সকলোবোৰ সকলোৰে দৃষ্টিত কেতিয়াও ভাল হ’ব নোৱাৰে, একেদৰেই বেয়াবোৰো...




(আপুনি যদি খুউব বেছি ভাৱপ্রৱণ ব্যক্তি অথবা খুউব বেছি ইতিবাচক দৃষ্টিভংগীৰ ব্যক্তি তেন্তে কথাখিনি নপঢ়িব!)

 

মই সৰু ৰূম এটাত থাকোঁ! ভাড়া ৰূম। ৰূমটোত দুখনেই মাত্র খিৰিকী। তাৰে এখন খুলিব নোৱাৰি। যিখন খুলিব পাৰি, সেইফালে যেতিয়াই সময় পাওঁ তেতিয়াই মূৰটো ৰেলিঙত গুজি আকাশলৈ চাই চাই ভাবি আচৰিত হওঁ যে আচলতে আমি উপঙি হে আছোঁ… শূন্যত …আৰু অনবৰতে ঘূৰি আছোঁ!   

কেতিয়াবা খোলা খিৰিকীখনেৰে চাই থাকো, এন্ধাৰ… একো নেদেখো; তথাপিও চাই থাকো! কি ভাবো সেয়া নিজেও বুজি নাপাওঁ… অথচ ভাবি থাকো! সেয়াও এক শূন্যতাই চাগৈ!

কেতিয়াবা এন্ধাৰ কেতিয়াবা জোনাক… কেতিয়াবা শূন্য আকাশত একো নাথাকে, মাথোঁ ক’লা ক’লা… , অলপ পৰ চাই থাকিলে দুই এটা তৰা দেখি, আৰু অলপ পৰ একেথিৰে ভালকৈ চাই থাকিলে তৰাৰ সংখ্যা বাঢ়ি বাঢ়ি গৈ থাকে… মজা লাগি যায় তেতিয়া; একো নাই বুলি ভবা আকাশখনতেই তৰাৰ মেলা দেখি!

মানুহে কি যে আজৱ আজৱ কথাবোৰ কয়- শূন্যত বহুত খালী ঠাই থাকে, ৰিক্ততা গধুৰ হয়, নীৰৱতাই কথা কয়! আৰু যে কিমান কি… (মই কেতিয়াবা এই আটাইকেইটা কথা লুটিয়াই ভাবোঁ!)

আমি সেই খালী ঠাই পূর্ণ কৰাৰ হাবিয়াস ৰাখোনে? গধুৰ সেই যি ৰিক্ততা, শূন্যতা… পাতল কৰিবৰ চেষ্টা কৰিছো নে কেতিয়াবা? কাণ পেলাই নীৰৱতাক শুনিছো জানো কেতিয়াবা? …আচলতে এইবোৰ একোৱেই নকৰো আমি! কিবা এক ভাৱনা বিলাসত এইবোৰকে লুটিয়াই বগৰাই পলাই ফুৰোঁ নিজৰেই পৰা!

কেতিয়াবা ভাবো প্রতিখন দুৱাৰৰ দুয়োফালে দুটা জীৱন থাকে; আচলতে আমি কোনটো জীৱন জী থাকো সঁচাকৈয়ে? দুৱাৰৰ কোনোটো পাৰকে আমি অৱহেলা কৰিব নোৱাৰো! মৃত্যুৰ সিটো পাৰেও চাগৈ জীৱনেই থাকে জীয়াবৰ জোখাৰে!     

মৃত্যু!

দেখিছো!

হয়তো মই খুউব ওচৰৰপৰা দেখা নাই ইয়াক চিনি পাওঁ বুলি ক’বলৈ!

