Rx : প্রলাপৰ অপলাপ




…এইযে কেতিয়াবা কোনো ৰাস্তাৰে খোজকাঢ়ি থাকোতে শিলগুটি একোটা পালে গোৰ মাৰি দিওঁ এতিয়াও; অভ্যাসটো ভাল নহয়! 

মোৰ কেতিয়াবা খুব অদ্ভুত চখ কিছুমান পূৰ কৰিবলৈ মন যায়! অফিচৰ পেন্দুকনা (ভাইৰ দৰে) ক’লিগ দুটামানে কয় “আপোনাৰ মূৰৰ গণ্ডগোল হৈছে নে কি?” ময়ো ভাবোঁ কথাটো… হাঃ হাঃ হাঃ…

এনেয়ে মই ক’মকৈ কথা কোৱা জীৱ। কিন্তু কেতিয়াবা ধেৰ কিবাকিবি কৈ দিওঁ ফৰফৰাই! ধেৰ কথা কওঁতে ইমান অদৰকাৰী কথাৰ বকলা মেলি দিওঁ যে ‘মেইন পইন্ট’ টো বুজি পাবলৈকে দিগদাৰী হয়, শব্দবোৰো স্পষ্টকৈ নুফুটে! অলপ ব্রেক মাৰি থুঁতৰিত আঙুলি থৈ নিজেই ভাবিবলগীয়া হয়- “মানে কি ক’ব খুজিছো?” 

দুদিনমানৰপৰা নতুনকৈ চিন্তা এটা হৈছে। কথাটো এতিয়াৰ নহয় বাৰু, আগৰেপৰাই মই এনেকুৱাই! অনবৰতে গহীন-গম্ভীৰ হৈ ভাল মানুহৰ দৰে থাকিব নোৱাৰো। তেনেকুৱা সময়তে সহজ পৰিৱেশ একোটাত পটকৈ কিবা এটা কৈ পাওঁ, যিটো আন কাৰোবাৰ বাবে বৰ ‘ফকটীয়া’ ধৰণৰ কথা হৈ যায়! কোনোবা সময়ত হয়তো কোনোৱে আপত্তি কৰাৰো নজিৰ আছে যে মোৰপৰা খুব কমেই হে বৌদ্ধিক সাহচর্য পোৱা যায়! 

মোৰ বান্ধৱী এজনী আছে। পোক-পৰুৱা বোলা জীৱবোৰ তাই ভাল নাপায়, দেখিলেই পিটিকি মোহাৰি খটম কৰে! ক’ৰবাত কেতিয়াবা খাবলৈ গ’লেও ভাতৰ থালিত ধুনীয়াকৈ সজাই দিয়া আঞ্জাখিনিত আনে কিবা পাওক বা নাপাওক, তাই কিন্তু কিবা নহয় কিবা পোক এটা পাবই। একেটা ৰূমতে শুই থকা বাকী কেইজনীৰ গাত পোক এটাও নপৰা সময়তে তাইৰ হাত-ভৰিত কিবাকিবি দুটামান পোক-পৰুৱাই আহি কামুৰি থৈ যায়! বগা ছালখনত সেয়া ৰঙা ৰঙা ওখহি থকা গুটি হৈ জিলিকি থাকে একেবাৰে! এইয়া পোক-পৰুৱাৰ প্রতি তাইৰ শত্রুতা নে তাইৰ প্রতি তাঁহাতৰ প্রেম? হাঃ হাঃ হাঃ…

অহ! কিবা ক’ব খুজিছিলো নহয়…

 

