাপোৰকেইটাকে মই বেছিকৈ পিন্ধো ! তথাপিও সিহঁত বেয়াই নহয় !

 

২৪-০১-২০২১

নিজে ৰোৱা গছৰ পুলি এটা যেতিয়া অকণ অকণ কৈ বাঢ়ে, যেতিয়া দুই-এখিলা নতুন পাত ওলাই... সেয়াও এক সুখ ! সন্তান এটি কেঁচুৱাৰপৰা একলা দুকলাকৈ ডাঙৰ হওঁতে চাগৈ মাক-দেউতাকে এনেকুৱাই কিবা সুখ অনুভৱ কৰে !

স্বার্থহীন, আদৰৰ সকলো সম্পর্কই চাগৈ এনেকুৱা !

___________

...আজিকালি মেগীৰ পেকেট বিধে বিধে ফ্লেভাৰৰ হ’ল । আচলতে নুডলছ্ খিনি একেই আছে, মচলাটোহে ৰকম ৰকমৰ হৈছে ! আগৰ মেগী-মছালাটোৰ মচলাখিনিও সলনি হ’ল, পুৰণি সোৱাদটো পোৱা নাযায় !

এৰা... ভিতৰখন একেই থাকে ! চাহিদা অনুযায়ী, সোৱাদ অনুযায়ী সলনি কৰিবলগীয়া হয়... মচলাটো ! সকলোৰে টেষ্ট (taste) একে নহয় যে !

মানুহে পতি মানুহৰ টেষ্ট !!

 

২৫-০১-২০২১

কেতিয়াবা মন শূন্য হয় নে ? মন বুলি ক’লেও সঠিক নহয় কিজানি ! কেতিয়াবা চিন্তাশূন্য, ভাৱনাশূন্য হয় নে মানুহ ?

বাছৰপৰা নামি অলপ খোজকাঢ়ি আহিলেই পাচলি বেপাৰী কেইজন । শাক-পাচলি দুটামান ল’লোঁ । চার্কিট হাউছ পাৰ হৈ ‘এ টি এম’ ত সোমাবলৈকে পদযাত্রা । ‘এ টি এম’ পাৰ হৈ হেভেলচ্ শ্ব’ ৰূম, বন্দনা, আযিয আৰু তাৰ পিছতেই ৰূমলৈ যোৱা গ’লিটো ।

হেভেলচ্ পোৱালৈকে মনে গম পায় ! বন্দনা, আযিয, ৰূমৰ গ’লি, দামানিজ, জে জে, দত্ত’চ লেন পাৰ হৈ ৰৈ দিছো ৰাস্তাটো অচিনাকী দেখি... ৰূমৰ গ’লিটো পাৰ হৈ ভালেমান দূৰ আহিলো ! কেনেকৈ !! দৰক লাগি, তাতে খন্তেক ৰৈ ভাবিলো ! ভাবি ভাবি, কোনোবাই মন কৰি আছে নেকি বুলি ইফালে সিফালে চায়, খন্তেক ৰৈ উভতি আহিলো । লাজো পালো নিজৰ ওচৰতে !

এতিয়াও ভাবি আছো... ওহোঁ, একো নাই ! হেভেলচৰপৰা দত্ত’চ লেন... একোৱেই মনত নাই কি ভাবি আছিলো ! কেনেকৈ সেইখিনি পাৰ হ’লো একোৱেই নাই মনত... একোৱেই যে গম নাপালো ! সেই দুই-চাৰি মিনিট মই ‘মই’ নাছিলো নেকি ! ভৰিৰ বিষটোও নাছিল নেকি !

সব ব্লেঙ্ক ! শূন্য ! আচৰিত ! হয় নে এনেকুৱা ??

হয় চাগৈ ! দুর্ঘটনাবোৰ কিজানি এনেকৈয়ে হয় ! কি হ’ল একো গমেই নাপালো বুলি কয় যে !

মানে, মই বাচিলো এইবাৰলৈ !

 

২৬-০১-২০২১

মানুহো একো একোটা ঘড়ী !

ল’ৰাটো পুৱা ৬ বজাত ডিউটিলৈ যাব, মাকৰ ঘড়ীটো সেইমতে সাৰ পায় নিজে নিজে !

