আধৰুৱা ১





ভাল হ’ব নোৱাৰিলোঁ

সকলো অভিনয়… একো ভাল নলগা হৈছে! নোহোৱা কথাবোৰ ভাবি থাকিলেই ভাল লাগে অথবা যিবোৰ হৈ আহিল! যিবোৰ হৈ আছে, ঘটি আছে… একোৱেই ভাল নলগা হৈছে… এনেকি মানুহবোৰো! 

মানুহবোৰ নিজৰ দৰে হৈ থকা নাই- নিজৰ দৰে কথা নকয়, নাহাঁহে, নাকান্দে… মুঠতে নিজৰ দৰে একোৱেই নকৰে! তেজপিয়াৰ দৰে ঘনে ঘনে ৰং সলাই থাকে! বুজিয়েই নাপাওঁ কোনটো ৰং আচলতে নিজৰ… নে সকলো ৰঙহীন! দুখত পিন্ধে সুখৰ চোলা, সুখত দুখৰ… এই হাঁহে এই কান্দে… ইমান পটাপট কেনেকৈ কাপোৰসাজ সলাই লয়! 

মোৰ দুযোৰাই মাথোঁ পোচাক আছে, দুটা ৰঙৰ- ভাল আৰু বেয়া। অনবৰতে অৱশ্যে মই ভাল পোচাকযোৰ পিন্ধি থাকিব নোৱাৰো! 

মাজে মাজে সেয়ে মই বেয়াৰঙৰ পোচাকযোৰ পিন্ধি থাকোঁ… আৰু নিজকে বন্দী কৰি থওঁ নিজৰ সঁজাটোত; তেতিয়াহে নিজকে সঁজাৰ মুকলি পখীৰ দৰে লাগে। তেতিয়া মই দেশৰ কথা নকওঁ, নকওঁ মানুহৰ দুখ-দুর্দশা নির্মূল কৰাৰ কথা অথবা সমাজ গঢ়াৰ কথা! নকওঁ নিজে কৰিব নোৱাৰা কথাবোৰৰ কথা… নকৰা কামবোৰৰ কথা… আৰু বহুত কথা… ! … আৰু একো নোকোৱাৰ মাজতে মই মোক কৈ থাকোঁ কৰিব নোৱাৰা কামবোৰৰ কথা, খোজকাঢ়ি অহা বাটবোৰৰ কথা, দেখি অহা পখীবোৰৰ কথা… চুব নোৱাৰা শুকুলা ডাৱৰৰ কথা, গছপাতবোৰৰ কথা, বোকা-পানীৰ কথা… পৰুৱাই পোৱা অকোৱা-পকোৱা পাহাৰীয়া ৰাতি এটাৰ কথা, ভয় লগাকৈ ৰাতিৰ এন্ধাৰত জ্বলি থকা মেথোনবোৰৰ ৰঙা ৰঙা চকুবোৰৰ কথা! 

যেতিয়া মই বেয়াৰঙী পোচাকযোৰ পিন্ধো নিজলৈ মোৰ খুব মৰম লাগি যায়! তেতিয়া মই নকওঁ ওখতকৈয়ো ওখ হ’বলৈ গৈ থকা মানুহৰ সপোনবোৰৰ কথা, মানুহে মানুহক ভালপোৱাৰ কথা, ভাল কাম কৰিবলৈ কোৱা মানুহবোৰৰ কথা… আৰু বহুত কথা! …অৱশ্যে তেতিয়া মই মোক কৈ থাকো পোহাৰী পুৱাতে উঠি পথাৰলৈ যোৱা মানুহ কিছুমানৰ কথা, ৰ’দ-বৰষুণৰ সৈতে চুপতি মাৰি বোকা-পানী-ঘামৰ গোন্ধ লৈ ঘৰলৈ অহা ভাগৰুৱা ৰঙীয়াল মানুহ কিছুমানৰ কথা। সৰু সৰু সপোনবোৰৰ হাতত ধৰি খোজকাঢ়ি থকা মানুহবোৰ, হাঁহি-মাতি গান-বাজানা কৰা মানুহবোৰ… ডম্বৰু বজাই কোনেও নচুৱাব নালাগে এই মানুহবোৰক… নিজে নিজে নাচে… আপোনমনে! কেতিয়াবা কথাবোৰ খহটা হয় যদিও অন্তৰখন তেনেই কোমল! বুজাই বুজে, নুবুজাবোৰে বেয়া বোলে! মাখনৰ দৰে কথা কোৱা মানুহবোৰতকৈ এই খহটা হাতৰ হুটা মাতৰ মানুহ কিছুমানলৈ হে মোৰ বেছি হেঁপাহ ওপজে! ময়ো চাগৈ সৰু মানুহ! 