এইযে মোৰ কেতিয়াবা অদ্ভুত চখ কিছুমান পূৰ কৰিবৰ মন যায়… 

১) স্কুলত থাকোঁতেই চাগৈ বিস্ময়ৰ কোনোবা গল্প-উপন্যাসত পঢ়িছিলোঁ- এন্ধাৰতে বেলকনিত বহি গল্পৰ নায়কে এহাতে হুইস্কিৰ গ্লাচ আৰু আনহাতে চিগাৰেট এটা লৈ ভৰিকেইটা ৰেলিঙত তুলি একান্তমনে সোঁৱৰণিৰ সৈতে মচগুল হৈ থাকে! মনৰ কোনোবা এচুকত সেই মূহুর্তটো শুই আছিল বিশেষ একো নুবুজাকৈ, এতিয়া কিবাকিবি অলপ বুজা হ’লত কেতিয়াবা সাৰ পায় উঠি বহে; আসঃ! মোৰো খুব মন আছিল এদিন তেনেকৈ বহিবলৈ! বিলাসিতাই হওক লাগে… এবাৰলৈ হ’লেও… “ৰঙীন নিচাত সোঁৱৰণিৰ কথকতাত মচগুল ধুমায়িত এটা বিলাসী সন্ধিয়া” …! উহ্ কি যে মায়া লগা কথা এটা! মনযায়… মনযায়… হাঃ হাঃ হাঃ … (বিধিসন্মত সতর্কীকৰণবোৰ আটাইয়ে জানেই বাৰু, নহয়জানো?)

২) এটা চখ লাগিছিল, হয়তো কলেজীয়া দিনবোৰতে মূৰত সোমাই বহি লৈছিল! আমাৰ দিনত এতিয়াৰ দৰে ফাষ্ট ফুড অথবা কেফে ক’ফি জাতীয় উন্নত দোকানবোৰ নাছিল! আছিল যদিও আমাৰ সিমান ঔকাদ নাছিল যে তাত গৈ ক’ফি খাম এ চি ৰ হাৱা খায় খায়। তেনেকুৱা দিনবোৰতে চখটো লাগিছিল- ফুটপাথৰ কিনাৰত বিক্রী কৰা সৰু সৰু চাহৰ ঘুমটিবোৰত চাহ খাই খাই ফুটপাথত বহি ল’ম ভৰিৰ ওপৰত ভৰি থৈ আৰু ধোঁৱা ফুকি ফুকি মানুহ চাই থাকিম যিমান দেৰি মন যায়! জাৰৰ দিনবোৰত কি যে মজা লাগিব! পিছে কি হ’ব, ছোৱালী মানুহ তেনেকৈ নবঢ়ে; ল’ৰা মানুহবোৰেও লগত ছোৱালী লৈ তেনেকৈ নবঢ়ে! গতিকে সেইফেৰাও মোৰ আধৰুৱা আজিও। (তেতিয়া হয়তো সেইটো মানুহে খুব এটা ভাল চকুৰে চোৱা কথা নাছিল আমাৰ দৰে ঠাইত। কিন্তু এতিয়া এইবোৰ কথা সহজ। সহজ হ’লেও এতিয়া যে বয়সটো সহজ হৈ থকা নাই তেনেকৈ বহিবলৈ!) 

৩) একো কৰিবলৈ মন নোযোৱাৰ দিনবোৰত কেতিয়াবা দিনত ঘুমটি মাৰো বুলি বিচনাত বাগৰাৰ সময়ত প্রায়েই মনলৈ কথা এটা আহে। অদ্ভুত, হাঁহি উঠা! ঠিক বিচনাৰপৰা দুইফুটমান ওপৰত যেন শূন্যত উপঙি থাকিম দুহাত দুফালে মেলি… … আহহা! কেনেকুৱা লাগিব!! একো অনুভৱ নকৰিম! শূন্যতে ভাঁহি থাকিম কিছু সময় অনুভৱহীন হৈ… দুচকু মুদি! শূন্য… শূন্য… শূন্য… কি আৰাম! (কিছু সময় হে আক’ দেই! অৱশ্যে এই কাৰবাৰটো বৰ ভাল যেন অনুভৱ নহয় মোৰ। কিবা অধিবাস্তৱ নে Surreal যে, তেনেকুৱা যেন লাগে!) 