মানুহজন ৰাতি ৯ বজাত ঘৰ পায়হি, পত্নী দূৰৈত… উচপিচ অপেক্ষাৰ ঘড়ীত খৰতকীয়া গতি ঠিক সময়তে হয় !

কোনোৰ প্রেয়সী পুৱা ১০ বজাত ওলায়, ২ বজাত জিৰণি, গধূলি ৬ বজাত ঘৰ সোমায়, প্রেমিকৰ ঘড়ীত পাকে পাকে চিন্তিত আকুলতা…

কোনোৰ প্রেমিক পুৱা ৯ বজাত ঘৰৰপৰা ওলায়, ১ বজাত লাঞ্চ ব্রেক, ৪ বজাত অলপ জিৰণি, সন্ধিয়া ৭ বজাত ধোঁৱা ওলোৱা চাহ… ১১ বজালৈকে হৃদয় উমাল… ইত্যাদি ইত্যাদি… প্রেয়সীৰ ঘড়ীত পাকে পাকে অপেক্ষাৰ জিৰণি…

‘ঘড়ীৰ দৰে মানুহ’ৰ সময়, নিজৰ নিজৰ ঘড়ী একোটাৰ সময় মতে চলে... ৰয়... গৈ থাকে... বন্ধ নহয় ! যিয়েই বিজুটি নঘটক, নির্দিষ্ট সময়বোৰত ঘড়ীয়ে ঘড়ীক নিজৰ উপস্থিতি জনাবলৈ নাপাহৰে... মই আছো, মই আছো... ...এই ঘড়ীবোৰ টিকটিকাই থকা নহয়; বুকুত থাকে, ধুকধুকাই থাকে... আলসুৱা...

...আৰু কিছুমান মানুহ বন্ধ ঘড়ীৰ দৰে ! অফিচৰ বাছখন পুৱা ৮:৩০ বজাত ধৰিবই লাগে । কোনোৰ ঘড়ীৰ সময় টিকটিকাই থকা বেটেৰীৰ ঘড়ীত চলে...

 

প্রত্যেকেই একো একোটা স্বতন্ত্র তন্ত্র !

আৰু গণতন্ত্র ? প্রজাতন্ত্র ??

 

২৭-০১-২০২১

আমি বেছিভাগ মানুহেই সহজে দোষ স্বীকাৰ নকৰো । মই সৰু মানুহ, একোৱেই নাই মোৰ ! তথাপিও, মোৰ দৰে মানুহেও ঘপকৈ তল পৰি নিদিওঁ কেতিয়াবা আনৰ ওচৰত ! ইজ্জত’ত লাগে !

এনেকুৱা মানুহো আছে যিয়ে কাৰোবাক ভাল বুলি ক’বলৈকে নিজক বেয়া বুলি ক’বলৈ বেয়া নাপায় ! কোনো সময়ত নিজে মূৰ তল কৰি মানি লয় সকলো দোষ, যদিওবা তেওঁৰ নহয়েই সেয়া; অপমানিত বোধ কৰিলে নিজতে সামৰি থয়, হয়তো চকুপানীতে উটুৱাই দিয়ে সকলো ! কিন্তু কোনোবাই কিয় আৰু কাৰ বাবে কৰিব পাৰে তেনে, আমি সেইখিনি অনুভৱ কৰি নাচাওঁ ! চাব লাগে বুলি নাভাবো, কাৰণ আমাৰ চকুত আমি নহয়, তেওঁক হে দোষী বুলি ধৰি লওঁ !

 

…নাজানো কিয়, মোৰ কথাই কথাই এনেকৈ, এইবোৰ লিখি থাকোতেই চকুপানী ৰৈ বৈ যায় কেতিয়াবা…! ‘মা’ৰ ফোনটো আহিল ! অকণ নিজকে সাজু কৰি ল’ব লগা হয় ধৰা নপৰিবলৈ ! হাঃ হাঃ হাঃ …

ভাবোঁ প্রায়ে- যি নিজৰ, নিজৰ বুলি ভবা সকলোৱে কেতিয়াবা নহয় কেতিয়াবা কথাৰে নতুবা ব্যৱহাৰে হ’লেও কন্দুৱাইছে মোক- ভাই-ভনীয়েই হওক, দেউতা বা আন কোনোবা… ! কিন্তু মই আজিও মনত পেলাব নোৱাৰো- ‘মা’ই মোক কিবা টান কথা কোৱা, বিনা দোষত গালি পৰা, সৰু থাকোঁতেও চৰ-থাপৰ এটা মৰা…! কেতিয়াবা বেঙা মেলি মেলি চাওঁ এৰি অহা শৈশৱ… ওঁহো… নাই, মা’ই দিয়া চকুপানী নাই !

