ভাইৰেল কথা

                                       

… এই যেন ষ্ট্ৰ'ক্ হোৱাৰ দৰেই আচম্বিতে 'ধপ্' কৰি বন্ধ হৈ যায় সকলো; কোঙা হৈ যায় দেহৰ এটা ফাল! এমূৰত জুই লাগি ফেৰফেৰকৈ জ্বলি যোৱা শুকান পাতৰ দৰে জুই লাগি যায় প্ৰত্যাশাৰ প্ৰতিটো মূৰত!

তথাপিও, দ' খাৱৈৰ শুকান ছাইৰ পৰাও কেনেবাকৈ গজি উঠে হাজাৰ প্ৰত্যাশাৰ এপতীয়া কোঁহ! এইকণেই মাটি, য'ত খোপনি পুতি থিয় হয় লেৰেলি যোৱা দুভৰি!   

... ...

(কৰ’ণাকালৰ উপলব্ধি)

সব কামতে লাভালাভৰ অংক নাথাকে। আৰ্জিব লগাকৈ জ্ঞানো নাথাকে।

কিছুমান সময়ত কিছুমান কাম কেৱল নিজৰ মনটোক ভালে ৰাখিবলৈকে কৰিব লাগে। (বেয়া কাম, বেয়া বস্তু বুলিও কিবা এটা আছে, সেইটো তো সকলোৱে জানেই আৰু, সেইখিনি নিলগাই থ'লেই হ'ল)। মনটো ভাল লাগি থাকিলে বাকী কামবোৰো আপোনা-আপুনি ভাল হ'ব (মোৰ হয়)। এইটোও জানো কম লাভৰ কথা!

হা-হুমুনিয়াহ পেলাই থকাতকৈ ভাল লগা গান এটা শুনক, চিনেমা এখন চাওক, গল্প এটাকে পঢ়ক, ভাল লগা কথাৰ দুটা শাৰীকে লিখক, বেসুৰা হ'লেও গান এটাকে গুণগুণাই থাকক, ছৱি এখনকে আঁকক…

ঘৰৰ সন্মুখত চোতাল আছে যদি খন্তেক বহি আকাশলৈ মূৰ তুলি চাওক, ফুলগছ কেইডালকে আপদাল কৰক (সেয়া যদি কৰিব পাৰিছে আপুনি সৌভাগ্যবান! মুকলি আকাশৰ তলত বহিব নোপোৱাকৈ বাকচত সোমাই থাকি কন্দা মানুহো আছে!)

মাছে-মঙহে খাব নোপোৱাৰ বাবে আপত্তি নকৰিব, কোনোৱে এবেলাৰ ভাত মুঠিয়েই পেটভৰি খাবলৈ পোৱা নাই! ঘৰতে থাকি আমনি লাগিছে বুলি ছটফটাই কষ্ট নাখাব, কোনোৱে ঘৰৰ মোহত ঘৰলৈ আহিবৰ বাবেই মৰণকো সাৱটিছে!

হতাশ হৈছে, হ'বই! সকলোৰে একেই! সময়েই তেনেকুৱা। এতিয়া জীৱনটোক লৈয়েই অনিশ্চয়তা, বাকীবোৰ তাৰ পিছতহে!

একো কৰিব নোৱাৰিলেও ইয়াকে ভাবি মনটোকে ভাল লগাই থাকিবলৈ চেষ্টা কৰোচোন_ যে সময় আকৌ ভাল হ'ব। তেতিয়ালৈকে আমি হয়তো হেৰুৱাম কিবাকিবি। থকাখিনিৰেই আমি পুনৰ আৰম্ভ  কৰিম… নতুনকৈ। এতিয়া আমি কৰিবপৰা যিকোনো ভাললগা কামবোৰকে কৰি থাকোচোন…। নিজক নিজে ভালে ৰাখো… ভাল সময়ৰ বাবে আশা কৰো…!

একো লাভ নহ'লেও, কিছুমান কাম নকৰিবলৈকে কিছুমান কাম কৰিলে লোকচানো একো নাই!   


@ মে’ ২০২০


Post a Comment

0 Comments