মই ভাবো মোৰ বেয়া পোচাকযোৰ বেয়া ৰঙৰ যদিও চাফা, সেয়ে সেইযোৰ পিন্ধি থাকিলে মই মুকলি মনেৰে কথা পাতিব পাৰোঁ! কিন্তু মোৰ ভাল ৰঙৰ পোচাকযোৰ চাগৈ লেতেৰা, সেয়ে মোৰ অস্বস্তি লাগে! মানুহে আক’ মোক ভাল ৰঙৰ পোচাকযোৰ পিন্ধিলেহে আদৰ কৰে। মই বেছি সময় এই পোচাকযোৰ পিন্ধি থাকিব নোৱাৰো দেখোন! বৰ গধুৰ গধুৰ অনুভৱ হয়, ভাগৰ লাগে! সেয়ে চাগৈ মই অকলশৰীয়া হৈ পৰোঁ! লেতেৰা পোচাক পিন্ধি কোনেনো ভাল পায়! এতিয়া মানুহবোৰ খুব ওখ, চাফ-চিকুন, সকলোতে চৌখিন… ! মই ধুকি পাব নোৱাৰাকৈ বহুত ওখ… সকলোবোৰ। এতিয়া সেয়ে মই অকলে অকলেই পুৰণি ৰাস্তাটোৰে খোজকাঢ়ি ভালপাওঁ; হাই-উৰুমি নাথাকে, তীর্যক চাৱনিৰ প্রশ্নবোধকবোৰ নাথাকে, নিজৰ কাপোৰসাজক লৈ অস্বস্তিও নাথাকে! যিমান দূৰলৈকে মন যায় গৈ থাকিব পাৰি… ভাল লগা গীতৰ ক’লি একোটা গুণগুণাই… 

 

ভালপাব নোৱাৰিলোঁ 

ইমান প্ৰেম, ইমান প্ৰেমিক মানুহ থাকোঁতে ক'ৰ'না বেমাৰী কেইটাক এলিয়েনৰ দৰে ব্যৱহাৰ কিয় কৰিছে মানুহে? যিয়েই যি নকওক কিয় ৰং-ৰূপ, জাত-পাত, ভাল-বেয়া, ধনী-দুখীয়া, আপোন-পৰ চাই হে মানুহে প্ৰেম কৰে! বেছিভাগেই মুখৰ কথাৰে প্ৰেম কৰে। প্ৰেমে হাতে-কামে ভাল কাম কৰিলে তো বেয়া একো নহ'লেই হেঁতেন।

মোৰ তো বাচ-বিচাৰ আছে দেই, সঁচা কথা, ইমান প্ৰেমিক হ'ব নোৱাৰিম! বাটৰ জধলা চুলিৰ দুই এটা পগলা দেখিলে মোৰ এতিয়াও ভয় লাগে, প্ৰায় দৌৰি যোৱাৰ দৰে পাৰ হওঁ। খাবলৈ নোপোৱাকে কোলাত কেঁচুৱা লৈ ৰাস্তাত পৰি থকা মানুহজনীকো কেতিয়াবা আওকাণ কৰি আহিব পাৰোঁ। অৱশ্যেই এওঁলোক আক' মোৰ প্ৰেম বিষয়ক লেখাৰ সমল আছিল এটা সময়ত! ৱাহ! …আৰু এতিয়া মোৰ কিছুমান সময়ত এনেকুৱা অনুভৱ হোৱা হৈছে যে যিবোৰ কথাত দুখ কৰাৰ বাদে মই একো কৰিব নোৱাৰো; তেনেবোৰ কথা, বিষয় আদিৰপৰা আঁতৰি থাকিলেই ভাল! কথাটো অলপ হজম কৰিব নোৱাৰা বিধৰ! 