কেতিয়াবা মই হে জেঙেৰা মাৰি কথা কৈ দিওঁ তেওঁক… খঙত ! কিন্তু, এদিনো তো কৈ পোৱা নাই “মা, আপোনাক মই এনেকৈ ক’ব নালাগিছিল” বুলি ! ক’ব নোৱাৰাৰ দুখত হয়তো কান্দিছো কেতিয়াবা ! সেয়াই যথেষ্ট নে ? তেওঁৰ মনে কান্দে নে কেতিয়াবা মোৰ খঙৰ বাবে ??

 

২৮-০১-২০২১

Tanha hi sahi par dil yahan hansta hai…”

কিছুমান সময়ত কিছুমান গান শুনিব নালাগে বুলি কয় ! কিন্তু চকুৰ আগতে ঘূৰি-ফুৰা বস্তু এটাক নাচাওঁ বুলি চকু মুদি তো থাকিব নোৱাৰি !

কালি লাকী আলিৰ “এক পল কা জিনা ফিৰ তো হে জানা…” শুনিছিলোঁ । মানে গধূলি চাহকাপৰ সৈতে ইউ টিউব খুলি বহোঁতে ঋত্বিকৰ দান্স ভিডিঅ’ এটা ৰিক’মেণ্ডেড হৈ আছিল । …গানটোত ঋত্বিকৰ নাচৰ ষ্টেপ এটা মোৰো ভাল লাগিছিল… সেই তাহানিতে !

কলেজত নাম লিখোৱা সময়ৰ কথা হ’ব চাগৈ ! নগৰত নতুন মই ! সৰু মামাই ভাবী মামীৰ সৈতে মোক লৈ গৈছিল চিনেমা দেখুৱাবলৈ… ঋত্বিকৰ প্রথম চিনেমা… চুপাৰ হিট… গানো চুপাৰ-দুপাৰ হিট ! বেলকনিৰ টিকট ১৫ টকা ! হাউচ ফুল ! ব্লেকত টিকট ৩০ টকা ! সেই সময়… সেই দিন… !

কালি অন্য এটা গানো ৰিক’মেণ্ডেড হৈ আছিল, চোৱা নহ’ল । আজিও ইউ টিউব খুলিয়েই সেইটোকে দেখিলো ! চাহকাপৰ সৈতে বহি, চালো এপাক !...সেই সোণালী চকুৰ যুৱকজন এতিয়া শুল্ককেশী বৃদ্ধ !

তেওঁকে চাই চাই ভাব হ’ল- ১৫ টকীয়া বেলকনিৰ টিকটৰপৰা ২৫০ টকীয়া চিলভাৰ টিকটলৈ, ইন্টাৰভেলত কাগজে বন্ধা ৫-১০ টকীয়া বাদামৰ পেকেট লৈ মানুহৰ মাজত ঘূৰি ফুৰা মানুহজনৰপৰা ২০০ টকীয়া পপকর্ণৰ ৰঙীন পেকেটলৈ বহু সময় পাৰ হৈ গ’ল দেখোন ! …এই পৰিক্রমাৰ শেষত ময়ো এতিয়া বৃদ্ধৰ শাৰীতেই !

তাকেহে, কি লৈ আহিছিলো, কিয়েইবা লৈ যাম ! গৈ গৈ ক’ৰবাত অনুভৱকণ চাগৈ সকলোৱে কৰে…

“দুনীয়া মে মেৰা ক’য়ি অপনা ভি হ্যে…”

হ্যে না ?? আছে চাগে’ ! নাথাকিলেও কথা নাই বাৰু !

Tanha hi sahi par dil yahan hansta hai/aur khel zamane ka chalta hai”  :)

সেই সোণালী চকুৰ মানুহজনে কেতিয়াবাই গাইছিল । আকৌ গাইছে এতিয়া… আনপ্লাগড্… !