৪) কোনোবা অচিনাকী ঠাইৰ খুব ব্যস্ত, জনসমাগম থকা ঠাইত কাণত ইয়েৰফোন লগাই মিহি মিহিকৈ দুলি দুলি মানুহৰ মাজে মাজে খোজ কাঢ়িবলৈ মন যায়… য’ত সকলোৰে উপস্থিতিক আওকাণ কৰি (মানুহবোৰ থাকিব, কিন্তু কোনো নাথাকিব!) মই মাত্র মোক অনুভৱ কৰিম আৰু মন গ’লে কোনোবা এটা গানত পুৰুক (এনেকুৱা শব্দ নাই চাগৈ) কৈ এপাক নাচিও দিম!

৫) কেতিয়াবা আক’ মন যায় বগা কাপোৰ এসাজ পিন্ধিবলৈ; বগাত ক’লা ফুলবোৰ ঠিক মই ভবাৰ দৰেই সৰু সৰু কৈ থাকিব লাগিব! অথবা গুলপীয়া কাপোৰসাজত ক’লা ফুলবোৰ, ঠিক ভাবি থকাৰ দৰে! এতিয়া মই ভাবি থকাৰ দৰেইটো আৰু ফেক্টৰীত কাপোৰ তৈয়াৰ কৰা নহয়… গতিকে মোৰো আৰু সেই কাপোৰসাজ লোৱা নহয়গৈ (নহ’বগৈ) !

৬) কেতিয়াবা কিছুমান গছত মাটিৰপৰা কম উচ্চতাত খেপেং একোটা থাকে আৰু ওপৰলৈকে তেনেকুৱা অনেক খেপেং ধুনীয়াকৈ থাকে য’ত ভৰি থৈ থৈ অলপ কষ্ট কৰিলেই গছজোপাৰ ওপৰলৈ বগাই যাব পাৰি। তেনেকুৱা গছ কিছুমান দেখিলে কেতিয়াবা মোৰ মনটো উভতি গৈ গৈ পুখুৰী এটাৰ পাৰত থকা মধুৰী এজোপাত নহ’লে বা এল পি স্কুলৰ সীমাত থকা লিচু এজোপাত উঠি থাকেগৈ! আমাৰ কেম্পাছত (অফিচ) এজোপা শিলিখাৰ গছ আছে, সেইজোপা দেখিলে মোৰ সেই তাঁহানিৰ দৰে বগাই ওপৰলৈ উঠিবলৈ মন যায়! দুজোপামান চেৱা গছৰ দৰেও গছ আছে য’ত গুটিবোৰ শাৰী শাৰী কৈ লাগে আৰু একোঁচা দীঘল চুলিৰ দৰে তললৈ ওলমি থাকে। মোৰ কোনোবা এপাকত মনযায় সেইখিনিৰ ঠাৰিডালত বহি লৈ ভৰি নচুৱাই নচুৱাই চানা-বাদাম গলিয়াই থাকিম যেন! (ঠিকেই আছে, এইবোৰ শুনিলে মূৰৰ গণ্ডগোল হোৱা বুলি নকৈ আৰু কি বুলি ক’ব নহয়জানো? হাঃ হাঃ হাঃ … ) 

ভাৱ হয় আমাৰ যিমানেই বয়স বাঢ়ি বাঢ়ি গৈ থাকে, কোনোবা খিনিত আমি প্রায়েই ৰৈ ৰৈ উভতি গৈ শৈশৱতেই ল’ৰি-ধাপৰি ফুৰোঁ… ভাগৰ নালাগে… আৰু বদমাছিবোৰ মনত পেলাই মুখ টিপি টিপি হাঁহি থাকোঁ; যিদৰে প্রিয়জনৰ কোনো কথালৈ মনত পেলাই কোনোবা খোজকাঢ়ি থকা ৰাস্তাৰপৰা গৈ গৈ খালত সোমাওঁ যেন কৰে আৰু নিজলৈকে লাজ লগাত কোনোবাই দেখিছে নেকি বুলি ইফালে সিফালে চাই ৰঙা পৰা মুখ স্বাভাৱিক কৰি বেচ্ গহীন গম্ভীৰ হৈ ওজন থকা খোজেৰে বাট বুলিব বিচাৰে, শৈশৱৰ পুখুৰীত আপোন মনে সাঁতুৰি নাদুৰি ফুৰা কোনো দুষ্ট বুঢ়া/বুঢ়ী পোৱালিবোৰৰো তেনেকুৱাই হয় চাগৈ যেতিয়া হাঁহিটো কাৰোবাৰ আগত ধৰা পৰি যায়!

