পৰিক্ৰমা

 

মোক এখন দুলি থকা চকী লাগে; যি মাটিত থাকিও উপঙি থাকে, যি ৰৈ থাকে অথচ গৈ থাকে!

মোক এখন দুলি থকা চকী লাগে; য'ত খন্তেক দুলিব পুতলা নাচি ভাগৰা সময়। য'ত দুলি থাকিব তন্দ্ৰালস দুচকুত ভাগৰুৱা সপোনৰ গুণগুণনি অথবা ভগ্নস্তুপৰ মাজত ভাগৰুৱা চালভেদাৰ ডালি!

মোক এখন দুলি থকা চকী লাগে; য'ত দুলি দুলি দৌৰি থাকিব বোকা লগা দুভৰি কঠাল পাতৰ পাংখা ঘূৰাই অথবা বহিবগৈ হাতত বৰশীৰ স'তে বৰলৰ টোপ লৈ কোনো পুখুৰীৰ পাৰত।

মোক এখন দুলি থকা চকী লাগে; দুলি দুলি বিচাৰি যাম বাঁহৰ চোঙাত থোৱা আধলিকেইটা অথবা আঙুলিৰ পাবত পকা পান আৰু সৰা তামোল গণ্টি কৰি কৰিম ধনী হোৱাৰ অংক!

মোক এখন দুলি থকা চকী লাগে; দুলি দুলি কোনো ৰঙীন সন্ধিয়া, খন্তেক সুখ-দুখৰ বিলাস কৰিম। তৰা লেখি, জোনাক চুই দাৰ্শনিকৰ দৰে ক'ম_ ৱাহঃ! জীৱন কি মায়াসনা!

মোক এখন দুলি থকা চকী লাগে; কোনোবা গধূলিবেলা দুলি দুলি গণিম বিস্মৃতি হোৱা স্মৃতিৰ হাড়ৰ হিচাপ অথবা মনিব নোৱাৰা দুচকুৰে গণিম বাটৰ বাটৰুৱা!

মোৰপৰা মোলৈ এক সুদীৰ্ঘ পৰিক্ৰমাত চকীখন দুলি থাকিব প্ৰতিদিন। গধুৰ কিহবাই বুকুখন হেঁচি ধৰাৰ দিনা ৰৈ ৰৈ গৈ থকা চকীখন ৰৈ যাব। …আৰু শ্মশানৰ নীৰৱতাত উপঙি থাকিব গলি যোৱা চালভেদাৰ ডালি!

আৰু দুলি থকা চকীখন?

তাঁহানিৰ এন্ধাৰ কোনো চুকত বহি উচুপি থকা অভিমানী শৈশৱৰ দৰে উচুপি থাকিব… নীৰৱে… আদৰুৱা কোনো হাতৰ স্পৰ্শ বিচাৰি… … 


@ মে’ ২০২০


Post a Comment

0 Comments