 

২৯-০১-২০২১

কথাটো ঠিকেই, ৪০ বছৰ বয়সীয়া বুঢ়ী হৈ যদি কোনোবাই বিয়াত বহিম বুলি ভাবিছে তেওঁ ৬০ বছৰীয়া বুঢ়া এটাই পাব ! সঁচা কথা, গতিকে সেইটো শুনি ৪০ বছৰীয়া বুঢ়ী এজনীয়ে বেয়া পাবলগীয়া একো নাই আৰু সেইটো আন কাৰোবাৰ চিন্তাৰ বিষয় হ’বলগীয়াও নিশ্চয় নহয় ! কিন্তু কথাটো যদি ২৭-২৮ বছৰীয়া ঘৈণী থকা ৪০ বছৰীয়া যুৱকে (!) কয়, হয়তো এষাৰ হ’লেও ক’বলৈ মন যাব !

এইটো কথাও মিছা নহয় যে ৬০ বছৰীয়া বুঢ়ায়েও ২৫-৩০ বছৰীয়া গাভৰুয়েই বিচাৰে, তাৰ সপক্ষে অনেকটা অজুহাত দিয়া লোকো ওলাব ! আমাৰ সমাজত সেইটো আজিও স্বাভাৱিক কথা !

...কিন্তু নিজতকৈ ১১ বছৰে সৰু ল’ৰা এজনৰ সৈতে যদি কোনো ছোৱালী বিয়াত বহিল তেন্তে সেইটো অজীর্ণ হ’ল ! “লাজ-কাজ নোহোৱা বৈজ্জাত তিৰী ! সৰু ল’ৰা পাই ফচাই দিলে ! কিবা তো খেলি-মেলি আছে, মতলব আছে !” ৩০ বছৰীয়া গাভৰু ঘৈণী থকা ৬০ বছৰীয়া বুঢ়াটোৱেও ক’ব সেই কথা !

...এইবোৰ কেতিয়াও শেষ নোহোৱা কথা... চলি থাকিব । হয়তো চেলিব্রিটি সমাজত, কিছুমান ঠাইত কিছুমান কথা সাধাৰণ; যিবোৰ সাধাৰণ মানুহৰ সমাজত চকুত খোচা বিধৰ ! সাধাৰণ সমাজত কথা কিছুমান সাধাৰণ হ’বলৈ হয়তো সময় লাগিব !  

সকলো একে নহয় যদিও আমিও সাধাৰণ সমাজত থকা সাধাৰণ মানুহেই ! য’ত কথাবোৰ আচলতেই হৈ আছে ত’ত হয়তো ইয়াৰ একো প্রভাৱ নপৰে । কিন্তু ক’ৰবাত হয়তো মানুহৰ শেন চকু, সন্দেহ-তিতকাৰী, তুচ্ছ-তাচ্ছিল্যৰ বাবে কোনোবা বায়েকে নিজৰ ভায়েকৰ হাতত, ভনীয়েকে ককায়েকৰ হাতত ধৰি খোজ কাঢ়িবলৈও সংকোচ কৰা হ’ব ! ...হয়তো ক’ৰবাত কোনোৱে এদিন অপমানিত হ’বলগীয়া হ’ব ! ...কাৰণ আমাৰ নিজৰেই কোনোবা, আমাৰ সমাজৰেই শিক্ষিত-সংস্কাৰী কিছু লোকে সকলোকে একেই দৃষ্টিৰে সামৰি থ’ব !

আমি শিক্ষিত কিন্তু শিক্ষিত নহয়, সংস্কাৰী কিন্তু সংস্কাৰী নহয় !

কিছুমান নিয়ম-নীতি মানি চলা ভাল বুলি কয় ! হয়, মানিব লাগে ! “কিন্তু কোনবোৰ ? কোনে মানিব লাগে ? কিয় মানিব লাগে ?”- সেই নিয়ম-নীতিও সকলোৰে বাবে একে কিয় নহয় !

 

৩০-০১-২০২১

পাহৰিবলৈ এটা অজুহাত লাগে ! এটা অভ্যাস এৰিবলৈ অন্য এটা অভ্যাসৰ ব্যস্ততা লাগে ! এজন মানুহক পাহৰিবলৈ অন্য এজন লাগে ! …সকলো অভ্যাসৰ অভ্যাস !