মই বাৰু খুব বেছি দুষ্ট পোৱালি নাছিলোঁ! তথাপিও হাবি-বন পনপনাই ফুৰা, খালে-পথাৰে মাছ বিচাৰি ফুৰা বিধৰেই আছিলোঁ…! এতিয়া পাকতে কেতিয়াবা সেই শৈশৱৰ সেউজীয়া অমূল্য পাউদাৰ গাখীৰৰ পেকেটটোৰ পৰা এক চামুচ খাই দিয়াৰ দৰে সোঁৱৰণিৰ সেউজীয়া এচামুচ খাই দিওঁ! তালুত লাগি ধৰে… আৰু তাৰেই সোৱাদ অকন অকন কৈ ভালে পৰলৈকে লৈ থাকোঁ, যেতিয়ালৈকে জিভাই নকয় যে তালুত আৰু একো নাই!

৭) স্বভাৱত মই কম কথা কোৱা আৰু লাজকুৰীয়া জীৱ! (অৱশ্যে বদমাছ নহয় বুলি নকওঁ বাৰু, বিশেষ কিছুমান বন্ধুৰ মেহফিলত সেইটো প্রদর্শন কৰা হয় বাৰু সমজুৱাকৈ!) সৰুতে, মানে স্কুলত পঢ়ি থাকোঁতেই ননচা নহয়, নাচিছিলোঁ- সাতভনী, দশৱতাৰ, সৃষ্টিমূলক, জেংবিহু; সত্রীয়াও অলপ অলপ শিকা হৈছিল! কিন্তু সেইবোৰৰ তুলনাত ক’ত আৰু এতিয়াৰ ‘বট্টমিজ্ দিল’; এইটোৰ সোৱাদ একদমেই বেলেগ নহয়জানো বাৰু! 

মনযায় হে কেতিয়াবা! ভার্চিটিৰ হোষ্টেলত থাকোঁতে ‘ৰশ্মি’ৰ চ’নী এৰিকচন্ মোবাইলটোত থকা এটা বিশেষ ৰিংটনটোত মাজে মাজে ‘নাচ এটা’ নাচিছিলোঁ ডিঙিত গামোচা এখন লৈ! হাঃ হাঃ হাঃ… তাৰপিছত হোষ্টেল ছিনিয়ৰৰ ফেয়াৰৱেলত ১৫০ জনী আৱাসীৰ “খায় কে পান বনাৰসৱালা”… উফ্! অ’ অ’ … পাহৰিছোঁ; ডিগ্রীৰ ফার্ষ্ট ইয়াৰত শ্বিলঙৰ হোটেলত, শ্বিলঙৰপৰা চেৰাপুঞ্জীলৈ যাওঁতে (ফিল্ড ভিজিট্)… “চায়ঞা দিল ম্যে আনা ৰে, আকে ফিৰ না জানা ৰে…” 

কেতিয়াবা কাৰোলৈকে লাজ নকৰাকৈ “ক’য়ি মুঝে জঙ্গলি কঁহে…” টাইপত এক পাক নাচিবলৈ মনযায়! এতিয়া আক’ বুঢ়া বয়সত মানুহে কি ক’ব বুলি সেইফালেও মুদা মৰিল! তথাপিও “বট্টমিজ্ দিল মানেনা”… “অ’ মেৰী লেইলা ক্যা কৰোঁ ম্যেঁ লেইলা”…