জীৱন নো কি তাকেই নুবুজা বয়সত দেখিছিলো প্রথম মৃত্যু! কেতিয়াবা হঠাত ধুমকেতুৰ দৰেই ঘৰলৈ আহিছিল সি আৰু আহিলে আমাৰ আটাইকেউঘৰতে পাক এটা মাৰিছিল। খীণ-মীন দেহাটো তাৰ, থুতৰিত দুডালমান সেৰেঙা জেওৰাৰ দৰে দীঘল দাড়ি ৰাখিছিল। কোনো কোনোৱে তাক সেয়ে ছাগলী বুলিছিল। সেই একেদৰেই এদিন ধুমকেতুৰ দৰেই শেষবাৰলৈ ঘৰলৈ আহিছিল সি! খাকী পোছাক পিন্ধা মানুহ এসোপাই তাক আনি ঘৰৰ চোতালত শুৱাই দিছিল! ধেলা-বগা, খীণ-মীন দেহাটোৰ অ’ত ত’ত আছিল চিগাৰেটে পোৰা দাগ! দুয়োহাতৰ নখবোৰ নাছিল!... তাৰ পিছৰ কথাবোৰ মোৰ একোৱেই মনত নাই! কিছুমানে সি মৰি যোৱাত দুখ কৰিছিল, কিছুমানে স্ফূর্তি… আৰু কিছুমানে গৌৰৱ! ‘শ্যাম’ এনেকৈয়ে মৰি থাকিল এদিন!

ইয়াৰ পিছৰ সময়ত এনে মৃত্যুৰ কথা অনেকবাৰ শুনিছিলোঁ। এল পি স্কুলৰ খেল-পথাৰখনত আমাৰ সৈতে ভলীবল খেলা ‘গনেশ’ নামৰ ল’ৰাটো ৰে’লৰপৰা জপিয়াই মৰি থাকিল বুলিও শুনিছিলোঁ এদিন। তাক হেনো খাকী পোছাক পিন্ধা মানুহবোৰে ক’ৰবাৰপৰা ধৰি লৈ আহিছিল!

তেনেকুৱা সময়তে অহা অচিনাকী আলহীবোৰৰ কোনোবা এজনে মোক এদিন মোৰ নামটো সুধিছিল। নামটো কোৱাৰ পিছত মোক কৈছিল- “খুউব ধুনীয়া নাম, ভালকৈ পঢ়া-শুনা কৰিবা দেই!” সেইদিনা বৰষুণ দি আছিল আৰু সিহঁত খুউব পুৱাতে গুচি গৈছিল। পিছত শুনিছিলো সেই ল’ৰাটোও মৰিল! নামটো মোৰ মনত নাই, চেহেৰাটো মনত পেলাব বিচাৰিলে ধোঁৱাৰ মাজত অস্পষ্ট মুখ এখন দেখা পাওঁ! তেতিয়া কথাবোৰ বেছি বুজি পোৱা নাছিলো; ভাবিছিলো মোক পঢ়িবলৈ কোৱা ল’ৰাটোও দেখোন কলেজ পঢ়া বয়সৰেই ল’ৰা হ’ব, নপঢ়াকৈ ঘূৰি ফুৰিছে কিয়!

সেইবোৰ দিন এদিন নোহোৱা হৈছিল আমি বিশেষ একো গম নোপোৱাকৈয়ে, বুজি নোপোৱাকৈয়ে। মাথোঁ দেখিছিলো, কেতিয়াবা কেতিয়াবা সেই মৰি যোৱা ল’ৰা-ছোৱালী কিছুমানৰ শ্রাদ্ধ আমাৰ গাঁৱৰ স্কুলৰ খেল-পথাৰখনত বেচ্ ধুমধামেৰে গায়ন বায়নেৰে পাতিছিল, বহুত মানুহ গোট খাইছিল; তেতিয়া ভাবিছিলো মৰি যোৱাটোও ভাল কথাই চাগৈ!

তাৰ পিছৰ সময়ত লাহে লাহে দেখিছিলো মৃত্যু কি আচলতে! কলেজ পঢ়ি থকা দিনবোৰত আইতাক (দেউতাৰ মা) হেৰুৱাইছিলোঁ! চিতাত দিবলৈ নিয়াৰ আগতে গাটো ধুৱাইছিল কোনোবাই চোতালতে! একো নাছিল, হাড়ৰ ওপৰত ছাল এখন ওলমি থকাৰ দৰে লাগিছিল! তাৰ পিছৰ বছৰটোতে আই (মা’ৰ মা) গুচি গৈছিল! প্রায় দুই ঘণ্টাৰ বাট বাছেৰে গৈ ঘৰ পাওঁ মানে ‘আই’ বুলি একো নাছিল তাত! অৱশিষ্টখিনি মাত্র ৰঙা অঙঠা হৈ জ্বলি আছিল!  