প্ৰেম সৱেই কৰে, কোনোবাই ভালক, কোনোবাই বেয়াক! বেয়াখিনিও কাৰোবাৰ বাবে ভালেই! সেই হিচাবে সকলোৱেই প্ৰেমিক মানুহ!

এটা কথা কওক, কাইলৈৰপৰা পঢ়া-শুনা কৰা অসমীয়া ডেকাসকলে হাজিৰা কাম কৰিব, ৰিক্সা চলাব, থেলা থেলি বস্তা বোজাই আনিব… এনেধৰণৰ অন্য কামবোৰ কৰিব। এতিয়া এওঁলোকক আমি কোনোবা ডাক্তৰ-অফিচাৰ, ভদ্ৰলোকক দিয়াৰ দৰে সন্মান দিব পাৰিম নে? নে পুতৌ কৰিম, সহানুভূতি দেখুৱাম? চোৰ-চক্কাৰি তো কৰা নাই, তেন্তে আমি কিয় একেলগে শাৰী পাতি বহিবলৈ অসুবিধা পাম? আমি হয়তো প্ৰেম মমতাৰ নামত দৰদ দেখুৱাই নিজকে ভাল মানুহ বুলি পতিয়ন নিয়াম! কিন্তু আপুনি আপোনাৰ ছোৱালীজনীক তেনেকুৱা এজন ডেকালৈ দিবনে? তাইৰ প্ৰেমেই বা সেইজনক লগ দিব নে নাই? আৰু তাই যদি মই হওঁ? 

প্ৰেম আখৰত যিমান থাকে, হৃদয়ত যিমান থাকে… সিমান কামতো থাকিলে প্ৰেমময় পৃথিৱীত বেয়া বুলি এচিকুটাও একো নাথাকিলেই হয়! 

মই তো নোৱাৰো অনবৰতে প্ৰেমময় মমতাৰ সত্বা বৈ ফুৰিব। মই কেতিয়াবা হে অলপ অলপ ভাল মানুহ। মই বাচি বাচি ভালপাওঁ। বেয়া পোৱাখিনি বেয়াই পাওঁ, ভাল হ'লেও! সৰহখিনি খবৰৰপৰা আঁতৰিয়েই থাকো, গতিকে কিবা হ'লেও মোৰ একো বিশেষ আহে বা নাযায়! খুব বেয়া মানুহ নহ'লেও মই অলপ নিৰ্দয় মানুহ, কাঠচিতীয়া মানুহ! কিছুমান ভাল মানুহে বেয়া পোৱাকৈ সঁচা মানুহ! 

Sometimes I'm good, sometimes rude, sometimes jealous, sometimes happy, sometimes sad, sometimes angry... and most of the times I'm SILENT actually. বহুতে ভবাৰ দৰে কাজিয়া কৰি নাথাকো, আখৰবোৰ হে টাইপ কৰোঁ, inner peace maintain কৰিবলৈ নিজকে কওঁ! হাঃ হাঃ হাঃ ।

মই যি কৰো, সেইটো ভালকে কৰো। মই আচলতে যি, সেইটোকে দেখুৱাওঁ। বেয়াপাওঁ বুলিয়েই কাৰোবাক বিহ খোৱাব পৰাকৈয়ো বেয়া নহয়। এইখিনিতে মই নিজকে ভাল বুলি ভাবোঁ। নিজকে নিজে ভাল বুলি ক'বলৈ আনে ভাল বোলা সৱ কাম নকৰিলেও মোৰ চলিব, আটাইবোৰ ভালকে ভাল নাপালেও চলিব… অনবৰতে মই ভাল মানুহ হৈ থাকিবও নোৱাৰো যে… 

 