কাইলৈ কাৰোবাৰ বাবে মই কি কৰিম সেইটো হয়তো জৰুৰী নহয় !(কাইলৈবোৰৰ নিশ্চয়তায়েই তো নাই !) আজি মই কি কৰিলো, কি ক’লো সেইটোহে হয়তো বেছি জৰুৰী !

প্রশংসা নিবিচৰা মানুহে তিৰস্কাৰো নিবিচাৰে ! …কেতিয়াবা চ’ৰী কোৱাটো দৰকাৰী ! নক’লেও হোৱাত যি ক’ব পাৰে, তেওঁৰ মৰম-আদৰবোৰ সেই মাকৰ মৰমৰ দৰে… সঁচা ! যি যাৰবাবে কেতিয়াও ননমা ওখ গছজোপাৰপৰা তললৈ নামি আহিব পাৰে তেওঁ সেই মাকৰ দৰে… সঁচা ! য’ত সকলো নিঃস্বার্থ… সঁচা !

…আৰু মাকৰ দৰে সঁচা, এই পৃথিৱীত আন একোৱেই নাই ! যদি কোনোবাই পাইছে তেওঁ আনতকৈ অলপ হ’লেও বেছি সৌভাগ্যৱান আৰু যি পায়ো সেয়া অনাদৰ কৰিছে তেওঁ হয়তো কিবা এটা হেৰুৱাইছে !

যিকোনো সম্পর্কতে, সেয়া যিকোনো সম্পর্ক হ’ব পাৰে- কেৱল মৰম-আদৰ কৰা, সময় দিয়াটোৱে হয়তো তাক মূল্য দিয়াটো নুবুজায়; যদিহে তাক আমি অকণমান সন্মান দিবলৈ নোৱাৰো !

 

৩১-০১-২০২১

যিদৰে গুজৰি গুমৰি আহিছিল, ভাবিছিলো ৰাতিটো দোপালপিটা বৰষুণ দিব । পিছে এফুটা বৰষুণো নপৰিল !

তাকেহে, ভবাৰ দৰে একোৱেই নহয় ! আশা কৰাৰ দৰেও ! সেই বুলিয়েই নভবাকৈ, আশা নকৰাকৈয়ো নাথাকে কোনেও ! অনবৰতে কিবা নহয় কিবা এটা ভাবি থকা হয়েই, কেতিয়াবা নিজে গম নোপোৱাকৈয়ে !

নতুন বছৰটো আৰম্ভ হৈছিল হে সিদিনা ! কালিলৈ পুৱা এটা মাহ অতীত হৈ যাব ! ওলমি থকা কেলেণ্ডাৰখনত সেই মাহটো অর্থহীন হৈ পৰিব ! আমি ভাবো এইটো কৰিম, সেইটো কৰিম... ভবাৰ দৰে কেতিয়াবা হে হয়, বেছি সময়ত নহয় ! “Safar suru hone se pehle tum safar ke malik hote ho. Magar jab safar suru hota hai to safar hi malik ho jata hai._ Sadak …হয় চাগৈ !

“Zindagi chal tera shukriya/ Shaayad mile na tu kal ki subah/ … …Tujhse judi har baat ka shukriya…”

…একোৰেই নিশ্চয়তা নাই ! জীৱনে আজি যি দিছে, যেনেকৈ দিছে… প্রতিটো ক্ষণৰ বাবেই কৃতজ্ঞ হোৱা উচিত ! কাৰণ আমি যি পাওঁ, যেনেকৈ পাওঁ… ভাল বা বেয়া যিয়েই হওক, সেয়া নিজৰ বাবেই পাওঁ; আমি যিখিনিৰ যোগ্য জীৱনে আমাক সেয়াই দিয়ে ! ...বাকী সকলোবোৰ একোটা অজুহাত হে মাথোঁ ! পোৱা-নোপোৱা, দুখ-সুখ… এটা থাকিলে আনটো থাকিবই… পৰিপূৰক সকলো… ! সকলোৰে বাবে দায়ী নিজে, আন নহয় !

নিজকে সেয়ে চ’ৰী কওঁ, ক্ষমা খুজো… কৃতজ্ঞতাৰে জীৱনক ধন্যবাদ জনাওঁ !

 

…আৰু এনেকৈয়ে পুনৰ এটা নতুন দিন জীয়াই থাকো !

 


Post a Comment

0 Comments