দুয়োগৰাকী মানুহ আছিল বিপৰীত স্বভাৱৰ। আই আছিল খুউব শান্ত, নির্জু, হাঁহি এটা ওলমি থাকিছিল মুখত, টানকৈ কাকো কথা নোকোৱা বিধৰ; আনহাতে আইতা আছিল কিছু পৰিমাণে উগ্র আৰু গালি-শপনি পাৰি থকা বিধৰ! যি হ’লেও মই আছিলো দুয়োগৰাকীৰে মৰমৰ! মোৰ শৈশৱ-কৈশোৰৰ সময়খিনি ‘মা’তকৈ বেছি এই দুগৰাকী মানুহৰ সৈতে হে পাৰ হৈছিল।

তেওঁলোকৰ মৃত্যুত দুখ লাগিছিল, যিটো স্বাভাৱিক। লগতে ইয়াকো ভাবি শান্তি পাইছিলো যে নিজৰ জীৱনটো তেওঁলোকে জীয়াই গৈছে! কৰিবলগীয়া, কৰিব পৰা সকলো খিনি কৰি সম্পূর্ণ জীৱন এটা তেওঁলোকে দেখি গৈছে! কিজানি সেয়ে তেওঁলোক গুচি যোৱাৰ বাবে কোনেও বিশেষ আক্ষেপ কৰা নাছিল!

ইয়াৰ পিছৰ সময়বোৰত অনেক মৃত্যু দেখিলোঁ! আধুনিক টেক’ন’লজিয়ে সেয়া সহজেই চকুৰ আগত দাঙি ধৰা হ’ল! বিশেষ একো অনুভৱ নকৰা হ’লোঁ লাহে লাহে! এইবোৰৰ মাজতে মেডিকেল কলেজত চাকৰি (অস্থায়ী) কৰি থকাৰ সময়ত পৰীক্ষাগাৰৰ খিৰিকীৰে দেখি থকা মর্গটোলৈ লৈ অহা শ-বোৰ, ব্যৱচ্ছ্যেদন কোঠাত ফৰমেলিনৰ তীব্র গোন্ধৰ মাজত পৰি থকা শ-একোটা, প্রসূতি বিভাগৰ পৰা অহা মৃত্যু শিশুৰ হিচাপবোৰ দেখি দেখি প্রথমতে ভালে দিনলৈ মোৰ গা-মন বেয়া লাগি থাকিছিল! প্রতিদিনেই মৰি থাকে মানুহ, জন্ম হৈয়েই মৃত্যু! কথাবোৰ শুনিব পাৰিলেও, দেখাবোৰ সহজ নাছিল মোৰ বাবে!

সময়ত এডজাষ্ট হৈ গৈছিল কথাবোৰ। সহজ হৈ পৰিছিল মৃত্যু, আচৰিত ধৰণেৰে! তেনে সময়তে হাস্পতালত থাকিব লগা হৈছিল মাহচেৰেক! সেইকেইটা দিনতে দেখিছিলো অনেক মৃত্যু! ওঁহো, কোনোটোৱেই কাৰোৰে কাম্য নাছিল। আশে-পাশে উচুপি থকা মানুহবোৰ দেখি কষ্ট হৈছিল। দুদিন আগলৈকে দেখি থকা মানুহ একোজন (অচিনাকী) হঠাতে নোহোৱা হৈ যোৱা কথাটোৱে পুনৰ মোৰ মন-মগজুক কষ্ট দিছিল! গুচি যোৱা প্রতিজন মানুহেই আহিছিল জীৱন বিচাৰি, আই চি ইউ ৰ বাহিৰত অপেক্ষাৰত মানুহবোৰৰ দুচকুত আছিল আশাৰ পোহৰ; সেই পোহৰ উজ্জ্বল হৈ উঠিছিল যেতিয়া আই চি ইউ ৰপৰা ওলোৱাৰ পিছত হুইল চেয়াৰত বহুৱাই আপোনজনক তেওঁলোকে ৰাতিপুৱা-আবেলি এপাক ফুৰাইছিল! দেখিছিলো- অহৰহ তেওঁলোকে আপোনজন সুস্থ হৈ উঠাৰ প্রার্থনা কৰিছিল; আর্থিক, শাৰিৰীক, মানসিক আটাইবোৰ কষ্ট নীৰৱে সহিছিল, সাহসী হৈ উঠিছিল…!

