দুখৰ মেটাম’ৰফ’চিচ্




মোৰপৰা মোলৈ অহৰহ বুজি নোপোৱা এই বিচিত্র অনুভৱৰ কুচকাৱাজ! কি নিলাজ! কি নিলাজ ইহঁতবোৰ! কুকুৰ খেদা দিয়াৰ পিছতো বাৰে বাৰে বাৰে বাৰে উভতি আহে মোলৈকে! মোৰ বাদে আচলতে ক’তো স্থান নাই ইহঁতৰ... ক’তো নাই। বাটৰ খাবলৈ নোপোৱা কুকুৰবোৰৰ দৰেই সিহঁত নেজ পেলাই পুনৰ উভতি আহে মোৰ ওচৰলৈকে।

দুপৰ ৰাতিলৈ ফেঁকুৰি ফেঁকুৰি উখহি উঠা চকু, নাকৰ পানী মচি মচি ৰঙা পৰি ফুলি উঠা ভোটা নাক, কান্দোন চেঁপিবলৈ কামুৰি ধৰোঁতে ধৰোঁতে ক’লা পৰা ডাঠ ওঁঠ... কি কুৎসিৎ! কি কুৎসিত এই মুখাৱয়ব! ...থনথনকৈ ভাঙি যায় সন্মুখৰ আইনা! অসহ্য! কুকুৰনেচীয়াৰ দৰে কামুৰি আঁচুৰি যেন চিৰাচিৰ কৰি ৰাঙলী কৰি দিম এই মুখ!

কিয় খুলি দিওঁ অনুভৱৰ অর্গল পৰৰ আগত! নিলাজ! নিলাজ মই। বাৰে বাৰে দুখৰ কথাৰে লিখি পেলাওঁ নিজক! কিহৰ দুখ? খাই আছো পেট ভৰি! কিহৰ দুখ? নাঙঠ হৈ পৰি থকা নাই ফুটপাথত! কিহৰ দুখ... কিয় ইমান চকুপানী! নিলাজ ভোকাতুৰ কুকুৰৰ দৰে জিভা মেলি পৰি ৰয় দুখ! এই যি আদৰত মাতিলো এবাৰ, বুকুতে ঘৰপাতি বহি লয়... চেলেকি চেলেকি খাই সুখৰ শেষৰটো টোপাল! দুখৰ বিলাসিতাত পচি গৈছে সময়!

কিয় হয়... কিয় হয়...! এন্ধাৰ এন্ধাৰ... প্রিয় এন্ধাৰ! পোহৰলৈ ওলালেই ই ঠেঁহ পাতে! ভৰিৰ তলুৱাৰে কুমতি এটা সোমাই যায়... খান্দি থাকে, খান্দি থাকে। কোনে লৈ যায় পোহৰলৈ? কোনে? কাক দিয়া আছে সেই অধিকাৰ? নাই নাই! মই মোৰ, কেৱল মোৰ! কোন সেয়া যি মোক টানি উলিয়াই নিব বেলিৰ দেশলৈ? ভাবিছে নেকি এই এন্ধাৰতে গেলি পচি যাব মোৰ দৰে জীৱবোৰ! ভাবিছে নেকি এই এন্ধাৰৰ বাসিন্দাবোৰক বেলিৰ দেশলৈ লৈ যোৱা মহান মানুহ আখ্যা পাব? তাৰ পিছত? হাঃ হাঃ হাঃ... বেচ চালাক দেখিছোঁ! সেই সুবিধা দিয়া নহ’ব! যিহেতু সেয়া মই নিজেই কৰিব পাৰোঁ, যেতিয়াই বিচাৰোঁ!

কেতিয়াবা ভুল হৈ যায়। কেতিয়াবা নহয়, প্রায়েই ভুল হয়। ভুলতেই উঠি আহোঁ জোবোৰা খাই পৰি থকা সেই প্রাচীন দুখৰ পুখুৰীটোৰ পাৰলৈ! থেলা মাৰি যেতিয়া কিহবাই পুনৰ সেই পুখুৰীতেই পেলাই দিয়ে, চকু ওপৰলৈ নুঠে! নিজৰ ভৰি দুখনৰ বাদে একো চাব পৰা নাযায়! আচৰিত! সেই একেই ভুল, একেই ভুল! নিলাজ অৱয়বৰ মূৰটো লাজতেই তললৈ হালি হালি, হালি হালি গৈ থাকে... গৈ থাকে... আৰু কুঁজা হৈ হৈ ধনুষ্টংকাৰ বেমাৰীৰ দৰে ৰূপ লৈ মূৰ গুজি সেই ভাঁজতে ৰয় প্রস্তৰ মূর্তি হৈ!

শিকিছো শিকিছো... শিকিলোঁ! শেষত... একো নিশিকিলোঁ। বাৰেপতি একেই ভুল! ইমান দুর্বল... ইমান দুর্বল! এষাৰ মিঠা কথা, এচলু আদৰতেই উজাৰি দিওঁ আৱেগৰ ধল, তিলিকতে খহাই দিওঁ যতনেৰে গাঠি গাঠি ওখ কৰা সেই শিলৰ প্রাচীৰ। তাৰ পিছত? গৰা খহনীয়া, বানপানী... ককবকাই ককবকাই পাৰ বিচাৰোঁ! ধপধপ কৰা বুকুৰ মাত শুনি শুনি ডুবি ডুবি গৈ থাকো তললৈ... ! পুখুৰীটো সাগৰ হয়! কাৰ ভুল? মোৰ মোৰ মোৰ… কেৱল মোৰ!

“I’m starting with the man in the mirror, I’m asking him to change his ways”__ MJ.  পাৰিনে এনেকৈ ভাবিব? ভাবিছো ভাবিছো ভাবিছো… আইনাৰ সিপাৰৰ ‘মই’ক সলনি কৰা যাওক, আৰম্ভ তাৰপৰাই কৰা যাওক! নহয়… নহয় সলনি একো! ভবাৰ দৰে একো হৈ নুঠে! ৱিপিং উইল’ এজোপা বাঢ়ি বাঢ়ি জোপোহা হৈ হৈ আগুৰি ধৰে আইনাৰ ইপাৰ-সিপাৰ দুয়োপাৰ! তাতেই জন্ম লোৱা অদ্ভুত কিবা এটাই “এম জে’ৰ থ্রিলাৰ”ৰ সুৰতেই নাচি নাচি নঁচুৱাই… হাঁহে সিপাৰৰ ‘মই’… এইপাৰৰ ‘মই’!

আৰু মই মোৰ দৰে ৰৈ যাওঁ… মোৰপৰা মোলৈ উভতি আহে পুনৰবাৰ… মোৰ সকলোবোৰ! হাঃ হাঃ হাঃ … থ্ৰিলাৰ এই জীৱন!!

@In memory of Anisha.

Missing You! Missing your "Michael" and your "moon dance". Be happy wherever you are! See you soon!

 

Post a Comment

0 Comments