৮) শৈশৱৰ দিনবোৰৰ কথা বেলেগ আছিল। খেতিৰ দিনত পথাৰত হালোৱাক চাহপানী দিয়াৰ নামত, ৰোৱনীক জলপান দিবলৈ যোৱাৰ নামত বৰষুণত তিতাৰ মজা লোৱা হৈছিল বাৰুকৈয়ে। সেই সময়ত দেখোন জ্বৰ-চর্দি বোলা লেথাবোৰৰো কোনো উমঘাম নাছিল। অৱশ্যে ভার্চিটিৰ হোষ্টেলত থাকোঁতে বেলকনিত ৰৈ এবাৰ তিতিছিলোঁ ভালে সময়! এতিয়াও কেতিয়াবা মনযায় বৰষুণ এজাকত তিতিবলৈ! পিছে বৰষুণজাক আহিলেও দেখোন ধেৰ কথা চিন্তা কৰিবলগীয়া হয়! তাৰপিছত আৰু মনযোৱাটোক সামৰি সুতৰি বাকচত থৈ দিয়াৰ বাদে উপায় নাথাকে! 

৯) উইণ্ড শ্ব্যাম্ বোৰৰ প্রতি অলপ দুর্বলতা এটা আছে মোৰ। এনেকুৱা নহয় যে এসোপামান আনি ওলোমাই থ’ম! কিন্তু সেইবোৰ ক’ৰবাত দেখিলেই ভাল লাগে। কেতিয়াবা মনযায় গৰমৰ দিনবোৰত ল’ৰালিৰ দিনবোৰৰ দৰেই মাটিত পাটি এখন পাৰি শুই থাকিবলৈ- য’ত উইণ্ড শ্ব্যাম্ কিছুমান ওলমি থাকিব, মিহিকৈ বলা বতাহত সিহঁতৰ মৃদু টুং টুং শব্দৰ বাদে আন একো শব্দ নাথাকিব! 

ফেং ছ্যুইৰ মতে ইহঁতক ঘৰৰ বিশেষ দিশত থ'লে হেনো শুভ শক্তিৰ আগমন হয়! নাজানো বাৰু এইবোৰ, বিশ্বাসো নকৰোঁ। অন্য এটা কথাহে ভাবো কেতিয়াবা- মিহি বতাহে ইহঁতক খুন্দিয়াই যাওঁতে যি শব্দ হয় সেয়া প্ৰাকৃতিক আৰু নিৰ্দিষ্ট লয় এটা থাকে; সেয়ে চাগৈ সেই শব্দবোৰে মনটোক কিবা এক প্ৰশান্তি দিয়ে, ভাল লাগি থাকে! এই মন ভাল লাগি থকাটোৱেই আচলতে 'শুভশক্তি'! নহয়জানো? 

এই কথাটো মনলৈ আহিলে সৰুতে টি ভি ত দেখা পণ্ডিত শিৱ কুমাৰৰ ছন্টোৰৰ মাতটোও শুনা পোৱা যেন লাগে কেতিয়াবা! ছন্টোৰৰ মাতত হয়তো ভাললগা আছে, কিন্তু 'মন শান্তি লগা' অনুভৱ টো নাই যেন লাগে! একেদৰে কিছুমান সুৰ-শব্দ-সংগীতেও আমাৰ মন ভাল লগায়!

তেন্তে এইটো সঁচা নেকি যে উইণ্ড শ্ব্যামৰ শব্দই অশুভ শক্তিক আঁতৰাই শান্তিপ্ৰিয় আত্মাক আকৰ্ষণ কৰে?

শুভশক্তিক আকৰ্ষণ কৰি ওলমি থকা ঠাইৰ পৰিৱেশটোকো শান্তিময় কৰি তোলে বুলি কোৱা কথাটোও সঁচা বুলি ধৰিব পাৰি নেকি?