… আৰু ভাল হৈ উঠাৰ আশা দেখুৱাইও দপকৈ নুমাই যোৱা সেই পোহৰে নিজৰ জীৱনটোলৈ হেঁপাহ বঢ়াইছিল মোৰ! মৰম ওপজিছিল নিজলৈ! মোৰ আশে-পাশে থকা, মোক মৰম কৰা মানুহবোৰৰ কথা ভাবি মই নিজকে কথা দিছিলো “মই মোক ভালে ৰখাৰ চেষ্টা কৰিম!” 

আচলতে আমি পলাই ফুৰো ‘আজি’ৰপৰা- সেই অজুহাততেই নীৰৱতাৰ কথা কওঁ, শূন্যতাৰ কথা কওঁ… আৰু যে কি কি নকওঁ! নেদেখা, নোপোৱা বস্তুবোৰৰ প্রতি আমাৰ মোহ সদায়েই বেছি! শুনিব পৰা বস্তুবোৰকে নুশুনো আমি! সুবিধা পালেই কাণৰ ফুটাকেইটা থিলা মাৰি থওঁ! কাষৰ মানুহজনে কি কৈছে তাক শুনিবলৈ আগ্রহী নহয় আমি; পাৰ হৈ যোৱা গাড়ীৰ হুলস্থূল, যান-যঁটৰ মাজৰ হুলস্থূল, মানুহৰ কথা-বতৰা-হৈ-চৈ, জীৱ-জন্তু-চৰাই-চিৰিকটিৰ কোর্হাল… এইবোৰ কাণপাতি নুশুনো কেতিয়াও! এই সকলোবোৰ বিৰক্তিদায়ক যেন জ্ঞান কৰোঁ। মই ভাবো কেৱল সুৰ-সংগীত, বতাহ-বৰষুণেই নহয়; এইবোৰো শুনাৰ প্রয়োজন আছে। কাৰোবাৰ নীৰৱতাই আমাক কি কৈছে সেয়া বুজিবলৈ বিচৰাতকৈ তেওঁ কৈ থকা কথাবোৰে কি ক’বলৈ বিচাৰিছে সেয়া বুজিবলৈ চেষ্টা কৰাটোহে বেছি জৰুৰী। মোৰ কিয় এনে ভাৱ হয় নাজানো, সকলোৱে কিবা নহয় কিবা এটা ক’বলৈ বিচাৰে, নিজৰ কথাবোৰৰ মাজেৰেই সেয়া কৈও থাকে; মাত্র আমি বুজি নাপাওঁ, মন নকৰো! আমি নেদেখা-নুশুনা কথাবোৰত মন দিওঁ; কৈ থকা, দেখি থকা খিনিত মনোযোগেই নিদিওঁ! কৈ থকাৰ মাজতেই নোকোৱা খিনিও কৈ থাকে আচলতে!  … নীৰৱতাৰ নামত যদি আমি সকলো হাই-উৰুমি অনবৰতে আওকাণ কৰি থাকো, কেতিয়াও সেইখিনি সহ্য কৰিবলৈ নিশিকিম; আৰু সহ্য কৰিবলৈ নিশিকিলে ধৈর্য্য ধৰিবলৈও নোৱাৰিম! ফলশ্রুতিত হঠাতে লৈ পেলোৱা সিদ্ধান্তবোৰে আমাৰ কেতিয়াও ভাল নকৰে…।  

সাধাৰণ উদাহৰণ এটাৰ কথা কওঁ- যেতিয়া বন্ধৰ দিনত ৰূমত থাকোঁ, চাৰিওফালে কি কি শব্দ হৈ থাকে তেতিয়াহে মই অনুমান কৰিব পাৰোঁ, কাৰণ বাকী দিনবোৰত কেৱল ৰাতিটো হে ৰূমত থকা হয়। খিৰিকীখন খুলি চাই থাকো- কেতিয়াবা মিহি মিহি ধূলিকণাৰ দৰে বৰষুণ দি থাকিলে ঘৰচিৰিকা দুটামান আহে, কেতিয়াবা দুপৰীয়া সময়ত কপৌ আৰু পাৰ দুটামান আহে, কেতিয়াবা অচিনাকী চৰাই দুটামানৰ লগতে শালিকা কেইটামানো আহে, সেই খিৰিকীখনেৰেই কেতিয়াবা মই হাত মেলি বৰষুণৰ টোপালবোৰ চুই চাওঁ, কেতিয়াবা দুচকু মুদি মুখত লগা বতাহ জাকক অনুভৱ কৰোঁ, কেতিয়াবা চকু তুলি চাব নোৱাৰা বেলিটোকো এপাক চাওঁ, কেতিয়াবা দূৰৈৰ ওখ ওখ ঘৰবোৰ আৰু তামোল-নাৰিকলৰ গছবোৰ চাওঁ, হঠাৎ কেতিয়াবা ৰামধেনু এখনো দেখোঁ... ইয়াৰ বাদেও ৰাতিৰ আকাশখনৰ কথা নক’লোৱেই বাৰু! কিন্তু কেতিয়াবা এই আটাইবোৰ ভাল লগাৰ মাজতেই এসোপা কাউৰীয়ে আহি যেতিয়া খিৰিকীৰ মুখত কা কা কৰি থাকেহি, ভাল লগা আটাইখিনি অনুভৱেই যেন নষ্ট হৈ যায়, খং উঠি আহে!