ভালকথা শুনিছিলোঁ

আইয়ে (এনাইদেউ) কৈছিল- “কেৱল ভাল কথা কোৱাটোৱেই তোক ভাল মানুহ নোবোলায়। লগাত সঁচা কথাও ক’বি; তাকে কৰোতে যদি তই বেয়া মানুহ হৱ, তেন্তে মৌন হৈ থাকিবি। বেজাৰ নকৰি ভাবিবি যে ভালবোৰৰপৰা তোৰ বেয়াখিনি আতঁৰাই থৈ ভাল কাম এটাই কৰিছ। ভাল হ’বলৈ বা ভালে ৰাখিবলৈ অনবৰতে কিবা ক’বই লাগিব বুলিও কোনো কথা নাই।“ 

সৰু মামাই কিবা কথাত এদিন মৰমৰ গীটাৰখন থেকেচি থেকেচি ভাঙিছিল, তাৰপিছত কান্দিছিল। কাৰণটো মনত নাই মোৰ। তেতিয়া চাগৈ মামা হায়াৰ চেকেণ্ডেৰীৰ ছাত্র আছিল। আইয়ে তেতিয়াই বহুত কথাৰ মাজত এনেকুৱা কথা কিছুমান কোৱা ৰিণি ৰিণি মনত পৰে মোৰ। কথাবোৰ শুনাৰ পিছত মামাই আকৌ কান্দিছিল- “এই কথাবোৰ মোক আজিলৈকে কোনেও বুজাই কোৱা নাছিল কিয়” বুলি! 

এতিয়া হঠাতে কেতিয়াবা কথাবোৰ মনলৈ আহিলে ভাব হয়, বুজি পোৱা যেন লাগে তেতিয়া বুজিবলৈ টান হোৱা কথা কিছুমান- এৰা, কিছুমান কথা আমি আশা কৰো আপোন মানুহৰপৰা; বিচাৰো যে ভাল-বেয়া কথা কিছুমান উনুকিয়াই দিয়ক, কওক সেইফালে নাযাবি, অমুকটো নাখাবি... কেনি যাওঁ কি কৰো লগাৰ সময়ত বিচাৰো কোনোবাই বাট দেখুৱাই কওক এইফালে গ’লেই ভাল হ’ব নেকি বুলি!  

আকৌ আমি দেখোন কেতিয়াবা সঁচা কথা কিছুমান মানিব নিবিচাৰো! উপদেশ দিয়া যেন ভাবি ভেঙুচালি কৰোঁ বা উপলুঙা কৰোঁ। কেতিয়াবা ময়েই কৈ দিওঁ কিছুমান কথা, যিবোৰ কথা শুনাজনে গ্রহণ কৰিব নোৱাৰে ভাল বুলি আৰু মই আনৰ আগত বেয়া হৈ যাওঁ কোনো সময়ত! ভাল ভাবিয়েই কওঁ বাবে বেয়া বুলি ভবাত খঙতে আকৌ কিবাকিবি ক’বলৈ মন যায়! এতিয়া আইৰ কথাবোৰলৈ মনত পেলাই সেই অভ্যাস এৰিব পৰা হৈছো লাহে লাহে। 

ভালৰ বাবেই কওঁ; কিন্তু যেতিয়া দেখো যে ক’ৰবাত মই আলোচনাৰ বিষয় হৈ পৰিছো, তেতিয়া আঁতৰি থাকো নীৰৱে। ভাবোঁ, ঠিকেই, মোৰ বেয়াখিনি আতঁৰাই থৈছো বুলি ভাবিলেই হ’ল! মোৰ নিজৰো দেখোন কেতিয়াবা পটকৈ বেয়া লাগি যায় কোনোবাই কিবা ক’লে! তেন্তে? ভালবোৰ ভাল জেগাত ঠিকে থাকিলেই হ’ল! 

(কথাখিনি আধৰুৱা। বুজাত খেলিমেলি হ'ব। মোক হে মই কিবা এটা বুজাব বিচাৰি আছো… এলাহতে বাকীখিনি টাইপ কৰিবলৈ ৰৈ গৈছে! :) :) )

 


Post a Comment

0 Comments