প্ৰাৰ্থনা

 


এই গানটোকে শুনি থাকিম আজি। মাজে মাজে গানটোৰ সৈতে গুণগুণাম। মনটোক ভাল লগাই থ'ম ধুনীয়াকৈ। তবলাৰ মাতটোৰ লগে লগে দুলি থাকিম কিছু ক্ষণ, এৰি অহা কোনোবা লহমাত ৰৈ! হয়তো দুচকুৰে দুটোপাল পানী সৰি পৰিব মই নিবিচাৰিলেও। বাধা নিদিওঁ। ভাল লগা অভ্যাস হৈ পৰিছে! সুৰটোৰ লগতে ভাল লগা অনুভৱখিনিয়ে আৱৰি ৰাখিব ওৰেটো ৰাতি। ভাল পাম 'ভালপোৱা'ক অলপ বেছিকৈ! জাহিৰ কৰিবৰ প্ৰয়োজন নাই, নাজানিলেও আক্ষেপ নাই! মই জানো; মোৰ সুখ! সেইকণ সুখেই মোক ভালে ৰাখে। মাতষাৰ? নুশুনিলেও কথা নাই। মোৰ মাজত সজীৱ যি মাত, তাক আতুৰ হৈ ভিৰৰ মাজত বিচাৰি ফুৰাৰ প্ৰয়োজনেই বা কি! প্ৰাৰ্থনাৰ দৰে আওৰাই থাকো, বিচাৰিবলৈ একো নাই!

"… তু হি দোৱা মেৰি, চজদা ভি তু…"

গুচি যোৱা জন জানো অকলে গৈছে? কাৰোবাৰ হাতত ধৰি নতুন বাটত খোজ দিছে নতুন দিশেৰে। মোৰ প্ৰয়োজনো তাতেই চাগে শেষ! মোৰ বাটেৰে মই, তেওঁৰ বাটেৰে তেওঁ। বাটে ঘাটে কি ঘটিছে সেয়া জনাই থকাৰ, জানিবলৈ বিচৰাৰ না অধিকাৰ আছে না প্ৰয়োজন! সেই সময় অতীত। সেই অধিকাৰ এতিয়া আন কাৰোবাৰ।

নিজৰ দায় হাৰিবৰ বাবে দেখুওৱা আন্তৰিকতা, সহানুভূতিবোৰ ভাল নালাগে! ইমানেই যদি হেঁপাহ, আন কোনোবা বাটেৰে বাট বোলাটো কিদৰে ইমান সহজ হ'ল! ওঁহো, আক্ষেপ অথবা অভিযোগ একো নাই কাৰোৰে ওচৰত। কাৰোবাক দোষাৰোপ কৰাৰ মনোভাবো ৰখা নাই। সময়ৰ দাবী কিছুমান মানিবলৈ সকলোৱেই বাধ্য! সকলোবোৰ সহজ এতিয়া। ……কুশলে থাকিলেই সুখী হয় মোৰ সময়!

মোৰ ওচৰত মই আছো। যি সময় মোৰ আছিল, সেয়া এতিয়াও মোৰেই। কিন্তু এতিয়াৰ এই সময় মোৰ নহয়! সেয়ে হয়তো মই মানি ল'ব পৰা হৈছো_ এতিয়াৰ সেই মাতষাৰ মোৰ জীৱন ভালে ৰাখিবৰ বাবে প্ৰয়োজনীয় নহয়! এতিয়াৰ মাতষাৰে মোক দুখী আৰু দুৰ্বল কৰাৰ বাদে আন একো কৰিব নোৱাৰে! মোক ভালে ৰখা মাতষাৰ মোৰ আত্মাই বৈ ফুৰিছে। জীৱনৰ সৰু বৰ প্ৰতিটো খোজত সোঁৱৰো নীৰৱে। নতুনকৈ সেই মাতষাৰ শুনাৰ হাবিয়াস এতিয়া আৰু নাৰাখো।

"…তু মেৰি আদত, ইবাদত হে তু…"

হয়তো কোনোবা এদিন ক'ৰবাত লগ পাই যাম। স্বাভাৱিক কথা। হয়তো বিনিময় হ'ব পাৰে কুশল বাৰ্তাৰ। সেয়া হ'ব জীৱনৰ বাটত ঘটি থকা বহু ঘটনাৰ মাজৰ এটা সহজ আৰু  স্বাভাৱিক    ঘটনা!  
সেই সময় মোৰ আছিল, আজিও মোৰেই! এই সময় মোৰ নহয়, মোৰ কাম্যও নহয়। 'সেই সময়'ৰপৰা নিলগত, 'আজিৰ সময়' আজিৰ হাতত কুশলে থাকক। কুশলে থাকক মোৰ 'ভালপোৱা'!

"…তু মেৰা অফসানা, তু মেৰা প্যেইমানা…"

 

@এপ্রিল, ২০১৮

Post a Comment

0 Comments