তেতিয়া মই কি কৰিম? খিৰিকীখন বন্ধ কৰি থ’ম? কাউৰীবোৰ মাৰি পেলাম? (কাৰণ খেদিলেও সিহঁত আহিয়েই থাকিব।), মোৰ কাণ দুখনৰ ফুটা থিলা মাৰি থ’ম? কাউৰীবোৰ মাৰি পেলাব নোৱাৰাৰ বাবে যদি মই বাকী দুটা কাম কৰো, তেন্তে মই কি পাম আৰু কি কি হেৰুৱাম?

ইয়াৰ উত্তৰটো খুবেই সহজ নহয় নে? কাউৰীবোৰো কিন্তু অদৰকাৰী বস্তু নহয়!

নেদেখিলেও, নাজানিলেও এই জীৱনৰ সিপাৰেও জীৱন এটাই আছে বুলি মই ভাবোঁ! সেইবুলিয়েই সেইটো জীৱন চাবলৈ মোৰ মুঠেও লৰালৰি নাই। যেতিয়া সময় হ’ব যামেই দেখোন! অৱশ্যে এইটো ঠিক যে মোৰ খুউব হেঁপাহ- যোৱাৰ দুদিন আগতেই যেন কথাটো জানিব পাৰো!

ময়ো বিচাৰো এইপাৰৰ জীৱনটো “জী ভৰ কে” জীয়াবলৈ। আপোনাক হয়তো মই মুঠেও ভাল নাপাওঁ, হয়তো দুদিন পিছত মই মৰি থাকিম বুলি জনাৰ পিছতো আপোনাক খুউব বেছি বেয়া নাপালেও ভাল পাবও নোৱাৰিম! কিন্তু মই সঁচাকৈয়ে বিচাৰিম- আপুনি এই জীৱনটো যেন জীয়াব পাৰে মনভৰি! জীৱনটো এইটোৱেই- যিটোক আমি দেখি আছোঁ, যাৰ বুকুত আমি পৰিছো-উঠিছো, যাক আমি কেতিয়াবা গালিও পাৰিছো…

মই মাত্র ভাবো- এই জীৱনটো যি সম্পূর্ণকৈ জী গ’ল, যি মহান উদ্দেশ্য একোটাৰ বাবে মৰণ সাৱটি ল’ব লগা হ’ল, যাক দোৰাৰোগ্য ব্যাধিয়ে সিপাৰলৈ লৈ গ’ল… সেইপাৰেও জীৱন এটা আছে তেওঁলোকৰ বাবে… তেওঁলোকে সেইপাৰৰ জীৱনটো জীয়াওক! তেনেকৈ ভাবিলেই মই এইপাৰৰ জীৱনটো সম্পূর্ণকৈ জীয়াবলৈ সাহস পাওঁ! সিপাৰ দেখা নাই মই, নাজানো তাত কি আছে! তথাপিও আশা কৰো, যেতিয়া সিপাৰলৈ যাম তেতিয়াওঁ জীৱন এটাই পাম, জী-বলৈ!

