দাগ অচ্ছে হোতে হ্যেঁ


গুচি যোৱা বছৰটোৰ আগৰ বছৰৰ দিচেম্বৰৰ শেষৰ ফালে "আই" ওলাইছিল মোৰ! ওঁঠৰ বাওঁফালে অলপ তলতে প্ৰথমটো ফোঁহা উঠিছিলগম পোৱা নাছিলোঁসাধাৰণতে হোৱা পিম্পল্ বুলি ভাবি দুয়োহাতৰ তৰ্জনীয়ে তাক চেপি দিছিলোঁএতিয়া তাত সৰু গাঁতৰ দৰে দাগ এটা! সৰু দাগ!! মৰণৰ দিনলৈকে যি থাকিব! 

এটা দাগএকোটা তাৰিখ… সোঁৱৰাই থাকে কিবাকিবি


এইযে কথা পাতো আমি! কোনে জানে কাইলৈ তো নাথাকিবও পাৰে মোৰ মাত! সেয়ে ভাবোঁপ্ৰতিদিনেই আমি বিদায় দিব লাগে লগ পোৱা মানুহবোৰকশুনি থকা মাতবোৰক… আৰু প্ৰতিবাৰেই উচাসেৰে আদৰিব লাগে বিদায় দিয়াবোৰকপুনঃ পুনঃ …

কোনে জানে শেষবাৰ কেতিয়া!!

"দাগ অচ্ছে হোতে হ্যেঁ" ___ চাৰ্ফ এক্সেল্

 

@ফেব্রুৱাৰী২০১৮

Post a Comment

0 Comments