দিঙা

 


(১)

ভাগি যোৱা বীণখনি দুহাতত লৈ
বহিছিলো নিজানত নিৰলে গৈ
অচিন পখীটি আহি কাষৰতে ৰৈ
কাণে কাণে কথাটি গৈছিল কৈ।

কিয়নো কৰা বেজাৰ আজলী ছোৱালী
ঘূৰি জানো আহে শৈশৱ সোণোৱালী
একেই বাটৰ বাটৰুৱা সকলো আমি
হাতে হাত ধৰি চোৱা ল'ৰালি ল'ৰালি।

গভীৰ নিশাৰ বাট খেপিয়াই
গৈ আছোঁ, গৈ আছোঁ ভাগৰা নাই
সিপাৰে ঘাটত জানো কোন আছে ৰৈ
ব'ঠা সামৰি শুই পৰিম যাৰ কোলাত গৈ।

জীৱন থকালৈকে জানা য'ত ভাগৰ
হঠাতে থমকি ৰয় গতি জীৱনৰ
নহ'বা উদাস কিম্বা নকৰা বেজাৰ
ইপাৰ সিপাৰ জীৱনৰ মাথোঁ দুটি পাৰ!

 

(২)

আজিও সেই একেই ৰূপালী জোনাক
খিৰিকীৰ মুখত আহি নীৰৱে ৰোৱা।

মূৰ তল কৰি সেই চিনাকী বাটত
গৈ আছে সেয়া কোন বাটৰুৱা

বেজেৰুৱা ভাবত অকলে অকলে
সেয়া যেন মোৰেই উদাস ছাঁয়া!

ভাগি যোৱা বীণত ৰৈ ৰৈ বাজি থকা
কাৰ উচুপনি সেয়া পৰাণ কঁপোৱা

নীৰৱে হাঁহিটি ফুটাই
জোনাকে ক'লে দুওঁঠ কঁপাই
এন্ধাৰে সামৰি লোৱা সেয়া মোৰেই কায়া!

 

(৩)

সিপাৰে যাব খোজা ব'ঠাহীন নাৱখনি
ৰৈ যায় দেখি ইপাৰৰ বেলি…
ছাঁতে লুকাই নাৱৰীয়াই ভাবে
দুনাই আহিব উভতি পুৱতিৰ বেলি… 


@মার্চ-এপ্রিল ২০১৯


Post a Comment

0 Comments