হয় বুলি ক'বলৈ মন নাযায় বাৰু! কিন্তু মই যেতিয়াও সেই গছৰ তলত খন্তেক শুই থকাৰ পৰিৱেশটো মনতে কল্পনা কৰো, আশে-পাশে আইক (এনাইদেউ) দেখো; প্ৰতিবাৰেই! (কেতিয়াবা কেতিয়াবা মা বহি থাকে কাষতে যঁতৰত মহুৰা ফোৰায়!) আই গুচি যোৱা প্ৰায় ১৬ বছৰ মানেই হ'ল! কেতিয়াও কাকো টানকৈ কথা নোকোৱা, শান্ত, নিৰ্জু, হাঁহিমুখৰ মানুহগৰাকী মই পোৱা প্ৰথম "ভাল মানুহ" আছিল!

কথাটো এনেকুৱা নেকি যে আমাৰ মনবোৰ যেতিয়া শান্ত হৈ থাকে, ভাল লাগি থাকে; আমি চাগৈ আমাৰ প্ৰিয় মানুহবোৰ, ভাললগা সোঁৱৰণবোৰ ৰোমন্থন কৰোঁ? …কথাবোৰ এনেকৈয়ে শুভ আৰু পজিটিভ্ হৈ উঠে নেকি?

৯) ঘৰ-সংসাৰৰ “ঘৰৰ” কথা ভাবি চোৱা নাই কেতিয়াও! তথাপিও ঘৰ বুলি ক’লে দীঘল পদূলি এটাৰে আগচোতাল-পিছচোতাল থকা, কেউফালে সেউজীয়া থকা কণমান ঘৰ এটাৰ ছৱি এখনৰ কথা ভাবো কেতিয়াবা। মানুহ বুলিলে কাকো নেদেখো! … কোনোবা পাকত নিজকে পুৱাৰ বেলিৰ উত্তাপ লৈ বিচনাত বাগৰি থকা কণমানি এজনীৰ ৰূপত দেখো, কোনোবা পাকত বেলকনিত বহি সূর্যাস্ত চাই থকা বৃদ্ধা এগৰাকীৰ ৰূপত দেখো!... আৰু ঘৰৰ আকৃতিটোৰ কথা যেতিয়া মনলৈ আহে কিবা আচৰিত ধৰণেৰে মই কেৱল দেখো- সেই তাঁহানিৰ দিনত যে ডাঙৰ ৱাল ঘড়ীবোৰ ঘৰ আকৃতিৰ আছিল, য’ৰপৰা চৰাই এটা ওলাই আহে, সেইটো ঘৰ (ঘড়ীটো নাথাকে); সি ৱালত ওলমি নাথাকে, থাকে কোনোবা পাহাৰী টিলা এটাৰ ওপৰত য’ত চাৰিওফালে ধেৰ ফুল ফুলি থাকে থোপাথোপে! …আৰু তেনেকুৱা এটা ঘৰত অলপ দিনলৈ হ’লেও থাকিবলৈ মনযায়! 

১০) বাকী… মন আছিল হিন্দী চিনেমাৰ ৰোমাণ্টিক হিৰ’ৰ দৰে ট্রেজেদি অলপ ফালিবলৈ! হাঃ হাঃ হাঃ… মনযায়… মনযায়… বাকী ৰোমাণ্টিকতাত ডুবি থকা কথাৰ মহলাবোৰ আছেই বাৰু…! সেইবোৰ আৰু এতিয়া প্রয়োজনীয় নহয়! 

