শুভাশীষ



হঠাতে অহা এদিনৰ দুপৰীয়াটোৰ দৰে এই যেন সন্মুখত দুপৰীয়া এটা! জন্মদিনৰ দুপৰীয়া! দুকাপ ক'ফি আৰুখন্তেক সময়!

সোঁৱৰণিৰ ভাকুটকুট!

অপেক্ষাৰ চুবুৰীত হেঁপাহৰ হুমুনিয়াহ। বুকুত খামুচি ধৰা ভালপোৱাৰ শিপা! নিশাৰ নিজানত বিষাদ বিলাসৰ স্বৰলিপি! দুচকুত গোট মৰা দুটোপাল মুকুতা! 
এন্ধাৰত জ্বলা জোনাকী যেন! 

মৃত্যুৰ মিছিলৰ শেষত জী উঠা এই জীৱন! দিবলৈ একো নাই। ম্লান আৰু কঙাল দুহাতত মাথোঁ ভালপোৱাৰ সুগন্ধি! 
দুচকুৰ নিৰ্মালিত ভিজা শান্ত গধূলিটোত অনুচ্ছাৰিত প্ৰাৰ্থনা_"কুশলে থাক"!  

 

@ ২৬ এপ্রিল ২০১৮


Post a Comment

0 Comments