আধৰুৱা কামবোৰ মই ইমান এটা ভাল নাপাওঁ। যদিও মোৰো ভালেমান আৰম্ভ কৰা কাম আধৰুৱা হৈ থাকিল, তথাপিও চেষ্টা কৰো- সৰু হ’লেও কামটো সম্পূর্ণ কৰিবলৈ। আৰু জীৱনটো!! ইয়াক কেনেকৈ আধৰুৱা কৰি থ’ব পাৰি? ওঁহো, একেবাৰেই নোৱাৰি! ইয়াক সম্পূর্ণ কৰাৰ এটাই উপায়, সময়ত নিজৰ মতে শেষ হ’বলৈ দিয়া! …আৰু সমূখত সজাই দিয়া সু-স্বাদু আহাৰ খিনি যদি আমি তৃপ্তিৰে নাখাওঁ, শেষ কেনেকৈ হ’ব? মোক আইয়ে কৈছিল, “ভাল বস্তুবোৰ সযতনে থ’বি, অলপ অলপ কৈ খাবি, ভগাই খাবি আনৰ সৈতে; তেতিয়া তাৰ সোৱাদেই অনন্য হয়!”   

এনেকুৱা নহয় যে মোক বহুত কিবাকিবি লাগে এই জীৱনৰপৰা! বৰ ডাঙৰ ডাঙৰ সপোন আছিল তেনেকুৱাও নহয়। মই সামান্যতে সন্তুষ্ট হ’ব খুজো! মই এইটোও নাভাবো যে আনে মহান বুলি ভাবিব পৰাকৈ বহুত ডাঙৰ ডাঙৰ কাম কৰিবই লাগিব, বিখ্যাত হ’বই লাগিব…।

মই জানো যে দেশৰ হৈ শ্বহীদ হ’ব নোৱাৰো, গুণী-বিদ্বান-মহান-মহীয়সী ব্যক্তিও হ’ব নোৱাৰো যাৰ বাবে ভৱিষ্যতে মোক সুঁৱৰি থাকিব। কিন্তু মই এটা কাম ভালকৈ কৰিব পৰাৰ ক্ষমতা ৰাখো, সেইটো হ’ল জীৱনটো শেষ নোহোৱালৈকে ভালকৈ জী থকাটো যাতে মই মৰিলে মোৰ মানুহখিনিয়ে আফচোচ্ কৰিব লগা নহয়, আনৰ সমূখত মূৰ তল কৰি থাকিব লগা নহয়। মৃত্যুক দেখি, চিনি আৰু অলপ বুজি ইয়াকেই বুজিলোঁ যে নিজৰ জীৱনৰ দৰেই মৃত্যুকো আমি ধুনীয়া কৰিব পাৰো আৰু তেনেকুৱা ধুনীয়া মৃত্যুৱেই সকলোৰে কাম্য হ’ব লাগে বুলি মই ভাবোঁ! আশা কৰো, মই কাৰোবাৰ জীৱনৰ অনুপ্রেৰণা হ’ব নোৱাৰিলেও মোৰ মৃত্যুৱে যাতে কাকো মৰিবলৈ উৎসাহিত নকৰে। নমৰালৈকে জীয়াই থকা কামটো অন্ততঃ মই ভালকৈ কৰিব নোৱাৰিম জানো?

নোপোৱাখিনিৰ প্রতি অতি বেছি হেঁপাহ ভাল নহয়; যি আছে, যি পাইছো তাতেই মোৰ সন্তুষ্টি! মোৰ মাত্র এটাই সপোন আছিল, কণমানি সপোন… যি আজিও সম্পূর্ণ নহ’ল! কেতিয়াবা ক’ম দিয়ক…


 (আপুনি যদি এইখিনি পঢ়ি উঠি দুখী অনুভৱ কৰিছে তেন্তে আপুনি মোৰ প্রথম কথাটো মানিব লাগিছিল! আৰু যিহেতু সম্পূর্ণকৈ কথাখিনি পঢ়িয়েই পেলালে তেন্তে সিপাৰৰ কথা, মোৰ অসম্পূর্ণ সপোনটোৰ কথা ভাবিবলৈ এৰি নিজৰ চৌপাশে কি কি আছে শুনিবলৈ চেষ্টা কৰক। যদিহে কাউৰীৰ চিঞৰ-বাখৰবোৰৰ মাজতো আপুনি কোনোবা অচিনাকী চৰাইৰ ভাল লগা কিচিৰ-মিচিৰ মাত শুনিবলৈ পাইছে তেন্তে আপুনি এইপাৰৰ মানুহ!... … আপোনালৈ শুভকামনা!)

 


Post a Comment

0 Comments