এতিয়াৰ ৰোমাণ্টিকতা বুলিলে সেই পাহাৰীয়া ৰাস্তা এটাই মনলৈ আহে কেৱল! গৈ থাকিম… গৈ থাকিম… মন গ’লে ৰ’ম কোনো ঠাইত… কোনোবা জুৰিৰ পাৰত খন্তেক বহিম… অৰণ্যৰ মাজত খন্তেক খোজ কাঢ়িম… 

_________০__________ 


এইবোৰকে ইংৰাজীত ‘ফেন্টাচী’ বুলি কয় চাগৈ, নাজানো! এইবোৰ “মনযায়” এতিয়াও মোৰ মূৰত ঘূৰি থকাটো মূৰৰ গণ্ডগোল বুলি কোৱাটো ঠিকেই আছে যেনেই লাগে, মোৰ নিজৰো! লগতে এইটোও এটা কাৰণ বুলি যোগ কৰি দিব পাৰি যে- অকলে (অকলশৰীয়া বুলি বুজোৱা নাই আক’ দেই) থাকো বাবেই নিজৰ বয়সটোলৈ মনেই কৰা নহয়; এনিমেচন্ চিনেমাবোৰ বিচাৰি বিচাৰি চাওঁতে কোনোবা এপাকত যেতিয়া মেট্রিক দিয়া বছৰটোলৈ মনত পৰে, যেতিয়া সেই ক’লিগ পোৱালিকেইটাই নিজৰ মেট্রিক দিয়া বছৰটোৰ কথা কয়, তেতিয়াহে নিজলৈকে কিবা লাজ লাগি যায়! আচলতে এই “মন নকৰি পাহৰি থকা” কথাটোৱেই “মনযায়” বোৰৰ কাৰণে বেছি জগৰীয়া!

কিন্তু এইবোৰ বুজি পালেও কি হ’ব; অলপ সময় হে গহীন-গম্ভীৰ হৈ ৰাস্তাটোত খোজ কাঢ়ো, নিজকে কওঁ যে শিলগুটিবোৰ তেনেকৈ ৰাস্তাত পৰি থাকিব দিলেই হ’ল! কিন্তু যেতিয়াও শিলগুটি এটা সমূখত পাওঁ, দিওঁ পুনৰ গোৰ এটা মাৰি… কথাটো বেয়া বুলি জানিও! মনযোৱাবোৰৰ সৈতে এই শিলগুটিৰ কথাটোৰ আক’ কি সম্পর্ক? ময়ো নাজানো! কি বা ক’ব বিচাৰিছিলো! 

আচলতে ৰাস্তাত পৰি থকা দুই এটা শিলগুটিয়ে মানুহৰ অসুবিধা নকৰা নহয়, কৰে। সেইটোক গোৰ এটা মাৰি ৰাস্তাৰ কাষলৈ পেলাই দিয়া কামটো বেয়া নহয়। সেইবুলি শিলগুটি পালেই যদি মই গোৰ মাৰি দিওঁ, সি উফৰি গৈ কাৰোবাৰ চকু ফুটাবও পাৰে! মন গৈছে বুলিয়েই সেয়ে তাক গোৰ মাৰি দিয়াটো মোৰ ভুল।

আৰু মোৰ বান্ধৱীক পোকে কামোৰাৰ কাৰণটো কি সঠিক নাজানো! কিন্তু খোৱাৰ থালিত আনে নাপালেও তাই যে প্রায় সদায়েই পোক পায়, সেইটো হ’ল তাই খোৱাত মন নিদিয়ে; আঞ্জাখিনি পিটিকি পিটিকি খুচৰি খুচৰি বিচাৰি ফুৰে কেনেবাকৈ কিবা আছে নেকি বুলি! আৰু পোক-পৰুৱা বাদেই, পাচ-ফোৰণৰ কলাজিৰা কেইটাও বিচাৰি বিচাৰি ভাতৰ থালিৰ চাৰিওকাষে শাৰীত বহুৱাই যায়! তাইৰ মনোযোগ তাতেই! 

যি বস্তুত আমি মনোযোগ দিওঁ, তাকেই আমি দেখো... পাওঁ! হয়তো... (যিকোনো বস্তুৰ/মানুহৰ প্রতি) মনোযোগেই ভালপোৱা, মনোযোগেই শ্রদ্ধা; মনোযোগেই প্রার্থনা আৰু মনোযোগেই প্রেম!

 

Post a Comment

0 Comments