Speech by Dr Sristidhar Dutta @ICMR-RMRC on 16032018
# …পৃথিৱীখন নজনা
কথাৰ ভঁৰাল, এখন সাগৰ। আজিৰ
কথাবোৰৰ সৈতে কাইলৈ নতুন একোটা কথা সংযোগ হৈ আছে প্ৰতিদিনে। আমাৰ শিকাৰ শেষ নাই।
শিকিবলৈ, জানিবলৈ ইমান
বেছি কথা আছে যে জীৱনটো শেষ হৈ যাব। কিন্তু শিকি শেষ নহ'ব। … আৰু যেতিয়াই আমি
মানি ল'ম যে আমি একো
নাজানো, আমাৰ শিকিবলৈ
এতিয়াও বহুত বাকী তেতিয়াই আমি স্বভাৱত নম্ৰ হ'ম। বিনম্ৰতা আমাৰ লগ হ'ব।
যি জনে ভাবি ল'লে যে "মোৰ
শিকি শেষ হ'ল, শিকিবলগীয়া আৰু
বাকী নাই" _ তেনে মানুহৰপৰা
কিবা শিকাৰ মানে হ'ল একে ঠাইতে ৰৈ
থকা পুখুৰীৰ পানী খোৱা। পৰিৱৰ্তন কিন্তু প্ৰতিদিনেই হৈ আছে!
মানুহৰ উন্নতিৰ
বাবে কাম কৰিবলৈ হ'লে অগ্ৰজ, অনুজ সকলোৱে
মিলি কাম কৰিব লাগিব। সমতা বজায় ৰাখিব লাগিব। নতুন প্ৰযুক্তিৰ সৈতে পূৰ্বৰ
অভিজ্ঞতাৰ মাজত সমতা ৰাখি মিলিজুলি কাম কৰিলেহে মানুহৰ কল্যাণৰ হকে কাম কৰা সম্ভৱ।
"এই বুঢ়া বুঢ়ী
বোৰে কি…নো জানে"
বা "এই নতুনকৈ উঠি অহা চামে ব…ৰ জনা দেখুৱাই" ভাবত দুয়োপক্ষ যদি দুফালে বহিবলৈ হয়
তেন্তে হ'ল আৰু মানৱ
কল্যাণৰ কাম! যি কোনো ভাল কাম, সফলতাৰ কথা
যেতিয়া "মই কৰিলোঁ"ৰ ঠাইত "আমি কৰিলোঁ" বুলি ক'ব পাৰিম তেন্তে
সেইয়াও এটা ভাল কামেই হ'ল।
# সামাজিক
দায়বদ্ধতা, পৰোপকাৰিতা আমাক
প্ৰকৃতিয়েই শিকায়। গছৰ ফল গছে নিজে নাখায়। সেইয়া মানুহ, পশু পক্ষীয়ে
খায়। নদীৰ মাছ নদীৰ পানীয়ে নাখায়। সেইয়া মানুহকে আদি কৰি অন্য জীৱই খায়। গাইৰ
গাখীৰকণো পোৱালিটোৰপৰা কাঢ়ি আমিহে খাওঁ!
আজিৰ দিনত আমাৰ
সামাজিক দায়বদ্ধতা নোহোৱা হৈছে। সম্পৰ্কবোৰতো "ইনফেকচন্" হৈ ফুটা ফুটা
হৈছে। সফল হোৱাৰ পিছত নিজৰ ল'ৰা ছোৱালীয়ে মাক
দেউতাকক এৰি বিদেশলৈ গৈ তাতে ৰৈ যায়। আহিবলৈও সময় নাই! টকা পঠিয়াই দিয়ে। টকাই জানো
সকলো? ……… লাহে লাহে
অকলশৰীয়া বয়সিয়াল (Jeriatric) বেমাৰী(!)
মানুহৰ সংখ্যা বাঢ়িছে। আজিৰ তাৰিখত এই সংখ্যা ১০৪ নিযুত। ২০২০ চনলৈকে ৩২০ নিযুত হ'বগৈ। এওঁলোকক
চোৱা-চিতা কৰিবলৈ লাখৰ ওপৰত নাৰ্চৰ প্ৰয়োজন হ'ব। নিজৰ ল'ৰা ছোৱালীৰ তো
সময়েই নাই!
এতিয়া এই নাৰ্চ
সকলকো ট্ৰেইনিং দিব লাগিল! "সেই বুঢ়া, খালে খাবি নাখালে নাই" বুলি ভেকাহি
মাৰি মুখৰ আগত ভাতৰ থালি থেকেচি দিলে জানো হ'ব? নিশ্চয়কৈ আদৰ
কৰি খোৱাব পাৰিব লাগিব। অন্তৰত সেই ভাব জাগৃত হ'ব লাগিব।
সেইজন মানুহে হে
পৰিপূৰ্ণ হৈ জীয়াই থাকিব পাৰে যি সৎ চিন্তা কৰে। যি সমাজৰ প্ৰতি দায়বদ্ধ। যি মানৱ
সেৱাৰ দৰে সৰ্বোত্তম কামত নিজকে নিয়োজিত কৰিব পাৰে।
আব্ৰাহম লিংকনে
কৈছিল __"আপুনি এদিন
কান্দি কান্দি এই পৃথিৱীলৈ আহোঁতে চুবুৰীয়াই হাঁহিছিল। আপুনি নিজৰ কৰ্মৰ জোৰত
নিজকে এনেদৰে গঢ়ক, এনে কৰ্ম কৰক যে
আপুনি পৃথিৱী এৰি যোৱাৰ দিনা যাতে মানুহে কান্দে!"
# শাস্ত্ৰকথা, পৰম্পৰা, লোকবিশ্বাস… এই চলি অহা
কথাবোৰকে চকু কাণ মুদি মানি লৈ মানুহ অন্ধবিশ্বাসী হৈ থকাৰ বাবেই আজিও দাইনীৰ নামত
মানুহৰ হত্যা হৈ আছে। শুনা কথাবোৰকে অন্ধভাৱে বিশ্বাস নকৰি আমি নিজে উপলব্ধি
কৰিবলৈ শিকিব লাগিব যে আচলতে সত্যটো কি। আৰু কথাবোৰ যেতিয়া আমি অন্তৰেৰে উপলব্ধি
কৰি অ-কল্যাণৰ পথ এৰি কল্যাণৰ পথ ল'ম তেতিয়াই এই অন্ধবিশ্বাসবোৰো নোহোৱা হ'ব।
এই ধৰণৰ কথাবোৰ যেতিয়া আমি মেলে মিটিঙে কওঁ, তেতিয়া নিজকো সামৰি ল'ব লাগে। নিজকে নিজেও ক'ব লাগে। ধপাত, তামোল খালে কেঞ্চাৰ হয়, সুৰাপান সাস্থ্যৰ বাবে অনিষ্টকাৰী বুলি চিঞৰি চিঞৰি ভাষণ দিয়াৰ পিছত ঘৰলৈ গৈ ভাগৰে ধৰিছে বুলি ৰাতিলৈ যদি "ফুল" এটা লৈ বহিবলৈ হয় তেন্তে হৈছে আৰু!
0 Comments